অধ্যায় ২ 

বুদ্ধযুগৰ শিক্ষা ব্যৱস্থা 
(Education System of Buddhist Period)

প্ৰশ্নাৱলী 
(Exercise)

১। বুদ্ধ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা । (Give a Short description about the Buddhist Education System.)
Answer: অতীত ভাৰতৰ শিক্ষাৰ ইতিহাসত বুদ্ধ শিক্ষা ব্যৱস্থাৰ প্ৰভাৱ বিশেষভাৱে মন কৰিবলগীয়া । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ শেষৰফালে বুদ্ধবাদৰ প্ৰসাৰতা আছিল আৰু শিক্ষা ব্যৱস্থাটো প্ৰভাৱ পৰিলক্ষিত হল । বুদ্ধ শিক্ষা ব্যৱস্থাৰ বিকাশৰ ধাৰাই ব্ৰাহ্মণিক শিক্ষাৰ বাবে প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিল । বুদ্ধ শিক্ষা ব্যৱস্থাক ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসৰ বিশেষ স্থান দিয়া হৈছে । হিন্দু শিক্ষা ব্যৱস্থাত বেদ, বেদাংগ, উপনিষদ আদিয়ে বিশেষভাৱে বৰঙণি আগবঢ়াইছিল । বুদ্ধ শিক্ষা ব্যৱস্থাটো ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰে আনটো ফাল বুলি কোৱা হয় । ষষ্ঠ শতিকাৰ আৰম্ভণিৰ পৰা কিছুমান ব্যক্তিয়ে হিন্দু ব্ৰাহ্মণিক শিক্ষাৰ গোড়ামীখিনিক বিৰোধিতা কৰি আছিল । বিৰোধভাৱে জন্ম হৈছিল পুৰোহিত শ্ৰেণী 0সামাজিক আদৰ্শ আৰু ধৰ্মীয় গোড়ামীৰ ওপৰত । এই বিৰোধভাৱত অৰিহণা যোগাইছিল বুদ্ধবাদৰ সমৰ্থকসকলে মহাপুৰুষীয়া ধৰ্মত নামকীৰ্তন, ভকতৰ শৰণলোৱা আদিৰ নিচিনা ধাৰণা বুদ্ধ মতবাদৰ ধাৰণাটো আছিল । মঠ আৰু বিহাৰবোৰক কেন্দ্ৰ কৰি বুদ্ধ শিক্ষাব্যৱস্থাটো ভাৰতবৰ্ষত সম্প্ৰসাৰণ হৈছিল । ভগৱান বুদ্ধৰ জীৱন-দৰ্শনৰ সমগ্ৰ ছবিখন বুদ্ধ শিক্ষা ব্যৱস্থাৰ মাজত প্ৰতিফলিত হৈছিল । বুদ্ধযুগৰ শিক্ষা ব্যৱস্থাৰ ইতিহাস আৰু বুদ্ধ সংঘবোৰৰ ইতিহাস একেধৰণৰ আছিল । মঠ আৰু বিহাৰবোৰৰ লগত সম্পৰ্ক নথকাকৈ কোনো প্ৰকাৰৰ শিক্ষা বুদ্ধ শিক্ষা ব্যৱস্থাত প্ৰচলন হোৱা নাছিল ।

বুদ্ধ শিক্ষাৰ প্ৰসাৰত সম্পূৰ্ণৰূপে সহায় আগবঢ়াইছিল ভিক্ষুকসকলে ।  ধৰ্ম সম্পৰ্কীয় অথবা গাৰ্হস্থ্য সম্পৰ্কীয় সকলো প্ৰকাৰৰে শিক্ষাদানৰ দায়িত্ব ভিক্ষুকসকলে বহন কৰিছিল । বুদ্ধ সংস্কৃতিৰ ৰক্ষণাবেক্ষণ ভিক্ষুকসকলৰ দ্বাৰাহে হৈছিল । বুদ্ধ ধৰ্ম তথা শিক্ষা ব্যৱস্থাটোৰ মূল উদ্দেশ্য আছিল মুক্তি তথা নিৰ্বাণ লাভ । বুদ্ধ মতবাদে সকলোৰে মুক্তিৰ বাবে সহজ-সৰল জীৱন ধাৰণৰ এটা পথ বিচাৰিছিল । সেই পথটোত যাতে কোনো জীৱ-জন্তুৰ হৰণ ভগন নহয়, কোনো জাকজমকতা নাথাকে, জাতপাতৰ বিচাৰ নাথাকে । পূজা-অৰ্চনাৰ দৰে ব্যয় বহুলতাও নাথাকে । সংসাৰৰ মায়া-মোহ ত্যাগ কৰি আধ্যাত্মিক ধাৰণাত উপনীত হোৱাটোৱে এই মতবাদৰ প্ৰধান লক্ষ্য আছিল । বুদ্ধ মতবাদে এটা কথা স্বীকাৰ কৰিছে যে আমাৰ সকলোৰে দুখ-দুৰ্গতিৰ মূল কাৰণ হল অজ্ঞতা । মুক্তিৰ পথ সন্ধানত মানুহে আঠটা কৰ্ম সম্পাদন কৰিব লাগিব । কৰ্মসমূহ হল 
১। সম্যক দৃষ্টি ।
২। সম্যক সংকল্প ।
৩। সম্যক কৰ্ম ।
৪। সম্যক বাক্য ।
৫। সম্যক ধ্যান ।
৬। সম্যক দান ।
৭। সম্যক ব্যায়াম ।
৮। সম্যক জীৱিকা ।
এই কৰ্মসমূহৰ সম্পাদনেই হল মানুহৰ জীৱনলৈ পৱিত্ৰতা আনিব আৰু সেই পৱিত্ৰতা অনাৰ বাবে শিক্ষাৰ প্ৰয়োজন হব । 



২। বুদ্ধ শিক্ষা ব্যৱস্থাৰ মূল দিশবোৰ বৈশিষ্ট্যবোৰৰ বিষয়ে লিখা । (Write about the main features or characteristics of Buddhist Education System.)
Answer:   বুদ্ধ শিক্ষা ব্যৱস্থাৰ মূল দিশ বা বৈশিষ্ট্যবোৰ হল 

১। বুদ্ধ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে নতুন নহয় ঃ  বুদ্ধ শিক্ষা ব্যৱস্থটো সম্পূৰ্ণৰূপে নতুন শিক্ষাব্যৱস্থা নাছিল ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ মূল লক্ষ্যবোৰকে বুদ্ধ শিক্ষা ব্যৱস্থাই মূল লক্ষ্য হিচাপে লৈছিল । বৈদিক যুগক শিক্ষাৰ অন্তনিৰ্হিত ধাৰণাবোৰ বুদ্ধ শিক্ষাব্যৱস্থাত অন্তৰ্ভূক্ত হৈছিল যদিও অধিক হোৱা খিনিক বিসৰ্জন দিয়া হৈছিল । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ অপ্ৰয়োজনীয় দিশসমূহ বাদ দি নতুন কিছুমান দিশ বুদ্ধ শিক্ষা ব্যৱস্থাত সামৰি লোৱা দেখা যায় । আমি বুদ্ধ শিক্ষা ব্যৱস্থাৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিলে দেখিবলৈ পাও যে বৈদিক শিক্ষাৰ লগত ইয়াৰ খুব বেছি মিল নাই । দুয়োবিধ শিক্ষা ব্যৱস্থাৰ মূল ধৰ্মীয় ধাৰণা দুবিধৰহে অমিল আছিল ।

২। বুদ্ধৰ জীৱন-দৰ্শনৰ প্ৰভাৱ শিক্ষাব্যৱস্থাৰ ওপৰত পৰিছিল ঃ বুদ্ধ শিক্ষা ব্যৱস্থাত ভগৱান বুদ্ধৰ জীৱন-দৰ্শলৰ প্ৰভাৱ বিশেষভাৱে পৰিছিল । বুদ্ধ দৰ্শনৰ মতে এই ধৰণীখন দুখেৰে ভৰা । মানুহে সদায় সেই দুখ-যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে । আনকি মানুহে সম্ভৱ কৰিব পাৰিলে জন্মলাভৰ পৰাও আতৰি থাকিলহেতেন । বুদ্ধ দৰ্শনে মুক্তিলাভৰ পথৰ সন্ধান কৰিছিল । এই নিৰ্বাণ লাভৰ লক্ষ্যই শিক্ষাৰ মূল উদ্দেশ্য হব । 

৩। বুদ্ধ শিক্ষা ব্যৱস্থাসম্পূৰ্ণৰূপে মঠভিত্তিক আছিল ঃ বুদ্ধ শিক্ষা ব্যৱস্থা বুদ্ধ মঠক কেন্দ্ৰ কৰিয়েই গঢ় লৈছিল । দুখ-যন্ত্ৰণাৰ দৰ্শনে মঠ ব্যৱস্থাৰ জন্ম দিছিল । বুদ্ধদৰ্শন মতে যদি কোনোবাই জীৱনৰ উন্নতি সাধন কৰিবলৈ বিচাৰে তেনেহলে নিৰ্বাণ লাভৰ পথৰ সন্ধান হব লাগিব । এই পাৰ্থিৱ সংসাৰত মানুহে মাত্ৰ দুখ যন্ত্ৰণাহে পাব । এই পাৰ্থিৱ সংসাৰৰ পৰা আতৰি থকাৰ ব্যৱস্থাই হল বিহাৰবোৰৰ জীৱন । বিহাৰবোৰৰ বিকাশ সাধন হৈ মঠ বা মনস্তাৰিকৰূপে পৰিগণিত হল । বুদ্ধ শিক্ষা ব্যৱস্থাৰ কেন্দ্ৰৰূপে হিচাপে মঠবোৰ গঢ় লোৱাত সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱেই মঠভিত্তিক শিক্ষা হৈ পৰিল । এই শিক্ষাব্যৱস্থা পৱিত্ৰ আৰু ধৰ্মনিৰপেক্ষ আছিল আৰু শিক্ষাৰ দায়িত্ব ভিক্ষুকসকলৰ ওপৰত পৰিছিল । 

৪। ন শিকাৰুৰ স্থান ঃ বুদ্ধ শিক্ষাব্যৱস্থাৰ নিয়ম কাননসমূহেই আছিল ভগৱান বুদ্ধৰ আদৰ্শ । এই আদৰ্শৰ বাহিৰত শিক্ষাৰ বিকাশ হৈছিল বুলি জনা নাযায় । ন-শিকাৰুসকলক শিক্ষা ব্যৱস্থাত অন্তৰ্ভূক্ত কৰা প্ৰণালীটো তেনেই স্বাভাৱিক আৰু সৰল আছিল । নামভৰ্তিকৰণৰ সময়ত শিক্ষাৰ্থীৰ বয়স হব লাগিছিল ৮ বছৰ । নামভৰ্তিকৰণৰ প্ৰথম অৱস্থাটোক পবজ্ঝা বুলি কোৱা হৈছিল ।নামভৰ্তি কৰিবলৈ অহা ন শিকাৰুজন সম্পূৰ্ণৰূপে নিৰোগী হব লাগিব আৰু অভিভাৱকসকলৰ অনুমতি লৈহে আহিব লাগিব ।  বিনায় পিতাক নামৰ গ্ৰন্থখনত নাম ভৰ্তিকৰণ ব্যৱস্থাৰ সুন্দৰ বৰ্ণনা পোৱা যায় । বুদ্ধ শিক্ষা ব্যৱস্থাৰ নামভৰ্তিকৰণ ব্যৱস্থা সকলোৰে বাবে মুক্ত আছিল । বহুতো নিম্ন শ্ৰেণীৰ ব্যক্তিয়ে শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভূক্ত হোৱাৰ কথা উল্লেখ আছে । 

৫। পূৰ্ণ সন্ন্যাসী হিচাপে স্থান লাভ ঃ বুদ্ধ শিক্ষা ব্যৱস্থাত ন-শিকাৰুসকল সোমাই পৰাৰ লগে লগে গুৰুৰ পৰিচালনাত শিক্ষালাভ কৰিব লাগে । শিক্ষাৰ্থীসকলে সম্পূৰ্ণ  ১২ বছৰ  সময় শিক্ষালাভত ব্ৰতী হৈ থাকিবলগীয়া হয় । এই ১২ বছৰ কাল শিক্ষালাভ কৰাৰ পিছতহে পূৰ্ণ সন্ন্যাসী হিচাপে আৱেদন জনাব পাৰিছিল । যদি বুদ্ধ আদৰ্শই আবেদনকাৰীক পূৰ্ণতাপ্ৰাপ্ত হোৱা বুলি স্বীকৃতি দিয়ে তেতিয়াহলে পূৰ্ণসন্ন্যাসী ৰূপে আদৰ্শত সোমাই পৰিব পাৰে । স্বীকৃত হোৱাৰ পিছত উপসম্পাদ নামেৰে এটি অনুষ্ঠানৰ মাধ্যমত আবেদনকাৰীক পূৰ্ণ সন্ন্যাসীৰ স্থান দিয়া হৈছিল । 

৬। শিক্ষাৰ্থীসকলৰ কৰ্তব্য ঃ শিক্ষাৰ্থীসকলে শিক্ষা আহৰণ কাৰ্য সম্পাদন কৰাৰ উপৰিও গুৰুৰ প্ৰতি কৰণীয় কামো যথেষ্ট  আছিল । শিক্ষাৰ্থীসকলে গুৰুৰ প্ৰতি বিভিন্ন সেৱা আগবঢ়াব লাগিছিল । বুদ্ধ শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলে বৈদিক শিক্ষা ব্যৱস্থাৰ দৰেই গুৰুৰ ওচৰত দায়বদ্ধ আছিল । গুৰুৱে দিয়া নিৰ্দেশ শিষ্যসকলে সকলো ক্ষেত্ৰতে মানিব লাগিছিল । শিষ্যসকলে গুৰুৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়াৰ লগতে প্ৰতিটো ক্ষেত্ৰতে যাতে গুৰুৱে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তালৈ লক্ষ্য ৰাখিব লাগিছিল । গুৰুক শিষ্যসকলে নিজৰ পিতৃৰ দৰে মানিব লাগিছিল । গুৰু আৰু শিষ্যৰ মাজত এটা সুন্দৰ মনোভাৱ গঢ় লৈ উঠিছিল । শিষ্যসকলে শিক্ষালাভৰ সময়ছোৱাত কঠোৰ নিয়মৰ মাজত চলিব লাগিছিল যদিও তেওঁলোক অধিকভাৱে মুক্ত আছিল । শিষ্যসকলে সংঘৰ সকলো নিয়ম-কানুন মানি চলাৰ মাজতে মুক্ততা অনুভৱ কৰি শিক্ষা আহৰণ কাৰ্যত ব্ৰতী হৈ পৰিছিল । 

৭। মহিলাসকলৰ শিক্ষা ঃ বুদ্ধ শিক্ষা ব্যৱস্থাত মহিলা শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল যদিও পিছলৈ মহিলাসকলক শিক্ষা তথা আদৰ্শত সোমাই লোৱা হৈছিল । এই ক্ষেত্ৰত আনন্দ বুদ্ধৰ নাম বিশেষভাৱে উল্লেখযোগ্য । আনন্দ বুদ্ধই মহিলাসকলক বুদ্ধ আদৰ্শত সোমোৱাৰ অনুমতি প্ৰদান কৰিছিল । এই অনুমতিৰ ফলস্বৰূপে ভিক্ষুণী বৃত্তিৰ জন্ম হৈছিল । মহিলাসকলে শিক্ষালাভ কৰি দেশ বিদেশত বুদ্ধ আদৰ্শক প্ৰচাৰ কৰাৰ বৰ্ণনা পোৱা যায় । ভিক্ষুণীসকলে আদৰ্শৰ প্ৰসাৰতা অনাৰ বাবে ব্ৰহ্মদেশ, শ্ৰী লংকা, আদি দেশলৈ গৈছিল । 



৩। বুদ্ধ শিক্ষা ব্যৱস্থাৰ বিশেষত্ব কি ? আলোচনা কৰা । (What is the significance of Buddhist Education System? Discuss)
Answer: বুদ্ধ শিক্ষা ব্যৱস্থাৰ বিশেষত্বসমূহ হল 
অতীতৰ শিক্ষা ব্যৱস্থাত বুদ্ধ আদৰ্শই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল বুলি ইতিহাসত বৰ্ণিত আছে বা বৰ্ণনা কৰা হৈছে । বুদ্ধ আদৰ্শত অন্তৰ্ভূক্ত হবলৈ হলে শিষ্যসকলে কেইবাকোটি অৱস্থাৰ মাধ্যমত আগবাঢ়িবলগীয়া হয় । অৱস্থাসমূহৰ লগত কিছুমান অনুষ্ঠান জড়িত হৈ থাকে । সেই অনুষ্ঠানসমূহে সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে বিশেষত্বপূৰ্ণ কৰি তুলিছে ।  বুদ্ধ শিক্ষা ব্যৱস্থাৰ বিশেষত্ব কৰাৰ মূলতে তলৰ অনুষ্ঠানসমূহে সহায় কৰিছে ।
১। পবজ্যা ঃ বুদ্ধ আদৰ্শত পালন কৰিবলগীয়া প্ৰথম অৱস্থাটোকে পবজ্যা বুলি ধৰা হয় । পবজ্যাৰ প্ৰকৃত অৰ্থ হল আগবাঢ়ি হোৱা । পবজ্যা শব্দটোৱে বুদ্ধ আদৰ্শত সোমাই পৰাৰ প্ৰথম খাপটোকে বুজায় । বুদ্ধধৰ্মত প্ৰৱেশ কৰিবলৈ ৰ্যক্তিজন আগবাঢ়ি ৰল । পবজ্যা অৱস্থাটোৰ লগত সকলো শিক্ষক জড়িত হৈ পৰিছিল । বুদ্ধ আদৰ্শত সকলো ব্যক্তিয়ে শিক্ষা লাভ কৰিব পাৰিছিল । মহাপুৰুষীয়া ধৰ্মত নামগোৱা, গুৰুমনা আৰু ভকতত শৰণ লোৱা ব্যৱস্থা আছে । সেইদৰে বুদ্ধ আদৰ্শত ধৰ্ম আৰু সংঘত শৰণ লোৱাৰ ব্যৱস্থা আছিল । মঠ বা বিহাৰবোৰত বুদ্ধ ধৰ্ম আৰু সংঘ গঢ় লৈ উঠিছিল ।  এই সংঘৰ মাধ্যমতে শিক্ষাৰ্থীসকলক আদৰ্শৰ অন্তৰ্ভূক্ত কৰা হৈছিল । যিবিলাকে পবজ্যা গ্ৰহণ কৰিছিল । তেওঁলোকে আগৰ জাত আৰু বৰ্ণাশ্ৰমৰ ধাৰণাবোৰ আতৰ কৰিব লাগিছিল । বুদ্ধ আদৰ্শত হীনবংশজাত শিক্ষাৰ্থীয়েও শিক্ষালাভ  কৰিবলৈ সক্ষম হৈছিল । বুদ্ধধৰ্মই শ্ৰেণীবিহীন সাম্যপ্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল । 
বৈদিক যুগৰ বৰ্ণাশ্ৰম ধৰ্মৰ ব্ৰহ্মচৰ্য অবস্থাটোক পবজ্যাৰ লগত তুলনা কৰিব পাীৰি । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাত শিষ্যসকলে ঘৰ দুৱাৰ ত্যাগ কৰি গুৰুগৃহত সুদীৰ্ঘ সময় কটাইছিল । ঠিক তেনেদৰে বুদ্ধ শিক্ষা ব্যৱস্থায়ো পবজ্যা অনুষ্ঠানৰ মাধ্যমত শিক্ষাৰ্থীসকলক সুদীৰ্ঘ সময় প্ৰশিিক্ষণত মগ্ন কৰাইছিল । বুদ্ধ শিক্ষা পদ্ধতিত শিক্ষাৰ্থীৰ শিক্ষাৰ সময় বাৰ বছৰ আছিল । বুদ্ধ আদৰ্শত দীক্ষা লৈ পবজ্যা লোৱা ব্যক্তিজনক সামনেৰা বোলা হৈছিল । 
বুদ্ধ ধৰ্মত দীক্ষা লোৱাৰ পাছত নিয়ম-প্ৰণালীবোৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ কোনোবা ব্যক্তিয়ে যদি দীক্ষা গ্ৰহণ কৰিবলৈ বিচাৰে তেওঁ গোৰা ৰঙৰ কাপোৰ হাতত লৈ এগৰাকী পূৰ্ণতাপ্ৰাপ্ত ভিক্ষুকৰ ওচৰলৈ যাব লাগিছিল আৰু দীক্ষা লম বুলি আবেদন জনাব লাগিছিল । ভিক্ষুকজনে ব্যক্তিজনক গোৰা কাপোৰখিনি পিন্ধাই বুদ্ধ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ বাবে তিনিটা প্ৰতিজ্ঞা কৰিবলৈ দিছিল । ইয়াক ৰিফিউজ বুলি কোৱা হয় । প্ৰতিজ্ঞা তিনিটা হল 
১। বুদ্ধং শৰণম গস্বামী ।
২। ধৰ্মম শৰণম গস্বামী ।
৩। সংধম শৰণম গস্বামী ।
এই প্ৰতিজ্ঞা তিনিটাৰ মূল অৰ্থ হল মই বুদ্ধৰ আদৰ্শৰ অন্তৰ্ভূক্ত হয়, বুদ্ধ ধৰ্মৰ দীক্ষা লম আৰু সংঘৰ নিয়ম-কানুনসমূহ মানি চলিম । এনেদৰে প্ৰতিজ্ঞাবদ্ধ হোৱাৰ পিছত দীক্ষা লবলৈ বিচৰা ব্যক্তিজনক ১০টা কৰ্মৰ পৰা নিবৃত্ত হবলৈ উপদেশ দিয়া হৈছিল । উপদেশকেইটা হল 
১। প্ৰাণী হত্যা নকৰিবা ।
২। মিছা কথা নকবা ।
৩। আনে নিদিয়া বস্তু গ্ৰহণ নকৰিবা ।
৪। অসময়ত আহাৰ গ্ৰহণ নকৰিবা ।
৫। মাদক দ্ৰব্য সেৱন নকৰিবা ।
৬। নৃত্য-গীত আদিত যোগদান নকৰিবা ।
৭। গন্ধমালা আৰু বিলাসৰ সামগ্ৰী গ্ৰহণ নকৰিবা ।
৮। আৰামদায়ক আসন গ্ৰহণ নকৰিবা ।
এনেদৰে বুদ্ধ আদৰ্শৰ  দ্বাৰা অনুপ্ৰাণিত কৰাই শিক্ষাৰ্থীসকলক গুৰুৰ তত্ত্বাৱধানত শিক্ষা আহৰণ কৰিবলৈ দিয়া হয় । পবজ্যা অনুষ্ঠানত সোমাই পৰাত কিছুমান বাধা আৰোপিত হৈছিল । বাধাবোৰ হল 
ক) পিতৃ-মাতৃৰ অনুমতি অবিহনে বুদ্ধ আদৰ্শত দীক্ষিত হব নোৱাৰে । 
খ) কুষ্ঠ, যক্ষ্মা আদি ৰোগত ৰোগগ্ৰস্ত আৰু বিকলাংগ ব্যক্তিয়ে দীক্ষা লব নোৱাৰিছিল । 
গ) নৈতিকতাহীন ব্যক্তিক দীক্ষিত কৰা হোৱা নাছিল ।
ঘ) পুৰণি দাগী-আচামী দুৰ্বৃত্তক দীক্ষা দিয়া হোৱা নাছিল ।
ঙ) আইন অমান্যকাৰী আৰু দায়িত্ব জ্ঞানহীন ব্যক্তিয়ে দীক্ষা পোৱা নাছিল । 

৪। চমুটোকা লিখাঃ
(Write short Notes.)

(ক) পবজ্যা (Pabajja) ।
Answer: বুদ্ধ আদৰ্শত পালন কৰিবলগীয়া প্ৰথম অৱস্থাটোকে পবজ্যা বুলি ধৰা হয় । পবজ্যাৰ প্ৰকৃত অৰ্থ হল আগবাঢ়ি হোৱা । পবজ্যা শব্দটোৱে বুদ্ধ আদৰ্শত সোমাই পৰাৰ প্ৰথম খাপটোৱে বুজায় । বুদ্ধধৰ্মত প্ৰৱেশ কৰিবলৈ ব্যক্তিজন আগবাঢ়ি গল । পবজ্যা অৱস্থাটোৰ লগত সকলো শিক্ষাৰ্থী জড়িত হৈ পৰিছিল । বুদ্ধ আদৰ্শত সকলো ব্যক্তিয়ে দীক্ষা লাভ কৰিব পাৰিছিল । মহাপুৰুষীয়া ধৰ্মত নামগোৱা, গুৰুমনা আৰু ভকতত শৰণ লোৱা, আদিৰ ব্যৱস্থা আছিল । মঠ বা বিহাৰবোৰত বুদ্ধ ধৰ্ম আৰু সংঘ গঢ় লৈ উঠিছিল । এই সংঘৰমাধ্যমতে শিক্ষাৰ্থীসকলকআদৰ্শৰ অন্তৰ্ভূক্ত কৰা হৈছিল । যিবিলাকে পবজ্যা গ্ৰহণ কৰিছিল। তেওঁলোকে আগৰ জাত আৰু বৰ্ণাশ্ৰমৰ ধাৰণাবোৰ আতৰ কৰিব লাগিছিল । বুদ্ধ আদৰ্শত হীনবংশজাত শিক্ষাৰ্থীয়েও শিক্ষালাভ কৰিবলৈ সক্ষম হৈছিল । বুদ্ধধৰ্মই শ্ৰেণীবিহীন সাম্যপ্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল । 
বৈদিক যুগৰ বৰ্ণাশ্ৰম ধৰ্মৰ ব্ৰহ্মচৰ্য অবস্থাটোক পবজ্যাৰ লগত তুলনা কৰিব পাৰি । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাত শিষ্যসকলে ঘৰ-দুৱাৰ ত্যাগ কৰি গুৰুগৃহত সুদীৰ্ঘ সময় কটাইছিল । ঠিক তেনেদৰে বুদ্ধ শিক্ষা ব্যৱস্থায়ো পবজ্যা অনুষ্ঠানৰ মাধ্যমত শিক্ষাৰ্থীসকলক সুদীৰ্ঘ  সময় প্ৰশিক্ষণত মগ্ন কৰাইছিল । বুদ্ধ শিক্ষা পদ্ধতিত শিক্ষাৰ্থীৰ শিক্ষাৰ সময়বাৰ বছৰ আছিল। বুদ্ধ আদৰ্শত দীক্ষা লৈ পবজ্যা লোৱা ব্যক্তিজনকসামনেৰা বোলা হৈছিল । 

(খ) উপসম্পদ (Upasampada) ।
Answer:  বুদ্ধ আদৰ্শত চূড়ান্তভাৱে অন্তৰ্ভূক্ত হোৱা অনুষ্ঠানটো হল উপসম্পদ। বুদ্ধ পদ্ধতিতপ্ৰথমতে লোৱা দীক্ষা পবজ্যাই পিচৰ অনুষ্ঠান উপসম্পদৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুতকৰি তোলে । শ্ৰমণসকলে উপসম্পদ অনুষ্ঠানৰমাধ্যমতপূৰ্ণভিক্ষুক হোৱাৰ পথ সুগম কৰে । উপসম্পদদীক্ষা লোৱাৰ পিছতহে এজন শ্ৰমণ সংঘৰ পূৰ্ণ সদস্য হবলৈ সক্ষম হয় । পবজ্যা অনুষ্ঠানত অন্তৰ্ভূক্ত হোৱাৰ পিছত সম্পূৰ্ণ বাৰ বছৰ শ্ৰমণ হিচাপে কটাইহে উপসম্পদ অনুষ্ঠানৰ বাবে উপযুক্ত হৈছিল । কিন্তু সাধাৰণতে ২০ বছৰৰ মূৰতহে পবজ্যা অৱস্থাৰ অন্ত পৰে । কোনো কোনো ক্ষেত্ৰত দুয়োটা অনুষ্ঠান একেলগে পতাৰব্যৱস্থাতকৰা হয় । বুদ্ধ পদ্ধতি মতে পবজ্যা শেষকৰাৰ পিছতউপসম্পদতপ্ৰৱেশ কৰি সংসাৰসম্পূৰ্ণৰূপে ত্যাগ কৰে কিন্তু বৈদিক যুগত ব্ৰহ্মচৰ্য শেষ কৰাৰ পিছত ব্ৰহ্মচাৰীয়ে স্নাতক হিচাপে পৰিগণিত হয় আৰু গাৰ্হস্থ্য ধৰ্ম পালন কৰি সংসাৰী হয় । অৱশ্যে কোনোবা স্নাতকে ইচ্ছা কৰিলে গাৰ্হস্থ্য আশ্ৰমলৈ নগৈ নৈষ্ঠিক হৈ ব্ৰহ্মচাৰী হিচাপে কটাব পাৰিছিল । 
উপসম্পদ অনুষ্ঠানত কোনোবা শ্ৰমণকঅৰ্নভূক্ত কৰিব লাগিলে সংঘৰ সভাৰঅনুমোদনৰপ্ৰয়োজন হয় । সংঘৰ খুব কমেও দহগৰাকী সদস্যৰ দ্বাৰা গ্ৰহণযোগ্য প্ৰস্তাবৰ ফলস্বৰূপে শ্ৰমণসকল উপসম্পদ অৱস্থালৈ আহিব পাৰিছিল ।  অৱশ্যে পাহাৰীয়া অঞ্চলবা সীমান্তৰ মঠবোৰত এনেধৰণৰ সদস্যৰসংখ্যা ৫ জন হলেও হয় । সদস্যসকলৰ এজন সভাপতি হৈ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লৈ আহি শ্ৰমণসকলৰ মাজৰ পৰা উপসম্পদৰউপযুক্ত হোৱা ব্যক্তিক নিৰ্বাচন কৰে । সভাই এগৰাকী অভিজ্ঞ সদস্যক প্ৰাৰ্থীজনক উপসম্পদৰ বাবে সজাই তোলাৰ দায়িত্ব দিয়ে । তেওঁৰ উপদেশ মতে, প্ৰাৰ্থীজনে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰস্তুত হৈ উঠে । প্ৰাৰ্থীজনৰ নাম, তেওঁ কোন উপাধ্যায়ৰ তলত শিক্ষা লাভ কৰিব, প্ৰাৰ্থীজনৰ বয়স, ঋণ, ৰাজসেৱাৰ দায়িত্ব, বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা মুক্তি, প্ৰাৰ্থীৰ ভিক্ষাপাত্ৰ, আৰু ভিক্ষুক বেশৰ উপযোগিতা আদিৰ বিষয়বোৰ নিৰুপণ কৰা হয় । এনেদৰে গোৰা বস্ত্ৰ পৰিধান কৰি ভিক্ষুকসকলৰ চৰণ চুই তিনিবাৰ প্ৰাৰ্থনা কৰি কয় যে সংঘই তেওঁক সংঘৰ উপযুক্ত সদস্য হিচাপে দীক্ষা দিয়াৰ অনুমতি প্ৰদান কৰিব লাগে । এনেদৰে ব্যক্তিজনক প্ৰস্তুত কৰি সমাজলৈ আগবঢ়াই অনা হয় ।  সংঘৰ এগৰাকী সদস্যই উপসম্পদ গ্ৰহণ কৰাৰ প্ৰস্তাৱটো দাঙি ধৰে আৰু তেওঁক নানা ধৰণৰ প্ৰশ্ন কৰা হয় । 


(গ) গুৰু-শিষ্যৰ সম্পৰ্ক (Puplis Preceptors Relationship) ।
Answer:   বুদ্ধযুগৰ শিক্ষা ব্যৱস্থাত গুৰু আৰু শিষ্যৰ মাজৰ সম্পৰ্ক বৈদিক যুগৰ দৰেই সুমধুৰ আছিল । শিষ্যসকলক আন এটা নামেৰেও জনা যায় । নামটো হল সিদ্ধি বিহাৰক ।গুৰু আৰু শিষ্যৰ সম্বন্ধৰ মিবিৰতা ইমান গভীৰ আছিল যে শিষ্যই গুৰুৰ মানসিক অশান্তি দূৰ কৰিবলৈও যত্নপৰ হৈছিল । গুৰুক মানসিকভাৱে শান্তি প্ৰদান কৰাৰ অৰ্থে শিষ্যসকলে বিভিন্ন ধৰণৰ কৰ্তব্য সম্পাদন কৰিছিল । শিষ্যসকলে গুৰু ওচৰত ধৰ্মৰ আলোচনাও কৰিছিল । শিষ্যসকলে সকলো সময়তে গুৰুক উচ্চ স্থান দিছিল যদিও গুৰুৰ দোষ হলেও আঙুলিয়াই দিবলৈ কুন্ঠাবোধ নকৰিছিল । শিষ্যসকলে যি কোনো প্ৰকাৰে নিজৰ কৰ্তব্যসমূহ সম্পাদন কৰিবলৈ যত্ন কৰিছিল । শিষ্যসকলে কৰা ভূলৰ বাবে সংঘৰ পৰা বহিস্কৃত হোৱাৰ উদাহৰণো পোৱা যায় । গুৰুৱে শিষ্যক ত্যাগ কৰিলে গুৰু শিষ্যৰ  সম্পৰ্ক ছেদ হৈছিল । ইয়াৰ উপৰিও গুৰুৱে সংঘ ত্যাগ কৰিলে, গুৰুৰ মৃত্যু হলে অথবা গুৰু অন্য স্থানলৈ গুচি গলে গুৰু শিষ্যৰ সম্পৰ্কত বিছিন্নতা আহিছিল ।  
গুৰু-শিষ্যৰ মাজত দভীৰ সম্পৰ্ক গঢ়ি উঠাৰ ফলত পৰস্পৰে পৰস্পৰৰ প্ৰতি কৰ্তব্যপৰায়ণ হৈ পৰিছিল । শিষ্যসকলে ৰাতিপুৱা দোকমোকালিতে বিছনা ত্যাগ কৰি নিজৰ যাৱতীয় কাম সম্পাদন কৰিছিল । গুৰুৰ দাঁত মাজন, পানী আদি যোগান কৰি দিছিল । ৰাতিপুৱা আহাৰ যোগাৰ কৰি গুৰুৰ ওচৰত প্ৰদান কৰিছিল আহাৰৰ শেষত ঠাইবোৰ চাফ-চিকুণ কৰি গুৰুক ভিক্ষাৰ বাবে প্ৰয়োজনীয় সকলো সা-সঁজুলি যোগাৰ কৰি দিছিল । 
এনেদৰে ভিক্ষাকাৰ্য সম্পাদন কৰি আহি আকৌ গুৰুক কাপোৰ-কানি সলোৱাৰ ব্যৱস্থা কৰি দি আহাৰৰ ব্যৱস্থা কৰিছিল । গা-পা ধুৱাৰ পিছত প্ৰয়োজনবোধ কৰিলে গুৰুৱে পাঠদান কৰিছিল । 

(ঘ) বুদ্ধ ভিক্ষুক (Buddhist Monk) ।
Answer: বুদ্ধ ধৰ্ম আৰু শিক্ষা ব্যৱস্থাত বুদ্ধ ভিক্ষুৰ ভূমিকা বিশেষ ধৰণে অতি গুৰুত্বপূৰ্ণ । মঠত বাস কৰা সকলো ব্যক্তিয়ে কিছুমান নিয়ম-কানুন মানি চলিছিল । বুদ্ধ ভিক্ষুকসকলৰ জীৱনৰ লক্ষ্যৰ পূৰ্ণতা আনিবৰ বাবেই এই নিয়ম-কানুনবোৰ প্ৰণয়ন কৰা হৈছিল । বুদ্ধ ভিক্ষুকসকলে সংসাৰৰ মায়া, মোহ, সুখ ভোগ আদি বিসৰ্জন দি সাংসাৰিক  জীৱনৰ প্ৰলোভনৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি জয়লাভ কৰাৰ অৰ্থে বিহাৰ বা মঠবোৰত বসবাস কৰিছিল । সাধাৰণ জীৱন আৰু ভিক্ষুক জীৱন সম্পূৰ্ণভাৱে বেলেগ বেলেগ আছিল । বুদ্ধ সন্যাসীবোৰৰ জীৱনৰ লক্ষ্যৰ লগত আন আন পন্থাৰ সন্যাসীবোৰৰ জীৱনৰ লক্ষ্যৰ মিল নাছিল বিশেষকৈ মঠ আৰু বিহীৰবোৰৰ কঠোৰ নীতি-নিয়মে এই ভিন্নতা আৱি দিছিল ।
বুদ্ধ ভিক্ষুকসকলৰ জীৱনৰ মূলনীতি দুটা আছিল । এটা হল ব্ৰহ্মচৰ্য আৰু আনটো হল দাৰিদ্য । সাধাৰণ জীৱন ধাৰণৰ ধাৰণাত সম্পত্তি আৰুগাৰ্হস্থ্যই বিশেষ প্ৰাধান্য লাভ কৰিছিল । আনহাতে ভিক্ষুৰ জীৱনত প্ৰভাৱ পেলাইছিল ব্ৰহ্মচৰ্য আৰু দাৰিদ্ৰতাই । সংসাৰ কৰিলে পত্নী আহে, সম্পত্তিৰ প্ৰয়োজন হয়, সুখ-সম্ভোগ আহি পৰে । কোনোবা বিবাহিত কোকে ভিক্ষুক হব বিচাৰিলে সংসাৰৰ মায়া-মোহ সকলো ত্যাগ কৰিহে বিক্ষুক বৃত্তি লব পাৰিছিল । ভিক্ষুক হোৱাৰ লগে লগে সাংসাৰিক জীৱনৰ সকলো পাৰ্থিৱ-অপাৰ্থিন সম্পত্তিৰ লগত সম্বন্ধ ছেদ হৈছিল যদিও পৰিয়াল বিলাকে সম্পৰ্ক ছেদ হোৱা বুলি নাভাবিছিল । কাৰণ কেতিয়াবা কেতিয়াবা ৰিপুক জয় কৰিূ নোৱাৰি ভিক্ষুকে সংঘ ত্যাগ কৰি সাংসাৰিক জীৱনলৈ প্ৰত্যাৱৰ্তন কৰিছিল । 

(ঙ) বুদ্ধ সন্যাসিনীৰ আশ্ৰম (Buddhist Nunneries)
Answer: বুদ্ধ আদৰ্শবাদত বুদ্ধ সন্যাসিনীৰ আশ্ৰম নামেৰে এবিধ অনুষ্ঠান গঢ়ি উঠিছিল । এই অনুষ্ঠানটোৰ সম্পৰ্কে নানা ধৰণৰ মত প্ৰকাশিত হোৱা দেখা যায় । বুদ্ধ সন্যাসিনীৰ আশ্ৰম কিয় বেছিদিনলৈ নিটিকিল সেই বিষয়ে প্ৰশ্নৰ উদয় হয় । অৱশ্যে ইয়াৰ কাৰণ কি সেই বিষয়েও জনা নাযায় । তথাপি কিছুমানৰ মতে এই আশ্ৰমবোৰ বেয়া কামৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছিল । এই ধাৰণাই সকলোবোৰ সন্যাসিনীৰ আশ্ৰমৰ ওপৰত প্ৰভাৱ পেলালে । ইয়াৰ উপৰিও হিন্দু সমাজৰ সংৰক্ষণশীল মনোভাৱেও স্যাসিনীৰ আশ্ৰমৰ বিকাশত বাধা জন্মাইছিল । সূত্ৰ সময়ৰ পিছত মহিলা শিক্ষাৰ সম্প্ৰসাৰণত বাধা অহাত মহিলাসকল শিক্ষাৰ পৰা বঞ্চিত হল আৰু মনুৱে আইন প্ৰণয়ন কৰি মহিলাসকলৰ স্বাধীনতা খৰ্ব কৰিলে । বুদ্ধ আদৰ্শবাদে মহিলাসকলক স্বাধীনতা দিছিল । কিন্তু বৈদিক শিক্ষা ব্যৱস্থাই নীতি-নিয়ম কটকটীয়াহে কৰিলে । এনেবোৰ প্ৰভাৱতে বুদ্ধ সন্যাসিনীৰ আশ্ৰমৰ বিকাশ সাধন নহল । 

৫। বুদ্ধ শিক্ষা ব্যৱস্থাৰ চমু পৰ্যালোচনা কৰা । ইয়াৰ গুণবোৰ কি কি ? (Show your obsevation on Buddhist Education System. What atre its merits ?)
Answer: বুদ্ধ ধৰ্মৰ বিকাশৰ লগত বুদ্ধ শিক্ষাব্যৱস্থাও জড়িত হৈ পৰিছিল । ভাৰতবৰ্ষত বুদ্ধ শিক্ষাৰ বিকাশ সাধন হৈছিল যদিও সীমাবদ্ধতা আছিল । বুদ্ধ আদৰ্শমতে সংসাৰৰ মায়া-মোহ ত্যাগ কৰি ভিক্ষুক জীৱনলৈ এক অনুষ্ঠানত থাকি জীৱন-নিৰ্বাহ কৰিব লাগিছিল । এই উগদ্দেশ্য আগত ৰাখি ভাৰতবৰ্ষত বিহাৰ আৰু মঠবোৰ গঢ়ি তোলা হয় । মঠসমূহ ভাৰতবৰ্ষৰ প্ৰথম সু-সংগঠিত শিক্ষানুষ্ঠান আছিল । বুদ্ধ আদৰ্শত অন্তৰ্ভূক্ত হোৱা অনুষ্ঠানটি আছিল পবজ্যা । আদৰ্শৰ প্ৰথম স্তৰটো আছিল শ্ৰমণ । সুদীৰ্ঘ সময় শ্ৰমণ হিচাপে কটোৱাৰ পিছত উপসম্পদ অনুষ্ঠানৰ মাধ্যমত ভিক্ষুক হিচাপে পৰিগণিত হৈছিল । কঠোৰ নীতি-নিয়মৰ মাধ্যমেৰে ভিক্ষুক জীৱন কটাবলগীয়া হৈছিল । বৌদ্ধ শিক্ষাব্যৱস্থা, গণতান্ত্ৰিক আছিল । যিকোনো জাতৰ শিষ্যই শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছিল । আদৰ্শত মূল দিশ হিচাপে পৰিগণিত হৈছিল ভিক্ষাবৃত্তি । ভিক্ষা কৰিহে শিষ্যসকলে জীৱন-নিৰ্বাহ কৰিব লাগিছিল । শিক্ষাৰ পাঠ্যক্ৰমত বুদ্ধদৰ্শন আৰু আৰু ধৰ্মই স্থান পাইছিল যদিও আন বিষয়ো তাত অন্তৰ্ভূক্ত কৰা হৈছিল । যেনে বুদ্ধতত্ত্ব দৰ্শন, যুক্তি, সংস্কৃত-সাহিত্য জ্যোৰ্তিবিদ্যা, জ্যোতিষ শাস্ত্ৰ, আইন, প্ৰশাসন আৰু ৰাজনীতিক তত্ত্ব আদি । শিক্ষাৰ পদ্ধতি কথোপকথন ব্যৱস্থাৰ দ্বাৰা সম্পাদন হৈছিল । গুৰুৱে শিষ্যক প্ৰশ্ন কৰিছিল আৰু শিষ্যই প্ৰশ্নোত্তৰৰ মাধ্যমত শিক্ষা পদ্ধতিক কাৰ্যকৰী কৰিছিল । শিক্ষাৰ মাধ্যমৰূপে পালিঙাষা ব্যৱহাৰ কৰা হৈছিল । শেষলৈ সংস্কৃত ভাষাৰ প্ৰচলন হৈছিল । বুদ্ধযুগত গিৰি-শিষ্যৰ মাজত গভীৰভাৱে সৌহাৰ্দ্যপূৰ্ণ ভাব গঢ়ি উছিল । শিষ্যসকলে নিজৰ কৰ্ম সম্পাদন কৰাৰ লগতে গুৰুৰ কাৰ্যটো সহায় কৰি দিছিল । গুৰুৱে শিষ্যক সকলো সমপয়তে সজ উপদেশ দি পাঠদান কৰিছিল । 
বুদ্ধ শিক্ষা ব্যৱস্থাত মহিলা শিক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল । কিন্তু বৈদিক যুগৰ শেষৰফালে মহিলাসকলৰ ওপৰত প্ৰয়োগ কৰা বাধ্যবাধকতাই বুদ্ধ শিক্ষা ব্যৱস্থাত বিকাশ লাভ কৰা মহিলাৰ শিক্ষাৰ ওপৰতো প্ৰভাৱ পৰিছিল । মহিলাসকলে শিক্ষা লাভ আৰু বুদ্ধ আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাত সন্যাসিনীৰ আশ্ৰম নামৰ এবিধ অনুষ্ঠান গঢ়ি উঠিছিল । কিন্তু সময়ৰ মেৰপাকত পৰি স্যাসিনীৰ আশ্ৰমৰ বিলুপ্তি ঘটে । 
বুদ্ধ শিক্ষা ব্যৱস্থাই জনসাধাৰণৰ ওপৰত কিমানদূৰ প্ৰভাৱ পেলাইছিল সেই বিষয়ে পৰ্যালোচনা কৰিলে দেখা যায় যে শিষ্যসকলৰ ওীপৰত যেনে ধৰণৰ প্ৰভাৱ পৰিছিল তেনে ধৰণৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰতো পৰিছিল । তেনে ধৰণৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ ওপৰতো পৰিছিল । বুদ্ধবাদৰ আৰম্ভণিৰ  পিছত ভাৰতবৰ্ষৰ উপৰিও আন আন কিছুমান দেশতো এই আদৰ্শৰ প্ৰভাৱ পৰিছিল । বিশেষকৈ, ব্ৰহ্মদেশ, চীন, তিব্বত আদি দেশত বুদ্ধ ধৰ্মৰ প্ৰভাৱ পৰিছিল ।
বুদ্ধ শিক্ষা ব্যৱস্থাৰ গুণসমূহ হল 
১। বুদ্ধ শিক্ষা ব্যৱস্থা গণতান্ত্ৰিক ভাবধাৰাৰ দ্বাৰা সমুৃদ্ধ হৈ উঠিছিল । জাতি, বৰ্ণ, ধৰ্ম, নিৰিবিশেষে সকলো জাতৰ শিক্ষাৰ্থীয়ে ইয়াত নামভৰ্তি কৰাৰ সুবিধা  পাইছিল । 
২। বুদ্ধ শিক্ষা ব্যৱস্থা সুসংগঠিত অনুষ্ঠানৰ মাধ্যমত সম্প্ৰসাৰিত হৈছিল । মঠ, বিহাৰ, বিশ্ববিদ্যালয় আদিৰ দৰে অনুষ্ঠানৰ মাধ্যমত শিক্ষা সম্প্ৰসাৰণ হৈছিল । 
৩। বুদ্ধ শিক্ষা ব্যৱস্থাৰ শিক্ষাদান প্ৰণালী বাস্তৱমুখী আছিল । আবাসিক প্ৰক্ৰিয়াৰে উপাধ্যায়ৰ সহায়ত শিক্ষাৰ্থীসকলে শিক্ষা আহৰণ কৰিছিল । 
৪। বুদ্ধ শিক্ষা ব্যৱস্থাৰ মাধ্যমত শিক্ষাৰ্থীসকলে সাহিত্য, সংস্কৃতি, দৰ্শন আধ্যাত্মিক তত্ত্বৰ উপৰিও স্থাপত্যবিদ্যা, , ভাস্কৰ্য, আৰু বিজ্ঞানৰ  শিক্ষাও লাভ কৰিবলৈ সক্ষম হৈছিল । 
৫। বুদ্ধ শিক্ষা মাধ্যমত ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰভাৱ বহুবোৰ ৰাষ্ট্ৰৰ ওপৰত পৰিছিল । সেই ৰাষ্ট্ৰবোৰে বুদ্ধধৰ্ম গ্ৰহণ কৰিছিল ।
৬। বুদ্ধ শিক্ষা ব্যৱস্থাই ভিক্ষুক-ভিক্ষুণীসকলক সহজভাৱে জীৱন-যাপন কৰি উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাত উদগণি যোগাইছিল । 

৭। বুদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশত অৰিহণা যোগাইছিল । 
৮। বুদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত সৌহাৰ্দপূৰ্ণ ভাৱ জগাই তুলি সহযোগিতাৰ ধাৰণাৰ উদয় কৰিছিল । 
৯। বুদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ মনত পৱিত্ৰ ধাৰণাৰ ভাব জগাই তুলিছিল কাৰণ ধৰ্মীয় ধাৰণাই শিক্ষাত প্ৰভাৱ পেলাইছিল । 
১০। বুদ্ধ শিক্ষাব্যৱস্থাই আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ মূল কাৰণ আছিল সাংস্কৃতিক বিনিময় । 



৬। বুদ্ধ শিক্ষা ব্যৱস্থাৰ দোষ আৰু গুণবোৰ আলোচনা কৰা । (Discuss about the merits and demerist of Buddhist Education System.)
Answer: বুদ্ধ শিক্ষা ব্যৱস্থাৰ গুণসমূহ হল 
১। বুদ্ধ শিক্ষা ব্যৱস্থা গণতান্ত্ৰিক ভাৱধাৰাৰ দ্বাৰা সমৃদ্ধ হৈ উঠিছিল । জাতি, বৰ্ণ,ধৰ্ম, নিৰ্বিশেষে সকলো জাতৰ শিক্ষাৰ্থীয়ে ইয়াত নামভৰ্তি কৰাৰ সুবিধা পাইছিল । 

২। বুদ্ধ শিক্ষাব্যৱস্থা সু-সংগঠিত অনুষ্ঠানৰ মাধ্যমত সম্প্ৰসাৰিত হৈছিল । মঠ, বিহাৰ, বিশ্ববিদ্যালয় আূদিৰ দৰে অনুষ্ঠানৰ মাধ্যমত শিক্ষা সম্প্ৰসাৰণ হৈছিল । 

৩। বুদ্ধ শিক্ষা ব্যৱস্থাৰ শিক্ষাদান প্ৰণালী বাস্তৱমুখী আছিল । আবাসিক প্ৰক্ৰিয়াৰে উপাধ্যায়ৰ সহায়ত শিক্ষাৰ্থীসকলে শিক্ষা আহৰণ কৰিছিল । 

৪। বুদ্ধ শিক্ষা ব্যৱস্থাৰ মাধ্যমত শিক্ষাৰ্থীসকলে সাহিত্য, সংস্কৃতি, দৰ্শন, আধ্যাত্মিক তত্ত্বৰ উপৰিও স্থাপত্যবিদ্যা, ভাস্কৰ্য আৰু বিজ্ঞানৰ শিক্ষাও লাভ কৰিবলৈ সক্ষম হৈছিল । 

৫। বুদ্ধ শিক্ষাৰ মাধ্যমত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ প্ৰভাৱ বহুবোৰ ৰাষ্ট্ৰৰ ওপৰত পৰিছিল । সেই ৰাষ্ট্ৰবোৰে বুদ্ধধৰ্ম গ্ৰহণ কৰিছিল ।

৬। বুদ্ধ শিক্ষা ব্যৱস্থাই  ভিক্ষপক-ভিক্ষুণীসকলক সহজভাৱে জীৱন-যাপন কৰি উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাত উদগনি যোগাইছিল । 
৭। বুদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীন বিকাশত অৰিহণা যোগাইছিল ।
৮। বুদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত সৌহাৰ্দপূৰ্ণ ভাব জগাই তুলি সহযোগিতাৰ ধাৰণাৰ উদয় কৰিছিল ।
৯। বুদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলৰ মনত পৱিত্ৰ ধাৰণাৰ ভাব জগাই তুলিছিল কাৰণ ধৰ্মীয় ধাৰণাই শিক্ষাত প্ৰভাৱ পেলাইছিল ।
১০। বুদ্ধ শিক্ষাব্যৱস্থাই আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ মূল কাৰণ আছিল সাংস্কৃতিক বিনিময় । 
বুদ্ধ শিক্ষা ব্যৱস্থাৰ দোষসমূহ হল 

১। বুদ্ধ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক সাংসাৰিক জীৱনৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰিছিল । কাৰণ আধ্যাত্মিক ধাৰণাই শিক্ষাৰ্থীসকলক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল ।
২। বুদ্ধ শিক্ষা ব্যৱস্থাই ধৰ্মীয় দিশৰ ওপৰত গুৰুত্ব দিয়া বাবে ব্যক্তিৰ জীৱনৰ অন্য দিশবোৰ বিকশিত হোৱাত অৰিহণা নোযোগালে ।
৩। বুদ্ধ শিক্ষা ব্যৱস্থাই সামাজিক বিকাশত কোনো ধৰণে সহায় কৰিব পৰা নাছিল । এই শিক্ষা মঠ, বিহাৰ আৰু সংঘৰ মাজতে সীমাবদ্ধ হৈ আছিল ।
৪। বুদ্ধ শিক্ষা ব্যৱস্থাত মহিলা শিক্ষাৰ বিকাশৰ বাবে বিশেষ ধৰণৰ থল ৰখা হোৱা নাছিল । শিশুসকলৰ শিক্ষাত পৰিয়ালৰ ভূমিকা নোহোৱা কৰি পেলাইছিল ।
৫। বুদ্ধ শিক্ষা ব্যৱস্থাত সামাজিক শিক্ষাৰ স্থান নোহোৱা হেতুকে ৰাষ্ট্ৰখন দুৰ্বল হোৱাত শিক্ষাৰ প্ৰভাৱ পৰিছিল ।
৬। বুদ্ধ শিক্ষা ব্যৱস্থাত গণতান্ত্ৰিক ভাৱধাৰাৰ সীমাবদ্ধতা নথকা হেতুকে নিয়ম-কানুন, অনুশাসন আদি দুৰ্বল প্ৰকৃতিৰ হৈ পৰিছিল । 
৭। বুদ্ধ শিক্ষা ব্যৱস্থাই ভিক্ষুক-ভিক্ষুণীসকলক অবাধ স্বাধীনতা দিয়া হেতুকে শেষলৈ শিক্ষাৰ কেন্দ্ৰবোৰ জিৰণি কেন্দ্ৰৰ দৰে হৈ পৰিছিল । 
৮। বুদ্ধ শিক্ষা ব্যৱস্থাৰ আদৰ্শ মহত্বপূৰ্ণ আছিল যদিও ই সামাজিক সংহতি আনিবলৈ সক্ষম হোৱা নাছিল । 
৯। বুদ্ধ শিক্ষা ব্যৱস্থাই বুদ্ধ আদৰ্শৰ নিৰ্বাণ বা মুক্তিলাভকো চূড়ান্ত সত্য বুলি গণ্য কৰা বাবে সমাজৰ পৰা আতৰি অহা ধাৰণাৰ দ্বাৰা শিক্ষাৰ্থীসকল উবুদ্ধ হৈ পৰিছিল । 
১০। বুদ্ধ শিক্ষা ব্যৱস্থাৰ ভূল-ক্ৰটি শেষলৈ অধিক হোৱা বাবে এই শিক্ষাই জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে, বিশেষকৈ ভাৰতবৰ্ষত । 

অতিৰিক্ত প্ৰশ্ন ঃ 
১। মুক্তিৰ পথ সন্ধানত মানুহে কৰা দুটা কৰ্মৰ নাম লিখা

উত্তৰঃ মুক্তিৰ পথ সন্বানত মানুহে কৰা দুটা কৰ্মৰ নাম হল 
ক) সম্যক দৃষ্টি ।
খ) সম্যক সংকল্প ।

২। বুদ্ধ শিক্ষা ব্যৱস্থাৰ দুটা মূল দিশৰ নাম লিখা ।

উত্তৰঃ  বুদ্ধ শিক্ষা ব্যৱস্থাৰ দুটা মূল দিশৰ নাম হল 
ক) পূৰ্ণ সন্যাসী হিচাপে স্থান লাভ ।
খ) ভিক্ষুকসকলৰ জীৱন-ধাৰণৰ প্ৰণালী ।

৩। বুদ্ধ ধৰ্মৰ দুটা উপদেশৰ বিষয়ে লিখা ।

উত্তৰঃ বুদ্ধ ধৰ্মৰ দুটা উপদেশ হল 
ক) প্ৰাণী হত্যা নকৰিবা ।
খ) সোণ,ৰূপ আদি গ্ৰহণ নকৰিবা ।

৪। বুদ্ধ আদৰ্শৰ দুটা বাধা কি কি ।

উত্তৰঃ বুদ্ধ আদৰ্শৰ দুটা বাধা হল 
ক) ৰাজকৰ্মচাৰী সৈনিক আদিক দীক্ষা দিয়াত বাধা আছিল ।
খ) পুৰণি দাগী-আচামী আৰু দুৰ্বৃত্তক দীক্ষা দিয়া হোৱা নাছিল । 

৫। উপসম্পদ কি ।

উত্তৰঃ বুদ্ধ আদৰ্শত চূড়ান্তভাৱে অন্তৰ্ভূক্ত হোৱা অনুষ্ঠানটো হল উপসম্পদ ।

৬। বৌদ্ধ  ভিক্ষুকসকলক দুটা মূলনীতি কি আছিল ।

উত্তৰঃ বৌদ্ধ ভিক্ষুকসকলৰ দুটা মূলনীতি হল 
ক) ব্ৰহ্মচৰ্য ।
খ) দাৰিদ্ৰ ।

৭। বুদ্ধ আদৰ্শত অন্তৰ্ভূক্ত হোৱা অনুষ্ঠানটোৰ নাম কি ।
উত্তৰঃ বুদ্ধ আদৰ্শত অন্তৰ্ভূক্ত হোৱা অনুষ্ঠানটোৰ নাম হল পবজ্যা । 

৮। বুদ্ধ আদৰ্শৰ প্ৰথম স্তৰটোৰ নাম কি ।
উত্তৰঃ বুদ্ধ আদৰ্শৰ প্ৰথম স্তৰটোৰ নাম হল শ্ৰমণ ।

৯। বুদ্ধ শিক্ষা ব্যৱস্থাৰ এটা গুণৰ বিষয়ে লিখা ।

উত্তৰঃ বুদ্ধ শিক্ষা ব্যৱস্থাই ভিক্ষুক-ভিক্ষুণীসকলক সহজভাৱে জীৱন-যাপন  কৰি উচ্চ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাত উদগনি যোগাইছিল । 

১০। বুদ্ধ শিক্ষা ব্যৱস্থাৰ দুটা দোষৰ কি কি ।

উত্তৰঃ বুদ্ধ শিক্ষা ব্যৱস্থাৰ দুটা দোষ হল 
ক) বুদ্ধ শিক্ষা ব্যৱস্থাত গণতান্ত্ৰিক ভাবধাৰাৰ সীমাবদ্ধতা নথকা হেতুকে নিয়ম-কানুন, অনুশাসন আদি দুৰ্বল প্ৰকৃতিৰ হৈ পৰিছিল । 
খ) বুদ্ধ শিক্ষা ব্যৱস্থাই ভিক্ষুক-ভিক্ষুণীসকলক অবাধ স্বাধীনতা দিয়া হেতুকে শেষলৈ শিক্ষাৰ কেন্দ্ৰবোৰ জিৰণি কেন্দ্ৰ দৰে হৈ পৰিছিল । 



 Type Hirak Jyoti Bora. 

Author _ Ali rani Kakati ( Ba in History Major

Post ID :DABP003868