এনফ্ৰাঙ্কৰ 

এন ফ্ৰাঙ্ক
Anne Frank




চমু পৰিচয়

ডায়েৰি এখন বিশ্ববিখ্য়াত গ্ৰন্থ। ১৯২৯  চনৰ ১২ জুন মাহত এন ফ্ৰাঙ্কে জন্ম লাভ কৰে। তেখেতৰ পিতৃ নাম আছিল অট'এইচ ফ্ৰাঙ্ক আৰু মাতৃ নাম ইডিথট। তেখেতৰ ১৬ বছৰৰ এজনী বায়েক আছে। এনফ্ৰাঙ্কে তেৰ বছৰ বয়সতে দিনলেখা লিখি পৰৱৰ্তী জীৱনত খ্যাতি লাভ কৰে। তেখেতৰ ডায়েৰি খন 'কিটি' নামেৰে নামকৰণ কৰি থৈ গেছে। 

এনফ্ৰাঙ্কে ১৯৪২ চনৰ ১২ জুনৰ পৰা ডায়েৰি লিখা কামটো আৰম্ভ কৰিছিল।  



তলত দিয়া এন ফ্ৰাঙ্কৰ ডায়েৰিৰ পৰা এটা দিনৰ দিনলেখা অনুবাদ কৰা কিছু অংশ হিচাপে দিয়া হৈছে।

❋ শনিবাৰ , ২০ জুন, ১৯৪২ 

“মােৰ নিচিনা এজনী ছােৱালীৰ কাৰণে ডায়েৰি লেখাটো সঁচাকৈয়ে আশ্চর্যকৰ অভিজ্ঞতা। ” এইকাৰণে নহয় যে মই আগতে একো লেখা নাই । কিন্তু এইবাবেই যে পাছলৈ এজনী তেৰ বছৰীয়া কিশােৰীৰ চিন্তা - ভাবনাক লৈ কোনােবা আগ্রহী হ'ব পাৰে । কোনাে কথা নাই । মােৰ মন যায় লিখিবলৈ আৰু হৃদয়ত পুঞ্জীভূত হৈ থকা সকলাে কথা উজাৰি প্ৰকাশ কৰাটোহে গুৰুত্বপূর্ণ। 

“মানুহতকৈ কাগজৰ ধৈর্য বেছি। ”প্রচলিত এই প্রবাদফাকি মই সেইদিনা বৰকৈ উপলব্ধি কৰিছিলোঁ যিদিনা মােৰ কৰিবলৈ একো কাম নথকাৰ বাবে হতাশাত ভুগিছিলোঁ আৰু হাতৰ তলুৱাত থুতৰিটো থৈ ভাবিছিলোঁ— ঘৰতে থাকোঁ নে বাহিৰলৈ যাওঁ ৷ অৱশেষত মই য’তে আছিলোঁ তাতে বহি থাকিলোঁ। হয়, মানুহতকৈ কাগজৰ ধৈর্য বেছি’ আৰু মই যেতিয়ালৈকে এগৰাকী প্রকৃত বন্ধু নাপাওঁ তেতিয়ালৈকে এই টোকা বহীখন, যাক মই ডায়েৰি’বুলি নামকৰণ কৰিছোঁ, কাকো পঢ়িবলৈ দিয়াৰ কথা ভবা নাই। 

এতিয়া মই পুনৰ আচল কথাটোলৈ ঘূৰি আহোঁ কিয় মই ডায়েৰি লিখাৰ কথা ভাবিলোঁ। কাৰণ মােৰ কোনাে বন্ধু নাই।

 কথাষাৰ মই আৰু স্পষ্টকৈ ক'ব খুজিছোঁ, কাৰণ এজনী তেৰ বছৰীয়া ছােৱালী এই পৃথিৱীত অকলশৰীয়া বুলি কোনােৱে বিশ্বাস নকৰে আৰু মই অকলশৰীয়া নহয়াে। মােৰ মৰমিয়াল মা-দেউতা আৰু এজনী ষোল্ল বছৰীয়া বাইদেউ আছে আৰু প্রায় ত্রিশজনমান মানুহ আছে যাক মই বন্ধু বুলি ক'ব পাৰোঁ। 

মােক প্রশংসা কৰা এনে বহুত লােক আছে যিসকলে মােৰ পৰা চকু আঁতৰাবই নােৱাৰে আৰু কেতিয়াবা শ্ৰেণীকোঠাত ভগা আইনাৰ টোকোৰাত মোৰ প্ৰতিবিম্ব পেলাই চাই থাকে। মৰমিয়াল খুড়া-খুড়ী সৈতে মোৰ এটা পৰিয়াল আছে আৰু আছে এখন সুন্দৰ ঘৰ। বাহিৰৰ পৰা চালে এনে লাগে যেন মোৰ সকলো আছে। হয়, কিন্তু এজন প্ৰকৃত বন্ধুহে নাই। মই বন্ধু লগত যেতিয়া হাঁহি ধেমালি কৰি সময় কটাওঁ, তেতিয়া মই এই কথাবোৰকে ভাবি থাকোঁ। মই তেওঁলোকৰ লগত গতানুগতিকভাৱে কথা-বতৰা পাতোঁ কিন্তু অন্তৰ উজাৰি সকলো কথা আদান প্ৰদান কিৰিব নোৱাৰোঁ।

আমি ইজনে সিজনৰ বেছি ওচৰ চাপি যাব নোৱাৰোঁ আৰু সেইটোৱেই সমস্যা। বোধহয় এইটো মোৰেই দোষ যাৰবাবে আমি পৰস্পৰে পৰস্পৰৰ একেবাৰে কাষ চাপিব নােৱাৰোঁ । যিয়ে নহওক, সময়বােৰ এনেকৈয়ে চলি আছে আৰু দুর্ভাগ্যজনকভাৱে কোনাে সলনি হোৱাৰ আশাও নাই। সেইবাবেই মই ডায়েৰি লিখিবলৈ আৰম্ভ কৰিছোঁ।

সাধাৰণতে বেছিভাগ লােকে কৰাৰ দৰে, মই মােৰ কল্পনাৰ বহু প্রত্যাশিত বন্ধুগৰাকীৰ ভাবমূর্তি বৃদ্ধিৰ কাৰণে এই দিনলেখাত একোৱেই নিলিখোঁ । এই ডায়েৰিখনক মই মােৰ প্রকৃত বন্ধু হিচাপে গণ্য কৰিবলৈ ইচ্ছা কৰোঁ আৰু সেইবাবেই মই বন্ধুৰ নাম ৰাখিলোঁ ‘ 'কিটি'।

১৯৪১ চনৰ গ্ৰীষ্মৰ সময়ত আইতা অসুখত পৰিল আৰু তেওঁৰ অস্ত্রোপচাৰ কৰিবলগীয়া হ'ল। সেইবাবে মােৰ জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰিলোঁ। ইয়াৰ আগৰ ১৯৪০ চনৰ গ্ৰীষ্মৰ সময়তাে মােৰ জন্ম - দিন ধুমধামেৰে পালন কৰা নহ'ল। কিয়নাে , হলেণ্ডত তেতিয়া যুদ্ধ শাম কাটিছিলহে মাত্র। ১৯৪২ চনৰ জানুৱাৰী মাহত আইতাৰ মৃত্যু হয়। মােৰ তেওঁলৈ প্রতি মুহূর্ততে কিমান যে মনত পৰি থাকে সেইকথা কোনেও নাজানে আৰু মই এতিয়াও তেওঁক খুব ভাল পাওঁ। ১৯৪২ চনৰ এই জন্মদিনটো বেচ আড়ম্বৰেৰে উদ্যাপন কৰিবলৈ থিৰাং কৰা হ'ল। 

জন্মদিনৰ মমবাতিবােৰৰ লগতে আইতাৰ স্মৃতিত এডাল মমবাতি জ্বলােৱা হ’ল। 

বর্তমান আমাৰ পৰিয়ালৰ চাৰিওজন সদস্য কুশলে আছোঁ; সেয়েহে এয়া, ১৯৪২ চনৰ ২০ জুন, তাৰিখৰ জন্মদিন আৰু আজিৰ জন্ম - দিনত মই ডায়েৰিখন শ্রদ্ধা সহকাৰে উৎসর্গা কৰিলোঁ। 

এন ফ্রাঙ্কে একে তাৰিখতে কিছু কথা সন্নিৱিষ্ট কৰি পুনৰ ডায়েৰি লিখিছিল। এইবাৰ পিছে তেওঁ মৰমৰ কিটি’বুলি সম্বােধন কৰি লেখা আৰম্ভ কৰিছিল আৰু শেষত তােমাৰ, এন' বুলি সমাপ্ত কৰিছিল। এনেদৰেই তেওঁ চুটি জীৱনকালত ‘কিটিনামৰ কাল্পনিক বন্ধুগৰাকীলৈ সম্বােধন কৰি ডায়েৰিৰ পাততে হিয়া উজাৰি মনৰ কথা প্রকাশ কৰি থৈ গৈছে।


(অষ্টম শ্ৰেণীৰ অসমীয়া পাঠ্য়পুঠিখনৰ 'এন ফ্ৰাঙ্কৰ ডায়েৰী' নামৰ পাঠটিৰ পৰা তুলি লোৱা হৈছে।)

Type:- Nayan Jyoti Bordoloi