ধৰ্মনিৰপেক্ষতা

ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰসমূহৰ ধৰ্মক কেৱল ব্যক্তিগত বিষয় বুলি স্বীকৃতি দিয়ে। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে ধৰ্মক কোনো ৰাজহুৱা বা বিবাগীয়া স্বীকৃতি নিদিয়ে যদিও ভাৰতীয় সংবিদানৰ প্ৰণয়নৰ সময়ত ধৰ্মনিৰপেক্ষ শব্দটো উল্লেখ নাছিল কিন্তু ধৰ্মনিৰপেক্ষতাক সংবিদানে সদায়েই মানি আহিছে। পশ্চিমীয়া দৃষ্টিত ধৰ্মনিৰপেক্ষতাৰ অৰ্থ বেলেগ। 

    এই বিষয়ে ৰাজনৈতিক তত্ত্বত পিছলৈ বহলাই পাবা। পাশ্চাত্য শব্দ পাৰস্পৰিক বিৰুদ্ধাচৰণ ৰ অৰ্থ হল- ৰাষ্ট আৰু ধৰ্ম দুয়োটাই পাৰস্পৰিকভাৱে নিজ কৰ্ম কৰি যাব লাগে। ৰাষ্ট্ৰই কেতিয়াও ধৰ্মৰ ওপৰত প্ৰবাৱ বিস্তাৰ কৰিব নালাগে। তেনেদৰে ধৰ্মইও ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নালাগে। আনহাতেদি ধৰ্ম আঐৰু ৰাষ্ট্ৰ পৃথক। 

    এই পৃথকীকৰণৰ কিয় প্রয়ােজন? ইয়াৰ কাৰণ হৈছে , ব্যক্তিগত স্বতন্ত্রতা ৰক্ষা কৰা। যিবিলাক ৰাষ্ট্রই আনুষ্ঠানিকভাৱে ধৰ্মক সমর্থন কৰে, সেইবিলাক বেছি শক্তিশালী হৈ উঠে। যেতিয়া ধর্মীয় অনুষ্ঠানসমূহে ব্যক্তিৰ ধর্মীয় জীৱন নিয়ন্ত্রণ কৰে , যেতিয়া তেওঁলােকে কেনেধৰণে ঈশ্বৰৰ লগত সম্পর্ক স্থাপন কৰিব , সেয়া নির্দেশ দিয়ে , তেতিয়াই ব্যক্তিয়ে আধুনিক ৰাষ্ট্রক নিজস্ব ধর্মীয় স্বতন্ত্রতাৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰে কিন্তু , সেই অৱস্থাত ৰাষ্ট্ৰই কেনেধৰণৰ সুৰক্ষা দিব , যদি তেওঁলােকে এনে অনুষ্ঠানৰ লগত জড়িত হৈ পৰে। সেয়েহে , ব্যক্তিৰ ধর্মীয় স্বতন্ত্রতা সুৰক্ষা কৰিবলৈ হ'লে ৰাষ্ট্ৰই কেতিয়াও ধর্মীয় অনুষ্ঠানক সহায় কৰিব নালাগে। লগতে ৰাষ্ট্ৰই ধর্মীয় অনুষ্ঠানসমূহৰ কার্য পৰিচালনাৰ বিষয়েও কোনাে ধৰণৰ মন্তব্য দিব নালাগে। ইয়াৰ যােগেদিও ধর্মীয় স্বতন্ত্রতাই আঘাত পাব পাৰে। সেইবাবেই ৰাষ্ট্ৰই ধর্মীয় অনুষ্ঠানক আওঁকান কৰিব লাগে। চমু ভাষাত ৰাষ্ট্ৰই ধৰ্মক সহায়ও কৰিব নালাগে বা উলায়াে কৰিব নালাগে। ধর্মক ৰাষ্ট্ৰই এক নির্দিষ্ট দূৰত্বত ৰাখিব লাগে। এয়াই হৈছে প্রচলিত পাশ্চাত্য ধর্মনিৰপেক্ষতাৰ অর্থ । 

    ভাৰতবৰ্ষৰ অৱস্থা আনতকৈ বেলেগ। সেয়েহে , ধর্মনিৰপেক্ষতা শব্দটো সংবিধান প্রণেতাসকলে একবহল অর্থত ব্যৱহাৰ কৰিছে। পাশ্চাত্যৰ দেশতকৈ আমাৰ দেশত ধর্মনিৰপেক্ষতা দুটা অৰ্থত ব্যৱহাৰ হয় আৰু ইয়াৰ কাৰণ দুটা। সেয়া হ'ল-

 * ধর্মীয় গােটৰ অধিকাৰ ( Rights of Religious Groups ) 

প্রথমতে, ব্যক্তিগত সমতাৰ দৰে আন্তঃসাম্প্রদায়িক সমতাও সমানেই গুৰুত্বপূর্ণ। ইয়াৰ কাৰণ হৈছে — ব্যক্তি স্বতন্ত্রতা নিৰ্ভৰ কৰে তেওঁৰ সম্প্রদায়িক মর্যাদাৰ ওপৰত। যদি এটা সম্প্রদায়ক আন এটা সম্প্রদায়ে অৱদমন কৰে , তেতিয়া ইয়াৰ সদস্যসকলৰ স্বতন্ত্রতা সীমাৱদ্ধ হৈ পৰে। আনহাতেদি , তেওঁলােকৰ সম্পর্ক সমান হব যদিহে কোনাে ধৰণৰ অৱদমন নাথাকে , তেতিয়াহে তেওঁলােকে মর্যাদা , আত্মসন্মান আৰু স্বতন্ত্রতাৰে আগুৱাই যাব পাৰিব। সেয়েহে , ভাৰতীয় সংবিধানে ধর্মীয় অনুষ্ঠান , শিক্ষা অনুষ্ঠান আদি প্রতিষ্ঠা আৰু পৰিচালনা কৰাৰ অধিকাৰ প্ৰদান কৰিছে। ভাৰতবৰ্ষত ধর্মীয় স্বাধীনতাই ব্যক্তি আৰু সম্প্রদায় এই দুয়ােটাৰ ধর্মীয় স্বাধীনতাকে বুজায়। 

* ৰাষ্ট্রৰ হস্তক্ষেপ ক্ষমতা ( State's Power of Itervention ) 

দ্বিতীয়তে , ভাৰতবৰ্ষৰ পৃথকীকৰণ কেতিয়াও পাৰস্পৰিক বহির্ভুক্ত হ'ব নােৱাৰে। কিয় তেনেকুৱা হয় ? কাৰণ , ধার্মীকভাৱে স্বীকৃত ৰীতি - নীতি যেনে— অস্পৃশ্যতাই ব্যক্তিক আটাইতকৈ গুৰুত্বপূৰ্ণ মর্যাদা আৰু আত্ম সন্মানৰ পৰা বঞ্চিত কৰে। সেই ৰীতি নীতিবােৰ ইমান গভীৰভাৱে শিপাই আছিল আৰু বিয়পি পৰিছিল যে , ৰাষ্ট্রৰ সক্রিয় হস্তক্ষেপ অবিহনে সেইবােৰ আতঁৰােৱাই পেলােৱাৰ কোনাে আশা নাছিল। ৰাষ্ট্ৰই ধর্মীয় কার্যত মাত্র হস্তক্ষেপ সদায় নকাৰাত্মক নাছিল ৰাষ্ট্ৰই ধর্মীয় সম্প্রদায়সমূহকে সহায় কৰিব পাৰিছিল তেওঁলােকৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহলৈ সাহার্য আগবঢ়াব পাৰে অথবা বাধা দিব পাৰে যাৰ ওপৰত নিৰ্ভৰ কৰি কাৰ্য ব্যৱস্থাই স্বাধীনতা , সমতাৰ দৰে মূল্যবােধৰ সৃষ্টি কৰিব পাৰে। ভাৰতবৰ্ষত ধর্ম আৰু ৰাষ্ট্ৰৰ পৃথকীকৰণে পাৰম্পৰিক বিৰােধীতা নুবুজাইছিল , বৰং কিন্তু নীতিগত দূৰত্ব , এটা কঠিন ধাৰণা যি সকলাে ধৰ্মৰ পৰা ৰাষ্ট্ৰক এটা দূৰত্ব বজাই ৰখাত অনুমতি দিছে , সেইকাৰণে ই বাধা দিব পাৰে বা হস্তক্ষেপৰ পৰা বিৰত ৰাখিব পাৰে , যি দুটা স্বতন্ত্রতা , সমতা আৰু সামাজিক ন্যায় উন্নত কৰাত ভাল তাৰ ওপৰত নিৰ্ভৰশীল। এইটো উল্লেখযােগ্য যে আমাৰ সংবিধানত তিনিটা মূল বৈশিষ্ট্য আছে— সেইবােৰ আমাৰ সাংবিধানৰ প্রাপ্তি হিছাপে ভাবি চাবও পাৰে।

প্রথমতে , আমাৰ সংবিধানে ব্যক্তিগত স্বাধীনতা নতুন ৰূপতাে উপস্থাপন কৰে । এইটো গুৰুত্বপূৰ্ণ আহৰিত অংশ কাৰণ , বিবিধ সাম্প্রদায়িক মূল্যবােধৰ মাজেৰে সমাজত ইয়াক প্ৰতিষ্ঠাপন কৰা হ'ব।

* দ্বিতীয়তে আমাৰ সংবিধানে সামাজিক নীতি বলবৎ কৰােতে ব্যক্তিগত স্বতন্ত্রতাৰ লগত বুজাবুজি নকৰে। ভাৰতৰ সাংবিধানিক কাৰ্য্যসমূহৰ দ্বাৰা দেখা যায় যে , অন্য ৰাষ্ট্ৰতকৈ আমাৰ দেশত জাতি নিৰ্ভৰ ধনাত্মক কার্য বেছিকৈ কৰা হয় ।

* সংবিধানে গােটৰ অধিকাৰসমূহক ( সাংস্কৃতিক মত প্রকাশ ’ অধিকাৰ ইত্যাদি ) অধিক গুৰুত্ব দিয়ে যদিও , আমাৰ সমাজত আন্তঃসাম্প্রদায়িক সংঘাত অতীতৰ পৰাই চলি আহিছে। ই এয়াই বুজায় যে- সাংবিধানিক প্রণেতাসকলে প্রণয়নৰ সময়তেই ভাৰতীয় সমাজৰ বহু - সাংস্কৃতিক বৈশিষ্ট্যক গুৰুত্ব দিছিল।

Type Sumit Patar

Class 11 Political science 




Post ID : DABP003813