অধ্যায় ৬ 

মধ্যযুগৰ শিক্ষানুষ্ঠান আৰু শিক্ষা কেন্দ্ৰসমূহ 
(Education Institute and Educational centres of mediaval period)

প্রশ্নাৱলী (Exercise) 

১। মুছলমান যুগৰ প্ৰাথমিক শিক্ষাৰ এটি বিৱৰণ দিয়া । (Give a short description of Primary Education of Muslim period.) 
Answer:  মুছলমান যুগত প্ৰাথমিক শিক্ষা সম্প্ৰসাৰণ কৰাৰ অৰ্থে মোক্তাব নামেৰে এবিধ অনুষ্ঠান গঢ়ি উঠিছিল । সাধাৰণতে মোক্তাবসমূহ মছজিদৰ লগত একেলগে স্থাপন কৰা হৈছিল । মোক্তাব শব্দটো অৰ্থ হল তেওঁ লিখে যত লিখাৰ ব্যৱস্থা থাকে তাকেই মোক্তাব বোলা হৈছিল । মোক্তাব শব্দটো আৰৱী কুতুব শব্দৰ পৰা অহা । মোক্তাবত লিখাৰ লগত গণিত যোগ হৈ প্ৰাথমিক শিক্ষাৰ আনুষ্ঠানিক শিক্ষানুষ্ঠানত পৰিণত হয় । মোক্তাবত দিয়া শিক্ষা ঠাই অনুসৰি বেলেগ বেলেগ আছিল । পৱিত্ৰ কোৰাণক এই শিক্ষাত আগস্থান দিয়া হৈছিল ।   প্ৰাথমিক শিক্ষা প্ৰসাৰৰ মূল অনুষ্ঠান হিচাপে মোক্তাব পৰিগণিত হৈছিল । মুছলমান সমাজত অৱস্থাপন্ন ব্যক্তিসকলে নিজৰ লৰা-ছোৱালীক ঘৰতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল যদিও অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী লগ হৈ মছজিদত নিয়মীয়া শিক্ষা গ্ৰহণ কৰিবলৈ লৈছিল । ইয়াৰ উপৰিও খানকাহ আৰু দৰগাহবোৰত মুছলমান শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছিল । খানকাহ আৰু দৰগাহবোৰত মুছলমান শিক্ষাব্যৱস্থা কৰা হৈছিল । খানকাহ আৰু দৰগাহবোৰৰ নিৰ্মাতাসকলে সেইস্থানত একোজন মৌলৱী নিযুক্তি দিছিল । 

২। মুছলমান যুগৰ উচ্চশিক্ষাৰ এটি চমু বিৱৰণ দিয়া । (Give a short description of Higher Education of Muslim period) 
Answer:   মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চশিক্ষা সম্প্ৰসাৰণৰ মূল তথা একমাত্ৰ অনুষ্ঠান আছিল মাদ্ৰাছা । প্ৰথম অৱস্থাত মাদ্ৰাছা নামৰ অনুষ্ঠানলৈ মছজিদৰ লগত সংল্গ হৈ আহিছিল । এই মাদ্ৰাছাবোৰৰ কিছুমানে বিশ্ববিদ্যালয় হিচাপেও খ্যাতি লাভ কৰিছিল । মাদ্ৰাছাসমূহত প্ৰতিটো শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ সংখ্যা কিমান আছিল সেই বিষয়ে জনা নাযায় ।

ক) মাদ্ৰাছাৰ সংগঠন আৰু প্ৰশাসনঃ মুছলমান যুগত মাদ্ৰাছা নামৰ উচ্চশিক্ষাৰ অনুষ্ঠানখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । সুদক্ষ শিক্ষকসকলে বক্তৃতা পদ্ধতিৰে বিভিন্ন বিষৰ শিক্ষা শিক্ষাৰ্থীসকলক দিছিল । এই সুদক্ষ শিক্ষকসকলক ৰাজ্যৰ তৰফৰ পৰা নিযুক্তি দিয়া হৈছিল । কিছুমান মাদ্ৰাছাৰ শিক্ষকসকলে আগ্ৰহী ব্যক্তি থাকিলে তেওঁকো নিযুক্তি দিয়াৰ কথা ইতিহাসত পোৱা যায় ।
মাদ্ৰাছাবোৰৰ প্ৰশাসনীয় দিশটো চোৱা-চিতা কৰাৰ বাবে এখন ব্যৱস্থাপনা সমিতি আছিল । এই ব্যৱস্থাপনা সমিতিটো ব্যক্তিগত খণ্ডৰ সদস্যাৰ দ্বাৰা গঠিত হৈছিল । যদিও দেশত এটা সুকীয়া শিক্ষাবিভাগ নাছিল তথাপি েই মাদ্ৰাছাবোৰক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য্য দিয়া হৈছিল । দেশত শিক্ষাবিভাগৰ অস্তিত্ব নাছিল বাবে প্ৰশাসনীয় আৰু সাংগঠনিক দিশৰ দায়িত্ব দেশে লোৱা নাছিল । সেই সময়ত শিক্ষানুষ্ঠানৰ বাবে ভূমিদান ব্যৱস্থা প্ৰচলিত আছিল যদিও দেশৰ চৰকাৰে নিৰ্দিষ্ট টকাৰ অনুদানো দিছিল । কোনো কোনো মাদ্ৰাছাত চৰকাৰে ছাত্ৰসকলৰ বাবে আবাসিক ব্যৱস্থাও কৰিছিল । এই ব্যৱস্থা কিন্তু ব্যক্তিগত প্ৰশাসকসকলেহে কৰি দিছিল । মাদ্ৰাছাবোৰত উচ্চশিক্ষা লাভ কৰি কৃতিত্ব লাভ কৰা ছাত্ৰসকলক উচ্চ তথা সন্মানীয় পদবীত মকৰল কৰা হৈছিল । 

খ) মাদ্ৰাছাৰ নামভৰ্তিকৰণ ব্যৱস্থা ঃ  মাদ্ৰাছাবোৰত নামভৰ্তিকৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ জটিলতা নাছিল । যিবিলাক শিক্ষাৰ্থীয়ে মোক্তাবত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে তেনেবোৰ শিক্ষাৰ্থীয়ে মাদ্ৰাছাত উচ্চশিক্ষা মোক্তাবত লাভ কৰিবলৈ সক্ষম হৈছিল । নামভৰ্তিকৰণৰ বাবে কোনোধৰণৰ অনুষ্ঠানৰ সন্মুখীন হব লগা নহৈছিল । মাদ্ৰাছাৰ কিমান ছাত্ৰক পঢ়াৰ সুবিধা দিয়া হৈছিল তাৰ বৰ্ণনা পোৱা নাযায় । কোনো কোনো ঠাইৰ মাদ্ৰাছাত শিক্ষাৰ্থীৰ সংখ্যা অধিক আছিল আৰু কোনো কোনো ঠাইত শিক্ষাৰ্থীৰ সংখ্যা কম আছিল । 
গ) মাদ্ৰাছাৰ পাঠ্যক্ৰমঃ মাদ্ৰাছাবোৰৰ শিক্ষাৰ পাঠ্যক্ৰম দুই ধৰণৰ আছিল । প্ৰথম আছিল ক) ধৰ্মনিৰপেক্ষ পাঠ্যক্ৰম আৰু দ্বিতীয়বিধ আছিল খ) ধৰ্মীয় পাঠ্যক্ৰম । 
i) ধৰ্মনিৰপেক্ষ পাঠ্যক্ৰমৰ বিষয়বোৰ হল আৰৱীয় ব্যাকৰণ, গদ্য, সাহিত্য, তৰ্কশাস্ত্ৰ, দৰ্শন, আইন,  জ্যোতিবিদ্যা, গণিত, ইতিহাস, ভূগোল, বিজ্ঞান, কৃষি ইত্যাদি । মূলত শিক্ষাৰ মাধ্যম আছিল আৰবীক । আকবৰৰ দিনত আৰবীকৰ পৰিৱৰ্তে মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰাৰ কথা উল্লেখ কৰাৰ কথা উল্লেখ পোৱা যায় । আকবৰৰ মতে মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰিলে শিক্ষাৰ্থীসকল অধিক লাভৱান হব
ii) ধৰ্মীয় পাঠ্যক্ৰমৰ মূল বিষয় হিচাপে কোৰাণ অধ্যয়নৰ ওপৰতে গুৰুত্ব আৰোপ কৰা হৈছিল আৰু হজৰত মহম্মদৰ পৰম্পৰাসমূহ শিকোৱা হৈছিল । ইয়াৰ লগতে মুছলমান আইন আৰু চুফি-নীতি আৰু ধৰ্মমত বিলাকো শিক্ষাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হৈছিল । মুছলমান শিক্ষাৰ আৰম্ভণীতে শিক্ষাৰ পাঠ্যক্ৰম ধৰ্মনিৰপেক্ষ আছিল । এটা সময়ত মুছলমানসকলে তেওঁলোকৰ তাকৰীয় জনসংখ্যা বৃদ্ধি কৰাৰ অৰ্থে বহুতো হিন্দুলোকক ধৰ্মান্তৰ কৰাইছিল । 

৩। মধ্যযুগত প্রাথমিক শিক্ষাৰ বিকাশত মােক্তাবৰ ভূমিকাৰ বিষয়ে লিখা (Write about the role of 'Moktab in the development of Primary education in Mediaval peried.) 
Answer:     মুছলমান যুগত প্ৰাথমিক শিক্ষা সম্প্ৰসাৰণ কৰাৰ অৰ্থে মোক্তাব নামেৰে এবিধ অনুষ্ঠান গঢ়ি উঠিছিল । সাধাৰণতে মোক্তাবসমূহ মছজিদৰ লগত একেলগে স্থাপন কৰা হৈছিল । মোক্তাব শব্দটো অৰ্থ হল তেওঁ লিখে যত লিখাৰ ব্যৱস্থা থাকে তাকেই মোক্তাব বোলা হৈছিল । মোক্তাব শব্দটো আৰবী কুতুব শব্দৰ পৰা অহা । মোক্তাবত লিখাৰ লগত গণিত যোগ হৈ প্ৰাথমিক শিক্ষাৰ আনুষ্ঠানিক শিক্ষানুষ্ঠানত পৰিণত হয় । 
ক) মোক্তাবত নামভৰ্তিকৰণ ব্যৱস্থা ঃ শিক্ষাৰ্থীসকলে মোক্তাবত নামভৰ্তি কৰিব লাগিলে কিছুমান নিয়ম মানিব লাগিছিল । মোক্তাবৰ নামভৰ্তিকৰণ ব্যৱস্থা পদ্ধতিগত আছিল ।বিচমিল্লাহ এবিধ অনুষ্ঠানৰ মাধ্যমত মোক্তাবসমূহত শিক্ষাৰ্থীসকলে নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল । শিক্ষাৰ্থীসকলৰ নামভৰ্তিকৰণৰ বয়স আছিল ৪ বছৰ ৪ দিন । পৰিয়ালৰ সদস্যসকলে শিশুটোক চাফ-চিকুণ কৰাই নতুন কাপোৰ-কানি পিন্ধাইছিল আৰু দলৰ মাজলৈ আনি কঠত বহুৱাই দিছিল ।

খ) মোক্তাবৰ পাঠ্যক্ৰমঃ  মোক্তাবসমূহৰ শিক্ষাৰ পাঠ্যক্ৰম সুসংগত আছিল নে নাই সেইবিষয়ে ইতিহাসত বিশেষভাৱে উল্লেখ নাই । কোৰাণৰ পৱিত্ৰ বাণীবোৰকে শিক্ষাৰ সমল হিচাপে ব্যৱহাৰ কৰা হৈছিল । 
শিক্ষাৰ্থীসকলে কোৰাণৰ পূৰ্ণশিক্ষা ৭ বছৰৰ পৰাহে আহৰণ কৰিব লাগিছিল । মোক্তাবত ধৰ্ম সম্বন্ধীয় ক্ৰিয়াকলাপ কিছুমান শিকোৱা হৈছিল । ইয়াৰ উপৰিও লিখা-পঢ়া, আৰু গণিতৰ শিক্ষা দিয়াৰ ব্যৱস্থাও আছিল । ইয়াৰ লগতে কোন কোনো মোক্তাবত পীৰ, পয়গম্বৰৰ জীৱনী, মুছলমান সাধু, মহাত্মাসকলৰ আখ্যান আৰু কিছুমান নিৰ্বাচিত কবিতা অংশ শিকোৱা হৈছিল । মুছলমান ৰজাসকলৰ ৰাজত্বৰ সময়ছোৱাত পাৰ্চীভাষাৰ শিক্ষা দিয়া হৈছিল ।
শিক্ষাৰ আৰম্ভণিতে শিশুসকলক চকু আৰু কাণৰ সহায়ত লিখিত ৰচনাবোৰ শিকোৱা হৈছিল । লিখিত সমলবোৰ জ্ঞান দিয়াৰ পিছতে কোৰাণৰ ত্ৰয়োদশ অধ্যায়ৰ পংক্তিবোৰ আওঁৰাবলৈ দিয়া হৈছিল । এই অধ্যায়ৰ পংক্তিবোৰত দৈনিক প্ৰাৰ্থনা আৰু ফাতিহাৰ বিষয়বোৰ সন্নিবিষ্ট হৈ আছিল । বিশেষকৈ ফাহিতাবোৰ কবৰ দিয়াৰ সময়ত ব্যৱহাৰ কৰিব লাগিছিল । সেইদৰে মোক্তাবত শিশুসকলৰ সদিৰ পনদনমহবোৰ শিকোৱা হৈছিল ।


৪। মধ্যযুগত উচ্চশিক্ষাৰ বিকাশত মাদ্ৰাছাৰ ভূমিকাৰ বিষয়ে লিখা । (Write about the role of Madrasah in the development of Higher education in Mediaval period.) 
Answer: মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চশিক্ষা সম্প্ৰসাৰণৰ মূল তথা একমাত্ৰ অনুষ্ঠান আছিল মাদ্ৰাছা । প্ৰথম অৱস্থাত মাদ্ৰাছা নামৰ অনুষ্ঠাননো মছজিদৰ লগত সংলগ্ন হৈ আহিছিল । এই মাদ্ৰাছাবোৰৰ কিছুমানে বিশ্ববিদ্যালয় হিচাপেও খ্যাতি লাভ কৰিছিল । মাদ্ৰাছাসমূহত শিক্ষাৰ্থীৰ সংখ্যা কিমান আছিল সেইবিষয়ে একো তথ্য পোৱা নাযায় ।
ক) মাদ্ৰাছাৰ সংগঠন আৰু প্ৰশাসন ঃ মুছলমান যুগত মাদ্ৰাছা নামৰ উচ্চশিক্ষাৰ অনুষ্ঠানখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । এই মাদ্ৰাছাবোৰত দেশৰ বিখ্যাত পণ্ডিতসকলে বক্তৃতা প্ৰদান কৰিছিল । সুদক্ষ শিক্ষকসকলে বক্তৃতা পদ্ধতিৰে বিভিন্ন বিষয়ৰ শিক্ষা শিক্ষাৰ্থীসকলক দিছিল । এই সুদক্ষ শিক্ষকসকলক ৰাজ্যৰ তৰফৰ পৰা নিযুক্তি দিয়া হৈছিল । কিছুমান মাদ্ৰাছাৰ শিক্ষকসকল ধনবান আৰু অতিকৈ আগ্ৰহী ব্যক্তিসকলেও নিযুক্তি দিয়াৰ কথা ইতিহাসত পোৱা যায় । 
মাদ্ৰাছাসকলৰ প্ৰশাসনীয় দিশটো চোৱাচিতা কৰাৰ বাবে এখন ব্যৱস্থাপনা সমিতি আছিল । এই ব্যৱস্থাপনা সমিতিটো ব্যক্তিগত খণ্ডৰ সদস্যৰ দ্বাৰা গঠিত হৈছিল । যদিও দেশত এটা সুকীয়া শিক্ষাবিভাগ নাছিল তথাপি এই মাদ্ৰাছাবোৰক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্য্য দিয়া হৈছিল । দেশত শ্ৰেণীবিভাগৰ অস্তিত্ব নাছিল বাবে প্ৰশাসনীয় আৰু সাংগঠনিক দিশৰ দায়িত্ব দেশে লোৱা নাছিল । সেই সময়ত শিক্ষানুষ্ঠানৰ বাবে ভূমিদান ব্যৱস্থা প্ৰচলিত আছিল যদিও দেশৰ চৰকাৰে নিৰ্দিষ্ট টকাৰ অনুদানো দিছিল । কোনো কোনো মাদ্ৰাছাত চৰকাৰে ছাত্ৰসকলৰ বাবে আবাসিক ব্যৱস্থাও কৰিছিল ।  এই ব্যৱস্থা কিন্তু  ব্যক্তিগত প্ৰশাসকসকলেহে কৰি দিছিল । মাদ্ৰাছাবোৰত উচ্চশিক্ষা লাভ কৰি কৃতিত্ব লাভ কৰা ছাত্ৰসকলক উচ্চ তথা সন্মানীয় পদবীত মকৰল কৰা হৈছিল ।


৫। চমুটোকা লিখাঃ (Write short notes) 

(ক) মােক্তাব ('Moktab') 
Answer:  মুছলমান যুগত প্ৰাথমিক শিক্ষা সম্প্ৰসাৰণৰ বাবে মোক্তাব নামেৰে এবিধ অনুষ্ঠান গঢ়ি উঠিছিল । সাধাৰণতে মোক্তাবসমূহ মছজিদৰ লগত একেলগে স্থাপন কৰা হৈছিল ।  মোক্তাব শব্দটো অৰ্থ হল তেওঁ লিখে যত লিখাৰ ব্যৱস্থা থাকে তাকেই মোক্তাব বোলা হৈছিল । মোক্তাব শব্দটো আৰবী কুতুব শব্দৰ পৰা অহা । মোক্তাবত লিখাৰ লগত গণিত যোগ হৈ প্ৰাথমিক শিক্ষাৰ আনুষ্ঠানিক শিক্ষানুষ্ঠানত পৰিণত হয় । মোক্তাবত দিয়া শিক্ষা ঠাই অনুসৰি বেলেগ-বেলেগ আছিল । পবিত্ৰ কোৰাণক এই শিক্ষাত আগস্থান দিয়া হৈছিল । প্ৰাথমিক শিক্ষা প্ৰসাৰৰ মূল অনুষ্ঠান হিচাপে মোক্তাব পৰিগণিত হৈছিল । মুছলমান সমাজত অৱস্থাপন্ন ব্যক্তিসকলে নিজৰ লৰা-ছোৱালীক ঘৰতে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল যদিও অধ্িক সংখ্যক ছাত্ৰ-ছাত্ৰী লগ হৈ মছজিদত নিয়মীয়া শিক্ষা গ্ৰহণ কৰিবলৈ লৈছিল । ইয়াৰ উপৰিও খানকাহ আৰু দৰগাহবোৰত মুছলমান শিক্ষা ব্যৱস্থা কৰা হৈছিল ।  খানকাহ আৰু দৰগাহবোৰৰ নিৰ্মাতাসকলে সেইস্থানত একোজন মৌলবীনিযুক্তি দিছিল । এই মৌলবীসকলক ধৰ্মপ্ৰচাৰক বুলি কোৱা হৈছিল । ধাৰ্মিকলোকসকলে আগবঢ়োৱা বস্তু-বাহানিবোৰৰ  উপৰিও মৌলবীসকলে জীৱন-ধাৰণৰ বাবে খানকাহ আৰু দৰগাহৰ পোষকসকলৰ পৰা সাহায্য পাইছিল । 

(খ) মাদ্ৰাছা ('Madrasah')
Answer:  মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চশিক্ষা সম্প্ৰসাৰণৰ মূল তথা একমাত্ৰ অনুষ্ঠানটো আছিল মাদ্ৰাছা । প্ৰথম অৱস্থাত মাদ্ৰাছা নামৰ অনুষ্ঠানটোও মছজিদৰ লগত সংলগ্ন হৈ আহিছিল । এই মাদ্ৰাছাবোৰৰ কিছুমানে বিশ্ববিদ্যালয় হিচাপেও খ্যাতি লাভ কৰিছিল । মাদ্ৰাছাসমূহত শিক্ষাৰ্থীৰ সংখ্যা কিমান আছিল সেই বিষয়ে জনা নাযায় ।
ক)  মাদ্ৰাছাৰ সংগঠন আৰু প্ৰশাসনঃ  মুছলমান যুগত মাদ্ৰাছা নামৰ উচ্চশিক্ষাৰ অনুষ্ঠানখনে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । এই মাদ্ৰাছাবোৰত দেশৰ বিখ্যাত পণ্ডিতসকলে বক্তৃতা প্ৰদান কৰিছিল । সুদক্ষ শিিক্ষকসকলে বক্তৃতা পদ্ধতিৰে বিভিন্ন বিষয়ৰ শিক্ষা শিক্ষাৰ্থীসকলক দিছিল । এই সুদক্ষ শিক্ষকসকলক ৰাজ্যৰ পৰা নিযুক্তি দিয়া হৈছিল । 
কিছুমান মাদ্ৰাছাৰ শিক্ষকসকল ধনবান আৰু আগ্ৰহী ব্যক্তিয়েও নিযুক্তি দিয়াৰ কথা ইতিহাসত পোৱা যায় ।
মাদ্ৰাছাবোৰৰ প্ৰশাসনীয় দিশটো চোৱাচিতা কৰাৰ বাবে এখন ব্যৱস্থাপনা সমিতি আছিল । এই ব্যৱস্থাপনা সমিতিটো ব্যক্তিগত খণ্ডৰ সদস্যৰ দ্বাৰা গঠিত হৈছিল বা গঠন কৰা হৈছিল । যদিও দেশত এটা সুকীয়া শিক্ষাবিভাগ আছিল তথাপি এই মাদ্ৰাছাবোৰক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য দিয়া হৈছিল ।  দেশত বিশ্ববিদ্যালয়ৰ অস্তিত্ব নাছিল । সেই সময়ত শিক্ষানুষ্ঠানৰ বাবে ভূমিদান ব্যৱস্থা প্ৰচলিত আছিল যদিও দেশৰ চৰকাৰে নিৰ্দিষ্ট টকাৰ অনুদানো দিছিল । কোনো কোনো মাদ্ৰাছাত চৰকাৰে ছাত্ৰসকলৰ বাবে আবাসিক ব্যৱস্থাও কৰিছিল । এই ব্যৱস্থা কিন্তু ব্যক্তিগত প্ৰশাসকসকলেহে কৰি দিছিল । মাদ্ৰাছাবোৰত উচ্চশিক্ষা লাভ কৰি কৃতিত্ব লাভ কৰা ছাত্ৰসকলক উচ্চ তথা সন্মানীয় পদবীত মকৰল কৰা হৈছিল । এই ব্যৱস্থাটোৱে শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষা লাভ কৰাত উদগণি যোগাইছিল । 

অতিৰিক্ত প্ৰশ্নঃ 
১। মোক্তাব শব্দটো কি শব্দৰ পৰা আহিছে ।
উত্তৰঃ মোক্তাব শব্দটো আৰবী কুতুব শব্দৰ পৰা আহিছে । 

২। মোক্তাব কি ।
উত্তৰঃ মোক্তাব হল প্ৰাথমিক শিক্ষা প্ৰসাৰৰ মূল অনুষ্ঠান । 

৩। মৌলবীসকলক কি বুলি কোৱা হয় ।
উত্তৰঃ মৌলবীসকলক ধৰ্মপ্ৰচাৰক বুলি কোৱা হয় । 

৪। মাদ্ৰাছা কি ।
উত্তৰ- মুছলমান শিক্ষাব্যৱস্থাৰ উচ্চশিক্ষা সম্প্ৰসাৰণৰ মূল তথা একমাত্ৰ অনুষ্ঠানটো আছিল মাদ্ৰাছা ।

৫। মোক্তাববোৰত লিখাৰ ওপৰত গুৰুত্ব দিয়াৰ মূল কাৰণ কি ।
উত্তৰঃ মোক্তাববোৰত লিখাৰ ওপৰত গুৰুত্ব দিয়াৰ মূল কাৰণ হল আখৰ ভাল কৰা । 

৬। মাদ্ৰাছাৰ পাঠ্যক্ৰম কেইপ্ৰকাৰৰ আৰু কি কি ।
উত্তৰঃ মাদ্ৰাছাৰ পাঠ্যক্ৰম দুইপ্ৰকাৰৰ যেনে 
ক) ধৰ্মনিৰপেক্ষ পাঠ্যক্ৰম ।
খ) ধৰ্মীয় পাঠ্যক্ৰম ।

৭। মাদ্ৰাছাত কি প্ৰথাৰ প্ৰচলন কৰা হৈছিল ।
উত্তৰঃ মাদ্ৰাছাত মনিটৰিয়েল প্ৰথাৰ প্ৰচলন কৰা হৈছিল ।

৮। মোক্তাবত শিশুসকলক কি শিকোৱা হৈছিল ।
উত্তৰঃ মোক্তাবত শিশুসকলক সদিৰ পনদনমহবোৰ শিকোৱা হৈছিল ।

৯। মাদ্ৰাছাবোৰ ছোৱাচিতা কৰিবৰ বাবে কি সমিতি গঠন কৰা হৈছিল ।
উত্তৰঃ  মাদ্ৰাছাবোৰ চোৱাচিতা কৰিবলৈ ব্যৱস্থাপনা সমিতি গঠন কৰা হৈছিল । 

১০। শিক্ষাৰ্থীসকলক কি কি জ্ঞান দিয়া হৈছিল ।
উত্তৰঃ  শিক্ষাৰ্থীসকলক কোৰাণৰ জ্ঞান দিয়াৰ উপৰিও খলকবাৰী , কৰিম আৰু মমকিম আদিৰ জ্ঞানো দিয়া হৈছিল ।

        Type 
Hirak Jyoti Bora.

Author_  Ali Rani Kakati ( Ba in History Major)