অধ্যায় ৯

ভাৰবৰ্ষৰ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শৈক্ষিক প্ৰচেষ্টা 
(Educational Efforst of East India Company in India)

প্ৰশ্নাৱলী (Exercise)





Some Important Question

১। কিমান খ্ৰীঃত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিল ।
উত্তৰঃ  ১৬০০ খ্ৰীঃত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰতিষ্ঠা কৰা হৈছিল ।


২। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ভাৰত আগমনৰ উদ্দেশ্য কি আছিল ।
উত্তৰঃ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ভাৰত আগমনৰ উদ্দেশ্য আছিল বেহা-বেপাৰ কৰা ।


৩। কিমান চনত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগদেশৰ দেৱানীৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হয় ।
উত্তৰঃ ১৭৬৫ চনত ইষ্ট-িণ্ডিয়া কোম্পানীয়ে বংগদেশৰ দেৱানীৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হয় ।

 
৪। চাৰ্টাৰ আইনৰ মূল উদ্দেশ্য কি আছিল ।
উত্তৰঃ  চাৰ্টাৰ আইনৰ মূল উদ্দেশ্য আছিল লিখা-পঢ়া আৰু গণনাৰ শিক্ষা দিয়া । 


৫।  মাদ্ৰাছাৰ স্থাপনৰ মূল উদ্দেশ্য  কি আছিল ।
উত্তৰঃ মাদ্ৰাছা স্থাপনৰ মূল উদ্দেশ্য আছিল উচ্চশ্ৰেণীৰ মুছলমান লোকসকলক শিক্ষিত কৰি চৰকাৰী সেৱাৰ যোগেদি ইংৰাজ চৰকাৰৰ বিশ্বাসী সমৰ্থকৰূপে গঢ়ি তোলা ।


৬।      ৱাৰেণ হেষ্টিংছৰ উত্তৰাধিকাৰী কোন আছিল ।
উত্তৰঃ ৱাৰেণ হেষ্টিংছৰ উত্তৰাধিকাৰী হল লৰ্ড বেলেছলী ।


৭।  কোনে কিমান চনত আৰু কত সংস্কৃত  কলেজ প্ৰতিষ্ঠা কৰিছিল ।
উত্তৰঃ ১৭৯১ চনত জনাথন ডানকানে বাৰানসীত এখন সংস্কৃত কলেজ প্ৰতিষ্ঠা কৰিছিল ।


৮। ইংৰাজসকলে কত বাহৰ পাতি আছিল ।
উত্তৰঃ ইংৰাজসকলে মাদ্ৰাজতে বাহৰ পাতি আছিল ।


৯। কিমান চনত আৰু ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে কত স্কুল স্থাপন কৰে ।
উত্তৰঃ ১৬৭০ চনত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে মাদ্ৰাজত স্কুল স্থাপন কৰে ।


১০। ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শিক্ষানীতিৰ মূল উদ্দেশ্য কি আছিল ।
উত্তৰঃ  ইষ্ট-িণ্ডিয়া কোম্পানীৰ শিক্ষানীতিৰ মূল আছিল সংস্কৃত আৰু আৰবী শিক্ষা দিয়া আৰু কলিকতা মাদ্ৰাছা আৰু বেনাৰস সংস্কৃত কলেজ পৰিচালনা কৰা ।
 
   ১। চমুটোকা লিখা (Write Short Notes):

(ক) ইষ্ট ইণ্ডিয়া কোম্পানী (East India Company)
Answer:   ১৬০০ খ্ৰীঃত ইষ্ট-ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত প্ৰৱেশ কৰে । তেওঁলোকৰ ভাৰত আগমনৰ প্ৰধান উদ্দেশ্য আছিল ভাৰতবৰ্ষত বেহা-বেপাৰ কৰা । কিন্তু পিচলৈ তেওঁলোকে এই দেশতে সাম্ৰাজ্য স্থাপনৰ মন মেলে । এই উদ্দেশ্য তেওঁলোকে শিক্ষাৰ প্ৰতিও মনোযোগ প্ৰদৰ্শন কৰে । অৱশ্যে এইখিনিতে উল্লেখযোগ্য যে ইংৰাজসকলে ভাৰতবৰ্ষত বৃটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ প্ৰায় ১০০ বছৰলৈকে কোনো ধৰণৰ শিক্ষামূলক কাৰ্যাৱলী হাতত লোৱা নাছিল । সেইসময়ৰ দেশৰ ৰাজনৈতিক অৱস্থাৰ বাবে আৰু অন্যান্য ইউৰোপীয় ব্যৱসায়ী গোষ্ঠীসমূহৰ কাৰণে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ মৌলিক নীতিত ধৰ্মীয়ভাৱকো অন্তৰ্ভূক্ত কৰি লৈছিল । ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে কোম্পানীৰ সেৱকসকলৰ আধ্যাত্মিক উন্নতিৰ বাবে কিছুমান যাজকক ভাৰতবৰ্ষলৈ লৈ আহিছিল আৰু আৰু কিছুমান ভাৰতীয় খ্ৰীষ্টান লোকক গীৰ্জাৰ যাজক পদত নিয়োগ কৰাৰ বাবে ইংলেণ্ডলৈ পঠিয়াইছিল যাতে তেওঁলোকে নিজ দেশলৈ ঘুৰি আহি ইয়াৰ লোকসকলৰ মাজত ধৰ্মমত প্ৰচাৰ কৰি খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰিব পাৰে । 
পিটাৰ নামৰ এজন ভাৰতীয় যুৱকক কোম্পানীৰ খৰছতে খ্ৰীষ্টীয়ান ধৰ্মতত্ত্বৰ শিক্ষা লবলৈ লণ্ডনলৈ পঠোৱা হৈছিল । মিছনেৰীসকলক ভাৰতবৰ্ষত কাম কৰাৰ ক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ দিয়াৰ অৰ্থে অস্ক্ফোৰ্ড বিশ্ববিদ্যালয়ত আৰবী বিভাগ এটা খোলা হৈছিল । ১৬৫৯ চনত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ ডিৰেক্টৰসকলে ভাৰতত খ্ৰীষ্টান ধৰ্মপ্ৰচাৰৰ উদ্দেশ্য ভাৰতলৈ অহা প্ৰতিখন জাহাজতে মিছনেৰীসকলক পঠিয়াবলৈ সিদ্ধান্ত কৰে । কিন্তু পিছলৈ তেওঁলোকে এই নীতি প্ৰত্যাহাৰ কৰি ইয়াৰ পৰিৱৰ্তে ধৰ্ম-নিৰপেক্ষতা নীতি অৱলম্বন কৰে । 
১৬৭০ চনত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে কেৱল পৰ্টুগীজ, বৃটিছ আৰু ইউৰোপীয়ানসকলৰ লৰা-ছোৱালীৰ বাবে মাদ্ৰাজত খন স্কুল স্থাপন কৰে আৰু ইয়াত ইংৰাজী শিক্ষাৰ ব্যৱস্থা কৰে । ১৬৭৭ চনত ইষ্ট-িণ্ডিয়া কোম্পানীয়ৰ বিষয়াবৰ্গৰ লৰা-ছোৱালীক সাহিত্য আৰু ধৰ্ম সম্পৰ্কে শিক্ষা দিবলৈ ৰাফৱৰ্ড নামৰ ইংৰাজ স্কুল শিক্ষক এগৰাকীক মাদ্ৰাজলৈ অনা হয় । এয়াই আছিল ইষ্ট-ইণ্ডিয়া কোম্পানীৰ প্ৰথম আইনৰ জৰিয়তে তেওঁলোকৰ ভাৰতস্থ কাৰখানা আৰু উপনিৱেশসমূহত বিদ্যালয় স্থাপন কৰিবলৈ আৰু ধৰ্মযাজক নিয়োগ কৰিবলৈ নিৰ্দেশ দিয়ে । 

(খ) ইষ্ট ইণ্ডিয়া কোম্পানীৰ শৈক্ষিক প্ৰচেষ্টা (Education Efforts of EIC.)
Answer:  ১৬৯৮ চনত চাৰ্টাৰ আইনে কোম্পানীক স্কুল  ফলস্খুবৰূপে চেৰিটি লিবলৈ দিয়া নিৰ্দেশৰ ফলস্বৰূপে চেৰিটি স্কুলৰ জন্ম হয় । ১৭১৫ চনত মাদ্ৰাজত ,১৭১৮ চনত বোম্বাইত আৰু ১৭৩১ চনত কলিকতাত এনে স্কুলৰ জন্ম হয় । পিছলৈ তাঞ্জোৰ আৰু কাণপূৰতো  এনেধৰণৰ অনুষ্ঠান স্থাপন কৰা হয় যত ছাত্ৰ-ছাত্ৰী নামভৰ্তিকৰণৰ ক্ষেত্ৰত খ্ৰীষ্টীয়ান লৰা লৰা-ছোৱালীবোৰক অগ্ৰাধিকাৰ দিয়া হৈছিল । তেওঁলোকৰ মূল উদ্দেশ্য আছিল লিখা-পঢ়া আৰু গণনাৰ শিক্ষা দিয়া । ইয়াৰ লগতে খ্ৰীষ্টান ধৰ্মতত্ত্বৰ ওপৰতো শিক্ষা দিয়া হৈছিল । এই অনুষ্ঠানবোৰ সাধাৰণতে কোম্পানীৰ সাময়িক অনুদান আৰু দান-বৰঙণিৰ দ্বাৰাই পৰিচালিত হৈছিল । যিয়েই নহওক, এইখিনিতে উল্লেখ কৰিব পাৰি যে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে শিক্ষা সম্পৰ্কত কোনো স্পষ্ট নীতি নিৰ্ধাৰণ কৰা নাছিল । যিখিনি প্ৰচেষ্টা চলাইছিল সেয়াও আছিল নগণ্য । ইংৰাজসকলে প্ৰধানকৈ মাদ্ৰাজতে বাহৰ পাতি আছিল । 
১৭৬৫ চনত ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বংগদেশৰ দেৱানীৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হয় আৰু ভাৰতবৰ্ষৰ এটা ৰাজনৈতিক শক্তিত পৰিণত কৰা । লগতে তেওঁলোকে নৱাবসকলৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ ধৰে । ইংৰাজসকল আছিল  ৰাজনীতিকুশল ব্যক্তি । দেৱানীৰ ক্ষমতা হস্তগত কৰাৰ পিছত তেওঁলোকে এনেভাৱ প্ৰদৰ্শন কৰিব ধৰিলে যে তেওঁলোক উন্নতীকামী আৰু সেয়ে জনসাধাৰণৰ কল্যাণ কামনা কৰে । তেওঁলোকে ইয়াকো প্ৰমাণ কৰিব খুজিছিল যে নৱাবসকলতকৈ কোম্পানীয়ে চৰকাৰী কাম-কাজ বেছি ভালকৈ পৰিচালনা কৰিব পাৰি । ১৮৭১ চনত উচ্চ শ্ৰেণীৰ মুছলমান লোকসকলৰ দাবী,  অনুসৰি ৱাৰেণ হেষ্টিছে কলিকতা মাদ্ৰাছা স্থাপন কৰে । এই মাদ্ৰাছা স্থাপনৰ উদ্দেশ্য আছিল উচ্চশ্ৰেণীৰ মুছলমান লোকসকলক শিক্ষিত কৰা আৰু চৰকাৰী সেৱাৰ যোগেদি ইংৰাজ চৰকাৰৰ বিশ্বাসী সমৰ্থকৰূপে গঢ়ি তোলা । মুছলমানসকলৰ লেখিয়াকৈ প্ৰভাৱশালী হিন্দুসকলৰ সমৰ্থন আদায় কৰাটো কোম্পানীৰ পক্ষে প্ৰয়োজনীয় আছিল । 

Type: Hirak Jyoti Bora.    

Author_ Ali Rani Kakati ( Ba in History Major)