প্ৰথম অধ্য়ায়

প্ৰাক স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা

অনুশীলনী


1. ভাৰতত ঔপনিৱেশিক চৰকাৰে অনুসৰণ কৰা অৰ্থনৈতিক নীতিসমূহৰ দৃষ্টিভংগী কেনে আছিল? এই নীতিসমূহৰ প্ৰভাৱসমূহ কেনেকুৱা আছিল?

উত্তৰঃ ভাৰতত ঔপনিৱেশিক চৰকাৰে অণুসৰণ কৰা অৰ্থনৈতিক নীতিসমূহৰ দৃৃষ্টিভংগী আত্মকেন্দ্ৰীক আছিল। এই নীতিসমূহৰ প্ৰভাৱসমূহ এনেকুৱা যে নীতিসমূহে ভাৰতীয় অৰ্থব্য়ৱস্থাৰ উন্নতি কৰাতকৈ ব্ৰিটিছসকলৰ আৰ্থিক স্বাৰ্থৰ সুৰক্ষা আৰু অগ্ৰগতিত অধিক গুৰুত্ব আৰোপ কৰিছিল। এই নীতিবোৰে দেশখনক ইংলেণ্ডলৈ কেঁচামালৰ যোগানকাৰী আৰু ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰ গ্ৰাহকত পৰিণত কৰি ভাৰতীয় অৰ্থব্যৱস্থাৰ সংগ্ৰথনলৈ এই মৌলিক পৰিৱৰ্তন আনিছিল। স্পষ্টতঃ ঔপনিৱেশিক চৰকাৰে ভাৰতবৰ্ষৰ জাতীয় তথা জনমুৰি আয় গণনাৰ বাবে কেতিয়াও আন্তৰিকতাৰে প্ৰচেষ্টা হাতত লোৱা নাছিল।

2. ঔপনিৱেশিক শাসন কালত ভাৰতবৰ্ষৰ জনমূৰি আয় গণনা কৰা কেইজনমান বিশিষ্ট অৰ্থনীতিবিদৰ নাম লিখা।

উত্তৰঃ ঔপনিৱেশিক শাসন কালত ভাৰতবৰ্ষৰ জনমুৰি আয় গণনা কৰা বিশিষ্ট অৰ্থনীতিবিদ সকলৰ নাম হ'ল- দাদাভাই নৌৰজী, উইলিয়াম ডিগবি, ফিণ্ডলে চিৰাচ, ভি. কে. আৰ. ভি. ৰাও আৰু আৰ. চি. দেশাই আদি।

3. "ঔপনিৱেশিক শাসন কালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণসমূহ কি কি আছিল?

উত্তৰঃ ঔপনিৱেশিক শাসন কালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণসমূহ হ'ল- ঔপৰনিৱেশিক চৰকাৰে প্ৰণয়ন কৰা বিভিন্ন ধৰণৰ ভূমি বন্দবস্তি ব্যৱস্থাসমূহ। বিশেষকৈ সাম্প্ৰতিক ভাৰতৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক লৈ গঠিত সেই সময়ৰ বেঙ্গল প্ৰেচিডেন্সিয়ে প্ৰণয়ন কৰা জামিদাৰী ব্যৱস্থাত কৃষিখণ্ডৰ পৰা সৃষ্টি হোৱা লাভ কৃষকৰ পৰিৱৰ্তে জামিদাৰীসকলৰ হাতলৈহে গৈছিল। ইয়াৰ উপৰি নিম্ন মানৰ প্ৰযুক্তি, জলসিঞ্চনৰ অভাৱ আৰু তাকৰীয়া পৰিমাণৰ সাাৰ প্ৰয়োগ আদি।

4. স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত চলি থকা কেইটামান উদ্যোগৰ নাম লিখা।

উত্তৰঃ স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষত চলি থকা কেইটামান উদ্যোগৰ নাম হ'ল- বঙ্গদেশৰ বস্ত্ৰশিল্প, টাটা আইৰণ এণ্ড ষ্টিল কোম্পানী, টাটা এয়াৰ লাইন্স, ইণ্ডিয়ান আইৰণ এণ্ড ষ্টিল কোম্পানী।

5. পৰাধীন ভাৰতত ইংৰাজীসকলে চলোৱা পদ্ধতিগত নিঃউদ্যোগীকৰণৰ দুইধৰণৰ উদ্দেশ্য কি কি আছিল?

উত্তৰঃ পৰাধীন ভাৰতত ইংৰাজীসকলে চলোৱা পদ্ধত্গত নিঃউদ্যোগীকৰণৰ দুইধৰণৰ উদ্দেশ্য হ'ল- 

        প্ৰথমতে, ভাৰতবৰ্ষক মাথোন ইংলেণ্ডত গঢ়ি উঠা আধুনিক উদ্যোগসমূহৰ কাৰণে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰীবোৰৰ ৰপ্তানিকাৰীৰ পৰ্যায়লৈ অৱনতি কৰা। আৰু 

            দ্বিতীয়তে, সেই উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে ভাৰতবৰ্ষক এখন প্ৰাপ্তিবিহীনভাৱে প্ৰসাৰিত বজাৰলৈ পৰিণত কৰা, যাতে তেওঁলোকৰ মাতৃভূমি ব্ৰিটেইনৰ সৰ্বাধিক সুবিধাৰ বাবে এই উদ্যোগসমূহৰ বিৰামহীন প্ৰসাৰণ নিশ্চিত কৰিব পৰা যায়।

6. "ঔপনিৱেশিক শাসনৰ সময়ত ভাৰতবৰ্ষৰ পৰম্পৰাগত হস্তশিূল্পসমূহ ধ্বংস হৈছিল।" এই মন্তব্য সমৰ্থন কৰানে? উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।

উত্তৰঃ

7. ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃগাঁথনি উন্নয়ন নীতিৰ জৰিয়তে কেনে উদ্দেশ্য পূৰণ কৰিব বিচাৰিছিল?

উত্তৰঃ ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃগাঁথনি উন্নয়ন নীতিৰ জৰিয়তে কেৱল জনসাধাৰণলৈ মৌলিক সা-সুবিধা আগবঢ়োৱাটো উদ্দেশ্য নাছিল; বৰঞ্চ বিভিন্ন  ঔপনিৱেশিক স্বাৰ্থ পূৰণ কৰাটোহে আছিল। ঔপনিৱেশিক শাসন কালত ভাৰতবৰ্ষৰ মূল আন্তঃগাঁথনিমূলক ব্যৱস্থাসমূহ যেনে- ৰে'ল, বন্দৰ, জলপৰিবহন আৰু ডাক-তাঁৰ সেৱা। ইংৰাজৰ শাসনৰ আগতে নিৰ্মাণ কৰা ৰাস্তাসমূহ আধুনিক পৰিবহনৰ বাবে উপযুক্ত নাছিল। যিবোৰ পছ নিৰ্মাণ কৰিছিল সেই পথসমূহ মূলতঃ ভাৰতবৰ্ষলৈ সৈন্য আনিবলৈ আৰু গ্ৰামাঞ্চলৰ পৰা কেঁচামাল ওচৰৰ ৰে'ল ষ্টেচনলৈ বা বন্দৰলৈ নি সেইসমূহ ইংলেণ্ড তথা অন্যান্য লোভনীয় বিদেশী ৰাষ্টলৈ পঠোৱাৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

        ১৮৫০ চনত ইংৰাজসকলে ভাৰতবৰ্ষত ৰে'লপথৰ সূচনা কৰে আৰু ই ইংৰাজসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৰঙনিসমূহৰ ভিতৰত অন্যতম। ৰে'ল পৰিবহন ব্যৱস্থাই দেশখনৰ জনসাধাৰণক বহু দূৰ-দূৰণিলৈ ভ্ৰমণত সহায় কৰিছিল আৰু এই ব্যৱস্থাই ভাৰতীয় কৃষিৰ বাণিজ্যিকীকৰণক উৎসাহিত কৰাৰ ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থব্যৱস্থাৰ তুলনামূলক স্ব-নিৰ্ভৰশীলতাৰ ওপৰৰ বিৰূপ প্ৰভাৱ পৰিছিল।

        ৰে'ল পৰিবহনৰ সূচনাই ভাৰতীয় জনসাধাৰণৰ বাবে যি সামাজিক সুফলৰ সৃষ্টি কৰিছিল তাৰ তুলনাত দেশখনৰ অৰ্থব্যৱস্থাত ঘটা বৃহৎ লোকচান অধিক আছিল। পথ আৰু ৰে'ল পৰিবহনৰ উন্নতিৰ লগতে ঔপনিৱেশিক শাসকলকলে আভ্যন্তৰীণ বাণিজ্য আৰু সাগৰীয় পথ উন্নয়নৰ বাবেও ব্যৱস্থা হাতত লৈছিল; কিন্তু ব্যৱস্থাসমূহ মুঠেই সন্তোসজনক নাছিল। ব্যয়বহুল বৈদ্যুতিক টেলিগ্ৰাফ ব্যৱস্থাৰ প্ৰচলনে দেশখনৰ আইন-শৃংখলা ৰক্ষাৰ উদ্দেশ্য পূৰণ কৰিছিল যদিও জনসাধাৰণৰ বাবে অতি উপযোগী সেৱা আগবঢ়োৱা ডাক-সেৱা সম্পূৰ্ণ ৰূপে অযথোপযুক্ত আছিল।

8. ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনসকলে ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা ঔদ্যোগিক নীতিৰ কিছুমান ত্ৰুটিৰ সমালোচনাত্মক মূল্যায়ন আগবঢ়োৱা।

উত্তৰঃ ব্ৰিটিছ ঔপনিৱেশিক প্ৰশাসনসকলে ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা ঔদ্যোগিক ৱীতিৰ কিছুমান ক্ৰটিৰ সমালোচনাত্মক মূল্যায়ন হ'ল- এনেধৰণৰ

        (১) আধুনিক উদ্যোগে ভাৰতবৰ্ষত খোপনি পুতিবলৈ আৰম্ভ কৰিছিল যদিও ইয়াৰ বিকাশ তেনেই লেহেমীয়া হৈ থাকিল। এই বিকাশ কপাহী বস্ত্ৰ আৰু মৰাপাট কল স্থাপনতে সীমাবদ্ধ আছিল।

        (২) ভাৰতবৰ্ষত ভৱিষ্যতে অধিক ঔদ্যোগীকৰণৰ সহায়ক  হ'ব পৰাকৈ কোনো মূলধন জাতীয় সামগ্ৰীৰ উদ্যোগ গঢ়ি নুঠিল। যি উদ্যোগ গঢ়ি উঠিছিল সেইবোৰত চলিত ভোগৰ সামগ্ৰী উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ-পাতি  উৎপাদন কৰিব পৰা নগৈছিল।

        (৩) নতুন উদ্যোগ খণ্ডৰ বৃদ্ধিৰ হাৰ আৰু মুট ঘৰুৱা উৎপাদনলৈ ইয়াৰ বৰঙণি তেনেই তাকৰ আছিল।

        (৪) নতুন উদ্যোগখণ্ডৰ আন এটা তাৎপৰ্যপূৰ্ণ ক্ৰটি হ'ল ৰাজহুৱা খণ্ডৰ কাৰ্যৰ সীমিত পৰিসৰ। এই খণ্ডটো মাত্ৰ ৰে'ল, শক্তি উৎপাদন, যোগাযোগ, বন্দৰ আৰু আন কিছুমান বিভাগীয় উদ্যোগতে সীমাবদ্ধ হৈ থাকিল।

9. ঔপনিৱেশিক শাসন কালত ভাৰতীয় ধন (সম্পদ)ৰ নিৰ্গমন বুলিলে তুমি কি বুজা?

উত্তৰঃ

10. প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়লৈ জনসংখ্যাৰ সঞ্চৰণ সূচাবলৈ নিৰূপণকাৰী বছৰটো কি?

উত্তৰঃ প্ৰথম পৰ্যায়ৰ পৰা দ্বিতীয় পৰ্যায়লৈ জনসংখ্যাৰ সঞ্চৰণ সূচাবলৈ নিৰূপণকাৰী বছৰটো ১৯২১ চনৰ পিছৰ বছৰ ধৰা হয়।

11. ঔপনিৱেশিক শাসন কালত ভাৰতবৰ্ষত জনসংখ্যাৰ দৃশ্যপট সম্বন্ধে এটি পৰিমাণগত বিশ্লেষণ আগবঢ়োৱা।

উত্তৰঃ ব্ৰিটিছ শাসন কালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পৰ্কীয় বিভিন্ন বিস্তৃত তথ্য পোন প্ৰথমে ১৮৮১ চনত এটি সমীক্ষাৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল। ইয়াত ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ বিষমতাৰ ছবি এখন প্ৰকাশ পাইছিল। ১৯২১ চনৰ আগত ভাৰতবৰ্ষৰ, জনসংখ্যা সঞ্চৰণৰ প্ৰথম স্তৰত আছিল। জনসংখ্যা সঞ্চৰণৰ দ্বিতীয় স্তৰ ১৯২১ চনৰ পিছৰ পৰা আৰম্ভ হয়। সেই সময়ত সামগ্ৰিক সাক্ষৰতাৰ হাৰ ১৬ শতাংশৰো কম আছিল। ইয়াৰ ভিতৰত মহিলাৰ সাক্ষৰতাৰ স্তৰ অতি নগণ্য আছিল। জনসংখ্যাৰ বৃহৎ অংশৰ বাবে জনস্বাস্থ্যৰ সুবিধাৰ কোনো ব্যৱস্থা নাছিল আৰু কেতিয়াবা থাকিলেও অত্যন্ত তাকৰীয়া আছিল। ফলত পানী আৰু বায়ুৰ দ্বাৰা সৃষ্টি হোৱা বেমাৰ-আজাৰসমূহে প্ৰচণ্ড মূৰ্তি ধাৰণ কৰি বৃহৎ সংখ্যক মানুহৰ মৃত্যু ঘাটাইছিল। সামগ্ৰিক মৃত্যুৰ হাৰ যথেষ্ট উচ্চ আছিল। বিশেষকৈ, শিশুৰ মৃত্য়ুৰ হাৰ যথেষ্ট ভয়াৱহ আছিল। প্ৰতি হাজাৰত ২১৮ টা শিশুৰ মৃত্যু হৈছিল। জীৱন প্ৰত্যাশাও অতি নিম্ন আছিল। সেই সময়ত প্ৰত্যাশিত আয়ুস আছিল ৩২ বছৰ। ঔপনিৱেশিক শাসন কালত ভাৰতবৰ্ষত ব্যাপত দাৰিদ্ৰ্যই বিৰাজ কৰিছিল আৰু ই সেই সময়ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ অৱনতিপূৰ্ণ দৃশ্যপটলৈ অৰিহণা যোগাইছিল।

12. ভাৰতবৰ্ষৰ প্ৰাক স্বাধীনতা কালৰ বৃত্তিগত গাঁথনিৰ মুখ্য বৈশিষ্ট্যসমূহ দাঙি ধৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাক স্বাধীনতা কালৰ বৃত্তিগত গাঁথনিৰ অৰ্থাৎ বিভিন্ন উদ্যোগ তথা খণ্ডৰ মাজত কৰ্মৰত লোকৰ বিতৰণত পৰিৱৰ্তনৰ কোনো চিন নাছিল। মুঠ শ্ৰমিকৰ এক বৃহৎ অংশ অৰ্থাৎ প্ৰায় ৭০-৭৫ শতাংশ কেৱল কৃষিখণ্ডত নিয়োজিত আছিল। আনহাতে নিৰ্মাণ খণ্ড তথা সেৱা খণ্ডত যথাক্ৰমে ১০ শতাংশ আৰু ১৫-২০ শতাংশ নিয়োজিত আছিল। বৰ্তমানৰ তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা আৰু কৰ্ণাটকৰ কিছু অংশ মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগত শ্ৰমিকৰ কৃষিখণ্ডত নিৰ্ভৰশীলতা হ্ৰাস পাইছিল আৰু সমঅনুপাাতত নিৰ্মাণ খণ্ড আৰু সেৱাখণ্ডত শ্ৰমিকৰ সংখ্য়া বৃদ্ধি পাইছিল। অৱশ্যে একে সময়তে উৰিষ্যা, ৰাজস্থান আৰু পঞ্জাৱ আদি অন্যান্য ৰাজ্যত কৃষিখণ্ডত শ্ৰমিকৰ অংশ বৃদ্ধি পাইছিল।

13. স্বাধীনতাৰ সময়ৰ ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ কেইটিমান চিহ্নিত কৰা।

উত্তৰঃ স্বাধীনতাৰ সময়ৰ ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক প্ৰত্যাহ্বান সমূহ হ'ল-

        (ক) তীব্ৰ দৰিদ্ৰতা, নিৱনুৱা সমস্য়াৰ ব্যাপকতা।

        (খ) স্থবিৰ কৃষি ব্যৱস্থা।

        (গ) নিম্ন উদ্য়োগিক উন্নয়ন।

14. ভাৰতবৰ্ষত কেতিয়া চৰকাৰীভাৱে পিয়ল কাৰ্য হাতত লোৱা হৈছিল?

উত্তৰঃ ভাৰতবৰ্ষত ১৮৮১ চনত চৰকাৰীভাৱে পিয়ল কাৰ্য হাতত লোৱা হৈছিল।

15. স্বাধীনতাৰ সময়ৰ ভাৰতবৰ্ষৰ আন্তৰ্জাতিক বাণিজ্যৰ আয়তম আৰু দিশৰ আভাস দিয়া।

উত্তৰঃ অতীজৰে পৰা ভাৰতবৰ্ষ বৈদেশিক বাণিজ্য়ত অংশগ্ৰহণৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ দেশ। কিন্তু সামগ্ৰী উৎপাদন, বৈদেশিক বাণিজ্য আৰু শুল্কৰ ক্ষেত্ৰত ঔপনিৱেশিক চৰকাৰে গ্ৰহণ কৰা ৰক্ষণশীল নীতিয়ে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ৰূপ, গঠন আৰু পৰিমাণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল। ফলস্বৰূপে ভাৰতবৰ্ষ কপাহ, ৰেচম, ঊণ, চেনি, নীল, মৰাপাট ইত্যাদি প্ৰাথমিক সামগ্ৰীৰ ৰপ্তানীকাৰী আৰু কপাহী, ৰেচমী আৰু ঊণৰ কাপোৰ আদি চূড়ান্ত ভোগ্য বস্তুসমূহ তথা ইংলেণ্ডৰ কাৰখানাত উৎপাদিত লঘু যন্ত্ৰপাতিৰ লেখীয়া মূলধন জাতীয় সামগ্ৰীৰ আমদানীকাৰী হৈ পৰিছিল। সকলো ব্যৱহাৰিক অৰ্থত ইংলেণ্ডে ভাৰতবৰ্ষৰ আমদানি আৰু ৰপ্তানিৰ ওপৰত একচেটিয়া নিয়ন্ত্ৰণ সাব্যস্ত কৰিছিল। ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ আধাতকৈও অধিক ইংলেণ্ডতে সীমাবদ্ধ আছিল আৰু বাকীখিনি চীন, সিংহল (শ্ৰীলঙ্কা) আৰু পাৰ্চীয়া (ইৰান) আদি অন্যান্য় কেইখনমান দেশৰ লগতো চলিবলৈ দিয়া হৈছিল। সমগ্ৰ ঔপনিৱেশিক কালজুৰি ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল বৃহৎ পৰিমাণৰ ৰপ্তানি উদ্ধৃতৰ সৃষ্টি; কিন্তু দেশখনৰ অৰ্থব্যৱস্থাৰ বিস্তৰ মূল্যৰ বিনিময়তহে এই উদ্ধৃত সম্ভৱ হৈছিল

16. ভাৰতবৰ্ষত ইংৰাজসকলৰ কিবা ইতিবাচক বৰঙণি আছিলনে? আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত ইংৰাজসকলৰ ইতিবাচক বৰঙনি এনেধৰনৰ-

        ১। ভাৰতীয় কৃষিৰ বাণিজ্যিকীকৰণত উৎসাহিত কৰিছিল আৰু ফলত ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থব্যৱস্থা তুলনামূলকভাৱে স্ব-নিৰ্ভৰশীলতা হৈ উঠিছিল।

    ২। উদ্যোগখণ্ডই আধুনিকীকৰণ, ভিন্নকৰণ, সক্ষমতাবৰ্ধন আৰু বৰ্ধিত ৰাজহুৱা বিনিয়োগৰ বাবে উদ্বাউল হৈছিল।

     ৩। বিখ্যাত ৰে'ল ব্যৱস্থাকে ধৰি আন্তঃগাঁথনিৰ উন্নয়ন, সম্প্ৰসাৰণ আৰু জনমুখীকৰণ প্ৰয়োজন হৈছিল। আদি।


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)












Question Type By- Himanku Bora

Answer by - Punya Hazarika




Post ID : DABP004267