অধ্যায় ১

 

১৮১৩ চনৰ চাৰ্টাৰ আইন 

(Charter act of 1813)

 

প্রশ্নাৱলী (Exercise) 


(১) ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শিক্ষাৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাৰ বিষয়ে বর্ণনা কৰা । (Explain about the efforts of East India Company in the field of education in India.) 

Answer:  ইষ্ট-ইণ্ডিয়া কোম্পানীৰ চনদৰ প্ৰতি বিশ বছৰৰ মূৰে মূৰে নবীকৰণ হয় । এই মৰ্মে ১৮১৩ চনত যেতিয়া কোম্পানীৰ চনদ নবীকৰণ সময় হল, তেতিয়া অন্যান্য বিষয়ৰ লগতে ইয়াত দুটা শিক্ষা-সম্পৰ্কীয় বিষয়েও গুৰুত্ব লাভ কৰে । প্ৰথমতে, মিছনেৰীসকলক ভাৰতবৰ্ষত প্ৰৱেশ কৰিবলৈ আৰু ধৰ্ম প্ৰচাৰ কৰিবলৈ দিয়া হব নে নহয়, দ্বিতীয়তে, কোম্পানীয়ে ভাৰতীয় লোকসকলৰ শিক্ষাৰ দায়িত্ব বহন কৰিব পাৰি ১৮১৩ চনত চাৰ্টাৰ আইনে মিছনেৰীসকলক ধৰ্ম তথা শিক্ষাৰ প্ৰসাৰৰ অৰ্থে ভাৰতবৰ্ষলৈ আহিবলৈ অনুমতি দিয়ে । আকৌ, শিক্ষাৰ দায়িত্ব সম্পৰ্কত প্ৰধানকৈ কোম্পানীৰ ডিৰেক্টৰসকলে বিৰোধিতা কৰিছিল । তথাপিও চাৰ্লচ গ্ৰান্ট , উইবাৰফোৰ্ট আদিৰ প্ৰচেষ্টাৰ ফলতে ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ ৪৩ নং অনুচ্ছেদত এটা শিক্ষামূলক দফা সন্নিৱিষ্ট কোৱা হয় । 

এতিয়াৰে পৰা ইষ্ট-ইণ্ডিয়া কোম্পানীৰ বছৰি আয়ৰ পৰা যি ধন ৰাহি হব, তাৰ পৰাই ১ লাখকৈ টকা সাহিত্যৰ উন্নতি আৰু পুনৰুত্থানৰ বাবে, শিক্ষিত ভাৰতীয় লোকক অনুপ্ৰাণিত কৰাৰ বাবে আৰু বৃটিছ অধিকৃত ভাৰতৰ মাটিত বিজ্ঞান শিক্ষাৰ প্ৰৱৰ্তন আৰু প্ৰসাৰৰ বাবে খৰচ কৰা হব । 

১৮১৩ চনৰ চাৰ্টাৰ আইনৰ যোগেদি ভাৰতবৰ্ষত শিক্ষাৰ দায়িত্ব বৃটিছ চৰকাৰ বা ইষ্ট-ইণ্ডিয়া কোম্পানীৰ  হাতলৈ আহিল । লগে লগে তেওঁলোকৰ পূৰ্বৰ মনোভাবৰো সলনি হল আৰু জনসাধাৰণৰ শান্তি আৰু শিক্ষাৰ উন্নতি হকে নিজকে উৰ্চগা কৰিবলৈ ধৰিলে । মনৰো, এলফিনষ্টোন আৰু বেন্টিকে আদিয়ে এনে মহান অনুভূতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতবৰ্ষত শিক্ষাক প্ৰসাৰ আৰু উন্নতিৰ কাৰণে অক্লান্ত প্ৰচেষ্টা কৰি গ'ল । কোৰ্ট অৱ ডিৰেক্টৰচেও উদাৰতা দেখুৱাই কোম্পানীৰ বিষয়ক কৈ শিক্ষা বিস্তাৰৰ কামত লাগিবলৈ আদেশ কৰিলে । এইখিনিতে চৰকাৰৰ এনে ধৰণৰ শিক্ষামূলক প্ৰচেষ্টাৰ ফলত ভাৰতবৰ্ষৰ প্ৰধান চহৰসমূহত শিক্ষাৰ এক বহুত পৰিমাণে উন্নতি হৈছিল । ১৮২৩ চনৰ ১৭ জুলাইত এটা প্ৰস্তাৱযোগে গৱৰ্ণৰ জেনেৰেল পৰিষদে বংগদেশৰ বাবে জনসাধাৰণৰ শিক্ষাৰ সাধাৰণ কমিতি গঠন কৰি দিয়ে ।  ১৮১৩ চনত চাৰ্টাৰত ধাৰ্য কৰা ১ লাখ টকাৰ অনুদানৰ বিষয়টোও এই সমিতিৰ ওপৰতে ন্যস্ত আছিল । সমিতিৰ সদস্যৰ সংখ্যা আছিল ১০ জন ইয়াত অন্তৰ্ভূক্ত হৈছিল প্ৰাচ্যদেশীয় শিক্ষাৰ সমৰ্থক এইচ. টি. প্ৰিন্চেপ আৰু মহান প্ৰাচ্যবিদ এইচ.এইচ উইলচন । আচলতে সমিতিখনৰ বেছিভাগ সদস্যই আছিল সংস্কৃত আৰু আৰৱী সাহিত্যৰ সমৰ্থক । 

বংগদেশঃ বংগদেশতেই আছিল প্ৰথমখন প্ৰদেশ যত ডিৰেক্টৰচে প্ৰথমে শিক্ষাৰ পুৰ্ণগঠনৰ কাম হাতত লৈছিল । অৱশ্যে ১৮১৩ চনৰ পৰা ১৮২৩ চনলৈকে শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ উল্লেখযোগ্য প্ৰচেষ্টা দেখা নাযায় । 

২। ১৮১৩ চনৰ চাৰ্টাৰ শিক্ষাৰ ধাৰাটো কি ? সেই ধাৰাটোৱে ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ আৰম্ভণি কেনে ধৰণেৰে নেতৃত্ব দিছিল ? (What is the educational clause in the charter Act of 1813 ? Discuss how these clause led to the beginning of modern Education in India ?)

 Answer:

(৩) ১৮১৩ চনৰ চাৰ্টাৰ আইন মানে কি ? এই আইন খনক কিয় ভাৰতবৰ্ষৰ শিক্ষাৰ আধাৰশিলা বুলি কোৱা হয় ? (What is Charter Act of 1813 ? Why this act is called as the foundation stone of Modern Education in India.) 

Answer:

(৪) প্রাচ্য পাশ্চাত্যৰ বাদানুবাদ কি ? এই বাদানুবাদৰ অন্ত কেনেকৈ পৰিছিল ? (What is Anglicist classicist controvercy ? How did these controvercies come to the Conclusion ?) 

Answer:  ১৮১৩ চনৰ চনদৰ ৪৩নং অনুচ্ছেদ অনুযায়ী ভাৰতবৰ্ষৰ শিক্ষাৰ দায়িত্ব ইষ্ট-ইণ্ডিয়া কোম্পানীৰ হাতলৈ আহে । চনদত আকৌ এই বুলি উল্লেখ আছিল যে কোম্পানীৰ আয়ৰ পৰা যি ধন ৰাহি হব, তাৰ পৰাই বছৰি এক লাখকৈ টকা ভাৰতত শিক্ষাৰ অৰ্থে খৰচ কৰা হব । কিন্তু এই ধনখিনি কিদৰে খৰচ কৰা হব, সেই সম্বন্ধে কোনো স্পষ্ট নীতি চনদত উল্লেখ কৰা হোৱা নাছিল । 

স্বাভাৱিকতে, এই বিষয়টোৱে জটিলতাৰ সৃষ্টি কৰিলে আৰু প্ৰধানকৈ চাৰিটা বিষয়ক লৈ বিভিন্ন দলৰ মাজত মতভেদৰ সৃষ্টি হোৱা দেখা গল । 

প্ৰথমতে, শিক্ষাৰ উদ্দেশ্য কি হোৱা উচিত ? এই প্ৰসংগত এটা দলে মত দিয়ে যে ভাৰতীয় শিক্ষাৰ উন্নতি সাধনেই ইংৰাজসকলৰ প্ৰধান কৰ্তব্য হোৱা উচিত । আনটো দলে আীকৌ ভাৰতীয় জনসাধাৰণৰ মাজত পশ্চিমীয়া সাহিত্য আৰু বিজ্ঞানৰ প্ৰৱৰ্তন আৰু প্ৰসাৰ কাৰ্যই গুৰুত্ব পাব লাগে বুলি মত প্ৰকাশ কৰে । তৃতীয় দলৰ মতে ভাৰতীয়সকলক কোম্পানীৰ চাকৰিৰ বাবে উপযুক্ত কৰি তোলাটোৱে শিক্ষাৰ লক্ষ্য হব লাগে । 

দ্বিতীয়তে, শিক্ষা পৰিচালনাৰ দায়িত্ব কোনে লব ? এই প্ৰসংগটো ঘোৰ বাক-বতণ্ডাৰ সৃষ্টি হোৱা দেখা যায় । এটা দলে যুক্তি আগবঢ়ায় যে শিক্ষানুষ্ঠানসমূহৰ সংগঠনৰ ক্ষেত্ৰত মিছনেৰীসকল বেছি উপযুক্ত । গতিকে শিক্ষা পৰিচালনাৰ দায়িত্ব তেওঁলোকৰ হাততে অৰ্পণ কৰা উচিত । দ্বিতীয় দলৰ মতে বিদ্যালয় স্থাপন কৰা আৰু পৰিচালনাৰ দায়িত্ব ভাৰতীয়সকলৰ হাততে অৰ্পণ কৰিব লাগে । তৃতীয় দলৰ মতে, বিদ্যালয় স্থাপন আৰু পৰিচালনাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ থাকিব লাগে । 

তৃতীয়তে, শিক্ষা বিস্তাৰৰ পদ্ধতি কি ধৰণৰ হব সেই বিষয়েও দুটা মতামত দেখা যায় । এটাৰ মতে, শিক্ষাটো সদায়ে উচ্চ শ্ৰেণীৰ পৰাই নিম্ন শ্ৰেণীলৈ নিগৰিত হয় । গতিকে কোম্পানীয়ে কেৱল সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলকে শিক্ষা দিয়াটো প্ৰয়োজন হব আৰু সেইসকল শিক্ষিত হৈ তলৰ শ্ৰেণীৰ লোকক শিক্ষা দিব পাৰিব । 

(৫) প্রাচ্য পন্থী আৰু পাশ্চাত্যপন্থীৰ মাজত কি কাৰণত বাদানুবাদ হৈছিল ? সেই বাদানুবাদৰ অন্ত কোনে পেলাইছিল ? (On what issues the controversies arose between the orientalists and the accidentalist ? Who concluded these controvercy) 

Answer:


(৬) চমু টোকা লিখা (Write Short Notes on) 

(ক) ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শৈক্ষিক প্রচেষ্টা । (Educational efforts of East India Company in India) 

Answer:  

( খ ) ১৮১৩ চনৰ চাটাৰ আইন (Charter Act of 1813) । 

Answer: 

 (গ) শিক্ষাৰ চৰকাৰী প্রচেষ্টা (Government Attempt in Education)  

Answer:  ১৮১৩ চনৰ চাৰ্টাৰ আইনৰ যোগেদি ভাৰতবৰ্ষৰ শিক্ষাৰ দায়িত্ব বৃটিছ চৰকাৰ বা ইষ্ট-ইণ্ডিয়া কোম্পানীৰ হাতলৈ আহিল । লগে লগে তেওঁলোকৰ পূৰ্বৰ মনোভাৱৰো সলনি হল আৰু জনসাধাৰণৰ শান্তি আৰু শিক্ষাৰ উন্নতিৰ হকে নিজকে উৰ্চগা কৰিবলৈ ধৰিলে । অৱশ্যে, এলফিষ্টোন আৰু বেন্টিক আদিয়ে এনে মহান অনুভূতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতবৰ্ষত শিক্ষাক প্ৰসাৰ আৰু উন্নতিৰ কাৰণে অক্লান্ত প্ৰচেষ্টা কৰি গল । কোৰ্ট অব ডিৰেক্টৰচেও উদাৰতা দেখুৱাই কোম্পানীৰ বিষয়াক কৈ শিক্ষা বিস্তাৰৰ কামত লাগিবলৈ আদেশ কৰিলে । েইখিনিতে চৰকাৰৰ এনে ধৰণৰ শিক্ষামূলক প্ৰচেষ্টাৰ ফলত ভাৰতবৰ্ষৰ মুখ্য চহৰসমূহত শিক্ষাৰ কি ধৰণৰ উন্নতি হৈছিল তাৰ বিষয়ে এটা আলোচনা আগবঢ়োৱা হল 

বংগদেশ ঃ বংগদেশতেই আছিল প্ৰথমখন প্ৰদেশ যত ডিৰেক্টৰচে প্ৰথমে শিক্ষাৰ পূৰ্ণগঠনৰ কাম হাতত লৈছিল । অৱশ্যে ১৮১পৰিষদে বংগদেশৰ বাবে জনসাধাৰণৰ শিক্ষাৰ সাধাৰণ সমিত৩ চনৰ পৰা ১৮২৩ চনলৈকে শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ উল্লেখযোগ্য প্ৰচেষ্টা দেখা নাযাব । ১৮২৩ চনৰ ১৭ জুলাইৰ এটা প্ৰস্তাৱযোগে গৱৰ্ণৰ জেনেৰেল পৰিষদে বংগদেশৰ বাবে জনসাধাৰণৰ শিক্ষাৰ সাধাৰণ সমিতি গঠন কৰি দিয়ে । ১৮১৩ চনৰ চাৰ্টাৰত ধাৰ্য কৰা ১ লাখ টকাৰ অনুদানৰ বিষয়টোও েই সমিতিৰ ওপৰতে ন্যস্ত আছিল । সমিতিৰ সদস্যৰ সংখ্যা আছিল ১০ জন ইয়াত অন্তৰ্ভূক্ত হৈছিল । প্ৰাচ্যদেশীয় শিক্ষাৰ সমৰ্থক এইচ.টি প্ৰিন্সেপ আৰু মহান দাৰ্শনিক এইচ.এইচ উইলচন । আচলতে সমিতিখনৰ বেছিভাগ সদস্যই আছিল সংস্কৃত আৰু আৰবী সাহিত্যৰ সমৰ্থক । 

সমিতিয়ে প্ৰাচ্য শিক্ষাৰ উন্নতিৰ লক্ষ্য লৈয়ে কাম আৰম্ভ কৰিছিল আৰু সেই হেতুকে তেওঁলোকে প্ৰথমে মাদ্ৰাছা আৰু বেনাৰস সংস্কৃত কলেজ পুনৰগঠন কৰে । ১৮২৪ চনত কলিকতাত এখন সংস্কৃত কলেজ স্থাপন কৰে । দিল্লী আৰু আগ্ৰাত দুখন পাচ্যদেশীয় কলেজ স্থাপন কৰে । ইয়াৰ বাহিৰে কলিকতাত এটা কাৰখানা স্থাপন কৰি সংস্কৃত, আৰৱী আৰু পাৰ্চীভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰে । এই কিতাপবোৰ বিদ্যালয়ত পুঢ়ুৱাবলৈও লোৱা হৈছিল । প্ৰাচ্যভাষাৰ মেধাৱী ছাত্ৰসকলক কমিতিয়ে বৃত্তিও প্ৰদান কৰিছিল । 


(ঘ) প্রাচ্য পাশ্চাত্যৰ বাদানুবাদ (Anglicist Classicist Controversy)

Answer:  ১৮১৩ চনৰ চনদৰ ৪৩ নং অনুচ্ছেদ অনুযায়ী ভাৰতবৰ্ষৰ শিক্ষাৰ দায়িত্ব ইষ্ট-ইণ্ডিয়া কোম্পানীৰ হাতলৈ আহে । চনদত আকৌ এই বুলি উল্লেখ আছিল যে কোম্পানীৰ আয়ৰ পৰা যি ধন ৰাহি হব, তাৰ পৰাই বছৰি ১ লাখকৈ টকা ভাৰতত শিক্ষাৰ অৰ্থে খৰচ কৰা হব । কিন্তু এই ধনখিনি কিদৰে খৰচ কৰা হব সেয়া সম্বন্ধে চৰকাৰে স্পষ্ট  নীতি উল্লেখ কৰা হোৱা নাছিল । স্বাভাৱিকতে এই বিষয়টোৱে জটিলতাৰ সৃষ্টি কৰিলে আৰু প্ৰধানকৈ চাৰিটা বিষয়ক লৈ বিভিন্ন দলৰ মাজত মতভেদৰ সৃষ্টি হোৱা দেখা গল । 

প্ৰথমতে, শিক্ষাৰ উদ্দেশ্য কি হোৱা উচিত ? এই প্ৰসংগত এটা দলে মত দিয়ে যে ভাৰতীয় শিক্ষাৰ উন্নতি সাধনেই ইংৰাজসকলৰ প্ৰধান কৰ্তব্য হোৱা উচিত । আনটো দলে আকৌ ভাৰতীয় জনসাধাৰণৰ মাজত পশ্চিমীয়া সাহিত্য আৰু বিজ্ঞানৰ প্ৰৱৰ্তন আৰু প্ৰসাৰ কাৰ্যই গুৰুত্ব পাব লাগে বুলি মত প্ৰকাশ কৰে । তৃতীয় দলৰ মতে ভাৰতীয় সকলক কোম্পানীৰ চাকৰিৰ বাবে উপযুক্ত কৰি তোলাটোৱে শিক্ষাৰ লক্ষ্য হব লাগে । 

দ্বিতীয়তে, শিক্ষা পৰিচালনাৰ দায়িত্ব কোনে লব? এই প্সংগটো ঘোৰ বাক-বতণ্ডাৰ সৃষ্টি হোৱা দেখা যায় । এটা দলে যুক্তি আগবঢ়ায় যে শিক্ষানুষ্ঠানসমূহৰ সংগঠনৰ ক্ষেত্ৰত মিছনেৰীসকল বেছি উপযুক্ত । গতিকে শিক্ষা পৰিচালনাৰ দায়িত্ব তেওঁলোকৰ হাততে অৰ্পণ কৰা উচিত । দ্বিতীয় দলৰ মতে বিদ্যালয় স্থাপন কৰা আৰু পৰিচালনাৰ দায়িত্ব ভাৰতীয়সকলৰ হাততে অৰ্পণ কৰিব লাগে ।  তৃতীয় দলৰ মতে বিদ্যালয় স্থাপন আৰু পৰিচালনাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ থাকিব লাগে । 

 Type: Hirak Jyoti Bora.

Author_ Ali rani Kakati ( Ba in History Major)