ন্যায়পালিকাৰ অৱদান

ন্যায়পালিকা আৰু সংসদৰ মাজত হোৱা বিতৰ্কৰ কালছোৱাত সংসদে ভাবিছিল যে দুখীয়া পিছপৰা আৰু দৰিদ্ৰ জনসাধাৰণৰ স্বাৰ্থৰক্ষাৰ বাবে আইন প্ৰণয়ন ( আৰু সংশোধন কৰা) ইয়াৰ দায়িত্ব। ন্যায়পালিকাই আকোৰগোজ কৈ লাগিছিল যে সাংবিধানিক গাঁথনিৰ ভিতৰতে এই সকলোবোৰ হব লাগিব আৰু জনমুখী ব্যৱস্থাসমূহে আইনগত পদ্ধতি অতিক্ৰম কৰিব নালাগিব। কিয়নো সজ উদ্দেশ্যেৰে আইন অতিক্ৰম কৰিলেও ক্ষমতা অধিকাৰীসকলে স্বেচ্ছাচাৰিভাবে কাম কৰাৰ ই এটা অজুহাত হব পাৰে আৰু গণতন্ত্ৰই যেনেকৈ জনসাধাৰণৰ মঙ্গঁলৰ কথা কয় তেনেকৈ ই ক্ষমতা স্বেচ্ছাচাৰিতাক বাধাও দিয়ে। এই উৎকন্ঠবোৰ নোহোৱা কৰাতেই ভাৰতীয় সংবিধানৰ সফলতা নিৰ্ভৰ কৰিছে। বিখ্যাত কেশবানন্দ গোচৰৰ ৰায়দানত ন্যায়পালিকাই সংবিধানৰ আক্ষৰিক অৰ্থতকৈ ইয়াৰ মূল বক্তব্যৰ প্ৰতি অধিক গুৰুত্ব দি এই সমস্যা পৰা উদ্ধাৰ পোৱাৰ এটা উপায় উলিয়াইছিল। সংবিধানখন পঢ়িলে তুমি সংবিদানত মূল গাঁথনিৰ কোনো উল্লেখ নাপায়। সংবিধানে কতো কোৱা নাই যে অমুক অংশ মূল গাঁথনিৰ অন্তৰ্গত। এই অৰ্থত,মূল গাঁথনি তত্বটো ন্যায়পালিকাৰ আৱিস্কাৰ। কতো নথকা এনে এটা বস্তু ই কেনেকৈ আৱিস্কাৰ কৰিলে? আকৌ যোৱা ৩ টা দশকত আন সকলো অনুষ্ঠানে ইয়াক কেনেকৈ মানি ললে?

    তাতেই আখৰ আৰু আমাৰ আত্মাৰ পাৰ্থক্যটো লুকাই আছে। আদালৰ সিদ্ধান্ত অনুসৰি কোনো পাঠ বা দলিল পঢ়িলে আমি তাৰ আৰঁত থকা উদ্দেশ্যেক শ্ৰদ্ধা কৰিব লাগিব। যে সামাজিক পৰিস্থিতি আৰু আকাঙ্খাৰে সেই আইন বা দলিল ৰচনা কৰা হৈছিল সি কেৱল আইনৰ পাঠ নহয় তাতকৈ অধিক গুৰুত্বপূৰ্ণ। আদালতে মৌলিক গাঁথনি এনে ধৰণে বিবেচনা কৰিছিল যেন তাৰ অবিহণে সংবিধানখনৰ কল্পনাও কৰিব নোৱাৰি। এয়া সংবিদানখনৰ আখৰ আৰু আত্মাৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ এক প্ৰচেষ্টা। 

Type Sumit Patar

Class 11 Political science 



Post ID : DABP004003