নেপালীভাষী গোৰ্খাসকল


    নেপালীভাষী লোক বুলি ক'লে আৰ্য-মঙ্গোল-কিৰাত সংমিশ্নিত জনমুদায়ক বুজা যায়। সাম্প্ৰতিক সময়ক ভাৰতৰ 'নেপালিভাষী' লোকক 'গোৰ্খা' নামেৰেও জনা যায়। কোনো কোনো পণ্ডিতৰ মতে নেপালীসকলৰ অধিকাংশই হৈছে 'খচ' ৰ পৰা সৃষ্ট। 'খচ' জাতি সম্পৰ্কে পণ্ডিত কলহনৰ 'ৰাজতৰংগিনী' নেপালীসকলৰ অধিকাংশই হৈছে 'খচ' ৰ পৰা সৃষ্ট। 'খচ' জাতি সম্পৰ্কে পণ্ডিত কলহনৰ 'ৰাজতৰংগিণী' আৰু জয়চন্দ্ৰ বিদ্যালংকাৰৰ 'ভাৰতীয় ইতিহাস কী মিমাংশা' গ্ৰন্থত বহু তথ্য পোৱা যায়। ২০১১ চনৰ লোকপিয়লৰ তথ্যমতে অসমৰ নেপালীভাষী লোকৰ লংখ্যা ৫,৯৬২১০ গৰাকী। কিন্তু এই তথ্য পৃথককৈ দেখুওৱা তামাং (২০৬৩ গৰাকী), লিম্বু (৭৮০ গৰাকী)  ৰাই (প্ৰণিধানযোগ্য যে লোকপিয়লৰ সময়ত এই জনগোষ্ঠীৰ বহুলোকে অসমীয়া ভাষাকে মাতৃভাষা বুলি লিপিবদ্ধ কৰায়।

অসমত বসতিৰ ইতিহাস ঃ

    প্ৰচীন গ্ৰন্থ, ইতিহাস আৰু জনগোষ্ঠীটোৰ পূজা-পাৰ্ৱণ তথা সাংস্কৃতিক কৰ্ম-কাণ্ডৰ পৰা গোৰ্খাসকলে যে অসমৰ প্ৰচীন বাসিন্দা তাৰ বহু প্ৰমাণ পোৱা যায়।

    প্ৰয় পাঁচ হেজাৰ বছৰ আগৰ পৰাই (খ্ৰী.পূ.৩১৩৯) অৰ্থাৎ মহাভাৰতৰ সময়ৰ পৰাই অসমৰ আৰু নেপালৰ মাজত পাৰৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল। তেতিয়া এই সমগ্ৰ অঞ্চলটো 'জম্বুদ্ধীপ কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি 'জম্বুদ্ধীপে, আৰ্যৱৰ্তে, ভাৰতবৰ্ষে, অসমৰ প্ৰান্তে' বুলি কয়।  

    প্ৰাচীন ধৰ্মগ্ৰন্থ মতে কামাখ্য মন্দিৰৰ নিৰ্মাতা আৰু প্ৰগজ্যোতিষপুৰৰ ৰজা নৰকে বৰ্তমান নেপালৰ চুনচৰী জিলাত বৰাহ ক্ষেত্ৰত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ কামাখ্যা মন্দিৰত পূজা কৰাবলৈ নেপালৰ পৰা পূজাৰী আনিছিল। পিছলৈ তেওঁলোক কামাখ্যা মন্দিৰত 'লালমোহৰীয়া পাণ্ডা' হিচাপে খ্যাত হৈ পৰিল।

    অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি তীৰ্থনাথ শৰ্মাৰ মতে পোন্ধৰ শতিকাত শ্ৰীমন্ত শংদেৱৰ শিষ্য নেপালী ব্ৰহ্মণ ৰতিকান্ত উপাধ্যায়ে বৰ্তমান টিয়ক আৰু নগাৱত 'নেপালী সত্ৰ' স্থাপন কৰিছিল। সময়ৰ সোঁতত উপাধ্যয়ৰ সতি-সন্ততি অসমীয়া সমাজত মিলি গৈ পূৰ্ব-পৰিচয় হেৰুৱাই পেলোৱা বাবে নৃতত্ত্ববিদে আজি তেওঁলোকক বিচাৰি নাপায়।

    তৎকালীন ব্ৰিচিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত হোৱা সুগৌলী  সন্ধিৰ মতে, নেপালৰ নাগৰিকৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ-ভাগ ভাৰতৰ বিলীন হয়। সুগৌলী সন্ধিৰ পিছত ব্ৰিটিছ গোৰ্কা ৰেজিমেন্ট (তেতিয়া গোৰ্খা ৰাইফল্চ গঠন কৰিছিল আৰু কিছু ৰেজিমেন্ট মান সেনাক খেদিবলৈ অসমলৈ লৈ আনিছিল। অসমৰ পৰা মান সেনাক খেদি পঠোৱাৰ পিছিত  ইয়াণ্ডাবু সন্ধি (১৮২৬) হয়।

অসমৰ সমাজ জীৱনত গোৰ্খাসকল ঃ

    গোৰ্খা লোনাসকলৰ অৱসৰৰ পিছত অসমতে থাকিবলৈ লয়। হাবি জংঘলেৰে ভৰা অসমত উনৈশ শতিকাতে  তেল উদ্যোগ, কলা খনি, ৰেল লাইনত কাম কৰাবলৈ ব্ৰিটিছে উত্তৰ ভাৰতৰ আৰু নেপালৰ পৰা চুক্তি কৰি বহু গিৰমিটে' নেপাললোকক আনিছিস আৰু তেওঁলোক ঘূৰি নগৈ ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশীদাৰ হৈ পৰিছিল। ছবিলাল উপাধ্যায়, দলবীৰ সিং লোহাৰ, বিষ্ণুলাল উপাধ্যায়, ভক্ত বাহাদুৰ প্ৰাধান, প্ৰসাদ সিং চুব্বা আদিৰ নেতৃত্বত নেপালীভাষী লোকসকলো স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, কাৰাহাস খাটিছিল। বিংশ শতিকাৰ চতুৰ্থ দশকলৈকে অসমৰ নেপালীভাষীসকলে নিজৰ জাতীয় সংগঠন অম্বিকাগিৰী ৰায় চৌধুৰীৰ আহ্বানত স্বৰাজোত্তৰ লোপপিলত অধিকাংশ নেপালিভাষীয়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি লিখিল।

    গোপীনাথ বৰদলৈদেৱৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত ১৯৪৭ চনত গঠন হোৱা 'ট্ৰাইবেল বেল্ট আৰু ব্লক'ত নেপালীভাষীসলেও অন্যান্য জাতিৰ দৰে 'সংৰক্ষিত 'শ্ৰেণীৰ মৰ্যাদা পাইছিল।

    অসমীয়া ভাষা আন্দোলন, মাধ্যম আন্দোলন আৰু অসম আন্দোলন সকলোতে নেপালীভাষী লোকৰকলে সহযোগিতা আগবঢ়াই আহিছে। অসমৰ আন্দোলন কালত জনগোষ্ঠীটোৰ ছগৰাকী লোক শ্বহীদ হয়।

    অসমৰ ভাষা শিক্ষাৰ ক্ষেত্ৰতো গোৰ্খা জনগোষ্ঠীৰ লোকৰ অৱদান উল্লেখযোগ্য। বৰ্তমান তেওঁলোকে নিজৰ মাতৃভাষা মাধ্যমৰ পৰিৱৰ্তে অসমীয়া মাধ্যমক আঁকোৱালি লৈছে আৰু নিজৰ ভাষাটোক এটা বিষয় হিচাপে পঢ়াৰ সিদ্ধান্ত লৈছে।

    অসমৰ সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়াৰ জগততো এই জনগোষ্ঠীটো যথেষ্ট অৱদান আছে।

    ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰতো গোৰ্খাসকলৰ পিচ পৰি থকা নাই। অসমৰ পৰা কেইগৰাকীও গোৰ্খালোক সংসদলৈ নিৰ্বাচিত হৈছে, অসমৰ কেইবাখনো মন্ত্ৰীসভাত নেপালীভাষী জনপ্ৰতিনিধিয়ে স্থান পাইছে, অসম বিধান সভাৰ অধ্যক্ষ আৰু কেবিনেট মন্ত্ৰী পৰ্যন্ত হৈছে। প্ৰশাসনিক সেৱাতো সকলো স্তৰৰ চাকৰিত এই জনগোষ্ঠীৰ লোক কাৰ্যৰত হোৱা দেখা যায়।

ৎসৱ-পাৰ্বণঃ

    গোৰ্খা জনগোষ্ঠীৰ লোকসকলে গোটাই গোটেই বছৰজুৰি বিভিন্ন উৎসৱ-পাৰ্বণ পালন কৰে। মহিলাসকলে পালন কৰা 'তীজ', পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসৱ 'বড়া দশৈ' আৰু ভাতৃ-ভগ্নীন প্ৰেমৰ উৎসৱ 'তিহাস'এই উৎসৱবোৰৰ অন্যতম। এই সম্প্ৰদায়ৰ দ্বাৰা প্ৰস্তুত কৰা 'চেলৰুটি' আৰু 'পক্কু' লগোৱা মাংসই আজি যথেষ্ট সমাদৰ লাভ কৰা দেখা যায়।

    অসম গোৰ্খা জনগোষ্ঠীৰ কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি হ'ল-

ছবিলাল উপাধ্যায়

    ১৮৮২ চনৰ ১২ মে’ৰ দিনা বর্তমান বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত কাশীনাথ উপাধ্যায়ৰ ঔৰষত জন্ম গ্রহণ কৰা ছবিলাল উপাধ্যায় আনুষ্ঠানিক শিক্ষা মাধ্যমিক পর্যায়তে সীমিত আছিল। কিন্তু তেওঁ অনানুষ্ঠানিক অধ্যয়নৰ বলত আৰু চন্দ্রনাথ শমা, ঘনশ্যাম বৰুৱা, লােকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্রামত জঁপিয়াই পৰিছিল। তৎকালীন ব্রিটিছ চৰকাৰে কাজিৰঙাৰ আশেপাশে থকা গােখা আৰু মিচিং লােকৰ গৰু-ম'হৰ খুঁটি উচ্ছেদৰ প্রস্তুতি চলায়। ছবিলাল উপাধ্যায়ে ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত ‘অসম এছােচিয়েচনৰ সভাত এই উচ্ছেদৰ বিৰুদ্ধে প্রস্তাৱ উত্থাপন কৰে আৰু প্ৰস্তাৱটো গৃহীত হয়। অসম এগােচিয়েচনৰ লগত যুক্ত ‘ছবিলাল বাবু’ ৰ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্রিলৰ দিনা যােৰহাটত অনুষ্ঠিত হােৱা সভাত ‘অসম এছােচিয়েচন ক অসম প্রদেশ কংগ্ৰেছ কমিটিলে ৰূপান্তৰিত কৰা হয়। ছবিলাল বাবু অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি নির্বাচিত হয়। কংগ্ৰেছত যােগদান কৰা বাবে উপাধ্যায় ব্রিটিছে। গ্রেপ্তাৰ কৰে। সেয়ে তেওঁ ১৯২১ চনত বােম্বেত (বর্তমান মুম্বাই) অনুষ্ঠিত সর্বভাৰতীয় কংগ্ৰেছ অধিৱেশনলৈ যাব নােৱাৰিলে। মহাত্মা গান্ধী তাসমলৈ আহিছিল ১৯২১ চনত। গান্ধীৰ আগমনৰ আগে আগে ব্রিটিছে। অসমৰ কংগ্ৰেছৰ নেতাসকলক স্বাধীনতা আন্দোলনৰ পৰা আঁতৰাই আনিবলৈ নানা প্রলােভন দিছিল। ছবিলালকো মৌজাদাৰ, কাউন্সিলাৰ, বৰলাট আদি লােভনীয় পদ যাচিছিল। তেওঁ এই সকলােবােৰ প্রত্যাখ্যান কবি গান্ধীৰ নেতৃত্বত চলা অসহযােগ আন্দোলনত স্বেচ্ছাসেৱীৰূপে জঁপিয়াই পৰিল আৰু ছমাহ কাৰাবাস খাটিলে। জেলৰ পৰা ওলাই আহি তেওঁ বিদেশী বস্তু বর্জন কার্যসূচীত সহযােগ কৰে আৰু প্রথমে নিজৰ ঘৰত থকা বিদেশী বস্তু জ্বলায়। তেওঁ স্থানীয়ভাবে স্বদেশী বিদ্যালয় স্থাপনত আগভাগ লয়। ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰ পৰা তেওঁক আঁতৰাই ৰাখিবলৈ ব্রিটিছে আকৌ প্রলােভন দিয়ে। কিন্তু উপাধ্যায়ে এই সকলােনস্যাৎ কৰে আৰু অসমক ‘চি’ গ্রুপৰ অন্তর্ভুক্ত কৰা চক্ৰান্তৰ তীব্র বিৰােধিতা কবে আৰু তেওঁৰ নেতৃত্বত ‘অখিল ভাৰতীয় গােখা লিগ’ৰ আহ্বানত তেজপুৰত ৩০ হাজাৰ নেপালীভাষী লোকক সমবেত কৰি জিন্নৰ এই প্ৰস্তাৱৰ বিৰুদ্ধে শক্তি প্ৰদৰ্শন কৰে।

দলবীৰ সিং লোহাৰ

    দলবীৰ সিং লোহাৰৰ জন্ম ১৯৫ চনত ২৬ জানুৱাৰীত ডিব্ৰুগড়ৰ খলিহামাৰীত। তেওঁৰ পিতৃৰ নাম অনতৰাম লোহাৰ। ১৫ বছৰ বয়সতে  লোহাৰে জাতীয় আন্দোলনত স্বচ্ছাসেৱক বাহিনীত যোগদান কৰে  আৰু ১৯৩০ চনত কৰাচীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰে। লোহাৰে ১৯৩০ চনত কুখ্য়াত কানিংহাম চাৰ্কুলাৰৰ বিৰোধিতা ধৰি তিনি মাহ কাৰবাস খাটে। নিৰ্ভিক আৰু স্বাধীনতা প্ৰিয় লোহাৰৰ ব্ৰিটিছৰ গণবিৰোধী নীতিৰ বিৰোধিতা কৰি পুনৰ ১৯৩১-৩২ চনত ছমাহ কাৰাবাস খাটিব লগা হয়। অস্পৃশ্যতা দূৰীকৰণত তেওঁ সক্ৰিয় ভূমিকা লৈছিল আৰু সেৱাদল গঠনত আগভাগ লৈছিল। তেওঁ শ্ৰমিক আন্দোলনৰ নেতা আছিল আৰু ট্ৰেড ইউনিয়ন গঠন নিজকে মনোনিৱেশ কৰাইছিল। তেওঁ দ্বিতীয় বিশ্বযুদ্ধত ভাৰতৰ জড়িত কৰা কাৰ্যৰ বিৰোধিতা কৰা বাবে ঘৰৰ পৰা বিতাড়িত হ'বলগীয়া হৈছিল আৰু তেওঁক কেসল গোৱালপাৰা জিলাতহে থাকিবলৈ অনুমানিক দিয়া হৈছিল। এময়ত লোহাৰ গোৱালপাৰাৰ পৰা সংগোপনে কলগছৰ ভূৰেৰে ব্ৰহ্মপুত্ৰয়েদি উজাই আহি ঘৰ পাইছিল। ১৯৪৬ চনত দলবীৰ সিং লোহাৰ শ্ৰমিক আৰু পিছ পৰা শ্ৰেণীৰ প্ৰতি প্ৰতিনিধি হিচাপে তিনিচুকীয়া অঞ্চলৰ পৰা বিধান সভালৈ নিৰ্বাচিত হয়। দলবীৰ সিং লোহাৰেই হৈছে অসমৰ নেপালীভাষী প্ৰথম বিধায়ক। ২৯ জুলাই ১৯৬৯ চনত তেওঁ মৃত্যুবৰণ কৰে। 

হৰিপ্ৰসাদ গোৰ্খা ৰাই

    নগালেণ্ডৰ ৰাজধানী কহিমাত ধনৰাজ ৰাই আৰু যশােদা ৰাইৰ সন্তান ৰূপে ১৯১৫ চনৰ ১৫ মার্চত জন্মগ্রহণ কৰা হৰিপ্ৰসাদ ৰাইয়ে পিছত নিজকে হবিপ্রসাদ গােখা ৰাই হিচাপে চিনাকি দিছিল। আৱাহন যুগৰ বিশিষ্ট লিখক হিচাপে পৰিচিত গােখা ৰাইয়ে ধনবাহাদুৰ সােনাৰ আৰু গােবিন্দ চন্দ্র পৈৰাৰ লগ লাগি সাহিত্য চৰ্চাত আত্মনিয়ােগ কৰে। এই ত্রিমূর্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্রহণ কৰিছিল আৰু অসমীয়া ভাষা-সাহিত্যৰ চৰ্চাত ব্ৰতী হৈছিল। অসম সাহিত্য সভাৰ প্রথম সভাপতি পদ্মনাথ গােহাঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত খােজ পেলােৱা গোখ বাইয়ে ধনবাহাদুৰ সােনাৰ তথা গােবিন্দ চন্দ্র পৈৰাৰ সহযােগত অসম সাহিত্য সভাৰ কোহিমা শাখা গঠন কৰে। পৰাধীন ভাৰতত জাতীয় চেতনা আৰু জাগৰণৰ বাবে সাহিত্য চর্চাক মাধ্যম হিচাপে লোৱা ব্যক্তিসকলৰ ভিতৰত গােখ ৰাইয়াে অন্যতম। সমালােচক গােবিন্দ প্রসাদ অধিকাৰীৰ মতে গােখা ৰাইয়ে ১৯৩২ চনত অসমীয়া ভাষাত ৰাজনৈতিক প্রবন্ধ খিছিল। অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য ৰচনা কৰা (গােখা বাই সঁচা অৰ্থতে সমন্বয় আৰু সম্প্রীতিৰ প্রতীক আছিল। তেওঁৰ গল্পবােৰত পাহাৰৰ জনজাতীয় আৰু অজনজাতীয় জনজীৱনৰ সম্প্ৰীতিৰ চিত্র ফুটি উঠা দেখা যায়। দৰাচলতে হবিপ্রসাদ ৰাইৰ নামৰ লগত গােখ শব্দ সংযােজনৰ আঁৰৰ মানুহগৰাকী আছিল প্রখ্যাত সাহিত্যিক মিত্ৰদেৱ মহন্ত।



 Type : Priyam Jyoti Patar