অধ্যায় ১ 

বৈদিক যুগৰ শিক্ষা ব্যৱস্থা 
(Education system of Vedic period) 

প্রশ্নাবলী (Exercise) 

১। বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমু আভাস দিয়া । (Write briefly about the Vedic system of education.) 
Answer: বৈচিত্ৰময় ভাৰতবৰ্ষৰ বিকাশৰ ধাৰাৰ উমান লবলৈ হ'লে অতীত ইতিহাসৰ পাত লুটিয়াই চাব লাগিব । বৰ্তমান বিকাশৰ সকলো তৃণমূল অতীতৰ মাজতে লুকাই থকা বুলি কোৱা কথাষাৰৰ সত্য়তা নুই কৰিব নোৱাৰি । ইতিহাসবিদসকলে বৈদিক যুগৰ আগতো ভাৰতীয় সভ্য়তা উচ্চখাপৰ আছিল বুলি উল্লেখ কৰিছে । কিন্তু বৈদিক যুগৰ পৰাহে ইতিহাসত বিস্তৃত বৰ্ণনা পোৱা যায় । অতীত ভাৰতবৰ্ষৰ সামাজিক দৰ্শন, ৰাজনীতি আদিয়ে বৰ্তমানৰ সামাজিক দৰ্শন, ৰাজনীতি আদিত নানাধৰণে প্ৰভাৱ পেলাইছে । ভাৰতীয় সংস্কৃতি আৰু সভ্য়তাৰ প্ৰভাৱে সেই সময়ত পৃথিৱীৰ বহুতো দেশক চমক খুৱাই দিছিল । পৃথিৱীৰ বহুতো দেশেই ভাৰতবৰ্ষৰ শিক্ষা ব্য়ৱস্থাক অগ্ৰণী শিক্ষা ব্য়ৱস্থা বুলি স্বীকৃতি দিছিল আৰু সেই শিক্ষা ব্য়ৱস্থাৰ প্ৰতি আকৰ্ষিত হৈছিল । এটা কথা অৱশ্য়ে এইখিনিতে উল্লেখ কৰিব পাৰি যে অতীতৰ শিক্ষা ব্য়ৱস্থা সুসংগঠিত নাছিল । সুসংগঠিত নহ'লেও এই শিক্ষা ব্য়ৱস্থাই ভাৰতীয় সংস্কৃতিক বিশেষভাৱে গঢ় দিছিল । আনকি সামাজিক উত্থান-পতনেও এই শিক্ষা ব্য়ৱস্থাক কোনো ধৰণেৰে ৰোধ কৰিব পৰা নাছিল । সময়ে সময়ে সাম্ৰাজ্য়সমূহৰ পতন হৈছিল । সমাজলৈ পৰিৱৰ্তন আহিছিল । তথাপি হেজাৰ হেজাৰ বছৰ এই শিক্ষা প্ৰচলিত হৈয়ে আছিল। বৈদিক যুগতে ভাৰতবৰ্ষৰ শিক্ষা ব্য়ৱস্থাই চৰম সীমাত উপনীত হৈছিল । উপনিষদসমূহ সেই যুগতে ৰচিত হৈছিল । উপনিষদসমূহে মানৱ জীৱনৰ নানা ধৰণৰ সমস্য়া সমাধান কৰাত সহায় কৰিছিল । এই উপনিষদসমূহ ইমান উচ্চ স্তৰৰ আছিল যে মানুহৰ চিন্তাধাৰাই ইয়াৰ ওৰ পেলাব পৰা নাছিল । শিক্ষা ব্য়ৱস্থাটোক সেই সময়ত সাধাৰণতে চাৰিটা ভাগত ভাগ কৰা হৈছিল । প্ৰথম ভাগত প্ৰাক ঐতিহাসিক সময়ৰ পৰা ১০০০ খ্ৰীষ্টপূৰ্বলৈ সামৰি লোৱা হৈছিল । এই সময়ছোৱাত বেদসমূহ ৰচিত হৈছিল । সেইবাবেই এই সময়ছোৱাক বৈদিক যুগ বুলি কোৱা হয় । দ্বিতীয় ভাগত খ্ৰীষ্টপূৰ্ব ১০০০ বছৰৰ পৰা খ্ৰীষ্ট্ৰপূৰ্ব ২০০ বছৰলৈ ধৰা হৈছিল । এই সময়ত উপনিষদসমূহ ৰচিত হোৱা বুলি কোৱা হয় । ইয়াৰ উপৰিও এই সময়ছোৱাত শাস্ত্ৰ আৰু মহাকাব্য় দুখন ৰচিত হৈছিল । এই সময়ছোৱাক উপনিষদৰ যুগ বুলি কোৱা হয় । তৃতীয় ভাগটো হ'ল খ্ৰীষ্টপূৰ্ব ২০০ বছৰৰ পৰা ৫০০ খ্ৰীষ্টাাব্দলৈ । এই সময়ছোৱাক ধৰ্মশাস্ত্ৰৰ যুগ বুলি কোৱা হয় । চতুৰ্থ ভাগটো হ'ল ৫০০ খ্ৰীষ্টাব্দৰ পৰা ১২০০ খ্ৰীষ্টাব্দলৈ । এই সময়ছোৱাত পুৰাণ আৰু নিবন্ধসমূহ ৰচিত হৈছিল । সেয়েহে এই সময়ছোৱাক পুৰাণ আৰু নিবন্ধৰ যুগ বুলি কোৱা হয় । শিক্ষা ব্য়ৱস্থাটোক চাৰিটা ভাগত ভাগ কৰিলেও ইয়াক বৈদিক যুগৰ শিক্ষা সভ্য়তা বুলি কোৱা হয় । 

            বৈদিক যুগৰ শিক্ষা ব্য়ৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে বেদবোৰ নো কি কি সেইবিষয় জনাটো প্ৰয়োজন হ'ব । বেদবোৰৰ ওপৰতে সেইসময়ৰ শিক্ষা ব্য়ৱস্থা বিকশিত হৈছিল । বেদ সাধাৰণতে চাৰিখন 

(১) ঋকবেদ ।
(২) যযুৰবেদ ।
(৩) সামবেদ ।
(৪) অথৰ্ববেদ ।

        ১। ঋকবেদ (The Rigved) ঃ ঋকবেদখনকেই প্ৰথম বেদ বুলি কোৱা হয় । ঋকবেদখনক আৰ্য ধৰ্মৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কৰ্ম হিচাপে ধৰা হয় । অতীত ভাৰতৰ পৰম্পৰাগত ধাৰণা মতে ঋকবেদখনক মহান শিক্ষাৰ ভঁড়াল বুলি জনা যায় । ঋকবেদখনত সেই সময়ৰ চিন্তাধাৰা, জ্ঞানৰ প্ৰচাৰ কিমান বিস্তৃতভাৱে হৈছিল তাক সুন্দৰভাৱে পোৱা যায় । হিন্দু সভ্য়তাৰ বিকাশ আৰু প্ৰসাৰ ঋকবেদৰ মাধ্য়মতে হৈছিল আৰু মানৱ প্ৰৱণতাই চিৰশান্তি লভাৰ একমাত্ৰ সমল হিচাপে ই পৰিগণিত হৈছিল । ঋকবেদখনক সেই সময়ছোৱাৰ সভ্য়তা আৰু সংস্কৃতিৰ ক্ৰমবিকাশৰ ইতিহাস হিচাবে গণ্য় কৰা হয় । ঋকবেদখনক সংহিতা বুলি জনা যায় । ইয়াত একহেজাৰ সোতৰটা স্তোত্ৰ আছে । ঋকবেদ সংহিতাৰ ভাগ দুটা । এটা ভাগ হ'ল জ্ঞানকাণ্ডৰ আৰু আনটো ভাগ হ'ল কৰ্মকাণ্ডৰ প্ৰয়োগৰ বাবে যাজক সম্প্ৰদায়ৰ প্ৰয়োজন হ'ল । কৰ্মকাণ্ড সুচাৰুৰূপে চলোৱাৰ বাবে উপযোগী পুথিৰ প্ৰয়োজন হোৱাত এক প্ৰকাৰৰ সাহিত্য়ৰ সৃষ্টি হ'ল ।

        ২। সামবেদ (The Sama Veda) ঃ ঋকবেদৰ পিচতে আমি সামবেদৰ কথা পাওঁ । সামবেদত বিশেষ ধাৰণাৰ কথা উল্লেখ আছে । এই বেদৰ স্তোত্ৰবোৰ উদগত্ৰি পুৰোহিতে সোমযজ্ঞ কৰাৰ সময়ত ব্য়ৱহাৰ কৰে । এনেদৰে সোমযজ্ঞত ব্য়ৱহৃত হোৱা স্তোত্ৰবোৰক লৈয়ে সামবেদ সৃষ্টি হয় । উদগত্ৰি পুৰোহিতে মাত্ৰ ৭৮ টা ছন্দৰহে বৰঙনি দিছিল । আনবোৰ ছন্দ ঋকবেদৰ অষ্টম আৰু নৱম মণ্ডলৰ পৰা লোৱা । সামবেদৰ ছন্দবোৰ আৰচিকছ নামেৰে শ্ৰেণীৰ্ভুক্ত কৰি লৈছে । সামবেদৰ দ্বিতীয় খণ্ডটোক উত্তৰৰচিকা নামেৰে জনাজাত । ইয়াত ৪০০ টা স্তোত্ৰ আছে আৰু প্ৰত্য়েকটোৰে ৩ টাকৈ পদ্য়ৰ চৰণ আছে । ইয়াৰ পাঠত সুৰসমলয় হয় বাবে ইয়াক গানৰ কিতাপ বুলিও কোৱা হয় ।

            ৩। যযুৰ বেদ (The Yajur Veda) ঃ সামবেদৰ পিচত আন এখন বিশেষ অনুষ্ঠানৰ জন্ম হয় । ইয়াক যযুৰ বেদ বুলি কোৱা হয় । হত্ৰি পুৰোহিতসকলে যজ্ঞত ব্য়ৱহাৰ কৰা স্তোত্ৰবোৰৰ লগত অধভৰিয়ুচ জড়িত হৈ থকা বুলি জনা যায় । এই স্তোত্ৰবোৰ প্ৰাৰ্থনা সম্বন্ধীয় । এনে পুৰোহিতসকলৰ প্ৰশিক্ষণৰ বাবে বেলেগ প্ৰশিক্ষণ বিদ্য়ালয় স্থাপন কৰা হয় ।তেতিয়াই যযুৰবেদৰ জন্ম হয় । এই বেদখন প্ৰাৰ্থনাৰ বেদ । এই বেদখনক গদ্য়মন্ত্ৰৰ সংগ্ৰহ বুলিও কোৱা হয় । এই বেদৰ অধিক সংখ্য়ক সমল ঋকবেদৰ পৰা অনা হৈছিল। যযুৰ বেদক দুটা ভাগত ভাগ কৰা হৈছে । এটা ভাগক কলা বুলি জনা যায় । আৰু আনটোভাগ হ'ল বগা ।
যযুৰবেদৰ কলা ভাগটোৱে গদ্য় মন্ত্ৰসমূহ সামৰি লৈছে । ভাৰতবৰ্ষৰ প্ৰাথমিক গদ্য় সাহিত্য় যযুৰ বেদৰ মূলধাৰণাৰ পৰা অহা । যযুৰ বেদখন অতীত ভাৰতৰ সাহিত্য়লৈ আগবঢ়োৱা এটি বিশেষ অৱদান । যযুৰ বেদৰ বগা ভাগটোৰ স্তোত্ৰবোৰ পুৰোহিতসকলে প্ৰাৰ্থনা আৰু যজ্ঞৰ সময়ত ব্য়ৱহাৰ কৰিছিল । 

            ৪। অথৰ্ববেদ (The Atharva Veda) ঃ আৰম্ভণিতে তিনিখন বেদ বিশেষভাৱে বিখ্য়াত আছিল । সময়ৰ লগে লগে চতুৰ্থ বেদখনো সৃষ্টি হ'ল । স্বীকৃত হোৱা চতুৰ্থ বেদখনেই হ'ল অথৰ্ব বেদ । এই বেদখন হ'ল ভৌতিকবাজি আৰু যাদু বিদ্য়াৰ বেদ । এই বেদৰ মন্ত্ৰবোৰ অসুৰ দমন। বেমাৰ, আজাৰ, ভূত প্ৰেত আদিক খেদাৰ ক্ষেত্ৰত ব্য়ৱহাৰ হয় । ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত এইখন বেদক তাৎপৰ্যপূৰ্ণ বেদ বুলি কোৱা নহয় । এই বেদত ৭৩১ টা স্তোত্ৰৰে পৰিপূৰ্ণ । ইয়াক ২০ খন কিতাপত ভাগ কৰা হৈছে । এই বেদখনক চিকিৎসা বিজ্ঞানৰ প্ৰথম কিতাপ বুলি কোৱা হয় । ইয়াত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰ নিৰাময় কৰাৰ উপায় আছে । অথৰ্ব বেদখনক ধৰ্মনিৰপেক্ষ বেদ বুলি ক'ব পাৰি । ইয়াত কলা আৰু বিজ্ঞানৰ বিষদ বৰ্ণনা দিয়া আছে ।

২। ঋক বেদৰ শিক্ষাৰ ক্ৰমবিকাশ সম্বন্ধে লিখা । (Write about the evolution of education ' of Rigvedic period.) 
Answer: ঋক বেদৰ শিক্ষাৰ ক্ৰমবিকাশৰ মূল বৈশিষ্ট্য়সমূহ তলত দিয়া ধৰণৰ 

            ১। ঋকবেদ সৃষ্টি আৰু সংগ্ৰহৰ সময় ঃ ঋক বেদৰ যুগটো আছিল এটি সুদীৰ্ঘযুগ। ঋক বেদ সৃষ্টিত এশবছৰৰ প্ৰয়োজন হৈছিল । স্তোত্ৰবোৰ অধ্য়য়ন কৰাৰ মূলতে দুটা দিশ আছিল । প্ৰথম দিশটো হ'ল সাহিত্য় বিষয়ক আৰু দ্বিতীয় দিশটো হ'ল শৈক্ষিক কৰ্মৰাজি । প্ৰথম সময়ছোৱা আছিল সৃষ্টিৰ সময় । এই সময়ছোৱাত মৌলিক স্তোত্ৰবোৰ প্ৰকাশিত হৈছিল । ঋষিবোৰ আছিল সেইসময়ত ভৱিষ্য়ৎ বক্তা । তেওঁলোকে চৰম সত্য়ক ব্য়ক্ত কৰিছিল । সৃষ্টিৰ সময়ছোৱাৰ পিছৰ সময় হ'ল সংগ্ৰহ, সংৰক্ষণ আৰু নিয়ম ভুক্ত কৰণৰ সময় । 

        ২। তপস্য়া আছিল এটা শিক্ষণ পদ্ধতি ঃ ঋষিসকল চৰম সত্য়ত উপনীত হোৱাৰ মূলতে আছিল তছোৰ তপস্য়া । সুদীৰ্ঘ তপস্য়াৰ ফলস্বৰূপে স্তোত্ৰবোৰ প্ৰকাশিত হৈছিল । ঋষিসকলক মুনি বুলি জনা যায় । ঋষিসকলে চৰম সত্য়ৰ সন্ধানত আছিল আৰু সেই সত্য়ৰ বাবে 'আত্মাক' দেহৰ পৰা আঁতৰাই আনিছিল । 

       ৩। মৌখিক শিক্ষা ব্য়ৱস্থা ঃ ঋষিবোৰে তপস্য়া আৰু যোগৰ বলত চৰম সত্য়ৰ উপলব্ধি কৰিবলৈ সক্ষম হৈছিল । তেওঁলোকক আন আন ব্য়ক্তিসকলে অনুসৰণ কৰিছিল কাৰণে সকলোৱে চৰম সত্য়ত উপনীত হ'বলৈ সক্ষম হোৱা নাছিল । তেওঁলোকক 'শ্ৰুতৰখি' (Srutarshis) বুলি কোৱা হৈছিল । তেওঁলোকে ঋষি হিচাপে পৰিগণিত হৈছিল গুৰুৰ পৰা পোৱা জ্ঞানৰ মাধ্য়মত হে গুৰুৰ ওচৰত তেওঁলোকে নিজকে শিষ্য় হিচাপে পৰিগণিত কৰিছিল । একোজন ঋষিৰ ওচৰত কেইবাজনো শিষ্য় আছিল । ঋষিৰ পৰা প্ৰকাশিত সত্য়বোৰ 'শ্ৰুতৰখি' বোৰে সংৰক্ষণ কৰিছিল । ঋষিসকল সদায় নিয়মীয়া আছিল আৰু স্তোত্ৰসমূহৰ পবিত্ৰতা সকলো ক্ষেত্ৰতে ৰাখিছিল । এনেদৰে ঋষিয়ে মৌখিকভাৱে স্তোত্ৰবোৰ শিষ্য় সকললৈ প্ৰৱাহিত কৰিছিল । ইয়াকে মৌখিক শিক্ষা বুলি কোৱা হৈছিল । 

        ৪। শিক্ষানুষ্ঠান হিচাপে পৰিয়াল ঃ ঋকবেদৰ শিক্ষাৰ আৰম্ভণিতে পৰিয়ালসমূহ শিক্ষাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল । পিতৃ আছিল শিক্ষাক অথবা গুৰু আৰু পুত্ৰসকল আছিল শিষ্য় । লাহে লাহে সেই শিক্ষানুষ্ঠানলৈ বাহিৰৰ শিষ্য় অহাত পৰিয়াল শিক্ষানুষ্ঠানৰ চৰিত্ৰৰ পৰিৱৰ্তন হ'ল । ইয়াক পিছত গুৰুগৃহ বা 'গুৰুকুল' ব্য়ৱস্থা বুলি জনা যায় ।

           ৫। আবৃত্তি আৰু বুজোৱা ব্য়ৱস্থা ঃ সেই সময়ত লিখা ব্য়ৱস্থাটো অজান হৈ আছিল । সেয়েহে শিষ্য়সকলক মুখস্থ কৰিবলৈ দিয়া হৈছিল । মুখস্থ ব্য়ৱস্থাৰ মাধ্য়মতে স্তোত্ৰবোৰৰ পবিত্ৰতা ৰক্ষা কৰা হৈছিল । ঋক বেদত শিষ্য়সকলে যে পৰিত্ৰ পাঠবোৰ হৃদয়ংগম কৰিছিল তাৰ প্ৰমাণ পোৱা যায় । শিষ্য়সকলে পাঠবোৰ হৃদয়ংগম কৰাটোৱে শিক্ষাৰ শেষ উদ্দেশ্য় নাছিল । ঋক বেদত শিষ্য়সকলে পাঠবোৰৰ পুনৰাবৃত্তি কৰিলে ভৎৰ্সনাৰ সন্মুখীন হ'ব লাগিছিল আৰু দোষী সাব্য়স্ত হৈছিল । শিষ্য়সকলে সকলো পাঠৰে আভ্য়ন্তৰীণ অৰ্থ বুজিবলৈ অন্তৰ্দৃষ্টিৰে অধ্য়য়ন কৰিব লাগিছিল । 

            ৬। শিক্ষাৰ মাধ্য়ম ঃ ঋক বেদত সাধাৰণতে প্ৰচলিত ভাষাক প্ৰাধান্য় দিয়া হোৱা নাছিল। এই ভাষাবোৰৰ সত্য়তা নাই আৰু নিৰ্ভুল নহয় । সেয়েহে এই প্ৰচলিত ভাষাবোৰে সত্য় কঢ়িয়াই নিব নোৱাৰে । ঋক্ বেদৰ শিক্ষাৰ মাধ্য়ম আছিল 'ঋকবেদিক সংস্কৃত' (Rigvedic Sanskrit) ঋকবেদিক সংস্কৃতৰ মাধ্য়মেৰে শিক্ষাদান অথবা আহৰণ কৰিলেহে চূড়ান্ত সত্য়ত উপনীত হ'ব পৰা যাব । ঋকবেদৰ সময়ছোৱাত গুৰুৱে শিক্ষাদান প্ৰচলিত ভাষাৰে কৰা নাছিল । শিক্ষা সম্প্ৰসাৰণ কৰিছিল বেদৰ ভাষাৰে । বেদৰ ভাষাই শিক্ষাই মাধ্য়ম হিচাপে পৰিগণিত হৈছিল । 

           ৭। শিক্ষাৰ পাঠ্য়ক্ৰম ঃ ঋক্ বেদৰ শিক্ষাৰ পাঠ্য়ক্ৰম বেছি গধূৰ নাছিল । শিষ্য়সকলে ঋক বেদহে গভীৰভাৱে অধ্য়য়ন কৰিব লাগিছিল । কিছুমান পণ্ডিতে ঋক্ বেদতে সীমাবদ্ধ নাৰাখি ৬টা বিষয়ৰ শিক্ষাও শিষ্য়সকলক দিছিল যাক বেদাংগ বুলি জনা যায়। বেদাংগৰ অন্তৰ্ভুক্ত বিষয়বোৰ হ'ল শিক্ষা, কল্প, ব্য়াকৰণ, নিৰুকতা, ছন্দ আৰু জ্য়োতিষ। সেই পণ্ডিতসকলে কবলৈ বিচাৰিছিল যে ঋক বেদ প্ৰকৃতাৰ্থত অধ্য়য়ন আৰু জ্য়োতিষ । সেই পণ্ডিতসকলে কবলৈ বিচাৰিছিল যে ঋক বেদ প্ৰকৃতাৰ্থত অধ্য়য়ন কৰিব লাগিলে বেদাংগৰ সহায় ল'ব লাগিব । এই মতামতচো যদি আমি গ্ৰহণ কৰোঁ তেনেহ'লে ঋক বেদৰ পাঠ্য়ক্ৰম কিছু বহল বুলি ক'ব লাগিব । 

            ৮। ঋষি হিচাপে ক্ষত্ৰিয় ঃ ঋকবেদৰ যুগত জাত-পাতৰ বিচাৰ তেনেই স্থিতিশীল নাছিল । ইয়াক বিস্তৃত বুলি ক'বও নোৱাৰি । কিন্তু সেই সময়ত ঋষিসকল সাধাৰণতে ব্ৰাহ্মণ আছিল । ঋক্ বেদত কেইবা গৰাকীও ক্ষত্ৰিয় ঋষিৰ নাম উল্লেখ আছে । ক্ষত্ৰিয় ঋষিসকল হ'ল অম্বৰিষ, এচদস্য়, পুৰুমিল, অজামিল, বিতাহভ্য়, সিন্দুদ্ৰিপ, মান্ধাতা, শিবি আৰু প্ৰতৰদনা। ইয়াৰ পৰা বুজা যায় যে ক্ষত্ৰিয়সকলো ঋষি হ'ব পাৰিছিল ।

            ৯। অনাৰ্যসকলৰ শিক্ষা ঃ ঋক্ বেদত পোৱা যায় যে অনাৰ্যসকলেও শিক্ষালাভ কৰাৰ সুবিধা পাইছিল । বৈদিক শিক্ষাৰ সুবিধা অনাৰ্যসকলক দিয়া হোৱা নাছিল কথাষাৰৰ সত্য়তা নাই । ঋক্ বেদত উল্লেখ আছে যে পাঁচজন ব্য়ক্তিয়ে অগ্নিষজ্ঞ কৰিছিল আৰু সোমষজ্ঞতো অংশগ্ৰহণ কৰিছিল । 'যচক'ৰ (Yaska) মতে, সেই পাঁচজন ব্য়ক্তি চাৰিটা জাতৰ । তাৰ ভিতৰত 'নিচাদ' নামৰ ব্য়ক্তিজন নিঃসন্দেহে অনাৰ্য আছিল । সেই অনাৰ্য ব্য়ক্তিকেইজনে বৈদিক শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিল বাবেই যজ্ঞবোৰত অংশগ্ৰহণ কৰিব পাৰিছিল ।

                ১০। মহিলাসকলৰ শিক্ষা ঃ ঋক্ বেদৰ যুগত মহিলাসকলৰ শিক্ষাৰ ব্য়ৱস্থা থকা জনা যায় । মহিলাসকলৰ ধৰ্মীয় স্বাধীনতা আছিল । মহিলাসকলে নিজৰ স্বামীৰ লগত যজ্ঞ আদিত অংশগ্ৰহণ কৰিছিল । মহিলা পণ্ডিতসকলক 'ঋষিকচ' (Rishikas) আৰু 'ব্ৰহ্মবধিনি (Brahmabadhini) নামেৰে জনা যায় । ঋকবেদত কেইবাগৰাকীও বিদুষী মহিলাৰ নাম উল্লেখ আছে । তেওঁলোক হ'ল 'ৰোমচো' লোপামুদ্ৰা, আপালা, কদ্ৰু, বিচপভৰা, ঘোষা ইত্য়াদি ।

                ১১। শিক্ষাৰ কেন্দ্ৰস্থল ঃ ঋক্ বেদৰ সময়ছোৱাত শিক্ষাৰ কোনো নিৰ্দিষ্ট কেন্দ্ৰস্থ নাছিল বুলি কোৱা হয় । ঋষিসকল ক'ত বাস কৰিছিল , কোন ঠাইত তেওঁলোকৰ স্তোত্ৰবোৰ সজাইছিল তাৰ পৰিচয় নদীবিলাকৰ নামৰ পৰাহে বুজা যায় । 'পাৰজিটাৰৰ' (Pargitar) বৰ্ণনাৰ পৰা জনা যায় যে ঋক্ বেদৰ শিক্ষা আৰম্ভ হৈছিল পূৱত আৰু পশ্চিমলৈ বিস্তাৰিত হৈছিল । বিখ্য়াত 'নদীস্তুতি'ত (Nadistuti) উল্লেখ কৰা নদীৰ বৰ্ণনাত পূবৰ পৰা পশ্চিমলৈ বিস্তাৰিত হোৱা কথা পোৱা যায় ।  

                  ১২। নিৰপেক্ষ শিক্ষা ঃ ঋকবেদৰ শিক্ষা সম্প্ৰসাৰণ হৈছিল গুৰুগৃহত । এই শিক্ষা সম্পূৰ্ণৰূপে ধৰ্মীয় আৰু সাহিত্য সম্বন্ধীয় আছিল । যিয়ে চূড়ান্ত সত্যত উপনীত হব বিচাৰে আৰু যি বৌদ্ধিকভাৱে সমৰ্থ তেওঁলোককহে এনে শিক্ষা দিয়া হৈছিল । এই শিক্ষা জনসাধাৰণক দিয়া শিক্ষা নাছিল । অৱশ্যে, ঋকবেদত ইয়াৰ বিশদ বিৱৰণ পোৱা নাযায় । কিন্তু অৰ্থনৈতিক অৱস্থাৰ বাবে শিল্প সম্বন্ধীয় বিদ্যালয়ে সেইসময়ত স্থিতি লাভ কৰিছিল বুলি পোৱা যায় । ঋকবেদৰ শিক্ষাত আনকেইটামান দিশৰ কথা বিশেষভাৱে উল্লেখ আছে । যেনে 
ক) গুৰুসকলৰ গৃহত শিষ্যসকলক উপনয়ন অনুষ্ঠান সম্পূৰ্ণ হোৱাত থাকিবলৈ দিয়া হৈছিল । গুৰু নিজৰ পিতৃৰ দৰে হৈ পৰিছিল আৰু অভিভাৱকৰ ভূমিকা গ্ৰহণ কৰি নিজৰ কৰ্তব্যবোৰ সম্পাদন কৰিছিল । 

খ) শিষ্যসকলক নৈতিকভাৱে সমৰ্থবান হলেহে গুৰুগৃহত নামভৰ্তি কৰোৱা হৈছিল । ইয়াৰ উপৰিও সুচৰিত্ৰবান হোৱাটো প্ৰয়োজন আছিল । যদি কোনোৱা শিক্ষাই এই ক্ষেত্ৰত সমৰ্থৱান হোৱা নাছিল তেওঁলোকে গুৰুগৃহ ত্যাগ কৰিব লাগিছিল । 

গ) ব্ৰহ্মাচাৰ্য ব্ৰত পালন কৰাটো সকলো শিষ্যৰ বাবে বাধ্যতামবলক আছিল ।       কোনোবা বিবাহিত শিষ্যক নামভৰ্তিৰ সুবিধা দিয়া হৈছিল যদিও তেওঁ গুৰুগৃহত থকাৰ অনুমতি পোৱা নাছিল ।

ঘ) গুৰুক শুশ্ৰুষা কৰাতো শিষ্যসকলৰ পৱিত্ৰ কৰ্তব্য আছিল । যিহেতু আবাসিক শিষ্য আছিল তেওঁলোকে গুৰুৰ সুখৰ বাবে কাম কৰিব লাগিছিল । কোনো কোনো ক্ষেত্ৰত শিষ্যসকলে গুৰুৰ পাৰিবাৰিক জীৱনতো সহায় কৰিব লাগিছিল । শিষ্যসকলে গুৰুক নিজৰ পিতৃ অথবা ভগৱান হিচাপে লব লাগিছিল আৰু তেওঁৰ চিন্তাধাৰা, বক্তব্য আৰু কৰ্মৰ সহভাগী হম বুলি প্ৰতিজ্ঞাবদ্ধ হব লাগিছিল ।

ঙ) যি শিক্ষাই গুৰুৰ নিৰ্দেশ অমান্য কৰিছিল, শিক্ষানুষ্ঠানৰ নিয়ম-কানুন নামানিছিল তেনে শিষ্যক শিষ্যতৰ পৰা আঁতৰাই পঠাইছিল আৰু অনুষ্ঠানৰ পৰা বাহিৰ কৰি দিছিল ।           
            
                

৩। বৈদিক শিক্ষা ব্যৱস্থাৰ মূল লক্ষ্য আৰু উদ্দেশ্যবােৰ কি কি আছিল ? বহলাই লিখা । (What were the chief aims and objectives of Vedic system of education ?) 
Answer: অতীত ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত আৰ্যসকলৰ শিক্ষাই বিশেষ স্থান পাইছিল । আৰ্যসকলৰ শিক্ষা ব্যৱস্থা বা ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ কিছুমান নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছিল । এই লক্ষ্যসমূহৰ মূল উদ্দেশ্য আছিল সেই সময়ৰ সংস্কৃতি আৰু সভ্যতাক সংৰক্ষণ কৰি পৰম্পৰা ৰক্ষা কৰা । বেদত সভ্যতা-সংস্কৃতি আৰু জাতি ৰক্ষাৰ অৰ্থে তিনিটা অতি উল্লেখযোগ্য লক্ষ্যৰ কথা উল্লেখ আছে । এই লক্ষ্য তিনিটা তলত দিয়া ধৰণৰ 
১। প্ৰথমতে ভগৱানৰ কৰ্ম সম্পাদন কৰিব লাগিব । ভগৱানক বিশুদ্ধ অন্তৰৰে প্ৰাৰ্থনা কৰিব লাগিব । যাগ-যজ্ঞ, পূজা-অৰ্চনা আদি একাগ্ৰচিকে নিখুতভাৱে কৰাৰ ব্যৱস্থা কৰাৰ অৰ্থে সকলোখিনি নীতি-নিয়ম আয়ত্ব কৰিব লাগিব । 

২। দ্বিতীয়তে , গুৰুৰ কৰ্তব্য পালন কৰিব লাগিব । গুৰুৰ লিখনী ব্যৱসায়, বৃত্তি আদি নিৰ্ভূলভাৱে শিকি লবলৈ চেষ্টা কৰিব লাগিব । 

৩। তৃতীয়তে, শিষ্যসকলৰ পূৰ্বপুৰুষৰ প্ৰতিও দায়িত্ব আছিল । পূৰ্বপুৰুষৰ প্ৰতি থকা দায়িত্বৰ ফলস্বৰূপে তেওঁলোকে উত্তৰ পূৰুষক জন্ম দি শিক্ষা-সংস্কৃতি- সভ্যতাৰ জ্ঞান দিব লাগিব । এনেদৰে পূৰ্বপুৰুষৰ দায়িত্বৰ পৰা হাত সাৰিব পাৰিব । 
ওপৰত উল্লেখ কৰা লক্ষ্য তিনিটাক প্ৰকৃততে ঋণ বুলি কোৱা হয় । শিশুসকলে জন্মলাভ কৰাৰ লগে লগে এই ঋণ তিনিটা হৈ আছে । জীৱনকালত তেওঁলোকৰ কৰ্মৰাজিৰ মাধ্যমেৰে ঋণমুক্ত হব পাৰে । 

বৈদিক শিক্ষা ব্যৱস্থাৰ মূল লক্ষ্য আৰু উদ্দেশ্যবোৰ আছিল 
১। লক্ষ্য আৰু আদৰ্শৰ পদ্ধতিগত বৰ্ণনা নাই ঃ আমি অতীতৰ শিক্ষা ব্যৱস্থাৰ সকলো দিশ চালে দেখিবলৈ পাওঁ যে অতীত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ কোনো সু-সংগঠিত বৰ্ণনা নাই । সূত্ৰ আৰু স্মৃতিত যিখিনি বৰ্ণনা পোৱা যায় লেইখিনি অধিক বৰ্ণনাত্মক । পৰম্পৰাগতভাৱে এটা গোষ্ঠীৰ পৰা আন এটা গোষ্ঠীলৈ শিক্ষা সম্প্ৰসাৰণ হৈছিল । শিক্ষাৰ ধাৰাটো মৌখিকভাৱে সমাজত সম্প্ৰসাৰণ হৈ পৰিছিল । এনে ধৰণেৰে যিখিনি বৰ্ণনা পোৱা যায় সেইখিনিতে শিক্ষা সময় বুলি কোৱা হয় । 

২। ধৰ্ম আৰু সত্যৰ বিকিৰণ ঃ অতীতত মানৱ জীৱনটো সাধাৰণ ধৰ্ম আৰু অনুভূতিৰে পৰিপূৰ্ণ আছিল । অতীতৰ সমাজ ব্যৱস্থাত ধৰ্মই বিশেষ প্ৰাধান্যতা লাভ কৰিব পৰা নাছিল বুলি কোৱা হয় যদিও গুৰুসকল 
সেইসময়ত পুৰোহিত আছিল । গুৰু আৰু শিষ্যৰ দৈনন্দিন কাম আৰম্ভ হৈছিল বেদ বেদাংগ আৰু উপনিষদৰ স্তোত্ৰবোৰৰ উচ্চাৰণৰ মাধ্যমত । সকলোৱে দৈনন্দিন জীৱনৰ কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনা সম্পূৰ্ণ কৰিব লাগিছিল । গুৰুগৃহত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী উদযাপন কৰা হৈছিল । এইবিলাকৰ পৰা কব পাৰি যে শিক্ষা ব্যৱস্থাত ধৰ্মীয় ধাৰণাই ঠাই পাইছিল ।
৩। চৰিত্ৰ গঠন ঃ ব্ৰাহ্মণিক আৰু আৰ্য শিক্ষা ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য লক্ষ্য আছিল শিষ্যসকলক সু-চৰিত্ৰ গঠনৰ শিক্ষা দিয়া । শিষ্যসকলক শিক্ষাৰ্থী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ কোৱাৰ লগে লগে সুচৰিত্ৰ গঠন হোৱাৰ নিৰ্দেশ দিয়া হয় । দৈনন্দিন সম্পাদন কৰা কাৰ্যসূচীৰ মাজেৰেই শিষ্যসকল সুচৰিত্ৰৰ অধিকাৰী হবলগীয়া হয় । শিষ্যসকলৰ জীৱন-ধাৰণ, চিন্তাধাৰা, অভ্যাস আদি সকলোখিনিয়ে সত্যৰ ওপৰত প্ৰতিষ্ঠিত হব লাগিছিল । শিষ্যসকলৰ মনত তথা শৰীৰত থকা জান্তৰ প্ৰকৃতি াঁতৰ কৰি মানৱ প্ৰকৃতি সৃষ্টি হোৱাত এই শিক্ষা ব্যৱস্থাই সহায় কৰিছিল । গুৰুৱে শিষ্যসকলক নিজ ব্যস্ততাৰ মাজতো ব্যক্তিগতভাৱে প্ৰয়োজনীয় শিক্ষাখিনি দিছিল । শিক্ষা ব্যৱস্থাই জাতীয় নেতা, বিখ্যাত মহাৰাজা, ৰজা আদিৰ আদৰ্শ আৰু চৰিত্ৰৰ প্ৰভাৱ শিষ্যসকলৰ মাজত প্ৰতিফলিত হোৱাত সহায় কৰিছিল ।

৪। ব্যক্তিত্ব বিকাশ ঃ বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত শিষ্যসকলৰ ব্যক্তিত্ব বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছিল । গুৰুৱে শিষ্যসকলক পূৰ্ণাংগ ব্যক্তি হিচাপে প্ৰস্তুত কৰাৰ অৰ্থে সকলো ধৰণৰ প্ৰয়োজনীয় শিক্ষাকে দিবলৈ যত্ন কৰিছিল । গুৰুৰ ব্যক্তিত্বৰ সকলোখিনি দিশ শিষ্যৰ ব্যক্তিত্বত প্ৰতিফলিত হৈছিল । গুৰু আৰু শিষ্যৰ সৌহাৰ্যপূৰ্ণ ধাৰণাই শিক্ষা ব্যৱস্থাটোক সৰ্বাংগ সুন্দৰ কৰি তুলিছিল । এইবিলাক কথাৰ পৰা কব পাৰি যে ব্যক্তিত্ব বিকাশৰ ধাৰণাই অতীতৰ শিক্ষা ব্যৱস্থাটোত বিশেষ স্থান দখল কৰিছিল । 

৫। সামাজিক কৰ্তব্যসমূহ পালনৰ উপদেশ ঃ বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ আন এটি উল্লেখযোগ্য লক্ষ্য আছিল শিক্ষাৰ মাধ্যমেৰে শিষ্যসকলক সামাজিক কৰ্তব্যসমূহ পালনৰ উপদেশ দিয়া ।  শিষ্যসকলে শিক্ষা লাভ কৰি থকা অৱস্থাতে সামাজিক জীৱনত প্ৰয়োজনীয় সকলোখিনি শিক্ষালাভ কৰিব লাগিছিল । সকলো ব্যক্তিৰে প্ৰয়োজনীয় দায়িত্ব পালন কৰাৰ কৰ্তব্য আছে । শিক্ষাৰ্থী জীৱনতে সকলোখিনি শিক্ষা লাভ কৰি শিষ্যসকল সমাজৰ একোজন উপযুক্ত নাগৰিক হবলৈ সক্ষম হৈছিল । শিষ্যসকলে সমাজলৈ গৈ নিজৰ প্ৰয়োজনীয় কাৰ্যখিনি সম্পাদন কৰাৰ উপৰিও সামাজিক দায়িত্বসমূহ পালন কৰিব লাগিছিল । চৰকাৰসমূহৰ উত্থান আৰু পতনে সাধাৰণ সামাজিক জীৱনত প্ৰভাৱ পেলাব পৰা নাছিল । 

৬। সামাজিক দক্ষতাৰ বিকাশ সাধন ঃ অতীতৰ শিক্ষা ব্যৱস্থাৰ লক্ষ্যসমূহৰ ভিতৰত সামাজিক দক্ষতা লাভেও বিশেষ স্থান দখল কৰিছিল । শিষ্যসকলক সামাজিক দক্ষতা লাভৰ শিক্ষা দিয়া হৈছিল । সামাজিক দক্ষতাৰ বিকাশ সাধনে সমাজ ব্যৱস্থাত সুখ আৰু সৌন্দৰ্যৰ প্ৰতিফলন ঘটাইছিল । 

৭। সংস্কৃতিৰ সংৰক্ষণ ঃ  বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ আটাইতকৈ উল্লেখযোগ্য লক্ষ্য আছিল সংস্কৃতিক সংৰক্ষণ কৰা । আৰ্যসকলৰ সংস্কৃতি অতি উচ্চ খাপৰ আছিল আৰু তাক সংৰক্ষণ কৰাৰ প্ৰতি তেওঁলোক বৰ আগ্ৰহী আছিল । আৰ্যসকলে জানিছিল যে সংস্কৃতি আৰু সভ্যতাক সংৰক্ষণ কৰাৰ একমাত্ৰ আহিলা হল শিক্ষা ব্যৱস্থা । এই শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে অতীতৰ সংস্কৃতি ভৱিষ্যত বংশধৰসকললৈ প্ৰেৰণ কৰিব পৰা যাব । সেয়েহে পুৰোহিত শ্ৰেণীটোৱে বৈদিক পাঠবোৰ সংৰক্ষণ কৰাত গুৰুত্ব আৰোপ কৰিছিল । বৈদিক সাহিত্য আৰু সংস্কৃতি সংৰক্ষণৰ মূলতে আছিল আয়ত্বকৰণৰ ওপৰত দিয়া গুৰুত্ব । পুৰোহিতসকলৰ এটা গোটে বৈদিক সাহিত্য সংৰক্ষণৰ অৰ্থে গোটেই জীৱন ইয়াৰ চৰ্চা আৰু উন্নয়নৰ প্ৰচেষ্টা চলাইছিল । সেই দলটোৱে সৃজনী শক্তিৰ দ্বাৰা নতুন সাহিত্যৰ সৃষ্টি কৰি ভাৰতবৰ্ষৰ সাহিত্য আৰু সাংস্কৃতিক জগতখনলৈ  নানা ধৰণৰ অৱদান আগবঢ়াইছিল । 

৪। বৈদিক শিক্ষা ব্যৱস্থাৰ মূল বৈশিষ্ট্য বােৰৰ বিষয়ে লিখা । ইয়াৰ গুণবােৰ কি কি ? (Write about the chief characteristics of Vedic education system. What are its merits ?) 
Answer: বৈদিক শিক্ষা ব্যৱস্থাৰ মূল বৈশিষ্ট্যবোৰ হল 
১। শিক্ষাপদ্ধতি ঃ বৈদিক যুগৰ শিক্ষা পদ্ধতিত শিষ্যসকলে দোকমোকালিতে চৰাই-চিৰিকতিয়ে সাৰ পোৱাৰ আগতে বিচনা ত্যাগ কৰি বেদৰ স্তোত্ৰবোৰ আবৃত্তি কৰিব লাগিছিল । এই স্তোত্ৰবোৰ আবৃত্তি কৰোতে কলাসুলভ দৃষ্টিভংগী প্ৰকাশিত হৈছিল । আবৃত্তি কৰোতে ছন্দ আৰু উচ্চাৰণৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিছিল । গুৰুৱে দিয়া নিৰ্দেশ অনুসৰি শিষ্যসকলে নিজৰ নিজৰ শৈক্ষিক কাৰ্য সম্পাদন কৰিছিল । শিক্ষা পদ্ধতিৰ আন এটা প্ৰধান বৈশিষ্য আছিল বেদৰ শ্ৰুতিবোৰ হৃদয়ংগম কৰি আয়ত্ব কৰা । এই শ্ৰতিবোৰে শিষ্যসকলৰ মনত বিশেষ প্ৰভাৱ পেলাইছিল । ইয়াৰ উপৰিও মন্ত্ৰ জপ কৰি অন্তৰ পৱিত্ৰ কৰাৰ ধাৰণা শিক্ষাৰ্থীসকলে আয়ত্ব কৰিব লাগিছিল । এনেবোৰ কাৰ্যৰ মাধ্যমেৰে শিক্ষাদান আৰু আহৰণ কৰিছিল ।

২। নামভৰ্তিকৰণৰ ব্যৱস্থা ঃ গুৰুগৃহত শিষ্যসকলে নামভৰ্তি কৰিবলৈ যাওঁতে কিছুমান নিয়ম মানি চলিবলগীয়া হয় । শিষ্যসকলক নামভৰ্তি কৰাৰ প্ৰথম অনুষ্ঠান আছিল উপনয়ন । শিষ্যসকলৰ নামভৰ্তিকৰণৰ বয়স আছিল ১২ বছৰ । ১২ বছৰৰ পৰা ২৫ বছৰ বয়সলৈ ব্ৰহ্মচাৰ্য হিচাপে শিষ্যসকল অন্তৰ্ভূক্ত হৈছিল । উপনয়ন অনুষ্ঠানৰ মাধ্যমত শিষ্যসকলক দ্বিতীয় জন্মৰ উপলব্ধি কৰোৱা হৈছিল । গুৰুগৃহত শিষ্যত্ব গ্ৰহণ কৰাৰ পিছত গুৰুৰ নিৰ্দেশ শিষ্যসকলে আখৰে আখৰে পালন কৰিব লাগিছিল । উপনয়ন অনুষ্ঠানে শিষ্যসকলৰ মনত পৱিত্ৰ ভাৱ জগাই তুলিছিল আৰু শিষ্যসকলক নিজ কৰ্তব্যৰ প্ৰতি সজাগ কৰি দিছিল । শিষ্যত্ব গ্ৰহণ কৰাৰ মূল ধাৰণাখিনি আয়ত্ব কৰাৰ বাবে শিষ্যসকলে যথেষ্ট চেষ্টা কৰিছিল । 

৩। শিষ্যসকলৰ কৰ্তব্য ঃ বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত শিষ্যসকলৰ নিজ নিজ কৰ্তব্য নিৰ্দিষ্ট সময়ৰ ভিতৰত পালন কৰিব লাগিছিল । শিষ্যসকলৰ প্ৰথম কৰ্তব্য আছিল তেওঁলোকে শিক্ষা লাভৰ অৰ্থে গুৰুগৃহত সুদীৰ্ঘ সময় কটাব লাগিব । গুৰুৰ নিৰ্দেশ মতে দৈনন্দিন জীৱনৰ কৰ্তব্যসমূহ পালন কৰিব লাীগিব । গুৰুৱে দিয়া নিৰ্দেশখিনি পালন কৰাৰ ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হলেওঁ নিজ কৰ্তব্যজ্ঞান অনুসৰি তাক সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগিব । শিষ্যসকলৰ আন এটি প্ৰধান কৰ্তব্য হল তেওঁলোকে প্ৰত্যেকদিনে ভিক্ষাবৃত্তি আৰম্ভ কৰিব লাগিব । মানুহৰ ঘৰে ঘৰে গৈ ভিক্ষা কৰি পোৱা সামগ্ৰীসমূহেৰে নিজৰ প্ৰয়োজন পূৰণ কৰাৰ উপৰিও গুৰুৰ প্ৰয়োজনো পূৰণ কৰিব পাৰিছিল । 

৪। গুৰুৰ কৰ্তব্য আৰু দায়িত্ব ঃ গুৰুগৃহত শিষ্যসকলৰ যেনেকৈ নিজ নিজ কৰ্তব্য আৰু দায়িত্ব আছিল ঠিক তেনেকৈ গুৰুৰো কিছুমান কৰ্তব্য আৰু দায়িত্ব আছিল । 
গুৰুৱে শিষ্যসকলক নিজৰ পুত্ৰৰ দৰে সকলো সময়তে সজ উপদেশ আৰু প্ৰয়োজনীয় নিৰ্দেশবোৰ দিছিল । শিষ্যসকল যাীতে কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি গুৰু সদায় সজাগ আছিল । শিষ্যসকলে দৈনন্দিন প্ৰয়োজনীয় কৰ্তব্যসমূহ পালন কৰাৰ পিছত গুৰুৰ পৰা পাঠৰ নিৰ্দেশনা পাইছিল ।  শিষ্যসকলৰ আগত প্ৰয়োজনীয় পাঠৰ বৰ্ণনা আৰু বিশ্লেষণ গুৰুৱে দাঙি ধৰিছিল । গুৰুৱে শিষ্যসকলক অন্ধকাৰৰ পৰা পোহৰলৈ অনাৰ সকলো পথৰে সন্ধান দিছিল । গুৰু আধ্যাত্মিক পিতৃ হোৱা বাবে শিষ্যৰ আঁচৰণ, প্ৰকাশ ভংগীমা, অনুশাসন আদি সকলো দিশতে নজৰ কৰিবলগীয়া হৈছিল । স্বাস্থ্যৰক্ষা কৰাৰ নীতি পালনত গুৰুত্ব দিয়াৰ উপৰিও গুৰুৱে শিষ্যসকলক বেমাৰ-আজাৰত প্ৰয়োজনীয় শুশ্ৰুষা কৰিব লাগিছিল । আনকি, শয়ন, গমন, পৰিভ্ৰমণ আদিতো গুৰুৱে শিষ্যক উপদেশ দিছিল ।

৫। ধৰ্মনিৰপেক্ষ শিক্ষা ঃ বৈদিক যুগৰ শিক্ষা ব্যৱস্থাৰ আন এটা প্ৰধান বৈশিষ্ট্য হল ধৰ্মনিৰপেক্ষ শিক্ষাৰ প্ৰচলন কৰা । এই শিক্ষাৰ মাধ্যমতে শিষ্যসকলে চিৰন্তন জ্ঞান লাভৰ পথৰ সন্ধান পাইছিল আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত হৈছিল । এই চিৰন্তন সত্যই শিক্ষাৰ্থীসকলৰ মনত চূড়ান্ত জ্ঞানৰ লিপ্সা জগাই তুলিছিল । দৈনন্দিন জীৱনৰ সকলো লাগতিয়াল শিক্ষা গুৰুৱে শিষ্যসকলক দিছিল । সামাজিক জীৱনৰ অৰ্থনৈতিক , ৰাজনৈতিক ঔদ্যোগিক, আৰু বস্তবাদী ধাৰণাক শিষ্যসকলে যাতে উপলব্ধি কৰিবলৈ সক্ষম হয় তাৰ ব্যৱস্থাও লোৱা হৈছিল । সেই সময়ত সমাজ ব্যৱস্থাৰ লগত খাপখোৱাকৈ কৃষি বাণিজ্য আদিৰ শিক্ষাও শিষ্যসকলক দিয়া হৈছিল । এনেধৰণে বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত ধৰ্ম নিৰপেক্ষ বিষয়বোৰো সামৰি লোৱা হৈছিল । 
৬। নৈতিক আৰু ধাৰ্মিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ ঃ বৈদিক শিক্ষা পদ্ধতিত নৈতিক আৰু ধাৰ্মিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । শিষ্যসকলৰ মনত কৰ্তব্যসমূহৰ মাজেৰে নৈতিক আৰু ধাৰ্মিক মূল্যবোধৰ বীজ ৰোপণ কৰা হৈছিল । পৱিত্ৰতা আৰু ধৰ্মৰ গৰিমাণে বিভূষিত হৈ মানৱতাৰ সীমা সাধনা কাৰ্য সম্পাদন আৰু মুখ্য কৰ্তব্য আছিল । জ্ঞান অন্বেষণৰ প্ৰকৃত উদ্দেশ্য আছিল ধাৰ্মিক মূল্যবোধ সৃষ্টি কৰা । শিষ্যসকলৰ  নামভৰ্তিকৰণ ব্যৱস্থা আৰু শিক্ষা সমাপন কাৰ্য ধৰ্মীয় অনুষ্ঠানৰ মাজেৰে সম্পাদন হৈছিল । ৰাতিপূৱা, ধৰ্মীয় অনুষ্ঠানতে শিষ্যসকলে যোগদান কৰিব লাগিছিল । কঠোৰ ধৰ্মীয় ৰীতি-নীতি আদি পালন কৰিহে আধ্যাত্মিক সফলতা লাভ কৰিব পৰা সম্ভৱ বুলি বিশ্বাস কৰা হৈছিল । 

৭। শিক্ষণৰ  নমুনাসমূহ ঃ বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত শিষ্যসকলক বিশেষভাৱে শিক্ষাপ্ৰদান কৰা হৈছিল ।  সেই সময়ত শিক্ষকে মূল ভূমিকা গ্ৰহণ কৰিছিল । কিন্তু বৈদিক যুগৰ শেষৰপিনে শিক্ষাৰ্থীসকলেহে শিক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । সেই সময়ত শিক্ষা প্ৰক্ৰিয়া গুৰু গুৰু শিষ্যৰ কথোপকথন ব্যৱস্থাৰ মাধ্যমত প্ৰসাৰিত হৈছিল । প্ৰথমতে গুৰুৱে শিষ্যসকলক পাঠৰ বিষয়ে এটা বিস্তৃত বৰ্ণনা দিছিল । সেই বৰ্ণনাখিনিক শিষ্যসকলে বুজি লৈ আয়ত্ব কৰিব লাগিছিল আৰু আয়ত্ব কৰি পুনৰ কাৰ্য সম্পাদন কৰিব লাগিছিল । শিক্ষাৰ সমগ্ৰ পদ্ধতিটো এনেধৰণে বিকশিত হৈছিল । বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত তৰ্কশাস্ত্ৰ, ন্যায়শাস্ত্ৰ আদিৰ শিক্ষাৰ প্ৰাধান্য দিয়া হৈছিল । 
বৈদিক যুগৰ শিক্ষাত শিষ্যসকলৰ কৰ্তব্য অকল শিক্ষকে বৰ্ণনা কৰা পাঠখিনি শুনাতে সীমাবদ্ধ নাছিল । তেওঁলোকে মানসিকভাৱে সক্ৰিয় আৰু সচেতন আছিল । শিষ্যসকলে গুৰুৰ বৰ্ণনা হৃদয়ংগম কৰি ব্যক্ত কৰাৰ বাবে সাজু হৈ পৰিছিল । এনে ব্যৱস্থাৰ হেতুকে শিষ্যসকল সকলো সময়তে সজাগ হৈ আছিল । শিষ্যসকলক যিখিনি শিক্ষা দিয়া হয় সেই শিক্ষাখিনি তিনিটা দিশৰ মাধ্যমত আয়ত্ব কৰিব লাগিছিল । দিশ তিনিটা হল 
ক) আত্মঅধ্যয়ন বা অধ্যায় ।
খ) মনন ।
গ) চিন্তন ।
এই তিনিটা দিশৰ মাধ্যমত শিষ্যসকলে জ্ঞান লাভৰ উচ্চ শিখৰত অৱৰ্তীণ হৈ পৰিছিল । আমি তৈতিৰীয় উপনিষদত এনে ধৰণৰ বৰ্ণনা পাও । যেনে বৰুণে,  তেওঁৰ পুত্ৰ ভৃগুক শিক্ষাদান কৰি চূড়ান্ততা লাভৰ পথলৈ আগবঢ়াই দিছিল । শিক্ষণৰ নমুনা সম্বন্ধে বৃহদাৰণ্যক উপনিষদত তিনিটা প্ৰক্ৰিয়াৰ কথা উল্লেখ আছে । সেইবোৰ হল শ্ৰৱণ, মনন, নিদিধ্যাচন । শ্ৰাৱণ বা শ্ৰৱণৰ আকৌ ৬টা ধাৰণা আছে যেনে ক) উপক্ৰম, খ) ্ভ্যাস, গ) অপুৰবতা, ঘ) ফল, ঙ) অৰ্থবদ আৰু চ) উপপত্তি । এইবিলাকৰ উপৰিও জ্ঞানৰ চূড়ান্ততা লাভ কৰাৰ উপলব্ধি তপস্যা, আৰু যোগৰ দ্বাৰাও আনিব পাৰিছিল । 


৫। বৈদিক যুগৰ মহিলাসকলৰ শিক্ষাৰ বিষয়ে বর্ণনা কৰা ৷ (Describe about the' women education of vedic period.) 
Answer:   বৈদিক যুগত নাৰীৰ স্থান অতি উচ্চ পৰ্যায়ৰ আছিল  । ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ অধ্যয়ন কৰিলে সহজে বুজিব পাৰি যে মহিলাসকলে শিক্ষা লাভ কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাছিল । মহিলাসকলেওঁ পুৰুষৰ নিচিনাকৈ সমানে বেদ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছিল । সময়ৰসোঁতত মহিলাসকলৰ মান মৰ্যাদাৰ সাল-সলনি ঘটিছিল যদিও বৈদিক যুগত বিশেষভাৱে তাৰতম্য হোৱা নাছিল । বৈদিক যুগত মহিলাসকলে বৈদিক সাহিত্য অধ্যয়ন আৰু যাগ-যজ্ঞ আদিত পুৰুষৰ সমানে আগবাঢ়ি গৈছিল । ঋকবেদৰ কিছুমান স্তোত্ৰ মহিলা ঋষিসকলে লিখিছিল বুলি উল্লেখ পোৱা যায় । তেওঁলোকৰ ভিতৰত ৰোমাচা, লোপামুদ্ৰা, অপালা, ঘোচা, চিকটা, নিভাবাৰী আৰু উৱৰ্শীয়ে প্ৰধান । এওঁলোকক ঋষিকচ নামেৰে জনা যায়। কিছুমান মহিলাই তেওঁলোকৰ স্বামীৰ যাগ-যজ্ঞ উচৰ্গা আদিত সহায় কৰিছিল । 
মহিলাসকল বৈদিক যুগত তৰ্ক আৰু আলোচনাতো পাৰ্গত আছিল । যাজ্ঞবল্কৰ পত্নী দুয়োগৰাকীয়ে দাৰ্শনিক বিষয়ৰ তৰ্ক আৰু আলোচনাত অংশগ্ৰহণ কৰিছিল । ঐতিৰীয় উপনিষদত বয়সস্থ, বিবাহিত মহিলাক বেদৰ আলোচনাত অংশগ্ৰহণ কৰিব দিয়াৰ উদাহৰণ 
পুৰুষৰ সৈতে মহিলাসকলে সমানে এই সভাবোৰত অংশগ্ৰহণ কৰাৰ কথা উল্লেখআছে । কেইখনমান তৰ্কসভাৰ কথা আমি উল্লেখ পাও । যেনে জনক আৰু সুলভাৰ মাজৰ তৰ্ক,যাজ্ঞবল্ক্য আৰু গাৰ্গী, যাজ্ঞবল্ক আৰু মৈত্ৰেয়ী, শংকৰাচাৰ্য আৰু বিদ্যাধাৰীৰ মাজতহোৱা তৰ্ক । এই তৰ্কসভাবোৰ ৰাজহুৱা আছিল । এই তৰ্কসভাবোৰত মহিলাসকল বিশেষভাৱে প্ৰশংসিত হৈছিল । মহিলাসকলৰ ক্ষেত্ৰত উপনয়ন অনুষ্ঠানো প্ৰযোজ্য হৈছিল । উপনয়ন নোহোৱাকৈ কোনো মহিলাকে বেদ তথা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ দিয়া হোৱা নাছিল । পুৰুষ শিষ্যৰ নিচিনাকৈ মহিলা শিষ্যয়ো ব্ৰহ্মচাৰ্য ব্ৰত পালন কৰাৰকথা উল্লেখ আছে । বৈদিক যুগত বাল্য বিবাহৰ প্ৰচলন নাছিল । বিবাহৰ সময় ১৬|১৭ বছৰ আছিল যদিও কিছুমান মহিলাই অধ্যয়নত ব্ৰতী থকা বাবে পলমকৈ বিবাহতসোমাইছিল । এনে ধৰণৰ মহিলাক ব্ৰহ্মবাদিনী নামেৰে জনা যায় ।
বৈদিক যুগত সহশিক্ষাৰ প্ৰচলন আছিল বুলিও কোৱা হয় । কিছুমান গুৰুকুলত সহশিক্ষাৰ প্ৰচলন হৈছিল । সহশিক্ষাৰ প্ৰচলন থাকিলেওঁ নিজৰঘৰত থাকিয়েই মহিলাসকলে শিক্ষা লাভ কৰাৰ সুবিধা পাইছিল । এনে ধৰণে মহিলাসকলৰ শিক্ষাৰ সম্প্ৰসাৰণ হৈছিল ।

মহিলা শিক্ষাৰ অৱনতি ঃ মহিলাসকলৰ শিক্ষা তথা মৰ্যাদাৰ অৱনতি ঘটা বুলি বৈদিক যুগৰশেষৰফালে বৰ্ণনা পোৱা যায় । হিন্দুধৰ্মত কিছুমান নতুন নিয়মৰ প্ৰৱৰ্তন হোৱাত মহিলাসকলশিক্ষাৰ পৰা বঞ্চিত হৈছিল । ইয়াৰ বাবে হিন্দু নিয়ম প্ৰণেতা মনুক জগৰীয়া কৰা দেখা যায় । মহিলা শিক্ষাৰ অৱনতি ঘটাৰকেইটামান কাৰণ তলত উল্লেখ কৰা হল 

১। যাজ্ঞবল্ক্য  এগৰাকী অতি উচ্চ খাপৰ ঋষি আছিল । যাজ্ঞবল্ক্য কেইবাবাৰো মহিলা ঋষিৰ লগত তৰ্কযুদ্ধত হাৰিছিল । যাজ্ঞবল্ক্যই মহিলাৰ উপনয়ন অনুষ্ঠান হব নোৱাৰে বুলি মতামত আগবঢ়াইছিল । যাজ্ঞবল্ক্যৰ সন্মান অটুট ৰখাৰ বাবে পিছলৈ মহিলাৰ উপনয়ন অনুষ্ঠান বন্ধ কৰা হৈছিল । 

২। উপনয়ন অনুষ্ঠান পালন কৰিব নোৱাৰাৰ বাবে মহিলাসকলক শিক্ষা লাভৰ পৰা বঞ্চিত কৰা হৈছিল । মহিলাসকলে নিজৰ ঘৰতে স্বামীক যাগ-যজ্ঞত সহায় কৰিবলগীয়া হৈছিল । 

৩। বৈদিক শিক্ষাৰ সময় অতি দীঘলীয়া হোৱাৰ কাৰণেই মহিলাসকলক সুদীৰ্ঘ সময় শিক্ষা লাভৰ বাবে কটাবলৈ অনুমতি দিয়া হোৱা নাছিল । মহিলাসকলৰ বিবাহকাৰ্য ১৬|17 বছৰত সম্পাদন কৰা হৈছিল বাবে গুৰুকুল শিক্ষা লাভৰ পৰা তেওঁলোক বঞ্চিত হৈছিল । 

৪। উচ্চ পৰ্যায়ৰ ভাষাৰ বাবেও মহিলাসকল শিক্ষাৰ পৰা আতৰি থাকিব লাগিছিল । কাৰণ সেই সময়ত উচ্চাৰণৰ ওপৰত অধিকভাৱে গুৰুত্ব দিয়া হৈছিল । সেইসময়ত কথিত আৰু সংস্কৃতভাষাৰ মাজত খুব বেছি পৰিমাণে বৈষম্য আছিল ।

৫। বৈদিক যুগৰ শেষৰফালে হিন্দু  নিয়ম শক্তিশালী হোৱাত ছোৱালীবোৰক যৌৱনপ্ৰাপ্ত হোৱাৰ পিছতে বিয়া দিয়াৰ ব্যৱস্থা কৰা হৈছিল । 

৬। ঋষি যাজ্ঞবল্ক্য, সম্ভত, আৰু যমই ছোৱালীক যৌৱনপ্ৰাপ্ত হোৱাৰ আগতে বিয়া দিব লাগে বুলি মত প্ৰকাশ কৰিছিল । 

৬। গুৰুকুল’ প্রথা কি ? অতীতৰ শিক্ষাৰ ইতিহাসত ‘গুৰুকুল প্রথাৰ’ ভূমিকা সম্বন্ধে কেনে ধৰণৰ বর্ণনা আছে । আলােচনা কৰা । (What is Gurukul System ? 'How the role of Gurukul system' was describe in the ancient history of education ? Discuss.)
Answer:  অতীত ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত গুৰুকুল শিক্ষাব্যৱস্থাৰ বিষয়ে বিশেষ ধৰণৰ বৰ্ণনা আছে । সেই সময়ৰ সমাজ ব্যৱস্থাত গুৰুকুল প্ৰথাই শিক্ষাৰক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । শিষ্যসকলে মাত্ৰ ১২ বছৰ বয়সতে নিজ ঘৰ এৰি গুৰুগৃহলৈ শিক্ষা লাভৰ বাবে যায় ।গুৰুগৃহত শিষ্যসকলৰ মানসিকতথা আধ্যাত্মিক বিকাশৰ শিক্ষা আৰু প্ৰশিক্ষণ দিয়া হয় । সেইসময়ত পাৰিবাৰিক শিক্ষাৰ প্ৰচলন আছিল যদিও পাৰিবাৰিক শিক্ষাই শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশত সহায়কৰা নাছিল । ঋষিসকলে প্ৰথম অৱস্থাত নিজৰ পুত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । পিছলৈ ঋষি পুত্ৰৰ লগতে ক্ষত্ৰিয়সকলে গুৰুকুল শিক্ষা ব্যৱস্থাত সোমাই পৰিছিল । ঋষিসকলে বেদ, বেদাংগ, আদি মনোযোগেৰে অধ্যয়ন কৰাৰ লগতে দেৱ-দেৱীৰ পূজা-অৰ্চনাও কৰিছিল । এই উদ্দেশ্য আগত ৰাখি ঋষিসকলে প্ৰকৃতিৰ নিৰ্জন ঠাইত আশ্ৰম স্থাপন কৰিছিল । সেই আশ্ৰমৰ মাধ্যমত শিষ্যসকলক জীৱনৰ অতি প্ৰয়োজনীয় সকলো শিক্ষাই দিয়াৰ ব্যৱস্থা কৰিছিল । এনেধৰণে অতীতত প্ৰচলন হোৱা শিক্ষা ব্যৱস্থাটোক গুৰুকুল শিক্ষা ব্যৱস্থা বা গুৰুকুল প্ৰথা বুলি কোৱা হয় । 
গুৰুকুল প্ৰথাত সোমাই পৰাৰ লগে লগে শিষ্যসকলৰ আধ্যাত্মিক পুনৰজন্ম হোৱা বুলি ধৰা হয় । শিষ্যসকলকগুৰুকুল ব্যৱস্থাত সোমাওতে উপনয়ন অনুষ্ঠানৰ মাধ্যমেৰে সোমাই লোৱা হয় । গুৰুকুল ব্যৱস্থাত সোমাই পৰাৰ লগে লগে শিষ্যসকল দ্বিজ আৰু অন্তেবাসী হয় । 
গুৰুকুল ব্যৱস্থাত শিষ্যসকলে গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰাৰসময়ত গুৰু আৰু শিষ্যৰ মাজত পিতৃ-পুত্ৰসম্বন্ধ গঢ় লৈ উঠিছিল । গুৰু, শিষ্যসকলৰ বাবে আধ্যাত্মিক পিতৃ হিচাপে পৰিগণিত হৈছিল । গুৰুৰ শিষ্যসকলৰ প্ৰতি অগাধ মৰম আছিল আৰু শিষ্যক সকলো ক্ষেত্ৰতে সহায় কৰিছিল । ঠিক তেনেকৈ শিষ্যসকলৰো গুৰুৰ প্ৰতি অশেষ ভক্তি আছিল, শিষ্যসকলে গুৰুক শ্ৰদ্ধা কৰাৰ লগতে গুৰুৰ অনুমতিতহে কোনো বিদ্যা শিকিবলৈ সক্ষম হৈছিল । আমি অতীতৰ শিক্ষাৰ ইতিহাসত একলব্য আৰু দ্ৰোণাচাৰ্য কথা উল্লেখ পাও । দ্ৰোণাচাৰ্যৰ একলব্য প্ৰকৃত শিষ্য নাছিল । কিন্তু একলব্যই দ্ৰোণাচাৰ্যক গুৰু হিচাপে মানি দ্ৰোণাচাৰ্যৰ মূৰ্তি সজাই বিদ্যাশিকা আহৰণ কৰাৰ চেষ্টা কৰিছিল । কোনো কোনো ক্ষেত্ৰত শিষ্যই অশেষ কষ্ট সহ্য কৰিও গুৰুৰ নিৰ্দেশ পালন কৰিছিল ।
গুৰুকুল যিহেতু গুৰুগৃহত অনুষ্ঠিত সেয়েহে গুৰুৰ পৰিয়ালো শিষ্যসকলৰ লগত জড়িত হৈ পৰিছিল । শিষ্যসকলে গুৰুপত্নীক নিজ মাতৃ হিচাপে ব্যৱহাৰ কৰি ঘৰুৱা কাম-কাজত সহায় কৰি দিছিল । শিষ্যসকলে ব্ৰহ্মচাৰ্য্যব্ৰত পালন কৰাৰ লগে লগে আনন্দ, ভোগবিলাস আদিৰ পৰা আতৰি আহিছিল । তেওঁলোকে ধ্যান, ধাৰণা, অধ্যয়ন, বিদ্যা-শিক্ষা আৰু যাৱতীয় কাৰ্যৰ মাজত সীমাবদ্ধ হৈ পৰিছিল । গুৰুকুল প্ৰথাৰ আন এটি পৱিত্ৰ কৰ্তব্য  আছিল ভিক্ষাবৃত্তিত মগ্ন হোৱা । ভিক্ষা কৰাতো শিষ্যসকলৰ বাবে বাধ্যতামূলক আছিল । এই ভিক্ষাবৃত্তিৰ মাধ্যমত শিষ্যই ভদ্ৰতা, নম্ৰতা, অমায়িকতা আদি গুণবোৰ আয়ত্ব কৰিবলৈ সক্ষম হৈছিল । শিষ্যসকলক ভিক্ষাবৃত্তিৰ মাধ্যমেৰে সমাজৰ ব্যক্তিসকলে সহায় আগবঢ়াইছিল । এই ভিক্ষাবৃত্তিৰে পোৱা সামগ্ৰীসমূহ নিজৰ ব্যৱহাৰত লগোৱাৰ লগতে গুৰুকো ব্যৱহাৰৰ বাবে দিব লাগিছিল । গুৰুকুল প্ৰথাত শিক্ষাদান আৰু আহৰণত কোনোধৰণৰ মাচুল বা মাননী নাছিল । গুৰুকুল প্ৰথাত ধনী, দুখীয়া, সকলো শ্ৰেণীৰ শিষ্যই শিক্ষালাভ কৰিবলৈ সক্ষম হৈছিল । গুৰুৰ আশ্ৰয় চলোৱাৰ বাবে কেতিয়াবা কেতিয়াবা ৰাজপৰিয়ালৰ পৰাও সহায়-সাহাৰ্য দিছিল । এনেবোৰ সহায়-সাহাৰ্য থাকিলেও আশ্ৰমৰ জীৱন-ধাৰণ তেনেই সহজ আৰু সৰল আছিল । গুৰুকুল প্ৰথাৰ নীতি-নিয়ম কঠোৰ আছিল বাবে শিষ্যসকলে প্ৰকৃত জীৱনৰ মাধ্যমত সত্যৰ সন্ধান পাবলৈ সক্ষম হৈছিল । 
গুৰুকুল ব্যৱস্থাৰ শিক্ষা প্ৰথম অৱস্থাত সকলোৰে বাবে মুকলি আছিল । শিক্ষাদানৰ প্ৰকৃত উদ্দেশ্য আছিল আত্মাক মুক্তিৰ সন্ধান দিয়া । সমাজ ব্যৱস্থাত সময়ৰ লগে লগে জাত, ভেদৰ সৃষ্টি হৈছিল যদিও আৰম্ভণিতে কোনো জাত-পাতৰ বিচাৰ নাছিল । মানুহৰ কৰ্তব্যৰ গুণ অনুযায়ী জাত-পাতৰ সৃষ্টি হল আৰু সমাজত শ্ৰেণীবিভাজন হল । শেষলৈ এই শ্ৰেণীবিভাজন জন্মগত হৈ পৰিল । ব্ৰাহ্মণে পূজা-পাতল কৰা আৰু জ্ঞানদান দিয়াৰ অধিকাৰ পালে । ব্ৰাহ্ণে ক্ষত্ৰিয় আৰু বৈশ্যক শিক্ষা দিয়াৰ ব্যৱস্থা হল ।  কিন্তু শূদ্ৰসকল শিক্ষালাভৰ পৰা বঞ্চিত হল ।
গুৰুকুল ব্যৱস্থাত প্ৰথমতে অকল চাৰিখন বেদৰহে শিক্ষা দিয়া হৈছিল । এই বেদ অধ্যয়ন সমাপ্ত হোৱাৰ পিছত শিষ্যসকলক পূৰ্ণ শিক্ষা লাভ হোৱা বুলি কোৱা হৈছিল যদিও জ্ঞানৰ বিস্তৃতিয়ে বহুতো বিষয়ৰ জন্ম দিছিল । 
গুৰুকুল ব্যৱস্থাৰ শিক্ষা সমাপ্ত হোৱাত শিষ্যসকলক সমাৱৰ্তনৰ মাধ্যমত শিক্ষা শেষ হোৱা বুলি স্বীকৃতি দিয়া হৈছিল । এই স্বীকৃতি প্ৰদানৰ অন্ত শিষ্যসকলে গুৰুৰ বাক্য যথাসাধ্যে পালন কৰিম বুলি গুৰুৰ ওচৰত প্ৰণাম জনাই সমাজ ব্যৱস্থাত সোমাই পৰিছিল । এনেদৰেই গুৰুকুল পদ্ধতিৰে অতীতত শিক্ষা সম্প্ৰসাৰণ হৈছিল । শিষ্যসকলে প্ৰকৃত উদ্দেশ্যত উপনীত হোৱাৰ অৰ্থে শিক্ষাৰ সহায়ত আত্মাৰ উদ্দেশ্য সাধন শক্তি আহৰণ, সৃজনী শক্তিৰ বিকাশ, প্ৰকৃত আচৰণবোধৰ ধাৰণা, ধাৰ্মিক, নৈতিক তথা আধ্যাত্মিক মূল্যবোধৰ ধাৰণা, চৰিত্ৰ আৰু ব্যক্তিত্ববোধ, আত্মবিশ্বাসৰ ধাৰণা, বৈদিক তথা মানসিক উকৃষ্ট সাধনৰ ধাৰণা আৰু সংস্কৃতি সংৰক্ষণৰ ধাৰণা লাভ কৰাৰ উপৰিও পশুত্ব শক্তি বিনাশকৰি মানৱত্ববোধৰ ধাৰণা লাভ কৰিবলৈ সক্ষম হৈছিল । 

৭। চমুটোকা লিখা ।
(write Short Notes)

(ক) গুৰুকুল প্ৰথাৰ । 
(a) Gurukul System)
Answer:  অতীত ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিহাসত গুৰুকুল শিক্ষাব্যৱস্থাৰ বিষয়ে বিশেষ ধৰণৰ বৰ্ণনা পোৱা যায় । সেই সময়ৰ সমাজ ব্যৱস্থাত গুৰুকুল প্ৰথাই শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । শিষ্যসকলে মাত্ৰ ১২ বছৰ বয়সতে নিজ ঘৰ এৰি গুৰুগৃহলৈ শিক্ষা লাভ কৰাৰ অৰ্থে যায় । গুৰুগৃহত শিষ্যসকলৰ মানসিক তথা আধ্যাত্মিক বিকাশৰ শিক্ষা আৰু প্ৰশিক্ষণ দিয়া হয় । সেই সময়ত পাৰিবাৰিক শিক্ষাৰ প্ৰচলন আছিল যদিও পাৰিবাৰিক শিক্ষাই শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশত সহায় কৰা নাছিল । ঋষিসকলে প্ৰথম অৱস্থাত নিজৰ পুত্ৰসকলক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । পিছলৈ ঋষি পুত্ৰ লগতে ক্ষত্ৰিয়সকলে গুৰুকুল ব্যৱস্থাত সোমাই পৰিছিল । ঋষিসকলে বেদ বেদাংগ আদি মনোযোগেৰে অধ্যয়ন কৰাৰ লগতে দেৱ-দেৱীৰ পূজা-অৰ্চনাও কৰিছিল । এই উদ্দেশ্য আগত ৰাখি ঋষিসকলে প্ৰকৃতিৰ নিৰ্জন ঠাইত আশ্ৰম স্থাপন কৰিছিল । সেই আশ্ৰমৰ মাধ্যমত শিষ্যসকলক জীৱনৰ প্ৰয়োজনীয় সকলো শিক্ষাই দিয়াৰ ব্যৱস্থা কৰিছিল । এনে ধৰণে অতীতত প্ৰচল হোৱা শিক্ষা ব্যৱস্থাটোক গুৰুকুল শিক্ষা ব্যৱস্থা বা গুৰুকুল প্ৰথা বুলি কোৱা হয় । 
গুৰুকুল প্ৰথাত সোমাই পৰাৰ লগে লগে শিষ্যসকলৰ আধ্যাত্মিক পুনৰজন্ম হোৱা বুলি ধৰা হয় । শিষ্যসকলক গুৰুকুল ব্যৱস্থাত সোমাওতে উপনয়ন অনুষ্ঠানৰ মাধ্যমেৰে সোমাই লোৱা হয় । গুৰুকুল ব্যৱস্থাত সোমাই পৰাৰ লগে লগে শিষ্যসকল দ্বিজ আৰু অন্তেবাসী হয় । গুৰুকুল ব্যৱস্থাত শিষ্যসকলে গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰাৰ সময়ত গুৰু আৰু শিষ্যৰ মাজত পিতৃ-পুত্ৰৰ সম্বন্ধ গঢ়ি উঠিছিল । গুৰু, শিষ্যসকলৰ বাবে আধ্যাত্মিক পিতৃ হিচাপে পৰিগণিত হৈছিল । গুৰুৰ শিষ্যসকলৰ প্ৰতি অশেষ মৰম আছিল আৰু শিষ্যক সকলো ক্ষেত্ৰতে সহায় কৰিছিল । 

(খ) পৰিষদ বা একাডেমি ।
(b) Parishad or Academies)
Answer:  বৈদিক যুগৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত পৰিষদ বা একাডেমি বিশেষভাৱে উল্লেখযোগ্য । পৰিষদ বা একাডেমিত উচ্চ পৰ্যায়ৰ জ্ঞান পিপাসুসকলৰ আগমন হৈছিল । এই পৰিষদৰ মাধ্যমত চূড়ান্ত জ্ঞান লাভ কৰি নিজৰ মনক সন্তুষ্ট কৰিবলৈ সক্ষম হৈছিল । যিবিলাক জ্ঞান পিপাসুৱে নিজৰ পাণ্ডিত্য জীৱনৰ অৱসান ঘটাবলৈ বিচৰা নাই তেনেলোক এই পৰিষদৰ সদস্যভূক্ত হৈ পৰিছিল । পৰিষদৰ মাধ্যমতে শিষ্যসকলে তেওঁলোকৰ জ্ঞানৰ স্পৃহা পৰিপূৰ্ণ কৰিব পাৰে , কাৰণ পৰিষদৰ বিখ্যাত পণ্ডিতসকলৰ দ্বাৰা বিভিন্ন দিশৰ আলোচনা তৰ্ক আদি অনুষ্ঠিত হয় । পণ্ডিতসকলে নানা ধৰণৰ উপদেশ দি শিষ্যসকলক সন্তুষ্ট কৰে । এনে পৰিষদ আৰু পণ্ডিতৰ অন্বেষণত শিষ্যসকলে দেশৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰিছিল । 
বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত পৰিষদে বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছিল ।  এই বিষয়ে আমি বহুতো বৰ্ণনা পাও । উদ্দালক আৰুণি নামৰ এগৰাকী পণ্ডিত কুৰুপাঞ্চাল দেশৰ পৰা উত্তৰপিনৰ দেশলৈ ভ্ৰমণ কৰিছিল । উত্তৰৰ দেশৰ সৌনক নামৰ পণ্ডিত প্ৰতিনিধি এজনে াৰুণিক তৰ্কত হৰুৱাইছিল । ক্ষত্ৰিয় ৰজা জনকৰ লগত ভ্ৰমণত অৱস্থাত যাজ্ঞবল্ক্য, আৰুণেয় আৰু শ্বেতকেতুৱে আলোচনাত মিললিত হৈছিল । ৰজা জনক ক্ষত্ৰিয় আছিল যদিও ব্ৰাহ্মণ ঋষিকেইজনক উপদেশ দিবলৈ সক্ষম হৈছিল । 
ইতিহাসত আমি পাঞ্চাল পৰিষদ নামৰ এখন পৰিষদৰ কথা উল্লেখ পাও ৰজা প্ৰবাহন জৈবালি সেই পাঞ্চাল পৰিষদৰ সত্য আছিল । ৰজাই প্ৰতিদিনে পাঞ্চালৰ পৰা পৰিষদলৈ যাত্ৰা কৰিছিল । এবাৰ ৰজা প্ৰবাহনে শ্বেতকেতু নামৰ পণ্ডিতজনক এটা প্ৰশ্ন সুধিছিল । শ্বেতকেতুৱে ৰজাৰ উত্তৰ দিব পৰা নাছিল । শ্বেতকেতুৱে নিজৰ জ্ঞান যে সম্পূৰ্ণ হোৱা নাছিল তেতিয়াহে উপলব্ধি কৰিছিল আৰু েই কথা পিতৃদেৱতাৰ আগত ব্যক্ত কৰিছিল । শ্বেতকেতু যেতিয়া গুৰুগৃহৰ পৰা শিক্ষা সমাপ্ত কৰি আহিছিল তাৰ পিছতো জ্ঞান লাভৰ পৰিপূৰ্ণতা জানিবলৈ তেওঁৰ নিজ পিতৃয়ে শিক্ষা দিছিল ।  উদ্দালক আৰু শ্বেতকেতুৱে চিত্ৰ গাংগায়নীৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰি জ্ঞান বৃদ্ধি কৰিছিল । 


(গ) সন্মিলন ।
(c) (Sonmelan)
Answer:  বৈদিক শিক্ষা ব্যৱস্থাৰ আন এবিধ উল্লেখযোগ্য অনুষ্ঠান হল সন্মিলন । এই অনুষ্ঠানত প্ৰয়োজন সাপেক্ষে বিখ্যাত কবি আৰু ৰজাসকলক আমন্ত্ৰণ জনোৱা হৈছিল । সন্মিলনত দাৰ্শনিক আৰু মনোজ্ঞ আৰু ্ভিজ্ঞ ব্যক্তিসকলকো আমন্ত্ৰণ জনোৱা হৈছিল । এই অনুষ্ঠানৰ মূল উদ্দেশ্য আছিল শিক্ষাৰ দিশত জাতীয় সত্ত্বাৰ সৃষ্টি কৰি শিক্ষাৰ্থীসকলৰ মনত বিস্তৃতভাৱে প্ৰভাৱ পেলোৱাৰ ব্যৱস্থা কৰা  । এই অনুষ্ঠানত বিশিষ্ট পণ্ডিত , দাৰ্শনিক, আলোচক, চিন্তাবিদ আৰু ৰজাসকলক পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰা হৈছিল । এই সন্মিলনৰ আন এটি বৈশিষ্ট্য আছিল যে ইয়াত ব্ৰাহ্মণ আৰু মহিলাসকলেওঁ অংশগ্ৰহণ কৰিব পাৰিছিল । বৈদিক যুগৰ বিখ্যাত ৰজাসকলে সন্মিলন আহ্বান কৰি দেশ বিদেশৰ পণ্ডিতসকলক আমন্ত্ৰণ কৰাৰ বৰ্ণনা পোৱা যায় ইয়াৰ প্ৰকৃত উদ্দেশ্য আছিল আলোচনাৰ মাধ্যমত ভাৱৰ আদান-প্ৰদান কৰা । বৃহদাৰণ্যক, উপনিষদ শতপথ ব্ৰাহ্মণ আদিত ৰজা জনকে তেনে এখন সন্মিলন অশ্বমেধ যজ্ঞৰ সময়ত আহ্বান কৰাৰ কথা বৰ্ণনা আছে । এই সন্মিলনতে যাজ্ঞবল্ক্যই ৰজা জনকৰ পৰা এহেজাৰ গাইগৰু পুৰস্কাৰ হিচাপে লাভ কৰিছিল । সেইখন সন্মিলনতে যাজ্ঞবল্ক্যক সাতগৰাকী মহান পণ্ডিতে নানা ধৰণৰ প্ৰশ্ন কৰিছিল । যাজ্ঞবল্ক্যই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দি সুখ্যাতি লাভ কৰিছিল । সমগ্ৰ দেশতে যাজ্ঞবল্ক্যৰ পণ্ডিতালিৰ প্ৰাবল্যতা বিয়পি পৰিছিল । ৰজা জনকে আহ্বান কৰা সন্মিলনখনত ব্ৰাহ্মণৰ পত্নীসকলেও যোগদান কৰিছিল । ৰজা জনকৰ সন্মিলনত  বিদুষী মহিলা গাৰ্গীয়েও অংশগ্ৰহণ কৰিছিল । গাৰ্গীয়ে ঋষি যাজ্ঞবল্ক্যক দুটা প্ৰশ্ন কৰিছিল । গাৰ্গীৰ লগত আন এগৰাকী মহিলায়ো যাজ্ঞবল্ক্যক প্ৰশ্ন সোধাৰ কথা উল্লেখ পোৱা যায় । 

৮। উপনিষদত শিক্ষা সম্বন্ধে কেনেকুৱা বৰ্ণনা আছে লিখা । (How education was described in Upanishad ? Write briefly.) 
Answer: উপনিষদ সমূহৰ আৰম্ভণি হয় তৰ্ক আৰু আলোচনাৰ ফলশ্ৰুতিত । উপনিষদসমূহক উচ্চ খাপৰ জ্ঞানী পণ্ডিতসকলৰ গৱেষমাৰ ফল বুলি কোৱা হয় । অতীত ভাৰতবৰ্ষৰ জ্ঞানী পণ্ডিতসকলে সত্য আৰু আত্মাৰ প্ৰকৃতিৰ বিষয়ে অন্বেষণ কৰিবলৈ গৈ আন চিন্তা আৰু ধাৰণাক বিসৰ্জন দিছিল । পণ্ডিতসকলে মাজে সময়ে সন্মিলিত হৈ তেওঁলোকৰ নিজৰ নিজৰ আৱিস্কাৰৰ ফলসমূহ ইজনৰ লগতে সিজনে তুলনা কৰি চাইছিল । শিষ্যসকলে যেতিয়া গুৰুগৃহতে শিক্ষাকাৰ্যত ব্ৰতী হৈ আছিল সেই সময়ত এনে কাৰ্য সম্ভৱ হৈ উঠা নাছিল । শিষ্যসকলে গুৰুৰ নিচেই কাষত বহি শিক্ষা আহৰণ কৰিছিল । উপনিষদ শব্দটো গুৰু শিষ্যৰ ওচৰা-ওচৰিকৈ বহা ধাৰণাটোৰ পৰা আহিছে । কাৰণ উপনিষদ ধাতুৰ প্ৰকৃত অৰ্থ হল ওচৰতে বহা । অৱশ্যে ওই বিষয়ে বিতৰ্ক নোহোৱা বুলি কব নোৱাৰি । তথাপি শব্দটোৰ সত্যতা আছে । 
উপনিষদসমূহক জ্ঞানৰ ভাণ্ডাৰ বুলি কোৱা হয় । উপনিষদসমূহৰ জ্ঞানৰ সমষ্টি আৰু এই জ্ঞানৰ দ্বাৰা মানুহ ব্ৰহ্মৰ ওচৰলৈ যায় আৰু ব্ৰহ্মজ্ঞানক মানুহৰ ওচৰলৈ লৈ আহে । উপনিষদ মানে ওচৰতে বহা ধাৰণাটোক পশ্চিমৰ পণ্ডিতসকলেও মানি লৈছে । বিখ্যাত মনিষী ম্যা মূলাৰে পৰিষদ বা সত্যৰ অৰ্থত উপনিষদৰ বৰ্ণনা পোৱা নাযায় বুলি মন্তব্য কৰিছে । বৈদিক যুগত ৰজা আৰু ঋষিসকলে যি যাগ-যজ্ঞ কৰিছিল সেই যাগযজ্ঞত আলোচনা চক্ৰও অনুষ্ঠিত হৈছিল । উপনিষদত যিবিলাক দাৰ্শনিক সমস্যাৰ বিষয়ে আলোচনা পোৱা যায় । সেই সকলোবোৰ আলোচনা যাগযজ্ঞ উপলক্ষে অনুষ্ঠিত হোৱা সন্মিলনৰ ফলাফলহে । এনেধৰণৰ যাগযজ্ঞত দাৰ্শনিক তথা সাহিত্যৰ আলোচনা হৈছিল বুলি আমি আগতে পাইছো । উপনিষদসমূহৰ শৈক্ষিক মূল্য বহুত বেছি । উপনিষদত পোৱা যায় যে মানসিক শক্তি, তথ্যৰ আহৰণবা স্বাধ্যাত্মৰ মাধ্যমত কোনো ব্যক্তিয়ে আত্মাৰ উপলব্ধি কৰিব নোৱাৰে । প্ৰকৃত গুৰুৱেহে শিষ্যসকলৰ সন্মুখৰ পৰা কলা মেঘ আতৰাই দিব পাৰে । সেয়েহে শিষ্যসকলে নিজৰ উদ্দেশ্যে সাধনৰ বাবে গুৰুৰ বাক্য আখৰে আখৰে পালন কৰিবলগীয়া হৈছিল । অৱশ্যে বিধিপূৰ্বক শিষ্যত্ব গ্ৰহণ নকৰাকৈয়ে জ্ঞানলাভ কৰাৰ উদাহৰণ উপনিষদত আছে । আদি উপনিষদবোৰত নানা ধৰণৰ মত পাও । ছান্দোগ্য উপনিষদত এনেদৰে কোৱা হৈছে যে সমাগৰা পৃথিৱী দান কৰিলেও, কাকো বিশ্বব্ৰহ্মাণ্ডক সূৰ্যৰ দৰে উজ্জলিত কৰা ব্ৰহ্মত্বদান কৰা উচিত নহয় । অৱশ্যে এক কথাৰ ব্যতিক্ৰম হব পাৰে । মাত্ৰ নিজ জেষ্ঠপুত্ৰ আৰু প্ৰিয় তথা উপযুক্ত শিষ্যৰ ক্ষেত্ৰতহে । শ্বেতাশ্বেতৰ উপনিষদত এনেদৰে উপদেশ দিয়া হৈছে যে যিবিলাকে ইন্দ্ৰিয় জয় কৰিবলৈ সমৰ্থ হোৱা নাই আৰু যি নিজৰ পুত্ৰ বা শিষ্য নহয় তেনে লোকক বেদান্তৰ গভীৰ জ্ঞান দিব নালাগে । উপনিষদত আৰু বহুতো উদাহৰণ পোৱা যায় । তাৰ ভিতৰত এটা কথা মন কৰিবলগীয়া যে দেৱতা আৰু মানুহে হাতত যজ্ঞ কাঠ লৈ গুৰুৰ কাষলৈ গৈ শিষ্যৰূপে গ্ৰহণ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছিল । 
উপনিষদত অতীত শিক্ষা ব্যৱস্থাৰ এখনি সুন্দৰ প্ৰতিচ্ছবিও প্ৰতিফলিত হৈছে । উপনিষদত এনে সংকেত পোৱা যায় যে ব্ৰহ্মচৰ্য অকল শিষ্য অৱস্থাতে সীমাবদ্ধ হৈ থকা উচিত নহয় । সংযমৰ যোগেদি ব্ৰহ্মচৰ্যৰ ধাৰণাটো গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্যাস আশ্ৰমতো প্ৰয়োগ হোৱাত বাধা নাই । এনে ধাৰণাৰ মাধ্যমত আত্মাৰ উপলব্ধি কৰিবলৈ সম্ভৱ হৈছিল । বৃহদাৰণ্যক নামৰ উপনিষদখনত েইদৰে কোৱা হৈছে যে যে ব্ৰাহ্মণসকলে ইশ্বৰক বেদ অধ্যয়ন, দান , ত্যাগ কৃচ্ছতা, উপবাস আদিৰ দ্বাৰা লাভ কৰিছিল । যিয়ে ইশ্বৰৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয় তেওঁৱেই মুনি হয় । 

৯। ব্রাহ্মণিক শিক্ষাব্যৱস্থাৰ সমালােচনাত্মক পুনৰ বিশ্লেষণ দাঙি ধৰা । (Show the critical review of brahmanic system of education.) 
Answer:   এটা জাতি বা এখন দেশৰ বিকাশৰ ধাৰা প্ৰতিবিম্বিত হয় সেই জাতি বা সেই দেশৰ সাহিত্য, সংস্কৃতি আৰু শিক্ষাব্যৱস্থাৰ মাধ্যমত । অতীত ভাৰতবৰ্ষৰ শিক্ষাৰ মূল উদ্দেশ্যৰ বিষয়ে বিশ্লেষণ কৰিলে দেখিবলৈ পোৱা যায় যে শিক্ষাৰ দ্বাৰা আত্মাৰ উন্নতি সাধন, দৈহিক উন্নতি সাধন, ধাৰ্মিক ধাৰণাৰ উদয়, সৃজনীশক্তিৰ বিকাশ, প্ৰকৃত, আচৰণ, আত্মবিশ্বাস সৃষ্টি, সামাজিক কৰ্তব্যবোধৰ ধাৰণা, সভ্যতা সংস্কৃতিৰ সংৰক্ষণ আদিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । এই উদ্দেশ্যবোৰক ফলৱৰ্তী কৰাৰ অৰ্থে বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানৰ জন্ম হৈছিল । গুৰুকুল শিক্ষা ব্যৱস্থা,তৰ্ক আলোচনা সভা আৰু সন্মিলন নামৰ অনুষ্ঠানৰ মাধ্যমত শিক্ষাক প্ৰকৃত ৰূপ দিবলৈ বিচৰা হৈছিল । এই ধাৰণাবোৰক বিকশিত কৰাৰ বাবে ঋকবেদৰ যুগৰ পৰা সূত্ৰ যুগলৈ নানাধৰণে প্ৰচেষ্টা চলোৱা হৈছিল । আমি সমগ্ৰ পদ্ধতিটোৱে সমালোচনাত্মক পুনৰ বিশ্লেষণ তলত দাঙি ধৰিছিল ।

১। চৰিত্ৰৰ গতিশীলতা ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ যিখিনি বিকাশ সাধন হৈছিল সেই বিকাশৰ ধাৰা স্থিতিশীল নাছিল ই গতিশীল আছিল । েই গতিশীল অৱস্থাটোৰ বাবেই ঋকবেদৰ যুগৰ পৰাই ইয়াৰ বিকাশ ক্ষিপ্ৰগতিত হৈছিল । গতিশীল বিকাশসাধন হোৱাৰ মূলতে আছিল আৰ্যসকলৰ বৌদ্ধিক অস্থিৰতা । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ সময়ছোৱাত ঋষি, মুনি আৰু অতি ধাৰ্মিৰ উদাৰ ৰজা মহাৰজাসকলে শিক্ষাৰ চৰিত্ৰটো সম্পূৰ্ণৰূপে গতিশীল কৰি তুলিছিল । 

২। বৌদ্ধিক স্বাধীনতা ঃ অতীতৰ শিক্ষা ব্যৱস্থাত বৌদ্ধিক স্বাধীনতাই বিশেষভাৱে প্ৰাধান্যতা লাভ কৰিছিল । সেইসময়ৰ পণ্ডিতসকলৰ চিন্তাভাৱনাত সীমাবদ্ধতাৰ প্ৰভাৱ পৰা নাছিল । বৌদ্ধিক স্বাধীনতা থকা বাবে বেদ, বেদাংগ, উপনিষদ, শ্ৰুতি, স্মৃতি আদিৰ সৃষ্টি পদ্ধতিগতভাৱে হৈছিল । বিশেষকৈ দাৰ্শনিক দিশৰ বিকাশ বিস্তৃতভাৱে হৈছিল । অতীতৰ শিক্ষা ব্যৱস্থাৰ ব্যাপকতাৰ ফলতেই উচ্চ পৰ্যায়ৰ দৰ্ষন আৰু অধিবিদ্যামূলক ধাৰণাৰ বিকাশ সম্ভৱ হৈ উঠিছিল ।

৩। ঘৰুৱা বিদ্যালয়ৰ মাজেৰে শিক্ষা ঃ অতীতৰ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাত ঘৰুৱা বিদ্যালয় বা গুৰুগৃহৰ মাধ্যমেৰে শিক্ষা দিয়া হৈছিল । সেই সময়ত গুৰুগৃহই আছিল শিক্ষাৰ মূল কেন্দ্ৰ । শিক্ষালাভৰ অৰ্থে শিষ্যসকলে সুদীৰ্ঘ ১২ বছৰকাল গুৰুগৃহত কটাইছিল আৰু জীৱনৰ প্ৰয়োজনীয় শিক্ষাখিনি লাভ কৰিবলৈ সক্ষম হৈছিল । গুৰু আৰু শিষ্যৰ মাজত অতি সৌহাৰ্দভাৱ গঢ়ি উঠিছিল । শিক্ষাদান আৰু আহৰণৰ ক্ষেত্ৰত ব্যক্তিগত সম্পৰ্কও গঢ়ি উঠিছিল । শিক্ষাদানৰ ক্ষেত্ৰত গুৰু আছিল একছত্ৰী । কঠোৰ অনুশাসন, সুচৰিত্ৰ গঠন, ঘৰুৱা কাম-কাজত সাহাৰ্য প্ৰদান আদিয়েই গুৰুকুল ব্যৱস্থাৰ বৈশিষ্ট্য আছিল । এনে বৈশিষ্ট্যবোৰ আধুনিক শিক্ষাব্যৱস্থাত প্ৰয়োগ কৰাটো সম্ভৱপৰ নহয় বুলি শিক্ষাবিদসকলে মতপ্ৰকাশ কৰিছে । 

৪। ব্ৰাহ্মণিক শিক্ষা আৰ্যসকলৰ বাবে আছিল ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থা মুক্ত আছিল যদিও সকলোৱে শিক্ষালাভৰ শিক্ষালাভৰ সুবিধা লব পৰা নাছিল । এই শিক্ষা ওপৰৰ তিনিটটা উচ্চ শ্ৰেণীৰ বাবেহে আছিল । শূদ্ৰ বৰ্ণটোৱে বহুসংখ্যক জনসংখ্যাকে আৱৰি আছিল আৰু তেওঁলোক শিক্ষালাভৰ পৰা বঞ্চিত হৈছিল । অৱশ্যে শূদ্ৰসকলক শিক্ষালাভৰ পৰা কিয় বিৰত ৰখা হৈছিল তাক জনা নাযায় । অনুমান ই জাতগত গৌৰৱ অথবা বেদৰ পৱিত্ৰতা ৰক্ষাটোও হব পাৰে । েই প্ৰক্ৰিয়াটোক অগণতান্ত্ৰিক বুলি ধৰিব লাগিব । এনে কৰাৰ ফলতে অতীত ভাৰতবৰ্ষত শিক্ষাৰ সম্প্ৰসাৰণত সীমাবদ্ধতা ৰৈ গৈছিল ।

৫। মহিলাসকলৰ শিক্ষা ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাত মহিলাসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । প্ৰথম অৱস্থাত মহিলাৰ স্থান অতি উচ্চ হোৱা বাবে পুৰুষ আৰু মহিলাই সমানে বেদ অধ্যয়ন কৰিবলৈ সক্ষম হৈছিল । যুগৰ পৰিৱৰ্তনৰ লগে লগে মহিলাসকলৰ মান মৰ্যাদাৰ অৱনতি ঘটিল । পূৰ্বৰ উচ্চ স্থানৰ ঠাইত মহিলাসকলক ঘৰুৱা কাম-কাজতে আৱদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰা হল । মনু সংহিতাৰ সময়ৰ পৰা মহিলাসকলক সীমাবদ্ধ কৰি ৰখাৰ অৰ্থে কঠোৰ নীতি-নিয়ম বান্ধি দিয়া হল । ইয়াৰ ফলতে মহিলাসকলৰ বিকাশত দুভাগ্যই দেখা দিলে । মহিলাসকল শিক্ষাৰ ক্ষেত্ৰৰ পৰা আতৰি আহি ঘৰুৱা কাম-কাজত আবদ্ধ থাকি স্বামীক শুশ্ৰুষা কৰাত ব্যস্ত হৈ পৰিল । 


১০। বৈদিক যুগৰ শিক্ষকে কি শিক্ষণ পদ্ধতি ব্যৱস্থাৰ কৰিছিল ? সেই সময়ত শিক্ষক আৰু শিক্ষার্থীৰ মাজত কেনে ধৰণৰ সম্বন্ধ গঢ় লৈছিল বর্ণনা কৰা । (Mention briefly the methods of teaching used by the teachers in the vedic period, What type of relationship existed between the teacher and the taught at that period.) 
Answer:  বৈদিক যুগৰ শিক্ষকে ঘৰুৱা শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰিছিল বা গুৰুকুল শিক্ষণ পদ্ধতি ব্যৱহাৰ কৰিছিল ।  বৈদিক যুগৰ শিক্ষকে বেদ বেদাংগ আদি অতি মনোযোগেৰে শিষ্যসকলক বুজাই দিছিল । গুৰুকুল ব্যৱস্থাত শিষ্যসকলে গুৰুগৃহত থাকি শিক্ষা গ্ৰহণ কৰাৰ সময়ত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত পিতৃ-পুত্ৰৰ সম্বন্ধ গঢ় লৈ উঠিছিল । গুৰু, শিষ্যসকলৰ বাবে আধ্যাত্মিক পিতৃ হিচাপে পৰিগণিত হৈছিল । গুৰুৰ শিষ্যসকলৰ প্ৰতি অশেষ মৰম আছিল আৰু  শিষ্যক সকলো ক্ষেত্ৰতে সহায় কৰিছিল । কিন্তু তেনেকৈ শিষ্যসকলৰো গুৰুৰ প্ৰতি অশেষ শ্ৰদ্ধা ভক্তি আছিল । শিষ্যসকলে গুৰুক শ্ৰদ্ধা কৰাৰ লগতে গুৰুৰ অনুমতিতহে কোনো বিদ্যা শিকিবলৈ সক্ষম হৈছিল । আমি অতীতৰ শিক্ষাৰ ইতিহাসত একলব্য আৰু দ্ৰোণাচাৰ্য কথা উল্লেখ পাও । দ্ৰোণাচাৰ্যৰ একলব্য প্ৰকৃত শিষ্য নাছিল । কিন্তু একলব্যই দ্ৰোণাচাৰ্যক গুৰু হিচাপে মানি দ্ৰোণাচাৰ্যৰ মূৰ্তি সজাই বিদ্যাশিক্ষা আহৰণকৰাৰ চেষ্টা কৰিছিল । কোনো কোনো ক্ষেত্ৰত শিষ্যই অশেষ কষ্ট সহ্য কৰিও গুৰুৰ নিৰ্দেশ পালন কৰিছিল ।
গুৰুকুল যিহেতু গুৰুগৃহত অনুষ্ঠিত সেয়েহে গুৰুৰ পৰিয়ালো শিষ্যসকলৰ লগত জড়িত হৈ পৰিছিল । শিষ্যসকলে গুৰুপত্নীক নিজ মাতৃৰূপে ব্যৱহাৰ কৰি ঘৰুৱা কাম-কাজত সহায় কৰি দিছিল ।  শিষ্যসকলে ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাৰ লগে লগে আনন্দ , ভোগবিলাস আদিৰ পৰা আতৰি আহিছিল । তেওঁলোকে ধ্যান ধাৰণা, অধ্যন বিদ্যা-শিক্ষা আৰু যাৱতীয় কাৰ্যৰ মাজত সীমাবদ্ধ হৈ পৰিছিল । 
গুৰুকুল প্ৰথাৰ আন এটা পৱিত্ৰ কৰ্তব্য আছিল ভিক্ষাবৃত্তিত মগ্ন হোৱা । ভিক্ষা কৰাটো শিষ্যসকলৰ বাবে বাধ্যতামূলক আছিল । এই ভিক্ষাবৃত্তিৰ মাধ্যমত শিষ্যই ভদ্ৰতা, অমায়িকতা, আদি গুণবোৰ আয়ত্ব কৰিবলৈ সক্ষম হৈছিল । শিষ্যসকলক ভিক্ষাবৃত্তিৰ মাধ্যমেৰে সমাজৰ ব্যক্তিসকলে সহায় কৰিছিল । এই ভিক্ষাবৃত্তিৰ মাধ্যমৰ লগতে গুৰুকো ব্যৱহাৰৰ বাবে দিব লাগিছিল । 
বৈদিক যুগৰ শিক্ষকসকলে শিক্ষাৰ্থীৰ পৰা শিক্ষাদান দিয়াৰ বাবে কোনো ধৰণৰ মাছুল বা মাননী লোৱা নাছিল । গুৰুকুল প্ৰথাত  ধনী, দুখীয়া, সকলো শ্ৰেণীৰ শিষ্যই শিক্ষালাভ কৰিবলৈ সক্ষম হৈছিল । গুৰুৰ আশ্ৰম চলোৱাৰ বাবে কেতিয়াবা কেতিয়াবা ৰাজপৰিয়ালৰ পৰাও সহায় সাহাৰ্য দিছিল । কোনোধৰণৰ সহায় সাহাৰ্য থাকিলেও আশ্ৰমৰ জীৱন-ধাৰণ তেনেই সহজ-সৰল আছিল । গুৰুকুল শিক্ষাব্যৱস্থাৰ শিক্ষা প্ৰথম অৱস্থাত সকলোৰে বাবে মুকলি আছিল । শিক্ষাদানৰ প্ৰকৃত উদ্দেশ্য আছিল আত্মাক মুক্তিৰ সন্ধান দিয়া । সমাজ ব্যৱস্থাত সময়ৰ লগে লগে জাত-ভেদৰ সৃষ্টি হৈছিল যদিও আৰম্ভণিতে কোনো জাত-পাতৰ বিচাৰ নাছিল । মানুহৰ কৰ্তব্য গুণ অনুসৰি জাত-পাতৰ সৃষ্টি হল আৰু সমাজত শ্ৰেণীবিভাজন হল । 

১১। বৈদিক যুগৰ শিক্ষাৰ মূল দিশবােৰ কিকি ? সেইবােৰক পুনৰুদ্ভৱ কৰিবলৈ তুমি বিচৰা নেকি ? যুক্তি দর্শায় বুজাই লিখা । (What were the essential features of the vedic system of education ? Do you want to revive them ? Justify your answer.) 
Answer:

১২। ব্রাহ্মণিক শিক্ষা ব্যৱস্থাৰ মূল দিশবােৰ বিষয়ে লিখা । (Write about the salint features of Brahmanic education system.) 
Answer:  ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ মূল দিশবোৰ হল 

১।  বিনামুলীয়া শিক্ষা ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বিনামুলীয়া আছিল । সম্পূৰ্ণ বাৰ বছৰৰ গুৰুগৃহত থকা, খোৱা, অধ্যয়ন কৰা আদিৰ বাবে কোনো মাছুল দিব লগা নহৈছিল ।  ব্ৰাহ্মণসকলৰ শিক্ষাদান দিয়াটো এক কৰ্তব্য আছিল । পাঠ আহৰণৰ শেষত শিক্ষাই সাধ্য অনুসৰি গুৰুদক্ষিণা দিব পাৰিছিল । গুৰুকুল ব্যৱস্থালৈ ৰজা বা আধ্যোৱন্ত ব্যক্তিসকলে সহায়-সাহাৰ্য দিছিল যদিও তাৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থা চলা নাছিল । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য হল গুৰুকুলৰ অৰ্থনৈতিক স্বাধীনতা । তাৰ ফলতে গুৰুৱে শিক্ষা ব্যৱস্থাত অনুশাসন সম্পূৰ্ণৰূপে প্ৰয়োগ কৰিবলৈ সক্ষম হৈছিল । শাসকসকলে শিক্ষা ব্যৱস্থাৰ প্ৰশাসনত কোনোধৰণে প্ৰভাৱ পেলাব পৰা নাছিল । গুৰুৱেই শিক্ষা ব্যৱস্থাৰ প্ৰধান কেন্দ্ৰবিন্দু আছিল । আধুনিক শিক্ষা ব্যৱস্থাত অতীতৰ নীতি-নিয়মবোৰ প্ৰয়োগ কৰিব পৰা নাযায় কাৰণ দেশৰ আৰ্থ-সামাজিক ব্যৱস্থাত এনে নীতিৰ প্ৰয়োগ সম্ভৱ হৈ নুঠে । বৰ্তমান অৱস্থাত কল্যাণকামী ৰাষ্ট্ৰবোৰে যদিও শিক্ষাক বিনামূলীয়া কৰিবলৈ পন্থা হাতত লৈছে তথাপি শিক্ষকৰ দৰমহা, অনুশাসন , প্ৰশাসন ব্যৱস্থা আদি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত থাকে । 

২। বিধি বা দস্তৰ ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ বিধি বা দস্তৰ অধিক  আছিল । সকলো ক্ষেত্ৰতে শিষ্যসকলে নীতি-নিয়ম , বাধ্য-বাধকতা মানি চলিব লাগিছিল । গুৰুৰ উপদেশ আছিল অধিক । শিষ্যসকলে সুদীৰ্ঘ বাৰ বছৰ নানা প্ৰকাৰৰ উপদেশ আৰু নীতি-নিয়মৰ মাজত থাকি শিক্ষা লাভ কৰিব লাগিছিল । বৰ্তমান শিক্ষা ব্যৱস্থাত ইমান কঠোৰ বিধি বা দস্তুৰ মানিবলগীয়া নহয় । ইয়াৰ উপৰিও বহুতো শিক্ষানুষ্ঠান গঢ় লৈ  উঠাত মানুহৰ ৰুচি অনুযায়ী তেওঁলোকৰ পুত্ৰ কন্যাক শিক্ষানুষ্ঠানত নামভৰ্তি কৰি দিছিল । অৱশ্যে অতীতৰ শিক্ষা ব্যৱস্থাটো , যান্ত্ৰিকতাৰ প্ৰভাৱ নাই বুলি কব নোৱাৰি । শিক্ষাৰ্থীসকলে নিজৰ কৰ্তব্য পালনৰ অৰ্থে কোনো কোনো ক্ষেত্ৰত যন্ত্ৰৰ দৰে হৈ পৰিছিল । 

৩। কঠোৰ শাস্তি ব্যৱস্থাক নিন্দা ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থা যদিও কঠোৰ নীতি-নিয়মৰ মাধ্যমত সম্প্ৰসাৰণ হৈছিল এই শিক্ষা ব্যৱস্থাত কঠোৰ শাস্তিক নিন্দা কৰা হৈছিল । শিষ্যসকলক শাৰীৰিকভাৱে প্ৰহাৰ কৰি শিক্ষা দিলে প্ৰকৃততে শিক্ষাৰ্থীৰ কোনো লাভ নহয় । আধুনিক শিক্ষা ব্যৱস্থায়ো এই ধাৰণাটোক সকলো ক্ষেত্ৰতে আকোৱালি লৈছে । 

৪। শিক্ষাৰ মাধ্যম ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ শিক্ষাৰ মাধ্যম আছিল সংস্কৃত । আৰ্যসকলে সংস্কৃত ভাষাটোক বিশেষভাৱে ভাল পাইছিল । সেয়ে সংস্কৃত সাহিত্যৰ বিভিন্ন ধাৰাৰ বিকাশ হৈছিল । সংস্কৃত ভাষাটোক অধিক প্ৰাধান্য দিয়া হেতুকে প্ৰাকৃত ভাষাৰ প্ৰতি মানুহৰ সমাদৰ কমি গৈছিল । সাধাৰণ সমাজত প্ৰচলিত ভাষাৰে শিক্ষাদিয়া হোৱা নাছিল বাবে সাধাৰণ মানুহে শিক্ষালাভ কৰিবলৈ টান পাইছিল ।

৫। বিকাশৰ অৱনতি ঃ আমি আগতে যিবিলাক দিশৰ বিষয়ে আলোচনা কৰিছো সেই দিশবোৰে শিক্ষাৰ বিকাশত অৰিহণা যোগাইছিল সচা কিন্তু শিক্ষাৰ অৱনতিতো সেই দিশবোৰে সহায় কৰিছিল । যদি ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ বিকাশৰ গতি একেই থাকিলহেতেন তেতিয়াহলে এই  শিক্ষা ব্যৱস্থাটো এটা সৰ্বাংগমূলক শিক্ষা ব্যৱস্থা হলহেতেন । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ বিকাশত নানা ধৰণৰ যতি পৰাত বিকাশত অৱনতি ঘটিল । ব্ৰাহ্মণিক শিক্ষাৰ গতিশীল ধাৰাটো শেষলৈ স্থিতিশীল হল আৰু বিকাশ নোহোৱাকৈ পৰি ৰল ।

৬। বিদেশী শক্তিৰ প্ৰভাৱ ঃ সময়ৰ গতিত বুদ্ধ আদৰ্শবাদো তল পৰিল । ভাৰতবৰ্ষলৈ নতুন প্ৰশাসকৰ আগমন হল । বিদেশী প্ৰশাসকে ভাৰতবৰ্ষত ইছলাম মতবাদৰ শিক্ষা সম্প্ৰসাৰণ কৰিবলৈ মন মেলিলে । ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাত নানাধৰণৰ প্ৰতিবন্ধক আহিল । মঠ, মন্দিৰসমূহ ধ্বংস হল আশ্ৰমিক শিক্ষাৰ ওৰ পৰিল । আধুনিক ধাৰণাৰ উদয় হল । সুদীৰ্ঘদিন মুছলমান ৰাজত্বৰ পিছত ইংৰাজ প্ৰশাসকসকল আহিল । ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ বীজ ৰোপিত কৰা হল । কিন্তু সমগ্ৰ শিক্ষা ব্যৱস্থাটো ধ্বংস হৈ পৰিল ।টোল নামৰ এবিধ অনুষ্ঠানৰ মাধ্যমত বৰ্তমানলৈ ব্ৰাহ্মণিক পদ্ধতিতে শিক্ষা দিয়াৰ ব্যৱস্থা ৰৈ গল । 

৭। অনুন্নয়নৰ সময় আৰু বুদ্ধৰ প্ৰত্যাহ্বান ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাক অনুন্নয়ন নামৰ ব্যাধিটোৱে গ্ৰাস কৰিলে । ভাৰতবৰ্ষত  হিন্দুধৰ্মৰ এটা ফালে বুদ্ধদেৱৰ আদৰ্শ আৰু ভাৱধাৰাৰ প্ৰতি আকৃষ্ট হল । বুদ্ধ আদৰ্শবাদৰ মাধ্যমত এটা নতুন শিক্ষা ব্যৱস্থাৰ জন্ম হল । এই বুদ্ধ শিক্ষা ব্যৱস্থাটো ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ বাবে প্ৰত্যাহ্বানস্বৰূপ হল । ঋষি,মুনি, পুৰোহিতসকলৰ মন গতিশীলতাৰ পৰা আতৰি আহিল আৰু অস্তিত্ব ৰক্ষাৰ বাবে প্ৰচেষ্টা চলাবলগীয়া হল । এনেদৰে ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাটোক অনুন্নয়ন ব্যাধিয়ে গ্ৰাস কৰি বিকাশৰ ধাৰাকে সলনি কৰি দিলে । এই বিষয়ে চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ টোকাত বৰ্ণনা পোৱা গৈছে । 

৮। বুজিপোৱাৰ পিছতহে হৃদয়ংগম ঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ শিক্ষণ পদ্ধতি আছিল মুখে-মুখে শিক্ষা বা কথোপকথন । এনে ব্যৱস্থা প্ৰচলন হোৱাৰ মূল কাৰণ হব লাগিব লিখন সামগ্ৰীৰ অভাৱ । অতীতৰ শিক্ষা ব্যৱস্থাৰ প্ৰচলন মুখে-মুখে হোৱা বাবে মুখস্থ ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । অৱশ্যে সেই মুখস্থ ব্যৱস্থা বৰ্তমান অৱস্থাৰ দৰে নাছিল । অতীতত শিষ্যসকলে বুজি পোৱাৰ পাছতহে হৃদয়ংগম কৰিছিল । গুৰুৱে শিষ্যসকলক প্ৰয়োজন অনুসাৰে পাঠসমূহৰ বুজনি দিছিল । সম্পূৰ্ণ পাঠটো বুজি পোৱাৰ পিছত পাঠটো শিষ্যসকলে মুখস্থ কৰিছিল । 

১৩। বৈদিক শিক্ষাব্যৱস্থাৰ গুণ আৰু দোষবােৰ আলােচনা কৰা (Discuss about the merits and demerits of vedic system of Education.)
Answer: বৈদিক শিক্ষাব্যৱস্থাৰ গুণ আৰু দোষবোৰ হল 

বৈদিক শিক্ষাব্যৱস্থাৰ গুণসমূহ হল 

১। বৈদিক শিক্ষা ব্যৱস্থাই আত্মোপলব্ধিৰ মাজেৰে চৰম সত্যত উপনীত হোৱাত সহায় কৰিছিল ।

২। বৈদিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক সুচৰিত্ৰ গঠনৰ মাধ্যমেৰে শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী হোৱাত সহায় কৰিছিল ।

৩। বৈদিক শিক্ষা ব্যৱস্থাই গুৰুগৃহৰ মাধ্যমত ভৱিষ্যত জীৱনৰ মুখামুখি হোৱাৰ বাবে শিক্ষাৰ্থীসকলক উপযোগী কৰি তুলিছিল । 

৪। বৈদিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীসকলে অধ্যয়নত গভীৰভাৱে ৰত হব লাগিছিল ।

৫। বৈদিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক আত্মসংযমী, নৈতিকভাৱে শক্তিশালী, আদৰ্শবান হোৱাত সহায় কৰিছিল ।

৬। বৈদিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক নীতি-নিয়ম অনুশাসন আদি মানি চলিবলৈ অনুপ্ৰাণিত কৰি তুলিছিল । 

৭। বৈদিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক ব্ৰহ্মচৰ্যব্ৰতৰ মাধ্যমত শাৰীিকভাৱে অধিক সক্ষম হোৱাত সহায় কৰিছিল । 

৮। বৈদিক শিক্ষাব্যৱস্থা সম্পূৰ্ণ স্বাধীন ভাবাপন্ন আছিল । ইয়াত কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ পৰা নাছিল ।

৯। বৈদিক শিক্ষা ব্যৱস্থাই অতীতৰ সংস্কৃতি, সভ্যতা সভ্যতা আৰু সাহিত্যিক সংৰক্ষণ হোৱাত সহায় কৰিছিল ।

১০। বৈদিক শিক্ষা ব্যৱস্থাত গুৰু-শিষ্যৰ মাজৰ সৌহাৰ্দ পূৰ্ণভাৱে শিক্ষা প্ৰক্ৰিয়াটোকে অধিকভাৱে আকৰ্ষণীয় আৰু ফলপ্ৰসু কৰি তুলিছিল ।

১১। বৈদিক  শিক্ষা ব্যৱস্থা গুৰুকেন্দ্ৰিক আছিল বাবে শিক্ষাৰ্থীসকলে অধিক জ্ঞান আয়ত্ব কৰিবলৈ সক্ষম হৈছিল ।

১২। বৈদিক শিক্ষা ব্যৱস্থা ধৰ্মীয় ধাৰণাৰ ওপৰত ভিত্তি কৰি সম্প্ৰসাৰণ হৈছিল বাবেই সম্পূৰ্ণভাৱে পৱিত্ৰ হৈ পৰিছিল ।

বৈদিক শিক্ষা ব্যৱস্থাৰ দোষসমূহ হল 

১। বৈদিক শিক্ষা ব্যৱস্থা ধৰ্মীয় গোড়ামীৰে পৰিবেষ্টিত হৈ থকা বাবে অধ্যয়নতকৈ অধিকভাৱে পূজা-পাৱৰ্ণ, যাগযজ্ঞ আদিৰ শিক্ষাহে শিক্ষাৰ্থীসকলে পাইছিল ।

২। বৈদিক শিক্ষা ব্যৱস্থা দাৰ্শনিক চিন্তাধাৰাত বিমূৰ্ত হৈ পৰিছিল বাবে ইয়াক লাভ কৰি জীৱনৰ উপযোগী কৰি তুলিব পৰা বিধৰ আছিল ।

৩। বৈদিক শিক্ষা ব্যৱস্থাই বৌদ্ধিক তথা মানসিক দিশৰ উন্নতি সাধন কৰিবলৈ যোৱা বাবে শাৰীৰিক দিশত কোনো ধৰণৰ অৰিহনা যোগাব পৰা নাছিল ।

৪। বৈদিক শিক্ষা ব্যৱস্থাই উচ্চবৰ্ণৰ লোকক কায়িক শ্ৰমৰ পৰা আঁতৰাই পেলাইছিল ।

৫। বৈদিক শিক্ষা ব্যৱস্থাই সমাজত শ্ৰেণী বিভাজন হোৱাত উদগনি যোগাইছিল । 

৬। বৈদিক শিক্ষা ব্যৱস্থাৰ প্ৰত্যেকটো বিষয় সুকীয়া প্ৰকৃতিৰ আছিল বাবে বিষয়ৰ মাজত কোনো ধৰণৰ সম্বন্ধ গঢ় লোৱা নাছিল ।


৭। বৈদিক শিক্ষাব্যৱস্থা সম্পূৰ্ণৰূপে বেদকেন্দ্ৰিক আছিল বাবে ব্যক্তিৰ চিন্তা, বিশ্লেষণ, যুক্তি আদিৰ বিকাশত বতি পৰিছিল ।

৮। বৈদিক শিক্ষা ব্যৱস্থাত সামগ্ৰিকভাৱে নাৰী শিক্ষাক বিকাশ কৰিবলৈ বিচৰা নাছিল বাবে সামাজিক সমতা স্থাপনৰ ক্ষেত্ৰত ই বাধাৰ স্বৰূপ হৈ পৰিছিল । 

অতিৰিক্ত প্ৰশ্ন ঃ
১। বেদ কেইখন আৰু কি কি ।

উত্তৰঃ বেদ চাৰিখন হল ক)ঋকবেদ, খ) সামবেদ, গ)যৰ্জুবেদ, ঘ) অৰ্থববেদ । 


২। ভৰতীয় সভ্যতাৰ তৃণমূল বুলি কোনখন বেদক কোৱা হয় ।

উত্তৰঃ ভাৰতীয় সভ্যতাৰ তৃণমূল বুলি ঋকবেদক কোৱা হয় ।

৩। ঋকবেদক কি নামেৰে জনা যায় ।

উত্তৰঃ ঋকবেদক সংহিতা নামেৰে জনা যায় । 

৪। ঋকবেদৰ দুটা প্ৰধান বৈশিষ্যৰ বিষয়ে লিখা ।
উত্তৰঃ ঋকবেদৰ দুটা প্ৰধান বৈশিষ্ট্য হল 

ক) ঋকবেদৰ সৃষ্টি আৰু সংগ্ৰহৰ সময় ।

খ) মৌখিক শিক্ষা ব্যৱস্থা ।

৫। বৈদিক যুগৰ শিক্ষাৰ দুটা লক্ষ্য কি কি ।
উত্তৰঃ  বৈদিক যুগৰ শিক্ষাৰ দুটা লক্ষ্য হল 

ক) চৰিত্ৰ গঠন ।

খ) ব্যক্তিত্ব বিকাশ । 
৬। বৈদিক যুগৰ শিক্ষাৰ দিশ তিনিটা কি কি ।

উত্তৰঃ বৈদিক যুগৰ শিক্ষাৰ দিশ তিনিটা হল 
ক) আত্মঅধ্যয়ন বা স্বাধ্যায় ।
খ) মনন ।
গ) চিন্তন ।

৭। বৈদিক যুগৰ তিনিবিধ শিক্ষানুষ্ঠানৰ নাম লিখা ।
উত্তৰঃ  বৈদিক যুগৰ তিনিতিনিবিধ শিক্ষানুষ্ঠানৰ নাম হল 
ক) গুৰুকুল ।
খ) পৰিষদ বা একাডেমী ।
গ) সন্মিলন ।

৮। ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্টয হল 
ক) চৰিত্ৰৰ গতিশীলতা ।
খ) বৌদ্ধিক স্বাধীনতা । 

৯। বৈদিক শিক্ষাব্যৱস্থাৰ দুটা গুণৰ বিষয়ে লিখা ।
উত্তৰঃ  বৈদিক শিক্ষা ব্যৱস্থাৰ দুটা গুণ হল 

ক) বৈদিক শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক ব্ৰহ্মচৰ্যব্ৰতৰ মাধ্যমত শাৰীৰিকভাৱে অধিক সক্ষম হোৱাত সহায় কৰিছিল । 

খ) বৈদিক শিক্ষাব্যৱস্থা সম্পূৰ্ণ স্বাধীন ভাৱাপন্ন আছিল । ইয়াত কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ পৰা নাছিল ।

১০। বৈদিক শিক্ষা ব্যৱস্থাৰ দুটা দোষৰ বিষয়ে লিখা ।
উত্তৰঃ  বৈদিক শিক্ষা ব্যৱস্থাৰ দুটা দোষ হল 

ক) বৈদিক শিক্ষা ব্যৱস্থাই উচ্চবৰ্ণৰ লোকক কায়িক শ্ৰমৰ পৰা আঁতৰাই পেলাইছিল ।

খ) বৈদিক শিক্ষা ব্যৱস্থাই সমাজত শ্ৰেণী বিভাজন হোৱাত উদগনি যোগাইছিল । 


Hirok Jyoti Bora 

Author Ali rani Kakati ( Ba in History Major) 

Post ID : DABP003867