অধ্যায় ১
মুছলমান যুগৰ শিক্ষা-ব্যৱস্থা
(Education System of Muslim Period)
প্রশ্নাৱলী (Exercise)
১। ভাৰতবৰ্ষত মুছলমান শিক্ষা ব্যৱস্থাৰ লক্ষ্যসমূহ কি কি আছিল ? বহলাই লিখা । (What were the aims of Muslim education in India ? Write elaborately.)
Answer: ভাৰতবৰ্ষত মুছলমান শিক্ষাৰ লক্ষ্যসমূহ হল
ক) জ্ঞান বিস্তাৰৰ লক্ষ্য ঃ মুছলমান শিক্ষাৰ প্ৰথম লক্ষ্য আছিল হজৰত মহম্মদৰ অনুগামীসকলৰ মাজত জ্ঞানৰ পোহৰ বিলাই দিয়া । মহম্মদৰ মতে, জ্ঞান লাভ নিতান্তই দৰকাৰ, ইয়াৰ অবিহনে মুক্তিলাভ অসম্ভৱ । এই ধাৰণাৰ পৰা বুজা যায় মহম্মদৰ জ্ঞানলিপ্সা অধিক আছিল ।
খ) ইছলাম ধৰ্মৰ প্ৰচাৰঃ মুছলমান শিক্ষাব্যৱস্থাৰ দ্বিতীয় লক্ষ্যটো আছিল জনসাধাৰণৰ মাজত হজৰত মহম্মদৰ বাণীসমূহ প্ৰচাৰ কৰা । ইছলাম ধৰ্ম জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব পৰা ব্যক্তিজনৰে প্ৰকৃত শ্বহীদ বা দেশপ্ৰেমিক বুলি ধৰা হৈছিল । সেয়েহে মুছলমান শিক্ষাৰ মাজেৰে ভাৰতবৰ্ষত যথেষ্টভাৱে ইুছলাম ধৰ্মৰ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰা হৈছিল । প্ৰাথমিক শিক্ষানুস্থান হিচাপে মোক্তাবৰ আৱিৰ্ভাৱ হৈছিল । এই মোক্তাবতে কোৰাণৰ প্ৰাথমিক দিশখিনিৰ শিক্ষা দিবলৈ বিচৰা হৈছিল । এইটো মুছলমান শিক্ষাৰ মূল নীতি আছিল । সেইদৰে মাদ্ৰাছা নামৰ অনুষ্ঠানৰ মাধ্যমত দৰ্শন, সাহিত্য, আৰু ইতিহাসৰ শিক্ষা দিয়া হৈছিল । এই বিষয়বোৰত ইছলাম ধাৰণাকহে সামৰি লোৱা হৈছিল ।
গ) শিক্ষাৰ দ্বাৰা সামাজিক আৰু নৈতিক ধাৰণাৰ জ্ঞান দানঃ মুছলমান শিক্ষা ব্যৱস্থাৰ তৃতীয় লক্ষ্যটো হল শিক্ষাৰ মাধ্যমত জনসাধাৰণৰ মাজত সামাজিক আৰু নৈতিক চেতনাবোধ জগাই তোলা । এই উদ্দেশ্য আগত ৰাখি ইছলাম আইন, সামাজিক পৰম্পৰা আৰু বিশেষ ৰাজনৈতিক নীতিসমূহৰ শিক্ষা দিয়া হৈছিল ।
ঘ) বস্তুবাদী বিকাশৰ ব্যৱস্থা ঃ মুছলমান শিক্ষা ব্যৱস্থাৰ আন এ্টি গুৰুত্বপূৰ্ণ লক্ষ্য আছিল শিক্ষাৰ মাজেৰে বস্তুবাদী বিকাশৰ জ্ঞান দিয়া । শিক্ষালাভ কৰা ব্যক্তিসকলক ৰজাসকলে বিভিন্ন ৰাজকীয় পদবীত মকৰল কৰাৰ ব্যৱস্থা কৰিছিল । কোনোজনক সেনাপতি, কোনোজনক কাজী, মন্ত্ৰী আদি পাতিছিল । এনেবোৰ কাৰ্যই বহুতো হিন্দু যুৱকক মুছলমান শিক্ষাৰ প্ৰতি আগ্ৰহাম্বিত কৰিছিল । হিন্দু যুৱকসকলে মুছলমান শিক্ষা লাভ কৰি উচ্চ পদত অধিষ্ঠিত হোৱাৰ বহুতো কথা ইতিহাসত পোৱা যায় ।
ঙ) ৰাজনৈতিক ধাৰণাৰ শিক্ষাঃ শিক্ষাৰ দ্বাৰা ব্যক্তিসকলক ৰাজনৈতিক ধাৰণাৰ জ্ঞান দিবলৈ বিচৰা হৈছিল । মুছলমানসকল এনে এখন দেশত সোমাই পৰিছিল যিখন দেশৰ সংস্কৃতি, সভ্যতা আৰু ৰাজনীতি অতি শক্তিশালী আছিল । তেনে এখন দেশত ব্যক্তিসকলক প্ৰতিপন্ন কৰি তুলিবলৈ হলে ৰাজনৈতিক ধাৰণাৰ শিক্ষা দিব লাগিব । তেতিয়াহে ব্যক্তিসকলে সমাজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব ।
২। মুছলমান শিক্ষা ব্যৱস্থাৰ মূল বৈশিষ্ট্য সমূহৰ বিষয়ে বর্ণনা কৰা । ইয়াৰ গুণবােৰ কিকি ? (Write about the salient features or chief characteristics of Muslim education. What are its merits ?)
Answer: মুছলমান শিক্ষা ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ হল
ক) নিম্ন মানদণ্ডৰ শিক্ষা ঃ আমি মুছলমান শিক্ষা ব্যৱস্থাৰ বৈশিষ্ট্যসমূহৰ কথা কবলৈ যাওঁতে প্ৰথমতে শিক্ষৰ মানদণ্ড নিম্ন বুলি কব লাগিব । শাসকসকলে অধিক সময় শাসন কাৰ্যত ব্যস্ত থকা হেতুকে শিক্ষাৰ দিশলৈ মনোযোগ দিব পৰা নাছিল । তাৰ ফলস্বৰূপে শিক্ষাৰ মানদণ্ডৰ গতি নিম্ন স্তৰলৈ গৈছিল ।
খ) বিকাশ গতিশীল নহয় ঃ মুছলমান শিক্ষা ব্যৱস্থাৰ ধাৰা গতিশীল নাছিল । ইয়াৰ মূল কাৰণ হল ভাৰতবৰ্ষখন প্ৰশাসকসকলৰ বাবে নতুন আছিল । প্ৰশাসকসকলৰ শিক্ষাৰ প্ৰতি অৱহেলা দেখা গৈছিল আৰু ইজনে সিজনক বশ কৰাৰ প্ৰচেষ্টাতে আছিল । তাৰ ফলস্বৰূপে প্ৰকৃত উদ্দেশ্যৰ পৰা ফালৰি কাটি আহিছিল ।
গ) শিক্ষানুষ্ঠান হিচাপে মাদ্ৰাছা ঃ মুছলমান শিক্ষাব্যৱস্থাৰ উচ্চশিক্ষাৰ অনুষ্ঠান আছিল মাদ্ৰাছা । মছজিদসমূহৰ ওচৰতেই সাধাৰণতে মাদ্ৰাছাবোৰ স্থাপন কৰা হৈছিল । মাদ্ৰাছাসমূহত ব্যাকৰণ, তৰ্কশাস্ত্ৰ, ৰেটৰিক, ঠিয়লজি, মেটাফি জিকছ, সাহিত্য, ন্যায়শাস্ত্ৰ, আৰু বিজ্ঞানৰ বিষয়বোৰৰ শিক্ষা দিয়া হৈছিল । কিছুমান মাদ্ৰাছাত আন আন বিষয়ো শিকোৱা হৈছিল ।
ঘ) শিক্ষাৰ পাঠ্যক্ৰম ঃ মুছলমান শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ পাঠ্যক্ৰম বৈদিক আৰু বুদ্ধ শিক্ষা পদ্ধতিৰ দৰে নাছিল । শিক্ষাৰ পাঠ্যক্ৰমত ধৰ্মীয় বিষয়ৰ লগতে সাৰ্বজনীন তথা ধৰ্মনিৰপেক্ষ বিষয়ো সামৰি লোৱা হৈছিল । কিন্তু ধৰ্মীয় বিষয়ৰ শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল । মহামতি আকবৰৰ দিনত এনে ব্যৱস্থাৰ পৰিৱৰ্তন আনিবলৈ বিচৰা হৈছিল । আকবৰৰ দিনত বুৰঞ্জী, ভূগোল আৰু ভাষা অধ্যয়নৰ ওপৰত প্ৰাধান্য দিয়া হৈছিল ।
ঙ) শিক্ষানুষ্ঠান হিচাপে মোক্তাব ঃ মুছলমান শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক শিক্ষানুষ্ঠান আছিল মোক্তাব । মোক্তাবৰ শিক্ষা ঠাই অনুযায়ী বেলেগ বেলেগ আছিল । এই অনুষ্ঠানৰ প্ৰথম লক্ষ্য আছিল কোৰাণত থকা হজৰত মহম্মদৰ বাণীখিনি জনসমাজত প্ৰচাৰ কৰা । মোক্তাব অনুষ্ঠানত লিখা, পঢ়াৰ উপৰিও সাধাৰণ গণিতৰ শিক্ষা দিয়া হৈছিল । প্ৰথম অৱস্থাত মোক্তাবসমূহ মছজিদক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল যদিও পিছলৈ ই ব্যক্তিগত খণ্ডলৈ সম্প্ৰসাৰিত হৈছিল ।
চ) শাস্তিৰ ব্যৱহাৰঃ মুছলমান শিক্ষা ব্যৱস্থাত শাস্তিৰ ব্যৱহাৰ হৈছিল বুলি বৰ্ণনা আছে । হিন্দু শিক্ষা ব্যৱস্থাত শাস্তিৰ প্ৰয়োগ অধিক আছিল আৰু বিদ্যালয়বোৰত বাহৰ চেকনি ব্যৱহাৰ কৰা হৈছিল । মুছলমান শিক্ষা ব্যৱস্থাটো দোষীছাত্ৰক গুৰুতৰভাৱে শাস্তি দিয়াৰ উদাহৰণ আছে । দোষী ছাত্ৰবোৰক কোনো স্থানত প্ৰচাৰ পত্ৰিকাৰ দৰেই থিয় কৰাই ৰখা হৈছিল । শাস্তিৰ স্বৰূপ দোষ অনুসাৰে কম বেছি দিয়া হৈছিল । ছাত্ৰসকলক নানা ধৰণৰ ভঙ্গীমাৰে ঠিয় কৰি থোৱা হৈছিল ।
ছ) ধৰ্মীয় সীমাবদ্ধতা ঃ মুছলমান পদ্ধতিৰ শিক্ষা কেৱল মুছলমানসকলৰ মাজতে সীমাবদ্ধ হৈ থকাৰ দৰে হৈছিল । মহামতি আকবৰে মাদ্ৰাছাবোৰত হিন্দুসকলক পঢ়াৰ সুবিধা দিছিল যদিও আন ৰজাসকলে এনে ক্ষেত্ৰত কোনো সাহাৰ্য প্ৰদান কৰা নাছিল । উচ্চ পদবীৰ বাবে হিন্দু যুৱকে মাদ্ৰাছাীত পঢ়িছিল যদিও সংখ্যা তেনেই তাকৰ আছিল । কোনো কোনো ৰজাৰ দিনত মোগল সাম্ৰাজ্য শক্তিশালী হৈছিল যদিও শিক্ষাৰ ক্ষেত্ৰত শক্তিশালী হব পৰা নাছিল ।
৩। দিল্লীৰ চুলতান ৰাজত্ব কালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে লিখা । (Write about the education system of Sultanate period of Delhi)
Answer: ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত চুলতান ৰাজত্বকালটো বিশেষভাৱে উল্লেখযোগ্য । চুলতানসকলে বহুবছৰ ধৰি ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল । চুলতান ৰাজত্বকালৰ আটাইতকৈ উল্লেখনীয় ৰজাজন হল মহম্মদ ঘোৰী । ভাৰতবৰ্ষৰ ইতিহাসত যদিও তেওঁক বিখ্যাত ৰজা হিচাপে ধৰা হোৱা নাছিল । তথাপি তেওঁৰ ৰাজত্বকাল বৈশিষ্ট্যপূৰ্ণ আছিল । মহম্মদ ঘোৰীৰ ৰাজত্বকাল ধুমুহা প্ৰৱল আছিল বুলি ইতিহাসত বৰ্ণনা কৰা আছে । মহম্মদ ঘোৰীয়ে শিক্ষাৰ দিশত কোনো নীতি অৱলম্বন কৰা নাছিল । সেই বাবেই তেওঁৰ ৰাজত্বকালত শিক্ষাৰ বিকাশ সফলভাৱে হোৱা নাছিল ।
ক) সকলো চুলতান শিক্ষাৰ প্ৰতি আগ্ৰহী নাছিল ঃ মহম্মদ ঘোৰীৰ মৃত্যুৰ পাছত কুতুবুদ্দিন আইবাকে দিল্লীৰ চুলতান বা ৰজা হিচাপে শাসনভাৰ লয় । কুতুবুদ্দিন ভাৰতবৰ্ষৰ প্ৰথম স্বাধীন চুলতান আছিল । কুতুবুদ্দিনে ১২১০ ৰ পৰা ১২২৫ চনলৈ ৰাজত্ব কৰিছিল । দিল্লীৰ চুলতানসকলৰ ৰাজত্বৰকালছোৱাক দাসবংশৰ ৰাজত্বকাল বুলি কোৱা হয় । আমি চুলতান ৰাজত্ব কালৰ শিক্ষাৰ ধাৰালৈ লক্ষ্য কৰিলে দেখিবলৈ পাও যে সকলো চুলতান ৰজা শিক্ষাৰ প্ৰতি আগ্ৰহী নাছিল । সেইবাবেই চুলতান ৰাজত্বকালৰ শিক্ষাৰ ধাৰা গতিশীল হোৱা নাছিল ।
খ) দাস বংশ আৰু শিক্ষা ঃ দাস বংশৰ ৰজাসকলে ১২১০ চনৰ পৰা ১২৯০ চনলৈ ৰাজত্ব কৰিছিল । দাস বংশৰ ৰজাসকলৰ ভিতৰত কুতুবুদ্দিন এজন শিক্ষিত আৰু শিক্ষানুৰাগী ৰজা আছিল । তেওঁ শিক্ষা সম্প্ৰসাৰণ কৰাৰ বাবে বহুতো মছজিদ সজাইছিল । সেইবোৰ ধৰ্মসম্বন্ধীয় কেন্দ্ৰ হোৱাৰ উপৰিও শিক্ষা আৰু প্ৰচাৰৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছিল । কুতুবুদ্দিনৰ সেনাপতি বক্তিয়াৰে বিক্ৰমশীলাৰ বিশ্ববিদ্যালয় ধব্ংস কৰিছিল । বক্তিয়াৰে তাৰ পৰিৱৰ্তে কেবাটাও মছজিদ তৈয়াৰ কৰিছিল আৰু শিক্ষানুষ্ঠান স্থাপন কৰিছিল । চুলতানা ৰেজিয়া এগৰাকী বিদুষী মহিলা আছিল আৰু তেওঁ শিক্ষা প্ৰচাৰৰ ব্যৱস্থা কৰিছিল । চুলতানা ৰেজিয়াই দিল্লীত উচ্চশিক্ষাৰ বাবে এখন মহাবিদ্যালয় স্থাপন কৰিছিল । দাসবংশৰ আন দুজন শিক্ষানুৰাগী ৰজা আছিল নাছিৰুদ্দিন আৰু বলবন । এওঁলোকে মছজিদ আৰু মহাবিদ্যালয় স্থাপন কৰাৰ কতথা ইতিহাসত বৰ্ণনা কৰা হৈ আছে ।
গ) খিলিজী বংশ আৰু শিক্ষা ঃ খিলিজী বংশৰ ৰজাসকলে ১২৯০ খ্ৰীষ্টাব্দৰ পৰা ১৩২০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল । সম্ৰাট জালুলুদ্দিন শিক্ষাৰ প্ৰতি অধিক আগ্ৰহী আছিল । তেওঁ এগৰাকী সাহিত্যৰসিক ৰজা আছিল বুলি জনা যায় । আৰম্ভণিতে তেওঁ শিক্ষাৰ প্ৰতি আগ্ৰহী নাছিল যদিও শেষলৈ শিক্ষিত ব্যক্তিসকলক আদৰ কৰিছিল । খিলিজীসকলৰ ৰাজত্বকালত দিল্লী শিক্ষাৰ মূল কেন্দ্ৰ হৈ পৰিছিল । জালালুদ্দিনে দিল্লীত েই বৰ ডাঙৰ পাঠাগাৰ সাজিছিল । আৰু আমীৰ খশ্ৰুক তাৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল ।
ঘ) টোগলক বংশ আৰু শিক্ষা ঃ টোগলক ৰজাসকলে ভাৰতবৰ্ষত ১৩২৫ চনৰ পৰা ১৪১৩ চনলৈ ৰাজত্ব কৰিছিল । এই সময়ছোৱাত মুছলমান শিক্ষা ব্যৱস্থাই বিশেষভাৱে প্ৰাধান্য লাভ কৰিছিল । গিয়াছুদ্দিন টোগলকক এই বংশৰ বিখ্যাত ৰজা আছিল বুলি কোৱা হয় । তেওঁৱেই টোগলক বংশক ভাৰতবৰ্ষত ভালকৈ প্ৰতিষ্ঠা কৰি থৈ গৈছিল । গিয়াছুদ্দিনৰ পুতেক মহম্মদ টোগলক শিক্ষানুৰাগী ৰজা আছিল । তেওঁৰ দৰে বিদ্বান আৰু পণ্ডিত লোক সেইসময়ৰ পৃথিৱীত দ্বিতীয়গৰাকী নাছিল বুলি ইতিহাসে কয় । তেওঁ শিক্ষক আৰু পণ্ডিতসকলক উদগনি আৰু আশ্বাস দিছিল । ইয়াৰ উপৰিও তেওঁৰ বিদ্ধান লোকসকলক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছিল । মহম্মদ বিন টোগলকৰ কাৰুকাৰ্যৰ অস্থিৰতা দেখা গৈছিল । তেওঁ এবাৰ দিল্লীৰ পৰা ৰাজধানী উঠাই লৈ গৈছিল । এনেবোৰ কাৰ্যই শিক্ষাত যথেষ্ট ক্ষতি কৰিছিল । দৌলতাবাদলৈ ৰাজধানী তুলি নিয়াৰ আৰু অনা কাৰ্যই তেওঁক জ্ঞানী আৰু মূৰ্খ ৰজা হিচাপে পৰিগণিত কৰিছিল । মহম্মদ টোগলকৰ পিছত ফিৰোজ টোগলক দিল্লীৰ ৰজা হয় । শিক্ষাৰ ক্ষেত্ৰত ফিৰোজ টোগলক অধিক কৃতকাৰ্য হৈছিল । তেওঁ ফিৰোজবাদত এখন নতুন নগৰ স্থাপন কৰিছিল আৰু তাত শিক্ষা আৰু সংস্কৃতিৰ কেন্দ্ৰ গঢ়ি উঠিছিল । সেই শিক্ষানুষ্ঠানসমূহত থকা-খোৱাৰ সকলো ব্যৱস্থা কৰি দিছিল । ফিৰোজ টোগলকে শিক্ষানুষ্ঠানসমূহত বৃত্তিদিয়াৰ ব্যৱস্থা কৰিছিল । ফিৰোজ টোগলকে ১৮,০০০ হাজাৰ দাসক শিক্ষা দিছিল বুলি ইতিহাসত বৰ্ণনা কৰা হৈ আছে । মুছলমান বুৰঞ্জীবিদ ফিৰিষ্টাই কৈছিল যে ফিৰোজে অিতি কম সময়তে কমেও ৩০ খন মহাবিদ্যালয় স্থাপন কৰিছিল । তেওঁ স্থাপন কৰা মহাবিদ্যালয়বোৰ আবাসিক প্ৰকৃতিৰ আছিল ।
ঙ) স্বাধীন ৰাজ্যসমূহৰ শিক্ষা ব্যৱস্থা ঃ চুলতান ৰাজত্বকালত কিছুমান সৰু সৰু স্বাধীন ৰাজ্য আছিল । সেই ৰাজ্যৰ ৰজাসকলে নিজাববীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰিছিল । তেওঁলোকে মহাবিদ্যালয় স্থাপনৰ ব্যৱস্থা কৰিছিল আৰু শিক্ষাদানত অৰিহণা যোগাইছিল । স্বাধীন ৰাজ্যবোৰ হল বিজাপুৰ, গোলকুণ্ডা, মানৱা. খান্দেশ, জৌনপুৰ, মূলতান, গুজৰাট আৰু বংগদেশ, বাহমণি ৰাজ্য ইত্যাদি । জৌনপুৰ ৰাজ্যৰ ৰাজধানী জৌনপুৰত মধ্যযুগৰ মুছলমান শিক্ষাৰ এটা কেন্দ্ৰস্থল আছিল দাক্ষিণাত্যৰ বাহমণি ৰাজ্যৰ ৰজাসকলেে বহুতো শিক্ষা প্ৰতিষ্ঠান গঢ়ি তুলিছিল । বাহমণি ৰাজ্যৰ ধ্বংসৰ পাছত বিদাৰ ৰাজ্যৰ প্ৰধানমন্ত্ৰী মহম্মদ গাৱানে এটা শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল । তাৰ গ্ৰন্থাগাৰত বহুহেজাৰ পুথি আছিল । বাহমণি ৰাজ্যত মাউৰা লৰা-ছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থা আছিল । সেই ৰাজ্যৰ গাওঁবোৰতো শিক্ষাদানৰ ব্যৱস্থা প্ৰচলিত আছিল ।
চ) ছৈয়দ আৰু লোডী বংশ আৰু শিক্ষা ঃ ছৈয়দ বংশৰ ৰাজত্বকালত বাদাউন বিশেষভাৱে অতি উল্লেখযোগ্য শিক্ষাৰ কেন্দ্ৰস্থল আছিল । লোডী বংশৰ বিখ্যাত সম্ৰাট ছিকন্দৰ লোডীয়ে আগতে শিক্ষাৰ মূল কেন্দ্ৰস্থল হিচাপে গঢ়ি তুলিছিল । ছিকন্দৰ লোডীয়ে তেওঁৰ প্ৰতিৰক্ষা বিষয়াসকলক শিক্ষা আীহৰণ কৰাৰ বাবে উদগণি যোগাইছিল ।
৪। মােগল ৰাজত্বকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে এখন ৰচনা লিখা ।(Write an essay on the education system of Mughal's reign (Period)
Answer: চুলতানসকলৰ ৰাজত্বকালৰ শেষত মোগল ৰাজত্বৰ সূচনা আৰম্ভ হয় । মোগলবিলাকৰ ভাৰত আক্ৰমণৰ সময়ত মুছলমান শিক্ষা ব্যৱস্থা সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰিছিল বুলি কোৱা হয় । কিন্তু বাবৰৰ মতামতে শিক্ষা ব্যৱস্থাক প্ৰতিকূল বুলিহে প্ৰতিপন্ন কৰিবলৈ বিচাৰিছিল । মোগল ৰাজবংশৰ প্ৰথম সম্ৰাট বাবৰে ভাৰতবৰ্ষত অতি কম সময়হে ৰাজত্ব কৰিছিল যদিও তেওঁ ৰাজত্ব কৰা সময়খিনিক ধুমুহা প্ৰৱণ কৰি তুলিছিল ।
ক) বাবৰৰ সময়ৰ শিক্ষা ব্যৱস্থা ঃ বাবৰে ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । বাবৰ এজন বিদ্বান আৰু বিদ্যানুৰাগী লোক আূছিল । বাবৰে আৰবী, পাৰ্চী আৰু তুৰ্কী ভাষাও জানিছিল । বাবৰৰ কাব্যিক প্ৰতিভাও আছিল বুলি জনা যায় । তেওঁ একোৱেই কৰিব নোৱাৰিলে । তেওঁ ভাৰতলৈ অহাৰ পিছত ভাৰতবৰ্ষত বহুতো বস্তুৰ অভাৱ আছিল বুলি মতপোষণ কৰিছিল । তেওঁ শিক্ষা আহৰণৰ বাবে কলেজো নাই বুলি কৈছিল ।
খ) হুমায়ুনৰ সময়ৰ শিক্ষা ব্যৱস্থা ঃ বাবৰৰ পিছত তেওঁৰ পুতেক হুমায়ুন দিল্লীৰ সম্ৰাট পদত অধিষ্ঠিত হয় । হুমায়ুনে শিক্ষাৰ প্ৰসাৰৰ বাবে গুৰুত্ব প্ৰদান কৰিছিল । তেওঁ নিজে এগৰাকী পণ্ডিত আছিল আৰু বিদ্যান লোকক সন্মান কৰিছিল । হুমায়ুনে দিল্লীত এখন মহাবিদ্যালয় স্থাপন কৰিছিল । হুমায়ুনে তেওঁৰ ৰাজত্বকালৰ সময়ছোৱাত এটা ডাঙৰ পুথিভৰাল সজাইছিল । কিন্তু দুখৰ বিষয় সেই পুথিভৰালৰ খটখটিত পৰিয়েই সম্ৰাট হুমায়ুনৰ মৃত্যু হৈছিল । তেওঁ শ্বেৰছাহক লগত যুদ্ধত হাৰি পলাই ফুৰিবলগীয়া হৈছিল বাবে শিক্ষা প্ৰসাৰত কিছু বাধাৰ সন্মুখীন হৈছিল ।
গ) আকবৰৰ সময়ৰ শিক্ষা ব্যৱস্থা ঃ হুমায়ুনৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ আকবৰ দিল্লীত ৰাজসিংহাসনত আৰোহণ কৰিছিল । মোগল সম্ৰাটসকলৰ ভিতৰত সম্ৰাট আকবৰৰ ব্যক্তিত্ব সকলোতকৈ ভিন্ন আছিল । আকবৰে ১৫৫৬ চনৰ পৰা ১৬৩৫ চনলৈ এটা সুদীৰ্ঘ সময় ধৰি ৰাজত্ব কৰিছিল । আকবৰ শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল । আকবৰক বহুতে নিৰক্ষৰ ৰজা আছিল বুলি কব খোজে । কথাষাৰৰ সত্যতা সম্বন্ধে কোনো চূড়ান্ত সিদ্ধান্ত বৰ্তমানলৈকে হোৱা নাই । নিৰক্ষৰ হলেও তেওঁ অশিক্ষিত নাছিল । শিক্ষাৰ ক্ষেত্ৰত মহামতি আকবৰে যথেষ্ট অৰিহণা আগবঢ়াইছিল । আকবৰে পাঠাগাৰ তৈয়াৰ কৰিছিল আৰু সেই পাঠাগাৰৰৰ পৰা আকবৰ নিতো বিভিন্ন ধৰণৰ কিতাপ অনাই পঢ়াই শুনাব লাগিছিল ।
আকবৰৰ দিনত বহুতো সংস্কৃত গ্ৰন্থ আৰৱী আৰু পাৰ্চীভাষালৈ অনুবাদ কৰা হৈছিল । আকবৰে শিক্ষা সম্প্ৰসাৰণৰ অৰ্থে ফতেহপুৰ চিক্ৰি এখন নতুন নগৰ স্থাপন কৰাইছিল । আকবৰৰ দিনত শিক্ষ্যা ব্যৱস্থাক আৱাসিক কৰি তুলিছিল । তেওঁ ৰাজ্যৰ বিভিন্ন স্থানত মহাবিদ্যালয় স্থাপন কৰিছিল । বিশেষকৈ আগ্ৰা আৰু ফযতেহপুৰৰ মহাবিদ্যালয় বিশেষভাৱে উল্লেখযোগ্য আছিল । সম্ৰাটৰ আদৰ্শক অনুকৰণ কৰি ধনী মানী লোক আৰু কিছুমানে মহাবিদ্যালয় স্থাপন কৰিবলৈ কৈছিল । আকবৰৰৰ দিনত মাদ্ৰাছাবোৰত হিন্দু যুৱকসকলেও পঢ়িছিল । ৰজাৰ বহুতো কৰ্মচাৰী হিন্দু থকা হেতুকে হিন্দুসকলক পাৰ্চী ভাষাৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । হিন্দু মুছলমান সকলোৰে সুবিধা হোৱাকৈ উৰ্দু নামেৰে এটা ভাষাৰ প্ৰচলন কৰাৰ ব্যৱস্থা আকবৰে হাতত লৈছিল । এই ভাষাবটো সৈন্যসকলৰ শিবিৰৰ পৰা ওলোৱা ভাষা বুলি প্ৰচাৰ হৈছিল ।
ঘ) জাহাংগীৰৰ সময়ৰ শিক্ষা ব্যৱস্থা ঃ আকবৰৰ পুতেক জাহাংগীৰ সুদক্ষ ৰজা আছিল যদিও বিদ্যানুৰাগী ৰজা আছিল । তেওঁ কলাকাৰ আৰু চিত্ৰকৰসকলৰ পৃষ্ঠপোষক আছিল । জাহাংগীৰৰ দিনত আগ্ৰা শিক্ষাৰ কেন্দ্ৰস্থল হৈ পৰিছিল । আগ্ৰাত সেই সময়পৰ বিখ্যাত পণ্ডিতসকল আহি লগ লাগিছিল । তেওঁ তেওঁৰ ৰাজ্যৰ বিভিন্ন স্থানত থকা ধ্বংসপ্ৰাপ্ত মহাবিদ্যালয়বোৰৰ মেৰামতি কৰিছিল আৰু প্ৰয়োজনীয় স্থানত মহাবিদ্যালয় স্থাপন কৰিছিল । জাহাংগীৰে উত্তৰাধিকাৰী নথকা সম্পত্তিবোৰ মন্দিৰ নিৰ্মাণ আৰু শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নিৰ্দেশ দিছিল । জাহাংগীৰে দিল্লীত নতুনকৈ এখন মহাবিদ্যালয় স্থাপন কৰিছিল ।
৫। যি কোনাে এটাৰ বিষয়ে লিখা । (Write any one of the following)
Answer:
(ক) আকবৰৰ সময়ৰ শিক্ষা ব্যৱস্থা । (Education system of Akbar's time)
Answer: হুমায়ুনৰ পিছতে তেওঁৰ পুত্ৰ আকবৰ ৰাজসিংহাসনত আৰোহণ কৰিছিল । মোগল সম্ৰাটসকলৰ ভিতৰত আকবৰৰ ব্যক্তিত্ব সম্পূৰ্ণভাৱে বেলেগ আছিল । আকবৰে ১৫৫৬ চনৰ পৰা ১৬৩৫ চনলৈ এটা সুদীৰ্ঘ সময় ধৰি ৰাজত্ব কৰিছিল । আকবৰ শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল । আকবৰক বহুতে নিৰক্ষৰ ৰজা আছিল বুলি কব খোজে । কথাষাৰৰ সত্যতা সম্বন্ধে কোনো চূড়ান্ত সিদ্ধান্ত বৰ্তমানলৈকে হোৱা নাই । নিৰক্ষৰ হলেও তেওঁ অশিক্ষিত নাছিল । শিক্ষাৰ ক্ষেত্ৰত আকবৰে যথেষ্ট অৰিহণা বি যোগাইছিল । আকবৰে পাঠাগাৰ তৈয়াৰ কৰিছিল আৰু সেই পাঠাগাৰৰ পৰা আকবৰ নিতৌ বিভিন্ন ধৰণৰ কিতাপ এনে পঢ়াই শুনাব দিছিল ।
আকবৰৰ দিনত বহুতো সংস্কৃত গ্ৰন্থ আৰবী আৰু পাৰ্চীভাষালৈ অনুদিত হৈছিল । আকবৰে শিক্ষা সম্প্ৰসাৰণৰ অৰ্থে ফতেহপুৰ চিক্ৰিত এখন নতুন নগৰ স্থাপন কৰিছিল । আকবৰৰ দিনত শিক্ষা ব্যৱস্থাক আৱাসিক কৰি তুলিছিল । তেওঁ ৰাজ্যৰ বিভিন্ন স্থানত মহাবিদ্যালয় স্থাপন কৰিছিল । বিশেষকৈ আগ্ৰা আৰু ফতেহপুৰৰ মহাবদ্যালয় থকা স্য়ব বিশেষভাৱে উল্লেখযোগ্য আছিল । সম্ৰাটৰ আদৰ্শক অনুকৰণ কৰি ধনী-মানী লোক কিছুমানে মহাবিদ্যালয় স্থাপন কৰিবলৈ লৈছিল । আকবৰৰ দিনত মাদ্ৰাছাবোৰত হিন্দু যুৱকসকলেও পঢ়িছিল । ৰজাৰ বহুতো কৰ্মচাৰী হিন্দু থকা স্বত্বেও হিন্দুসকলক পাৰ্চীভাষাৰ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । হিন্দু মুছলমান সকলোৰে সুবিধা হোৱাকৈ উৰ্দু নামেৰে এটা ভাষা প্ৰচলন কৰাৰ ব্যৱস্থা আকবৰে হাতত লৈছিল ।
(খ) মুছলমান যুগৰ স্ত্রী-শিক্ষা । (Women education of Muslim period)
Answer: মুছলমান শিক্ষা ব্যৱস্থাত মহিলাসকলক সামৰি লবলৈ বিবচৰা হোৱা নাছিল । মহিলাসকলক বোৰ্খা ব্যৱস্থাৰে হেচা দি ৰখা হৈছিল । বোৰ্খা পৰিধান কৰিব লগা হেতুকে সামাজিকভাৱেও মহিলাসকল বাধাগ্ৰস্ত হৈছিল । এইবিলাকৰ কাৰণে মুছলমান যুগত স্ত্ৰী-শিক্ষাৰ সম্প্ৰসাৰণ হোৱা নাছিল । ৰাজপৰিয়ালৰ মহিলাসকলে হেৰেমত থাকি শিক্ষক-শিক্ষয়িত্ৰীৰ ওচৰত পঢ়িছিল । মুছলমান ৰাজত্বৰ শেষৰ পিনে প্ৰশাসকসকলৰ যত্নত মহিলা শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল । মুছলমান যুগৰ কেইবাগৰাকীমান শিক্ষিত মহিলাৰ নাম হল চুলতানা ৰেজিয়া, চান্দ চুলতানা, গুলবদন বেগম, চালিমা চুলতানা, মোহন আনাগা, নুৰজাহান মমতাজ, জাহানাৰা, জিবুন্নিছা আৰু বদৰুন্নিছা ।
মুছলমান ৰাজত্বকালত কিছুমান মোক্তাবত সৰু লৰা-ছোৱালীক শিক্ষালাভৰ সুবিধা দিয়া হৈছিল । কিন্তু অতি কম শিক্ষালাভৰ পিছতে এওঁলোকক এৰুৱাই অনা হৈছিল । জাহানাৰা এগৰাকী সু-কবি আছিল । জাহানাৰাৰ কবিতাই জনসমাজত সমাদৰ লাভ কৰিছিল । ঠিক তেনেকৈয়ে ঔৰংগজেৱৰ জীয়ৰী জেবুন্নিছা জন্মতে কবি আছিল বুলি জনা যায় । তেওঁ আৰবীক আৰু পাৰ্চীভাষাত কবিতা লিখিছিল ।
(গ) মােগল শিক্ষা ব্যৱস্থাৰ সমালােচনা । (Criticism of Mughal education system)
Answer: মোগল ৰাজত্বকালত শিক্ষাৰ ক্ৰমবিকাশলৈ লক্ষ্য কৰিলে দেখা যায় যে ৰজাসকলৰ উত্থান-পতনে শিক্ষা ব্যৱস্থাত বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল । মোগল সম্ৰাটসকলৰ দিনত ভাৰতবৰ্ষ সমৃদ্ধিশালী আছিল আীৰু সম্ৰাটসকলে শিক্ষাৰ বিকাশত মনোযোগ দিছিল । প্ৰথম মোগল সম্ৰাট বাবৰৰ দিনত শিক্ষাৰ বিকাশ নহল আৰু বাবৰে চুলতানসকলৰ শিক্ষাক ক্ৰটিপূৰ্ণ বুলি মন্তব্য কৰিছিল । ৰজাসকলে শিক্ষা ব্যৱস্থাৰ বিকাশ সাধনত নিজস্ব দৃষ্টিভংগী খটুৱাইছিল । প্ৰায়বোৰ সম্ৰাট শিক্ষাৰ প্ৰতি আগ্ৰহী আছিল যদিও কিছুমানৰ ৰাজত্বকালত যুদ্ধ-বিগ্ৰহৰে পৰিপূৰ্ণ আছিল । মাত্ৰ আকবৰৰ দিনত ভাৰতবৰ্ষৰ ঐতিহ্য যিমান বৃদ্ধি হৈছিল আন সম্ৰাটসকলৰ দিনত সিমানখিনি হোৱা নাই । ছাহজাহানৰ ৰাজত্বকালত ঐশ্বৰ্য-বিভূতিৰে ভৰপুৰ আছিল । ঔৰংগজেৱৰ ৰাজত্বকালত মোগলসকলৰ ঐতিহ্য ম্লান হৈ গৈছিল । মোগল সাম্ৰাজ্য পতনৰ মূল দায়িত্ব ইতিহাসে ঔৰংগজেৱৰ ওপৰতে জাপি দিয়া দেখা যায় । ধৰ্মীয় গোড়ামীৰ বাবে ঔৰংগজেৱৰ পতন আহিছিল । পিপাসু ভাৱধাৰাই ঔৰংগজেৱৰ ধাৰণাত বিশেষভাৱে প্ৰভাৱ পেলাইছিল । ঔৰংগজেৱৰ মৃত্যুৰ লগে লগে মোগল সাম্ৰাজ্যৰ ক্ষমতা কমি আহে আৰু শিক্ষানুষ্ঠান স্থাপনৰ বাবে মানুহৰ প্ৰৱণতা লোপ পাই আহে । বাহাদুৰ ছাহ আছিল মোগল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট । বাহাদুৰ ছাহে মাত্ৰ তিনিখন মাদ্ৰাছাহে স্থাপন কৰিছিল । আটাইতকৈ দুখলগা অৱস্থাৰ সৃষ্টি হৈছিল নাদিৰ শ্বাহে ভাৰতবৰ্ষ আক্ৰমণৰ পাছত । নাদিৰছাহে ভাৰতবৰ্ষ আক্ৰমণ কৰি দিল্লীত হত্যাকাণ্ড আৰু লুটপাট কৰিছিল । এনেধৰণে শিক্ষাব্যৱস্থাত নানা ধৰণৰ প্ৰভাৱ পৰাত শিক্ষা ব্যৱস্থাটো ভাঙি পৰিছিল । নাদিৰছাহে মোগলসকলৰ বিখ্যাত ৰাজকীয় গ্ৰন্থাগাৰ ইম্পেৰিয়েল পুথিভৰালটো পাৰস্য দেশলৈ লৈ যায় ।
ভাৰতবৰ্ষত মুছলমান শিক্ষা পদ্ধতি কিমানদূৰ বিয়পি পৰিছিল । তাক সঠিককৈ কোৱা টান । সকলো সম্ৰাট শিক্ষাৰ প্ৰতি আগ্ৰহী নাথাকিলেও শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাইছিল । মোগলসকলৰ শিক্ষা ব্যৱস্থা সম্বন্ধে বাৰ্ণিয়াৰে দিয়া মতামত সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য বুলি কব নোৱাৰি । এইটোও সত্য হব পাৰে যে বাৰ্ণিয়াৰে সমগ্ৰ ভাৰতবৰ্ষ পৰিভ্ৰমণ নকৰাকৈ মন্তব্যটো পোষণ কৰিছিল । যিয়ে নহওক, কব লাগিব যে মোগল ৰাজত্বকালত শিক্ষাৰ বিকাশ কিছু পৰিমাণে হৈছিল ।
(ঘ) মুছলমান শিক্ষা ব্যৱস্থাৰ গুণ আৰু দোষবােৰ । (Merits and Demerits of Muslim Education)
Answer: অতীতৰ শিক্ষা ব্যৱস্থাত মুছলমান শিক্ষাই যদিও অধিকভাৱে প্ৰসাৰতা লাভ কৰিব পৰা নাছিল এই শিক্ষা ব্যৱস্থাৰ কিছুমান বিশেষ গুণ আছিল ।
গুণসমূহৰ বিষয়ে তলত চমুকৈ দিয়া হল
১। মুছলমান শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধৰ্মক ভিত্তি কৰি গঢ় লৈ উঠিছিল যদিও েই শিক্ষাই ব্যৱহাৰিক দিশকো সামৰি লৈছিল ।
২। মুছলমান শিক্ষা ব্যৱস্থাৰ বৃত্তিমুখী ধাৰণা আছিল । উুচ্চশিক্ষাৰে শিক্ষিত হোৱা শিক্ষাৰ্থীবোৰক ৰাজপ্ৰসাদৰ কৰ্মচাৰী হিচাপে নিয়োগ কৰা হৈছিল ।
৩। মুছলমান শিক্ষা ব্যৱস্থাই জ্ঞান আহৰণক বিশেষভাৱে প্ৰাধান্য দিছিল । এই ক্ষেত্ৰত বিশ্বনবী হজৰত মহম্মদে কৈছিল যে শ্বহীদৰ তেজতকৈ চিয়াহী অধিক পৱিত্ৰ ।
৪। মুছলমান শিক্ষা ব্যৱস্থাই ইতিহাস অধ্যয়নৰ ওপৰত অধিক প্ৰাধান্য দিয়া হেতুকে ভাৰতবৰ্ষৰ পৰৱৰ্তীকালত ইতিহাস ৰচনা কৰাত সহায় কৰিছিল ।
৫। মুছলমান শিক্ষা ব্যৱস্থাত আত্মজীৱনী অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছিল । তাৰ ফলত মোগল সম্ৰাটসকলে আত্মজীৱনী লিখিবলৈ উদগনি যোগাইছিল ।
৬। মুছলমান শিক্ষা ব্যৱস্থাত সাহিত্য-সংস্কৃতিৰ বিকাশত গুৰুত্ব দিয়া দেখা যায় । বিশেষকৈ অনুবাদ সাহিত্যৰ ওপৰত অধিকবোৰ বিদ্যানুৰাগী সম্ৰাটে গুৰুত্ব আৰোপ কৰিছিল ।
৭। মুছলমান শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলক বৃত্তি দিয়াৰ উপৰিও পুৰস্কৃত কৰি আশ্বাস প্ৰদান কৰাৰ ব্যৱস্থা কৰা দেখা যায় ।
৮। মুছলমান শিক্ষা ব্যৱস্থাৰ শিক্ষানুষ্ঠানসমূহে স্বাধীনভাৱে নিজস্ব কাম-কাজ চলাইছিল । এই ক্ষেত্ৰত ৰাষ্ট্ৰই কোনো ধৰণৰ বাধা আৰোাপ কৰা নাছিল ।
৯। মুছলমান শিক্ষা ব্যৱস্থা বিনামূলীয়া আছিল । অনুষ্ঠানসমূহ দান-বৰঙণিৰে চলিছিল ।
১০। মুছলমান শিক্ষা ব্যৱস্থাই প্ৰথমে স্তৰ ভিত্তিক শিক্ষা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছিল মোক্তাব আৰু মাদ্ৰাছাৰ মাধ্যমত ।
মুছলমান শিক্ষা ব্যৱস্থাৰ দোষসমূহ ঃ মুছলমান শিক্ষা ব্যৱস্থাত বহুতো ক্ৰটি থকা দেখিবলৈ পোৱা যায় যেনে
১। মুছলমান শিক্ষা ব্যৱস্থা সম্পূৰ্মৰূপে মুছলমান শিক্ষাৰ্থীৰ বাবে প্ৰযোজ্য হোৱা দেখা গৈছিল ।
২। শিক্ষা ব্যৱস্থাত ধৰ্মীয় গোড়ামীয়ে অধিকভাৱে স্থান পোৱাত শিক্ষাৰ বিকাশত বাধা আহি পৰিছিল ।
৩। মুছলমান শিক্ষা ব্যৱস্থাত দেশীয় ভাষাৰ ব্যৱহাৰ হোৱা নাছিল বাবে সাধাৰণ ৰাইজে অসুবিধাৰ সন্মুখীন হৈছিল । শিক্ষাৰ মাধ্যম হিচাপে আৰবী আৰু পাৰ্চী ভাষা প্ৰয়োগ হোৱাত দেশীয় ভাষাৰ বিকাশত বাধা আহি পৰিছিল ।
৪। মুছলমান শিক্ষা-ব্যৱস্থাই হিন্দু-সংস্কৃতিৰ বিকাশত কোনো ধৰণেৰে অৰিহণা যোগোৱা নাছিল ।
৫। মুছলমান শিক্ষা ব্যৱস্থাত লিখা-পঢ়াক সুকীয়াভাৱে শিকোৱা আৰু শিক্ষাৰ্থীৰ সময় অপব্যয় হৈছিল ।
৬। মুছলমান শিক্ষাব্যৱস্থা ৰজাঘৰীয়া দান-বৰঙণিৰে চলা বাবে কিছুমান অনুষ্ঠান আৰ্থিক সংকটৰ বাবে মৃতপ্ৰায় হৈছিল ।
৭। মুছলমান শিক্ষা ব্যৱস্থাৰ বিকাশৰ বাবে কোনোৱে চকু দিবলৈ বিচৰা নাছিল ।
৮। মুছলমান শিক্ষা ব্যৱস্থাত নাৰী শিক্ষাৰ স্থান মুঠেই নোহোৱা বাবে শিক্ষাৰ বিকাশত বাধা আহি পৰিছিল ।
৯। মুছলমান শিক্ষা ব্যৱস্থা চহৰকেন্দ্ৰিক আছিল বাবে ই জনসাধাৰণলৈ বিয়পি পৰা নাছিল ।
১০। মুছলমান শিক্ষা ব্যৱস্থাই আধ্যাত্মিক ভাৱধাৰাতকৈ বস্তুবাদী ধাৰাতহে অধিক গুৰুত্ব দিছিল ।
অতিৰিক্ত প্ৰশ্নঃ
১। মুছলমান শিক্ষা ব্যৱস্থাৰ প্ৰথম লক্ষ্যটো কি ।
উত্তৰঃ মুছলমান শিক্ষা ব্যৱস্থাৰ প্ৰথম লক্ষ্যটো হল জনসাধাৰণৰ মাজত হজৰত মহম্মদৰ বাণীসমূহ প্ৰচাৰ কৰা ।
২। মুছলমান শিক্ষাব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য কি ।
উত্তৰঃ মুছলমান শিক্ষা ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্য আছিল শিক্ষাৰ মাজেৰে বস্তুবাদী বিকাশৰ জ্ঞান দিয়া ।
৩। মুছলমান শিক্ষাব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ মুছলমান শিক্ষাব্যৱস্থাৰ দুটা বৈশিষ্ট্য হল
ক) নিম্ন মানদণ্ডৰ শিক্ষা ।
খ) শিক্ষানুষ্ঠান হিচাপে মাদ্ৰাছা ।
৪। দুগৰাকী মুছলমান মহিলা শিক্ষাবিদৰ নাম লিখা ।
উত্তৰঃ দুগৰাকী মুছলমান মহিলা শিক্ষাবিদৰ নাম হল
ক) ৰেজিয়া চুলতানা ।
খ) গুলবদন বেগম ।
৫। টোগলক বংশৰ বিখ্যাত ৰজাজনৰ নাম কি আছিল ।
উত্তৰঃ টোগলক বংশৰ বিখ্যাত ৰজাজনৰ নাম হল গিয়াছুদ্দিন টোগলক ।
৬। মুছলমান শিক্ষাব্যৱস্থাৰ প্ৰাথমিক শিক্ষানুষ্ঠানৰ নাম কি আছিল ।
উত্তৰঃ মুছলমান শিক্ষাব্যৱস্থাৰ প্ৰাথমিক শিক্ষানুষ্ঠানৰ নাম হল মোক্তাব ।
৭। আকবৰে কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল ।
উত্তৰঃ আকবৰে ১৫৫৬ চনৰ পৰা ১৬৩৫ চনলৈ সুদীৰ্ঘ বছৰ ধৰি ৰাজত্ব কৰিছিল ।
৮। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল ।
উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুলতান বাবৰ ।
৯। আইন-ই-আকবৰী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ।
উত্তৰঃ আইন-ই-আকবৰী গ্ৰন্থখন আবুল ফজলে ৰচনা কৰিছিল ।
১০। মুছলমান শিক্ষাব্যৱস্থাৰ দুটা গুণৰ বিষয়ে লিখা ।
উত্তৰঃ মুছলমান শিক্ষাব্যৱস্থাৰ দুটা গুণ হল
ক) মুছলমান শিক্ষাব্যৱস্থা সম্পূৰ্ণৰূপে ধৰ্মক ভিত্তি কৰি গঢ় লৈ উঠিছিল যদিও এই শিক্ষাই ব্যৱহাৰিক দিশকো সামৰি লৈছিল ।
খ) মুছলমান শিক্ষা ব্যৱস্থাৰ বৃত্তিমুখী ধাৰণা আছিল । উচ্চশিক্ষাৰে শিক্ষিত হোৱা শিক্ষাৰ্থীবোৰক ৰাজপ্ৰসাদৰ কৰ্মচাৰী হিচাপে নিয়োগ কৰা হৈছিল ।