UNIT-5 


Foreign Invasions 

V.I. Hunas 

V.II .Arabs 

V.III.Ghaznivad S Ghorids 

বিদেশীৰ আক্ৰমণ 

১) হুন 

২) আৰব 

৩) গজনীবাদ আৰু ঘোৰ 


অনুশীলনী 

👉ৰচনাধৰ্মী প্ৰশ্ন (Essay Type Question) 

1) Describe the political Condition of India on The eve of Muslim Lnvasion .(মুছলিম লোকসকলৰ প্ৰাকমুহূৰ্তত ভাৰতৰ ৰাজনৈতিক অৱস্থাৰ বিষয়ে  বৰ্ণনা কৰাঁ । 

উত্তৰঃ-  মুছলিম লোকসকল ভাৰতলৈ অহাৰ আগমূহুৰ্তত ভাৰতবৰ্ষত বহুতো জাতি-উপজাতিয়ে ৰাজ্য শাসন কৰিছিল । তাৰ ভিতৰত এটা ইল্লেখযোগ্য শাসকগোষ্ঠী আছিল গুপ্তসকল।

গুপ্ত বংশৰ প্ৰতিষ্ঠাতা আছিল শ্ৰী গুপ্ত ।  শ্ৰী গুপ্ত এজন শক্তিশালী আৰু সাহসী শাসককৰ্তা আছিল । গুপ্ত ৰাজবংশই শাসন কৰি থকা সময়তে হুনসকলে গুপ্ত সাম্ৰাজ্যক আক্ৰমণ কৰিছিল । 

হুনসকল আছিল মধ্য এছিয়াৰ এটা অসভ্য যাযাবৰ জাতি আছিল । তেওঁলোক আছিল নমাড গোষ্ঠীৰ বৰ্বৰ লোক । প্ৰথমতে হুনসকলে চীনদেশৰ ওচৰত বাস কৰিছিল ।  পিছত তেওঁলোক পশ্চিমদিশৰ ফালে আগবাঢ়ি আহি দুটা ভাগত ভাগ হৈ পৰে । এটা দল ভল্গাৰ পিনে আৰু আনটো দল অক্সাচৰ ফালে আগবাঢ়ে । 

2) Give An Account of the Hunas Invasion Of India.( ভাৰতত হুনাৰ আক্ৰমণৰ বিষয়ে  বিৱৰণ দিয়া ) 

উত্তৰঃ- স্কন্দগুপ্তৰ ৰাজত্বকালৰ সময়তে ভাৰতবৰ্ষত হুনসকলে আক্ৰমণ কৰিছিল যদিও পিছত তেওঁলোকক খেদি পঠিওৱা হয় । এই আক্ৰমণটো ইমানেই ভয়ানক আছিল যে বহুদিন ধৰি হুনসকলে পুনৰ ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ কথা ভাবিব পৰা নাছিল । গুপ্ত সম্ৰাট কুমাৰগুপ্তৰ সময়ৰ পৰাই ভাৰতত হুনসকলৰ আক্ৰমণ আৰম্ভ হয় । কুমাৰগুপ্তৰ পুত্ৰ স্কন্দগুপ্তৰ দিনত হুনসকলৰ আক্ৰমণ বহুত বেছি হৈছিল । জুনাগড় নামৰ এখন শিলালিপিৰ পৰা জনা যায় যে ৰজা স্কন্দগুপ্তই হুনৰ জাতিটোক যুদ্ধত পৰাস্ত কৰিছিল । ৰজা স্কন্দগুপ্তৰ মৃত্যুৰ পাছত আন কোনো শক্তিশালী ৰজা সিংহাসনত বহা নাছিল সেইকাৰণে হুনসকলৰ আক্ৰমণক ৰোধ বা পৰাস্ত কৰাৰ শক্তি তেওঁলোকৰ নাছিল ।  হুনসকলে উত্তৰ-পশ্চিম সীমান্তৰ পৰা ভাৰতবৰ্ষত সোমাই প্ৰজাসকলৰ ওপৰত বহুতো অত্যাচাৰ কৰিছিল । ভাৰতীয় সভ্যতাৰ অন্যতম শ্ৰেষ্ঠ অৱদান কাবুল উপত্যকা হুনবোৰে বহুত বেয়াকৈ ধ্বংস কৰাৰ ফলত পিছলৈ সেই অঞ্চলৰ সভ্যতা-সংস্কৃতি ভাৰতীয় সভ্যতাৰ পৰা বিচ্ছিন্ন বা আতৰি আহিছিল । হুনসকলে বহুতো নগৰ আৰু মঠ-মন্দিৰ ধ্বংস কৰিছিল । 

3) Write a note on the effects of Hunas Invasion in India .( ভাৰতত হুনৰ আক্ৰমণৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ-  ভাৰতত হুনসকলৰ আক্ৰমণৰ প্ৰভাৱসমূহ হল

ভাৰতত হুন শাসনৰ প্ৰভাৱঃ এইটো কথা সত্য আছিল যে হুনসকলে ভাৰতবৰ্ষত অতি কম সময়হে ৰাজত্ব কৰিছিল । কিন্তু এই চুটি কালছোৱাতেই দেশখনত বিভিন্ন দেশৰ পৰা ফল লাভ কৰিছিল । ডঃ স্মিথে মন্তব্য কৰিছে যে হুনৰ শাসনকালটোৱে ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক দিশতবহুতো পৰিৱৰ্তন আনিছিল ।

ৰাজনৈতিক প্ৰভাৱ ঃ হুনসকলৰ আক্ৰমণে গুপ্ত সাম্ৰাজ্যক সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলাইছিল । স্কন্দগুপ্তৰ উত্তৰাধিকাৰী সকল দুৰ্বল আৰু ভীৰু আছিল কাৰণে হুনসকলৰ আক্ৰমণত বাধা দিব পৰা নাছিল । সেইকাৰণে হুনসকলে গুপ্ত সাম্ৰাজ্যৰ পতনৰ লগতেই উত্তৰ পশ্চিম ভাৰতৰ এটা বিশাল অংশ অধিকাৰ কৰি লৈছিল । হুনসকলৰ আক্ৰমণৰ ফলতেই ভাৰতবৰ্ষৰ ৰাজনৈতিক একতাৰ সমাপ্তি ঘটিছিল । তাৰ পিছত গুপ্ত বংশৰ যিসমূহ অৱশিষ্ট আছিল তাৰ পৰা বহুতো নতুন নতুন ৰাজ্যৰ উদ্ভৱ হয় । 

গুপ্ত ৰজাসকলে প্ৰতিষ্ঠা কৰা আইন ব্যৱস্থা হুনসকলে সম্পূৰ্ণভাৱে আক্ৰমণ কৰে আৰু তাৰ কিছুমানদিনৰ সুখ-শান্তিৰ সলনি অশান্তি বা কাজিয়াৰ সুত্ৰপাত ঘটে । এনে পৰিস্থিতিত বৰ্দ্ধন বংশৰ আগমনে কিছুমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ লৈ আহে ।

সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ ঃ ভাৰতবৰ্ষত প্ৰৱেশ কৰা হুনসকলৰ সংখ্যা আছিল যথে।্ট বেছি । হুনসকলৰ ৰজা মিহিৰকুলৰ মৃত্যু হোৱাৰ পাছত তেওঁলোক উভতি যোৱা নাছিল আৰু ভাৰতবৰ্ষতে স্থায়ীভাৱে বসবাস কৰিবলৈহে লৈছিল ।এই হুনসকলে হিন্দু ধৰ্ম গ্ৰহণ কৰি ভাৰতীয় সমাজ ব্যৱস্থাৰ লগত সম্পূৰ্ণকৈ মিৱি গৈছিল ।  তাৰ ফলত বহুতো নতুন জাতি ফৈদৰ আৱিৰ্ভাৱ ঘটিছিল আৰু পৰৱৰ্তী সময়ত জাতিভেদ প্ৰথা অতি বেছি কঠোৰ হৈ পৰিছিল । ভাৰতীয় সভ্যতা-সংস্কৃতি হুনৰ আক্ৰমণৰ ফলত বহুত বেয়াকৈ প্ৰভাৱিত হৈছিল । বৰ্বৰ হুনসকলে অকল যে কলা-সংস্ৃতি-সাহিত্যৰ সম্পদ সমূহ ধ্বংস কৰিয়েই এৰি দিয়া নাছিল বহুতো শিল্পী, সাহিত্যিক আৰু কলা-কৌশল । এনেদৰে বহুতো মানৱ সম্পদৰ হুনসকলৰ আক্ৰমণৰ ফলত অকালতে মৃত্যুক সাবটি লব লগা হৈছিল । 

4) Give An Account of the Arab Invasion of Sind.(সিন্দৰ আৰৱ আক্ৰমণৰ এটা চমু বিৱৰণ দিয়া ) 

উত্তৰঃ- জৰত মহম্মদৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ বাণীসমূহ গোটেই আৰৱ দেশতে প্ৰচাৰ কৰা হৈছিল । হজৰত মহম্মদৰ মৃত্যু হোৱাৰ পাছত ইছলাম ধৰ্মৰ প্ৰচাৰ কৰাৰ দায়িত্ব খলিফালোকসকলৰ হাতলৈ যায় আৰু ইছলাম ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিল । তাৰ ফলস্বৰূপে চিৰিয়া ইৰাণ, আফগানিস্থান বেলুচিস্থান আদিলৈ ই বিয়পি পৰে । আৰৱসকলে ভাৰতবৰ্ষতো তেওঁলোকৰ আধিপত্য বিস্তাৰ বা সম্প্ৰসাৰণ কৰিব বিচাৰিছিল । সিন্ধুৰ আৰৱ আক্ৰমণৰ কাৰণকেইটা হল 

সিংহলৰ ৰজাই ধন-সোণ, উপহাৰ আৰু দানেৰে পৰিপূৰ্ণ জাহাজ কেইখনমান খলিফাৰ কাৰণে পঠাই দিছিল বা প্ৰেৰণ কৰিছিল । এই জাহাজ কেঅখৱ সিন্ধুৰ ওচৰৰ দেৱালত কিছুমান জলদস্যুৱে লুন্ঠন কৰিছিল । উপহাৰসমূহ খলিফাৰ প্ৰতিনিধি হাজ্জাজৰ কাৰণে প্ৰেৰণ কৰা হৈছিল । সেই সময়তে এটা ঘটনা ঘটিছিল যে সেই সময়ত সিন্ধুৰ শাসনকৰ্তা বা শাসক আছিল দাহিৰ । এই ঘটনাটোত হাজ্জাজ অসন্তুষ্ট হৈছিল আৰু দাহিৰক ইয়াৰ ক্ষতিপুৰণৰ দাবী কৰে । সম্ৰাট দাহিৰে স্পষ্টভাৱে উত্ত দিয়ে যে জলদস্যুবোৰ তেওঁৰ ৰাজ্যখনৰ লোক নহয় আৰু সিহত তেওঁৰ নিয়ন্ত্ৰণত নপৰে । সেইবাবেই আনৰ দোষ তেওঁ মুৰ পাতি লব নোৱাৰে । দাহিৰৰ এনেকোৱা উত্তৰত খলিফাৰ প্ৰতিনিধি হাজ্জাজ বৰ বেয়াকৈ লজ্জিত হয় আৰু তেতিয়াই তেওঁ সিন্ধু আক্ৰমণৰ পৰিকল্পনা কৰিছিল । তেওঁ তেওঁৰ ভতিজা আৰু জোৱায়েক মহম্মদ বিন কাচিমক সিন্ধু দেশখন আক্ৰমণ কৰিবলৈ পঠায় । সেই সময়ত মহম্মদ বিন কাচিমৰ বয়স আছিল মাত্ৰ ১৭ বছৰ । 
আৰৱ আক্ৰমণৰ ঘটনা ঃ মহম্মদ বিন কাচিমে এটা অতি ডাঙৰ সৈন্য দল লৈ মক্ৰাম হৈ আগুৱাই আহিছিল । সিন্ধু দেশখন আক্ৰমণৰ বাবে পূৰ্বতে ইমান দক্ষতা সম্পন্ন সেনানায়ক আৰু ইমান শক্তিশালী সৈন্যদল প্ৰেৰণ কৰা হোৱা নাছিল । এই সৈন্য দলটোত ৬,০০০ হেজাৰ ইৰাকী সৈন্য, ৪,০০০ হেজাৰ উট আৰোহী , আৰু ৫,০০০ দুধৰ্ষ সৈন্য আছিল । প্ৰথমে দেৱল মুছলমান আক্ৰমণৰ লক্ষ্যৰ বলী হৈ পৰে । দেৱল ৰাজধানীৰ পৰা মাত্ৰ ২৪০ কিঃমিঃ দুৰত অৱস্থিত আছিল । ৰজাৰ বাহিৰে দেৱল ৰাজ্য ৰক্ষা কৰাৰ বাবে কোনো প্ৰচেষ্টা হাতত নললে । অৰোৰ আৰু ৰাজপুতসকলে দেৱল স্বাধীনতা ৰক্ষা কৰাৰ কাৰণে বহুতো চেষ্টা চলাইছিল কিন্তু কিছুমান হিন্দু লোকৰ বিশ্বাসঘাটককতাৰ কাৰণে তেওঁলোকে পৰাজয় বৰণ কৰিছিল । যিসকল লোকে এই যুদ্ধত পৰাজয় বৰণ কৰিছিল তেোঁলোকক ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।  যিসকল লোকে অস্বীকাৰ কৰিছিল তেওঁলোকক হত্যা কৰা হৈছিল । প্ৰায় বহুতো যুৱকক হত্যা কৰা হৈছিল । মহিলা আৰু লৰা-ছোৱালীবোৰক দাস সজোৱা হৈছিল ।
এই বিজয়ৰ পাছত মহম্মদ বিন কাছিমে নেৰুণ দুৰ্গৰ ফালে অগ্ৰসৰ হয় । দাহিৰৰ পুত্তই দেউতাকৰ নিৰ্দেশ অনুসৰি নেৰুণ দুৰ্গৰ দায়িত্ব এজন সেনাপতিৰ ওপৰত এৰি দি ব্ৰাহ্মণাবাদ নামৰ ঠাইডোখৰলৈ গুচি গৈছিল । মহম্মদ বিন কাচিমৰ সন্মুখত নেৰুণ দুৰ্গই কোনো প্ৰতিবাদ নকৰাকৈ আত্ম সমৰ্পণ কৰে । ইয়াত কোনো ধৰণৰ যুদ্ধৰ সূচনায়ে নহল । ইয়াৰ পিছত বিজেতাসকলে দাহিৰৰ ভতিজাক বজ্জৰে শাসন কৰি থকা শেৱানলৈ আগবাঢ়ে ।  প্ৰায় এসপ্তাহ সময় ধৰি থকাৰ পিছত বজ্জৰ কৰবালৈ পলাই যায় আৰু শেৱানৰ নাগৰিকসকলে মহম্মদ বিন কাচিমৰ সন্মপখত আত্মসমৰ্পণ কৰে । ইয়াৰ পিছত চিছামত বজ্জৰক হত্যা কৰা হয় ।
ব্ৰাহ্মণাবাদত আধিপত্য বিস্তাৰ বা সম্প্ৰসাৰণ কৰাৰ লগে লগে মহম্মদ বিন কাছিম ৰেৱাৰৰ ফালে আগবাঢ়ে । ইয়াত দুয়োদলৰ সৈন্যৰ লগত মুখা-মুখি হয় । এনেদৰে বহু দিন অতিবাহিত হয় কিন্তু কোনো যুদ্ধ নহল । শেষত যুদ্ধ আৰম্ভ হয় । এই যুদ্ধত সিন্ধুৰ ৰজা দাহিৰে অতি পৰাক্ৰমেৰে যুজি যুদ্ধক্ষেত্ৰত প্ৰাণ আহুতি দিয়ে । 

5) Assess the effects of Arab Invasion and its result .( আৰৱ আক্ৰমণ আৰু ফলাফলৰ এটা চমু বিৱৰণ দিয়া ।)

উত্তৰঃ- আৰৱ আৰু ভাৰতবৰ্ষৰ মাজত থকা সম্পৰ্কটো অতি পুৰণি আছিল । আৰৱসকলে ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ আগতেই ভাৰতবৰ্ষৰ সৈতে ব্যৱসায়-বাণিজ্যৰ সম্পৰ্ক আছিল । সেইকাৰণেই আৰৱসকলে ভাৰতবৰ্ষৰ সা-সম্পদৰ বিষয়ে সম্পূৰ্ণকৈ জানিছিল । 

প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষৰ ধন সম্পদ বিদেশী আক্ৰমণকাৰী লোকসকলৰ লোভৰ কাৰণ হৈ পৰিছিল । সেইকাৰণেই আৰৱসকলে তেওঁলোকৰ ধন-সোণৰ লোভৰ ইচ্ছা পূৰণ কৰাৰ বাবে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল । 

সিংহলৰ ৰজাজনে ধন-সোণ, উপহাৰ আৰু দান পৰিপূৰ্ণভাৱে কেইখনমান জাহাজ খলিফালোকসকলৰ কাৰণে পঠাই দিছিল । এই জাহাজ কেইখন সিন্ধুৰ ওচৰৰ দেৱলখনত কিছুমান জলদস্যুৱে লুন্ঠন কৰে । উপহাৰসমূহ খলিফাৰ প্ৰতিনিধি হাজ্জাজৰ কাৰণে প্ৰেৰণ কৰিছিল । যিখিনি সময়ত এই ঘটনাতো ঘটিছিল সেই সময়খিনিত সিন্ধু ৰাজ্যৰ শাসনকৰ্তা আছিল দাহিৰ । এই ঘটনাটোত খলিফাৰ যিজন প্ৰতিনিধি আছিল হাজ্জাজ বহুত বেয়াকৈ অসন্তুষ্ট হয় আৰু ৰজা দাহিৰক ইয়াৰ ক্ষতিপুৰণ দাবী কৰে । 

সেই সময়ত সিন্ধুৰ সম্ৰাট দাহিৰে স্পষ্টকৈ উত্তৰ দিয়ে যে জলদস্যুবোৰ তেওঁৰ ৰাজ্যৰ লোক নহয় সেইকাৰণে তেওঁলোক ৰজাৰ নিয়ন্ত্ৰণত নপৰে । সেইকাৰণেই আনৰ দোষ তেওঁ মুৰ পাতি নলয় বা লব নোৱাৰে । দাহিৰৰ এনেকোৱা উত্তৰত খলিফাৰ প্ৰতিনিধি হাজ্জাজে বৰ বেয়াকৈ লাজত পৰিবলগা হৈছিল । সেইকাৰণে হাজ্জাজে আৰৱ দেশখন আক্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেইকাৰণে তেওঁ তেওঁৰ ভতিজা আৰু জোৱাই মহম্মদ বিন কাচিমক সিন্ধু দেশখন আক্ৰমণ কৰিবলৈ পঠায় । আৰৱ দেশখন আক্ৰমণ কৰাৰ সময়ত মহম্মদ বিন কাচিম আছিল এজন ২৭ বছৰীয়া যুৱক ।

আৰৱ আক্ৰমণৰ ফলাফলসমূহ হল 

আৰৱসকলে সিন্ধু দেশ জয় কৰিছিল তেওঁলোকৰ এই সাফল্য বহুত দিনলৈ নাথাকিল । সিন্ধ দেশ জয় কৰা মহম্মদ বিন কাচিমৰ মৃত্যুৰ কাৰণেই তেওঁলোকে সিন্ধুদেশত বেছি দিন ৰাজ্য শাসন কৰিব নোৱাৰিলে । ইতিহাসবিদ লেনপুলে মন্তব্য কৰিছিল যে আৰৱসকলে সিন্ধু জয় কৰিছিল কিন্তু এই বিজয় ভাৰতবৰ্ষৰ ইতিহাসৰ এটা ঘটনা হিচাপেহে পৰিগণিত হল, আৰৱৰ সাফল্যৰ বিশেষ কোনো ফল নহল । এই অভিযানৰ ফলাফল সমূহ এনেধৰণে বৰ্ণনা কৰিব পৰা যায় ।

ক) আৰৱসকলৰ ভাৰতবৰ্ষ আক্ৰমণে ভাৰতীয় লোকসকলৰ দুৰ্বলতাবোৰ দেখুৱাই দিয়ে । অন্যান্য বিদেশী আক্ৰমণকাৰী লোকসকলেও ভাবিবলৈ ধৰিছিল যে আক্ৰমণ কৰাতো একো বিশেষ বা ডাঙৰ কাম নহয় । ভাৰতবৰ্ষত বহুতো সৰু-সৰু ৰাজ্য আছিল আৰু সেই ৰাজ্যবোৰৰ মাজত কোনো একতা বা মিলা-প্ৰীতি নাছিল । সেইবোৰৰ মাজত থকা কাজিয়া আৰু হিংসা-প্ৰতিহিংসাই ভাৰবৰ্ষৰ লোকসকলক ৰাজনৈতিকভাৱে দুৰ্বল কৰি পেলাইছিল । সেইকাৰণে সময়ে-সময়ে ভাৰতীয়সকল বিদেশী আক্ৰমণৰ বলি হৈছিল ।

খ) মহম্মদ কাচিমৰ পূৰ্বৰ যিসকল লোক আছিল তেওঁলোকৰ এটা প্ৰধান লক্ষ্য আছিল যে যিবোৰ ৰাষ্ট্ৰত ইছলাম ধৰ্মৰ প্ৰচাৰ হোৱা নাই তাত এই ধৰ্মৰ প্ৰচাৰ চলোৱা । সিন্ধু দেশত আধিপত্য বিস্তাৰ কৰি তেওঁলোকে নিশ্চিত হৈছিল যে অন্তঃ কিছুমান লোক ইছলাম ধৰ্মত দিক্ষীত হয় । 

সাংস্কৃতিক ফল ঃ অৰ্থনৈতিক দিশৰ পৰা যদিও আৰৱৰ আক্ৰমণৰ বিশেষ প্ৰভাৱ পৰিলক্ষিত নহয় সাংস্কৃতিক দিশত ইয়াৰ যথেষ্ট প্ৰভাৱ দেখা পোৱা যায় । ভাৰতবৰ্ষৰ উচ্চ-সংস্ৃতিৰ প্ৰভাৱে আৰৱ লোকসকলক অনুপ্ৰাণিত কৰে । ভাৰতবৰ্ষত প্ৰৱেশ কৰি আৰৱসকলে ভাৰতীয় সংস্কৃতিৰ কৃতিত্ববোৰ দেখি আচৰিত হয় । খলিফা হাৰুণ উল ৰচিদৰ নৰীয়া এজন ভাৰতীয় বৈদ্যৰ যত্নত নিৰাময় হয় বা আৰোগ্য হয় । ভাৰতবৰ্ষত থকা সময়ত আৰৱসকলে জ্যোতিষ.ধৰ্মীয় সহিষ্ণুতা, গণিত আৰু জ্যোতিবিদ্যা সম্পৰ্কে বহুতো জ্ঞান লাভ কৰে । পিছৰ যুগত ইউৰোপীয় সভ্যতাত যিবোৰ আৰৱীয় সংস্কৃতিৰ উপাদান পোৱা গৈছিল আৰু সৰহ ভাগেই আছিল ভাৰতৰ পৰা আয়ত্ব কৰা । সেই সময়ত ভাৰতবৰ্ষৰ বৌদ্ধিক স্থান যথেষ্ট উচ্চ আছিল আৰু আৰৱদেশৰ পণ্ডিতসকলে জ্ঞান আহৰণ কৰাৰ বাবে বৌদ্ধ ভিক্ষু , ব্ৰাহ্মণ, পণ্ডিতসকলৰ পৰা দৰ্শন, গণিত-শাস্ত্ৰ, ৰামায়ণ আৰু বিভিন্ন বিদ্যা শিকিছিল । আৰৱসকলে ভাৰতীয় জ্ঞান ইউৰোপলৈ প্ৰেৰণ কৰিছিল , বিশেষকৈ দৰ্শন, জ্যোতিষ আৰু গণিত শাস্ত্ৰৰ জ্ঞান ভাৰতৰ পৰাই আৰৱসকলে আৰম্ভণি কৰিছিল আনহাতে কেৱল ধ্বংস আৰু লুন্ঠন কৰাৰ বাহিৰে আৰৱৰ কোনো সংস্কৃতিয়েই ভাৰতক দিব পৰা নাছিল । 


6) Account for the failure of the Arab to extend their conqust beyond Sind.(আৰৱসকলে তেওঁলোকৰ সন্মিলন পাপৰ বাহিৰত সম্প্ৰসাৰিত কৰাত ব্যৰ্থহোৱাৰ বাবে হিচাপ দিয়া ) 

উত্তৰঃ- 

7) Describe the Causes and ResuIts of  Invasions of Sultan Mahmood.( চুলতান মামুদৰ আক্ৰমণৰ কাৰণ আৰু ফলাফলসমূহৰ  বিষয়ে চমুকৈ বৰ্ণনা কৰাঁ ) 

উত্তৰঃ- চুলতান মামুদে ১৭ বাৰ ভাৰত আক্ৰমণকৰিছিল ।

চুলতান মামুদে ধন-সোণৰ লোভতেই ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল বুলি বহুতো পণ্ডিতে মতপোষণ কৰে । কিছুমান ইতিহাসবিদে উল্লেখ কৰা মতে চুলতান মামুদে ভাৰতবৰ্ষ আক্ৰমণ কৰাৰ মূল কাৰণ আছিল ইছলাম ধৰ্ম প্ৰচাৰ কৰা ।আন কিছুমান ইতিহাসবিদে উল্লেখ কৰা মতে মামুদে হিন্দু সাম্ৰাজ্যখন মুছলমান সাম্ৰাজ্যলৈ পৰিৱৰ্তন কৰিব বিচাৰিছিল । সেইবাবে তেওঁ মঠ-মন্দিৰ ধ্বংস কৰি মূৰ্তিবোৰ ভাঙি পেলাইছিল । মামুদে খলিফাক শপত দিছিল যে প্ৰতিবছৰে তেওঁৰ পৰা সন্মান আৰু উপাধি পালে ভাৰত আক্ৰমণ চলি থাকিব । মুছলমানৰ ইতিহাসবিদসকলে মন্তব্য কৰিছিল যে তেওঁ ধৰ্ম প্ৰচাৰ কৰা নাছিল কিছুমান যশস্যাহে বৃদ্ধি কৰিছিল । মামুদ ধৰ্মান্ধৰ নাছিল আৰু সেইবাবেই তেওঁ উলেমাসকলৰ ুউপদেশৰ প্ৰতি কাণ দিয়া নাছিল ।তেওঁ ধৰ্মৰ বিৰুদ্ধচৰণ কৰি হিন্দু মন্দিৰ লুন্ঠন কৰা নাছিল  । মামুদৰ উদ্দেশ্য আছিল ধন-সোণ লুট-পাত কৰাহে ।  

চুলতান মামুদৰ বাৰত আক্ৰমণৰ ফলাফলবোৰ হল

ক) গজনীৰ চুলতান মামুদৰ আক্ৰমণে ভাৰতীয় সামৰিক ব্যৱস্থাৰ দুৰ্বলতাবোৰ প্ৰকাশ কৰে । ই ৰাজনৈতিক ব্যৱস্থা ধ্বংস কৰি দেশখনৰ ঐক্য বা একতাক বিনষ্ট কৰে । বহুতো ৰাজবংশৰ উচ্ছেদ হয় আৰু বহুতো সাহসী বীৰৰ মৃত্যু হয়। যিসকল লোক বাচি আছিল তেওঁলোকো অপমান আৰু লজ্জাৰ কাৰণেই মানসিকভাৱে ভাগি পৰে । আক্ৰমণকাৰীসকলে বহুতো সাধাৰণ নিৰপৰাধী প্ৰজাকো হত্যা কৰি বৰ্বৰ বা অসভ্যৰ পৰিচয় দিয়ে ।

খ) মামুদৰ আক্ৰমণৰ মূল বা প্ৰধান লক্ষ্য আছিল ভাৰতৰ সম্পদ লুট-পাট কৰি নিয়া । তেওঁৰ অভিযানৰ আগতে ভাৰতবৰ্ষ এখন সম্পদশালী দেশ আছিল । মামুদৰ ভাৰত আক্ৰমণে ভাৰতৰ অৰ্থনৈতিকঅৱস্থাত প্ৰভাৱ পেলায় আৰু ধন-সোণ লুট-পাট কৰাৰ দ্বাৰাই অৰ্থনৈতিক গাঠনি দুৰ্বল হৈ পৰে । 

গ) মামুদৰ আক্ৰমণে অকল ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশতেই প্ৰভাৱ পেলোৱা নহয় কলা-সংস্কৃতিৰ দিশতো বহুতো প্ৰভাৱ পেলাইছিল । তেওঁ মন্দিৰ, মূৰ্তি, ঐতিহাসিক কীৰ্তিচিহ্ন আদিবোৰ ধ্বংস কৰিছিল । যিবোৰ ইয়াৰ পিছৰ বছৰত পুনৰ মেৰামতি বা পুনৰ নিৰ্মাণ কৰা হোৱা নাছিল । ইয়াৰ ফলত সভ্যতা-সংস্কৃতি বিশেষকৈ মধ্যযুগৰ সভ্যতা-সংস্কৃতিৰ বিশেষ ক্ষতি-সাধন হয় । 

ঘ) চুলতান মামুদৰ আক্ৰমণৰ সময়ত প্ৰাণৰ ভয়ত বহুতো হিন্দু-মুছলমান ধৰ্মত দিক্ষীত হৈছিল । মামুদৰ এনে কাৰ্যই পিছৰ যুগত হিন্দু-মুছলমানৰ মাজত বিদ্বেষ ভাৱৰসৃষ্টি কৰাত সহায় কৰিছিল । 

ঙ)  চুলতান মামুদে বহুতো হিন্দুলোকক বন্দী কৰি দাস সজাই গজনীৰ দাসৰ বজাৰত বিক্ৰী কৰিছিল । বহুতো সা-সম্পদ তথা দাসৰ সেৱাত গজনীত এটা বিলাসপূৰ্ণ জীৱন-যাপন  আৰম্ভ হৈছিল । ইয়াৰ ফলতেই সৈন্যসকলৰনৈতিক অধঃপতন ঘটিছিল আৰু পিছলৈ গজনীৰ পতন হোৱাত সহায় কৰিছিল ।

চ) চুলতান মামুদে ভাৰতবৰ্ষত এখন স্থায়ী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচৰা নাছিল । তথাপিও তেওঁ উত্তৰ পশ্চিম অঞ্চল, পঞ্জাৱ, সিন্ধু আৰু মুলতান তেওঁ গজনী ৰাজ্যৰ সৈতে লগ কৰিব বিচাৰিছিল । বিদেশী আক্ৰমণকাৰীসকলে চিৰদিনৰ কাৰণে খাইবাৰ নামৰ গিৰিপথ অধিকাৰ কৰি লয় । শক্তিশালী ৰাজপুত ৰজাসকলেও মামুদৰ সাৰ্বভৌমত্ব স্বীকাৰ কৰে । মামুদৰ আক্ৰমণে উত্তৰ আৰু পশ্চিম ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছিল । 


8)  Write a note on the Invasions of Sultan Mahmood .(চুলতান মাহমুদৰ আক্ৰমণৰ ওপৰত এটা টোকা লিখাঁ )  

উত্তৰঃ বহুতো ইতিহাসবিদে কব খোজে যে চুলতান মামুদে ভাৰতবৰ্ষত এখন স্থায়ী সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে বাৰে-বাৰে পঞ্জাৱ আক্ৰমণ কৰিছিল । শেষত তেওঁ পঞ্জাৱ নগৰখন তেওঁৰ সাম্ৰাজ্যৰ ভিতৰুৱা কৰি লৈছিল । মামুদে পঞ্জাৱ ৰাজ্যখন তেওঁৰ সাম্ৰাজ্যৰ অন্তভূৰ্ক্ত কৰিছিল ।একমাত্ৰ সম্পদৰ কাৰণে যাতে পিছৰ অভিযানসমূহত ইয়াৰ পৰা সম্পদ আহৰণ কৰিব পাৰে । 

মামুদে উত্তৰ ভাৰতৰ বহুতো ৰাজ্য জয় কৰিছিল কিন্তু পঞ্জাৱৰ বাহিৰে আন কোনো ৰাজ্য নিজৰ ৰাজ্যৰ অন্তভূক্ত কৰা নাছিল । মামুদে এটা কথা ভালদৰে বুজি পাইছিল যে ভাৰতবৰ্ষ আক্ৰমণ কৰাতো যিমান সহজ আছিল কিন্তু শাসন কৰাটো সিমান টান আছিল । প্ৰথমে চুলতান মামুদে জয়পালৰ ৰাজ্যৰ সীমাত থকা দূৰ্গসমূহ আক্ৰমণ কৰিছিল বা সীমান্তৰ দূৰ্গ অঞ্চলসমূহত আক্ৰমণ কৰিছিল । কাৰণটো হল জয়পাল আছিল তেওঁৰ পিতৃৰ শত্ৰু । মামুদে তাত নিজৰ আধিপত্য স্থাপন কৰে । 

১০০১ চনত চুলতান মামুদে পঞ্জাৱত এটা গুৰুত্বপূৰ্ণ আক্ৰমণ চলায় । পঞ্জাৱৰ ৰজা জয়পাল আৰু গজনীৰ শাসক মামুদৰ মাজত এখন যুদ্ধ আৰম্ভ হয় । 

চুলতান মামুদে বহুতো ৰাজ্য জয় কৰিছিল আৰু তেওঁ সেই ৰাজ্যবোৰ তলতীয়া কৰিছিল । পিছত তেওঁ সেই  ৰাজ্যবোৰ তেওঁৰ সাম্ৰাজ্যৰ লগত লগ কৰিছিল । ঠিক তেনেকৈ তেওঁ ১০০৩ চনত ঝিলাম নদীৰ পাৰত উপস্থিত হৈ  ভেৰা ৰাজ্য আক্ৰমণ কৰে ।  ভেৰা ৰাজ্যখনৰ শাসনকৰ্তাজনে চাৰিদিন অতি বীৰত্বৰে যুজি শেষত পৰাজয় বৰণ কৰিলে । তাৰ পিছত মামুদে ৰাজ্যখনৰ হিন্দু লোকক হত্যা কৰে আাৰু লুট-পাট কৰি ধন-সোণ সংগ্ৰহ কৰি গজনীলৈ পুনৰ গুচি যায় । তেওঁ ভেৰা ৰাজ্যখনো তেওঁৰ নিজা সাম্ৰাজ্যৰ অন্তভূৰ্ক্ত কৰে। ভেৰা ৰাজ্যৰ যিজন শাসক আছিল তেওঁ এই অপমান, দুখ, গ্লানি সহ্য কৰিব নোৱাৰি শেষতআত্মহত্যা কৰিছিল । 

মুলতান ৰাজ্য ১০০৪ চনত মামুদে আক্ৰমণ কৰিছিল ।চিয়া সম্প্ৰদায়ৰ ফতেহদাউদ নামৰ এজন মুছলমান শাসকে শাসন কৰিছিল । গোড়া চুন্নী মুছলমান মামুদে তেওঁক নিম্নতম বুলি ঘৃণা কৰিছিল । মূলতান শাসকজনে ৯৩০ খ্ৰীষ্টাব্দত মক্কা আক্ৰমণ কৰি বহুতো ধৰ্মীয় সম্পদ আৰু মূল্যবান সামগ্ৰী তাৰ পৰা আনিছিল । 

১০০৫ খ্ৰীষ্টাব্দত মামুদে ভাটিণ্ডা ৰাজ্যখন আক্ৰমণ কৰে । গঙ্গা যমুনা দোৱাৱ অঞ্চলত থকা মন্দিৰসমূহ লুট-পাট কৰাৰ পৰিকল্পনা কৰিছিল বাবে তেওঁ ভাটিণ্ডা জয় কৰিছিল । মামুদে ভাটিণ্ডা ৰাজ্যখন জয় কৰাৰ সময়ত ভাটিণ্ডা ৰাজ্যৰ শাসক আছিল বাজীৰাও । বাজীৰাও এজন সাহসী ৰজা আছিল । চুলতান মামুদ আৰু বাজীৰাওৰ মাজত এখন তুমুল যুদ্ধ হয় । শেষত তেওঁ মামুদৰ আক্ৰমণ সহ্য কৰিব নোৱাৰি পলাই যায় । মামুদে অকল যে ভাটিণ্ডাই জয় কৰা নাছিল । তেওঁ ভাতিন্দাত বহুতো নিৰপৰাধী পুৰুষ-মহিলাক হত্যা কৰে । যিসকল হিন্দু লোক বাছি আছিল তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিবৰ কাৰণে বাধ্য কৰাইছিল । 

১০০৮ খ্ৰীষ্টাব্দত মামুদে জয়পাল ৰজাৰ উত্তৰাধিকাৰী আনন্দপালৰ বিৰুদ্ধে এটা অভিযান চলাইছিল । এই আক্ৰমণৰ কাৰণ আছিল 

ক) জয়পালৰ উত্তৰাধিকাৰী আনন্দপালে মামুদৰ বিৰুদ্ধে ফতেহ দাউদক সহায় কৰিছিল ।

খ) যেতিয়ালৈ আনন্দপাল পঞ্জাৱৰ শাসক আছিল ভাৰতৰ ভিতৰলৈ প্ৰৱেশ কৰাটো মামুদৰ কাৰণে সম্ভৱপৰ নাছিল । 

গ) আনন্দপালে তেওঁ পিতৃৰ পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ কাৰণে প্ৰস্তুতি চলাইছিল । 

ঘ) মামুদৰ শক্তি ধ্বংস কৰিবলৈ আনন্দপালে এটা যৌথ শক্তি গঢ়ি তুলিছিল । 

উজ্জয়িনী, গোৱালিয়ৰ, কলিঙ্গ, কনৌজ, দিল্লী আৰু আজমীৰৰ ৰজাসকল সকলোৱে একগোট হৈ মিত্ৰ শক্তিৰ সৃষ্টি কৰিছিল ।মুলতান ৰাজ্যৰ শাসক আনন্দপালে এই মিত্ৰ গোষ্ঠীৰ সহায়-ভিক্ষা মাগিছিল । 

১০১৪ খ্ৰীঃত চুলতান মামুদে থানেশ্বৰ ৰাজ্যৰ ফালে ৰাওনা হয় ।তেওঁৰ এই পথত সুতলেজ নদীৰ পূব পাৰৰ এখন ৰাজ্যৰ ৰাজাৰাম নামৰ এজন ৰজাই তেওঁৰ গতিৰোধ কৰিবলৈ চেষ্টা চলাইছিল । এই যুদ্ধত চুলতান মামুদে জয়লাভ কৰিছিল তথাপিও তেওঁৰ যথেষ্ট ক্ষতিসাধন হয়। থানেশ্বৰ ৰাজ্যতো প্ৰবল সংঘৰ্ষৰ সৃষ্টি হয় কিন্তু তেওঁ জয়লাভ কৰিছিল বা জিকিছিল । মামুদৰ সৈন্য-বাহিনীয়ে চক্ৰস্বামী মন্দিৰ লুট-পাট কৰিছিল । মামুদে চক্ৰস্বামীৰ বিগ্ৰহ ৱগজনী ৰাজ্যলৈ লৈ যায় আৰু এটা ৰাজহুৱা স্থানত তাক দলিয়াই পেলাইছিল । তেওঁ থানেশ্বৰ ৰাজ্য জয় কৰোতে  বহুতো ধন-সোণ সংগ্ৰহ কৰিছিল । পিছত এইবোৰ লুন্ঠন কৰি তেওঁ নিজ ৰাজ্যলৈ উভথি গৈছিল । 

১০১৬ চনত মামুদে সিন্ধু আৰু যমুনা নদী পাৰ হৈ বুলন্দচহৰত উপস্থিত হয় । তাৰ পিছত তেওঁ মহৱান নামৰ ঠাইখনলৈ যাত্ৰা আৰম্ভ কৰিছিল আৰু সেই ঠাইখনৰ ৰজা কুলচন্দ্ৰৰ লগত এখন যুদ্ধ হৈছিল। সেই যুদ্ধখনক ৰজা কুলচন্দ্ৰক পৰাস্ত কৰে । এই ৰাজ্যখনতো লুট-পাট কৰি কিছুমান হাতী লৈ তেওঁ মুথুৰা ৰাজ্যলৈ যাত্ৰা আৰম্ভ কৰিছিল । সেই সময়ত মথুৰাত ৰাজ্যপালে ৰাজত্ব কৰিছিল । মথুৰা ৰাজ্যৰ ৰজা ৰাজ্যপালে যুদ্ধ নকৰাকৈ গজনীৰ মামুদৰ ওচৰত আত্ম-সমৰ্পণ কৰে । মথুৰাত অভিযান চলাই নিৰ্দয়ভাৱে মামুদে ধন-সোণ লুটি লৈ যায়। পিছত তেওঁ বৃন্দাৱনতো লুন্ঠন,হত্যা চলায় । মথুৰা আৰু বৃন্দাবন অভিযানত মামুদে মন্দিৰ সমূহৰ পৰা যথেষ্ট সম্পদ চুৰ কৰি নিজৰ ৰাজ্যলৈ লৈ যায় । 


10. What were the causes of the defeat of the Rajputs against the Turks ?(তুৰ্কীসকলৰ বিৰুদ্ধে ৰাজপুতসকলৰ পৰাজয়ৰ কাৰণবোৰ কি আছিল লিখাঁ )

উত্তৰঃ- তুৰ্কীসকলৰ বিৰুদ্ধে ৰাজপুতসকলৰ পৰাজয়ৰ কাৰণবোৰ আছিল 


ৰাজনৈতিক অৱস্থা ঃ মুছলমানসকলৰ আক্ৰমণকৰাৰ আগতেই ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থাটো আছিল অতি বেয়া । থানেশ্বৰৰ ৰজা হৰ্ষবৰ্দ্ধনৰ মৃত্যু হোৱাৰ পিছত ভাৰতত বহুতো সৰু-সৰু ৰাজ্যৰ সৃষ্টি হৈছিল আৰু ৰাজপুতসকলৰ বেলেগ বেলেগ ফৈদৰ লোকে ইয়াত ৰাজত্ব কৰিছিল । এই ৰাজ্য আৰু ৰজাবোৰৰ মাজত একতাৰ ভাৱ নাছিল । বহু সময়ত চুবুৰীয়া ৰাজ্যক আক্ৰমণ কৰাৰ বাবে বিদেশী আক্ৰমণকাৰীক আমন্ত্ৰণ জনাইছিল আৰু তেনেকুৱা যুদ্ধত তেওঁলোকে ভাৰতীয়ৰ বিৰুদ্ধে যুদ্ধত সহায় কৰিছিল । ৰাজনৈতিক অনৈক্যৰ কাৰণেই ৰাজপুতসকলৰপৰাজয় হোৱাৰ প্ৰধান কাৰণ আছিল । প্ৰত্যেক ৰজাই নিজৰ ৰাজ্যখনৰ কথাহে ভাৱিছিল গোটেই দেশখনৰ কথা ভবা নাছিল ।

সেইকাৰণে যুদ্ধক্ষেত্ৰত তেওঁলোক বহুত অকলশৰীয়া হৈ পৰিছিল । ৰাজপুতসকলৰ মাজত জাতীয়তা আৰু একতা ভাৱৰ অভাৱ আছিল ।  ৰাজপুতসকলে নিজৰ ফৈদসমূহক লৈ গৌৰৱ কৰিছিল আৰু সদায় নিজৰ সুৰক্ষাৰ বাবেহে চিন্তা কৰিছিল তেওঁলোকে মুছলমানসকলৰ বিৰুদ্ধে লগ হৈ যুজিবলৈ কেতিয়াও চেষ্টা কৰা নাছিল । ৰাজপুতসকল প্ৰকৃত ৰাজনীতিবিদ নাছিল কাৰণ তেওঁলোকে কুটনৈতিক বুজাপৰাবোৰ নাজানিছিল । যুদ্ধক্ষেত্ৰখনক তেওঁলোকে খেলপথাৰ বুলি ভাবিছিল আৰু কুটনৈতিক মীমাংসা ষড়যন্ত্ৰৰ যুদ্ধ জয় কৰিবলৈ শিকা নাছিল । তেওঁলোকে তেওঁলোকৰ মতে যুদ্ধ কৰিছিল । কিন্তু তেওঁলোকৰ শত্ৰুপক্ষই যিকোনো প্ৰকাৰে যুদ্ধত জয়ী হব বিচাৰিছিল ।আন এটা ৰাজনৈতিক দুৰ্বলতা আছিল ৰজাৰ সৈন্য-বাহিনী । এই সামন্ত ৰজাসকলৰ মাজত কোনো যোগসুত্ৰ বা যোগাযোগমূলক ব্যৱস্থা নাছিল । ৰজা আৰু প্ৰজাসাধাৰণৰ মাজত বুজা-পৰাৰ অভাৱ আছিল। সেইকাৰণেই মুছলমানসকলে যুদ্ধত জয় লাভ কৰিবলৈ সক্ষম হৈছিল । ১২ শতিকাত দেশখনৰ সুৰক্ষা নিৰ্ভৰ কৰিছিল ৰাজপুত সৈন্যসকলৰ  ওপৰত । আন জাতিবোৰে এই ক্ষেত্ৰত একো অৰিহনা দিব পৰা নাছিল। 

সামৰিকঃ ৰাজপুতসকলৰ সামৰিক সংগঠন আছিল ক্ৰটীপূৰ্ণ ।ৰাজ্যখনৰ সুৰক্ষাৰ বাবে ৰাজপুতসকলে স্থায়ী সৈন্য দল মজুত কৰি ৰখা নাছিল । ৰজাই সামন্ত প্ৰভূসকলৰ  সৈন্য-বাহিনীৰ ওপৰত নিৰ্ভৰ কৰিছিল । যুদ্ধৰ সময়ত বহুতো সৈন্য নিযুক্ত দিয়া হৈছিল । যিবোৰৰ কোনো প্ৰশিক্ষণ নাছিল ভাৰতীয় সৈন্য দলত অকল পদাতিক সৈন্যহে আছিল আৰু তেওঁলোকৰ যুদ্ধৰ আহিলা আৰু প্ৰশিক্ষণৰ অভাৱ আছিল । এই সৈন্যবোৰে মুছলমান অশ্বাৰোহী সৈন্যৰ সন্মুখত তিষ্ঠি থাকিব পৰা নাছিল ।  ৰাজপুতসকলৰ সমৰ কৌশলো ক্ৰটীপূৰ্ণ আছিল । তেওঁলোকৰ কোনো সঞ্চিত সৈন্যদল নাছিল । 

সামাজিকঃ ৰাজনৈতিক আৰু সামাজিক কাৰণৰ উপৰিও সেই সময়ৰ সামাজিক অৱস্থাই ৰাজপুতসকলৰ পৰাজয়ৰ এটা প্ৰধান কাৰণ আছিল । হিন্দু সমাজ ব্যৱস্থাৰ মাজত থকা অনৈক্যতাই আছিল এটা মহামাৰী আছিল । হিন্দুসকলৰ মাজত থকা জাতি আৰু শ্ৰেণী বৈষম্য আছিল অতি জটিল । এই সময়ত অসবৰ্ণ বিবাহ, অসবৰ্ণ ভৌজন আৰু জাতি সলনি আদি অসম্ভৱ আছিল । অস্পৃশ্যসকলক বেয়া ব্যৱহাৰ কৰা হৈছিল । নগৰৰ বাহিৰত ৰখা হৈছিল । এনে জাতি বা বৰ্ণবিভেদে হিন্দু শক্তিৰ একতাৰ মাজত প্ৰাচীৰ হিচাপে থিয় দিছিল ।

সামাজিক জটিলতাৰ কাৰণেই সমাজত বহুতো বেয়া ব্যৱস্থাই  গা কৰি উঠিছিল । বাল্যবিবাহ, বহুবিবাহ, সতীদাহ প্ৰথা, শিশু হত্যা আদিৰ দৰে কিছুমান কু-প্ৰথাই হিন্দু সমাজ ব্যৱস্থাত স্থান পাইছিল । এনে সমাজে বিদেশী আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰিব বুলি আশা কৰিবই নোৱাৰি ।ইয়াৰ বিপৰীতে মুছলমানৰ সমাজ ব্যৱস্থাত এনেকোৱা কোনো ধৰণৰব্যৱস্থা নাছিল । তেওঁলোকৰ মাজত জাতি-বৰ্ণৰ সমস্যা নাছিল । মুছলমানসকলৰ মাজত ভাতৃত্ব ভালৰ অনুভৱ আছিল বহুত বেছি । আনকি দাস হৈও চুলতান হোৱাৰ উদাহৰণ দেখা পোৱা যায় । মুছলমানসকলৰ শাসন ব্যৱস্থাত দাসসকলৰ অৱস্থা আৰু শক্তিয়ে ৰাজ্যখনৰ ক্ষমতা বঢ়াইছিল । কিন্তু হিন্দুসকলৰ সমাজ ব্যৱস্থাত দাস বা নিম্ন পৰ্যায়ৰ লোকসকল আছিল সমাজৰ পৰা  বৰ্জিত শ্ৰেণী ।


👉চমু উত্তৰ ( Short type question )

11. Md . Bin . Kasem .( মো. বিন কাচেম )

উত্তৰঃ-  

12. Mihirkul (মিহিৰকুল ) 

উত্তৰঃ-ৰজা টোৰমানৰ মৃত্যুৰ পাছত ৫১৫ খ্ৰীঃত তেওঁৰ পুত্ৰ মিহিৰকুল ৰাজসিংহাসনত বহিছিল । ইতিহাসবিদসকলৰ মতে মিহিৰকুল এজন কঠোৰ আৰু অত্যাচাৰী শাসক আছিল । হিউৱেন চাঙৰ টোকাৰ পৰা জানিব পাৰি যে জীৱনৰ প্ৰথম কালছোৱাতে তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি অধিক আগ্ৰহী আছিল কিন্তু পাছলৈ তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি অপ্ৰিয়ভাজন হৈ বহুতো মন্দিৰ আৰু বৌদ্ধ-বিহাৰ আৰু স্তুপবোৰ  ধ্বংস কৰিছিল । এজন চীনৰ লেখকে মন্তব্য কৰিছিল যে তেওঁ আছিল বৌদ্ধ ধৰ্মৰ প্ৰধান শত্ৰু আৰু তেওঁৰ ধ্বংসকাৰী নীতি-নিয়মৰ ফলতেই ভাৰতীয় কলা আৰু শিল্পৰ যথেষ্ট ক্ষতি হৈছিল । তেওঁ যদিও শৈৱপন্থী আছিল তেওঁৰ অত্যাচাৰৰ বাবেই তেওঁ এজন জনপ্ৰিয় ৰজা হব পৰা নাছিল ।


13. Torman . (টোৰমান) 

উত্তৰঃ-  টোৰমান হুনসকলৰ এজন অতি উল্লেখযোগ্য ৰজা আছিল । তেওঁলোকক হুন বুলি অনুমান কৰা হয় । টোৰমান আছিল এজন বিখ্যাত যোদ্ধা আৰু প্ৰখ্যাত বীৰ । তেওঁ এজন জ্ঞানী শাসক আৰু চতুৰ ৰাজনীতিবিদ আছিল । তেওঁৰ প্ৰচেষ্টাতেই হুন সাম্ৰাজ্যৰ হেৰোৱা গৌৰৱ পুনৰ উভতি আহিছিল । তেওঁ মধ্য এছিয়াৰ পৰা পাতলিপুত্ৰলৈ এখন বিশাল সাম্ৰাজ্য গঢ়ি তুলিছিল । বহুতো পণ্ডিতৰ মতে তেওঁৰ শক্তি, দুৰদৰ্শিতা, কুটনৈতিক দক্ষতা আৰু সহনশীল মনোভাৱৰ কাৰণেই এই বিশাল সাম্ৰাজ্য গঢ়ি তোলাটো সম্ভৱপৰ হৈছিল ।  তেওঁ প্ৰচলিত শাসন ব্যৱস্থাৰ কোনো পৰিৱৰ্তন অনা নাছিল বা কাকো বিৰক্তিয়ো দিয়া লাছিল । প্ৰাদেশিক শাসন ব্যৱস্থা আৰু পুৰণি পৰিয়ালসমূহৰ মৰ্যাদা অক্ষুন্ন ৰাখিছিল । এনে উদাৰ ব্যৱস্থাৰ বাবেই নতুনকৈ অধিগ্ৰহণ কৰা ৰাজ্যসমূহৰ লগত বিৰোধ হোৱা নাছিল আৰু অতি ধুনীয়াকৈ শাসন ব্যৱস্থা চলিছিল । অতি কম সময়ৰ ভিতৰতে উত্তৰ ভাৰতৰ ইমান অঞ্চল নিজৰ অধীনলৈ আনিব পৰাটো ইতিহাসৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ ঘটনা । ৰজা টোৰমান ধৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ উদাৰ আৰু প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে শাসন ব্যৱস্থাৰ স্থিৰতা আনিছিল । 

14. Cultural effect of Arab Invasion .( আৰৱ আক্ৰমণৰ সাংস্কৃতিক প্ৰভাৱৰ বিষয়ে চমুকৈ লিখাঁ)  

উত্তৰঃ- ৰাজনৈতিক দিশৰ পৰা আৰৱ আক্ৰমণৰ একো প্ৰভাৱ দেখা পোৱা নাযায় কিন্তু সাংস্কৃতিক দিশত ইয়াৰ যথেষ্ট প্ৰভাৱ দেখা পোৱা যায় । ভাৰতবৰ্ষৰ উচ্চ সংস্কৃতিৰ প্ৰভাৱে আৰৱসকলক অনুপ্ৰাণিত কৰিছিল । ভাৰতবৰ্ষত প্ৰৱেশ কৰিয়েই আৰৱসকলে ভাৰতীয় সংস্কৃিৰ কৃতিত্ব দেখি আচৰিত হয় । ভাৰতত থকা সময়ত আৰৱৰ লোকসকলে জ্যোতিষ, ধৰ্মীয়-সহিষ্ণুতা , গণিত আৰু চিত্ৰকলাৰ বিষয়ে বহুতো জ্ঞান লাভ কৰে । পিছৰ যুগত ইউৰোপীয় সভ্যতাত যিবোৰ আৰৱীয় সংস্কৃতিৰ উপাদান পোৱা গৈছিল তাৰ সৰহভাগে ভাৰতৰ পৰা আয়ত্ব বা অৰ্জন কৰা । সেই সময়ত ভাৰতবৰ্ষৰ বৌদ্ধিক জ্ঞান যথেষ্ট উচ্চ আছিল । আৰৱৰ পণ্ডিতসকলে জ্ঞান আহৰণ কৰাৰ বাবে বৌদ্ধ ভিক্ষু, ব্ৰাহ্মণ, পণ্ডিতসকলৰ পৰা দৰ্শন বিদ্যা, গণিত শাস্ত্ৰ, ৰামায়ণ আৰু বিভিন্ন বিদ্যা শিকিছিল । আৰৱসকলে ভাৰতীয় জ্ঞান ইউৰোপলৈ প্ৰেৰণ কৰিছিল, বিশেষকৈ দৰ্শন, জ্যোতিষ আৰু গণিত শাস্ত্ৰৰ জ্ঞান ভাৰতৰ পৰাই আৰৱসকলে আয়ত্ব কৰিছিল, আনহাতে কেৱল, ধ্বংস আৰু লুন্ঠনৰ বাহিৰে আৰৱৰ আন কোনো সংস্কৃতিয়েই ভাৰতক দিব পৰা নাছিল । 

15. Sabuktagin . (চবুক্তগীন ) 

উত্তৰঃ- চবুক্তগীন আছিল আলপ্তগীন নামৰ এজন শাসনকৰ্তাৰ দাস। পাছলৈ তেওঁ নিজৰ দক্ষতাৰ বলত ৯৭৭ খ্ৰীঃত গজনীৰ ৰজা হয় । তেওঁ আছিল পাৰস্যৰ প্ৰথম সম্ৰাটৰ বংশধৰ বুলি ঘোষণা কৰিছিলযদিও তেওঁ তুৰ্কীস্থানত বহুতদিন থকাৰ কাৰণে তেওঁক তুৰ্কীসকলৰ বংশধৰ হিচাপে জনা যায় । আলপ্তগীনৰ তলত প্ৰথমে দাস হিচাপে কাম কৰি নিজৰ দক্ষতাৰ ফলত পিছলৈ  ৰজা  চবুক্তগীন আলপ্তগীনৰ জোৱায়েক হয়। চবুক্তগীনে প্ৰায় বিশ বছৰ ৰাজত্ব কৰিছিল । তেওঁ এজন সাহসী যোগ্য আৰু উচ্চাকাংক্ষী শাসক আছিল । তেওঁ যদিও বেচিভাগ সময় মধ্য এছিয়াৰ বিদ্ৰোহৰ সৈতে সময় পাৰ কৰিছিল তথাপিও তেওঁ কেইবাবাৰো বাৰতবৰ্ষ আক্ৰমণ কৰিছিল । সেই সময়ত পঞ্জাৱৰ শাসক আছিল ৰজা জয়পাল । তেওঁ গজনীৰ শাসনকৰ্তাই তেওঁৰ ৰাজ্য আক্ৰমণ কৰিব পাৰে বুলি অনুমান কৰিছিল । সেইকাৰণেই ৯৮৬-৯৮৭ খ্ৰীষ্টাব্দত তেওঁ এটা শক্তিশালী সৈন্যদল লৈ গজনী আক্ৰমণ কৰে । কিন্তু প্ৰচণ্ড ঘুৰ্ণী বতাহৰ ফলত তেওঁৰ সৈন্যদল ধ্বংস হয় আৰু তেওঁ ৰজা চবুক্তগীনৰ লগত এখন সন্ধি কৰিবলৈ বাধ্য হয় । এই সন্ধিৰ চৰ্তমতে তেওঁ নিজৰ ৰাজ্যৰ কিছুমান অংশ আৰু ৫০ টা হাতী যুদ্ধৰ ক্ষতিপুৰণ হিচাপে দিবলৈ মান্তি হয় । চবুক্তগীন আছিল এজন বিখ্যাত যোদ্ধা আৰু সাম্ৰাজ্য নিৰ্মাতা আছিল । তেওঁ এখন বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল । যদিও পঞ্জাৱৰ ৰজা জয়পালক পৰাস্ত কৰিছিল আৰু লগতে তিনি সন্মিলিত শক্তিত পৰাস্ত হৈছিল তথাপি অনুমান কৰিব পাৰি যে তেওঁ ভাৰতবৰ্ষত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে আগ্ৰহী আছিল নাইবা ইছলাম ধৰ্মৰ সম্প্ৰসাৰণৰ বাবে বিশেষ ব্যৱস্থা হাতত লোৱা নাছিল । 

16. Conquest of Bhatinda (1005 A.D) (ভাটিণ্ডা বিজয় (১০০৫ খ্ৰী) 

উত্তৰঃ-  চুলতান মামুদে গঙ্গা যমুনা আৰু দোৱাৱ অঞ্চলত থকা মন্দিৰসমূহ লুটি নিয়াৰ পৰিকল্পনা কৰিছিল । এই অঞ্চল ঢুকি পোৱাৰ আগতে ভাতিণ্ডা পোৱা যায়। সেইকাৰণেই ১০০৫ খ্ৰীষ্টাব্দত তেওঁ ভাতিম্ডা আক্ৰমণ কৰে । চুলতান মামুদে ভাতিণ্ডা আক্ৰমণকৰাৰ সময়ত তাৰ শাসক আছিল বাজীৰাও । বাজীৰাও এজন সাহসী ৰজা আছিল । তেওঁ চুলতানমামুদৰ লগত তীব্ৰ সংঘাটত লিপ্ত হয় যদিও অৱশেষত মামুদৰ আক্ৰমণ সহ্য কৰিব নোৱাৰি পলাই যায় ।  মামুদৰ সৈন্যদলে বাজীৰাওক খেদি যায় আৰু কোনো উপায় বিচাৰি নাপাই শেষত জয়পালৰ নিচিনাকৈ বাজীৰাওৱে আত্মহত্যা কৰে । চুলতান মামুদে অকল বাতিম্ডা আক্ৰমণ কৰিয়েই বহি থকা নাছিল । তেওঁ ভাতিন্দাত বহুতো নিৰপৰাধী পুৰুষ মহিলাক হত্যা কৰে । তেওঁ হিন্দুসকল যদি বাচি থাকিব বিচাৰে তেন্তে বা তেনেহলে ইছলাম ধৰ্ম গ্ৰহণ কৰিবৰ কাৰণে বাধ্য কৰাইছিল ।

17. Plundering the Somnath temple ( 1025 A.D )(সোমনাথ মন্দিৰ লুণ্ঠন কৰা (১০২৫ খ্ৰী)

উত্তৰঃ- সোমনাথ মন্দিৰৰ অভিযান আছিল মামুদৰ এটা অতি উল্লেখযোগ্য অভিযান । সোমনাথ মন্দিৰত বহুতো ধন-সম্পত্তি আছিল । ১০২৫ খ্ৰীষ্টাব্দৰ ১৭ অক্টোবৰত চুলতান মামুদে সোমনাথ মন্দিৰৰ ফালে ৰাওনা হৈছিল বা যাত্ৰা আৰম্ভ হৈছিল । এই অভিযান আৰম্ভ হোৱাৰ সময়ত বহুতো লোক তেওঁৰ সঙ্গী হয় । 

চুলতান মামুদ সোণৰ কাৰণে বহুতো লুভীয়া আছিল । এই মন্দিৰ লুট-পাট কৰি যথেষ্ট ধন-সোণ বাব বুলি মামুদে নিশ্চিত হৈছিল ।  

বহুতো ইতিহাসবিদে মন্তব্য কৰিছিল যে এসময়ৰ পুজাৰীসকলে মামুদৰ বিষয়ে বহুতো কটুক্তি কৰিছিল । মামুদে ইয়াৰ প্ৰতিশোধ লোৱাৰ কাৰণে সোমনাথ মন্দিৰ আক্ৰমণ কৰিছিল ।

মন্দিৰৰ পবিত্ৰতা নষ্ট কৰা মূৰ্তি ভঙা কামত তেওঁ যথেষ্ট আগ্ৰহী আছিল । ইয়াৰ দ্বাৰাই তেওঁ হিন্দু ধৰ্মৰ বিদ্বেষী মনোভাৱটো অতি স্পষ্টকৈ ফুটি উঠিছে ।

সোমনাথ মন্দিৰ আক্ৰমণ কৰি বহুতো হিন্দু লোকক হত্যা কৰাটো তেওঁৰ উদ্দেশ্য আছিল ।

সোমনাথ মন্দিৰৰ চাৰিওফালে প্ৰায় ১০ হেজাৰ হিন্দু গাওঁ আছিল । হিন্দুলোকসকলে সোমনাথক বহুতো শ্ৰদ্ধা ভক্তি কৰিছিল । সোমনাথ মন্দিৰৰ মূল বিগ্ৰহ মন্দিৰৰ মাজতে আছিল । মামুদে যেতিয়া মন্দিৰত প্ৰৱেশ কৰে মন্দিৰৰ পুজাৰী বা স্বেচ্ছাসেৱকসকলে তেওঁক যথেষ্ট বাধা দিছিল কিন্তু এজন-এজনকৈ সকলো পৰাজিত হৈছিল । মন্দিৰৰ সন্মুখতে যুদ্ধৰ আৰম্ভ হৈছিল । 

.মন্দিৰৰ মূল বিগ্ৰহ ভাঙি তাৰ টুকুৰাবোৰ গজনী, মক্কা আৰু বাগদাদলৈ পঠোৱা হৈছিল । এইবোৰ দুৱাৰমুখৰ খট-খটিতব্যৱহাৰ কৰা হৈছিল । মন্দিৰৰ ওচৰত থকা কোষাগাৰত বহুতো সোণ আৰু ৰূপৰ মূত্তি আছিল । ইয়াক ঢাকি ৰখা কাপোৰসমূহতো বহুত হীৰা, মুকুতা আৰু মূল্যবান পাথৰ আছিল । ঐতিহাসিকসকলৰ মতে মন্দিৰৰ পৰা লুট-পাট কৰা অৰ্থৰ পৰিমাণ ২,০০০,০০০ ডিনাৰতকৈ বেছি । এই আক্ৰমণত মৃত্যু হৈছিল প্ৰায় পঞ্চাশ হেজাৰৰ ওপৰত । 

এনেদৰে মধ্যযুগত  ভাৰতৰ মন্দিৰসমূহৰ পবিত্ৰতা নাইকিয়া হৈ গৈছিল । সিন্ধু দেশ হৈ মামুদে গজনী ৰাজ্যলৈ প্ৰত্যাবৰ্তন কৰিছিল আৰু লগত লৈ গৈছিল সোমনাথ মন্দিৰ লুন্ঠন কৰি পোৱা অজস্ত্ৰ ধন-সম্পদ । মন্দিৰৰ ঘন্টাসমূহ আৰি থোৱা সোণৰ জিঞ্জৰী সমূহৰ ওজন আছিল প্ৰায় ২০০ মোন । 

 18. 1st Battle of Tarain 1191 .(  তৰাইনৰ প্ৰথম যুদ্ধ ১১৯১)  

উত্তৰঃ- তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল ১১৯১ খ্ৰীত । মহম্মদ ঘোৰীয়ে যেতিয়া ভাতিণ্ডাত নিজৰ আধিপত্য বিস্তাৰ কৰিছিল সেই সময়ত দিল্লী আৰু আজমীৰৰ শাসনকৰ্তা পৃথিৰাজ চৌহান বা ৰাজ পিথোৰা শংকিত হয় । ৰজা পৃথিৰাজ চৌহান আছিল এজন সাহসী আৰু শক্তিশালী আছিল । এটা সৈন্যদল লগত লৈ ঘোৰীৰ পথ বন্ধ কৰিবৰ বাবে তেওঁ ভাতিণ্ডালৈ আগবাঢ়ি আহে । থানেশ্বৰৰ পৰা ১৬ মাইল দূৰত তৰাইন নামৰ এখন ঠাইত ৰজা পৃথিৰাজ চৌহান আৰু ঘোৰী সাম্ৰাজ্যৰ সম্ৰাট মহম্মদ ঘোৰীৰ মাজত এখন তুমুল যুদ্ধ হয় । বহুতো ৰাজপুত ৰজাই এই যুদ্ধত পৃথিৰাজ চৌহানক আৰ্থিকভাৱে সহায় কৰিছিল । একমাত্ৰ গড়হৱাল ৰজা কনৌজৰ জয়চন্দ্ৰই পৃথিৰাজক যুদ্ধত সহায় কৰা নাছিল । এই যুদ্ধত পৃথিৰাজৰ ভায়েক গোবিন্দ চন্দ্ৰই নিজৰ দুটা দাত হেৰুওৱা বাহিৰেও ঘোৰীক আক্ৰমণ কৰি বৰ বেয়াকৈ আঘাত কৰিছিল । প্ৰৱল ৰক্তপাতৰ বাবে মহম্মদ ঘোৰীয়ে ঘোৰাৰ পৰা পৰাৰ আগতে এজন খিলিজি সৈন্যই ঘোৰীক যুদ্ধক্ষেত্ৰৰ পৰা পলাই নিয়ে ।  যুদ্ধক্ষেত্ৰৰ পৰা চুলতান নাইকীয়া হোৱাৰ কাৰণে সকলো সৈন্যই পলাই পত্ৰং দিয়ে । ইয়াৰ পিছত পৃথিৰাজে মুছলমানসকলক যুদ্ধত পৰাস্ত কৰি পুনৰ ভাতিণ্ডা তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰে ।  কিন্তু এই পৰাজয়ে ঘোৰীৰ মনত বহুতো প্ৰভাৱ পেলাইছিল । সেইকাৰণে তেওঁ এই পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যোৰে পুনৰ ভাৰতবৰ্ষ আক্ৰমণ কৰে । 

19. 2nd Battle of Tarain 1192 . (তৰাইনৰ দ্বিতীয় যুদ্ধ ১১৯২)

উত্তৰঃ-  তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল ১১৯২ চনত । মহম্মদ ঘোৰীয়ে গজনীলৈ ঘুৰি গৈ যুদ্ধ ক্ষেত্ৰৰ পৰা পলায়ন কৰা সৈন্য আৰু সেনাপতিসকলক বহুতো কঠোৰ শাস্তি প্ৰদান কৰে । ১১৯২ খ্ৰী-ত তেওঁ পুনৰ তৰাইন নামৰ ঠাইত পুনৰ বাহৰ পাতে । এইবাৰো পৃথিৰাজ চৌহানে ঘোৰীৰ লগত তুমুল যুদ্ধত লিপ্ত হৈছিল । প্ৰথম অৱস্থাত যদিও হিন্দুসকলৰ জয় হৈছিল কিন্তু ঘোৰীৰ সমৰ যাত্ৰা আৰু যুদ্ধ কৌশলৰ আগত হিন্দু সৈন্য তিষ্ঠিব নোৱাৰিলে । মহম্মদ ঘোৰীৰ ৰণ নীতিয়ে শেষত ৰাজপুতসকলৰ পৰাজয় আনে । সাহসী ৰাজপুত বীৰ গোবিন্দ্ৰ চন্দ্ৰ আৰু খান্দে ৰাজৰ মৃত্যু হয় । এনেকোৱা সংকটপূৰ্ণ অৱস্থাত পৃথিৰাজ চৌহান হাতীৰ পৰা নামি এটা ঘোৰাত উঠি সাৰিবলৈ চেষ্টা কৰে কিন্তু মুছলমান সৈন্যই তেওঁক সৰস্বতী নদীৰ ওচৰত কৰায়ত্ত বা ধৰি আনি হত্যা কৰে । পৃথিৰাজ ৰজাৰ মৃত্যুৰ বিষয়টোক লৈ বহুতো ইতিহাসবিদৰ মাজত মতানৈক্য হোৱা দেখা যায়।

 মুছলমান কবি মিনহাজে লিখিছে যে তেওঁক বন্দী কৰি হত্যা কৰি হত্যা কৰা হৈছিল । হাছান নিজামীৰ মতে বন্দী কবি তেওঁক আজমেৰলৈ পঠোৱা হৈছিল আৰু কিছুমান দিনৰ পাছত তেওঁৰ মৃত্যু হৈছিল । সভাসদ কবি আৰু ইতিহাসবিদ চন্দ্ৰা বাৰদৈৰ মতে পৃথিৰাজক অন্ধ কৰা হৈছিল কিন্তু এক ধনুকাড় প্ৰদৰ্শনীত তেওঁ মহম্দ ঘোৰীক হত্যা কৰিছিল । সেইকাৰণে মুছলমান লোকসকলে তেওঁৰ শিৰচ্ছেদ কৰে । 

20. Prithviraj Chouhan .(পৃথ্বীৰাজ চৌহান )  

উত্তৰঃ- 

21. The last Expedition of Md . Ghori 1205 .(মো. ঘোৰী ১২০৫) 

উত্তৰঃ- কনৌজত জয় লাভ কৰাৰ পিছত মহম্মদ ঘোৰী  কিছুদিন মধ্য এছিয়াৰ যুদ্ধত ব্যস্ত আছিল আৰু কেবাবছৰ ধৰি তেওঁ ভাৰতবৰ্ষলৈ আহিব পৰা নাছিল । ইয়াৰ ফলত এটা অপপ্ৰচাৰ চলিছিল যে অন্ধকুদ নামৰ ঠাইত তুৰ্কীসকলে ঘোৰীক উভতাই পঠাইছে । সেইকাৰণেই খোকৰসকলে বিদ্ৰোহ ঘোষণা কৰি তুৰ্কীসকলৰ দাসত্বৰ পৰা মুক্ত হব বিচাৰিছিল । কুটুবুদ্দিন আইবাকে যথেষ্ট চেষ্টা কৰিও এই বিদ্ৰোহটো দমন কৰিব পৰা নাছিল । সেইকাৰণেই ১২০৫ খ্ৰীষ্টাব্দত মহম্মদ ঘোৰী পঞ্জাৱলৈ আহে আৰু কুটুবুদ্দিন আইবাকৰ সৈন্যদলৰ লগ-লাগি খোকৰ লোকসকলক ধ্বংস কৰে । এইটোৱে আছিল মহম্মদ ঘোৰীৰ শেষৰবাৰ ভাৰত অভিযান । 

👉অতি চমু প্রশ্ন ( Very short type question ) 

22. Write two important king of Huna Dynasty .(হুনা ৰাজবংশৰ দুজন গুৰুত্বপূৰ্ণ ৰজাৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- হুনা ৰাজবংশৰ দুজন গুৰুত্বপূৰ্ণ ৰজাৰ নাম হল টোৰমান আৰু মিহিৰকুল ।

টোৰমানঃ হুনসকলৰ ভাৰতবৰ্ষৰ কাৰ্যকলাপ সম্পৰ্কে বেছি তথ্য পোৱা নাযায় । মুদ্ৰা আৰু লিপিসমূহৰ পৰা জানিব পৰা গৈছিল যে টোৰমান  নামৰ এজন হুন ৰজাই ভাৰতবৰ্ষতশাসন কৰিছিল । 

৫ম শতিকাৰ শেষৰ ফালে টোৰমানে পঞ্জাৱৰ দিশৰ পৰা অগ্ৰসৰ হৈ আহি পশ্চিম ভাৰতৰ এটা ডাঙৰ অঞ্চল দখল কৰে । তাৰোপৰি তেওঁৰ সাম্ৰাজ্য ইৰাণৰো অন্তভূৰ্ক্ত হৈ আছিল ।ৰজা টোৰমানৰ মুদ্ৰাই প্ৰমাণকৰে যে তেওঁ বিদেশী মূলৰ ৰজা আছিল । তেওঁ উত্তৰ প্ৰদেশ, ৰাজস্থান, পঞ্জাৱ আৰু কাশ্মীৰত শাসন চলাইছিল । ৰজা টোৰমান আছিল এজন প্ৰসিদ্ধ যোদ্ধা । .তেওঁ এজন জ্ঞানী শাসক আৰু চতুৰ ৰাজনীতিবিদ আছিল । তেওঁৰ অশেষ চেষ্টাতেই হুন সাম্ৰাজ্যৰ হেৰুৱা গৌৰৱ পুনৰ ঘুৰি আহিছিল ।  ডঃ উপেন্দ্ৰ ঠাকপৰৰ মতে তেওঁৰ শক্তি, দুৰদৰ্শিতা, কুটনৈতিক দক্ষতা আৰু সহনশীল মনোভাৱৰ বলতেই এখন বিশাল সাম্ৰাজ্য গঢ়ি তোলাতো সম্ভৱপৰ হৈছিল । ৰজা টোৰমানে প্ৰচলিত হৈ থকা শাসন ব্যৱস্থাৰ কোনো পৰিৱৰ্তন অনা নাছিল। প্ৰাদেশিক শাসন ব্যৱস্থা ঈৰু পুৰণি পৰিয়াল সমূহৰ মৰ্যাদা অক্ষুন্ন ৰাখিছিল । ৰজা টোৰমানৰ এনে উদাৰ ব্যৱস্থাৰ কাৰণেই নতুনকৈ অধিগ্ৰহণ কৰা ৰাজ্যসমূহৰ লগত বিৰোধ গটা নাছিল আৰু অতি সুন্দৰভাৱে শাসন ব্যৱস্থা চলিছিল । অতি কম সময়ৰ ভিতৰতে উত্তৰ ভাৰতৰ ইমানবোৰ অঞ্চল নিজৰ অধীনলৈ আনিব পৰাটো ইতিহাসৰ এটা বিৰল ঘটনা । তেওঁৰ এনে কৃতকাৰ্যতা হয়তো অশোক বা চন্দ্ৰগুপ্তৰো ইৰ্যাৰ বিষয় । টোৰমান ধৰ্মৰ বিষয়ত সম্পূৰ্ণ উদাৰ  আৰু প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে বা দ্বাৰাই শাসন ব্যৱস্থাৰস্থিৰতা আনিব পাৰিছিল ।

মিহিৰকুল ঃ টোৰমানৰ মৃত্যু হোৱাৰ পিছত তেওঁৰ পুত্ৰ মিহিৰকুল হুন সাম্ৰাজ্যৰ ৰজা হয় । ইতিহাসবিদসকলৰ মতে মিহিৰকুল আছিল এজন নিষ্ঠুৰ আৰু অত্যাচাৰী ৰজা । হিউৱেন চাঙৰ টোকাৰ পৰা জানিব পৰা যায় যে তেওঁ জীৱনৰ আৰম্ভণীতে এজন বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত ব্যক্তি আছিল কিন্তু পিছলৈ তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি অপ্ৰিয়ভাজন হৈ বহুতো বৌদ্ধ মন্দিৰ, বৌদ্ধ বিহাৰ ধ্বংস কৰে । এজন চীনৰ সাহিত্যিকে কৈছে যে তেওঁ আছিল বৌদ্ধ ধৰ্মৰ প্ৰধান শত্ৰু আৰু তেওঁৰ ধ্বংসকাৰী নীতিৰ কাৰণতেই ভাৰতীয় কলা আৰু শিল্পৰ যথেষ্ট ক্ষতি হৈছিল । তেওঁ যদিও শৈৱ ধৰ্মৰ পন্থী আছিল তেওঁৰ বৰ্বৰ অত্যাচাৰৰ কাৰণেই তেওঁ এজন জনপ্ৰিয় ৰজা হব পৰা নাছিল ।

প্ৰকৃততে কবলৈ গলে তেওঁ এজন অসুৰ আৰু পৰ্বতৰ পৰা পিছলি পৰা দেখিলে আনন্দ কৰামানুহ । মিহিৰকুলে গান্ধাৰ আৰু কাশ্মীৰত ৰাজত্ব কৰিছিল আৰু দক্ষিণ ভাৰত আৰু সিংহল দ্বীপ জয় কৰিছিল ।মিহিৰকুল এজন শক্তিশালী ৰজা আছিল । তেওঁ উত্তৰ ভাৰতৰ এটা বিশাল অঞ্চল দখল কৰিছিল ।  ৰজা মিহিৰকুলৰ ৰাজধানী আছিল শিয়ালকোট । আফগানিস্থান,পঞ্জাৱ, মালৱ আৰু ৰাজপুতনা তেওঁ সাম্ৰাজ্যখনৰে অংশ আছিল ।তেওঁ বেছিদিন ৰাজত্ব কৰিব পৰা নাছিল ।

23. Who defeated the Hunas in India and when ?(ভাৰতত হুনাসকলক কোনে পৰাজিত কৰিছিল আৰু কেতিয়া পৰাজিত কৰিছিল ?)

উত্তৰঃ-  স্কন্দগুপ্তৰ ৰাজত্বকালত হুনসকলে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল যদিও পিছত তেওঁলোকক সেই ঠাইৰ পৰা খেদি পঠিওৱা হয় । এই আক্ৰমণটো ইমানেই ভয়ংকৰ আছিল যে বহুদিন ধৰি হুনসকলে পুনৰবাৰ ভাৰতবৰ্ষ আক্ৰমণৰ কথা ভাবিব পৰা নাছিল । গুপ্তসকলৰ সম্ৰাটকুমাৰগুপ্তৰ ৰাজত্বকালৰ পৰা ভাৰতবৰ্ষত হুনসকলৰ আক্ৰমণ আৰম্ভ হয় । কুমাৰগুপ্তৰ পুত্ৰ স্কন্দগুপ্তৰ হুনসকলৰ আক্ৰমণ বৰ বেছি হৈ গৈছিল । জুনাগড় নামৰ এখন শিলালিপিৰ পৰা জানিব পৰা গৈছিল যে গুপ্ত বংশৰ সম্ৰাট স্কন্দগুপ্তই হুনসকলক যুদ্ধত পৰাস্ত কৰিছিল । 

স্কন্দগুপ্তৰ মৃত্যুৰ পাছত গুপ্তবংশৰ সিংহাসনত কোনো শক্তিশালী ৰজা বহা নাছিল। সেইকাৰণে হুনসকলৰ আক্ৰমণক বাধা দিব পৰা ক্ষমতা তেওঁলোকৰ হাতত নাছিল। হুনসকলে উত্তৰ-পশ্চিম সীমান্তৰ পৰা ভাৰতবৰ্ষত সোমাই প্ৰজাসকলৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰিছিল । হুনসকলৰ প্ৰথম আক্ৰমণটো আছিল এটা সাধাৰণ বিদ্ৰোহ আৰু যিটো  বিদ্ৰোহ ৰাজকুমাৰ স্কন্গুপ্তই বাধা দিছিল । তাৰ পিছত স্কন্দগুপ্তই ৰজা হৈয়োবাধা দিছিল । কিছুমান পণ্ডিতে কব বিচাৰে যে দ্বিতায়বাৰৰ আক্ৰমণকাৰী হুনসকল নাছিল তেওঁলোক আছিল কিডাৰ বা কুশানসকল ।ৰজা স্কন্দগুপ্তই  হুনসকলৰ লগত দ্বিতীয়বাৰ যুদ্ধ-বিগ্ৰহ কৰা নাছিল । মুঠৰ ওপৰত কবলৈ হলে হুনসকলক পৰাজিত কৰিছিল গুপ্তবংশৰ সম্ৰাট স্কন্দগুপ্তই আৰু তেওৱেইহুনসকলক যুদ্ধত পৰাজিত কৰিছিল ।

24. What was the Immediate cause of Arab Invasion on Sind ?(পাপৰ ওপৰত আৰৱ আক্ৰমণৰ তাৎক্ষণিক কাৰণ কি আছিল লিখাঁ) 

উত্তৰঃ-  সিংহলৰ ৰজাই ধন , সোণ, আৰু লগতে বহুতো উপহাৰ আৰু লগতে জাহাজ কেইখনমন খলিফাৰ কাৰণে পঠাই দিছিল । এই জাহাজ কেইখন সিন্ধুৰ ওচৰৰ দেৱলত কিছুমান জলদস্যুৱে লুন্ঠন কৰে । এই উপহাৰবোৰ খলিফাৰ প্ৰতিনিধি হাজ্জাজৰ কাৰণে প্ৰেৰণ কৰা হৈছিল । যিখিনি সময়ত এই ঘটনাটো ঘটিছিল সেই সময়ত সিন্ধু দেশৰ শাসনকৰ্তা আছিল দাহিৰ ।এই ঘটনাটোত খলিফাৰ প্ৰতিনিধি হাজ্জাজ অসন্তুষ্ট হৈছিল আৰু ৰজা দাহিৰক ইয়াৰ ক্ষতিপুৰণ দিবলৈ দাবী কৰে । তেতিয়া সিন্ধুৰ শাসনকৰ্তা দাহিৰে স্পষ্টকৈ উত্তৰ দিয়ে যে  জলদস্যুবোৰ তেওঁৰ ৰাজ্যখনৰ লোক নহয় আৰু সিহত তেওঁৰ নিয়ন্ত্ৰণতো নপৰে । সেই কাৰণেই আনৰ দোষ তেওঁ মুৰ পাতি লব নোৱাৰে । দাহিৰৰ এনে উত্তৰত খলিফাৰ প্ৰতিনিধি হাজ্জাজ বৰ বেয়াকৈ লাজত পৰে আৰু সিন্ধু দেশখন আক্ৰমণ কৰাৰ সিদ্ধান্চ গ্ৰহণ কৰে । +হাজ্জাজে তেওঁৰ ভতিজাক আৰু জোৱায়েক মহম্মদ বিন কাচিমক সিন্ধু দেশ আক্ৰমণ কৰিবলৈ পঠায় । যিখিনি সময়ত মহম্মদ বিন কাচিমক আক্ৰমণ কৰিবলৈ পঠাইছিল সেই ,সময়ত কাচিমৰ বয়স আছিল ১৭ বছৰ । 

আৰৱসকলৰ আক্ৰমণৰ সন্মুখীন হবলৈ সিন্ধু দেশৰ জনসংখ্যা আছিল বহুত কম আৰু আৰ্থিক ভাৱেও সিন্ধু দেশ জয় দুৰ্বল আছিল । সিন্ধু দেশৰ জনসাধাৰণৰ মাজত শ্ৰেষ্ঠতা আৰু  মানৱতাবিহীন বিভাজনৰ সৃষ্টি কৰিছিল । অৰ্থনৈতিক সম্পদত চহকী নহয় কাৰণেই সিন্ধুদেশখন শক্তিশালী আছিল । ৰজা দাহিৰৰ পৰিয়াল সিন্ধুৰ জনসাধাৰণৰ মাজত অলপো জনপ্ৰিয় নাছিল । সেইকাৰণেই জনসাধাৰণে দাহিৰৰ পৰা পৰিত্ৰাণ আৰু শান্তি বিচাৰি আছিল । তেওঁ নিজৰ ভূলৰ কাৰণতেই সিন্ধু দেশৰ স্বাধীনতা খৰ্ব হৈছিল । 

ধৰ্মীয় চেতনা আৰু উদ্দীপনাই আৰৱসকলক যথেষ্ট অনুপ্ৰাণিত কৰিছিল । কিন্তু হিন্দুসকলৰ মাজত তেনেকুৱা একো চেতনা বা উদ্দীপনা দেখা নগৈছিল বা দেখা পোৱা নাছিল  । 

 25. Define the meaning of Dar - ur - Harb and Dar - ul - Islam (দাৰৰ অৰ্থ নিৰ্ধাৰণ কৰা - আপোনাৰ - হাৰ্ব আৰু দাৰ - উল - ইছলাম) 

উত্তৰঃ-   ইছলাম ধৰ্মৰ সমৰ্থকসকলে জিহাদ ঘোষণা কৰি যিবোৰ দেশত ইছলাম ধৰ্ম বিয়পা নাছিল তাত তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল । তেওঁলোকৰ ধৰ্মীয় আকাংক্ষাই ভাৰতবৰ্ষ আক্ৰমণ কৰিবলৈ বা আক্ৰমণ কৰি হাৰ-উল-হাৰ্ব ক দাৰ-উল-ইছলামত পৰিণত কৰিব বিচাৰিছিল । আৰৱসকলে দুবাৰো জয় কৰিবলৈ চেষ্টা চলাইছিল । তেওঁলোকে সিন্ধু আক্ৰমণ কৰিছিল কিন্তু ভৌগলিক জ্ঞানৰ অভাৱত তেওঁলোকে তেওঁলোকৰ পৰিকল্পনা ত্যাগ কৰিবলগা হৈছিল । ভাৰতত বিজয় সাব্যস্ত কৰাৰ বাবে আব্দুলাক প্ৰেৰণ কৰা হৈছিল কিন্তু তেওঁ কৃতকাৰ্য হব নোৱাৰি খলিফাক কৈছিল --- তাত খোৱা খাদ্যৰ অভাৱ,ফল-মূল , আদিও পোৱা নাযায় । লুন্ঠনকাৰীসকল বৰ সাহসী ঘদিও কম সংখ্যক সৈন্য  প্ৰেৰণ কৰা হয় সিহতক হত্যা কৰিব, যদি বেছি সংখ্যক পঠোৱা হয় তেনেহলে ভোকত মৰিব । 


26. Why did the Arabs fail to establish permanent empire in India ?(আৰৱসকলে ভাৰতত স্থায়ী সাম্ৰাজ্য স্থাপন কৰাত কিয় ব্যৰ্থ হৈছিল লিখাঁ) 

উত্তৰঃ-  আৰৱসকলে ভাৰতবৰ্ষত স্থায়ী সাম্ৰাজ্য স্থাপন কৰাত ব্যৰ্থ হোৱা কাৰণকেইটা হল 

মহম্মদ বিন কাচিমৰ অকাল মৃত্যুঃ সিন্ধুবিজেতা বা সিন্ধু সাম্ৰাজ্য জয় কৰা মহম্মদ বিন  কাচিম বেছি দিন জীয়াই নাথাকিল । যিটো সময়ত সিন্ধুদেশত মহম্মদ বিন কাচিমৰ সেৱাৰ অত্যন্ত প্ৰয়োজন আছিল সেই সময়তে খলিফাই কাচিমক মৃত্যুদণ্ড দিছিল । তেওঁ হিন্দুসকলক দেৱল, মূলতান , কনৌজ আদিত পৰাস্ত কৰিছিল কিন্তু তেওঁৰ অকাল মৃত্যুৰ বাবে সেইবোৰ ৰাজ্যত শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব নোৱাৰিলে । যদিও কাচিমৰ পূৰ্বে দুবাৰো খলিফাই সিন্ধুদেশ জয় কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হব পৰা নাছিল আৰু মহম্মদ বিন কাচিম সফল হোৱাৰ পিছত খলিফাৰ দ্বাৰা ইয়াৰ পুনৰ সম্প্ৰসাৰণ ৰোধ কৰা হৈছিল । কাচিমৰ মৃত্যুৰ কাৰণেই আৰৱসকলৰ ক্ষমতা আৰু শক্তিৰ অধঃপতন হয় ।

সহায়ৰ অভাৱ ঃ সিন্ধুদেশখন অৰ্থনৈতিকভাৱে অনগ্ৰসৰ আছিল । ই খলিফাৰ বাবে বিশেষ সুবিধা আগবঢ়াব পৰা নাছিল । সেইকাৰণে সিন্ধুদেশ শাসনৰ বিষয়ে খলিফাই মনোযোগ দিয়া নাছিল । তেতিয়াৰ পৰা খলিফাই সিন্ধুদেশৰ প্ৰতি সহায়-দায়িত্ব এৰিবলৈ ধৰিলে সিন্ধুৰ অৱস্থা দিনক-দিনে বেয়াৰ ফালে গতি কৰিবলৈ ধৰিলে । মহম্মদ বিন কাচিমৰ সিন্ধুদেশত যথেষ্ট সহায়ৰ বাবে প্ৰয়োজন হৈছিল কিন্তু অমনোযোগী খলিফাই সিন্ধুদেশৰ মঙ্গলৰ বাবে কোনো চিন্তা-চৰ্চা কৰা নাছিল । 

ভূল প্ৰৱেশদ্বাৰঃ সিন্ধুৰ প্ৰদেশখন প্ৰকৃততে ভাৰতবৰ্ষৰ সঠিক প্ৰৱেশ পথ নাছিল । আৰৱসকলে এই পথেদি ভাৰতত প্ৰৱেশ কৰি এটা ডাঙৰ ভূল কৰিছিল । সিন্ধু হল মৰুভূমি আৰু ইয়াত আক্ৰমণকাৰীসকলৰ  বাবে কোনো আয়ৰ প্ৰমাণ নাছিল । 

27. Who was the founder of Turk and the name of its capital ? তুৰ্কৰ প্ৰতিষ্ঠাপক নাম কি আছিল আৰু ইয়াৰ ৰাজধানীৰ নাম কি আছিল লিখাঁ ?) 

উত্তৰঃ-তুৰ্কৰ প্ৰতিষ্ঠাপকজনৰ  নাম হল ইছমাইল আৰু ইয়াৰ ৰাজধানীৰ নাম আছিল বুখাৰা ।

28. When did Mahmood ascended the throne and what was his age ?(মামুদে কেতিয়া সিংহাসনত আৰোহণ কৰিছিল আৰু তেওঁৰ বয়স কি আছিল লিখাঁ ) 

উত্তৰঃ- মামুদে ৯৯৮ খ্ৰীঃত সিংহাসনত আৰোহণ কৰিছিল । তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২৭ বছৰ ।

29. How many times did Mahmood invade India ? Write both opinion ?(মামুদে ভাৰতত কিমানবাৰ  আক্ৰমণ কৰিছিল দুয়োটা মতামত কোনে লিখিছিল? 

উত্তৰঃ- কিছুমান ঐতিহাসিকবিদে কোৱা মতে চুলতান মামুদে প্ৰায় ১৭ বাৰ ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল আৰু আন কিছুমান ঐতিহাসিকে মামুদে ১২ বাৰ ভাৰত আক্ৰমণ কৰিছিল বুলি কব খোজে । 

 30. What was the last Invasion of Mahmood and in which year ?(মামুদে অন্তিম আক্ৰমণ কেতিয়া কৰিছিল আৰু কোন বছৰত  আক্ৰমন কৰিছিল ?

উত্তৰঃ- মামুদে অন্তিম আক্ৰমণ কৰিছিল সিন্ধুদেশৰ জাটসকলৰ বিৰুদ্ধে । ১০২৭ খ্ৰীষ্টাব্দত আক্ৰমণ কৰিছিল ।

31.What is the other name of Mahmood Ghori ?( মহম্মদ ঘোৰীৰ আন এটা নাম কি আছিল )

উত্তৰঃ মহম্মদ ঘোৰীৰ আন এটা নাম আছিল মইজুদ্দিন ।

 32. When and where Md . Ghori died ?মহম্মদ ঘোৰীৰ কেতিয়া আৰু কিমান  চনত মৃত্যু হৈছিল লিখাঁ ?) 

উত্তৰঃ খোকৰসকলক পৰাস্ত কৰি গজনীলৈ ঘুৰি যোৱাৰ সময়ত ১২০৬ খ্ৰীঃত তেওঁৰ মৃত্যু হৈছিল ।

 33. Where is Anhilwara and who ruled there ? (অখিলৱাৰা ক'ত আছে আৰু তাত কোনে শাসন কৰিছিল লিখাঁ) 

উত্তৰঃ  অনহিলৱাৰা চিইত পাটনত আছে । ভানৰাজ চাৱদা নামৰ এজন চালুক্য বংশৰ ৰজাই শাসন কৰিছিল ।

👉বস্তু ধর্মী প্রশ্ন ( Objective type test ) 

. 34. True false test . (সঁচা মিছা পৰীক্ষা কৰা ) 

1 ) Mihirkul was the first Huna ruler .(মিহিৰকুল আছিল প্ৰথম হুনা শাসক ) 

উত্তৰঃ মিছা ।

i ) Huna Invaded India in 465 A.D.( হুনাই ৪৬৫ খ্ৰীঃত ভাৰত আক্ৰমণ কৰিছিল) 

উত্তৰঃ

 ii ) Hazrat Muhammad died in 570 A.D.( ৫৭০ খ্ৰীষ্টাব্দত হজৰত মহম্মদৰ মৃত্যু হৈছিল ।

উত্তৰঃ  সচা । 

 iv ) Md Bin Kasem was a Turk general (মহম্মদ বিন কাচেম এজন তুৰ্ক জেনেৰেল আছিল)  

উত্তৰঃ মিছা ।

35. Fill up the gaps . 

1 ) Alaptagin was the founder of ______( আলপ্তগীন ইয়াৰ প্ৰতিষ্ঠাপক আছিল_____) 

উত্তৰঃ গজনী ৰাজ্যৰ ।

ii ) Sultan Mahmood born in _____(চুলতান মামুদৰ জন্ম হৈছিল____) 

উত্তৰঃ ৯৭১ খ্ৰীষ্টাব্দৰ ১ নৱেম্বৰত ।

iii) Md. Ghori was the______ Invader of India .(মহম্মদ ঘোৰী ভাৰতৰ ______ আক্ৰমণকাৰী আছিল)

উত্তৰঃ তৃতীয় আক্ৰমণকাৰী ।

 iv ) Prithviraj Chouhan in also known as______( পৃথ্বীৰাজ চৌহান ক ______নামেৰেও জনা যায়)

উত্তৰঃ পৃথিৰাজা । 

36. Answer the question .

1 .Who is Torman ?(টোৰমান কোন আছিল ?)

উত্তৰঃ   টোৰমান হুনসকলৰ এজন শক্তিশালী সম্ৰাট আছিল ।

 2 . How many years the Khaliffas ruled India ?(খলিফাসকলে কিমান বছৰ ভাৰত শাসন কৰিছিল )

উত্তৰঃ  খলিফাসকলে ১৯১৯-২৪ প্ৰায় ৪ বছৰ ভাৰতবৰ্ষত শাসন কৰিছিল ।

 3 . When Mahmood first attacked India ? (মামুদে প্ৰথমবাৰৰ বাবে ভাৰত আক্ৰমণ কেতিয়া কৰিছিল ?) 

উত্তৰঃ ১০০১ খ্ৰীঃত চুলতান মামুদে প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল । 

 4 . Who is Trilochanpal ?(ত্ৰিলোচনপাল কোন আছিল ) 

উত্তৰঃ  ত্ৰিলোচন পাল হল মুলতানৰ শাসনকৰ্তা আছিল আৰু আনন্দ পালৰ উত্তৰাধিকাৰী আছিল । 

37. Matching 

i) Sukhpal ( সুখপাল)     i. Bukhara(বুখাৰা) 

ii) Jaichandra(জয়চন্দ্ৰ)   ii) Thaneswar (থানেশ্বৰ ) 

iii . Ismail( ইছমাইল)    iii) Multan.( মুলতান ) 

iv . Rajaram(ৰাজাৰাম)    iv) Kanauj(কনৌজ ) 

উত্তৰঃ ৰাজাৰাম  ---- থানেশ্বৰ 

             সুখপাল ---- মূলতান 

              

38. Multiple Choice 

1. The Hunas came form Afganistan \ Maltan \ Gandhar \ Central Asia.(হুনাসকলে আফগানিস্তান গঠন কৰিছিল - মূলতন \গান্ধাৰ \ মধ্য এছিয়া। ) 

উত্তৰঃ হুনসকলে আফগানিস্থান গঠন কৰিছিল ।

2) Nerun was under the Control Anandapal \ Bhim Rao's\ Trilochanpal \ Dahir . (নেৰুণ নিয়ন্ত্ৰণত আছিল আনন্দপাল\ভীম ৰাওৰ এছ. \ত্ৰিলোচনপাল\দাহিৰ। ) 

উত্তৰঃ নেৰুণ নিয়ন্ত্ৰণত আছিল সিন্ধুদেশৰ ৰজা দাহিৰ ।

3) The Title Yamin-ud Daulla was Confered to Sabuktagin\ Alapatagin\ Mahmood\ Ghori.(য়ামিন-উদ দৌল্লা উপাধিটো চবুক্তগীন, আলপ্তগীন \মামুদক ক ঘোৰীক প্ৰদান কৰা হৈছিল। .) 

উত্তৰঃ য়ামিন-উদ-দৌল্লা উপাধিটো চুলতান মামুদক প্ৰদান কৰা হৈছিল ।

Further Readings. 

K.L Khurana(কে.এল. খুৰানা) 

V.D Mahajan

V.A Smith (ভি.এ. মহাজন)   

S.k Ayengar (এছ.কে. আয়েংগাৰ) 

G.U Publication(জি.ইউ. প্ৰকাশন)

Romila Thapar (ৰোমিলা থাপাৰ)      

 

 


  History of  India

Ancient India 

 Early History of India.

History of Ancient India(প্ৰাচীন ভাৰতৰ ইতিহাস 

Bharat Buranji (ভাৰত বুৰঞ্জী)

Early India Form Origins to as 1300. (প্ৰাৰম্ভিক ভাৰতে উৎপত্তিৰ পৰা ১৩০০ লৈকে গঠন কৰে।)    


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)





Type Arup Koch

Answers  type- Ali rani kakati




Post ID : DABP003865