অধ্যায় ৩ 

বৈদিক শিক্ষা আৰু বুদ্ধ শিক্ষা-ব্যৱস্থাৰ তুলনামূলক অধ্যায়ন (Comparative study of Vedic and Buddhist System of Education)

১। অতীত ভাৰতৰ বৈদিক (ব্ৰাহ্মণিক) শিক্ষা ব্যৱস্থা আৰু বুদ্ধ শিক্ষা ব্যৱস্তাৰ মাজত থকা মিলখিনি বিষয়ে আলোচনা কৰা। (Discuss about the similarities between the Brahmanical (Vedic) and the Buddhist Systems of Education of ancient India.)
Answer:   বৈদিক শিক্ষা ব্যৱস্থা আৰু বুদ্ধ শিক্ষা ব্যৱস্থাৰ মিলসমূহ হল 

প্ৰথমতে, বৈদিক আৰু বুদ্ধ ধাৰণাত শিক্ষাৰ্থীসকলক বিশেষ অনুষ্ঠানৰ মাধ্যমত সোমাই  লোৱা হৈছিল । দুয়োটা ধাৰণাৰ পদ্ধতি বেলেগ যদিও উদ্দেশ্য এটাই আছিল । দুয়োটা পদ্ধতিৰ অন্তৰ্ভূক্তকৰণ অনুষ্ঠানটোত শিক্ষক আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণ একেধৰণৰ । অনুষ্ঠান দুটাৰ মাধ্যমত শিষ্যসকলক প্ৰকৃত কৰ্তব্যবোধৰ ধাৰণাৰ জ্ঞান দিয়া হয় ।

দ্বিতীয়তে, ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাত অন্তৰ্ভূক্তিকৰণ অনুষ্ঠানটো হল উপনয়ন । এই উপনয়ন অনুষ্ঠানটো ব্ৰাহ্মণৰ ক্ষেত্ৰত ৮ বছৰত কৰা হয় । ক্ষত্ৰিয় ক্ষেত্ৰত ১১ বছৰত কৰা হয় আৰু বৈশ্যৰ ক্ষেত্ৰত ১২ বছৰত কৰা হয় । ৮ বছৰৰ বয়সৰ আগতে কোনো শিষ্যই শিষত্ব গ্ৰহণ কৰিব নোৱাৰিছিল । ঠিক তেনেদৰে বুদ্ধ শিক্ষা ব্যৱস্থাটো ৮ বছৰৰ আগতে কোনো শিক্ষাৰ্থীয়ে শিক্ষালাভৰ সুবিধা নাপাইছিল । মঠসমূহত নভিচ বা ন-শিকাৰু হিচাপে ৮ বছৰৰ পিছতহে সোমাব পাৰিছিল । বৈদিক শিক্ষা ব্যৱস্থাৰো শিক্ষাৰ সময় আছিল ১২ বছৰ আছিল আৰু বুদ্ধ শিক্ষা ব্যৱস্থাৰো শিক্ষাৰ সময় ১২ বছৰ আছিল । 

তৃতীয়তে ঃ দুয়োবিধ শিক্ষা ব্যৱস্থাতে গুৰুৰ প্ৰাধান্যতা অধিক আছিল । শিষ্যসকলে সম্পূৰ্ণ  ১২ বছকাল গুৰু নিৰ্দেশত কঠোৰ নিয়ম-কানুনৰ মাধ্যমত কটাব লাগিছিল । দুয়োটা ধাৰণাৰ উদ্দেশ্য আছিল শিষ্যসকলক ঘৰৰ বাহিৰত শিক্ষালাভৰ সুবিধা প্ৰদান কৰা । বৈদিক যুগৰ শিষ্যসকলে বৈদিক শিক্ষালাভৰ বাবে নিজৰ ঘৰ আৰু পৰিয়াল ত্যাগ কৰি গুৰুৰ আশ্ৰমত জীৱন কটাইছিল । সেইদৰে বুদ্ধযুগৰে শিষ্যসকলে শিক্ষালাভৰ উদ্দেশ্যৰে মঠ আৰু বিহাৰবোৰত জীৱন কটাইছিল ।

চতুৰ্থতেঃ বৈদিক আৰু বুদ্ধ শিক্ষা ব্যৱস্থাৰ গুৰু আৰু শিষ্যসকলে একে নীতিকে অৱলম্বন কৰিছিল । গুৰুৱে শিষ্যসকলক নিজৰ পুত্ৰ দৰে মৰম চেনেহ কৰি শিক্ষাদান কৰিছিল । সেইদৰে শিক্ষাৰ্থীসকলেও গুৰুক নিজৰ পিতৃৰ দৰে সকলো ক্ষেত্ৰতে মানি চলিছিল । 

পঞ্চমতেঃ দুয়োটা ধাৰণাৰ অনুশাসন ব্যৱস্থা অতি কঠোৰ আছিল । বৈদিক শিক্ষা ব্যৱস্থাত গুৰু আছিল একনায়ক । তেওঁৰ নিৰ্দেশ আৰু সিদ্ধান্ত আছিল সকলোৰে উৰ্ধত । ঠিক তেনেদৰে মঠসমূহৰ নীতি-নিয়মো অতি শক্তিশালী আছিল । পূৰ্ণভিক্ষুকসকলৰ নিৰ্দেশত শিষ্যসকলে শিক্ষালাভ কৰিছিল ।

ষষ্ঠতে ঃ বৈদিক শিক্ষা ব্যৱস্থাৰ দৰে বুদ্ধ শিক্ষা ব্যৱস্থাৰো উদ্দেশ্য আছিল পৱিত্ৰ ধৰ্মগ্ৰন্থসমূহ অধ্যয়নৰ মাজেৰে শিক্ষাৰ উদ্দেশ্যত উপনীত হোৱা । বৈদিক যুগত বেদ, বেদাংগ উপনিষদ আদি অধ্যয়ন কৰিব লাগিছিল ।  বুদ্ধ শিক্ষা ব্যৱস্থাত ত্ৰিপিটক অধ্যয়ন কৰা বাধ্যতামূলক আছিল । 

সপ্তমতেঃ বৈদিক শিক্ষা ব্যৱস্থা আৰু  বুদ্ধ শিক্ষা ব্যৱস্থাত ভিক্ষাবৃত্তি সম্পূৰ্ণভাৱে কৰণীয় আছিল । দুয়োটা আদৰ্শত জীৱন-ধাৰণৰ প্ৰকৃত মূল্য ভিক্ষাবৃত্তিৰ মাধ্যমত আহে বুলি ধৰি লোৱা হৈছিল । ভিক্ষা বৃত্তিৰ উদ্দেশ্য যদিও অৰ্থনৈতিক আছিল তথাপি ইয়াৰ মাজেৰে শিষ্যসকলে সমাজৰ জীৱন-ধাৰণ প্ৰণালী, মানৱতাবোধ আদিৰ শিক্ষাও লাভ কৰিছিল । ভিক্ষা কৰিবলৈ যোৱাটো শিক্ষা ব্যৱস্থা দুটাৰ দৈনন্দিন কাৰ্যসূচীৰ অন্তৰ্ভূক্ত আছিল । ইয়াক শিষ্যসকলৰ কৰ্তব্য হিচাপে ধৰা হৈছিল । 


২। অতীত ভাৰতৰ বৈদিক (ব্রাহ্মণিক) শিক্ষাব্যৱস্থা আৰু বুদ্ধ শিক্ষা ব্যৱস্থাৰ মাজত থকা অমিলখিনি আলােচনা কৰা । (Discuss about the dissimilarities between the Brahmanical (Vedic) and the Buddhist Systems of Education of ancient India.) 
Answer:  অতীত ভাৰতৰ বৈদিক শিক্ষাব্যৱস্থা আৰু বুদ্ধ শিক্ষা ব্যৱস্থাৰ মাজত থকা অমিলসমূহ হল 
প্ৰথমতেঃ বৈদিক যুগৰ শিক্ষা সম্পূৰ্ণৰূপে সম্প্ৰসাৰণ হৈছিল গুৰুগৃহৰ মাধ্যমত । ইয়াক ঘৰুৱা বিদ্যালয় বুলি জনা যায় । আনহাতে বুদ্ধযুগৰ শিক্ষা সম্প্ৰসাৰণ হৈছিল মঠসমূহৰ মাধ্যমত । মঠবোৰ সুন্দৰভাৱে সু-সংগঠিত আছিল । এনে অনুষ্ঠানত পৰিয়ালৰ প্ৰভাৱ পৰা নাছিল । কিন্তু বৈদিক যুগৰ শিক্ষা ব্যৱস্থা যিহেতু গুৰুগৃহত সম্পাদন হৈছিল তাত পৰিয়ালৰ পৰাটো তেনেই স্বাভাৱিক । পৰিয়ালৰ প্ৰভাৱ পৰিছিল যদিও ই সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা বেষ্টিত আছিল । বুদ্ধ শিক্ষা ব্যৱস্থাৰ অনুষ্ঠানসমূহ সম্পূৰ্ণভাৱে কৃত্ৰিম আছিল আৰু শিষ্যসকল পৰিয়ালৰ প্ৰভাৱৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হৈ পৰিছিল । 

দ্বিতীয়তেঃ বৈদিক যুগৰ শিক্ষক আছিল একনায়ক, বিদ্যালয় সংগঠক, আৰু প্ৰশাসক । আনহাতে বুদ্ধ শিক্ষা ব্যৱস্থাৰ প্ৰশাসনীয় দিশটো সম্পূৰ্ণৰূপে বন্ধুত্বসূচক আছিল । শিক্ষা ব্যৱস্থাটো বন্ধুত্বৰ এনাজৰীৰে বিস্তাৰিত হৈছিল । 

তৃতীয়তে ঃ দুয়োটা শিক্ষা ব্যৱস্থাত নীতি-নিয়মৰ ক্ষেত্ৰতো পাৰ্থক্য পৰিলক্ষিত হৈছিল । বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ নীতি-নিয়ম সম্পূৰ্ণভাৱে কঠোৰ আছিল । বুদ্ধ শিক্ষা ব্যৱস্থাত শিষ্যসকলে নীতি-নিয়ম পালন কৰিব লাগিছিল যদিও নীতি-নিয়মসমূহ আনুষ্ঠানিকহে আছিল । 

চতুৰ্থতেঃ বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ ধাৰণা গণতান্ত্ৰিক নাছিল । আনহাতে বুদধ যুগৰ শিক্ষা ব্যৱস্থা গণতান্ত্ৰিক আছিল । ইয়াৰ প্ৰমাণ নামভৰ্তিকৰণ প্ৰক্ৰিয়াৰ পৰা পোৱা যায় । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থা মাত্ৰ আৰ্যসকলৰ বাবেহে আছিল । আৰ্যসকলে এই শিক্ষালাভৰ পৰা বঞ্চিত হৈছিল । সত্যকাম নামৰ শিষ্যজনৰ নামভৰ্তিকৰণ পক্ৰিয়াৰ পৰা এই বিষয়ে জনা যায় । বুদ্ধ শিক্ষা ব্যৱস্থা সম্পূৰ্ণভাৱে মুক্ত আছিল । বিদ্যালয়ৰ দুৱাৰ সকলো জাতৰ শিক্ষাৰ্থীৰ বাবে খোলা আছিল । বুদ্ধ শিক্ষা ব্যৱস্থাত জাতপাতৰ বিচাৰ কৰা হোৱা নাছিল । 

পঞ্চমতেঃ দুয়োটা শিক্ষা ব্যৱস্থাত মাধ্যমৰ ভিন্নতাও আছিল । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ মাধ্যম আছিল সংস্কৃত । আনহাতে বুদ্ধ শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহৃত হৈছিল পালি । কিন্তু পিছলৈ বুদ্ধ শিক্ষা ব্যৱস্থাটো সংস্কৃত ভাষাক মাধ্যম হিচাপে প্ৰয়োগ কৰা হৈছিল । 

ষষ্ঠতে ঃ বৈদিক শিক্ষা ব্যৱস্থাৰ শিষ্যসকলে সম্পূৰ্ণৰূপে শাৰীৰিক দক্ষতা দেখুৱাব লাগিছিল । কিন্তু  বুদ্ধ শিক্ষা ব্যৱস্থা  ইয়াৰ ব্যতিক্ৰম আছিল । 

সপ্তমতেঃ  মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰতো দুয়োটা আদৰ্শত অমিল আছিল । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ আৰম্ভণীতে মহিলা শিক্ষাক উদগনি দিয়া হৈছিল, কিন্তু শেষলৈ কঠোৰ নীতি-নিয়মত মহিলাসকলক আবদ্ধ ৰাখি শিক্ষালাভৰ পৰা আতৰাই অনা হৈছিল । আনহাতে বুদ্ধ শিক্ষা ব্যৱস্থাত মহিলাসকলৰ বাবে সুকীয়া অনুষ্ঠান গঢ়ি তোলা হৈছিল । মহিলাসকলৰ বাবে নানাৰি ব্যৱস্থা প্ৰকল্পিত হৈছিল । বুদ্ধ ভিক্ষুকসকলৰ দৰে মহিলাসকলেও ভিক্ষুণী হিচাপে পৰিগণিত হৈছিল আৰু মঠসমূহত বাস কৰিছিল । 

অষ্টমতেঃ আনন্দ পাৰ্বণ আদিৰ ক্ষেত্ৰতো অমিল পৰিলক্ষিত  হৈছিল । বৈদিক যুগৰ শিষ্যসকলে আনন্দ লাভৰ চেষ্টা কৰিব নোৱাৰিছিল আৰু আনন্দ লাভ তেওঁলোকৰ ভাগ্যত নঘটিছিল । এই ক্ষেত্ৰত এষাৰ কথা উল্লেখ আছে । আনহাতে বুদ্ধ আদৰ্শত খেল-ধেমালিৰ ব্যৱস্থা প্ৰচলিত আছিল । এই বিষয়ে চুলভাগত বৰ্ণিত আছে । শিষ্যসকলে নাচ, অভিনয় আৰু জুৱাখেলৰ মাধ্যমত আনন্দ উপভোগ কৰিছিল । 



৩। অতীত ভাৰতৰ বৈদিক আৰু বুদ্ধ শিক্ষা ব্যৱস্থাৰ এটি তুলনামূলক অধ্যয়ন দাঙি ধৰা । (Make a comperative study about the Vedic (Brahmanical) and Buddhist System of Education of ancient India)
Answer:  অতীত ভাৰতবৰ্ষত বৈদিক শিক্ষা ব্যৱস্থা আৰু বুদ্ধ শিক্ষা ব্যৱস্থাই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল । দুয়োটা শিক্ষা ব্যৱস্থাৰ মাজত বহুক্ষেত্ৰত মিল দেখা যায় যদিও বিভিন্ন ক্ষেত্ৰত অমিলো পৰিলক্ষিত হৈছে । যিবিলাক দিশৰ মিল পৰিলক্ষিত হৈছে তালৈ লক্ষ্য কৰিলে দেখা যায় যে বুদ্ধ শিক্ষা ব্যৱস্থাৰ অমিলখিনি সমল বৈদিক শিক্ষা ব্যৱস্থাৰ পৰা লোৱা হৈছে । দুয়োটা শিক্ষা ব্যৱস্থাৰে মূল উদ্দেশ্য আছিল একেটাই । মাত্ৰ আদৰ্শৰ ক্ষেত্ৰতহে পাৰ্থক্য আছিল । ভগৱান বুদ্ধই জয়লাভ কৰিছিল বৈদিক ধাৰণাৰ মাধ্যমত । তেওঁৰ ঘৰুৱা শিক্ষক এগৰাকীও ব্ৰাহ্মণ আছিল । এইবিলাক দিশৰ পৰা কব পাৰি যে বুদ্ধ আদৰ্শটো ব্ৰাহ্মণিক আদৰ্শত সোমাই পৰা স্বাভাৱিক । বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত ব্ৰাহ্মণসকলৰ প্ৰাধান্য অধিক হোৱা বাবে প্ৰত্যাহ্বানস্বৰূপে বুদ্ধ আদৰ্শবাদৰ জন্ম হৈছিল । বুদ্ধ শিক্ষা ব্যৱস্থাক সম্পূৰ্ণভাৱে নতুন কৰিব বিচাৰিলেও অধিক সংস্খ্যক দিশ বৈদিক শিক্ষাৰ পৰা আহি পৰিছিল ।
বৈদিক আৰু বুদ্ধ ধাৰণাত শিক্ষাৰ্থীসকলক বিশেষ অনুষ্ঠানৰ মাধ্যমত সোমাই লোৱা হৈছিল । দুয়োটা ধাৰণাৰ পদ্ধতি বেলেগ যদিও উদ্দেশ্য এটাই আছিল । দুয়োটা পদ্ধতিৰ অন্তৰ্ভূক্তকৰণ অনুষ্ঠানটোত শিক্ষক আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণ একেধৰণৰ । অনুষ্ঠান দুটাৰ মাধ্যমত শিষ্যসকলক প্ৰকৃত কৰ্তব্যবোধৰ ধাৰণাৰ জ্ঞান দিয়া হয় ।
দুয়োবিধ শিক্ষা ব্যৱস্থাতে গুৰুৰ প্ৰাধান্যতা অধিক আছিল । শিষ্যসকলে সম্পূৰ্ণ ১২ বছৰকাল গুৰুৰ নিৰ্দেশত কঠোৰ নিয়ম কানুনৰ মাধ্যমত কটাব লাগিছিল । দুয়োটা ধাৰণাৰে উদ্দেশ্য আছিল শিষ্যসকলক ঘৰৰ বাহিৰত শিক্ষালাভৰ সুবিধা প্ৰদান কৰা । বৈদিক যুগৰ শিষ্যসকলে বৈদিক শিক্ষালাভৰ বাবে নিজৰ ঘৰ আৰু পৰিয়াল ত্যাগ কৰি গুৰুৰ আশ্ৰমত জীৱন কটাইছিল । সেইদৰে বুদ্ধ যুগৰে শিষ্যসকলে শিক্ষালাভৰ উদ্দেশ্যৰ মঠ আৰু বিহাৰবোৰত জীৱন কটাইছিল । 
বৈদিক আৰু বুদ্ধ শিক্ষা ব্যৱস্থাৰ গুৰু আৰু শিষ্যসকলে একে নীতিকে অৱলম্বন কৰিছিল । গুৰুৱে শিষ্যসকলক নিজৰ পুত্ৰ দৰে মৰম -চেনেহ কৰি শিক্ষাদান কৰিছিল । সেইদৰে শিক্ষাৰ্থীসকলেও গুৰুক নিজৰ পিতৃৰ দৰে সকলো ক্ষেত্ৰতে মানি চলিছিল । 
দুয়োটা ধাৰণাৰ অনুশাসন ব্যৱস্থা অতি কঠোৰ আছিল । বৈদিক শিক্ষা ব্যৱস্থাত গুৰু আছিল একনায়ক । তেওঁৰ নিৰ্দেশ আৰু সিদ্ধান্ত আছিল সকলোৰে উৰ্ধত । ঠিক তেনেদৰে মঠসমূহৰ নীতি-নিয়মো অতি শক্তিশালী আছিল । পূৰ্মভিক্ষুকসকলৰ নিৰ্দেশত শিষ্যসকলে শিক্ষালাভ কৰিছিল । 
বৈদিক শিক্ষা ব্যৱস্থা আৰু বুদ্ধ শিক্ষা ব্যৱস্থাত ভিক্ষাবৃত্তি সম্পূৰ্ণৰূপে কৰণীয় আছিল । দুয়োটা আদৰ্শত জীৱন-ধাৰণৰ প্ৰকৃত মূল্য ভিক্ষাবৃত্তিৰ মাধ্যমত আহে বুলি ধৰি লোৱা হৈছিল । ভিক্ষাবৃত্তিৰ উদ্দেশ্য যদিও অৰ্থনৈতিক আছিল তথাপি ইয়াৰ মাজেৰে শিষ্যসকলে সমাজৰ জীৱনধাৰণ প্ৰণালী, মানৱতাবোধ  আদিৰ শিক্ষাও লাভ কৰিছিল । ভিক্ষা কৰিবলৈ যোৱাটো শিক্ষা ব্যৱস্থা দুটাৰ দৈনন্দিন কাৰ্যসূচীৰ অন্তৰ্ভূক্ত আছিল । ইয়াক শিষ্যসকলৰ কৰ্তব্য হিচাপে ধৰা হৈছিল । 


Type Hirak Jyoti Bora.
Author_ Ali rani Kakati ( Ba in History Major) 



Post ID :DABP003870