অলিখিত সংবিধান
পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধানৰ ব্য়ৱস্থা আছে। এই ক্ষেত্ৰত ব্য়তিক্ৰম হৈছে ইংলণ্ডৰ সংবিধান যাৰ কোনো কোনো অলিখিত ৰূপ নাই। এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয়। এই সংবিধান বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰে পৰা প্ৰচলিত হৈ থকা ৰীতি-নীতিসমূহৰ মাজতে সিঁচৰতি হৈ আছে বুলি ক'ব পাৰি।
অলিখিত সংবিধানৰ বৈশিষ্ট্য়ঃ
- বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-প্ৰদ্ধতি, ৰীতি-নীতি, ঐতিহ্য় আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধান সৃষ্টি হৈছে।
- এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে।
তোমালোকে ইংলণ্ডত অলিখিত সংবিধান প্ৰচলিত হৈ আছে বুলি জানিব পাৰিব। ইয়াত প্ৰয়োজ সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সুবিধানে সংশোধন কৰিব পাৰি। এনেধৰণৰ সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে।
নমলীয় সংবিধানৰ বৈশিষ্ট্য়ঃ
- সহজে সংশোধন কৰিব পৰাৰ ব্য়ৱস্থা আছে।
- নমনীয় সংবিধান লিখিত বা অলিখিত হ'ব পাৰে।
কিছুমান সংবিধান সংশোধন কৰিবলৈ হ'লে বিষেশ পদ্ধতিৰ প্ৰয়োজন হয়। এই বিষেশ পদ্ধতিটো অতি জটিল আৰু সহজে কাৰ্যকৰী কৰিব নোৱাৰি। এনে ধৰণৰ সংবিধান অনমনীয় সংবিধান বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমেৰীকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনমনীয় সংবিধান।
অনমনীয় সংবিধানৰ বৈশিষ্ট্য়ঃ
- অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল।
- অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে।
Class 8 Social Science
Type: Dimi Bora
Post ID : DABP004270
0 Comments