পাৰ্ৱতি প্ৰসাদ বৰুৱাৰৰ বিষয়ে সকলো প্ৰশ্ন উত্তৰ 

১)পাৰ্বতিপ্ৰসাদ বৰুৱা কোন আছিল ?

উত্তৰঃ- পাৰ্বতিপ্ৰসাদ বৰুৱা এগৰাকী গীতিকাৰ,নাট্যকাৰ আছিল। 

২)পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম কোন চনৰ কোন তাৰিখে হৈছিল ?

উত্তৰঃ- পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম ১৯০৯ চনৰ ১৯ আগষ্ট তাৰিখে হৈছিল । 

৩)পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম কোনখন জিলাত হৈছিল ?

উত্তৰঃ- পাৰ্বতিপ্ৰসাদ বৰুৱাৰ জন্ম শিৱসাগৰ জিলাত হৈছিল। 

৪)পাৰ্বতিপ্ৰসাদ বৰুৱাৰ ভাই-ককাই কেইজন আছিল ?

উত্তৰঃ- পাৰ্বতিপ্ৰসাদ বৰুৱাৰ ভাই-ককাই তিনিজন আছিল । 

৫)পাৰ্বতি প্ৰসাদ বৰুৱাই কি উপাধি লাভ কৰিছিল ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ৰায় চাহেব উপাধি লাভ কৰিছিল । 

৬)পাৰ্বতি প্ৰসাদ বৰুৱাই কিমান চনত পদ্মকুমাৰী বৰুৱানী উপাধি গ্ৰহন কৰিছিল?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ১৯৩৪ চনত পদ্মকুমাৰী বৰুৱানী উপাধি গ্ৰহন কৰিছিল ।  

৭) পাৰ্বতি প্ৰসাদ বৰুৱাই কোন বিদ্যালয়ত অধ্যয়ন কৰিছিল ?

উত্তৰঃ-পাৰ্বতি প্ৰসাদ বৰুৱাই শিৱসাগৰৰ ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহন কৰিছিল। 

৮) পাৰ্বতি প্ৰসাদ বৰুৱাই কিমান চনত কটন কলেজত নামভক্তি কৰিছিল ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ১৯২১ চনত কটন কলেজত নামভক্তি কৰিছিল। 

৯) পাৰ্ৱতি প্ৰসাদ বৰুৱাই কোন চনত উচ্চ শিক্ষাৰ বাবে  কলিকতালৈ গৈছিল ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ১৯২৫ চনত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল । 

১০) পাৰ্বতি প্ৰসাদ বৰুৱাই কলিকতালৈ গৈ কোন কলেজত নামভক্তি কৰিছিল ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজত নামভক্তি কৰিছিল। 

১১) পাৰ্বতি প্ৰসাদ বৰুৱাৰ দুজন সহপাঠীৰ নাম লিখাঁ ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাৰ দুজন সহপাঠীৰ নাম হ'ল- বিনন্দ চন্দ্ৰ বৰুৱা আৰু তুলসীনাৰায়ন শৰ্মা আদি । 

১২) পাৰ্বতি প্ৰসাদ বৰুৱা এজন  কি আছিল ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱা এজন চাহ খেতিয়ক আছিল । 

১৩) পাৰ্বতি প্ৰসাদ বৰুৱাই কিমান চনত এখন চাহ বাগিছা কিনি লৈছিল ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ১৯৪৭ চনত এখন চাহ বাগিছা কিনি লৈছিল। 

১৪) পাৰ্বতি প্ৰসাদ বৰুৱাই কিমান চনত জোনাকী মেলৰ পাতনি মেলিছিল ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ১৯২৯ চনত জোনকী মেলৰ পাতনি মেলিছিল । 

১৫)পাৰ্বতি প্ৰসাদ বৰুৱাই কিমান চনত ৰুপহী চলচিত্ৰখন নিৰ্মান কৰিছিল লিখাঁ ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ১৯৪০ চনত ৰুপহী চলচিত্ৰখন নিৰ্মান কৰিছিল। 

১৬) পাৰ্বতি প্ৰসাদ বৰুৱাই কিমান চনত শ্বিলংত কি কি নৃত্য কৰি খুব নাম কৰিছিল ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ১৯২৮ চনত শ্বিলংত লাস্য আৰু তাণ্ডৱ নৃত্যু কৰি্ খুব নাম কৰিছিল । 

১৭) পাৰ্বতি প্ৰসাদ বৰুৱাই কিমান চনত সত্ৰীয়া আৰু প্ৰাচ্য নৃত্য সৃষ্টি কৰিছিল  ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ১৯২৬ চনত সত্ৰীয়া আৰু প্ৰাচ্য নৃত্য সৃষ্টি কৰিছিল । 

১৮) পাৰ্বতি প্ৰসাদ বৰুৱাই সৃষ্টি কৰা কোনটো নাচক সমপৰ্যায়ৰ নাচ বুলি কোৱা হৈছিল ?

উত্তৰঃ-পাৰ্বতি প্ৰসাদ বৰুৱাই সৃষ্টি কৰা চতাই পৰেবতৰ নাগিনী ছোৱালী নামৰ নাচক সমপৰ্যায়ৰ নাচ বুলি কোৱা হৈছিল। 

১৯)  পাৰ্বতি প্ৰসাদ বৰুৱাই সৃষ্টি কৰা কেইখনমান নৃত্যনাটিকাৰ নাম লিখাঁ ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই সৃষ্টি কৰা কেইখনমান নৃত্যনাটিকাৰ নাম হ'ল- লখিমী আৰু সোণৰ সোলেং আদি । 

২০) পাৰ্বতি প্ৰসাদ বৰুৱাই কোন কলেজৰ পৰা বি.এ পৰীক্ষা পাছ কৰিছিল?

উত্তৰঃ-পাৰ্বতি প্ৰসাদ বৰুৱাই  কলিকতাৰ চাৰ্চ কলেজৰ পৰা বি.এ পৰীক্ষা পাছ কৰিছিল । 

২১) পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰা কেইখনমান কবিতাপুুথিৰ নাম লিখাঁ?

উত্তৰঃ- পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰা কেইখনমান কবিতাপুথিৰ নাম হ'ল গুণ-গুণনি , লুইতি , টোকাৰিৰ সুৰ আদি । 

২২) পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হৈছিল ?

উত্তৰঃ-  পাৰ্বতি প্ৰসাদ বৰুৱাই ৰচনা কৰা গীতসমূহক পাৱতি সংগীত বুলি কোৱা হৈছিল । 

২৩)  পাৰ্ৱতি প্ৰসাদ বৰুৱাই কিমান চনত  জোনাকী মেলৰ পাতনি মেলিছিল ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৯২৯ চনত জোনাকী মেলৰ পাতনি মেলিছিল। 

২৪) পাৰ্ৱতি প্ৰসাদ বৰুৱাই কাৰ সভাপতিত্বৰ কালত অসম সাহিত্য সভাৰ এটি ভৱনৰ  নিৰ্মানৰ প্ৰতিশ্ৰতি দিছিল ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই মহেশ্বৰ নেওগৰ সভাপতিত্বৰ কালত অসম সাহিত্য সভাৰ এটি ভৱন নিৰ্মানৰ প্ৰতিশ্ৰতি দিছিল।   

২৫) চীনা আক্ৰমণৰ সময়ত পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখাঁ। 

উত্তৰঃ- চীনা আক্ৰমণৰ সময়ত পাৰ্ৱতি প্ৰসাদ বৰুৱাই জনসাধাৰনক সচেতন কৰাৰ লগতে ভূপেন হাজৰিকাৰ লগত এখন ট্ৰাকত উঠি দেশপ্ৰেমমূলক গীত গুৱাহাটীৰ বাট-পথত গাইছিল। 

২৬) পাৰ্ৱতি প্ৰসাদ বৰুৱাই ৰচনা কৰা কেইখনমান গীত পুথিৰ নাম লিখাঁ ?

উত্তৰঃ- 

২৭) পাৰ্ৱতি প্ৰসাদ বৰুৱাই ৰচনা কৰা এখন অপ্ৰকাসিত গন্থৰ নাম লিখাঁ ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই ৰচনা কৰা এখন অপকাসিত গন্থৰ নাম হ'ল- মৌ-টোকাৰী 

২৮) পাৰ্ৱতি প্ৰসাদ বৰুৱাই লখিমী নামৰ গন্থখন কিমান তাৰিখে ৰচনা কৰিছিল ?

উত্তৰঃ-পাৰ্ৱতি প্ৰসাদ বৰুৱাই লখিমী নামৰ গন্থখন ৫ আঘোন তাৰিখে ৰচনা কৰিছিল । 

২৯) পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ ওপৰত খেল ভঙা খেল নামৰ গন্থখন কিমান চনত ৰচনা কৰিছিল ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ ওপৰত খেল ভঙা খেল নামৰ গন্থখন ১৯৬৯ চনত ৰচনা কৰিছিল।

৩০) পাৰ্ৱতি প্ৰসাদ বৰুৱাই কোন মাহত সোণৰ সোলেং নামৰ  গন্থখন ৰচনা কৰিছিল ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই ব'হাগ মাহত সোণৰ সোলেং নামৰ গন্থখন ৰচনা কৰিছিল । 

৩১)পাৰ্ৱতি প্ৰসাদ বৰুৱাই কিমান শকত গুণগুণনি নামৰ গন্থখন ৰচনা কৰিছিল ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৮৭৯ শকত গুণগুণনি নামৰ গন্থখন ৰচনা কৰিছিল। 

৩২) পাৰ্ৱতি প্ৰসাদ বৰুৱাই কোন মাহৰ কোন শকত ৰচনা কৰিছিল ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই ব'হাগ মাহৰ ১৮৮১শকত ৰচনা কৰিছিল।

৩৩) পাৰ্ৱতি প্ৰসাদ বৰুৱাই ৰচনা কৰা কেইখনমান গদ্য ৰচনাৰ নাম লিখাঁ ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই ৰচনা কৰা কেইখনমান গদ্য ৰচনাৰ নাম হ'ল-কলা সংস্কৃতি,সমিধান, জোনাকী মেল, শিল্প সৰ্ম্পকে একাষাৰ আদি । 

৩৪) পাৰ্ৱতি প্ৰসাদ বৰুৱাই কিমান চনৰ কিমান বয়সত নাট্যৰ প্ৰতিভাৰ পৰিচয় দিছিল ? 

উত্তৰঃ-পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৯১৩ চনৰ ন বছৰ বয়সত নাট্যৰ প্ৰতিভাৰ পৰিচয় দিছিল । 

৩৫) পাৰ্ৱতি প্ৰসাদ বৰুৱাই অভিনয় কৰা কেইখনমান নাটৰ নাম লিখাঁ ? 

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই অভিনয় কৰা কেইখনমান নাটৰ নাম হ'ল-শোনিত কুৱঁৰী, চিত্ৰলেখা,ৰাজনটীত পালক আদি। 

৩৬) ৰুপহী ছবিখনত পাৰ্ৱতি প্ৰসাদ বৰুৱাই নিজে কেইটা গীত গাইছিল ?

উত্তৰঃ- ৰুপহী ছবিখনত পাৰ্ৱতি প্ৰসাদ বৰুৱাই নিজে সাতটা গীত গাইছিল।   

৩৭) পাৰ্ৱতি প্ৰসাদ বৰুৱাই শোণিত কুৱৰী নামৰ নাটখনত কি চৰিত্ৰত অভিনয় কৰিছিল ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই শোণিত কুৱৰী নামৰ নাটখনত চিত্ৰলেখা চৰিত্ৰত অভিনয় কৰিছিল।  

৩৮) পাৰ্ৱতি প্ৰসাদ বৰুৱাই কৰ পৰা নৃত্যৰ আৰ্দশ পাইছিল ? 

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই সত্ৰীয়া নৃত্যৰ পৰা আৰ্দশ পাইছিল। 

৩৯)  পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ কি বেমাৰৰ ফলত মৃত্যু হৈছিল ? 

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই দুবাৰকৈ ৰক্তচাপ ভোগাৰ ফলত মৃত্যু হৈছিল। 

৪০) পাৰ্ৱতি প্ৰসাদ বৰুৱাই কিমান চনৰ কিমান তাৰিখে ইহলীলা সম্বৰন কৰিছিল ?

উত্তৰঃ- পাৰ্ৱতি প্ৰসাদ বৰুৱাই ১৯৬৮ চনৰ ৭ জুনৰ দিনা ইহলীলা সম্বৰন কৰিছিল। 

Type Arup Koch