UNIE-4 

আঞ্চলিক শক্তিৰ উত্থান

১) প্ৰতিহাৰ সকল 

২) ৰাষ্ট্ৰকূট সকল 

৩) চোল সকল 

Rise of Regional Powers 

i) Pratiharas 

ii) Rastrakutas 

iii) Cholas 



👉Essay type Questions ( ৰচনাধৰ্মী প্ৰশ্ন ) 

 1 .State the condition of northern India after the downfall of Harsha .(হৰ্ষৰ পতনৰ পিছত উত্তৰ ভাৰতৰ অৱস্থা উল্লেখ কৰা ) 

উত্তৰঃ-  গুপ্তসকলৰ পতন হোৱাৰ পিছত থানেশ্বৰ ৰাজ্যত বৰ্ধন নামৰ এটা বংশ প্ৰতিষ্ঠা কৰা হৈছিল । এই বংশটোৰ নাম হল বৰ্ধন বংশ । এই বংশটোৰ প্ৰতিষ্ঠাপকজনৰ নাম হল প্ৰভাকৰ বৰ্ধন। প্ৰভাকৰ বৰ্ধন এজন শক্তিশালী ৰজা আছিল । 

হিউৱেন চাঙৰ ভ্ৰমণৰ সময়ত থানেশ্বৰ ৰাজ্যৰ পৰিধি আছিল ১,২০০ মাইল । ইয়াৰ পৰা প্ৰমাণ হয় যে প্ৰভাকৰ বৰ্ধন এজন মহান যোদ্ধা আৰু লগতে সাহসী বীৰো আছিল । মৃত্যুৰ আগমূহুৰ্তলৈ প্ৰবাকৰ বৰ্ধনে তেওঁৰ জেষ্ঠ পুত্ৰ ৰাজ্যবৰ্ধনৰ নেতৃত্বত এটা সামৰিক অভিযান উত্তৰাপথলৈ হুনসকলৰ বিৰুদ্ধে প্ৰেৰণ কৰিছিল । ৰজা প্ৰভাকৰ বৰ্ধনৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ হৰ্ষবৰ্দ্ধন ৰাজসিংহাসনত বহিছিল । হৰ্ষবৰ্ধনৰ ৰাজধীনলৈ আহে । বল্লভী ৰাজ্য কৰতলীয়া ৰাজ্য হিচাপে অধিকাৰ কৰাৰ লগে-লগেই বল্লভীৰ অধীনত থকা আনন্দপুৰ, কচ্ছ, আৰু কথিৱাৰ ৰাজ্যইও হৰ্ষৰ বশ্যতা স্বীকাৰ কৰে । হৰ্ষবৰ্দ্ধনৰ ৰাজ্যৰ বিস্তৃ সম্বন্ধে ঐতিহাসিক ব্যক্তিসকল একমত নহলেও এইটো সত্য যে উত্তৰ ভাৰতৰ বেছিভাগ অঞ্চলৰ বিভিন্ন বিবাদমান সৰু সৰু ৰাজ্যৰ ঠাইত হৰ্ষবৰ্দ্ধনে এক বৃহত্তৰ ৰাজশক্তি এটা প্ৰতিষ্ঠা কৰিছিল ।

৬৪৭ খ্ৰীষ্টাব্দত হৰ্ষবৰ্দ্ধনৰ মৃত্যু হয় । তেওঁৰ কোনো পুত্ৰ সন্তান বা উত্তৰাধিকাৰী নথকাৰ কাৰণে তেওঁৰ মৃত্যু হোৱাৰ পাছত ৰাজ্যখনত এটা অৰাজকতাৰ সৃষ্টি হয় । ভাৰতৰ ৰাজনৈতিক ঐক্য পুনৰ ধ্বংস হয় আৰু সৰু সৰু ৰাজ্যবোৰৰ মাজত পুনৰ ক্ষমতাক লৈ অৰিয়া-অৰিয়াৰ সৃষ্টি হয় । সপ্তম শতিকাৰ পৰা বাৰ শতিকালৈ ভাৰতবৰ্ষত বিভিন্ন ৰাজপুত ফৈদৰ জন্ম হয় । এই ৰাজপুতসকল আছিলযুজাৰু জাতি । হুন জাতিৰ আক্ৰমণ হৈছে ভাৰতবৰ্ষৰ বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা । হুনসকলৰ আক্ৰমণৰ ফলতেই গুপ্ত সাম্ৰাজ্যৰ পতন আৰম্ভ হয় । তাৰ ফলতেই ৰজা হৰ্ষবৰ্দ্ধনৰ পতন হয় । 

2. Give an account of the rise and fall of Gurjara Pratihara ( গুৰ্জৰ প্ৰতিহাৰৰ উত্থান আৰু পতনৰ হিচাপ দিয়া) 

উত্তৰঃ-  পঞ্চম শতিকাৰ শেষ ভাগৰ বা ষষ্ঠ শতিকাৰ আৰম্ভণিতে হুনসকলৰ লগত গুৰ্জৰ সকলো ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল । তেওঁলোকৰ নামেৰে কিছুমান ঠাইৰ নামাকৰণ কৰাৰ পৰা প্ৰমাণ কৰিব পাৰি যে লাহে-লাহে তেোঁলোকৰ ৰাজ্য পঞ্জাৱৰ পৰা অবধপুৰ পৰ্য্যন্ত বিস্তাৰিত হৈছিল । তেওঁলোকে ভিনমল বা ভিনমলৰ ৰাজধানী পাতি দক্ষিণ ৰাজপুতনাত এখন ৰাজ্য স্থাপন কৰিছিল । প্ৰতিহাৰসকল সূৰ্য বংশৰ আছিল । তেওঁলোকৰ অগ্নিকুল ৰাজপুতৰ বংশধৰ বুলি কোৱা হয় । অষ্টম শতিকাৰ আৰম্ভণীতে প্ৰথম নাগভট্টই প্ৰতিহাৰ বংশটো প্ৰতিষ্ঠা কৰে । এচাম পণ্ডিতে কব খোজে যে প্ৰতিহাৰসকল আছিল মধ্য এছিয়াৰ এটা শাখা আৰু গুপ্ত যুগত তেওঁলোকে উত্তৰ-পশ্চিম ৰাজ্য সমূহৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰে । আৰ.চি. মজুমদাৰৰ মতে গুৰ্জৰ প্ৰতিহাৰসকল আছিল উজ্জয়িনীৰ গুৰ্জৰ প্ৰতিহাৰসকলৰ এটা শাখা । জানিবলৈ পোৱা যায় যে ভাৰতবৰ্ষৰ প্ৰতিহাৰসকলৰ আদি বাসস্থান আছিল মান্দোৰ । বৰ্তমান ই ৰাজপুতনাত অৱস্থিত । হৰিচন্দ্ৰ ৰজাৰ পৰিয়ালে তাত ৰাজত্ব কৰিছিল । 

ইয়াৰ এটা শাখাই দক্ষিণৰফালে আগুৱাই গৈ উজ্জয়িনীত আধিপত্য বিস্তাৰ কৰে । এইটো সত্য প্ৰমাণ কৰিছিল অমোঘবৰ্ষৰ এখন শিলালিপিয়ে । পুষ্যমিত্ৰবংশৰ প্ৰভাকৰ বৰ্দ্ধনৰ লগত গুৰ্জৰ সকলৰ ৰণবা যুদ্ধ হোৱাৰ কথা উল্লেখ পোৱা যায় । গুৰ্জৰসকলক প্ৰতিহাৰ নামৰ এটা শাখা আছে । সেইকাৰণে শাসন অধিষ্ঠিত প্ৰতিহাৰ বংশক ভাৰতৰ ইতিহাসত গুৰ্জৰ প্ৰতিহাৰ বুলি কোৱা হয় । হৰিচন্দ্ৰ ৰজা আছিল গুৰ্জৰ ৰাজ্যৰ প্ৰতিষ্ঠাতা । হিউৱেন চাঙে বৰ্তমান ভিনমল গুৰ্জৰ ৰাজ্যৰ ৰাজধানী আ্ছিল বুলি উল্লেখ কৰিছিল । 0গুৰ্জৰ প্ৰতিহাৰ সকল সমসাময়িক ৰজাসকলৰ ওচৰত ক্ষত্ৰিয় বুলি জনাজাত আছিল ।

অষ্টম শতিকাৰ প্ৰথম ভাগত ৰজা নাগভট্টই এটা নতুন গুৰ্জৰ প্ৰতিহাৰ ৰাজবংশ প্ৰতিষ্ঠা কৰে । সেই সময়ছোৱাত সিন্ধু অঞ্চলৰ পৰা আৰৱসকলে ৰাজপুতনা আক্ৰমণ কৰি উজ্জয়িনীলৈকে অগ্ৰসৰ হৈছিল । ৰজা নাগভট্টই আৰৱসকলক পৰাজয় কৰি তেওঁলোকক প্ৰতিহত কৰিছিল । উত্তৰ ভাৰতত ৰাষ্ট্ৰকুট ৰজাসকলৰ প্ৰতিপত্তি বৃদ্ধি পোৱাৰ সময়তে গুৰ্জৰ প্ৰতিহাৰসকলৰ প্ৰাধান্য হ্ৰাস পাই আহিছিল বা কমি আহিছিল । ৰাজ্যখনৰ আভ্যন্তৰীণ খেলি-মেলিৰ বাবে ৰজা তৃতীয় গোবিন্দই প্ৰতিহাৰ ৰাজ্যএৰি গুচি যোৱাত নাগভট্টই পুনৰ উত্তৰ ভাৰতৰ ৮৩৪ খ্ৰীষ্টীব্দলৈ ৰাজত্ব কৰিছিল । তেওঁৰ পাছত  ৰামভদ্ৰ ৰাজসিংহাসনৰ অধিকাৰী হৈছিল । ৰজা ৰামচন্দ্ৰৰ ৰাজত্বৰ কালছোৱা ক্ষন্তেকীয়া কাল আছিল । তেওঁৰ পাছত প্ৰতিহাৰ ৰাজ্যৰ ৰজা হয় মিহিৰ ভোজে । ৰজা মিহিৰ ভোজে ৮৪০ খ্ৰীষ্টব্দত ৰাজপাটত আৰোহণ কৰিছিল ।  ৰজা মিহিৰ ভোজৰ ৰাজত্বৰ কালছোৱা প্ৰাচীন ভাৰতৰ বুৰঞ্জীত এটা অতি গুৰুত্বপূৰ্ণ সময় আছিল ।মিহিৰ ভোজ এজন অতি শক্তিশালী ৰজা আছিল । ৰজা হৈয়েই তেওঁ তেোঁৰ সাম্ৰাজ্যখনৰ সম্প্ৰসাৰণৰ প্ৰতি অধিক মনোযোগ দিয়ে । ৰাষ্ট্ৰকুটসকলৰ আক্ৰমণৰ বাবে প্ৰতিহাৰ সাম্ৰাজ্যত যথেষ্ট বিপদ আহি পৰিছিল । বহু অংশ ৰাজ্যখনৰ পৰা বিচিছিন্ন হৈ পৰিছিল । পূৰ্বৰ বিচ্ছিন্নহোৱা অঞ্চলসমূহ লগ কৰি তেোঁ নিজৰ ৰাজ্যখনৰ প্ৰভূত্ব বিস্তাৰ কৰিছিল । সাম্ৰাজ্যখনৰ একত্ৰীকৰণৰ পিছত তেওঁ পূৰ্বৰ ৰাজ্যৰ ভূমিদানসমূহ নবীকৰণ কৰাৰ কাম হাতত লৈছিল । ৰামভদ্ৰৰ সময়ত সেই ভূমি বা মাটিসমূহ অব্যৱহিত হৈ পৰিছিল । ৰজা মিহিৰ ভোজে ৰজা দেৱপালৰ হাতত হাতত আৰম্ণিতে পৰাজয় হৈছিল । তেওঁৰ পূৰ্ব অভিযানৰ সময়ত পাল ৰজা দেৱপালে তেওঁক পৰাস্ত কৰিছিল । ৰাষ্ট্ৰকুটসকলৰ আক্ৰমণৰ ফলত গুৰ্জৰ প্ৰতিহাৰ ৰাজ্যখনৰ সম্পূৰ্ণৰূপে পতন হয় । প্ৰতিহাৰসকলৰ বাসিন্দা বা তাত বাস কৰি থকা লোকসকলে নিজৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিছিল । তাৰোপৰি নতুনকৈ উত্থান হোৱা শক্তিসমূহে প্ৰতিহাৰসকলৰ শ্ৰেষ্ঠতাত বাধা দিছিল । ৰাষ্ট্ৰকুটসকলে প্ৰতিহাৰসকলৰ ওপৰত পুনৰবাৰ অভিযান আৰম্ভ কৰিছিল । ৰাষ্ট্ৰকুটসকলে সঘনাই কৰি অহা আক্ৰমণৰ ফলতেই গুৰ্জৰ প্ৰতিহাৰসকলৰ পতন আৰম্ভ হয় । সেইদৰে ৰজা মহীপালৰ শাসনৰ সময়ছোৱাত বা শাসনকালত প্ৰতিহাৰ সাম্ৰাজ্যৰ ভেটি দুৰ্বল হৈ পতন হয় । 

3. Give an account of administration of Mihir Bhoja (. মিহিৰ ভোজাৰ প্ৰশাসনৰ হিচাপ দিয়া ) . 

উত্তৰঃ- ৰজা মিহিৰ ভোজ আছিল প্ৰতিহাৰসকলৰ এজন অতি শক্তিশালী ৰজা । তেওঁ ৮৪০ খ্ৰীষ্টাব্দত প্ৰতিহাৰ ৰাজ্যৰ সিংহাসনত বহিছিল । ৰজা মিহিৰ ভোজৰ ৰাজত্বৰ কালছোৱা আছিল প্ৰাচীন ভাৰতবৰ্ষৰ বুৰঞ্জীত এটা অতি গুৰুত্বপূৰ্ণ ঘটনা । তেওঁ ৰাজপাটত বহিয়েই ৰাজ্যখনৰ সম্প্ৰসাৰণৰ প্ৰতি মনোযোগ দিয়ে । ৰাষ্ট্ৰকুটসকলৰ আক্ৰমণৰ কাৰণেই প্ৰতিহাৰ সাম্ৰাজ্যত যথেষ্ট বাধা আহি পৰিছিল । তাৰোপৰি বহু অংশ ৰাজ্যখনৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল । প্ৰথমতে বিভিন্ন অঞ্চলসমূহ লগ কৰি তেওঁৰ নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিল । সাম্ৰাজ্যখনৰ একত্ৰিকৰণৰ পিছত তেওঁ তেওঁৰ পূৰ্বৰ ৰাজ্যখনৰ ভূমিসমূহ নবীকৰণ কৰাৰ কাম-কাজ হাতত লৈছিল ।

4. Explain the administration of Pratiharas .(প্ৰতিহাৰাসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰা )

উত্তৰঃ- 

5. Discuss the various theories regarding the origin of the Rastrakutas( ৰাষ্ট্ৰকুটসকলৰ  উৎপত্তি সম্পৰ্কে বিভিন্ন তত্ত্ব আলোচনা কৰি লিখাঁ ) 

উত্তৰঃ- ৰাষ্ট্ৰকুটসকলৰ আদি জীৱন সম্পূৰ্ণ অস্পষ্ট আছিল। ৰাষ্ট্ৰকুটসকলৰ আদি বা মূলৰ বিষয়ে বহুতো সুত্ৰ দেখা পোৱা যায় ।  ৰাষ্ট্ৰকুটকলৰ লিপিসমূহৰ পৰা জনা যায় যে তেওঁলোক যদু বা যাদৱ বংশৰ লোক আছিল ।এনে সিদ্ধান্ত আগৰ লিপিসমূহে মানি নলয় আৰু মতপোষণ কৰে যে এইবোৰ বহনযুক্ত । কিছুমান পণ্ডিতে অনুমান কৰে যে ৰাষ্ট্ৰকুটসকল ৰাট '' বংশধৰ আৰু সেইবাবেই ৰাটৰ পৰা ৰাষ্ট্ৰকুট নামাকৰণ কৰা হৈছে । কিন্তু ডঃ ভাণ্ডাৰকাৰৰ দৰে পণ্ডিতসকলে এই সিদ্ধান্ত মানি নলয় । ফ্লিটৰ মতে ৰাষ্ট্ৰকুটসকল ৰাথোৰ বংশধৰ । এই মতটো সকলোৰে বাবে গ্ৰহণযোগ্য নহয় । ডঢ ভাণ্ডাৰকাৰৰ মতে ৰাষ্ট্ৰসকল তুংগ নামৰ এজন ৰজাৰ বংশধৰ । ্অধ্যাপক চি. ভি. বৈদ্যৰ মতে ৰাষ্ট্ৰকুটসকল হল তুংগ নামৰ এজন ৰজাৰ বংশধৰ । বৈদ্যৰ মতে ৰাষ্ট্ৰকুটসকল মাৰাঠা সকলৰ বংশধোৰকিন্তু যিহেতপ ৰাষ্ট্ৰসকলৰ ভাষা কানাড়া, মাৰাঠী নহয় সেয়েহে এই মতে মানি লব নোৱাৰি । বাৰ্ণেল নামৰ এজন পণ্ডিতৰ মতে ৰাষ্ট্ৰকুটসকল অন্ধ্ৰৰ দাবিড়সকলৰ সৈতে কিছুমান মিল দেখা পোৱা যায় ।  

ওপৰত উল্লেখ কৰা মতবাদসমূহৰ উপৰিও ডঃ অল্টেকাৰৰ মতটোকেই এক প্ৰকাৰৰ বিশ্বাসযোগ্য আৰু প্ৰায় সত্য কথাৰ ওচৰা-ওচৰি । ডঃ অল্টেকাৰৰ মতে ৰাষ্ট্ৰকুটসকল ৰাথীসকলৰ বংশধৰ । এইটো দেখা যায় যে এই বংশৰ শাসনকৰ্তাসকলে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত তেওঁলোকৰ প্ৰাধান্য বিস্তাৰ কৰিছিল । চালুক্য বংশৰ পতন হোৱাৰ পাছত ৰাষ্ট্ৰকুট বংশই ক্ষমতাৰ পোহৰলৈ আহে । চালুক্যসকল দুৰ্বল হৈ অহাৰ সময়ত দান্তিদূৰ্গ নামৰ এজন শাসনকৰ্তাই ক্ষমতা অধিকাৰ কৰি লয় । তেওঁ চালুক্য ৰজা কীৰ্তিবৰ্মনক পৰাস্ত কৰি ৰাষ্ট্ৰকুট বংশটো প্ৰতিষ্ঠা কৰিছিল ।

ৰাষ্ট্ৰকুট বংশ আছিল দক্ষিণ ভাৰতৰ এটা অতি উল্লেখযোগ্য বংশ ।  ৰাষ্ট্ৰকুটসকল ষষ্ঠ আৰু দশম শতাব্দীৰ ভাৰত  উপমহাদেশৰ এটা অংশত শাসনকৰা এটা বিখ্যাত ৰাজবংশ  । আটাইতকৈ পুৰণি ৰাষ্ট্ৰকুটসকলৰ তাম্ৰলিপি হল সপ্তম শতিকাৰ এখন তাম্ৰ শাসন । তাত তেওঁলোকৰ শাসন বৰ্তমান মধ্যপ্ৰদেশৰ মালৱা অঞ্চলৰ মানপুৰৰ পৰা বুলি  উল্লেখ কৰা হৈছে ।

এই লিপিখনত একে সময়ৰে আন ৰাষ্ট্ৰকুটবংশৰ উল্লেখ থকাসকল হল অচলাপুৰৰ ৰজা যিখন অচলাপুৰ বৰ্তমান মহাৰাষ্ট্ৰৰ ইলিশপুৰ আৰু কনৌজৰ অন্তৰ্গত । 

ৰাষ্ট্ৰকুটসকলৰ ইতিহাসৰ সমল হৈছে মধ্যযুগৰ লিপিসমূহ, পালি ভাষাৰ প্ৰাচীন সাহিত্য, সমসাময়িক সংস্কৃত আৰু কানাড়া সাহিত্য আৰু আৰৱ দেশ ভ্ৰমণকাৰী লোকসকলৰ টোকা । 

6. Give an account of the rule of Amoghrasha I.(আমোঘৰাশা ১ ৰ নিয়মৰ হিচাপ দিয়া )  

উত্তৰঃ- 

7. Explain the administrative system of the Rastrakutas ( ৰাষ্ট্ৰকুটসকলৰ প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰা )

উত্তৰঃ-   ৰাষ্ট্ৰকুটসকলৰ শাসন ব্যৱস্থাত ৰজা আছিল সৰ্বোচ্চ ক্ষমতাৰ গৰাকী । তেওঁ উপাধিসমূহ বা উপাধিবোৰ আছিল মহাৰাজাধিৰাজ, পৰমক্ভট্টাৰক, ধাৰবৰ্ষ, অকালবৰ্ষ সুবৰ্ণবৰ্ষ, বিক্ৰমভোলক, আৰু ফগতুঙ্গ । সামৰিক অভিযানৰ বাহিৰে বাকী থকা সময়ত তেওঁ  নিয়মিতভাৱে ৰাজসভাত উপস্থিত আছিল । ৰজাৰ অনুমতি লৈহে ৰাজসভাত দৰ্শনাৰ্থীসকলে প্ৰৱেশ কৰিব পাৰিছিল । ৰজা সদায় দেহৰক্ষীৰ দ্বাৰা সুৰক্ষিত হৈ আছিল । ৰাজসভাত নৰ্তকীসকলে নৃত্যু পৰিৱেশন কৰিছিল । 

ৰজা ঃ ৰজা বংশানুক্ৰমে হৈছিল আৰু সাধাৰণতে ৰজাৰ বৰপুত্ৰজনে ৰাজপাটত বহিব পাৰিছিল । তেওঁক আনুষ্ঠানিকভাৱে যুৱৰাজ পতা হৈছিল । কিছুমান ক্ষেত্ৰত ৰজাৰ সৰু পুত্ৰজনে উত্তাধিকাৰী হোৱাৰ সুযোগ পাইছিল যদি তেওঁযোগ্য মানুহ হিচাপে সমাজত বিবেচিত আছিল । ৰজা তৃতীয় গোবিন্দৰ ক্ষেত্তত এই নিয়মটো প্ৰযোজ্য হৈছিল । ৰজাক ৰাজকাৰ্যত সহায় কৰি দিয়াটো ৰাজকোৱৰৰ কৰ্তব্য আছিল । ৰজাই কিবা অভিযানত যাব বিচাৰিলে যুৱৰাজে তেওঁৰ সৈন্য-বাহিনীক পৰিচালিত কৰিব লাগিছিল । ৰাষ্ট্ৰকুটসকলৰ শাসন কালত ৰাজকুমাৰীসকলেও গুৰুত্বপূৰ্ণ চৰকাৰী দায়িত্ব পালন কৰিব লাগিছিল ।

মন্ত্ৰীঃ ৰাজ্যখনৰ প্ৰশাসনত মন্ত্ৰীসকলে ৰজাক সহায় কৰিছিল । মন্ত্ৰী পৰিষদত প্ৰধান মন্ত্ৰী, বৈদেশিকমন্ত্ৰী, মুখ্য বিচাৰপতি, সেনাবাহিনীৰ সৰ্বাধিনায়কসকলে ৰাজ্য প্ৰশাসনৰ কামত জড়িত হৈ আছিল । মন্ত্ৰীসকলৰ অৰ্হতা আৰু নিযুক্তি প্ৰক্কিয়াৰ বিষয়ে একো জনা নাযায় ।

এটা কথা বুজি পোৱা যায় যে তেওঁলোকৰ ৰাজনৈতিক আৰু প্ৰশাসনিক দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক নিযুক্তি দিয়া হৈছিল ।
                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                                     

 8. Give an account of the Chola Administrative System .(চোলসকলৰ প্ৰশাসনিক প্ৰণালীৰ হিচাপ দিয়া )                                                                                           

উত্তৰঃ- চোলসকলৰ সাসন  ব্যৱস্থাৰ বিষয়ে ঐতিহাসিক পণ্ডিতসকলে মন্তব্য কৰিছে যে চোল শাসন ব্যৱস্থাটো আছিল সম্পূৰ্ণ প্ৰণালীবদ্ধ আৰু অতি পুৰণি কালৰ পৰা ই অতি প্ৰচলিত আছিল ।

ৰজা আছিল ৰাজ্যখনৰ প্ৰধান মুৰব্বী । তেোংৰ প্ৰধান কৰ্তব্য আছিল ৰাজ্যখনত আইন-শৃংখলা বজাই ৰখা । ৰাজ্যখনৰ সকলো ক্তিৰ গৰাকী হোৱাৰ কাৰণে তেওঁ কিছুমান উপাধিৰ গৰাকী আছিল। ৰজাইতেওঁৰ ভৱিষ্যতৰ উত্তৰাধিকাৰী হিচাপে যুৱৰাজ বা ৰাজকোৱৰক নিযুক্ত কৰিব পাৰিছিল । 

ৰজাক প্ৰশাসনত সহায় কৰিবৰ কাৰণে ৰজাই বহুতো উচ্চপদস্থ বিষয়াক নিযুক্তি দিছিল । ন্যায় বিভাগৰো তেওঁ আছিল সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী । ৰজাই মনে-মনে প্ৰশাসনীয় কাম-কজবোৰ চোৱা-চিতা কৰিছিল । চোল বংশৰ ৰজাসকলে মঠ-মন্দিৰ নিৰ্মাণৰ কাৰণে বহুতো ধন আগবঢ়াই দিছিল । সেইবাবে ৰজাৰ অৱস্থান আছিল সন্মানপূৰ্বক । 

মন্ত্ৰীপৰিষদ ঃচোল ৰাজ্যত একনায়কত্ববাদৰ শাসন চলিছিল তাপিও তেওঁলোক স্বেচ্ছাচাৰী নাছিল । ৰজাক সকলো দিশতে পৰামৰ্শ দিবলৈ এখন মন্ত্ৰীপৰিষদ আছিল । তেওঁলোকে সংকটপূৰ্ণ অৱস্থাত অৱস্থাত ৰজাক দিহা-পৰামৰ্শ দিছিল ।সকলো সময়তে ৰজাই মন্ত্ৰী পৰিষদৰ সিদ্ধান্ত মানি চলাটো বাধ্যতামূলক আছিল । প্ৰশাসনৰ সকলো দিশ চোৱা-চিতা কৰিবৰ কাৰণে ৰজাসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হল অসামৰিক সেৱা সংগঠনৰ প্ৰচলন । 

জনপ্ৰিয় সভাঃ চোল ৰজালসকল স্বেচ্ছাচাৰী ৰজা আছিল ।তেওঁলোকৰ শাসন ব্যৱস্থাত গণতান্ত্ৰিক সত্ত্বা নিহিত হৈ আছিল বা জড়িত হৈ আছিল । শাসকসকলে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ অৱস্থাৰ প্ৰৱৰ্তন কৰিছিল । মন্ত্ৰী পৰিষদৰ উপৰিও প্ৰশাসনিক দিশসমূহ চোৱা-চিতা কৰাৰ বাবে চাৰিখন অতি জনপ্ৰিয় সভা আছিল । এই সভা সমূহে চোল শাসন ব্যৱস্থা জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিছিল । এই চাৰিখন জন প্ৰতিনিধি সভা এনেধৰণৰ আছিল ।

উৰঃ গাওঁসভা সমূহক উৰ বুলি জনা গৈছিল । এই সভাই গাওঁৰ সমস্যাসমূহৰ ওপৰত নজৰ দিছিল আৰু গাওঁৰ সমস্যাসমূহ সমাধান কৰিবৰ বাবে চেষ্টা কৰিছিল । এই সভাই মাটিৰ খাজনাও সংগ্ৰহ কৰিছিল ।

নাগৰট্টঃ এই সভাই চহৰ আৰু নগৰৰ যি কাম আছিল সেইবোৰ চোৱা-চিতা কৰিছিল । বিশেষকৈ ব্যৱসায় আৰু বাণিজ্যৰ দিশতো চোৱা-চিতা কৰিছিল । ইয়াৰ যিসমূহ সদস্য আছিল তেওঁলোকে দেশখন শক্তিশালী হোৱাতো বিচাৰিছিল ।

নাট্টৰঃ এই সভাই নাট্টৰ বা জিলাৰ বিষয়বোৰ চোৱা-চিতা কৰিছিল । জিলাভিত্তিক আৰম্ভ হোৱা এই সমস্যাসমূহ সমিতিৰ ওচৰত উপস্থাপন কৰা হৈছিল আৰু এই সভাই তাক সমাধান কৰিছিল । এই সভাত লগে-লগে কামবোৰ সমাধান কৰা হৈছিল । 

 9 . Estimate the contribution of Rajaraja Chola . ( ৰাজৰাজ চোলৰ অৱদানৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- প্ৰথম পৰান্তকৰ মৃত্যু পিছত চোল ৰাজ্যখনত বিশৃংখলতাই দেখা দিয়ে । প্ৰায় ত্ৰিশ বছৰ এনেকৈয়ে পাৰ হয় তাৰ পিছত ৯৮৫ খ্ৰীঃত ৰাজাৰাজ নামৰ এজন প্ৰতিভাশালী ৰজাই সিংহাসনত বহাৰ পিছত চোল ৰাজ্যলৈ আকৌ শান্তি ঘুৰি আহে । ৰাজাকাজ এজন অতি সাহসী আৰু শক্তিশালী ৰজা আছিল । ৰাজাৰাজে সিংহাসনত বহাৰ পৰাই চোল ৰাজ্যৰ প্ৰতিপত্তি আৰু সমৃদ্ধিৰ সূচনা হয় । তেওঁ বহুবছৰলৈ শাসন কৰিছিল । ৰজা ৰাজাৰাজে সিংহাসনত উঠিয়েই বহুতো ৰাজ্য জয় কৰিছিল এনেকৈ ৰাজ্যজয় কৰি দাক্ষিণাত্যৰ একছত্ৰী সম্ৰাট হৈ পৰিছিল । তেওঁ দাক্ষিণাত্য জয় কৰিয়েই বহি থকা নাছিল উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যও জয় কৰিছিল ।

তেওঁ চেৰাসকলৰ কান্দলোৰত থকা নৌ-বাহিনীক জয় কৰিছিল । ৰাজাাজে পাণ্ড্য লোকসকলৰ বিদ্ৰোহ দমন কৰি তেোঁলোকৰ ৰাজ্য তেওঁ নিজ সাম্ৰাজ্যৰ অন্তভৰ্ক্ত কৰি লয় । তেওঁ মহীণ্ডৰ আৰু ট্ৰাভাঙ্কোভৰ কিলাম অঞ্চলটো দখল কৰি তাত নিজৰ সাম্ৰাজ্যৰ দখল প্ৰতিষ্ঠা কৰে । ইয়াৰ পিছত তেওঁ চালুক্যসকলৰ ফালে মনোযোগ দিয়ে । চোলসকলৰ সৈন্যদলে পশ্চিম চালুক্যসকলক আক্ৰমণ কৰি তেওঁলোকক নিৰ্দয়ভাৱে হত্যা কৰে । তেওঁ বেঙ্গীৰ চালুক্য লোকসকলক জয় কৰি কলিহ্গৰ ওপৰত তেওঁৰ আধিপত্য বিস্তাৰ কৰে । সিংহল দ্বীপলৈ তেওঁৰ ৰাজ্যৰ সীমাটো বৃদ্ধি কৰা হয় । ভাৰতবৰ্ষৰ দীপপুঞ্জ ওপৰতো তেওঁৰ শাসন প্ৰতিষ্ঠা কৰিছিল ।

ৰাজাৰাজে গোটেই দভিণ ভাৰতত তেওঁৰ আধিপত্য বিস্তাৰ কৰে । ৰাজাৰাজ আছিল দক্ষিণ ভাৰতৰ এজন সৰ্বশ্ৰেষ্ঠ ৰজা । তেওঁ চোল ৰাজ্যৰ ক্ষমতা আৰু সন্মান পুনৰ প্ৰতিষ্ঠা কৰে । তেওঁ ধৰ্ম সহিষ্ণুতাৰ নীতি আদৰ্শ পালন কৰাৰ লগতে প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে তেওঁ প্ৰশাসনৰ যথেষ্ট উন্নতি কৰিছিল । তেওঁ বহুতো শিৱ আৰু বিষ্ণু মনিদিৰ নিৰ্মাণ কৰাইছিল । 

10. Explain the role of the Chola Kings from 1044 1258A.D . (১০৪৪ ---১২৫৮

 ৰ পৰা চোল ৰজাসকলৰ ভূমিকাৰ বিষয়ে ব্যাখ্যা কৰা ) 

উত্তৰঃ- 

👉Short type questions(চমু প্ৰশ্ন)  

11. The Parmars of Malwa . (.মালৱৰ পাৰমাৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ- কনৌজৰ প্ৰতিহাৰ বংশটোৰ পতন হোৱাৰ পিছত মালৱৰ পাৰমাৰসকলৰ উত্থান হয় । এই বংশটোৰ প্ৰতিষ্ঠাতা আছিল উপেন্দ্ৰ । তেওঁ প্ৰায় ৮২০ খ্ৰীষ্টাব্দতহে এই বংশৰ প্ৰতিষ্ঠা কৰিছিল । পাৰমাৰ বংশৰ শেষৰজন ৰজাৰ নাম আছিল মুঞ্জ । এই বংশটোৰ উল্লেখযোগ্য ৰজাজনৰ নামহল ভোজ । তেওঁ ৰাজত্ব কৰা সময়ত ইয়াৰ ৰাজধনীৰ নাম আছিল ধৰা । 

12. The Chedis of Kalachuri .(কালাচুৰীৰ চেদিৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ-  নৰ্মদা নদীৰ দক্ষিণ  আৰু গোদাৱৰী নৈৰ উত্তৰে এই অঞ্চলত কালাচুৰী নামৰ এটা ৰাজবংশই ৰাজত্ব কৰিছিল । এই চেদী ৰাজ্যৰ ৰাজধানী জব্বলপুৰৰ ওচৰৰ ত্ৰিপুৰীত আছিল । কালাচুৰীসকল প্ৰথমে প্ৰতিহাৰসকলৰ অধীনত আছিল । কিন্তু দশম শতিকাৰ মাজভাগত তেওঁলোকৰ ৰাজ্যখন স্বাধীন  হয় । চেদী ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল লক্ষ্মণ ৰাজা । তেওঁ এজন বিখ্যাত যোদ্ধা আৰু মহান বীৰ আছিল । ৱাৰেঙ্গলৰ সেনাপতি, দেৱগিৰীৰ যাদৱ, আৰু ৱাঘেলাৰ ৰাজপুত স্বাধীন সাম্ৰাজ্যৰ উন্নতি হোৱাৰ কাৰণে চেদী ৰাজ্যৰ পতন হয় । 

13. Nagabhatta I. ( নাগভট্ট ১ৰ বিষয়ে চমুকৈ লিখাঁ )  

উত্তৰঃ- খ্ৰীঃ অষ্টম শতিকাৰ প্ৰথম ভাগত নাগভট্টই এটা নতুন গুৰ্জৰ প্ৰতিহাৰ ৰাজবংশৰ প্ৰতিষ্ঠা কৰে । সেই সময়ত কিছুমান অঞ্চলৰ পৰা আৰৱসকলে ৰাজপুতনা ৰাজ্যখন আক্ৰমণ কৰি উজ্জয়িনীলৈকে আগুৱাই গৈছিল । নাগভট্টই আৰৱসকলক পৰাজয় কৰি তেওঁলোকৰ অগ্ৰগতি প্ৰতিহত কৰিছিল । আৰৱসকলে ধ্বংস কৰা ৰাজ্যবোৰক তেওঁ পুনৰ গোটাই লগ কৰিছিল । তেওঁ যোধপুৰৰ প্ৰতিহাৰ বংশকো নিজৰ অধীনলৈ আনিছিল আৰু মালৱৰ উজ্জয়িনীত ৰাজধানী প্ৰতিষ্ঠা কৰিছিল । নাগভট্টই মালৱা, গুজৰাট আৰু ৰাজপুতনাৰ কিছু অংশক লৈ শক্তিশালী প্ৰতিহাৰ ৰাজ্য স্থাপন কৰিছিল । প্ৰতিহাৰসকলৰ ৰাজনৈতিক ইতিহাসত নাগভট্টৰ পিছত  

ব ৎসৰাজে ৰাজসিংহাসন আৰোহণ কৰে ।ব ৎসৰাজ আছিল নাগভট্টৰ নাতিয়েক আছিল ।থ

14. Economic condition of the Pratiharas (প্ৰতিহাৰসকলৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে চমুকৈ লিখাঁ

উত্তৰঃ-  প্ৰতিহাৰসকলৰ প্ৰধান অৰ্থনৈতিক অৱস্থা হল কৃষি । তেওঁলোক কৃষি-কাৰ্যৰ ওপৰত নিৰ্ভৰশীল আছিল । সেইকাৰণেই ৰাজ্যখনৰ প্ৰধান ৰাজহৰ উ ৎস আছিল কৃষি কাৰ্য উ ৎপাদন কৰি কৰ সংগ্ৰহ কৰা ।  গুৰ্জৰ ৰজাসকলৰ সামন্ত লোকসকলে দিয়া ধনখিনি সীমান্তৰ পৰা বহুত সৈন্যদলত খৰচ কৰা হৈছিল । গুৰ্জৰ প্ৰতিহাৰসকলে এনে এখন সাম্ৰাজ্যত শাসন চলাইছিল যিটো এটা সময়ত আৰু বৰ্তমান গুজৰাট, ৰাজস্থান, মালৱা,আৰু গংগা অৱবাহিকালৈ বিস্তৃ হৈ আছিল । গুৰ্জৰ প্ৰতিহাৰসকলৰ বাণিজ্যিক প্ৰতিস্থান সমূহ নিয়মীয়া ধৰণেৰে টকা-পইচা ব্যৱহাৰ কৰা আৰু কৰ সংগ্ৰহৰ মাধ্যমেৰে ৰাজহ কৰা বিধৰ আছিল । কিছুমান ইতিহাস বিদৰ মতে এই সময়ছোৱাত বাণিজ্য আছিল প্ৰায় মৃত অথবা মৃতপ্ৰায় হৈ থকা, ব্যৱসায় আছিল স্থানীয় গাওঁ পৰ্যায়ত সীমাবদ্ধ যত বিনিময় প্ৰথাই টকা-পইচাৰ লেন-দেনৰ অৱকাশে হ্ৰাস বা নাইকিয়া কৰি পেলাইছিল । 

15. Danti Durga (দন্তিদুৰ্গৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ-  ৰজা দন্তিদুৰ্গ ৰাষ্ট্ৰকুটসকলৰ ৰজা আছিল । ৰজা দন্তিদুৰ্গ চালুক্য ৰজা দ্বিতীয় পুলকেশীৰ সমসাময়িক আছিল । দন্তিদুৰ্গই গোদাবৰী আৰু ভীম নৈৰ মধ্যৱৰ্তী অঞ্চল অধিকাৰ কৰিছিল । দন্তিদুৰ্গৰ ৰাজত্বকালৰ নথিপত্ৰসমূহে তেওঁৰ বিজয় অভিযানসমূহৰ বিষয়ে জনাত সহায় কৰে । জনা যায় যে তেওঁ মহী,মহানদী আৰু ৰেবা নদীৰ পাৰৰ ৰাজ্যসমূহৰ লগত যুজ কৰি কাঞ্চি, কলিঙ্গ, কোশল, শ্ৰী শৈল্য, মালৱ লতা আৰু টঙ্কাত বিজয় সাব্যস্ত কৰে । ৰজা দন্তিদুৰ্গৰ অভিযানসমূহৰ এক ধাৰাবাহিক বিৱৰণী পোৱা নাযায় ।  চালুক্য ৰজাৰ সামন্ত হৈ থকা অৱস্থাতো তেওঁ কিছুমান দেশ জয় কৰিবৰ কাৰণে অভিযান চলাইছিল । তেওঁ আৰৱসকলক খেদি পঠোৱাৰ উদ্দেশ্যেত চালুক্য ৰজা ২য় বিক্ৰমাদিত্য আৰু পুলকেশীৰ সৈতে যোগদান কৰিছিল । ৭৩৮ খ্ৰীঃত সংঘটিত হোৱা এখন ৰঙৰে ৰাঙলি যুদ্ধত আৰৱসকল বহুত বেয়াকৈ পৰাস্ত হৈছিল আৰু আৰৱৰ গুজৰাট দখলৰ আশাৰ যৱনিকা পৰিছিল । 

16. Govinda III (গোবিন্দা তৃতীয়ৰ বিষয়ে চমুকৈ লিখাঁ )  

উত্তৰঃ- ৰজা তৃতীয় গোবিন্দ ৰাষ্ট্ৰকুটসকলৰ ৰজা আছিল । তেওঁ ৭৯৩ খ্ৰীষ্টাব্দত ৰাজসিংহাসনত উঠিছিল । ৰজা তৃতীয় গোবিন্দই ৪১৪ খ্ৰীষ্টাব্দলৈ ৰাজ্য শাসন কৰে । আৰম্ভণিতে তেওঁ বহুতো বিপদ আৰু পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছিল । ৰজা গোবিন্দৰ জেষ্ঠ ভাতৃ আৰু গঙ্গাদেৱীৰ শাসনকৰ্তাই তেওঁৰ সিংহাসন লাভ কৰাৰ কাৰণে বিৰোধিতা কৰিছিল । কিছুমান লোকৰ এনেকোৱা দাবী ওচৰ-চুবুৰীয়া কিছুমান সামন্তই এই কথাটোত সমৰ্থন জনাইছিল । ৩য় গোবিন্দই এই দাবীৰ প্ৰত্যাহ্বান জনাই স্তম্ভ আৰু ১২ জন ৰজাৰ বিদ্ৰোহ দমন কৰি ধ্বংস কৰে । তাৰ পিছত স্তম্ভ নামৰ ৰজাজনক বন্দী কৰা হয় কিন্তু তাৰ পিছত দয়া লাগি তেওঁক পুনৰ গংঙ্গাৱদীৰ শাসনকৰ্তা নিযুক্ত কৰা হয় আৰু স্তম্ভই আজীৱন ৩য় গোবিন্দৰ বিশ্বাসভাজন হৈ থাকে । পল্লব ৰজা দান্তিগে গোবিন্দৰ ওচৰত বশ্যতা স্বীকাৰ কৰে । ভেঙ্গীৰ ৰজা ৪ৰ্থ গোবিন্দৰ সম্পৰ্কীয় হোৱা বাবেই তেওঁ ৩য় গোবিন্দৰ বিৰুদ্ধাচৰণ কৰা নাছিল বা আপত্তি কৰা নাছিল ।

.17. Vishapati and Bhogapati . (বিশপতি আৰু ভোগপতিৰ বিষয়ে চমুকৈ লিখাঁ ) 

উত্তৰঃ-  ৰাষ্ট্ৰপতিয়ে শাসন কৰা কোনো নিৰ্দিষ্ট  ৰাষ্ট্ৰৰ সীমাত এলেকাত এই বিষয়াসকলে শাসন কাৰ্য চলাইছিল । সামৰিক দক্ষতা নাইবা অসামৰিক যোগ্যতাৰ ভিত্তিত এই পদত নিযুক্তি দিয়া হৈছিল । 

পৰম্পৰাগত আৰু বংশানুক্ৰমে চলি থকা ৰাজহ বিষয়াসকলৰ সহায়ত বিশপতি আৰু ভোগপতিসকলে ৰাজহ সংগ্ৰহ কৰিছিল । এই বিষয়াসকলক কৰযুক্ত মাটি দিয়া হৈছিল । গাৱৰ শাসন ব্যৱস্থা গাওঁৰ মুৰব্বী আৰু গাওঁখনৰ গাননিকসকলে সম্পাদন কৰিছিল । এই পদসমূহ বংশানুক্ৰমে চলি আছিল । গাওঁৰ মুৰব্বীজনে গাওঁখনৰ শানতি-শৃংখলা বজাই ৰাখিব লাগিছিল ।  তেওঁৰ অধীনত এটা স্থানীয় সৈন্যদলো জড়িত আছিল । তেওঁলোকে গাওঁখনৰ ৰাজহ সংগ্ৰহ কৰিছিল আৰু এই ৰাজহসমূহ ৰাজভৰালত জমা দিয়া হৈছিল । 

18. Parantaka I.(পৰান্তক ১ৰ বিষয়ে চমুকৈ লিখাঁ 

উত্তৰঃ-  প্ৰথম আদিত্যৰ পিছত তেওঁৰ পুত্ৰ প্ৰথম পৰান্তক চোল ৰাজ্যৰ সিংহাসনত বহিছিল । তেওঁ সিংহাসনত উঠাৰ পিছত চোল ৰাজ্যৰ ক্ষমতা যথেষ্ট বৃদ্ধি হয় । তেওঁ পাণ্ড্য ৰজাক পৰাস্ত কৰি সিংহল দ্বীপলৈ পলাই যাবলৈ বাধ্য কৰে । সিংহলৰ সৈন্যদলৰ সহায়ত পাণ্ড্যৰজা ৰাজ সিনহাই তেওঁৰ হেৰোৱা ৰাজ্যখন পুনৰ উদ্ধাৰ কৰিবৰ বাবে চেষ্টা চলায় যদিও এই চেষ্টা ব্যৰ্থ হয় । প্ৰথম পৰান্তকে তেওঁৰ পুত্ৰ ৰাজাদিত্যক ৰাজ্যখনৰ নিৰাপত্তাৰ বাবে উত্তৰ-পশ্চিম অংশত সংস্থাপন কৰিছিল । তেওঁৰ শাসন কালৰ শেষভাগত ৰাষ্ট্ৰকুট ৰজা তৃতীয় কৃষ্ণৰ হাতত তেওঁৰ পৰাজয় হয় । যুদ্ধখনত পৰান্তকৰ পুত্ৰ ৰাজাদিত্যৰ মৃত্যু হয় । এনে ঘটনা চোলসকলৰ বাবে যথেষ্ট দুৰ্ভাগ্যজনক আছিল । প্ৰথম পৰান্তক শিক্ষাা আৰু সাহিত্য-সংস্কৃতিৰ প্ৰতি বিশেষ আগ্ৰহী আছিল । তেওঁ জ্ঞানী আৰু বিদ্বান লোকসকলক পৃষ্ঠপোষকতা প্ৰদান কৰিছিল । তেওঁৰ সময়ত গাওঁ পঞ্চায়তক স্বায়ত্ব শাসন প্ৰদান কৰা হৈছিল । তেওঁৰ ৰাজত্বৰ সময়ত ভেংকট মাধৱ নামৰ ঋকবেদৰ গ্ৰন্থকাৰজনে যথেষ্ট পৃষ্ঠপোষকতা লাভ কৰিছিল ।   তেওঁৰ পৰৱৰ্তী দুৰ্বল ৰজাসকলৰ অধীনত চোল ৰাজ্যত যথেষ্ট বিশৃংখল অৱস্থাই দেখা দিছিল । ৰজা প্ৰথম পৰান্তকে ৯৫৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল ।

19. Popular assembly (জনপ্ৰিয় সমাবেশৰ বিষয়ে ব্যাখ্যা কৰা ) 

উত্তৰঃ- 

20. Chola Military System .( চোলা সামৰিক ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখাঁ ?) 

উত্তৰঃ-  চোল ৰজাসকলে ৰাজ্যখনৰ সুৰক্ষা বা ৰাজ্য জয় কৰি এটা হাঙৰ সৈন্যদল সাজু কৰি ৰাখিছিল । চোলসকলৰ সৈন্যদলটো আছিল সু-শৃংখলাবদ্ধ আৰু প্ৰশিক্ষণপ্ৰাপ্ত । চোল ৰাজ্যখনৰ  সৈন্যবাহিনীক ৩টা ভাগত ভাগ কৰিছিল ।সেইভাগকেইটা আছিল যেনে- পদাতিক, অশ্বাৰোহী বাহিনী আৰু হস্তীবাহিনী । ইয়াৰ বাহিৰেওঁ আৰু এটা শক্তিশালী বাহিনী আছিল সেই বাহিনীটো হল নৌ-বাহিনী । এই নৌ-বাহিনীটোৰ সহায়তে চোলসকলে বহুতো দ্বীপপুঞ্জ জয় কৰিছিল । দক্ষিণ ভাৰতত চোল সাম্ৰাজ্য বিস্তাৰ কৰাৰ ক্ষেত্ৰত এই সৈন্যদলে চোলসকলক সহায় কৰিছিল । 


Very short Answer type Questions (অতি চমু প্ৰশ্ন ) 

21) Who Where the Rulres of Gour And Malwa ?(হু হোয়াৰ দা ৰুলাৰচ অফ গৌৰ এণ্ড মালৱাৰ বিষয়ে চমুকৈ লিখাঁ ?

উত্তৰঃ- 

22) Where is Pratappur And who built it ? (প্ৰতাপপুৰ ক'ত আছে আৰু ইয়াক কোনে নিৰ্মাণ কৰিছিল?) 

উত্তৰ ঃ  প্ৰতাপপুৰ কাশ্মীৰত আছে । দুৰ্লভবৰ্দ্ধনৰ পুত্ৰ প্ৰতাপাদিত্যই প্ৰতাপপুৰ নিৰ্মাণ কৰিছিল । 
 

23) Where the kalachuri Ruled ?( কালাচুৰীয়ে ক'ত শাসন কৰিছিল) 

উত্তৰঃ-  নৰ্মদা নদীৰ দক্ষিণ আৰু গোদাবৰী নৈৰ উত্তৰে অলস্থিত চেদী ৰাজ্যত কালাচুৰীয়ে শাসন কৰিছিল ।

24) Mention two Famous rulers of pratihara dynasty. (প্ৰতিহাৰা ৰাজবংশৰ দুজন বিখ্যাত শাসকৰ নাম লিখাঁ ) 

উত্তৰঃ- প্ৰতিহাৰ ৰাজবংশৰ দুজন বিখ্যাত শাসকৰ নাম হল

ক) নাগভট্ট ।

খ) মিহিৰ ভোজ ।

25) What Are the Sources of Rastrakuta History ?( ৰাষ্ট্ৰকুট ইতিহাসৰ উৎসবোৰ কি আছিল লিখাঁ ) 

উত্তৰঃ- ৰাষ্ট্ৰকুটসকলৰ ইতিহাসৰ সমলসমূহ হল মধ্যযুগৰ লিপিসমূহ, পালি ভাষাৰ প্ৰাচীন সাহিত্য, সমসাময়িক সংস্কৃত আৰু কানাড়া সাহিত্য আৰু আৰৱ দেশৰ ভ্ৰমণকাৰীসকলৰ টোকা । 

26) Write two other titles of Amoghvasha I. (অমোঘবৰ্ষ১ ৰ দুটা উপাধিৰ নাম লিখাঁ) 

উত্তৰঃ- অমোঘবৰ্ষ ১ৰ দুটা উপাধি নাম হল 

ক) মহাৰাজচন্দ ।

খ) বীৰ নাৰায়ণ ।

27) What were the Divisions of Popular Assembly ?(জনপ্ৰিয় সভাৰ বিভাগবোৰ কি আছিল লিখাঁ )

উত্তৰঃ- জনপ্ৰিয় সভাৰ বিভাগবোৰ আছিল ক্ৰমে 

ক) নাট্টৰ খ) নাগৰট্ট গ) উৰ ঘ) সভা ।

28) What is the Dimension of Kaliash Mandir of Ellora ? (ইলোৰাৰ কৈলাশ মন্দিৰৰ মাত্ৰা কি আছিল ) 

উত্তৰঃ- 

👉Objective type (বস্তু ধৰ্মী)

29) When Harshavardhana died ? ( হৰ্ষবৰ্ধনৰ কেতিয়া মৃত্যু হৈছিল)  

উত্তৰঃ- ৬৪৭ খ্ৰীষ্টাব্দত থানেশ্বৰৰ ৰজা হৰ্ষবৰ্দ্ধনৰ মৃত্যু হৈছিল ।

30) Who Wrote "Gouravaho" ? "(গৌড়বাহো" নামৰ কিতাপখন কোনে লিখিছিল ?) 

উত্তৰঃ- যশোবৰ্মন ৰজাৰ সভাকবি বাকপতিয়ে গৌড়বাহো নামৰ কিতাপখন লিখিছিল ।

31) Who is Lalitaditya ?( ললিতাদিত্য কোন আছিল ) 

উত্তৰঃ- ললিতাদিত্য কাশ্মীৰৰ ৰজা আছিল।

32) Who is the Founder of Pala Dynasty of Bengal ?(বংগৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল ) 

উত্তৰঃ- বংগৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল গোপাল ।

33) What is Chola Kailsh ?( চোলা কৈলাশ কি আছিল ) 

উত্তৰঃ- 

👉True False Test ( শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰা ।)

34) Vatsaraj was the son of Nagabhatta .( বৎসৰাজ নাগভট্টৰ পুত্ৰ আছিল ?) 

উত্তৰঃ- অশুদ্ধ ।

35) Mihir Bhoja Aseended  the Throne in 840A.D.( মিহিৰ ভোজা ৮৪০ চনত সিংহাসন সমাপ্ত কৰিছিল।  ) 

উত্তৰঃ- অশুদ্ধ ।

36) Vikamaditya II Died in 747A.D. ( বিক্ৰমাদিত্য দ্বিতীয়ৰ ৭৪৭ এ.ডি.ত মৃত্যু হৈছিল। ) 

উত্তৰঃ- শুদ্ধ ।

37) Kailash temple is Situated in Tanjore .(কৈলাশ মন্দিৰ তাঞ্জোৰত অৱস্থিত) 

উত্তৰঃ অশুদ্ধ ।

👉Fill Up the Gaps 

38) Pratihara Dynasty Was Established by _____( প্ৰতিহাৰা ৰাজবংশ ইয়াৰ দ্বাৰা স্থাপিত হৈছিল_____ ) 

উত্তৰঃ প্ৰথম নাগভট্ট ।

39) The Rastrakutas Ruled in _____( ৰাষ্ট্ৰকুট সকলে শাসন কৰিছিল ___) 

উত্তৰঃ  

40) Krishna II Was the son of ____. (কৃষ্ণ দ্বিতীয় আছিল ইয়াৰ পুত্ৰ_____) 

উত্তৰঃ অমোঘবৰ্ষ ।

41) Ur Represents ______ (আপোনাৰ প্ৰতিনিধিত্ব কৰে_____ ) 

উত্তৰঃ

👉Match the Following 

a) Vikram Chola(বিক্ৰম চোলা)    i. 940A.D.(৯৪০ এ.ডি.)

b) Krishna III(কৃষ্ণ তৃতীয়)    II) 758 A.D. 

C) Lalitaditya(ললিতাদিত্য)     III) 1120 A.D. 

D) Dantidurga (দান্তিদুৰ্গা)     IV) . 760 A.D. 

উত্তৰঃ 

👉Further Readings 

Romila Thapar(ৰোমিলা থাপাৰ)   

                                                    

K.A.N Sastri(কে.এ.এন. সাস্ত্ৰী)    

R.C Mazumdar (আৰ.চি মজুমদাৰ)

R.S Tripathi(আৰ.এছ.ত্ৰিপাঠী)  

A.S Altekar(এ.এছ.আলতেকাৰ)

   A History of India Vol. I (হিষ্ট্ৰী অৱ ইণ্ডিয়া ভলিউম

History of South India(দক্ষিণ ভাৰতৰ ইতিহাস)

Ancient India(প্ৰাচীন ভাৰত)

History Of Ancient India.( প্ৰাচীন ভাৰতৰ ইতিহাস)

State And Government in Ancient India.( প্ৰাচীন ভাৰতৰ ৰাজ্য আৰু চৰকাৰ।)

 



Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)


Type Arup Koch

Answer Type- Ali rani Kakati