দেউৰীসকল

    অসম তথা পূৰ্বাঞ্চলৰ মঙ্গোলয়ডসকলৰ ভিতৰত দেউৰীসকলৰ অন্যতম জনগোষ্ঠী। মঙ্গোলয়ড নৃ গোষ্ঠীৰ অন্তৰ্গত দেউৰীসকল উওৰ পূৱ দিশৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটে কিন্তু ব্ৰহ্মপুএৰ উজনি অংশত বৰ্তমান অৰুণাচল প্ৰদেশৰ লুহিত জিলাৰ অন্তৰ্গত জৈদাম পাহাৰ আশে–পাশে বাস কৰিৱলৈ লয়।
    দেউৰী সমাজিকভাৱে চাৰিতা খেলত বিভক্ত- ডিবঙীয়া টেঙাপনীয়া বৰগঞা কিন্তু পাটগঞা। ডিবাং নদীৰ বসবাস কৰা সকল ডিবঙ্গীয়া টেঙাপানী নদীৰ পৰাত বাস কৰাসকল টেঙাপনীয়া বৰনদীৰ পাৰত থকাসকল বৰগঞা কিন্তু পাত শদিয়াত থকাসকল পাতৰ গঞা হিচাপে জনা যায়।
    শদিয়া অঞ্চলতইে দেউৰী সকলে বহুৰ বছৰৰ ধৰি বসবাস কৰি আছিল। কালক্ৰমত সম্ভৱত প্ৰাকৃতিক দুৰ্যোগ আন্তঃগোষ্ঠীগত যদ্ধ-বিগ্ৰহ অথবা উৰ্বৰা কৃষি ভুমিৰ সন্ধানত এই ঠাই এৰি লুইতৰ বুকুৱেদি ভটীয়াই আহি তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী কিন্তু লখিমপুৰ জিলাৰ ডিক্ৰংনদীৰ পাৰত প্ৰথমে বাস কৰিৱলৈ লয় কিন্তু তাৰ পিছত বিভিন্ন ঠাইলৈ সম্পসাৰণ ঘটে। দেউৰীসকল বৰ্তমান উজনি অসমৰ ৮ খন জিলা- তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট মাজুলী ধেমাজী লক্ষিমপুৰ কিন্তু বিশ্বনাথ জিলা আছে। দেউৰী সকলে নিজকে জিম চঁণায়া বুলি চিনাকি দিয়ে। দেউৰীসকল এটা স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ খিলঞ্জীয়া জনগোষ্ঠী। ভাৰতীয় সংবিধানে তেওঁলোকৰ অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছে।
ভাষাঃ

    দেউৰীসকলৰ ভাষা মূলতঃ চীন-তিব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত বৰ্মীয় ভাষা পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত। এই ভাষাটোৰ স্বকীয় কিছুমান বৈশিষ্ট্য আছে। ২০০৫ চনত ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে কিন্তু প্ৰাথমিক পৰ্যায়ত এই ভাষা বিষয় হিচাপে প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়।

ধৰ্মঃ

    দেউৰী সকল বৰ ধৰ্মবিশ্বাসী লোক। তেওঁলোকৰে কুন্দি ধৰ্মক বিশ্বাস কৰে। কুন্দিমামা্ হল তেওঁলোকৰ উপাস্য দেৱতা। কুন্দিমানে পৰম পুৰুষ পৰমেশ্বৰ কিন্তু মামা মানে প্ৰকৃতিক বুজাইছে। এই কুন্দিমামাই বিশ্ব ব্ৰ্হ্মাণ্ডৰ সৃষ্টিকৰ্তা কিন্তু পালনকৰ্তা বুলি তেওঁলোকে বিশ্বাস কৰে ।দেউৰীসকল সাধাৰণতে কৃষিজীৱী লোক। তেওঁলোকৰ জীৱন কিন্তু জীৱিকা খেতিৰ ওপৰতেই বহু পৰিমাণে নিৰ্ভৰশীল। ধান মাহ সৰিয়হ মৰাপাট কিন্তু বিভিন্ন প্ৰকাৰৰ শাক–পাচলি তেওঁলোকৰ প্ৰধান খেতি। বাসস্হানৰ বাবে সাধাৰণতে দেউৰী সকলে নৈৰপৰীয়া অঞ্চলৰ ঠাই নিৰ্দ্ধাৰণ কৰে। দেউৰীসকলে তাহানিৰে পৰা কাঠ বাঁহ বেত কিন্তু খেৰেৰে চাংঘৰ সাজি বাস কৰি আহিছে।

উৎসৱঃ

    সমগ্ৰ অসমত সকলোৱে পালন –ৰঙালী বিহু মাঘবিহু কিন্তু কাতি বিহু দেউৰীসকৰলেও পালন কৰে। তদুপৰি তেওঁলোকৰ সুকীয়া কৃষিভিওিক উৎসৱ বিবা বচু গিবা মেচ্চু (বসন্ত আদৰণি উৎসৱ) বিহু উৎসৱ চিগাদাগাৰেবা বিচু দাবেবা মেচচু মিদি দেৰুৱা মেচ্চু (ৰাজ কেবাং) ধৰ্মৰ লগত জড়িত কিন্তু শাওণিয়া পূজা ইত্যাদি।
    দেউৰীসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয় চমুকৈ উল্লেখ কৰা হল –

জননেতা ভীমবৰ দেউৰী

    বৃহওৰ অসমৰ ক্ষুদ্ৰ পৰিসৰত এক প্ৰচেষ্টাৰ আবৰ্বত থাকি অসমৰ বৃহওৰ স্বাৰ্থ ৰক্ষাৰ বাবে যুঁজ দি জীৱন পাত কৰা বিৰল ব্যক্তিত্বৰ চানেকি জননেতা ভীমবৰ দেউৰী। উজনিৰ অসমৰ এচুকত জন্ম গ্ৰহণ কৰি অবিভক্ত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ সকলো জনগোষ্ঠী নিজকে বিলীন কৰি অসমৰ জাতীয় সও্বাক প্ৰতিষ্ঠা কৰিৱলৈ ভীমবৰ দেউৰী উঠি পৰি লাগিছিল। জনগোষ্ঠীৰ মাজৰে এজন হৈ সকলো জনগোষ্ঠীৰ ৰাজনৈতিক কিন্তু সামাজিক প্ৰতিষ্ঠাৰ বাবে অহৰহ কাম কৰি যোৱা ভীমবৰ দেউৰীক অসমৰ প্ৰথম জন প্ৰধান মন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে জননেতা আখ্যাৰে বিভুষিত কৰিছিল।
    ১৯০৩ চনত মে মাহৰ ১৬ তাৰিখে কিন্তু অসমীয়া জেঠ মাহৰ ৩ তাৰিখে ভীমবৰ দেউৰী জন্ম হয়। পিতৃৰ নাম গদাৰাম (গদৰা) দেউৰী মাতৃৰ বাজতী (বাজং) দেউৰী আছিল।
    শিৱসাগৰ জিলাৰ পাণিদিহিং অঞ্চলৰ বৰগঞা দেউৰী গাঁৱত (বৰ্তমান উক্ত গাঁওখন ব্ৰক্ষপুএৰ বুকুত) পিছত বাম ৰজাবাৰী গাঁওত স্হায়ী বাসস্হান লয়। পিতৃৰ পূৰ্বৰ বাসস্হান শদিয়াত আছিল বুলি শুনা যায়।
    ১৯০৮ চনত ৫৭ নং বৰগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ হয়। ১৯১৩ চনত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ মহকুমাৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰি উৰ্ওীৰ্ণ হয়। ১৯১৮ চনত শিৱসাগৰ চৰকাৰী এম ভি স্কুলৰ পৰা এম ভি পাছ কৰি মাহে চাৰিটকীয়া বৃওি অৰ্জন কৰে। ১৯২৫ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষাত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ উৰ্ওীৰ্ণ হয়। ১৯২৫ চনত ১৪ জুলাইত কটন কলেজত নাম ভৰ্তি কৰে। কটন কলেজৰ পৰা ১৯২৭ চনত প্ৰথম বিভাগত আই.এ. পৰীক্ষাত উৰ্ওীৰ্ণ হয়। ১৯২৯ চনত একে কলেজৰ পৰাই অৰ্থনীতি বিষয়ক প্ৰধান বিষয় হিচাপে লৈ দ্বিতীয় শ্ৰেণীৰ সন্মানসহ বি.এ পাছ কৰে। ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উৰ্ওীৰ্ণ হৈ বি. ল হয়। একে সময়তে প্ৰেচিডেন্সি কলেজত স্নাতকোওৰ শ্ৰেণীত অধ্যয়ন কৰে। অৰ্থৰ অসুবিধাৰ কাৰণে পৰীক্ষাত নিদিয়াকৈ চাকৰি কৰাৰ ইচ্ছাৰে অসমলৈ ঘুৰি আহে। ১৯৩২ চনত অসম অসামৰিক সেৱা পৰীক্ষাত কৃতকাৰ্য হয় যদিও স্বতন্ত্ৰভাৱে ওকালতি কৰিৱলৈ লয়। ওকালতি ব্যৱসায় ভীমবৰৰ ৰাজহুৱা জীৱন উন্মুক্তকৰে।
    ১৯৩২ চনত ডিব্ৰুগড় আদালত ওকালতি আৰম্ভ কৰে। ১৯৩৩ চনত ভীমবৰ দেউৰীয়ে উদ্যোগ লৈ দেউৰী সোনোৱাল কছাৰী মটক মিছিং বড়ো তিৱা ৰাভা আদি অনগ্ৰসৰ জনগোষ্ঠীসমুহৰ ঐক্যৱদ্ধ কৰাৰ উদ্দেশ্যে ১৭/০৪/১৯৩৩ তাৰিখে নগাঁও ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ প্ৰথম অধিবেশন অনুষ্ঠিত কৰি Assam Back Plains Tribal League চমুকৈ ট্ৰাইবেল লীগৰ জন্ম দিয়ে। এই অধিবেশন ভীমবৰ দেউৰীয়ে সভাত এটি উদাও ভাষণ দিয়ে। ভীমবৰ দেউৰীৰ যুক্তিপূৰ্ণ এই সভাতে ভীমবৰ দেউৰী সৰ্বসন্মতিক্ৰমে সাধাৰণ সম্পাদক নিৰ্বাচিত হয়। ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইবেল লীগৰ দাবীৰ ভিওিত অসম বিধান সভা মুঠ ১০৮ খন আসনৰ মাজত ৪খন আখন অনগ্ৰসৰ ভৈয়াম জনজাতিসকলৰ বাবে সংৰক্ষণ কৰা হয়। ১৯৩৮ চনত ভীমবৰ দেউৰী স্হানীয় মণ্ডলৰ এজন মনোনীত সদস্য হিচাপে নিযুক্তি দিয়ে। ১৯৩৯ চনত ভীমবৰ দেউৰীক উচ্চ পৰিষদ অৰ্থা অসম বিধান পৰিষদৰ সদস্য পদত মনোনীত সদস্য হিচাপে মনোনীত কৰে।

    ভীমবৰ দেউৰী বিবাহঃ ১৯৪০ চনত ১৮ ফেব্রুৱাৰী মন্ত্ৰী ৰূপ ব্ৰহ্মৰ কন্যা কমালৱতী ব্ৰহ্মৰ লগত ভীমবৰ দেউৰীৰ ব্ৰহ্মধৰ্ম মতে কোকাঝাৰ বাঁশবাৰী গাওঁত বিবাহ সম্পন্ন হয়। ১৯৪৫ নবেম্বৰ মাহত শ্বিলঙত এই জনগোষ্ঠীসমুহৰ প্ৰতিনিধিৰে বহা অধিবেশনত ,আচাম ট্ৰাইবচ্ এণ্ড ৰেছেচ ফেডাৰেচন ৰ জন্ম হয়। ইয়াৰ প্ৰধান গুৰি ধৰোঁতা আছিল ভীমবৰ দেউৰী। ১৯৪৬ চনত উচ্চ পৰিষদৰ সদস্য পদৰ ম্যাদ শেষ হোৱাত পুনৰ সদস্য হিচাপে দ্বিতীয়বাৰৰ বাবে মনোনীত কৰে। ১৯৪৬ চনত চৰ্দাৰ পেটেলৰ উপদেশ ক্ৰমে ভীমবৰ দেউৰীক বন কিন্তু শ্ৰম বিভাগ মৰ্ন্ত হিচাপে গোপীনাথ বৰদলৈ কংগ্ৰেছ মন্ত্ৰীসভাৰ সদস্য কৰা হয়। ১৯৪৭ চনত ভীমবৰ দেউৰীয়ে ভাইচৰয় লৰ্ড ওৱাডেলক লগ ধৰি সমষ্টি গঠন পাকিস্তানত অসমৰ চামিলকৰণ সুকীয়া যুটীয়া নিবাচন আদি বিষয়ত ট্ৰাইবেল লীগৰ সুস্পষ্ট মতামত জানিৱলৈ দিছিল কিন্তু অসমক যে কোনো কাৰণতেই পাকিস্তানত লগত চামিল কৰিবলৈ দিয়া নহব সেইটো তেওঁ স্পষ্ট কৰি দিছিল।
১৯৩৩ চনত পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতীয় জনগোষ্ঠীৰেই নহয় অসম কিন্তু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়নৰ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিছিল।
    দেশখনৰ বহিৰাগত প্ৰব্ৰজন ৰোধ প্ৰাকৃতিক সম্পদৰ ৰক্ষা পিছপৰা জাতি–জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কেন্দ্ৰৰ পৰা ৰাজ্যসমুহলৈ আধিক ক্ষমতা বিকেন্দ্ৰীকৰণ স্বায়ও শাসন বিধান পৰিষদ গঠন সকলো জনগোষ্ঠীৰ মাজত অৰ্থনৈতিক সমতা স্হাপন আদি নীতি উদ্ভাৱনেৰে নিজৰ বিচক্ষণতা প্ৰদশনৰ যোগেদিৰ ৰাজনৈতিক সামাজিক জীৱন পৰিচালিত কৰিছিল।
    তেওঁ ১৯৪৭চনত ৩০ নৱেম্বৰত ৪৪ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যৰ সময়ত তেওঁৰ পত্নী কমলাৱতী দেউৰী পুএ ক্ৰমে পীতাম্বৰ দেউৰী পৃথ্বীবৰ দেউৰী ইন্দিবৰ দেউৰী কিন্তু কন্যা ভাৰতী দেউৰীক এৰি যায়।

ৰাধাকান্ত দেউৰী

    স্বগীয় ৰাধাকান্ত দেউৰী জন্ম হৈছিল ১৯৩১ চনত জুন মাহৰ ১ তাৰিখে লক্ষীমপুৰ জিলা বাঁহগড়া দেউৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল আদিচন দেউৰী কিন্তু মাতৃৰ নাম তাইবা দেউৰী। পিতৃ মাতৃৰ একমাএ পুএ ৰাধাকান্ত দেউৰীৰ তিনিগৰাকী বায়েক ভনীয়েক আছিল। সম্পুৰ্ণ গাঁৱলীয়া পৰিৱেশত থাকি ডাঙৰ দীঘল হোৱা দেউৰীদেৱৰ ঘৰ অৱস্হা বিশেষ ভাল নাছিল। দেউতাকৰ অৱস্হাৰ কথা শুনি নামভৰ্তি নকৰোৱাকৈ নিজে লোকৰ পৰা কিতাপ ফলি খুজি আনি গাঁৱৰ ১১নং মৰনৈ প্ৰাথমিক বিদ্যালয়ত ১৯৪২ শিক্ষা জীৱন আৰম্ভ কৰিছিল। কষ্টৰ মাজেৰে পঢ়াত মনোয়োগ দি সুখ্যাতিৰে মেট্ৰিক পাছ কৰি যোৰহাটৰ জে.বি .কলেজত কলেজীয়া জীৱন আৰম্ভ কৰে কিন্তু ১৯৫৮ চনত বি. এ ডিগ্ৰী লাভ কৰে। ১৯৫৬ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে মকৰল হয়। যোহাটলৈ আহি বি.টি পাছ কৰে। ১৯৮৫ চনত তেওঁ শদিয়াৰ চাপখোৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ হিচাপে যোগদান কৰে। তাতো বেছি দিন শিক্ষকতা জীৱন স্হিৰভাৱে চম্ভালিৱলৈ লয়।
    জনগোষ্ঠীয় তথা অসমীয়াৰ ভাষা সাহিত্যলৈ ৰাধাকান্ত দেউৰীৰ অৱদান অপৰিসীম। তেওঁ এজন স্বল্পভাষী তথা দেউৰী ভাষা সংস্কৃতিৰ গৱেষক পণ্ডিত আছিল। বিভিন্ন কাগজ পএ আলোচনী আদি তেওঁৰ লিখা সিঁচৰতি হৈ আছে। দেউৰী ভাষা জৰিয়তে অসমীয়া ভাষা সাহিত্যলৈ অনেক অৱদান আগবঢ়াই থৈ যোৱা দেউৰী অমূল্য গ্ৰন্হসমুহ দেউৰী চ্চবিঁব (দেউৰী অভিধান)চিচ্চবাঁ জিমচাঁয়া চ্চুবিঁব (আধুনিক দেউৰী শব্দকোষ) দুখন প্ৰধান ইয়াৰে দ্বিতীয়খন গ্ৰন্হ এি ভাষিক (দেউৰী অসমীয়া ইংৰাজী) এইখন দেউৰী ভাষাৰ পুৰ্ণাঙ্গ অভিধান। দেউৰী শব্দ সম্ভাৰ তেখেতৰ অন্যতম সংযোজিত পুথি।

সমাজসেৱক কিন্তু ৰাজনীতি বৰ্গাৰাম দেউৰী

    লক্ষীমপুৰ জিলা বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱৰ নিৱাসী বৰ্গৰাম দেউৰীয়ে ১৯৩৮ চনত ১ আগষ্ট তাৰিখে জন্ম গ্ৰহণ কৰে। ১৯৪৪ চনত বাঁহগড়া দেউৰী এল.পি.স্কুলত নাম ভৰ্তি কৰে। ১৯৪৯ চনত খৰা এম.ই. স্কুলত শিক্ষা গ্ৰহণ কৰি ১৯৫৯ চনত লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয় পৰা মেট্ৰিকত প্ৰথম বিভাগত উওীণ হয়। মেট্ৰিক পাছ কৰি বৰ্গৰাম দেউৰীযে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.এচ.চি পাছ কৰি গুৱাহাতী বিশ্ববিদ্যলয় উদ্ভিদবিজ্ঞান বিষয়ত নাম ভৰ্তি কৰে কিন্তু একে সময়তে গুৱাহাতী বিশ্ববিদ্যলয় আইন মহাবিদ্যলয়তো অধ্যয়ন কৰে। তেওঁ এম এচ চি কিন্তু এল এল বি একে সময়তে সুখ্যাতিৰে পাছ কৰি পিচত প়ঞ্জাৱ বিশ্ববিদ্যালয়ত হোমিওপেথিক শিক্ষা পঢ়িবলৈ যায় কিন্তু তাতো তেওঁ সুখ্যাতিৰে সোণৰ মেডেল লৈ ডিগ্ৰী লাভ কৰে। বৰ্গৰাম দেউৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কালতে কামৰুপ একাডেমী বিদ্যালয়ত শিক্ষকতা কৰিছিল। ১৯৭১ চনত লক্ষীমপুৰ বাৰত যোগদান কৰি ওকালতি জীৱন আৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ মণিপুৰ কলেজত প্ৰৱক্তা হিচাবে য়োগাদান কৰিছিল যদিও তাত ভাল উভতি আহি লক্ষীমপুৰত ওকালতি আৰম্ভ কৰে। অবিভক্ত লক্ষীমপুৰ জিলাৰ ধেমাজি চিৰিপানী দেউৰী গাঁৱত ১৯৭১ চনত অনুষ্ঠিত হোৱা দেউৰী সন্মিলনৰ সভাত তেওঁক পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত কৰে। ১৯৭৮ চনত বঙ্গালমৰা কাউণ্সিলাৰ হিচাবে নিৰ্বাচিত হয়। ১৯৮৩ চনত অসম বিধান সভালৈ বিহপুৰীয়া সমষ্টিৰ পৰা তেওঁ প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়। ১৯৯১ চনত পুনৰ তেওঁ বিহপুৰীয়া সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈ অসম চৰকাৰৰ ভৈয়াম জনজাতি কিন্তু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ উপৰিও ৰেচম কিন্তু হস্ততাঁত কিন্তু বয়ন বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে কাযনিৰ্বাহ কৰে।
    বৰ্গৰাম দেউৰী মন্ত্ৰী হৈ থাকোঁতেই অসমৰ জনজাতি সকলৰ জনজাতি জিৰণি চ,ৰা কিন্তু আকাশী হোষ্টল আদি নিৰ্মাণ কৰাৰ উপৰিও বাহঁগড়া দেউৰী গাঁৱত মিনি হস্পিতাল কিন্তু ভেটেনেৰী হস্পিতাল দুখন নিৰ্মাণ কৰা হয়। দেউৰী ভাষাক দেউৰী ভাষা হিচাপে স্বীকৃতি প্ৰদান কিন্তু দেউৰী জনগোষ্ঠীৰ ৰাজনীতিক কিন্তু আৰ্থ–সামাজিক উন্নয়নৰ বাবে দেউৰী দেউৰী স্বায়ত শাসিত পৰিষদৰ প্ৰদান কৰাত বৰ্গাৰাম দেউৰীৰ অৱদান আছিল উল্লেখনীয়। তেওঁ ২০০৪ চনত হৃদ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত মৃত্য বৰণ কৰে। ভীমবৰ দেউৰী পিছত বৰ্গাৰাম দেউৰী আছিল জনগোষ্ঠীৰ দ্বিতীয়জন ৰাজনীতি তথা অসম চৰকাৰ মন্ত্ৰী।
সমাজসেৱক শ্ৰী চন্দ্ৰ সিং দেউৰী

    চন্দ্ৰসিং দেউৰী খেলুৱৈ লোক শিল্পী কিন্তু দেউৰী লেখক হিচাপে জীয়াই আছে। দেউৰী জনগোষ্ঠীৰ মাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে। ১৯২৭ চনত গোপাল দেউৰী ঔৰসত কিন্তু আতবা দেউৰী গৰ্ভত উপৰ দে্উৰী গাঁও যোৰহাট তেওঁ জন্ম হৈছিল ।দেউৰী এল. পি. স্কুলৰ পৰা প্ৰথামিক শিক্ষা সাং কৰি যোৰহাট চৰকাৰী হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল যদিও তেওঁ যোৰহাট পলিটেকনিক হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উওীৰ্ণ হয়। পিচত তেওঁ ১৯৬২ চনত কলা শাখাত নাম লগাই কৰ্মজীৱন মাজতে শ্বিলং কলেজৰ পৰা আই.এ.পৰীক্ষাত উওীৰ্ণ হয়। ১৯৫৫ চনত এক অক্টোবৰ তাৰিখে ভাৰত চৰকাৰ অধীনৰ অনুসূচিত জাতি কিন্তু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ বিভাগত কৰ্মচাৰী হিচাপে যোগদান কৰে কিন্তু ১৯৮৮ চনত ৩১ মাৰ্চ তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়। ১৯৫৯ চনত দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লোক গীত কিন্তু লোক নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও ১৯৫৯ চনত পৰা ১৯৭৫ চনলৈকে আকাবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লোকৰ গীত পৰিৱেশন কৰে।
    লেখক হিচাপে তেওঁ ১৯০৩ চনৰ পৰা একে লেঠাৰিয়ে 'আৰাও' (১৯০৩ চন), 'আৰ্চিয় ইবাঁ' (২০১৪ চন), 'আমিৰিয়া ইবাঁ' (২০১৩ চন), 'বিচু' (২০১৫চন), 'হিচৰি' (২০১৬), 'দেউৰী জনজীৱন' (২০১৬চন), পুথি নিজ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিয়ায়।