অধ্য়ায় ২
ভাষা বিজ্ঞানৰ শাখা-প্ৰশাখা (Branch of Linguistics)

প্ৰশ্নাৱলী

অতি চমু প্ৰশ্নঃ

১। বৰ্ণনাত্মক ভাষা বিজ্ঞানত কি কি বিষয়ৰ ওপৰত আলোচনা হয়।
Answer: বৰ্ণনাত্মক ভাষা বিজ্ঞানত ভাষাৰ উপাদান-- ধ্বনি, ৰূপ, কাৰক আদিৰ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। 

২। এক কালি ভাষা বিজ্ঞান কি?
Answer: এক কালি ভাষা বিজ্ঞান হৈছে ভাষা অধ্যয়নৰ এটা দৃষ্টি ভংগী।

৩। 'A course in Modern Linquistics' পুথিখনৰ লেখক কোন? 
Answer: 'A course in Modern Linguistics' পুথিখনৰ লেখক হকেট( Hockett)। 

৪। উপেন্দ্ৰ নাথ গোস্বামিৰ উপভাষা বিষয়ক পুথিখনৰ নাম কি?
Answer: উপেন্দ্ৰ নাথ গোস্বামিৰ উপভাষা বিষয়ক পুথিখনৰ নাম 'A study in kamrup : A Dialect of Assamese'।

৫। ঐতিহাসিক ভাষাবিজ্ঞান কিহৰ ওপৰত নিৰ্ভৰশীল?
Answer: ঐতিহাসিক ভাষাবিজ্ঞান ভাষা একোটা ক্ৰমবিৱৰ্তন, বিকাশ, আৰু প্ৰাচীন ৰূপটো ওপৰত নিৰ্ভশীল।

৬। বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম কি?
Answer: বাণীকান্ত কাকতিৰ গৱেষণা গ্ৰন্থখনৰ নাম 'Assamese its Formation and Development'।

৭। তুলনামূলক ভাষা বিজ্ঞান সম্পৰ্কে কোনে কেতিয়া ক'ত আৰম্ভ কৰিছিল?
Answer: তুলনামূলক ভাষা বিজ্ঞান সম্পৰ্কে ছাৰ উইলিয়াম জোনছে ১৭৮৬ চনত বংগ দেশত আৰম্ভ কৰিছিল।

৮। ফাডিৰ্নাণ্ড দ্য় চ্চ্য়ুৰ ভাষাৰ দ্বিভাজন তত্ত্ব কি?
Answer: ফাৰ্ডিনাণ্ড দ্য চ্চ্যুৰ ভাষাৰ দ্বিভাজন তত্ত্ব হৈছে 'Parole' 'ভাষা ব্যৱহাৰ' আৰু Language 'ভাষা পদ্ধতি'।

৯। সমাজ ভাষা বিজ্ঞানৰ প্ৰথম উল্লেখ পোৱা পুথিখনৰ নাম কি?
Answer: সমাজ ভাষা বিজ্ঞানৰ প্ৰথম উল্লেখ পোৱা পুথিখনৰ নাম 'A projection of socio Linguistics'।

১০। সমাজ ভাষা বিজ্ঞান নামটো কেতিয়া স্বীকৃতি পাইছিল?
Answer: সমাজ ভাষা বিজ্ঞান নামটো ১৯৬০ চনত স্বীকৃতি পাইছিল।

১১। 'ভাষা এটা সামাজিক অনুষ্ঠান'- কাৰ উক্তি?
Answer: 'ভাষা এটা সামাজিক অনুষ্ঠান'-হুইটনিৰ উক্তি।

১২। David Crystall মনোভাষা বিজ্ঞানৰ সংজ্ঞাটো কি?
Answer: David Crystall ৰ মনোভাষা বিজ্ঞানৰ সংজ্ঞাটো হৈছে- মনোভাষাবিজ্ঞান হৈছে ভাষা বিজ্ঞানৰ এটা দিশ য'ত মানুহৰ ভাষিক আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ সমূহৰ সম্বন্ধ সম্পৰ্কে অধ্যয়ন কৰা। 

১৩। উপভাষা বিজ্ঞান কি?
Answer: উপভাষা বিজ্ঞান হৈছে- কোনো এটা অঞ্চলৰ উপভাষা বিজ্ঞানসন্মত অধ্যয়ন।

১৪। আঞ্চলিক উপভাষা সৃষ্টিৰ মূল কাৰণ কি?
Answer: আঞ্চলিক উপভাষা সৃষ্টিৰ মূল কাৰণ হৈছে- যেতিয়া ভৌগলিক , ৰাজনৈতিক, সামাজিক আদি কাৰণত এটা বিস্তৃত এলেকাৰ অধীনত থকা দুটা অঞ্চলৰ মাজত যোগাযোগ বিচ্ছিন্ন হয়, তেতিয়া আঞ্চলিক উপভাষা সৃষ্টি হয়।

১৫। সামাজিক উপভাষাত বৰ্ণভেদ কাম কৰেনে?
Answer: সামাজিক উপভাষাত বৰ্ণভেদ কাম নকৰে।

১৬। কোন গৰাকী ভাষাবিদে কেতিয়া উপভাষাৰ জৰীপ কাৰ্য়ৰ আৰম্ভ কৰিছিল?
Answer: জাৰ্মানীৰ George wenker-এ ১৮৭৬ চনত উপভাষাৰ জৰীপ কাৰ্য আৰম্ভ কৰিছিল।

১৭। উপভাষা অধ্যয়ন সম্পৰ্কীয় এখন পুথিৰ নাম লিখা?
Answer: উপভাষা অধ্যয়ন সম্পৰ্কীয় এখন পুথিৰ নাম হৈছে- 'Assamese it Formation and Development'।

১৮। শব্দ ৰেখা কি?
Answer: শব্দৰেখা হৈছে- সাদৃশ্য থকা ধ্বনি বা শব্দ এটা ৰেখা সহায়ত অৰ্থাৎ শব্দটো কিমান দূৰলৈ বিয়পি আছে সেই ঠাইলৈ শব্দৰেখা টনা হয়, ইয়াকে শব্দৰেখা বোলা হয়।

১৯। উপভাষা সীমানিৰ্দ্ধাৰণ কৰিবলৈ মানচিত্ৰৰ প্ৰয়োজন কিয় হয়?
Answer: কোনো এটা অঞ্চলৰ ভাষা অধ্যয়ন কৰিবলৈ, সেই অঞ্চলৰ সীমা নিদ্ধাৰণ কৰিবলৈ মানচিত্ৰ প্ৰয়োজন হয়।

চমু প্ৰশ্নঃ

১। বৰ্ণনাত্মক ভাষাবিজ্ঞানৰ প্ৰধান কাম কি কি?
Answer: বৰ্ণনাত্মক ভাষা বিজ্ঞানৰ প্ৰধান কাম হৈছে- ভাষা এটাৰ সময়, স্তৰৰ গতি-প্ৰকৃতি আদিৰ বিষয়ে বিজ্ঞান সন্মত অধ্যয়ন কৰা।

২। বৰ্ণনাত্মক ভাষাবিজ্ঞানৰ স্তৰ কেইটা আৰু কি কি?
Answer: বৰ্ণনাত্মক ভাষা বিজ্ঞানৰ স্তৰ চাৰিটা। সেইকেইটা হল- ধ্বনিত্ত্ব, ৰূপতত্ত্ব, বাক্যতত্ত্ব আৰু শব্দাৰ্থতত্ত্ব। 

৩। ঐতিহাসিক ভাষাবিজ্ঞানৰ কালক্ৰমিক ভাষা বিজ্ঞান কিয় কোৱা হয়?
Answer: ঐতিহাসিক ভাষা বিজ্ঞানত ভাষাৰ বিষয়ে আলোচনা কৰোঁতে ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। সেইবাবে ঐতিহাসিক ভাষাবিজ্ঞানক কালক্ৰমনিক ভাষা বিজ্ঞান বুলি কোৱা হয়।

৪। ঐতিহাসিক ভাষাবিজ্ঞানৰ মূল উপাদান কি কি?
Answer:  ঐতিহাসিক ভাষাবিজ্ঞানৰ মূল উপাদান হৈছে অধ্যয়ন ক্ষেত্ৰখন প্ৰাচীন, শিলালিপি, তাম্ৰলিপি, হাতে লিখা পুথি আৰু পৰিব্ৰাজকৰ টোকা।

৫। তুলনামূলক ভাষাবিজ্ঞানৰ অধ্য়য়ন ক'ত কেতিয়া কিদৰে হৈছিল?
Answer: 

৬। সমাজ ভাষাবিজ্ঞান ভাষাৰ দ্বিভাজন তত্ত্ব?
Answer: সমাজ ভাষা বিজ্ঞান ভাষাৰ দ্বিভাজন তত্ত্ব হৈছে  Parole 'ভাষা ব্যৱহাৰ' আৰু  Language ভাষা পদ্ধতি।

৭। সমাজ ভাষাবিজ্ঞান বুলিলে কি বুজা?
Answer: ভাষাৰ সামাজিক পটভূমি কথা যিটো শাখাই বিজ্ঞানসন্মত ভাৱে অধ্যয়ন কৰে সেই শাখাটোকে সমাজ ভাষা বিজ্ঞান বোলে।
৮। মনোভাষা বিজ্ঞান বুলিলে কি বুজা?
Answer: মানুহৰ মন আৰু চিন্তনৰ সম্পৰ্কে বিজ্ঞানসন্মত অধ্যয়নকে মনোভাষা বিজ্ঞান বুলি কোৱা হয়।

৯। উপভাষা সৃষ্টিৰ মূল কাৰণ কি কি?
Answer: এটা অঞ্চলৰ ভাষাৰ লগত আন এটা অঞ্চলৰ ভাষাৰ ধ্বনি, ৰূপ, শব্দ, আদিৰ নানা পাৰ্থ্যকই দেখা দিয়ে। ফলত সেই অঞ্চলৰ একো একোটা খণ্ডিত ৰূপৰ সৃষ্টি হয়। ইয়াৰ ফলত উপভাষা সৃষ্টি হয়। 

১০। আঞ্চলিক উপভাষাৰ বিষয়ে লিখা।
Answer: ভৌগলিক অঞ্চলভেদে গঢ়ি উঠা ভাষাক আঞ্চল্ৰ উপভাষা বুলি কোৱা হয়। একোটা উপভাষাৰ আঞ্চলিক ৰূপ থাকে। ভাষা আৰু উপভাষা সৃষ্টিত যিবোৰ কাৰকে সহায় কৰে সেই একে কাৰণতে আঞ্চলিক উপভাষা সৃষ্টি হব পাৰে।

১১। সামাজিক শ্ৰেণীগত উপভাষাৰ বিষয়ে লিখা।
Answer: ভাষা ব্যৱহাৰৰৰ ক্ষেত্ৰত সামাজিকভেদে বা বিভিন্নতাই বেছি গুৰুত্ব দিয়া হয়। সেইকাৰণে উপভাষা বিজ্ঞানীসকলে সামাজিক উপভাষাৰ বিষয়ে বৰ্ণনা কৰে।ভাষাৰ আঞ্চলিক সুকীয়া ৰূপত সামাজিক শ্ৰেণী বিভাজনে ভৌগলিক কাৰণতকৈ বেছি ভূমিকা পালন কৰে। সেইবাবে ভাষা ব্যবহাৰত সমাজৰ উচ্চ স্তৰৰ লোকতকৈ নিম্ন স্তৰৰ লোকৰ পাৰ্থক্য় বেছি। জনসমাজত যেতিয়া সামাজিক বাধা আৰু দূৰত্বই ভাষাত প্ৰভেদ সৃষ্টি কৰে তেতিয়াই সামাজিক উপভাষাৰ প্ৰভেদ সৃষ্টি কৰে, তেতিয়াই সামাজিক উপভাষা সৃষ্টি হয়।
সামাজিক শ্ৰেণীবিভাজন আৰু জাতিগত শ্ৰেণী বিভাজনৰ ফলত ভাষাৰ বিভিন্নতা দেখা যায়। কিন্তু শ্ৰেণীগত বিভিন্নতাতকৈ জাতিগত বিভিন্নতা বেছি সুস্পষ্ট। কিয়নো জাতিগত গোট বা ফৈদসমূহ সমাজৰ সুকীয়া সুস্পষ্ট একোটা গোট। এইটোৱে সামাজিক শ্ৰেণীগত উপভাষা।

১২। উপভাষা অধ্য়য়নত প্ৰয়োজনীয়তা আছেনে নাই? চমুকৈ লিখা।
Answer: আছে।
বিভিন্ন অঞ্চলৰ একোটা একোটা সুস্থ সমাজৰ মৰ্যাদাপ্ৰাপ্ত উপভাষাই হল সেই অঞ্চলৰ সমাজৰ সামাজিক উপভাষা। সমাজত বাস কৰা জনসমষ্টি বিভিন্নতা অনুযায়ী ভাষাৰ বিভিন্ন দিশৰ প্ৰভেদ থকাটো নিশ্চিত। সামাজিক জীৱনৰ পাৰস্পৰিক গাঁথনিত সমাজত জীৱন ধাৰণ কৰা মানুহৰ বিশেষ ভূমিকা আছে। সামাজিক উপভাষাত ভৌগলিক বিভাজনতকৈ সামাজিক শ্ৰেণীগত বিভাজনেই বেছি ভূমিকা গ্ৰহণ কৰা দেখা যায়। কিয়নো সমাজত সাজ-সজ্জা, আইন-কানুন, ৰীতি-নীতি, উৎসৱ-পাৰ্ৱন,বিয়া-বাৰু,সভা-সমিতিত বিশেষভাৱে সমাজৰ সামাজিক জীৱনৰ পদ্ধতিৰ ওপৰত যথেষ্ট পৰিমানে নিৰ্ভৰ কৰে। শিক্ষিত-অশিক্ষিত,ডাক্তৰ-ইঞ্জিনিয়াৰ,মাছমৰীয়া,খেতিয়ক, আদি শ্ৰেণীৰ লোকৰ শ্ৰেণী বিভাজন অনুযায়ী সামাজিক উপভাষাৰ ৰূপ হয়। সমাজৰ শিক্ষিত, বা চহৰবাসী বা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ভাষাৰ যিটো ৰূপ ব্যৱহাৰ কৰে সেই পৰিমাৰ্জিত ৰূপটোক স্বাভাৱিকতে শিক্ষানুষ্ঠানৰ মাৰ্জিত ৰূপ। ভাষাতাত্ত্বিক  আন এটি দৃষ্টিকোণৰ পৰা দেখা যায় গাঁৱলীয়া সমাজৰ পিছপৰা অৰ্থাৎ যোগাযোগ কৰিব নোৱাৰা জনসমষ্টিৰ ভাষাৰ ৰূপ উচ্চ শিক্ষিত চহৰবাসী  লোকতকৈ পৃথক ৰূপৰ হয়। সেইকাৰণে ভাষাৰ ব্যৱহাৰত উচ্চ স্তৰৰ লোকতকৈ নিম্ন স্তৰৰ শ্ৰেণীৰ লোকৰ ভাষাৰ পাৰ্থক্য বেছি।সামাজিক বাধাৰ ফলতো কেতিয়াবা একো একোটা সমাজত সামাজিক উপভাষাৰ সৃষ্টি হব পাৰে। নতুবা একে জাতিৰ সম্প্ৰদায়ভেদে সামাজিক উপভাষা হব পাৰে। সমাজৰ এনেবোৰ বিষয়ে জানিবলৈ উপভাষা প্ৰয়োজন আছে।    

ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাষাবিজ্ঞান বুলিলে কি বুজা? বৰ্ণনামূলক আৰু ঐতিহাসিক ভাষাবিজ্ঞানৰ বিষয়ে লিখা।
Answer: ভাষাৰ প্ৰণালীবদ্ধ আৰু বিজ্ঞানসন্মত বিচাৰ বিশ্লেষণ কৰি পোৱা ৰূপৰ নাম ভাষা বিজ্ঞান। য'ত ভাষা বিষয়ৰ ওপৰত যুক্তিসংগত বা তথ্য প্ৰমাণিত তথ্যৰ আধাৰ বিষয়ক ক্ৰম শৃংখলাবদ্ধ উপস্থাপন কৰা হয়, তাক ভাষা বিজ্ঞান বুলি কোৱা হয়।
বৰ্ণনামূলক ভাষা বিজ্ঞান-  ভাষা বিজ্ঞানৰ এটি বিশেষ শাখা হৈছে বৰ্ণনামূলক ভাষা বিজ্ঞান। কোনো ভাষাৰ কোনো এটা নিৰ্দিষ্ট  সময়ৰ গঠণ প্ৰণালীবদ্ধ অধ্যয়নক বৰ্ণনাত্মক ভাষা বিজ্ঞান বোলে। বিংশ শতিকাৰ প্ৰাৰম্ভত চুইজাৰলেণ্ডৰ ভাষা বিজ্ঞানী  ফাৰ্ডিনাণ্ড দ্য চচ্যুৰে আধুনিক ভাষা বিজ্ঞানৰ ধাৰাৰ প্ৰতিষ্ঠাৰে বৰ্ণনামূলক ভাষা বিজ্ঞানৰ চৰ্চাৰ পথ মুকলি কৰে। 
বৰ্ণনামূলক ভাষা বিজ্ঞানে কোনো এটাৰ ভাষাৰ এক বিশেষ সময়ৰ গাঁঠনিক দিশৰ বিজ্ঞান সন্মতৰ আৰু বিতং সামৰিক বিশ্লেষনক সামৰি লয়। এই ভাষা বিজ্ঞানে এটাৰ ভাষাৰ গঠণ সৰ্ম্পকে পদ্ধতিগত ভাৱে আলোচনা কৰে। ইয়াত কোনো ভাষাৰ ধ্বনি প্ৰণালী আৰু ৰূপ গঠণৰ বিশ্লেষন কৰা হয়। বৰ্ণনামূলক ভাষা বিজ্ঞানত কোনো এটাৰ ভাষাৰ কথিত ৰূপৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। ভাষাৰ লিখিত ৰূপ সমূহৰ আলোচনা নকৰে। সাম্প্ৰতিক কালৰ ভাষা বিজ্ঞানে সমগ্ৰ বিশ্ব জুৰি জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু বিভিন্ন শাখা প্ৰশাখাৰে এক বিস্তৃত ৰূপ পৰিগ্ৰহণ কৰিছে।
ঐতিহাসিক ভাষা বিজ্ঞান - ভাষা বিজ্ঞানৰ আন এটা শাখা হৈছে ঐতিহাসিক ভাষা বিজ্ঞান। ভাষা একোটাৰ ক্ৰমবিৰ্ৱতন, বিকাশ আৰু প্ৰাচীন ৰূপ আদিৰ আলোচনাই ঐতিহাসিক ভাষা বিজ্ঞান। ভাষাৰ বিভিন্ন সময়ৰ মাজেদি হোৱা পৰিৱৰ্তন, ক্ৰমবিকাশৰ ধাৰাৰ বিশ্লেষণ তথা ভাষাৰ উৎস কি আছিল, ক'ৰ পৰা কেনেদৰে আহি বৰ্তমান ৰূপ পাইছে আদিৰ বিষয়ে ঐতিহাসিক ভাষা বিজ্ঞানত আলোচনা কৰা হয়। ঐতিহাসিক ভাষা বিজ্ঞানত ভাষাৰ বিষয়ে আলোচনা কৰোঁতে ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হয়। ঐতিহাসিক ভাষা বিজ্ঞানক কালক্ৰমিক ভাষা বিজ্ঞান বুলিও কোৱা হয়। 
ঐতিহাসিক ভাষা বিজ্ঞানৰ ক্ষেত্ৰত এইটো কথা প্ৰণিধানযোগ্য যে অধ্যয়নৰ ক্ষেত্ৰখন প্ৰাচীন, শিলালিপি, তাম্ৰলিপি, হাতে লিখা পুথি, পৰিব্ৰাজক টোকা আদি অনেক পাঠৰ প্ৰয়োজন হয়। ঐতিহাসিক ভাষা বিজ্ঞানৰ প্ৰধান কাম হৈছে ভাষাটোৰ প্ৰাচীন স্তৰৰ পৰা অৰ্বাচীন স্তৰলৈ সকলোবোৰ প্ৰাচীন তথ্যৰ লিখিত ৰূপ সংগ্ৰহ কৰা আৰু সময়ে সময়ে ঘটা বিৰ্ৱতন বিবিন্ন দিশৰ আলোচনা কৰা। 

২। সমাজ ভাষাবিজ্ঞানৰ বিষয়ে আলোচনা কৰা।
Answer: সমাজ ভাষা বিজ্ঞান ভাষা বিজ্ঞানৰে এটা শাখা। ইয়াত ভাষাৰ সামাজিক পটভূমি কথা তন্ন তন্নকৈ বিশ্লেষন কৰা হয়। ইয়াত ভাষাৰ আৰু সমাজৰ মাজত থকা   সকলো ধৰণৰ সম্বন্ধ ফহিঁয়াই চোৱা হয়। সমাজৰ বিস্তৃতি বিশাল হলে অঞ্চলভেদে সমাজত বসবাস কৰা লোক সকলৰ সামাজিক চাল-চলন আচাৰ ব্যৱহাৰ লগতে ভাষাও বেলেগ হব পাৰে। সামাজিক স্তৰ বিন্যাসৰ ভিত্তিত বিভিন্ন স্তৰৰ লোকৰ মাজত আচৰণগত আৰু ভাষাগত ভেদ পৰিলক্ষিত হব পাৰে। মানুহৰ বৃত্তি অনুযায়ী আৰু ব্যৱসায়ী লেনদেনৰ পৰিসৰ অনুসৰিও ভাষা ভেদ পৰিলক্ষিত হয়। ভাষা মাত্ৰকে আনুষ্ঠানিক বাৰ্তালাপ বা লেখা মেলাত ব্যৱহৃত ৰূপ এটা থাকে আৰু ই অনানুষ্ঠানিক বা ঘৰুৱা বাৰ্তালাপত ব্যৱহৃত ৰূপতকৈ বেলেগ। ভাষা এনে মৰ্যাদাগত ভেদ সম্পৰ্ক ও সমাজ ভাষা বিজ্ঞানত আলোচনা কৰা হয়। এটা ভাষা কোন ঠাইত চলে, কি সাংস্কৃতিক পটভূমিত ভাষাটোৱে ভাৱ বিনিময় বাহন হিচাপে কাম কৰে, বক্তা আৰু শ্ৰোতাৰ বৈশিষ্ট্য কি, তেওঁলোকৰ ভাৱ বিনিময় প্ৰসংগ কি, পৰিস্থিতি ভেদে পৰিলক্ষিত হয় নেকি ইত্যাদি কথা সমাজ ভাষা বিজ্ঞানৰ আলোচ্য বিষয়।

৩। মনোভাষা বিজ্ঞানে কিদৰে মনস্ততত্ত্বৰ ওপৰত নিৰ্ভৰ কৰে লিখা।
Answer: মনোভাষা বিজ্ঞানে মানুহৰ মন আৰু চিন্তন সম্পৰ্কে অধ্যয়ন কৰে। ভাষা ভাব চিন্তা বাহন, সেইবাবে ই মনস্তত্ত্বৰ ওপৰত নিৰ্ভশীল। মানৱ মনৰ গঠন আৰু মানসিক প্ৰক্ৰিয়াৰ লগত ভাষা সম্পৰ্ক বিচাৰ মনোভাষা বিজ্ঞানত কৰা হয়। 
ভাষা হল চিন্তা আৰু অনুভূতি বাহক। চিন্তা আৰু কথনৰ মাজত সম্পৰ্ক বিচাৰ কৰোতে ভাষা আৰু মনস্তত্ত্বৰ সম্পৰ্ক নিহিত হৈ আছে। ভাষা অধ্যয়নত ভাষাবিদসকলে মনস্তত্ত্বৰ ওপৰত বেছি গুৰুত্ব দিয়ে। সেই কাৰণে ভাষাজ্ঞান আহৰণৰ ক্ষেত্ৰত মনস্তত্ত্বই মুখ্য ভূমিকা গ্ৰহণ কৰে। David Crystall য়ে মনোবিজ্ঞানৰ ক্ষেত্ৰত এনেদৰে লিখিছে --- 'মনোভাষা বিজ্ঞান হৈছে ভাষা বিজ্ঞানৰ এটা দিশ য'ত মানুহৰ ভাষিক আচৰণ আৰু মানসিক প্ৰক্ৰিয়াসমূহৰ সম্বন্ধ সম্পৰ্কে অধ্যয়ন কৰা'। মনোভাষা বিজ্ঞানে মানৱ মনৰ বিজ্ঞানসন্মত অধ্যয়ন কৰে আৰু তাৰ জৰিয়তে মানৱ আচৰণৰ ধাৰণা কৰিব পাৰি।


৪। উপভাষা অধ্য়য়নৰ প্ৰয়োজন কিয় সেই সম্পৰ্কে বৰ্ণনা কৰা।
Answer:  বিভিন্ন অঞ্চলৰ একোটা একোটা সুস্থ সমাজৰ মৰ্যাদাপ্ৰাপ্ত উপভাষাই হল সেই অঞ্চলৰ সমাজৰ সামাজিক উপভাষা। সমাজত বাস কৰা জনসমষ্টি বিভিন্নতা অনুযায়ী ভাষাৰ বিভিন্ন দিশৰ প্ৰভেদ থকাটো নিশ্চিত। সামাজিক জীৱনৰ পাৰস্পৰিক গাঁথনিত সমাজত জীৱন ধাৰণ কৰা মানুহৰ বিশেষ ভূমিকা আছে। সামাজিক উপভাষাত ভৌগলিক বিভাজনতকৈ সামাজিক শ্ৰেণীগত বিভাজনেই বেছি ভূমিকা গ্ৰহণ কৰা দেখা যায়। কিয়নো সমাজত সাজ-সজ্জা, আইন-কানুন, ৰীতি-নীতি, উৎসৱ-পাৰ্ৱন,বিয়া-বাৰু,সভা-সমিতিত বিশেষভাৱে সমাজৰ সামাজিক জীৱনৰ পদ্ধতিৰ ওপৰত যথেষ্ট পৰিমানে নিৰ্ভৰ কৰে। শিক্ষিত-অশিক্ষিত,ডাক্তৰ-ইঞ্জিনিয়াৰ,মাছমৰীয়া,খেতিয়ক, আদি শ্ৰেণীৰ লোকৰ শ্ৰেণী বিভাজন অনুযায়ী সামাজিক উপভাষাৰ ৰূপ হয়। সমাজৰ শিক্ষিত, বা চহৰবাসী বা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ভাষাৰ যিটো ৰূপ ব্যৱহাৰ কৰে সেই পৰিমাৰ্জিত ৰূপটোক স্বাভাৱিকতে শিক্ষানুষ্ঠানৰ মাৰ্জিত ৰূপ। ভাষাতাত্ত্বিক  আন এটি দৃষ্টিকোণৰ পৰা দেখা যায় গাঁৱলীয়া সমাজৰ পিছপৰা অৰ্থাৎ যোগাযোগ কৰিব নোৱাৰা জনসমষ্টিৰ ভাষাৰ ৰূপ উচ্চ শিক্ষিত চহৰবাসী  লোকতকৈ পৃথক ৰূপৰ হয়। সেইকাৰণে ভাষাৰ ব্যৱহাৰত উচ্চ স্তৰৰ লোকতকৈ নিম্ন স্তৰৰ শ্ৰেণীৰ লোকৰ ভাষাৰ পাৰ্থক্য বেছি।সামাজিক বাধাৰ ফলতো কেতিয়াবা একো একোটা সমাজত সামাজিক উপভাষাৰ সৃষ্টি হব পাৰে। নতুবা একে জাতিৰ সম্প্ৰদায়ভেদে সামাজিক উপভাষা হব পাৰে। সমাজৰ এনেবোৰ বিষয়ে জানিবলৈ উপভাষা প্ৰয়োজন আছে।    

৫। উপভাষাৰ সীমা নিৰ্দ্ধাৰণ কেনেকৈ কৰা হয়, আলোচনা কৰা। 
Answer: উপভাষা সীমা নিৰ্দ্ধাৰণ কৰিবলৈ মানচিত্ৰ বিশেষ প্ৰয়োজন। অৰ্থাৎ এটা ভৌগলিক মানচিত্ৰ বা সীমাৰেখা অংকন কৰি সেই ঠাইৰ ভাষাৰহে অধ্যয়ন আগবঢ়োৱা হয়। যিবোৰ ঠাইত সাদৃশ্য থকা শব্দ শুনা যায় সেইবোৰ ঠাই একেটা বিন্দুৰে মানচিত্ৰ চিহ্নিত কৰিব লাগে। সাদৃশ্য থকা ধ্বনি বা শব্দ এটা ৰেখাৰ সহায়ত অৰ্থাৎ শব্দটো কিমান দূৰলৈ বিয়পি আছে সেই ঠাইলৈ শব্দৰেখা টনা হয়, ইয়াকে শব্দৰেখা বোলা হয়। উদাহৰণস্বৰূপে  এটা ভৌগলিক পৰিৱেশৰ মাজত ওচৰা-উচৰিকৈ থকা চাৰিখন গাঁও।উপভাষা অধ্যয়ন কাৰীয়ে গাঁৱৰ ভাষাগত তথ্য সংগ্ৰহ কৰি বিচাৰ বিশ্লেষণ কৰি সমীক্ষাৰে জানিব পাৰিলে যে 'মধুৰিআম' শব্দটোক গাঁওখনত 'সইফৰাম' বুলি ব্যৱহাৰ হয়। তেতিয়া গাঁওকেইখনক একেটা মানচিত্ৰৰ বিন্দুৰে চিহ্নিত কৰি এটা ৰেখা অংকন কৰা হয় আৰু সিয়ে সমশব্দ পাৰ্থক্য ৰেখা। 

তেনেদৰে সূচকৰ জৰিয়তে উপভাষাৰ ধ্বনিসদৃশ উচ্চাৰণ প্ৰচলিত ঠাইসমূহক একে বিন্দুৰেখাৰে চিহ্নিত কৰিলে যি ৰেখা পোৱা যায় তাক ধ্বনি ৰেখা আৰু ৰূপৰ সদৃশ পোৱা চিহ্নিত কৰিলে তাক সমৰূপৰেখা বোলা হয়। ইয়াৰ উপৰি কেতিয়াবা কেতিয়াবা একে ভাষা ঠাইত একাধিক সমশব্দ ৰেখা ওচৰা উচৰিকৈ থকা দেখা যায়। তেতিয়া সেইটো সম শব্দ ৰেখা বোলা হয়। গতিকে যিখিনি ঠাইলৈ কোনো এটা ভাষা একেধৰণৰ লেখা বা কোৱা হয়, সেই ঠাইখিনিয়েই ভাষাৰ এটাৰ সীমা।



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





       Type:
Hirokjyoti Bora.
Author:  Geetanjali   Bora