মানুহ দেখিছো আজি

 

মানুহ দেখিছো আজি

বহুত মানুহ

কথাৰ সিন্ধু মথি

অমৃত শুহি খোৱা ভণ্ড ।।

 

কথাৰ সিন্ধু জানো

গভীৰ সিমান

কৰমৰ সিন্ধু জানো

গভীৰ তিমান

কথাৰ সিন্ধু মথি

অমৃত বুলি ভাবি

গৰলকে পান কৰি

পাইছে আনন্দ

হেৰুৱাই পলে পলে

জীৱনৰ মধু মৃদু ছন্দ ।।

 

হে আকাশ

উদাৰতা সিঁচি দিয়া

হে লুইত, মলিনতা ধুই নিয়া

মানুহৰ মনাকাশ

লীয়া ডাৱৰে ঢাকি

সঁচা ৰুপ লুকুৱাই

মিছা ৰং বাকি বাকি

সত্যৰ পথ আদি কৰি

দিলে দিলে চিৰ অৱৰুদ্ধ ।।


কপৌ ফুলে শুৱাব নে নাহৰ ফুলে

কপৌ ফুলে শুৱাব নে নাহৰ ফুলে শুৱাব

ফুলেহে মন জুৰাবনে মৰমে মন জুৰাব

চম্পাৱতী কাণে কাণে ক

            লাজখিনি কাটি কৰি থ ।।

আজি বিহুৰ পুৱাতে মই তোৰে কথা ভাবিছোঁ

যোৱা নিশাৰ সপোনতো তোকেহে মই দেখিছোঁ

             পখিলা হৈ উৰি আহিছ ।

বিহু মাৰিবলৈ নেলাগে নেমাতো

থাকিবি দূৰতে চাই

আমাৰ বিহুতলীত নাচনী নাচিলে

সমাজত লাগিব দায়,

চম্পাৱতী মনৰ মৰম যাচিবও নোৱাৰোঁ

বনৰ ফুলো নাথাকিব লেৰেলিহে শুকাব

মোৰ মনৰ নাহৰ খোপাত গুজি ল

             লাজখিনি কাটি কৰি থ ।।


আই মোক সজাই দে

 

আই মোক সজাই দে           ৰণলৈ

স্বজাতিৰ হকে জীৱন           দিবলৈ ।।

পিন্ধাই দে জননী              ৰণৰ কৱচ

আৰু যে সময় নাই            বলৈ ।।

শুনাই দে জননী              শক্তি মন্ত্ৰ

তুলি দে দুহাতত              মাৰণাস্ত্ৰ

অশুভ শক্তি মই              নাশোগৈ ।।