অণু আৰু পৰমাণু

    পদাৰ্থৰ অজ্ঞাত আৰু দৃষ্টিৰ অগোচৰ অৱস্থাটোকে প্ৰাচীন ভাৰতীয় আৰু গ্ৰীক দাৰ্শনিকসকলক সদায়েই বিস্মায়িত কৰি আহিছিল। পদাৰ্থৰ বিভাজ্য়তাৰ ধাৰণাটো ভাৰতত খ্ৰী. পূ. 500 চন মানতেই বিবেচনা কৰা হৈছিল। ভাৰতীয় দার্শনিক মহর্ষি কণাদে ধাৰণা কৰিছিল যে যদি আমি পদার্থ এটা ভাঙি গৈ থাকো তেন্তে আমি কিছুমান ক্ষুদ্র ক্ষুদ্র কণা পাই গৈ থাকিম। এটা সময়ত আমি পদার্থটোৰ সবাটোতকৈ ক্ষুদ্র কণাবােৰ পাম। এই অৱস্থাৰ পাছত পদাৰ্থত আৰু অধিক বিভাজন সম্ভৱ নহ'ব। এই ক্ষুদ্রতম অবিভাজ্য কণাবােক তেওঁ পৰমাণু (Parmanu) নাম দিছিল। আন এগৰাকী ভাৰতীয় দার্শনিক পকুধা কাট্যায়ামে (Pakudha Katyayama) এই মতক বিশদভাৱে দাঙি ধৰিছিল আৰু কৈছিল যে এই কণাবােৰ সাধাৰণতে সংযােজিত অৱস্থাত থাকে বাবেই পদার্থক আমি ভিন ভিন ৰূপত পাইছোঁ। সমসাময়িক গ্রীক দার্শনিক ডেম’ক্রিটাছ (Democritus) আৰু লিউছিপ্পাছ (Leucippus) ৰ মতেও যদি আমি পদার্থ এটা ভাঙি গৈ থাকো, এটা সময়ৰ পাছত কণাবােৰৰ আৰু অধিক বিভাজন ঘটাব পৰা নাযাব। এই অবিভাজ্য কণাবােৰক ডেম’ক্রিটাছে‘এটম’ (অর্থ অবিভাজ্য) বুলিছিল। এই সকলােখিনিয়েই দর্শনভিত্তিক ধাৰণা আছিল আৰু এই ধাৰণাসমূহ সাব্যস্ত কৰিবলৈ ওঠৰ শতিকা পর্যন্ত তেনে কোনাে বিশেষ পৰীক্ষামূলক কাম কাজ হােৱা নাছিল । ওঠৰ শতিকাৰ শেষলৈ বিজ্ঞানীসকলে মৌল আৰু যৌগৰ মাজত প্রভেদ চিনিব পাৰিছল। মৌলবােৰ কিয় আৰু কেনেকৈ লগ হয় আৰুলগহ'লে কিহ’ব তাক জানিবলৈ তেওঁলােক স্বাভাৱিকতেই আগ্রহী হৈ পৰিল। এন্টইনি এল লেভয়ছিয়াৰে (Antoine L. Lavoisier) ৰাসায়নিক সংযােগৰ দুটা গুৰুত্বপূর্ণ বিধি উপস্থাপন কৰি ৰাসায়নিক বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল।


Class 9 Science Assam SCERT Book. (Chapter 3)....

Type:- Sri Bidyut Thakuria.