পদাৰ্থঃ ধাতু আৰু অধাতু 

 অধ্যয় ৪

লো, এলুমিনিয়াম, তাম আদি কিছুমান পদাৰ্থৰ সৈতে তোমালোক পৰিচিত। তালিকা ৪.১ ত কিছুমান পদাৰ্থ নাম উল্লেখ কৰা হ'ল। 

তালিকাখনৰ কোনবোৰ পদাৰ্থ ধাতু ক'ব পাৰিবানে? তালিকা ৪.১ ৰ লো, এলুমিনিয়াম আৰু তামৰ বাদে বাকী পদাৰ্থবোৰ হৈছে অধাতু। ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতু সমূহক অধাতুৰ পৰা বাছি উলিয়াব পাৰি। মনত পেলোৱা যে চিকমিকনি আৰু কঠিনতা হ'ল ধাতুৰ ভৌতিক ধৰ্ম। 

৪.১ ধাতু আৰু অধাতুৰ ভৌতিক ধৰ্মসমূহঃ

 তোমালোকে কেতিয়াবা কমাৰে লোৰ টুকুৰা বা লোৰে নিৰ্মিত বস্তু যে - কোৰ, খন্তি, কুঠাৰ আদি পিটি থকা দেখিছানে? পিটি থকাৰ ফলত এই বস্তুবোৰৰ আকৃতিৰ পৰিৱৰ্তন দেখা পাইছানে? কাঠৰ টুকুৰা এটা পিটিবলৈ চেষ্টা কৰিলে তোনালোকে এনে ধৰণৰ পৰিৱৰ্তন আশা 

তােমালােকে দেখিলা যে পিটাৰ ফলত লােৰ গজাল আৰু এলুমিনিয়ামৰ তাৰৰ আকৃতিৰ পৰিৱৰ্তন ঘটিল । এইবােৰক যদি আৰু অধিক জোৰেৰে পিটা হয় তেন্তে সেইবােৰক একোচটা পাতলৈ পৰিৱৰ্তন কৰিব পাৰি । তদুপৰি তােমালােকে বােধহয় মিঠাই ধুনীয়াকৈ সজাই তােলাৰ বাবে ব্যৱহাৰ কৰা পাতল ৰূপালী পাতৰ লগত পৰিচিত । তােমালােকে নিশ্চয় খাদ্য মেৰিওৱাৰ বাবে ব্যৱহাৰ কৰা পাতল এলুমিনিয়াম পাতৰ লগতাে পৰিচিত । ধাতুক কোবাই এনেদৰে পাতল পাতৰ আকাৰত গঢ় দিব পৰা ধর্মক ঘাতসহনীয়তা বােলে । এইটো ধাতুৰ এটা বিশেষ ধর্ম । তােমালােকে নিশ্চয় লক্ষ্য কৰিছা যে কয়লা আৰু পেঞ্চিলৰ সীহৰ নিচিনা পদার্থবােৰে এনে ধর্ম নেদেখুৱায় । এইবােৰক আমি ধাতু বুলি কমনে ? আঘাত নােপােৱাকৈ প্লাষ্টিক বা কাঠৰ নাল নথকা তপত ধাতুৰ পাত্ৰ এটা হাতেৰে ধৰিব পাৰিবানে ? সম্ভৱতঃ নােৱাৰিবা । কিয় বাৰু ? তােমালােকে আন কিছুমান অভিজ্ঞতাৰ এখন তালিকা প্রস্তুত কৰিবলৈ চেষ্টা কৰা , যিবােৰৰ ক্ষেত্ৰত গৰম বস্তু হাতেৰে ধৰোঁতে কাঠ বা প্লাষ্টিকৰ নাল থকাৰ বাবে তােমালােকে কোনাে আঘাত নােপােৱা । এই অভিজ্ঞতাসমূহৰ ওপৰত ভিত্তি কৰি কাঠ আৰু প্লাষ্টিকৰ দ্বাৰা তাপৰ পৰিবহণৰ সম্পর্কে তােমাললাকে কি ক’ব পাৰিবা ? তােমাললাকে নিশ্চয় বিজুলী মিস্ত্রী এজনে স্ক্ৰু ড্রাইভাৰ ব্যৱহাৰ কৰা দেখিছা । স্ক্ৰু - ড্রাইভাৰটোত কি ধৰণৰ নাল আছে ? কিয় ? আমি বিচাৰ কৰি চাওঁ আহা ।

তোমালোকে দেখিলা যে লোৰ মাৰি, গজাল আৰু তামৰ তাঁৰ হ'ল সু-পৰিবাহী। আনহাতে, নুৰা-গন্ধকৰ টুকুৰা আৰু কয়লাৰ টুকুৰা হ'ল কু-পৰিবাহী।

তোমালোকে এলুমিনিয়াম আৰু তামৰ তাঁৰৰ ব্য়ৱহাৰ ক'ত ক'ত দেখিছা? কয়লাৰ তাঁৰ দেখিছানে বাৰু?নিশ্চয় দেখা নাই।                      ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰলৈ পৰিণত কৰিব পাৰি তাক নমনীয়তা বুলি কোৱা হয়। 

লোৰ পাত/ প্লেট, ধাতুৰ মুদ্ৰা আৰু কয়লাৰ এটা টুকুৰা মজিয়া পেলাই দিলে হোৱা শব্দবোৰৰ পাৰ্থক্য় তোমালোকে লক্ষ্য় কৰিছানে? যদি লক্ষ্য় কৰা নাই, এতিয়াও চেষ্টা কৰি চাব পাৰা।

তােমাললাকে কেতিয়াবা মন্দিৰত কাঠৰ ঘণ্টা দেখিছা জানাে ? ইয়াৰ এটা কাৰণ দিব পাৰিবানে ?

 ধাতুৰে নির্মিত বস্তুক জোৰেৰে কোবালে ই ৰিং ৰিং , টিং - টিং আদি ধ্বনিৰ সৃষ্টি কৰে । ধৰি লােৱা , দেখিবলৈ একে তােমাৰ দুটা বাকচ আছে । এটা কাঠেৰে নির্মিত আৰু আনটো ধাতুৰে নির্মিত । দুয়ােটা বাকচত কোবাই তােমালােকে ক'ব পাৰিবানে কোনটো বাকচ ধাতুৰে নির্মিত ? 

যিহেতু , ধাতুৱে ৰিং - ৰিং ধ্বনিৰ সৃষ্টি কৰে সেইবাবে সেইবােৰক সনাদ পদার্থ বােলা হয় । ধাতুৰ বাহিৰে আনবােৰ পদার্থ সনাদ নহয় । 

ওপৰৰ ক্রিয়াকলাপবােৰ কৰাৰ পাছত আমি ক'ব পাৰোঁ যে কিছুমান পদার্থ কঠিন , চিকমিকিয়া , নমনীয় , ঘাতসহনশীল , সনাদ আৰু তাপ তথা বিদ্যুতৰ সু - পৰিবাহী । যিবােৰ পদাৰ্থৰ সাধাৰণতে এই ধর্মসমূহ আছে । সেইবােৰক ধাতু বােলা হয় । লাে , তাম , এলুমিনিয়াম , কেলছিয়াম , মেগনেছিয়াম আদি ধাতুৰ উদাহৰণ । ইয়াৰ বিপৰীতে কয়লা আৰু গন্ধকৰ নিচিনা পদার্থবােৰ কোমল আৰু দেখাত অনুজ্জ্বল । হাৱীৰে কোবালে এই পদার্থবােৰ ভাঙি গুড়ি হৈ যায় । এইবােৰ পদার্থ সনাদ নহয় আৰু ইহঁত তাপ তথা বিদ্যুতৰ কু - পৰিবাহী । এই পদার্থবােৰক অধাতু বােলা হয় । গন্ধক , কার্বন , অক্সিজেন , ফছফৰাছ । আদি অধাতুৰ উদাহৰণ ।

৪.২ ধাতু আৰু অধাতুৰ ৰাসায়নিক ধৰ্মঃ অক্সিজেনৰ সৈতে বিক্ৰিয়া

লোত মামৰ ধৰা পৰিঘটনাটোৰ সৈতে তোমালোক পৰিচিত। মামৰ সৃষ্টি কৰা বিক্ৰিয়াটো মনত পেলোৱাচোন। তোমালোকে সপ্তম শ্ৰেণীত থাকোঁতে বায়ুত মেগনেছিয়া ফিটা জ্বলোৱা ক্ৰিয়াকলাপটোও কৰিছিলা। তোমালোকে এইটো শিকিছিলা যে দুয়োটা প্ৰক্ৰিয়াতে অক্সাইড উৎপন্ন হয়। নিম্নলিখিত লো আৰু মেগনেছিয়ামৰ সৈতে ঘটা অক্সিজেনৰ বিক্ৰিয়া দুটা সম্পূৰ্ণ কৰা।

লো (Fe)+ অক্সিজেন (02)+পানী (H2)->?

মেগনেছিয়াম (Mg)+ অক্সিজেন (O2)->?

এতিয়া মেগনেছিয়াম ফিটা জ্বলোৱা ক্ৰিয়াকলাপটো মনত পেলোৱাচোন। মেগনেছিয়াম ফিটা জ্বলোৱাত উৎপন্ন হোৱা ছাইখিনি পানীত দ্ৰৱীভূত কৰি তাৰ প্ৰকৃতি আম্লিক নে ক্ষাৰকীয়া পৰীক্ষা কৰা হয়। 

দ্ৰৱটো আম্লিক নে ক্ষাৰকীয়? তোমালোকে কেনেকৈ নিৰ্দ্ধাৰণ কৰিলা?

তোমালোকে নিশ্চয় দেখিছা যে ৰঙা লিটমাছ কাগজখন নীলালৈ ৰূপান্তৰিত হৈছে। গতিকে, মেগনেছিয়াম অক্সাইডৰো প্ৰকৃতি হ'ল ক্ষাৰকীয়। সাধাৰণতে, ধাতৱীয় অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ। 

এতিয়া আহাচোন, আমি অধাতুৰ লগত অক্সিজেনৰ বিক্ৰিয়া পৰ্যবেক্ষণ কৰোঁ।

তালিকা ৪.৪ঃ অম্ল আৰু ক্ষাৰকত ধাতু আৰু অধাতু

ক্ৰমিক নং

ক্ষাৰকৰ নাম

ধাতু

অম্লৰ নাম

অধাতু

কেলছিয়াম হাইডক্সাইড

কেলছিয়াম

ছালফিউৰিক এছিড

গন্ধক

ছডিয়াম হাইক্সাইড

ছডিয়াম

হাইড্ৰক্লৰিক এছিড

ক্লৰিছ

পটেছিয়াম হাইক্সাইড

পটেছিয়াম

নাইট্ৰিক এছিড

নাইট্ৰজেন

ফেৰাছ অক্সাইড

লো

এছিটিক এছিড

কাৰ্বন

মেগনেছিয়াম অক্সাইড

মেগনেছিয়াম

 

 


গন্ধক আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত উৎপন্ন দ্ৰব্য়টোৰ নাম হ'ল ছালফাৰ-ডাই-অক্সাইড গেছ। ছালফাৰ-ডাইঅক্সাইড পানীত দ্ৰৱীভূত হ'লে ছালফিউৰাছ এছিড  ৎপন্ন হয়। বিক্ৰিয়াটো তলত দিয়া ধৰণে দিব পাৰিঃ

ছালফাৰ ডাইঅক্সাইড (SO2)+ পানী (H2 O) -> ছালফিউৰাছ এছিড (H2 SO3

ছালফিউৰাছ এছিডে নীলা লিটমাছ কাগজক ৰঙা কৰে। সাধাৰণতে, অধাতুৰ অক্সাইড সমূহ আম্লিক প্ৰকৃতিৰ হয়। 

তোমালোকে সপ্তম শ্ৰেণীত পঢ়ি অহা পৰীক্ষাগাৰৰ অম্ল আৰু ক্ষাৰক কিছুমানৰ নাম মনত পেলোৱাচোন। তালিকা ৪.৪ ত সেইবোৰৰ নাম লিখি লোৱা। সেইবোৰত থকা ধাতু আৰু অধাতুবোৰ চিনাক্ত কৰা যিবোৰে অক্সিজেনৰ সৈতে অক্সাইড ৎপন্ন কৰে।

পানীৰ সৈতে বিক্ৰিয়া

ধাতু আৰু অধাতুৱে পানীৰ সৈতে কি দৰে বিক্ৰিয়া কৰে চাওঁচোন আহা। তোমালোকে দেখিলা যে ছ'ডিয়ামে পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰে। আন কিছুমান ধাতুৱে এনেদৰে বিক্ৰিয়া নকৰে। উদাহৰণ স্বৰূপে, লোৱে পানীৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰে।

সাধাৰণতে, অধাতুবোৰে পানীৰ সৈতে বিক্ৰিয়া নকৰে যদিও এইবোৰ বায়ুত অধিক সক্ৰিয়। তেনেকুৱা অধাতুবোৰ পানীত ডুবাই ৰখা হয়। উদাহৰণ স্বৰূপে। ফছফৰাছ এবিধ বৰ সক্ৰিয়া অধাতু। বায়ুৰ সংস্পৰ্শলৈ আহিলে ই জ্বলি উঠে। ফছফৰাছ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শলৈ অহাটো ৰোধ কৰিবলৈ ইয়াক পানীত ডুবাই ৰখা হয়।

অম্লৰ সৈতে বিক্ৰিয়া

ধাতু আৰু অধাতুৱে অম্লৰ সৈতে কেনে আচৰণ দেখুৱায় চাওঁচোন আহা।  অম্নৰ সৈতে ধাতু আৰু অধাতুৱে কৰা বিক্রিয়াৰ ধৰণৰ কিবা পার্থক্য আছেনে ? পৰীক্ষা নলীৰ মুখৰ ওচৰলৈ জ্বলি থকা দিয়াচলাই কাঠি আনােতে কিছুমান ক্ষেত্ৰত উদ্ভৱ হােৱা ‘ পপ ’ শব্দটো কি হ'ব পাৰে ? তােমালােকে নিশ্চয় পাইছা যে অধাতুৱে সাধাৰণতে অশ্লৰ সৈতে বিক্রিয়া নকৰে , কিন্তু ধাতুৱে অৰ সৈতে বিক্রিয়া কৰে আৰু হাইড্রজেন গেছ প্রস্তুত কৰে যাৰ দহনৰ ফলত ‘ পপ ' শব্দটো উদ্ভৱ হয় । তােমালােকে নিশ্চয় লক্ষ্য কৰিছা যে তপতলেও তামে লঘু হাইড্র’’ৰিক এচিডৰ সৈতে বিক্রিয়া নকৰে , কিন্তু ই ছালফিউৰিক এচিডৰ সৈতে বিক্রিয়া কৰে ।

‘ পপ ’ শব্দটোৱে কি সূচাইছে ? আগতে হােৱাৰ দৰে পপ ’ শব্দটোৱে হাইড্রজেন গেছৰ উপস্থিতি সূচাইছে ।

 ধাতুৱে ছ'ডিয়াম হাইড্রক্সাইডৰ সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ প্রস্তুত কৰে । 

অধাতুৰ সৈতে ক্ষাৰকৰ বিক্রিয়াসমূহ জটিল । 

অপসাৰণ বিক্রিয়া

তােমালােকে সপ্তম শ্রেণীত কৰা কপাৰ ছালফেট আৰু লােৰ মাজৰ বিক্রিয়াৰ ক্রিয়াকলাপটো মনত পেলোৱাচোন।সেইধৰণ আন কিছুমান পৰ্যৱেক্ষণকৰোঁ আহা বিভিন্ন বিকাৰসমূহত তোমালোকে কি পৰিৱৰ্তন দেখিলা? তোমালোকে পঢ়িছা যে জলীয় দ্ৰৱত এটা ধাতুৱে আন এটা ধাতুক তাৰ যৌগৰ পৰা অপসাৰিত কৰে। বিকাৰ A ত জিংকে (Zn) কপাৰ ছালফেটৰ (CuSo4) পৰা তাম (Cu) অপসাৰিত কৰিছে। সেইকাৰণে, কপাৰ ছালফেটৰ নীলা বৰণটো নোহোৱা হৈছে আৰু বিকাৰৰ তলিত তামৰ ৰঙা গুড়ি জমা হৈছে। তলত দিয়া ধৰণে বিক্ৰিয়াটো দেখুৱাব পাৰিঃ

কপাৰছালফেট (CuSO4) +  জিংক (Zn)

(নীলা)                                                                         

-> জিংক ছালফেট (ZnSO4) + তাম (Cu)

(বৰণহীন)                                   (ৰঙা)

ঠিক একেধৰণে তোমালোকে বিকাৰ B ত ঘটা বিক্ৰিয়া লিখিব পাৰিবা।

বিকাৰ C ত তামৰ দ্বাৰা আৰু বিকাৰ E ত লােৰ দ্বাৰা যিংকৰ অপসাৰণ ঘটাব পাৰিলেহেঁতেন । একেদৰে , বিকাৰ D ত তামৰ দ্বাৰা লাে অপসাৰিত হ’ব পাৰিলেহেঁতেন । যিহেতু বিকাৰ C ত আমি কোনাে পৰিৱর্তন দেখা নাই গতিকে আমি সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে তামে জিংক ছালফেটৰ পৰা জিংক অপসাৰিত কৰিব নােৱাৰে । কিন্তু কিয় ? যি ক্ষেত্ৰত বিকাৰ A ত জিংকে তাম অপসাৰিত কৰিব পাৰিছে , তেনেক্ষেত্ৰত বিকাৰ C ত তামে কিয় জিংক অপসাৰিত কৰিব পৰা  নাই ? মনত ৰাখিবা যে বিজ্ঞান ইচ্ছা - অনিচ্ছাৰ ওপৰত নিৰ্ভৰশীল নহয় । ই তথ্য ভিত্তিক নির্দিষ্ট নীতি মানি চলে । এই ক্ষেত্ৰত নীতিটো হ’ল এই যে তাম আৰু লােতকৈ জিংক অধিক সক্রিয় । এটা অধিক সক্রিয় ধাতুৱে কম সক্রিয় ধাতুক অপসাৰিত কৰিব পাৰে , কিন্তু এটা কম সক্রিয় ধাতুৱে আন এটা অধিক সক্রিয় ধাতুক অপসাৰিত কৰিব নােৱাৰে । এতিয়া , তােমালােকে বুজিব পাৰিছা যে কিয় বিকাৰ D আৰু বিকাৰ E তাে অপসাৰণ বিক্রিয়াবােৰ ঘটা নাই । তােমালােকে জিংক , লাে আৰু তামৰ ক্ষেত্ৰত থকা অধিক সক্রিয়ৰ পৰা কম সক্রিয়ৰ অনুক্রমটো অনুমান কৰিব পাৰিছানে ? 

৪.৩ ধাতু আৰু অধাতুৰ ব্যৱহাৰঃ

 তােমাললাকে অনুমান কৰিব পাৰিব লাগে যে কিয় যন্ত্র পাতি , অটম’বাইল , এৰ'প্লেন , ৰে'ল গাড়ী , উপগ্রহ , ঔদ্যোগিক সঁজুলি , ৰন্ধনৰ বাচন , পানী উতলােৱা পাত্র আদি বনােৱাত ধাতু ব্যৱহাৰ কৰা হয় । তােমাললাকে আন কিছুমান অধাতুৰ ব্যৱহাৰ সম্পর্কেও পৰিচিত । ইয়াত কিছুমান মনােগ্রাহী উদাহৰণ দিয়া হৈছে । আমি নিশ্চিত যে তােমালােকে সেইবােৰ সঠিকভাৱে অনুমান কৰিব পাৰিবা।

i) আমাৰ জীৱনৰ বাবে এটা অধাতু অত্য়াৱশ্য়কীয়, যিটোক সকলো জীৱই শ্বাস-প্ৰশ্বাৰ সময়ত  উশাহত লয়।

ii) উদ্ভিদৰ শ্ৰীবৃদ্ধি বঢ়াবলৈ প্ৰয়োগ কৰা সাৰত থকা অধাতুসমূহ।

ii) পানী বিশুদ্ধকৰণত ব্য়ৱহাৰ কৰা অধাতু, এণ্টিছেপ্টিক হিছাপে ঘা-আঘাট লগোৱা বেঙুনীয়া বৰণৰ দ্ৰৱটোত ব্য়ৱহাৰ কৰা অধাতু।

v) ফটকাবোৰত ব্য়ৱহাৰ অধাতু।

তোমালোকেৰ অভিজ্ঞতাৰ ধাতু আৰু অধাতুৰ আন কিছুমান ব্য়ৱহাৰ যোগ দিব পাৰা।

তোমালোকে কি শিকিলাঃ

i) ধাতুসমূহ চিকমিকিয়া কিন্তু অধাতুসমূহৰ চিকমিকনি নাই।

ii) সাধাৰণতে, ধাতুসমূহ নমনীয়া আৰু ঘাতসহনীয়া। অধাত সমূহৰ এই গুণবোৰ নাই।

iii) সাধাৰণতে, ধাতুসমূহ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী। কিন্তু অধাতুসমূহ কু-পৰিবাহী।

iv) দহনত ধাতুসমূহে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে, যিবো ক্ষাৰকীয়া প্ৰাকৃতিৰ। অধাতুসমূহে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি অধাতৱ অক্সাইড উৎপন্ন কৰে, যিবোৰ আম্লিক প্ৰকৃতিৰ। 

v) কিছুমান ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি ধাতৱ হাইড্ৰ'ক্সাইড আৰু হাইড্ৰ'জেন গেছ উৎপন্ন কৰে। সাধাৰণতে, অধাতুসমূহে পানীৰ সৈতে বিক্ৰিয়া নকৰে। 

vi) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে আৰু ধাতুৰ লৱণ তথা হাইড্ৰ'জেন গেছ উৎপন্ন কৰে। সাধাৰণতে, অধাতুসমূহে এছিডৰ সৈতে বিক্ৰিয়া নকৰে। 

vii) কিছুমান ধাতুৱে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ'জেন গেছ উৎপন্ন কৰে।

viii)জলীয়া দ্ৰৱত অধিক সক্ৰিয় ধাতুসমূহে কম সক্ৰিয় ধাতুসমূহক সিহঁতৰ যৌগৰ পৰা অপসৰণ কৰে। 

ix) দৈনন্দিন জীৱনত ধাতু আৰু অধাতুসমূহক বিস্তৃতভাৱে ব্য়ৱহাৰ কৰা হয়।  

type:

Krishna Bora

class8: Science