ৰাভাসকল 


    ৰাভাসকল মূলতঃ এটা আদিম জাতি। এওঁলােক অসম, মেঘালয় আৰু পশ্চিমবঙ্গ বিভিন্ন স্থানত। অধ্যুষিত হৈ আছে। সাম্প্রতিক সময়ত ৰাভা জাতিৰ স্থান, জনসংখ্যা, পৰিচয় ক্রমাগতভাৱে পােহৰলৈ আহিছে আৰু বিজ্ঞানসন্মতভাৱে অধ্যয়নৰ ধাৰা অব্যাহত ৰাখিলে ৰাভা জাতিৰ ঐতিহাসিক পটভূমি অধিক স্পষ্ট আৰু সঠিক ৰূপত পােৱা যাব। ১৯০৩ চনত প্ৰকাশিত Linguistics Survey of India ৰ মতে গাৰাে পাহাৰ জিলাৰ ফুলবাৰীৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, গাৰাে পাহাৰ আৰু খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তৱর্তী কিছু অঞ্চল সামৰি ৰাভা মানুহৰ বাসভূমি। ইয়াৰােপৰি বিভিন্ন দেশ নেপাল, ভুটান, মেঘালয়, বাংলাদেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলা কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, ওদালগুৰি, কামৰূপ, শােণিতপুৰ, গােলাঘাট, নগাঁও, ধেমাজী, ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাৰ বিভিন্ন ঠাইত এওঁলােক বসবাস কৰি আছে। 

    পৰিচয়ঃ নিজস্ব ঐতিহ্য, বিশ্বাস, আখ্যান- উপাখ্যানেৰে পৰিপুষ্ট ৰাভাসকল। ভাৰতীয় সংবিধানত ৰাভা এটা জনজাতি হিচাপে স্বীকৃত। মঙ্গোলীয় ফৈদৰ ৰাভাসকল সামাজিক ফালৰ পৰা কেইবাটাও শাখাত বিভক্ত যেনে-ৰংদানী, পাতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী আদি। ভাষা ও বা জাতিৰ নিজস্ব ভাষা (দোৱান) আছে । গাণিতিক সংখ্যাও পৰিপূৰ্ণভাৱে আছে। ৰাভা ভাষা নিশ্চিতভাৱে ব্যাকৰণসন্মত। গৱেষণা আৰু অনুশীলনৰ অভাৱত পূর্বতে ৰাভা ভাষা বিস্মৃতিৰ গৰ্ভত লীন হােৱাৰ উপক্ৰম হৈছিল যদিও সম্প্রতি এই ভাষা বহুখিনি উদ্ধাৰ হৈছে আৰু পুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ নতুন পদক্ষেপ লােৱাত ৰাভা ভাষা ঠন ধৰি উঠিছে।

     ৰাভা ভাষাৰ অভিধান ইতিমধ্যে দুখন প্রকাশ হৈছে আৰু নিখিল ৰাভা সাহিত্য সভাৰ তৰফৰ পৰা আৰু এখন অভিধান প্ৰকাশৰ পথত। ৰাভা, ইংৰাজী আৰু অসমীয়া ভাষাত ‘ ছামলাযছিনি ৰাওছামি’ নাম পূর্ণাঙ্গ প্রশাসনীয় পৰিভাষা প্রকাশ পাইছে। বর্তমান নিখিল ৰাভা সাহিত্য সভাৰ উদ্যোগত ‘ফামানছিনি’ (পৰিচয়)-ৰপৰা পৈমৈতকাপছিনি (স্নাতকোত্তৰ) শ্ৰেণীলৈ ৰাভা ভাষাৰ ডিপ্লমা কোর্চৰ পৰীক্ষাৰ বাবে নিজাববীয়া প্রচেষ্টাৰে পাঠ্যপুথি যুগুত কৰি উলিয়াইছে।

    ৰাভা ভাষা উত্তৰণৰ প্ৰথম কালছোৱা ঃ ৰাভা ভাষা উত্তৰণৰ সোণালী যুগ 'চাম্পায়' আৰু 'প্ৰাক্ চাম্পায় বুলি কোৱা হৈছে। 'চাম্পায়' আলোচনীৰ জৰিয়তে ৰাভা জীৱন্ত হৈ উঠে। ইয়াৰ বহু বছৰৰ পিছত অৰ্থাৎ ২০০৫ চনত ৰাভা ভাষাৰ পষেকীয়া বাতৰি কাকত 'চিঙি খুৰাং' প্ৰকাশ পায় যদিও দীৰ্ঘায়ু নহ'ল।

সমাজ ঃ ৰাভা সমাজ পোনতে মাতৃপ্ৰধন আছিল যদিও ক্ৰমে পিতৃপ্ৰধান সমাজলৈ ৰূপান্তৰিত হৈছে। ল'ৰা-ছোৱালীয়ে মাকৰ বাৰায় (গোত্ৰ)-ত অন্তৰ্ভুক্ত হয়। বাপেকৰ বাৰায় 'পাম' হ'লে মাকৰ বাৰায় ৰংখ হ'লে ল'ৰা-ছোৱালী 'ৰংখ'বাৰায়ত অন্তৰ্ভুক্ত হ'ব। মাকৰ বাৰায়ৰ ফালৰ পৰা যিমান বাৰায়ৰ জন্ম হয়, সেইবোৰেই 'মাহাৰী আৰু সুত্ৰে নিকটস্থ মাহাৰীৰ সম্পত্তিৰ অধিকাৰত পূৰ্ণ দাবী থাকে। কিন্তু একেই মাহাৰীৰ কোনো পুৰুষৰ সেই সম্পত্তিৰ দাবীত কোনো হেতু নাথেকে। এই ফালৰ পৰা ৰাভা সকল মাতৃপ্ৰধান।


সংস্কৃতিঃ ৰাভাসকল নিজস্ব কলা-সংস্কৃতিত চহকী। ৰাভাসমাজ লােকগীত, লােকসাধু , লােক বিশ্বাস আৰু লােক-সংস্কৃতিৰে ভৰপূৰ। ৰাভাৰ সমাজ-জীৱনত চলি অহা বিভিন্ন পূজা-পাতল, উৎসৱ পার্বণ আদিত গীত, মাত, সুৰ, তাল, লয়, বাদ্য, নৃত্য এই নৃত্য গীতত প্রকাশ পাইছে আনন্দৰ পৰা দুখলৈ , প্রেমৰ পৰা বিৰহলৈ বিবিধ গাঁথা। ৰাভা কৃষ্টি-সংস্কৃতিত অতীতৰে পৰা চলি অহা প্রতীক হ’ল মানচালেংকা’ বা ‘মাছৰােকা চৰাই। এই মানচালেংকাৰ আৰ্হিত কাঠৰ প্রতিকৃতিৰে কৰুৱা আৰু বাতিকটিকা নামৰ চৰাইক লৈ এডাল মাৰৈত সংলগ্ন কৰি লােৱা হয় আৰু নাচৰ তালে তালে পুৰুষসকলে নচুৱায়। লগতে নাচনীসকলে ৰাভাৰ পৌৰাণিক বীৰ - বীৰঙ্গনাৰ ঢাল আৰু তৰােৱাল লৈ নৃত্য কৰে। পৌৰাণিক আখ্যান আৰু পৰম্পৰাগত বিশ্বাস-মতে ৰাভাসকলৰ ভাষা , কৃষ্টি , খােৱা - খাদ্য আদি দানৰূপে পাইছিল জগত সৃষ্টিকর্তা স্বয়ং ৰিছিৰ পৰা । এয়া ৰাভা সমাজৰ লােকবিশ্বাস। ৰাভা বীৰ - বীৰঙ্গনাঃ  ‘ বাহাৰী-স্তান-ই-ঘায়েবী’ বুৰঞ্জী-মতে সােতৰ শতিকাৰ দ্বিতীয় দশকত ‘ ছান্তোৰ ৰাজ্যৰ ৰজা আছিল ৰাজাবীৰ পৰশুৰাম ৰাভা । তেনেদৰে ৰাভা বুৰঞ্জীত বীৰ ৰজা দদান , মাৰুক্ষেত্ৰী আদি যােদ্ধাসকলৰ নাম পােৱা যায় । এই বীৰ - বীৰাঙ্গনাসকলৰ অলেখ কাহিনী পঞ্জীভূত হৈ আছে । এইসকলৰ ৰাজত্বকালৰ অনেক স্মৃতি মাকৰী পাহাৰ , ৰংজুলি , কল্যাণপুৰত এতিয়াও আছে । ইয়াৰােপৰি ফেডাৰ ডােবাত দদানৰ শেষ স্মৃতি নীৰৱে আছে ।

 ৰাভাৰ উৎসৱ , পূজা - পাতলঃ

     বুৰঞ্জী-মতে ৰাভাসকলৰ ৰজাবীৰ দদানৰ দ্বাৰাই ‘বায়খাে’ পূজা কৰা হৈছিল আৰু ক্রমাগতভাৱে বায়খাে পূজালৈ পৰিণত হ'ল। ৰাভাসকলৰ প্রধান দেৱতা ৰিছি বা মহাদেৱ। আখ্যান মতে বায়- খােচ নামৰ দুই বাই ভনী দেৱীৰ পৰাই বায়খাে দেৱী আৰু খােছি দেৱীক অতীতৰে পৰা ৰাভাসকলে পূজা কৰি আহিছে। ইয়াৰােপৰি লাঙা দেৱতাকে ধৰি বিভিন্ন দেৱ-দেৱীৰ পূজা কৰি আহিছে। ৰাভাসকল- জড় উপাসক। শিল, গছ-গছনিক পূজা কৰি গাহৰি, কুকুৰা, পাৰ আদি উছৰ্গা কৰে।

    সমাজ ব্যৱস্থা ঃ প্ৰাচীন কাৰলে পৰা ৰাভাসকলে সামাজিকভাৱে একতা ৰক্ষা কৰি আহিছে। বন্য জন্তু চিকাৰ, মৎস্য  চিকাৰ আদি পুৰুষ-মহিলাই একেলগে কৰে। গাঁৱৰ পূজা-পাতল, বিবাহ, শ্ৰাদ্ধ আদিতো সমানে সমানে অংশগ্ৰহণ কৰে। প্ৰাচীন কালত হোৱা যুদ্ধ-বিগ্ৰহতো পুৰুষ-মহিলাৰ  সক্ৰিয় সহযোগৰ প্ৰমাণ পোৱা যায়। খেতি-বাতিটো সমভাৱে কাম কৰে। যুদ্ধ-বিগ্ৰহ ভাল পোৱা ববে ৰাভা জাতিক ক্ষত্ৰিয় বুলিও কোৱা হয়। 

    সামৰণি ঃ ৰাভাসকলৰ যিমান শাখা আছে তাৰে ভিতৰত ৰংদানী, মায়তৰী আৰু কোচ ৰাভাসকলেহে ৰাভা ভাষা জানে। পাতি, দাহৰী, বিটলীয়া, হানা আদিয়ে ৰাভা ভাষা নাজানে যদিও অতি সম্প্ৰতি তেওঁলোকে নিজৰ মাতৃভাষা ৰাভা ভাষাক আদি লৈছে।

    ৰাভাসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ'ল-

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা

বিশ্বৰে ছেন্দে ছেন্দে

মহানন্দে 

আন্দে

নাচা নাচা তমোহৰ দেউ

নাচা... 


    কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকা মহানগৰীৰ সেনা ছাউনীত ১৯০৯ চনৰ ৩১ জানুৱাৰীত। চৰ্দাৰ বাহাদুৰ গােপাল চন্দ্র ৰাভা আৰু গেথী বালা ৰাভাৰ পুত্র বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু’ নামেৰে জনাজাত। বিষ্ণু ৰাভাৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন প্রাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত। কিন্তু দেউতাকে পিছত বঙালী মাধ্যমত ভর্তি কৰায় যদিও পিছলৈ তেজপুৰলৈ আহি অসমীয়া মাধ্যমত শিক্ষা গ্রহণ কৰে। 

    ১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰতে প্রথম হৈ প্ৰৱেশিকা পাছ কৰি ‘ কুইন এমছে’ পদক লাভ কৰিছিল। হাইস্কুলীয়া শিক্ষা জীৱনৰ পৰাইবিষ্ণু ৰাভা আগশাৰীৰ খেলুৱৈ আছিল। ফুটবল, ক্রিকেট, হকী খেলাৰ উপৰিও সুন্দৰ গীত গায়, নাচে, অভিনয় কৰে, চিত্র আঁকে। ইয়াৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিও তেওঁৰ প্রৱল আসক্তি আছিল। ১৯২৬ চনত কলকাতাৰ চেণ্টপল কলেজত বিজ্ঞান শাখাত নাম ভর্তি কৰে আৰু সেই বছৰে এই কলেজৰ ক্রিকেট দলৰ কেপ্তেইন নির্বাচিত হয়। চেণ্টপল কলেজৰ পৰা প্রথম বিভাগত আই. এছ. চি. পাছ কৰাৰ পিছত ১৯৩০ চনত ৰিপন কলেজত বি. এছ. চি. শ্ৰেণীত নাম লগাই পদার্থ বিজ্ঞানত অনার্চ লৈ পঢ়ে। ৰিপন কলেজত তেওঁ ফুটবলৰ কেপ্তেইন নির্বাচিত হয়। সেই সময়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ জোৱাৰে কলকাতা মহানগৰী অস্থিৰ কৰি তুলিছিল। অস্থিৰ কৰি তুলিছিল। দেশৰপ্ৰেমী বিষ্ণু ৰাভায়ো আন্দোলনত নিয়োজিত হোৱাৰ কাৰণে বৃটিছ প্ৰশাসনৰ চকুত পৰিল।

    সেই সময়তে বিষ্ণু ৰাভাই মনে মনে ৰিপন কলেজ এৰি কোচনবিহাৰৰ ভিক্টোৰিয়া কলেজজত নাম ভৰ্তি কৰে।

    ভিক্টোৰিয়া কলেজৰ একৈশ বছৰ বয়সীয়া ছাত্ৰ বিষ্ণুপ্ৰসাদ ৰাভা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিলে-

''ৰাজ্যে আছে দুইটি পাঠো

একটি কালো একটি সাদা 

ৰাজ্যেৰ যদি মঙ্গল চাওঁ

দুইটি পাঠাই বুলি দাওঁ।''

    এয়া আছিল বিষ্ণু প্ৰসাদ ৰাভা জীৱনৰ বিপ্লৱৰ আৰম্ভণি। বৃটিছ চৰকাৰ ৰোষক পৰি ভিক্টোৰিয়া কলেজত পঢ়াৰ পথ ৰুদ্ধ হোৱাত  পুনৰ মাইকেল কলেজত নাম ভৰ্তি কৰি অধ্যয়নত মনোযোগ দিলে। কিন্তু বাছনি পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিও হাৰা-শান্তিৰ বালি মাইকেল কলেজ ত্যাগ কৰিবলৈ বাধ্য হয়। ১৯৩১ চনত তেওঁৰ ছাত্ৰ জীৱনৰ অন্ত পৰিল।

    কলকতালৈ গুচি গৈ তাতে হাতত কলম তুলি লৈ 'আৱাহন', 'বাঁহীৰ' পাতত লিখিবলৈ আৰম্ভ কৰি অসমীয়া সাহিত্যপ্ৰেমীৰ মাজত ন-কৈ চিনাকি হ'ল-বিষ্ণু প্ৰসাদ ৰাভা।

    সংগীত সাধনাত ব্যস্ত থাকোঁতেই ৰাছিয়াৰ বিখ্যাত অভিনেত্ৰি আনা পাভলভাৰ নৃত্য উপভোগ কৰি তেওঁৰ লগত পৰিচয় ঘটিল আৰু তেওঁৰ শিপ্লী প্ৰাণে পালে অফুৰন্ত প্ৰেৰণা। অসমৰ সাংস্কৃতি জগতৰ বৰেণ্যশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ সঙ্গ পাই বিষ্ণু প্ৰসাদ ৰাভা অধিক উজ্জীৱিত হৈ পৰিল। গীত, নৃত্য আৰু অন্যান্য সাংস্কৃতিক কৰ্মত ব্যস্ত হৈ থাকোঁতে গায়িকা প্ৰিয়লতা দত্তৰে ১৯৩৭ চনত বিবাহ হয় যদিও মাত্ৰ ২৮ দিন সংসাৰ পতা পিছতে পত্নীৰ মৃত্যু হয়। শোকবিহবল হৈ বিষ্ণু ৰাভাই গীত ৰচনা কৰে-

'পৰজনমৰ শুভ লগনত 

যদিহে আমাৰ হয় দেখা

পুৰাবানে প্ৰিয়ে এই জনমৰ 

মোৰ হিয়াৰ অপূৰ্ণ আশা।'

    কাশী হিন্দু বিশ্ববিদ্যালয়ত আমন্ত্ৰণ ক্ৰমে বিষ্ণু ৰাভাই ১৯৩৯ চনত  নৃত্য পৰিবেশন কৰে। মহাদেৱৰ তাণ্ডৱ নৃত্য পৰিৱেশন কৰি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণক  আপ্লুত কৰাৰ লগতে ভূয়সী প্ৰশংসা পায়। বিপ্লৱী বিষ্ণু প্ৰদাদ ৰাভাক ১৯৬২ চনত দেশদ্ৰোহী  সজাই কাৰাৰুদ্ধ কৰে। এই সময়তে দ্বিতীয়া পত্নী কনকলতা মেধিৰ মুন মুন (পৃথ্বিৰাজ) আৰু থুন থুন (হেমৰাজ)-ৰ জন্মৰ পিছত অকাল বিযোগ ঘটে। তাৰ পিছত যাযাবৰী হৈ জীৱন 

     কটায় যদিও সেই সময়ত ‘সােণপাহী’, ‘মিচিং কনেং’, ‘অসমীয়া কৃষ্টিৰ চমু আভাস’ আৰু ‘অতীত অসম আদি অতি মূল্যবান গ্রন্থ লিখি থৈ যায়।

     ৰাভাদেৱে ১৯৬৭ চনত তেজপুৰ সমষ্টিৰ পৰা বিধায়ক নির্বাচিত হয়। বিষ্ণু ৰাভা শেষত মােহিনী ৰাভাৰ স’তে বিবাহ পাশত আবদ্ধ হয়। সমগ্র জীৱন দলিত আৰু অবহেলিতৰ পক্ষে সংগ্রাম কৰা বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ জীৱন আছিল সীমাহীন দুখ-যন্ত্রণাৰে ভৰা। তাৰ মাজেৰে তেওঁৰ দ্বাৰা সৃষ্ট গীত, নৃত্য, লেখাসমূহে তেওঁক জনমানসত অমৰ কৰি গ'ল। ১৯৬৯ চনৰ ২০ জুনৰ দিনা এইজনা বিপ্লৱী নেতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন নাটৰ সামৰণি পৰে।

ৰাজেন ৰাভা

     কৃতী শিক্ষক, প্রথিতযশা সাহিত্যিক, আজীৱন গৱেষকৰাজেন ৰাভাৰ জীৱন আৰু কৃতি বিশাল। অভিধানেই মােৰ গুৰু’ বুলি কোৱা ৰাজেন ৰাভাই ৰাভা সাধু ', ৰাভা জনজাতি আদিৰ উপৰিও দুকুৰিৰাে অধিক প্ৰৱন্ধৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে। ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত দুধনৈত জন্মগ্রহণ কৰা ৰাজেন ৰাভা এম ইস্কুলৰ পৰা ওলাই মাত্র পাঁচ টকা পাৰিতােষিকেৰে এখন মাৰােৱাৰী দোকানত জীৱিকাৰ বৃত্তি গ্রহণ কৰি নিজ সংকল্পৰ দৃঢ়তাৰ বাবেই প্রাইভেটকৈ মেট্রিক (১৯৫৫), আই, এ, আৰু শেষত অসমীয়া বিভাগত এম এ পৰীক্ষাত (১৯৭১) উত্তীৰ্ণ হৈ ৰাভা আৰু সমাজ-সংস্কৃতি বিষয়ত অধ্যয়ন কৰিবলৈ লয়। আজীৱন সাহিত্য সাধক, সমাজ আৰু মানৱপ্রেমী ৰাজেন ৰাভাৰ বর্ণাঢ্য জীৱনৰ প্ৰথমছােৱা কাল আছিল দুখ আৰু কষ্টকৰ। ১৯৪৯ চনত তেওঁ যােৰহাট নর্মাল স্কুলত মাহিলী কুৰিটকীয়া বৃত্তিৰে অধ্যয়ন কৰাৰ সুবিধা পায়। গােৱালপাৰা স্কুল ব’র্ডে তেওঁক জয়ৰামকুছি মজলীয়া বিদ্যালয়ত প্রধান শিক্ষক হিচাপে নিযুক্তি দিয়ে। সেই সময়তে ‘উদয়ন’নামৰ তিনিমহীয়া আলােচনী এখন উলিয়ায়। অৱশ্যে ইয়াৰ আগতে তেওঁ কৃষিকার্যত মনােনিবেশ ৰাৰ লগতে মণিহাৰী বস্তুৰাে বেহা কৰিছিল। স্বাধীনতা আন্দোলনতাে যােগদান কৰি কৰিম কিম্বা মৰিম বাহিনীত ভর্তি হৈছিল। ১৯৩৮ চনত যােৰহাটৰ কোকিলামুখত এগৰাকী অধ্যক্ষৰ অধীনত অসম বংগীয় সাৰস্বত আশ্ৰমৰ ঋষি বিদ্যালয়ত এবছৰ কাল সংস্কৃত আৰু বাংলা ভাষা আয়ত্ত কৰে। ইয়াৰ পিছত কোক্ৰাঝাৰ গুৰু ট্রেইনিং কেন্দ্ৰৰ পৰা (১৯৪৮) ডিষ্টিংছনসহ প্রথম স্থান, যােৰহাট নর্মাল স্কুলৰ ত্রি-বার্ষিক শেষ পৰীক্ষা (১৯৫২) ত পাঁচটা বিষয়ত লেটাৰসহ দ্বিতীয় স্থানত, তিতাবৰত বুনিয়াদী প্রশিক্ষণ কলেজৰ পৰা প্রশিক্ষণ লাভ, ৱাৰ্ধাৰ ৰাষ্ট্রভাষা প্রচাৰ সমিতিৰ (১৯৫৭) পৰা হিন্দী বিশাৰদ আৰু শেষত পি এইচ ডি (প্রভিজনেল) , ১৯৭২ চনত ডঃ মহেশ্বৰ নেওগৰ তত্ত্বৱধানত The Rabhas : Their language and culture আৰু পি এইচ ডি (ফাইনেল), ১৯৭৭ চন (সংশােধিত The Rabhas : Their society and culture with spe-cial reference to non - sanskritized groups)। অৱশ্যে এই গৱেষণামূলক (থেছিছ) গ্ৰন্থখন বিভিন্ন কাৰণত বিশ্ববিদ্যালয়ত জমা দিয়াৰ সুযোগ নাপালেও ৰাভাসকলৰ বিষয়ে লিখা সেইখন আপুৰুগীয়া পুথি হৈ থাকিব।

    সাহিত্য সভাৰ বঙাগাঁও অধিবেনৰ উসভাপতি আৰু দুধনৈ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি আছিল। তেওঁক অসম চৰকাৰে সাহিহিত্যক পেঞ্চন প্ৰদান লগতে ১৯৪৬ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষাকৰো বঁটা প্ৰদান কৰে। 

ৰাভা কৃষ্টিৰ ৰূপৰাৰ প্ৰসন্ন পাম 

    ৰাভা কৃষ্টি ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ তাৰিখে গোৱালপাৰা জিলাৰ বালিজান চক্ৰৰ অন্তৰ্গত লাভাপাৰা গাঁৱত প্ৰতৃ কমল কুমাৰ ৰাভা আৰু মাতৃ দাখেল বালা ৰাভা। পূব গাৰো পাহাৰ জিলাৰ মাণিকগঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষা-জীৱন আৰম্ভ কৰা প্ৰসন্ন পাম আগিয়া এম. ভি. স্কুলৰ পৰা উত্তীৰ্ণ হয়।

    ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্ৰতী হৈ হৈ পৰিছিল। অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰা পামে বহু ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল। এইবোৰ গীতৰ কথা আৰু সুৰে সাম্প্ৰতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে। 'দদান বীৰ' নাটকৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰসন্ন পামৰ 'মাৰুক্ষেত্ৰী', (নাটক), 'সৃষ্টিবিধান', 'ময়ৰা শক্তি', 'লাঙামুক্তি', 'কামগিৰি শক্তি', 'পিদান সংসাাৰ', 'মায়া হাছং', 'লেখা তেৱা জমা তংচা' ইত্যাদি গ্ৰন্থ অপ্ৰকাশিত অৱস্থাত ৰৈ আছে। 

    সমগ্র জীৱন ৰাভা কৃষ্টি অক্লান্তভাৱে সাধনা কৰা প্রসন্ন পাম ১৯৫২ চনত অমনী বালা ৰাভাৰ স’তে বিবাহ পাশত আবদ্ধ হৈ চাৰিজন ল'ৰা আৰু তিনিজনী ছােৱালীৰ পিতৃ হয়। ২০-০২-১৯৭৮ ইং তাৰিখে এক নির্বাচনী প্রচাৰৰ সহযােগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুৰ্ঘটনাত এইজনা মহান শিল্পীব জীৱন অকালতে নিয়তিয়ে কাঢ়ি নিলে।

 সংগ্রামী নেত্রী ড° বীৰুবালা ৰাভা 

    ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসক সমাজৰ পৰা দূৰ কৰি এক সুস্থ সমাজ গঢ়াৰ আপ্রাণ চেষ্টাৰে নিজকে উৎসর্গিত কৰা সংগ্রামী নেত্রী বীৰুবালা ৰাভা।

     গােৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ভিতৰুৱা গাঁও এখনত ১৯৪৯ চনত জন্ম লাভ কৰা বীৰুবালা ৰাভাৰ পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা। প্রাথমিক বিদ্যালয়ৰ ৩ য় শ্রেণীলৈ পঢ়ি মাত্র ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হােৱা বীৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভণি আছিল বােৱা-কটা কামৰ জৰিয়তে। ইয়াৰ লগে লগে সামাজিক কুসংস্কাৰ ডাইনী হত্যাৰ বিৰুদ্ধে সক্রিয় অংশ গ্রহণ কৰে। অবিৰামভাৱে এই কামত লাগি থকা বীৰুবালা ৰাভাই তেওঁৰ কামৰ

স্বীকৃতি হিচাপে লাভ কৰা বঁটা আৰু স্বীকৃতিসমূহ তলত উল্লেখ কৰা হ'ল ঃ 

২০০৫ চনত ঃ শান্তি নবেল বঁটালৈ মনোনয়ন।

২০০৫ চনত ঃ Real Hero স্বীকৃতি, IBN 18 Network and Reliance Group.

২০১১ চনত ঃ সমাজপ্ৰাণ সৰ্বেশ্বৰ দত্ত মেমোৰিয়ল বঁটা পুৰস্কাৰ প্ৰদানেৰে 'সমাজপ্ৰাণ' পুৰস্কাৰ।

২০১১ চনত ঃ উৰ্মিলাদাস মেমোৰিয়েল বঁটা।

২০১২ চনত ঃ ডিব্ৰুগড় মহিলা ক্লাৱৰ 'জয়মতী' বঁটা প্ৰদান।

২০১৩ চনত ঃ ইংখং ৱেলফেয়াৰ ছ'ছাইতি কোকৰাঝাৰ জিলাট দ্বাৰা 'মেন অৱ দা ইয়াৰ' বঁটা।

২০১৪ চনত ঃ শিৱসাগৰ সোণাৰী টাই আহোম যুৱ পৰিষদৰ দ্বাৰা 'বীৰাংগনা মূলাগাভৰু' বঁটা।

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা বীৰুবালা ৰাভাক সন্মানীয় ডক্টকেট ডিগ্ৰী প্ৰদান কৰা হয় ২০১৫ চনত।

বৰ্তমান 'Mission Briubala'-ৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধাবিসৰ বিৰুদ্ধে অহৰহভাৱে কাম কৰি আছে।


Type : Priyam Jyoti Patar



Post ID :DABP004016