অধ্যায় ৮ 

 

ভাৰতবৰ্ষত মিছনেৰীসকলৰ প্ৰাৰম্ভিক শৈক্ষিক প্ৰচেষ্টা 

(Early Educational Efforts of Missionaries in India)

প্ৰশ্নাৱলী (Exercise)

 Some Important Question

১। কিমান চনত চাৰ্টাৰ আইন গঠন কৰা হৈছিল ।

উত্তৰঃ ১৮১৩ চনত চাৰ্টাৰ আইন গঠন কৰা হৈছিল ।


২। কিমান খ্ৰীঃত আৰু কত জেচুইট কলেজ স্থাপন কৰা হৈছিল 

উত্তৰঃ ১৫৭৫ চনত গোৱাত জেচুইট কলেজ স্থাপন কৰা হৈছিল ।


৩। কিমান চনত ফৰাচীসকল ভাৰতবৰ্ষলৈ আহিছিল ।

উত্তৰঃ  ১৬৬৪ চনত ফৰাচীসকল ভাৰতবৰ্ষলৈ আহিছিল ।


৪। এটা অতি উল্লেখযোগ্য মিছনেৰী সংগঠনৰ নাম লিখা ।

উত্তৰঃ অতি অতি উল্লেখযোগ্য মিছনেৰী সংগঠনৰ নাম হল ডেনিছ মিছনেৰী সংগঠন ।


৫। শ্ৰী ৰামপুৰ ত্ৰয়ী হিচাপে কাক জনা গৈছিল ।

উত্তৰঃ কেৰী, ৱাৰ্ড আৰু মাৰ্ছামেন এই তিনিজনকে শ্ৰী ৰামপুৰ ত্ৰয়ী হিচাপে জনা গৈছিল । 


৬। কেইটামান মিছনেৰী সন্থাৰ নাম লিখা ।

উত্তৰঃ কেইটামান মিছনেৰী সন্থাৰ নাম হল সাধাৰণ ব্যাপ্তিষ্ট মিছনেৰী সমিতি, লণ্ডন মিছনেৰী সমিতি ,চাৰ্চ মিছনেৰী সমিতি , ৱেচলিয়ান মিছনেৰী সমিতি, আৰু স্কট মিছনেৰী সমিতি ।


৭। কিমান চনত আৰু কত বিচপ কলেজ প্ৰতিষ্ঠা কৰা হয় ।

উত্তৰঃ ১৮২০ চনত শিৱসাগৰত এখন বিচপ কলেজ প্ৰতিষ্ঠা কৰা হয় । 


৮। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ।

উত্তৰঃ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হল বাইবেল ।


৯। কিমান চনত গুৱাহাটীত ব্যাপ্তিষ্ট চাৰ্চ কলেজ প্ৰতিষ্ঠা কৰা হৈছিল । 

উত্তৰঃ ১৮৪৫ চনত গুৱাহাটীত ব্যাপ্তিষ্ট চাৰ্চ কলেজ প্ৰতিষ্ঠা কৰা হৈছিল ।


১০। কিমান চনৰ পৰা অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল ।

উুত্তৰঃ ১৮৩৬ চনৰ পৰা অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল । 


১। ভাৰতৰবৰ্ষত খৃষ্টিয়ান মিছনেৰীসকল প্ৰাৰম্ভিক শৈক্ষিক প্ৰচেষ্টাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। (Explain briefly on the early Educational Efforts of Christian Missionaries in India.)

Answer:  পোন্ধৰ শতিকাৰ শতিকাৰ শেষভাগৰ পৰাই ইউৰোপীয় ধৰ্মীয় মিছনেৰীসকলৰ ভাৰতবৰ্ষলৈ অনুপ্ৰৱেশ ঘটে । পৰ্তুগীজসকলক অনুসৰণ কৰি লাহে-লাহে ডাছ, ডেনিছ, ফৰাচী, আৰু ইংৰাজসকলেওঁ ভাৰতত প্ৰৱেশ কৰে । এওঁলোকৰ আগমনৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতবৰ্ষত বেহা-বেপাৰ কৰা । কিন্তু সময়ত দেশৰ ৰাজনৈতিক দুৰ্বলতাৰ সুযোগ লৈ তেওঁলোকে সাম্ৰাজ্য স্থাপনৰ মন মেলে আৰু এই উদ্দেশ্য পৰম্পৰে  সংঘৰ্ষত লিপ্ত হয় । অৱশেষত ইংৰাজসকলেই বৰ্তি থাকিবলৈ সক্ষম হয় আৰু ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্য স্থাপন কৰে । 

ইউৰোপীয় মিছনেৰীসকলৰ আগমনে দেশৰ শিক্ষাত এটা নতুন ধাৰাৰ সৃষ্টি কৰে । ইউৰোপীয় ধৰণৰ শিক্ষাৰ জৰিয়তে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল । আৰু ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য তেওঁলোকে প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল, ভাৰতীয় ভাষাবোৰ অধ্যয়ন কৰিছিল আৰু বাইবেলখন দেশীয় ভাষালৈ অনুবাদ  কৰিছিল । প্ৰথম অৱস্থাত ইষ্ট-ইণ্ডিয়া কোম্পানীবোৰেও ধৰ্মপ্ৰচাৰ কাৰ্যক তেওঁলোকৰ কৰ্তব্যৰ অবিচ্ছেদ্য অংগ হিচাপে গণ্য কৰিছিল । কিন্তু পাছলৈ কিছুমান ৰাজনৈতিক আৰু প্ৰশাসনিক কাৰণত তেওঁলোকে মত সলনি কৰি ধৰ্মনিৰপেক্ষতা নীতি অৱলম্বন কৰে আৰু ১৮১৩ চনলৈকে এই নীতি অব্যাহত  ৰাখে । এইখিনিতে বিভিন্ন মিছনেৰী সংগঠনে শিক্ষাৰ ক্ষেত্ৰত কি দৰে বৰঙণি আগবঢ়াইছিল সেইবিষয়ে উল্লেখ কৰা ভাল হব ।

১৪৯৮ চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ কালিকট নামৰ ঠাইত পৰ্টুগীজ নাবিক ভাস্কো-ডা-গামাই প্ৰৱেশ কৰে । তাৰ পিছৰে পৰা বিভিন্ন খ্ৰীষ্টীয়ান মিছনেৰীয়ে ভাৰতবৰ্ষৰ পশ্চিম সাগৰীয় অঞ্চলত ধৰ্ম প্ৰচাৰৰ চেষ্টা চলায় । তেওঁলোকৰ প্ৰচেষ্টাৰ ফলস্বৰূপে দেশৰ এই অংশত এটা নতুন শিক্ষা পদ্ধতি গঢ় লৈ উঠে । ধৰ্মপ্ৰচাৰৰ বাবে আৰু পৰ্টুগীজ ইউৰোপীয়ান আৰু ভাৰতীয় ধৰ্মত্যাগীসকলৰ বাবে তেওঁলোকে বিভিন্ন স্কুল স্থাপন কৰিছিল । তেওঁলোকৰ এই অভিযানৰ মূল কেন্দ্ৰস্থল আছিল বোম্বাই, গোৱা, দমন, দিও, শ্ৰীলংকা, হুগলী আদি । পৰ্টুগীজ        সকলোলো    কেই আধুনিক ভাৰতীয় শিক্ষাৰ প্ৰতিষ্ঠাপক বুলি কব পাৰি । তেওঁলোকে প্ৰাথমিক বিদ্যালয় স্থাপন কৰি ধৰ্ম, স্থানীয় ভাষা, পাটীগণিত, আদি বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল । উচ্চ শিক্ষা প্ৰদানৰ অৰ্থে তেওঁলোকে জেচুইট কলেজ স্থাপন কৰিছিল । ইয়াত লেটিন, ধৰ্ম, তৰ্ক, আৰু সংগীতৰ, শিক্ষা দিয়াৰ লগতে ধৰ্মযাজকসকলক প্ৰশিক্ষণ দিয়া হৈছিল । 

ভাৰতলৈ অহা মিছনেৰীসকলৰ ভিতৰত চেইন্ট জাভিয়াৰৰ নাম অতি উল্লেখযোগ্য । ১৫৪২ চনত তেওঁ দূৰণিৰ ভিতৰুৱা গাওঁবোৰলৈ খোজকাঢ়ি গৈ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছিল । প্ৰতিখন গাওঁতে তেওঁ খ্ৰীষ্টান ধৰ্মপুথি  বিতৰণ কৰিছিল । ১৫৭৫ চনত তেওঁ বোম্বাইৰ ওচৰৰ বান্দ্ৰাত ছেন্ট এনি বিশ্ববিদ্যালয় আৰু কোচিনত এটা প্ৰেছ স্থাপন কৰে । আন এজন মিছনেৰী দ্যা নৰিলো যি নিজকে পশ্চিমৰ ব্ৰাহ্মণ বুলি পৰিচয় দিছিল আৰু ভাৰতীয় সন্যাসীৰ দৰে সাজ-পোছাক পৰিধান কৰিছিল , তেওঁকো খ্ৰীষ্টান ধৰ্ম প্ৰচাৰত উল্লেখনীয় সেৱা আগবঢ়াইছিল । পৰ্টুগীজসকলে ১৫৭৫ চনত গোৱাত জেছুইট কলেজ স্থাপন কৰে যত তিনিশমান ছাত্ৰই শিক্ষা গ্ৰহণ কৰিছিল । ১৫৮০ চনত গোৱা আৰু অন্যান্য ঠাইত তেওঁলোকে আৰু কেইবাখনো কলেজ স্থাপন কৰে । ১৭ শতিকাত পৰ্টুগীজসকলৰ পতনৰ লগে লগে তেওঁলোকৰ শৈক্ষিক প্ৰচেষ্টাৰো সামৰণি পৰে । তেওঁলোকৰ পতনৰ মূল কাৰণ হৈছে ধৰ্মীয় বিষয়ত হস্তক্ষেপকৰণ যিটোক ভাৰতীয়সকলে তীব্ৰভাৱে বিৰোধিতা কৰিছিল । স্পষ্টভাৱে পৰ্টুগীজসকলৰ শৈক্ষিক প্ৰচেষ্টাৰ আৰত ধৰ্ম প্ৰচাৰৰ লক্ষ্যই নিহিত হৈ আছিল । এই মিছনেৰীসকলৰ  শৈক্ষিক প্ৰচেষ্টা মধ্যম চৰিত্ৰৰ আছিল আৰু আধুনিক ভাৰতীয় শিক্ষালৈ এওঁলোকৰ অৱদান অতি গুৰুত্বপূৰ্ণ আছিল । 



২। ভাৰতত খৃষ্টিয়ান মিছনেৰীসকলৰ শৈক্ষিক কাৰ্যাৱলীৰ সমাচনাত্মক পৰীক্ষা কাৰ্যাৱলীৰ সমালোচনাত্মক পৰীক্ষা কৰা । (Critically exmaine the educational activities of the Christian Missionaries in India.)

Answer:


৩। ভাৰতবৰ্ষত আধুনিক শিক্ষা বিস্তাৰৰ ক্ষেত্ৰত খৃষ্টিয়ান মিছনেৰীসকলৰ অৱদান আলোচনা কৰা । (Discuss the contribuitions of Missionaries in the spread of modern education in India.)

Answer:                        


৪। মিছনেৰীসকল প্ৰতি ইষ্ট-ইণ্ডিয়া কোম্পানীৰ পৰিৱৰ্তিত মনোভাৱৰ বিষয়ে বৰ্ণনা কৰা। (Explain about the changed attitude of East India Company towards Missionaries.)

 Answer:  কোম্পানীৰ মনোভাৱ মিছনেৰীসকলৰ প্ৰতি অনুকূলে আছিল । কিন্তু যেতিয়াই কোম্পানী ভাৰতবৰ্ষৰ ৰাজনৈতিক শক্তিত পৰিণত হল । তেওঁলোকৰ পূৰ্বৰ মনোভাবো সলনি হল । ধৰ্মনিৰপেক্ষতা নীতি প্ৰৱৰ্তনৰ যোগেদি মিছনেৰীসকলৰ ধৰ্মান্তৰ নীতি প্ৰৱৰ্তনৰ যোগেদি মিছনেৰীসকলৰ ধৰ্মান্তৰ কাৰ্যত বাধা দিলে আৰু মিছনেৰী সংগঠনসমূহে কোম্পানীৰ পূৰ্বৰ সহানুভূতি হেৰুৱাব ধৰিলে । ইতিহাসপ্ৰসিদ্ধ চিপাহী বিদ্ৰোহৰ ঘটনাইও ইষ্ট-িণ্ডিয়া কোম্পানীক মিছনেৰীসকলৰ ধৰ্মান্তৰকৰণ তীব্ৰ বিৰোধী কৰি তুলিছিল আৰু প্ৰায় ১৮০০ চনৰ পৰাই মিছনেৰীসকলক বৃটিছ অধিকৃত ভাৰতীয় অঞ্চলসমূহৰ পৰা যথা সম্ভৱ আতৰাই ৰাখিছিল । কোম্পানীৰ এনে কাৰ্যত মিছনেৰীসকল সন্তুষ্ট হোৱা নাছিল । তেওঁলোকে ইয়াক সমালোচনা কৰি পূৰ্বৰ নীতিকে বাহাল ৰাখিবলৈ প্ৰাৰ্থনা জনাইছিল । তদুপৰি কোম্পানীৰ এনে কাৰ্যৰ প্ৰতিবাদ কৰি তেওঁলোকে ইংলেণ্ডতো ব্যাপক আন্দোলন গঢ়ি তুলিছিল । আৰু ইয়াৰ নেতৃত্ব দিছিল বাবে বাৰ্কে উইলবাৰৰ্ফোচ, চাৰ্লচগ্ৰান্ট আদিয়ে । ১৭৯৩ চনত উইলবাৰফোৰ্চে কোম্পানীৰ চাৰ্টাৰ আইনৰ নবীকৰণৰ সময়ত শিক্ষাৰ দায়িত্ব কোম্পানীয়ে লব লাগে বুলি এটা দফা আইনখনত অন্তৰ্ভূক্ত কৰাৰ প্ৰচেষ্টা চলাইছিল, কিন্তু তেওঁ কৃতকাৰ্য নহল । ১৭৯৩ চনৰ পৰা ১৮১৩ চনলৈকে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ অধিকৃত অঞ্চলসমূহত কোনো মিছনেৰীকে প্ৰৱেশ কৰাৰ অনুমতি দিয়া নাছিল আৰু মিছনেৰী সংগঠনসমূহৰ কাৰ্যত বাধা প্ৰদান কৰিছিল । অৱশেষত বৃটিছ সংসদে চাৰ্লচ গ্ৰান্টে আগবঢ়োৱা পৰামৰ্শ গ্ৰহণ কৰে আৰু ইয়াক কাৰ্যকৰী কৰে । তাৰেই ফলশ্ৰুতিত ১৮১৩ চনৰ চাৰ্টাৰ আইনত এটা শিক্ষামূলক দফা অন্তৰ্ভূক্ত হয় ।  মিছনেৰীসকলৰ শৈক্ষিক কাৰ্যাৱলীৰ পৰ্যবেক্ষণ কৰিলে কেইবাটাও কথা আমাৰ দৃষ্টিপটলৈ আহে । প্ৰথমে মন কৰিবলগীয়া কথা যে মিছনেৰীসকলৰ প্ৰধান উদ্দেশ্য শিক্ষাদান কৰাটো নাছিল । ভাৰতীয় ধৰ্মত্যাগীসকলৰ প্ৰয়োজন পূৰণৰ অৰ্থে তেওঁলোকে শিক্ষাকাৰ্য হাতত তুলি লবলৈ বাধ্য হৈছিল । লগতে ধৰ্মান্তৰকৰণ কাৰ্যাৱলীৰ বাবে ভাৰতীয় সহকাৰীসকলক প্ৰশিক্ষণ দিবলৈ তেওঁলোকে শিক্ষাকাৰ্য হাতত লৈছিল ।  দ্বিতীয়তে, আধুনিক ভাৰতীয় ভাষাসমূহৰ অধ্যয়নৰ ওপৰত তেওঁলোকে বিশেষ মনোযোগ দিছিল ।  কাৰণ তেওঁলোকে ভাৰতীয় সমাজৰ একেবাৰে একেবাৰে নিম্নশ্ৰেণীৰ লোকৰ মাজতো কাম কৰিবলগীয়া হৈছিল । যিসকলে নিজৰ ভাষাটোৰ বাদে আন ভাষা বুজি নাপাইছিল । আৰু সেইকাৰমে তেোঁলোকে ভাৰতীয় ভাষাবোৰ অধ্যয়ন কৰিছিল , অভিধান প্ৰস্তুত কৰিছিল । তৃতীয়তে, উল্লেখযোগ্য হৈছে স্ত্ৰী-শিক্ষাৰ দিশতো মিছনেৰীসকলে আগবঢ়োৱা অৱদান । এই ক্ষেত্ৰত মিছনেৰীসকলৰ পত্নী আৰু কিছুমান মহিলা মিছনেৰী সন্থাই আগভাগ লৈ মহিলাসকলৰ মাজত শিক্ষাবিস্তাৰ কৰিছিল । এই কাৰ্যৰ বাবে তেওঁলোকে ভাৰতীয় ছোৱালীৰ কাৰণে স্কুল স্থাপন কৰিছিল । অনাথগৃহ পাতিছিল আৰু জানানা স্কুল খুলি তিৰোতা বা মহিলাসকলক গৃহ-সম্পৰ্কীয় শিক্ষা দিছিল । 


৫। চমুটোকা লিখাঃ (Write Notes on):

 

(ক) শ্ৰীৰামপুৰ ত্ৰয় (Serampore Trio)

 Answer:


(খ) মনিটৰিয়েল প্ৰথা (Monitorial System)

 Answer:    ইষ্ট-ইণ্ডিয়া কোম্পানীৰ দ্বাৰা প্ৰভাৱিত হৈ মিছনেৰীসকলে দেশৰ একেবাৰে ভিতৰুৱা অঞ্চললৈ গৈ ভাৰতীয়সকলৰ বাবে স্কুল স্থাপন কৰিছিল । আৰু তেওঁলোকে নিজেই শিক্ষাদান কৰিছিল । তেওঁলোকৰ শৈক্ষিক -কাৰ্যসূচী প্ৰধানকৈ ধৰ্ম আৰু মানৱ কল্যাণৰ ওপৰত প্ৰতিষ্ঠিত আছিল আৰু ই প্ৰাথমিক শিক্ষাতে সীমাবদ্ধ আছিল ।  মিছনেৰীসকলৰ উদ্যোগত মাদ্ৰাজত ১৬৯৮ চনত খ্ৰীষ্টীয় জ্ঞান উন্নয়ন সমিতি গঠিত হয় আৰু এই সমিতিৰ জৰিয়তে বিভিন্ন ঠাইত ছেৰিটী স্কুল স্থাপন হবলৈ ধৰে । ১৭৩৭ চনত অন্য এখন মিছনেৰী সমিতি ধৰ্মমত প্ৰচাৰ সমিতি গঠন হয় । এই দুয়োখন মিছনেৰী সমিতিয়ে লগলাগি বিভিন্ন ঠাইত শিক্ষামূলক কাৰ্য আৰম্ভ কৰে । ১৭৮৬ চনত মাদ্ৰাছ গৱৰ্ণৰৰ পত্নী লেডি কেম্পবেলে এখন মহিলা অনাহগৃহ আৰম্ভ কৰে । আৰকটৰ নৰাবেত এই গৃহ নিৰ্মাণৰ বাবে বৰঙণি আগবঢ়ায় ।  স্থানীয়লোক আৰু চৰকাৰেও কিছু অৰ্থসাহায্য আগবঢ়াইছিল । এই অনাথগৃহৰ কৃতকাৰ্যতাৰ ফলত পিছৰ বছৰত এখন পুৰুষ অনাথ গৃহ আৰম্ভ কৰা হয় । এই অনুষ্ঠানৰ প্ৰথম অধীক্ষক আছিল এনদ্ৰু বেল ।  এটা সময়ত েই অনুষ্ঠানখনে আৰ্থিক সংকটত ভূগিছিল আৰু সেইবাবে বহুসংখ্যক প্ৰাৰ্থী ইয়াত ভৰ্তি হোৱাৰ ক্ষেত্ৰত বঞ্চিত হবলগা হৈছিল । এই সংকট দূৰ কৰিবলৈকে এনদ্ৰু বেলে ওপৰ শ্ৰেণীৰ ছাত্ৰসকলক তলৰ শ্ৰেণীৰ ছাত্ৰক পঢুৱাবৰ দায়িত্ব দিছিল । এই পদ্ধতিটোক মনিটৰিয়েল প্ৰথা বুলি কোৱা হৈছিল ।  ১৮১৩ চনৰ চনদ আইনে ইংৰাজ মিছনেৰীসকলক ভাৰতলৈ অহাৰ পথ পুনৰ মুকলি কৰি দিয়ে । ফলত ইতিমধ্যে ভাৰতবৰ্ষত কাম কৰি থকা মিছনেৰী সন্থাসমূহে তেওঁলোকৰ কাৰ্যাৱলীৰ সম্প্ৰসাৰণ ঘটায় আৰু কিছুমান নতুন মিছনেৰী সন্থা পটভূমিত অৱৰ্তীণ হয় । 


(গ) মিছনেৰীসকলৰ (Missionaries)

 

৬। অসমত মিছনেৰীসকল শৈক্ষিক প্ৰচেষ্টাৰ বিষয়ে লিখা। (Write about the Missionary activities in Assam.)

 Answer:  ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি অসম ইংৰাজৰ হাতলৈ যায় । ইংৰাজৰ শাসনৰ ফলত অসমৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তনৰ সূচনা হয় । ইংৰাজ শাসনৰ সুযোগ লৈয়ে মিছনেৰীসকল েই দেশলৈকো আহে । ১৮২৯ চনত শ্ৰীৰামপুৰ মিছনৰ এটা শাখা পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত স্থাপন হয় । ১৮৩৬ চনত অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰেন্সিছ জেনকিন্সৰ আমন্ত্ৰণক্ৰমে অসমৰ শদিয়াত এটা খ্ৰীষ্টান মিছন পতাৰ উদ্দেশ্য  আমেৰিকান বেপ্তিষ্ট মিছনৰ এটা দল অসমলৈ আহে আৰু অসমৰ পূব অঞ্চলৰ শদিয়াত তেওঁলোকৰ কেন্দ্ৰ স্থাপন কৰে । ইয়াৰ আগতে তেওঁলোকৰ উদ্যোগতে ১৮১৩ চনত আত্মাৰাম শৰ্মা নামৰ  এজন লোকে বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল । শ্ৰী ৰামপুৰত ছপা কৰা এই বাইবেলখনেই প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল । শ্ৰী ৰামপুৰত ছপা কৰা এই বাইবেলখনেই প্ৰথম অসমীয়া ছপা পুথি । ১৮৩৬ চনৰ ২৩ মাৰ্চত ৰেভাৰেণ্ড নাথান ব্ৰাউন আৰু অলিভাৰ কট্টৰ অসম পায়হি । তেওঁলোকে আহোতে লগত এটা ছপাশালো লৈ আহিছিল । তেওঁলোকে পোনতে জয়পুৰত আৰু পাছত সেইসময়ৰ মধ্য আৰু উজনি অসমৰ শিৱসাগৰত খোপনি পুতি লৈ ধৰ্মপ্ৰচাৰ কৰিবলৈ ধৰে । খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে তেওঁলোকে অসমীয়া ভাষাও শিকি লৈছিল । আৰু শিৱসাগৰতে ছপাশাল স্থাপন কৰি কিছুসংখ্যক অসমীয়া ভাষাৰ কিতাপ প্ৰকাশ কৰে । শিৱসাগৰ আৰু ইয়াৰ আশে-পাশে কেইবাখনো স্কুল স্থাপন কৰে । আমেৰিকান মিছনেৰীসকলে গুৱাহাটী, শ্বিলং, নগাওঁ আদিতো তেওঁলোকৰ কেন্দ্ৰ স্থাপন কৰিছিল । নগাৱত এখন অনাথালয়, আৰু কেইবাখনো স্কুল পাতিছিল ।

১৮৪৫ চনত গুৱাহাটীত প্ৰথম ব্যাপ্তিষ্ট চাৰ্চ স্থাপন কৰা হয় । সেই একেটা বছৰতে নগাওঁ আৰু শিৱসাগৰত ইয়াৰ শাখা স্থাপন কৰা হয় । অসমৰ শিক্ষাক্ষেত্ৰলৈ মিছনেৰীসকলৰ এটি স্মৰণীয় কৃতিত্ব হল অসমৰ শিক্ষানুষ্ঠান, অফিচ-আদালত আদিত অসমীয়া ভাষাৰ প্ৰচলন । উল্লেখযোগ্য যে বংগদেশৰ আমোলা-মহৰীসকলৰ প্ৰৰোচনাত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ১৮৩৬ চনৰ পৰা অসমত বংলা ভাষাৰ প্ৰচলন কৰিছিল কিন্তু মিছনেৰীসকলে অসমৰ ভিতৰুৱা ঠাইবোৰত কাম কৰি বুজি-উঠে যে প্ৰকৃততে অসমৰ প্ৰাথমিক শিক্ষাৰ মাধ্যম অসমীয়াহে হোৱা উচিত আৰু ইংৰাজ প্ৰশাসকসকলক এই কথাত পতিয়ন নিয়াবলৈ সক্ষম হোৱাত ১৮৭৩ চনৰ পৰা পুনৰ অসমীয়া ভাষাৰ প্ৰচলন হয় । মিছনেৰীসকলৰ এনে প্ৰচেষ্টাৰ অবিহনে হয়তো অসমত শিক্ষাৰ মাধ্যম চিৰদিনৰ বাবে বঙলা ভাষা হলহেতেন । 

অসমলৈ আহি মিছনেৰীসকলে ইয়াৰ লৰা-ছোৱালীক শিক্ষাদান কৰাটো বৰ বেছি সহজ কথা নাছিল । তেনেকৈ অভিভাৱকসকলো নিৰক্ষৰ আছিল । তথাপিও অশেষ কষ্ট স্বীকাৰ কৰিও তেওঁলোকে শিক্ষাদান তথা ধৰ্মপ্ৰচাৰৰ কামত ব্ৰতী হৈছিল । অসমৰ ভৈয়াম অঞ্চলতকৈ পাহাৰীয়া অঞ্চলবিলাকলৈ তেওঁলোকৰ শিক্ষাক্ষেত্ৰ অধিকভাৱে সম্প্ৰসাৰিত হৈছিল । তেওঁলোকৰ দ্বাৰা পৰিচালিত স্কুলসমূহ উন্নতমানৰ আছিল । প্ৰাথমিক বিদ্যালয়ৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন ঠাইত মাধ্যমিক বিদ্যালয় আৰু কলেজো স্থাপন কৰিছিল । স্ত্ৰী-শিক্ষাৰ প্ৰতিও তেওঁলোক যথেষ্ট সচেতন আছিল আৰু কেবাখনো স্ত্ৰী-শিক্ষাৰ অনুষ্ঠান স্থাপন কৰিছিল । এইদৰে মিছনেৰীসকলৰ আশাশুধীয়া যত্নৰ ফলত অসমৰ ভাষা-সাহিত্য আৰু শিক্ষাৰ বুৰঞ্জী সমৃদ্ধ হৈ উঠিছিল । 

Type: Hrak Jyoti Bora.

Author_ Ali Rani Kakati ( Ba in History Major)