কস্তুৰবা গান্ধী


কস্তুৰবা

কস্তুৰবা গান্ধী

 কস্তুৰবা গান্ধী আছিল ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। কস্তুৰবা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ১১ এপ্ৰিলত পোৰবন্দৰ নামৰ ঠাইত (বৰ্তমানৰ গুজৰাত)। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল গোকুলাদাস কাপাডিয়া আৰু ভ্ৰজনকুনৱেৰা কাপাডিয়া।১৮৮৩ চনত মে' মাহত ১৪ বছৰীয়া কস্তুৰবাক তেওঁতকৈ সৰু ১৩ বছৰীয়া মোহনদাস কৰমচাঁদ গান্ধীৰ সৈতে বিবাহ পাশত আৱদ্ধ কৰোৱা হয়। 


প্ৰাৰম্ভিক জীৱন পৃষ্ঠভূমি= কস্তুৰবা গান্ধী আৰু  মহাত্মা গান্ধীৰ বিয়াৰ ৬২ বছৰ আছিল। মহাত্মা গান্ধীয়ে তেওঁলোকৰ বিয়াৰ দিনটোৰ কথা মনত পেলাই কৈছিল যে যিহেতু আমি এজনে আনজনক জনা নাছিলো আমাৰ বাবে সেই সময়ত বিবাহ মানে কেৱল ৰং-ধেমালিৰ খেলা। প্ৰচলিত নিয়মৰ দ্বাৰা কিশোৰী  পত্নীয়ে বিয়াৰ প্ৰথম বছৰ কেইটামানত স্বামীৰ পৰা আঁতৰত থাকিব লাগিছিল। তেওঁলোকৰ বিয়াৰ প্ৰথমতে মহাত্মা গান্ধীও প্ৰবঞ্চক আছিল। তেওঁ এনেকুৱা এগৰাকী পত্নী বিচাৰিছিল যে যিয়ে তেওঁৰ আদেশ পালন কৰে। মহাত্মা গান্ধী আৰু কস্তুৰবা গান্ধীৰ আন চাৰিজন পুত্ৰ ক্ৰমে- হৰিলাল, মনিলাল, ৰামদাস, আৰু দেৱদাস।তেওঁলোকৰ প্ৰথম সন্তানৰ মৃত্যু হোৱাত কস্তুৰবা গান্ধী কেতিয়াওঁ সম্পূৰ্ণৰূপে সুস্থ হোৱা নাছিল। মহাত্মা গান্ধী বিদেশলৈ যোৱাৰ আগত তেওঁৰ দুই পুত্ৰৰ জন্ম হৈছিল। মহাত্মা গান্ধীয়ে ১৮৮৮ চনত লণ্ডনত পঢ়িবলৈ গুচি গৈছিল। ১৮৯৬ চনত কস্তুৰবা গান্ধীয়ে তেওঁৰ দুই পুত্ৰক লগত লৈ দক্ষিণ আফ্ৰিকাত বসবাস কৰিবলৈ গৈছিল।

ৰাজনৈতিক কৰ্মজীৱন= কস্তুৰবা গান্ধীয়ে ১৯০৪ চনত প্ৰথমবাৰ দক্ষিণ আফ্ৰিকাৰ ৰাজনীতিৰ লগত নিজকে জড়িত কৰিছিল। কস্তুৰবা গান্ধীয়ে ১৯১৩ চনত দক্ষিণ আফ্ৰিকাত ভাৰতত প্ৰৱেশ কৰিব নিদিয়া লোকসকলৰ লগত অসৎ ব্য়ৱহাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছিল।তাৰ পাছত তেওঁক এই প্ৰতিবাদৰ বাবে গ্ৰেপ্তাৰ কৰা হয় আৰু ১৯১৩ চনৰ ২৩ ছেপ্তেম্বৰ তাৰিখে তেওঁক অধিক কামৰ শাস্তি প্ৰদান কৰা হয়। কাৰাগাৰত বন্দী অৱস্থাত কস্তুৰবা গান্ধীয়ে অন্য মহিলাসকলক প্ৰাৰ্থনাত নেতৃত্ব দিছিল।কস্তুৰবা গান্ধীয়ে অশিক্ষিত মহিলাসকলক পঢ়া-লিখা শিকাবলৈ শিক্ষিত মহিলাসকলক প্ৰেৰণা দিছিল।১৯১৪ চনত জুলাইমাহত কস্তুৰবা গান্ধী  আৰু মহাত্মা গান্ধীয়ে আফ্ৰিকা পৰিহাৰ কৰে আৰু ভাৰতত থাকিবলৈ গুচি আহে। কস্তুৰবা গান্ধী ১৯৪৪ চনৰ জানুৱাৰী মাহত দুটা হৃদৰোগত আক্ৰান্ত হৈ বিচনাত শুই থাকিব লগীয়া অৱস্থা হয়। এই ৰোগ হোৱাৰ পিছত উশাহ ল'বলৈ কস্তুৰবা গান্ধীৰ যথেষ্ট কষ্ট হয়। ১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰীত সন্ধিয়া ৭ঃ৩৫ বজাত কস্তুৰবা গান্ধীয়ে শেষ নিশ্বাস ত্যাগ কৰে। কস্তুৰবা গান্ধীৰ স্মৃতিত 'নেচনেল মেম'ৰিয়েল ট্ৰাষ্ট মাণ্ড' প্ৰতিষ্ঠা কৰা হয়। কস্তুৰবা গান্ধীয়ে ভাৰবাসীৰ বাবে যি ত্যাগ কৰি গ'ল সেয়া সদায় আমাৰ মাজত চিৰস্মৰণীয় হৈ থাকিব।


Type: Sri Chinmay Kakati.