UNIT-2 


 Cultural Developments : Art And Architecture, Literature  

              (সাংস্কৃতিক বিকাশ ঃশিল্পকলা আৰু স্থাপত্য, সাহিত্য় ) 

1. Long Questions : 

i)    Discuss the salient Features of the Gupta Art (গুপ্তা কলাৰ মুখ্য বৈশিষ্ট্যসমূহ কোনে কলুষিত কৰে ) 

উত্তৰঃ-  গুপ্ত কলা নানান বৈশিষ্ট্যৰে ভৰা । গুপ্তকলা আছিল সম্পূৰ্ণৰূপে ভাৰতীয় কলা । ভাৰতীয়লোকলে বৈদেশীক কলা-কৌশলৰ পৰা মুক্ত হৈ সম্পূৰ্ণ স্বাধীনতাৰে কলা-কৌশলপূৰ্ণ মূৰ্ত্তি নিৰ্মাণ কৰিছিল । গুপ্তকলাৰ বিষয়বস্তু আৰু প্ৰকাশৰ পদ্ধতি দুয়োটাই ভাৰতীয় । গুপ্তকলাত সৰলতা,বাস্তৱবাদ, প্ৰাকৃতিক সৌন্দৰ্য, আধ্যাত্মিকতাবাদ, ধৰ্ম, আৰু সৌন্দৰ্যকান্তিবাদৰ এটা সুন্দৰ সংমিশ্ৰণ       ঘটিছে । তাৰোপৰি গুপ্ত কলা পৌৰাণিক দস্তৰৰ পৰা বাহিৰ হৈ আহিছে । গুপ্তযুগৰ পৰাই ভাৰতীয় শিল্পকলাৰ পৰা গ্ৰীক প্ৰভাৱ নাইকীয় হৈ পৰিছে । ভাৰতীয় শিল্পীৰ প্ৰাধান্য বৃদ্ধি হৈছে । গুপ্তকলাত ভাৰতীয় শিল্পীৰ নিজস্ব কলা-কৌশলও প্ৰকাশ পাই আহিছে । গুপ্তকলাত গঠনৰ সৰলতা আৰু প্ৰকাশৰ মাধুৰ্যতা হৈছে এটা বিশেষ বৈশিষ্ট্য । গুপ্তশিল্পীয়ে সফলভাৱে তেওঁলোকৰ শিল্পকাৰ্যত একক প্ৰকৃতিৰ ধাৰণাটো প্ৰকাশ কৰিছে বা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে । । সেই একেদৰে গুপ্ত ভাস্কৰ্য,অমৰাবতী মূৰ্ত্তিত উন্নতিৰ চিহ্ন প্ৰতিফলিত হৈছে ।  সেইদৰে শিল্পৰ বাহ্যিক ৰূপ আৰু আভ্যন্তৰীণ ভাৱৰ এটা সুন্দৰ মিশ্ৰণ ঘটিছে । গুপ্তকলাত গভীৰ ধৰ্মীয় আৰু আধ্যাত্মিক ভাৱৰ স্পষ্ট প্ৰকাশ হৈছিল ।  গুপ্তকলাৰ নিদৰ্শনসমূহ আছিল অট্টালিকা বা ৰাজপ্ৰসাদ, মন্দিৰ, স্তম্ভ, বিহাৰ আৰু গুহা । কিছুমান গুপ্তকলা মন্দিৰআৰু অট্টালিকা হুন আৰু মুছলমানৰ আক্ৰমণত ধ্বংস হৈ গৈছিল ।সেইদৰে মুছলমানসকলে গুপ্ত কলাৰ মুখ্য বৈশিষ্ট্যসমূহ মুছলমানসকলে কলুষিত কৰে । 

ii)  Discuss the Significant Development of Literatures During the Gupta Age ( গুপ্ত যুগৰ  সাহিত্যৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে  চমুকৈ লিখা ।
উত্তৰঃ-  গুপ্তযুগত সাহিত্যৰ অৱদান হল অতি গুৰুত্বপূৰ্ণ । গুপ্তযুগৰ সময়ত বহুতো সাহিত্য বা গ্ৰন্থ ৰচনা কৰা হৈছিল । গুপ্তযুগৰ সময়ত কাব্যজগতৰ এজন শ্ৰেষ্ঠ আৰু বহুমুখী প্ৰতিভাৰ উত্তৰাধিকাৰী আছিল মহাকবি কালিদাস ।কালিদাসে গুপ্তবংশৰ ৰাজত্বকালত বহুতো  গ্ৰন্থ ৰচনা কৰিছিল । সেই গ্ৰন্থ বা সাহিত্যবোৰ হল অভিজ্ঞামম শকুন্তলম , মালবিকাগ্নিমিত্ৰম, ৰঘুবংশম, কুমাৰউদ্ভৱ মেঘদুত, ঝতুসংহাৰ আৰু বিক্ৰম উৰ্বশীয়ম। কালিদাসৰ লগতে আৰু আন বিখ্যাত পণ্ডিতৰ জন্ম হৈছিল । তাৰ ভিতৰত কেইজনমান উল্লেখযোগ্য পণ্ডিত হল শূদ্ৰক,হৰিসেন, দণ্ডিণ, অমৰসিংহ, ভাব ।
গুপ্তযুগত সাহিত্যৰ যথেষ্ট উন্নতি সাধন হৈছিল । এই উন্নতিক গুপ্তযুগৰ ভালেমান পণ্ডিত আৰু গুপ্ত ৰজাই বৰঙণি আগবঢ়াইছিল । গুপ্তসকলৰ ৰাজসভাত বহুতো গুণী-জ্ঞানী পণ্ডিতে স্থান লাভ কৰিছিল । এই পণ্ডিতসকলে ৰজাৰ ৰাজসভাত স্থান লাভ কৰাৰ পিছত গুপ্ত যুগৰ সাহিত্যৰ জগতখনক শুৱনি কৰি থৈ গৈছে । গুপ্ত যুগত স্থান লাভ কৰা ৯ জন পণ্ডিতক নৱৰত্ন নামেৰে জনা যায় । এই নৱৰত্নবোৰৰ ভিতৰত আছিল কালিদাস, বৰাহমিহিৰ, ঘটকৰ্প, ধনস্তৰী, বৰাহৰুচী , অমৰসিংহ, ক্ষপনক, শংকু আৰু বেতালভট্ট । সাহিত্য প্ৰতিভাৰ এগৰাকী মহান ব্যক্তি ভাৰবীয়ে কীৰাতাৰ্জ্জুন ৰচনা কৰিছিল । এই যুগতে শূদ্ৰকে মূচ্চকটিকা আৰু বিশাখাদত্তই মুদ্ৰাৰাক্ষসৰচনা কৰিছিল ।  গুপ্তযুগৰ ৰজা সমুদ্গুপ্তৰ মন্ত্ৰী হৰিসেনে এলাহাবাদ প্ৰশস্তি নামৰ এখন গ্ৰন্থ ৰচনা কৰিছিল । দ্বিতীয় চন্দ্ৰগুপ্তৰ সভাৰ কবি বীৰসেন সাবই আছিল প্ৰখ্যাত কবি আৰু লগতে আছিল ব্যাকৰণবিদ । তাৰোপৰি কাব্য ৰচক দণ্ডিণে কাব্যদৰ্শ আৰু দশকুমাৰচৰিত গ্ৰন্থ ৰচনা কৰিছিল । গুপ্তযুগৰ সাহিত্যৰ স্ত্ৰষ্টাসকলৰ ভিতৰত আছিল কবি অমৰসিংহ । অমৰসিংহই ৰচনা কৰা গ্ৰন্থখনৰ নাম আছিল অমৰকোষ ।  তাৰোপৰি গুপ্তযুগত বহুতো গদ্য সাহিত্য ৰচনা কৰা হৈছিল । ভাষ আছিল গুপ্তযুগৰ এজন মহান পণ্ডিত । তেওঁ তেৰখন নাটকৰ ৰচয়িতা আছিল । তেওঁৰ ৰচনাশৈলীৰ ভাষা আৰু ৰচনা কৌশল একে পদ্ধতিৰ আছিল । তেওঁ ৰচনা কৰা তেৰখন গ্ৰন্থ বা নাটক আছিল দূতবাক্য, বালচৰিত্ৰ, প্ৰতিমা, অভিষেক, অবিমাৰ্ক ইত্যাদি । সেই যুগতে ভাট্টিয়ে ৰাবনবধনামৰ এখনগ্ৰন্থ ৰচনা কৰিছিল । তেওঁৰ ৰচনাগ্ৰন্থবোৰক ভট্টিকাব্য নামেৰে জনা যায় । গুপ্ত যুগৰ আন আন সাহিত্যিক অৱদানবোৰ আছিল যাজ্ঞবল্ক, নাৰদ, কাত্যায়ন আৰু বৃহস্পতি স্মৃতিশাস্ত্ৰ । কামাণ্ডকৰ নীতিসাৰ গুপ্তৰজাৰ কোনোবামন্ত্ৰীয়ে ৰচনা কৰিছিল । সেই সময়ত হিতোপদেশ, পদাৰ্থধৰ্ম-সংগ্ৰহ ৰচনা কৰিছিল । গুপ্তযুগত দাৰ্শনিক বৌদ্ধায়ন, উপবৰ্ষ আৰু ভাৰত্ৰিপপেনহৰ উত্থান হৈছিল । সেইদৰে ুুুুুবৌদ্ধ লেখক অংসগই যোগচাৰভূমিশাস্ত্ৰ আৰু মহাযান সম্পৰিগ্ৰহ ৰচনা কৰিছিল । বসুবন্ধই মহাযান আৰু হীনযান বৌদ্ধ দৰ্শনৰ ওপৰত বহুতো গ্ৰন্থ ৰচনা কৰিছিল । 

 ( iii) What were the Salient features of the Ajanta and Bagh paintings ?(অজন্তা আৰু বাঘ চিত্ৰৰ মুখ্য বৈশিষ্ট্যবোৰ কি আছিল লিখাঁ ?)

উত্তৰঃ-  অজন্তা আৰু বাঘ চিত্ৰৰ মুখ্য বৈশিষ্ট্যবোৰ হল 

ক) সমতাৰ পূৰ্ণ ধাৰণা হল বাঘ চিত্ৰকলাৰ বিশেষত্ব । আনহাতে অজন্তাৰ গুহাত এনে বিশেষত্ব দেখা পোৱা নাযায় ।

খ) অজন্তা গুহাৰ চিত্ৰবোৰ বিভিন্ন সময়ত অংকন কৰা হৈছে  কিন্তু বাঘৰ চিত্ৰবোৰ এবাৰহে অংকন কৰিব পৰা যায় । 

গ) অজন্তাৰ চিত্ৰবোৰ প্ৰাকৃতিকভাৱে ধৰ্মীয় কিন্তু বাঘৰ চিত্ৰবোৰ সামাজিক জীৱনৰ ওপৰত ভিত্তি কৰি অংকন কৰা হৈছে ।  

ঘ) অজন্তাৰ চিত্ৰবোৰ সজীৱ নহয় কিন্তু বাঘৰ চিত্ৰবোৰ অজন্তাৰ চিত্ৰকলাতকৈ বেছি সজীৱ । 

( iv ) Why Gupta period is called the Golden age of Ancient India .(গুপ্ত যুগক কিয় প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি কোৱা হয় )  

উত্তৰঃ গুপ্তযুগক ভাৰতীয় ইতিহাসত সোণালী যুগ বুলি কোৱা হয় । গুপ্তবংশৰ ৰাজত্বৰকালছোৱাত সাহিত্য-সংস্কৃতি, সভ্যতা, শিল্পকলা, আদি সকলো দিশৰ উন্নতি সাধন হোৱাৰ কাৰণে গুপ্ত যুগকবা ুপ্ত ৰাজবংশৰ শাসনৰ সময়ছোৱাক সোণালী যুগ বুলি কোৱা হয় । গুপ্তৰজাসকলৰ প্ৰজাহিতৈষী শাসন ব্যৱস্থাই ৰাজ্যখনৰ অৱস্থা সুস্থিৰ কৰিছিল, সমৃদ্ধ কৰিছিল আৰু ৰাজ্যত শান্তিৰ পৰিৱেশ ৰচনা কৰা হৈছিল । গুপ্ত ৰাজবংশৰ শাসনকালত ৰাজনৈতিক একতা,শান্তি আৰু নিৰাপত্তা, ৰাজ্যখনৰ অৰ্থনৈতিক সা-সমৃদ্ধি বৃদ্ধি কৰা, সাংস্কৃতিক বিকাশ, বিভিন্ন ধৰ্মৰ লগতে ব্ৰাহ্মণ বা হিন্দু ধৰ্মৰ পুনৰুত্থান বৌদ্ধিক বিকাশ, সামাজিক বিকাশ আৰু শিল্পকলাৰ বিকাশ সম্ভৱপৰ হৈছিল । ইয়াৰ উপৰিও এই গুপ্তযুগৰ সময়তে ৰাজসভাৰ কাম-কাজ, মুদ্ৰা, বিজ্ঞান আৰু শিল্প-কলাত বৈদেশীক প্ৰভাৱ পৰা দেখা যায় । বিদেশী চিত্ৰকলাৰ প্ৰতি হাবিয়াস বাঢ়ি যোৱাৰ কাৰণে সকলো দিশতে ভাৰতীয় সত্বাৰ স্বকীয়তা প্ৰতিষ্ঠা প্ৰতিষ্ঠা হৈছিল গুপ্তযুগতে । গুপ্ত ৰজাসকলৰ সময়ছোৱাক হিন্দু ইতিহাসৰ সোণালী যুগ বুলি কোৱাহয় । ই সক্ষম, বহুমুখী প্ৰতিভাশালী আৰু শক্তিশালী ৰজাসকলৰ কিছুসংখ্যক  ৰজাৰ ৰাজত্বকালক সামৰি লৈছে । যিসকলে উত্তৰ ভাৰতৰ এটা বিশাল অংশক এটা ৰাজনৈতিক ছত্ৰৰ অধীনলৈআনি প্ৰতিষ্ঠা কৰিছে ।ভি এ. স্মিথে গুপ্তযুগক ভাৰতৰ বুৰঞ্জীৰ মহান যুগ বুলি গণ্য কৰিছে বা আখ্যা দিছে । স্মিথৰ মতে গুপ্ত ৰজাসকলৰ ৰাজত্বকালতে সকলোৱে গ্ৰহণ কৰিব পৰা এখন সন্তোষজনক ছবি এখন আনি দিছিল । যিখন হিন্দু ইতিহাসৰ কোনো যুগতে সম্ভৱ হোৱা নাছিল । এল.পি বাৰ্ণেটে মন্তব্য কৰিছিল যে শ্ৰেষ্ঠ ভাৰতৰ ইতিহাসত গুপ্ত যুগ গ্ৰীচৰ ইতিহাসৰ পেৰিক্লিছৰ যুগৰ নিচিনা । ভি.এ স্মিথে গুপ্ত যুগক ইংলেণ্ডৰ ষ্টুৱাৰ্ট আৰু এলিজাবেথৰ যুগৰ সৈতে তুলনা কৰিছে । সকলো দিশৰ ক্ৰৰ্মবৰ্দ্ধমান গতিৰ ফলত ভাৰত উন্নতিৰ উচ্চ শিক্ষাত বা শিখৰত উপনীত হোৱাৰ বাবে গুপ্ত ৰজাসকলৰ উদাৰতা, ৰাজনৈতিক স্থান আৰু জাতীয় জ্ঞানেই দায়ী । গুপ্ত ৰজাসকলৰ ৰাজত্বকালৰ বিশেষকৈ ৩২০ খ্ৰীঃৰ পৰা ৪৯০খ্ৰীঃলৈ ৰাজ্যশাসন কৰা মহান গুপ্ত ৰজা প্ৰথম চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত দ্বিতীয়চন্দ্ৰগুপ্ত, কুমাৰগুপ্ত আৰু স্কন্দগুপ্তৰ ৰাজত্বৰ কালছোৱাতে মহান যুগৰ আখ্যা পোৱাত কৃতিত্ব বৰঙণি যোগোৱা দিশবোৰ তলত আলোচনা কৰা হৈছে । 

গুপ্ত ৰজাসকল সুদক্ষ আৰু আদৰ্শবান ৰজা আছিল। প্ৰশাসন, বিচাৰ, সামৰিক,বৈদেশীক,সামাজিক আদি বিভাগৰ কাৰ্য সম্পাদন কৰাৰ ক্ষেত্ৰত গুপ্ত ৰজাসকলে উপযুক্ত জ্ঞান ,কৌশল, দক্ষতা আৰু আদৰ্শ অনুসৰণ কৰিছিল । তেওঁলোকৰ দক্ষতাপূৰ্ণ জ্ঞানৰ বাবেচাৰিওফালে শত্ৰুৱে আৱৰি ৰখাৰ পিছতো অতি সাহস আৰু অভিজ্ঞ কৌশলেৰে দুৰ্বল গুপ্ত সাম্ৰাজ্যক শক্তিশালী কৰি বিশ্বত ভাৰতবৰ্ষৰ যশস্যা আৰু গুণ গৰিমা প্ৰচাৰ কৰিছিল । ৰাজনৈতিক, সামৰিক আৰু কুটনৈতিক জ্ঞানৰ অধিকাৰী গুপ্ত ৰজাসকলে খণ্ডন হৈ থকা ভাৰতক একত্ৰিত কৰি একক শাসনৰ অধীনলৈ আনিছিল । সেইদৰে দুৰ্বল আৰু ভুদ্ৰ গুপ্ত সাম্ৰাজ্যৰ সম্প্ৰসাৰণ কৰি এখন বিশাল সাম্ৰাজ্যৰ সৃষ্টি কৰিছিল । ৰাজ্্যখন সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত গুপ্ত ৰজাসকলে নীতি-নিয়ম আৰু আদৰ্শবোৰ মানি চলিছিল । গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তই ধৰ্ম বিজয় আৰু দিগ্বীজয়ৰ আদৰ্শৰ ভেটিত ভাৰতীয় ৰাজ্যবোৰ তেওঁৰ অধীনত ৰাখিছিল । কেন্দ্ৰীয় ক্ষমতাৰ অধিকাৰী হৈও গুপ্ত ৰজাসকলে ক্ষমতাৰ অপব্যৱহাৰ কৰা নাছিল । সেইকাৰণে চীনা পৰিব্ৰাজক ফাহিয়ানে তেওঁৰ টোকাত লিখিছিল যে গুপ্ত বংশৰ ৰজাসকল আছিল ন্যায়পৰায়ণ আৰু ৰাজ্যৰ সমৃদ্ধি আৰু উন্নতিৰ কাম কৰিছিল । গুপ্ত ৰজাসকল দুৰদৰ্শীজ্ঞানৰ অধিকাৰী আছিল । গুপ্ত ৰাজবংশৰ প্ৰথমজন সাৰ্বভৌম ৰজা প্ৰথম চন্দ্ৰগুপ্তই লিচ্ছবি ৰাজ্যৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰি গুপ্ত সাম্ৰাজ্যৰ ক্ষমতা বৃদ্ধি কৰিছিল । লগতে ৰাজ্যখনৰ নিৰাপত্তা সু-নিশ্চিত কৰিছিল । সমুদ্ৰগুপ্তইয়ো উত্তৰ আৰু দক্ষিণ ভাৰত জয় কৰাৰ ক্ষেত্ৰত দুৰদৰ্শিতা আৰু কুটনৈতিক জ্ঞানৰ পৰিচয় দিছিল । 

সেই একেদৰে দ্বিতীয় চন্দ্ৰগুপ্তই শকজাতিক নিপাত কৰিছিল বা শেষ কৰিছিল । কুমাৰগুপ্ত আৰু স্কন্দগুপ্তৱে শকসকলক আক্ৰমণ দমন কৰি ৰাজ্যখনৰ অখণ্ডন ৰক্ষা কৰাৰ ক্ষেত্ৰত সামৰিক দক্ষতা প্ৰদৰ্শন কৰিছিল । 


2. Short questions : 

( 1 ) Science and Technology of the Gupta period .(গুপ্ত যুগৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ে চমুকৈ লিখাঁ )

উত্তৰঃ-   গুপ্ত যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতিৰ বিষয়ে এই সময়ছোৱাত এই বিষয়বোৰৰ ওপৰত লিখা গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ পৰা ধাৰণা কৰিব পাৰি। তেওঁলোকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে আৰ্যভাটিয়াম নামৰ এক জ্যোতিৰ্বৈজ্ঞানিক পাঠ, যিটো পঞ্চম শতিকাত আৰ্যভট্টৰ দ্বাৰা লিখা হৈছিল ।

আৰ্যভট্ট এজন জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ আছিল। তেওঁ প্ৰথমবাৰৰ বাবে পৰামৰ্শ দিছিল যে পৃথিৱীখন ইয়াৰ অক্ষত ঘূৰে, আৰু সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে আৰু গ্ৰহণৰ কাৰণ হয়। তেওঁ প্ৰথমে "শূন্য" আৰু দশমিক প্ৰণালীৰ ব্যৱহাৰ উদ্ভাৱন কৰিছিল।

আন এজন পণ্ডিত ভাৰহামিহিৰা (ষষ্ঠ শতিকাৰ শেষৰ ফালে) এজন মহান জ্যোতিৰ্বিজ্ঞানী আছিল যিয়ে জ্যোতিৰ্বিজ্ঞানৰ ওপৰত কেইবাখনো কিতাপ লিখিছিল। তেওঁৰ কাম পঞ্চসিদ্ধান্তিকাপাঁচটা জ্যোতিৰ্বৈজ্ঞানিক প্ৰণালীৰ সৈতে সম্পৰ্কিত। ব্ৰহ্মগুপ্ত এজন প্ৰখ্যাত গণিতজ্ঞও গুপ্ত যুগত বাস কৰিছিল।

 ( ü ) Development of Ayurvedic Science during the Gupta Age ?(গুপ্ত যুগত আয়ুৰ্বেদিক বিজ্ঞানৰ বিকাশৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাৰ পৰা আয়ুৰ্বেদৰ এক পুৰণি ইতিহাস আছে। আয়ুৰ্বেদৰ ভেটি আছে বৈশেশিকা নামৰ হিন্দু দাৰ্শনিক শিক্ষাৰ প্ৰাচীন বিদ্যালয় আৰু ন্যায় নামৰ যুক্তিবিদ্যাৰ বিদ্যালয়ৰ দ্বাৰা। ই প্ৰকাশৰ পৰিকাঠামোৰ সৈতেও সম্পৰ্কিত, যাক সম্খ্যা বুলি জনা যায়, আৰু ইয়াক একে সময়তে প্ৰতিষ্ঠা কৰা হৈছিল যেতিয়া ন্যায়া আৰু বৈশেশিকাৰ বিদ্যালয়বিলাক বিকশিত হৈছিল।
বৈশীকা বিদ্যালয়ে চিকিৎসাৰ বাবে ৰোগীৰ ৰোগজনিত স্থিতিৰ বিষয়ে প্ৰাপ্ত কৰিব লগা অনুমান আৰু ধাৰণাবোৰৰ বিষয়ে প্ৰচাৰ কৰিছিল। আনহাতে, ন্যায়া বিদ্যালয়ে ইয়াৰ শিক্ষাবোৰ এই ভিত্তিত প্ৰচাৰ কৰিছিল যে ৰোগীৰ অৱস্থা, আৰু চিকিৎসাৰ বাবে আগবাঢ়ি যোৱাৰ আগতে ৰোগৰ স্থিতিৰ বিষয়ে বিস্তৃত জ্ঞান থাকিব লাগে। বৈশেশিকাৰ বিদ্যালয়ে যিকোনো বস্তুৰ গুণাগুণক ছয় প্ৰকাৰত শ্ৰেণীবদ্ধ কৰে: পদাৰ্থ, বিশেষত্ব, কাৰ্যকলাপ, সাধাৰণতা, অধ্যৱসায় আৰু গুণাগুণ যাক ক্ৰমে দ্ৰাৱ্য, বিশেশা, কৰ্ম, সমমন্য, সমৱয় আৰু গুণ বুলি কোৱা হয়। 2, 3 পিছত, বৈশেশিকা আৰু ন্যায়া vaiśeṣika যুটীয়াভাৱে কাম nyāya কৰিছিল। nyāya vaiśeṣika বিদ্যালয়খনে পিছৰ বছৰবোৰত প্ৰাচীন জ্ঞানৰ গৌৰৱ কঢ়িয়াই আনিছিল আৰু সহায় কৰিছিল । মানৱজাতিৰ কল্যাণৰ বাবে ঋষিসকলৰ ওপৰত আৰোগ্য হোৱাৰ জ্ঞান। ঋষিসকলৰ পৰা পৰম্পৰাগত ঔষধৰ জ্ঞান শিষ্যসকললৈ আৰু তাৰ পিছত বিভিন্ন লিখনি আৰু মৌখিক বৰ্ণনাৰ দ্বাৰা সাধাৰণ মানুহলৈ প্ৰেৰণ কৰা হৈছিল। বনৌষধিবোৰৰ আৰোগ্যকাৰী গুণাগুণৰ বিষয়ে তথ্য কবিতাৰ ৰূপত ৰচনা কৰা হৈছিল, যাক "শ্লোক" বুলি কোৱা হয়। ঔষধি উদ্ভিদৰ ব্যৱহাৰ বৰ্ণনা কৰিবলৈ ঋষিসকলে এইবোৰ ব্যৱহাৰ কৰিছিল। হিন্দু আৰোগ্য প্ৰণালীটো যজুৰ বেদ, ৰিগ বেদ, চেম বেদ আৰু অথৰ্ব বেদ নামৰ চাৰিটা বিশিষ্ট জ্ঞান সংকলনৰ ওপৰত আধাৰিত বুলি বিশ্বাস কৰা হয়। ঋগ বেদ চাৰিওটা বেদৰ ভিতৰত আটাইতকৈ সুপৰিচিত আৰু ইয়াত 67 টা উদ্ভিদ আৰু 1028 শ্লোক বৰ্ণনা কৰা হৈছে। অথৰ্ব বেদ আৰু যজুৰ বেদত ২৯৩ আৰু ৮১ টা ঔষধি উপযোগী উদ্ভিদৰ বৰ্ণনা আছে। আয়ুৰ্বেদৰ প্ৰথা এই বেদৰ পৰা প্ৰাপ্ত জ্ঞানৰ ওপৰত আধাৰিত। ৰিগ বেদ আৰু অথৰ্ব বেদৰ লিখনিবোৰ হৈছে ।"আত্ৰেয়"ক দায়ী কৰা হৈছে যাক ভগৱান ইন্দ্ৰৰ পৰা এই জ্ঞান প্ৰদান কৰা হৈছিল বুলি বিশ্বাস কৰা হয়, যি প্ৰথমতে ভগৱান ব্ৰহ্মাৰ পৰা এই টো লাভ কৰিছিল।6, 7 অগ্নিবেশে বেদৰ পৰা জ্ঞান সংকলন কৰিছিল, আৰু ইয়াক চৰকা আৰু আন কিছুমান পণ্ডিতে সম্পাদনা কৰিছিল আৰু বৰ্তমান ইয়াক "চৰকা সমিতি" বুলি কোৱা হয়। চৰকা সংহিতাই আয়ুৰ্বেদিক ঔষধৰ সকলো দিশ বৰ্ণনা কৰে আৰু চুশ্ৰুত সংহিতাই অস্ত্ৰোপচাৰৰ বিজ্ঞান বৰ্ণনা কৰে।8, 9, 10, 11 এই দুয়োটা কিংবদন্তি সংকলন এতিয়াও পৰম্পৰাগত ঔষধৰ চিকিৎসকসকলে ব্যৱহাৰ কৰে। এই প্ৰাচীন গ্ৰন্থসমূহ তিব্বতীয়, গ্ৰীক, চীনা, আৰৱী আৰু পাৰ্চী ৰ দৰে বিভিন্ন অনুবাদ আৰু ভাষাত উপলব্ধ।12 বিভিন্ন পণ্ডিতৰ অৱদানৰ পৰা নিঘান্টু গ্ৰন্থ, মাধৱ নিদানা আৰু ভবা প্ৰকাশৰ দৰে আন কেইবাটাও সহযোগী সৰু সংকলন আছে, অৱশ্যে চৰকা সংহিতা সকলো ৰেকৰ্ডৰ ভিতৰত আটাইতকৈ সন্মানীয়।

 ( iii ) Development of Sanskrit literature during the Gupta period . ( গুপ্ত যুগত সংস্কৃত সাহিত্যৰ বিকাশৰ বিষয়ে চমুকৈ লিখাঁ )  

উত্তৰঃ- গুপ্তবংশৰ ৰাজত্বৰকালছোৱাক সংস্কৃত সাহিত্যৰ সোণালী যুগ বুলি কোৱা হয় । গুপ্ত সমাজৰ প্ৰধান ভাষাটোৰ নাম হল সংস্কৃত ভাষা । গুপ্ত ৰাজসভা বহুতো গুণী-জ্ঞানী পণ্ডিতে শুৱনী কৰিছিল । গুপ্ত ৰজাসকলে ৰাজ্যখনৰ জ্ঞানী পণ্ডিতসকলক বহুতো সন্মান প্ৰদৰ্শন কৰাৰ উপৰিও ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়াইছিল। এইমহান পণ্ডিতসকলে গুপ্ত সাহিত্যৰ ভৰাল চহকী কৰি গৈছে । আৰ্যভট্ট, বৰাহমিহিৰ, কালিদাস, হৰিসেন, অমৰসিংহ  গুপ্তযুগৰ প্ৰখ্যাত পণ্ডিত আছিল । গুপ্তসকলৰ ৰাজত্বকালতমুদ্ৰাৰাক্ষস, দেবীচন্দ্ৰগুপ্তম, মেঘদুত, ৰঘুবংশম, কুমাৰ সম্ভৱ , আদি বহুতো গ্ৰন্থ ৰচনা কৰা হৈছিল । সেই যুগতে হুতো বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । সেই সময়ৰ বিখ্যাত অনুস্থান আছিল তক্ষশীলা, আৰু নালন্দা বিশ্ববিদ্যালয়  । দুৰ-দুৰণিৰ পৰা উচ্চ শিক্ষাৰ এই অনুষ্ঠানলৈ ছাত্ৰবোৰ পঢ়িবলৈ আহিছিল । পাটলিপুত্ৰ আৰু বল্লভীও বিখ্যাত শিক্ষাৰ প্ৰধান কেন্দ্ৰস্থল আছিল । গুপ্তসকলৰ ৰাজত্বকালতে বিজ্ঞানৰ যথেষ্ট অগ্ৰগতি হোৱা দেখা গৈছিল । গুপ্তযুগৰ এজন বিখ্যাত বৈজ্ঞানিকৰ নাম হল আৰ্যভট্ট । তেওঁ আছিল একাধাৰে এজন জ্যোতিষী, গণিতজ্ঞ , জ্যোতিবিজ্ঞানী আদি । বিজ্ঞানৰ উন্নতিৰ২ এটা উদাহৰণ আছিল মেহৰুলিৰ লৌহ স্তম্ভ । বিজ্ঞানৰ বিকাশত বৰঙণি যোগোৱা প্ৰধান ব্যক্তিসকল হল চৰক, ব্ৰহ্মগুপ্ত আৰু ধনন্তৰী । গুপ্তসকলৰ ৰাজত্বকাল হিন্দু ধৰ্মৰ পুনৰুত্থানৰ বাবে বিখ্যাত  আছিল । গুপ্ত ৰজাসকল বৈষ্ণৱ ধৰ্মী আছিল গুপ্ত ৰজাসকলৰ প্ৰধান ভাষা আছিল সংস্কৃত। গুপ্তযুগৰ ৰজাসকলে বৈদিক ৰীতি-নীতিমতে ধৰ্মীয় কাৰ্যবোৰ সম্পাদন কৰিছিল । গুপ্তযুগৰ ৰজাসকলে অশ্বমেধ যজ্ঞ সম্পাদন কৰি হিন্দুধৰ্মক অধিক শক্তিশালী কৰি তুলিছিল । ৰজাসকলে বহুতো মঠ-মন্দিৰ নিৰ্মাণ কৰিছিল । গুপ্তসকলৰ ৰাজত্ব কৰি থকাৰ সময়তে োশিৱ,পাৰ্বতী, দশৱতাৰ মন্দিৰ আৰু বিষ্ণু মন্দিৰ নিৰ্মাণ কৰিছিল । গুপ্ত ৰজাসকল যদিও বৈষ্ণৱধৰ্মী আছিল তেোঁলোকে আন  ধৰ্মৰ প্ৰতিও সহনশীলতা নীতিহে গ্ৰহণ কৰিছিল । 

iv ) Write a short note on Kalidasa .(কালিদাসৰ বিষয়ে এটি চমুকৈ  টোকা লিখা )  

উত্তৰঃ- কালিদাস আছিল বিশ্বৰ এজন শ্ৰেষ্ঠ কবি । তেওঁ গুপ্তসভাৰ উজ্জল ৰত্নবোৰৰ ভিতৰত অন্যতম । তেওঁ  গুপ্তসম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজসভাত স্থান লাভ কৰিছিল । তেওঁ আছিল এজন সাধাৰণ ব্ৰাহ্মণ, এজন শৈৱ ধৰ্মৰ উপাসক আৰু লগতে বহুমুখী প্ৰতিভাৰ অধিকাৰী আছিল । কালিদাস আছিল কাব্যজগতৰ এজন শ্ৰেষ্ঠ পণ্ডিত আছিল । তেওঁ ৰচনা কৰা গ্ৰন্থবোৰ হল অভিজ্ঞনম শকুন্তলম, মালবিকাগ্নিমিত্ৰম, ৰঘুবংশ, কুমাৰসম্ভৱ, মেঘদূত ,ঝতুসংহাৰ আৰু বিক্ৰম উৰ্বশীয়ম । গুপ্তযুগত বহুতো সাধু-পণ্ডিতৰ জন্ম হৈছিল তাৰ ভিতৰত কালিদাস অন্যতম । 

3. Very short questions :

 ( 1 ) Mention two special characteristics of the Gupta pil lars .(গুপ্ত পিল লাৰ্চৰ দুটা বিশেষ বৈশিষ্ট্য উল্লেখ কৰা ) 

উত্তৰঃ গুপ্ত পিল লাৰ্চৰ দুটা বিশেষ বৈশিষ্ট্য হল গুপ্তা কলা হৈছে গুপ্ত সাম্ৰাজ্যৰ কলা, যি উত্তৰ ভাৰতৰ বেছিভাগ অঞ্চলশাসন কৰিছিল, প্ৰায় 300 ৰ পৰা 480 চিইৰ ভিতৰত ইয়াৰ শীৰ্ষস্থান আছিল, গ. 550 লৈকে যথেষ্ট হ্ৰাস হোৱা ৰূপত জীয়াই আছিল। গুপ্ত যুগক সাধাৰণতে সকলো মুখ্য ধৰ্মীয় গোটৰ বাবে উত্তৰ ভাৰতীয় কলাৰ এক উৎকৃষ্ট শিখৰ আৰু সোণালী যুগ হিচাপে গণ্য কৰা হয়। [2] গুপ্ত কলাৰ বিশেষত্ব হৈছে ইয়াৰ "ধ্ৰুপদী শালীনতা", পৰৱৰ্তী ভাৰতীয় মধ্যযুগীয় কলাৰ বিপৰীতে, যি "বৃহত্তৰ ধৰ্মীয় উদ্দেশ্যৰ অধীনস্থ" আছিল >

যদিও চিত্ৰাংকন স্পষ্টৰূপে বিস্তৃত আছিল, তথাপিও জীৱিত কাৰ্য্যবোৰ প্ৰায় সকলো ধৰ্মীয় ভাস্কৰ্য। এই সময়ছোৱাত হিন্দু কলাত আইকনিক খোদিত শিলদেৱতাৰ উদ্ভৱ হৈছিল, আনহাতে বুদ্ধ-চিত্ৰ আৰু জৈন তীৰ্থঙ্কৰাৰ চিত্ৰৰ উৎপাদন বিস্তাৰিত হৈ আছিল, পিছৰটো প্ৰায়ে বহুত ডাঙৰ পৰিসৰত আছিল। পৰম্পৰাগত মুখ্য 

 ( i ) What were the names of the two caves of the Udaygiri Hills .( উদয়গিৰিত অৱস্থিত পাহাৰৰ গুহা দুটাৰ নাম কি আছিল )

উত্তৰঃ-  উদয়গিৰিত অৱস্থিত পাহাৰৰ দুটা গুহাৰ নাম হল

ক) জাম্বেচভাৰা গুহা ।

খ) ব্যাগৰা গুহা ।


 ( ii ) State briefly the art of terracota .( টেৰাকোটাৰ কলাৰ বিষয়ে চমুকৈ উল্লেখ কৰা ) 

উত্তৰ

টেৰা-কোটা, (ইটালিয়ান: "বেকড আৰ্থ") আক্ষৰিক ভাৱে, যিকোনো ধৰণৰ ফায়াৰ কৰা মাটি কিন্তু, সাধাৰণ ব্যৱহাৰত, এক প্ৰকাৰৰ বস্তু- যেনে, পাত্ৰ, চিত্ৰ, বা গাঁথনিগত ৰূপ - যথেষ্ট মোটা, ছিদ্ৰযুক্ত মাটিৰ পৰা তৈয়াৰ কৰা হয় যাক ফায়াৰ কৰিলে নিস্তেজ গেৰুৰ পৰা ৰঙা লৈকে ৰং ধৰি লয় আৰু সাধাৰণতে গ্লেজ নোহোৱাকৈ ৰখা হয়।

 4. Objective type questions : 

( i ) What is the name of the Iron pillar ? (লোস্তম্ভৰ নাম কি আছিল ) 

উত্তৰঃ-  লোস্তম্ভৰ নাম হ

( ii) Why was Ellora famous for ?(ইলোৰা কিহৰ বাবে বিখ্যাত আছিল) 

উত্তৰঃ- ইলোৰা গুহাবোৰে ভাৰতীয় শিল-কটা স্থাপত্যৰ মূল সাৰাংশ প্ৰতিনিধিত্ব কৰে বুলি জনা যায়। ইলোৰাত বৌদ্ধ, হিন্দু আৰু জৈন গুহা মন্দিৰকে ধৰি মুঠ 34 টা গুহা আছে যিবোৰ 6ষ্ঠ আৰু 9ম শতিকাত বহু আগতে নিৰ্মাণ কৰা হৈছিল। 

 ( iii ) Who was the principal of Nalanda University ?(নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল)

উত্তৰঃ-   শীলভদ্ৰ নালন্দা বিশ্ববিদ্যালয়ৰ অধক্ষ্য আছিল ।  

( iv ) Who was the author of Pancasidhantika ? (পঞ্চসিদ্ধান্তিকাৰ লেখক কোন আছিল লিখাঁ ) 

উত্তৰঃ-  পঞ্চসিদ্ধান্তিকাৰ লেখক হল বৰাহমিহিৰ ।

 ( v ) Why was Aryabhatta famous for ?(আৰ্যভট্ট কিহৰ বাবে বিখ্যাত আছিল ) 

উত্তৰঃ- আৰ্যভট্টই সূৰ্য আৰু চন্দ্ৰগ্ৰহণৰ প্ৰকৃত আৰু প্ৰধান কাৰণসমূহ ব্যাখ্যা কৰিছিল আৰু লগতে আৰ্ভযট্ট হল প্ৰথমজন ভাৰতীয় জ্যোতিবিদ আছিল সেইকাৰণে আৰ্যভট্ট আছিল । 

 ( vi ) Who reconstructed the Sudarshan lake ? (সুদৰ্শন হ্ৰদটো কোনে পুনৰ নিৰ্মাণ কৰিছিল) 

উত্তৰঃ-  শকসকলৰ শাসক প্ৰথম ৰুদ্ৰদমনে সুদৰ্শন হ্ৰদটো পুনৰ নিৰ্মাণ কৰিছিল । 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type Arup Koch

Answer Type - Ali Rani Kakati