অধ্যায় ৪ 

অতীত শিক্ষা ব্যৱস্থাৰ কেইটামান উল্লেখযোগ্য শিক্ষাৰ কেন্দ্ৰস্থল (Some important centres of learning of ancient education System)


প্রশ্নাৱলী (Exercise) 

১। অতীতৰ ভাৰতৰ শিক্ষাব্যৱস্থাৰ মূল কেন্দ্রস্থলসমূহৰ বিষয়ে লিখা । (Write about the main centres of education of ancient India.) 
Answer:  অতীত ভাৰতৰ শিক্ষা ব্যৱস্থাত তক্ষশীলা নামেৰে এটি বিশেষভাৱে উল্লেখযোগ্য বিশ্ববিদ্যালয় আছিল । তক্ষশীলাক হিন্দুসকলৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান কেন্দ্ৰস্থল বুলি কোৱা হয় । এই শিক্ষাৰ কেন্দ্ৰটোৰ জন্ম দিছিল ৰজা ভৰতে । ৰজা ভৰতৰ পুত্ৰ তক্ষৰ নামত এই অনুষ্ঠানটো নামকৰণ কৰা হৈছিল । এই বিশ্ববিদ্যালয়ৰ বৰ্ণনা জাতকত পোৱা যায় । ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা তক্ষশীলালৈ শিক্ষাৰ্থীসকল আহিছিল । জাতকত পোৱা বৰ্ণনামতে কাশী, ৰাজগৃহ , মিথিলা, উজ্জয়িনী, কৌশল, মধ্যপ্ৰান্ত কুৰু, শিবি আৰু উত্তৰ প্ৰান্তৰ ৰাজ্যসমূহৰ পৰা শিক্ষাৰ্থীসকল তক্ষশীলালৈ শিক্ষালাভৰ অৰ্থে আহিছিল । তক্ষশীলা বিশ্ববিদ্যালয়ে খ্যাতি লাভ কৰাৰ মূলতে আছিল বিচক্ষণ অধ্যাপকসকল । অধ্যাপকসকল শাস্ত্ৰনিপুণ আৰু বিদ্যান মহান পণ্ডিত হোৱা হেতুকে তেওঁলোকৰ যশস্যা দেশ-বিদেশত প্ৰচলিত হৈছিল । ভাৰতত বৰ্ণিত আছে যে তক্ষশীলাৰ অধ্যাপকসকল পৃথিৱী বিখ্যাত হৈ পৰিছিল । তেওঁলোকে নিজৰ নিজৰ বিষয়ত বিশেষজ্ঞ আছিল আৰু নিজ কৰ্তব্যত নিপুণ আছিল । সেই সময়ত ভাৰতবৰ্ষ মনীষাৰ কেন্দ্ৰস্থল বুলি প্ৰচাৰ হৈছিল । তক্ষশীলাৰ এগৰাকী বিচক্ষণ অধ্যাপকৰ ওচৰলৈ ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ পৰা ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় যুৱকসকল আহি শিক্ষা লাভ কৰিছিল ।  তক্ষশীলাৰ শিক্ষা লাভ  ব্যৱস্থাৰ মানদণ্ড অতি উচ্চখাপৰ আছিল আৰু ইয়াৰ প্ৰভাৱ আন আন শিক্ষানুষ্ঠানসমূহত পৰিছিল । 
ক) উচ্চশিক্ষাৰ কেন্দ্ৰ হিচাপে তক্ষশীলাঃ তক্ষশীলা অতীতৰ শিক্ষা ব্যৱস্থাত উচ্চশিক্ষাৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছিল । শিক্ষাৰ্থীসকল ভাৰতবৰ্ষৰ নানা ঠাইৰ পৰা ইয়াত উপনীত হৈছিল । কিন্তু এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে তক্ষশীলালৈ যিবিলাক শিক্ষাৰ্থী শিক্ষালাভৰ উদ্দেশ্য লৈ আহিছিল তেওঁলোক পূৰ্ণতাপ্ৰান্ত হবলৈহে আহিছিল । তক্ষশীলাত নামভৰ্তিকৰণৰ বয়স আছিল ১৬ বছৰ । তক্ষশীলাত প্ৰাৰম্ভিক শিক্ষাদিয়াৰ ব্যৱস্থা নাছিল বাবেই ইয়াক উচ্চশিক্ষাৰ কেন্দ্ৰস্থল বুলি  কোৱাৰ স্থল আছে । 
তক্ষশীলা বৰ্তমান সময়ৰ মহাবিদ্যালয়ৰ সমষ্টি অথবা বিশ্ববিদ্যালয়ৰ নিচিনা আছিল । ১৬ বছৰত নামভৰ্তি কৰাৰ বয়সলৈ লক্ষ্য কৰিলে বুজিব পাৰি যে আধুনিক শিক্ষা ব্যৱস্থাৰ মহাবিদ্যালয়বোৰত নামভৰ্তি কৰাৰ বয়সো ১৬ বছৰ । সেয়েহে ইয়াক উচ্চশিক্ষাৰ কেন্দ্ৰস্থল বুলি কোৱাৰ যুক্তিযুক্ততা আছে । তক্ষশীলা বিশ্ববিদ্যালয়ত শিক্ষালাভ কৰা শিক্ষাৰ্থীসকলক উচ্চপৰ্যায়ৰ বুলি ধৰা হৈছিল ।  পিতৃ-মাতৃসকলে নিজ পুত্ৰক উচ্চশিক্ষা লাভৰ অৰ্থে তক্ষশীলালৈ পঠোৱাৰ উদাহৰণ আছে ।  পুৰণি কালৰ ৰজাসকলে নিজ ৰাজ্যত বিখ্যাত অধ্যাপক থাকিলেও নিজৰ পুত্ৰক শিক্ষা সম্পূৰ্ণ কৰিবলৈ দূৰ বিদেশলৈ পঠাইছিল । উদাহৰণস্বৰূপে কাশীৰজাৰ কথা উল্লেখ কৰিব পাৰি । কাশীৰাজে তেওঁৰ ১৬ বছৰীয়া পুতেকক এযোৰ ফনেতি, গছৰ পাতৰ ছাতি এটা, একহেজাৰ মুদ্ৰা হাতত দি কৈছিল পুত্ৰ তুমি তক্ষশীলালৈ গৈ অধ্যয়ন কৰাগৈ । কাশীৰাজৰ পুত্ৰই পিতৃ আদেশ শিৰোধাৰ্য কৰি গৃহ ত্যাগ কৰি তক্ষশীলা বিশ্ববিদ্যালয়ত উপস্থিত হৈছিলগৈ ।

ক) মিথিলা ঃ মিথিলা ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ কেন্দ্ৰস্থল আছিল । অতীতত মিথিলাক বিদেহ নামেৰে জনা গৈছিল । মিথিলাৰ ৰজা জনক এগৰাকী বিচক্ষণ জ্ঞানী লোক আছিল । উপনিষদৰ যুগত দেশ-বিদেশৰ দাৰ্শনিকসকল আহি মিথিলাত লগ হৈছিল । আনকি বুদ্ধযুগতো মিথিলাই শিক্ষাৰ কেন্দ্ৰ হিচাপে খ্যাতি লাভ কৰি আছিল । মিথিলাৰ বিখ্যাত পণ্ডিত জগধ্বই গীতা, দেবমহাত্মা, মেঘদূত, গীতগোবিন্দ, মালতী মাধৱ আদিৰ দৰে পুথিবোৰ লিখিছিল । বিদ্যাপতিৰ দৰে বিখ্যাত কবি মিথিলাৰে সৃষ্টি, যাৰ আদৰ্শত আজিও বিহাৰ আৰু বংগদেশৰ কবিসকল অনুপ্ৰাণিত হৈ আছে । বাৰশ শতিকাৰ আৰম্ভণিৰ পৰা পোন্ধৰ শতাব্দীলৈ মিথিলা ভাৰতীয় সংস্কৃতি আৰু শিক্ষাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল হিচাপে চলি আহিছিল ।
মিথিলাৰ শিক্ষাৰ পাঠ্যক্ৰমৰো বিশেষত্ব আছিল । শিক্ষাৰ পাঠ্যক্ৰমত সাহিত্য, সুকুমাৰ কলা, আৰু বিজ্ঞান শিক্ষাৰ বিভিন্ন বিষয় সামৰি লোৱা হৈছিল । সেই সময়ত মিথিলাত এখন বিখ্যাত আইন মহাবিদ্যালয় স্থাপন কৰা হৈছিল । গংগেশ উপাধ্যায় নামৰ পণ্ডিত এজনে নব্য ন্যায়ৰ এখন বিদ্যালয় স্থাপন কৰিছিল । গংগেশ উপাধ্যায়ে তত্ত্ব চিন্তামনি নামৰ যুগজয়ী কিতাপখন লিখিছিল মিথিলাৰ পৰা বিভিন্ন পৰ্যায়ৰ পণ্ডিত সৃষ্টি হৈছিল । শিক্ষাৰ কেন্দ্ৰস্থল হিচাপে মিথিলাই সম্ৰাট আকবৰৰ দিনলৈ খ্যাতি লাভ কৰি আছিল । মিথিলাৰ শিক্ষা আৰু সংস্কৃতিয়ে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰভাৱ পেলাইছিল । মিথিলাৰ খ্যাতি প্ৰচাৰ হৈছিল ন্যায় আৰু তৰ্কশাস্ত্ৰৰবাবে মিথিলাত শিক্ষাৰ্থীসকলে পৰিপূৰ্ণতাৰ জোখ লোৱাৰ বাবে এটা পৰীক্ষা লোৱা হৈছিল । এই পৰীক্ষাটোৰ নাম আছিল চালক পৰীক্ষা ।  এই পৰীক্ষাটোত উৰ্ত্তীৰ্ণ হলে শিক্ষাৰ্থীসকলক মিথিলা বিশ্ববিদ্যালয়ৰ স্নাতক পদবী দিয়া হৈছিল । এনেদৰে মিথিলাই অতীত শিক্ষাৰ ইতিহাসত খ্যাতি অৰ্জন কৰিছিল ।

নদিয়া বা নৱদ্বীপ ঃ এঘাৰ শতিকাত নদিয়া বা নৱদ্বীপ নামৰ শিক্ষাৰ কেন্দ্ৰটো বংগদেশৰ চেনবংশৰ ৰজাসকলে স্থাপন কৰিছিল । নদিয়াৰ প্ৰকৃত স্থান হল ভাগীৰথী আৰু জালামণি বাৰিধাৰাৰ সংযোগস্থলত । এই ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ মনোমোহা । নদিয়াৰ বৰ্তমান ধব্বংসস্তূপ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় ই কিমান সৌন্দৰ্যশালী আছিল । সময়ে সময়ে ইয়াৰ পৰা  বহুতো পণ্ডিত সৃষ্টি হৈছিল । জয়দেৱৰ গীত গোবিন্দৰ সুমধুৰ সুৰ আজিও নদিয়াৰ জনগণৰ কাণত বাজি থকা বুলি কোৱা হয় । শূলপানীয়ে, লিখা স্মৃতিবিবেক আৰু উমাপতীৰ সৃষ্টিৰ কবিতাবোৰ নদিয়াৰ বিখ্যাত কৰ্ম । মুছলমান ৰজাসকলৰ ৰাজত্বকালতো নদিয়া উল্লেখযোগ্য শিক্ষাৰ কেন্দ্ৰস্থল হিচাপে বৰ্তি আছিল । 
 
২। অতীত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ হিন্দু শিক্ষাৰ কেন্দ্ৰবােৰৰ বিষয়ে লিখা । (Write about the Hindu centres of education of ancient India.) 
Answer: নদিয়া শিক্ষাকেন্দ্ৰৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা বিষয়বোৰ হল তৰ্কশাস্ত্ৰ, ব্যাকৰণ, ৰাজনীতি আৰু আইন । নালন্দা বিশ্ববিদ্যালয় আৰু বিক্ৰমশীলা বিশ্ববিদ্যালয় ধ্বংস হোৱাৰ ফলতে নদিয়া বিখ্যাক হৈ পৰিছিল । নদিয়া হিন্দু সংস্কৃতিৰ সেইসময়ত মূল কেন্দ্ৰবিন্দু হৈ পৰিছিল । নদিয়াত এখন তৰ্কশাস্ত্ৰ বিদ্যালয় আছিল । এই বিদ্যালয়খনৰ লগত ৰঘুনাথ শিৰোমণি নামৰ ব্যক্তিজন জড়িত হৈ পৰিছিল ।  বাসুদেব সাৰ্বভৌম নামৰ ছাত্ৰ এজনৰ খ্যাতি সেই সময়ত ফাটিফুটি গৈছিল । তেওঁ নদিয়াত এখন ন্যায়শাস্ত্ৰৰ নতুন একাডেমি গঢ়ি তুলিছিল । নদিয়াত ন্যায়শাস্ত্ৰৰ নতুন ধাৰাৰ উদ্ভৱ হৈছিল । 
নদিয়াৰ শিক্ষাই ভাৰতীয় সংস্কৃতি আৰু শি৭াৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে । মধ্যযুগতো নদিয়াৰ যশস্যাৰ মানদণ্ড কমি যোৱা নাছিল । বৰ্তমান সময়তো নদিয়াত টোল নামৰ শিক্ষানুষ্ঠানৰ মাধ্যমেৰে ব্ৰাহ্মণিক শিক্ষা দিয়াৰ ব্যৱস্থা আছে । ১৮৩৬ চনত নদিয়াত ৪৬ খন বিদ্যালয়ত ৩৮০ জন শিক্ষাৰ্থী আছিল । এনেদৰে নদিয়া শিক্ষাকেন্দ্ৰত শিক্ষাৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে । অতীতৰ শিক্ষাৰ ইতিহাসত কাশীৰ স্থান তক্ষশীলাৰ পিছতে বুলি কব পাৰি । তক্ষশীলাত শিক্ষাৰ্থীসকলে শিক্ষা শেষ কৰি আহি কাশীত শিক্ষাক প্ৰতিপন্ন কৰিবলৈ যাওঁতে কাশী শিক্ষাৰ কেন্দ্ৰ পৰে । শিক্ষাৰ্থীসকলে তক্ষশীলাৰ উদাৰ সংস্কৃতি আনি কাশী শিক্ষা ব্যৱস্থাত প্ৰয়োগ কৰি কাশীকো উপযুক্ত শিক্ষাকেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল । কাশীৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত তক্ষশীলাৰ উদাৰ সংস্কৃতি প্ৰসাৰিত হৈছিল । শিক্ষা কেন্দ্ৰ হিচাপে কাশীৰ বিশেষত্ব এইটোৱে যে তক্ষশীলাত যিবোৰ বিষয় শিকোৱা হৈছিল সেই বিষয়বোৰক কাশীতো শিকোৱাৰ ব্যৱস্থা কৰা হৈছিল । ইন্দ্ৰজাল বিদ্যাশিক্ষাৰ ব্যৱস্থা তক্ষশীলাত আছিল । তক্ষশীলাত শিক্ষালাভ কৰি অহা সুদক্ষ ছাত্ৰই কাশীতো ইন্দ্ৰজাল শিক্ষাৰ শ্ৰেণী খুলিছিল । কাশীকেন্দ্ৰত শিক্ষকৰ তলত ৫০০ জন ছাত্ৰই শিক্ষালাভ কৰাৰ বৰ্ণনা ইতিহাসত পোৱা যায় । বহুতো ধনী মানি ৰাজপুত্ৰয়ো কাশীত শিক্ষালাভ কৰাৰ বৰ্ণনা পোৱা যায় । এজন কাশীকৌটি ঐশ্বৰ্যৰ অধিকাৰী ব্ৰাহ্মণ ছাত্ৰয়ো বা লৰায়ো কাশীত শিক্ষালাভ কৰিছিল বুলি বৰ্ণনা পোৱা যায় । কিছুমান বিষয় শিক্ষাই কাশীত গভীৰভাৱে ৰেখাপাত কৰিছিল । কাশী বা বাৰাণসীত সংগীত শিক্ষাৰ কেন্দ্ৰস্থল গঢ়ি উঠিছিল । ভাৰতবৰ্ষৰ এজন বিখ্যাত সঙ্গীতজ্ঞৰ তত্ত্বাৱধানত কাশীত সঙ্গীত শিক্ষা দিয়া হৈছিল বুলি জাতকত বৰ্ণনা কৰা আছে । সকলো দিশৰ শিক্ষা দিয়াৰ ব্যৱস্থা কাশীত থাকিলেও কাশীৰ শিক্ষা ব্যৱস্থা সু-সংগঠিত নাছিল । সেই কাৰণেই বাৰানসীৰ শিক্ষাই দেশ-বিদেশত সিখ্যাতি অৰ্জন কৰিব পৰা নাছিল । বাৰানসী শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে সপ্তম শতিকাত স্থাপিত হৈছিল । েই স্থান পূব ভাৰতৰ হিন্দুসকলৰ শিক্ষাৰ কেন্দ্ৰবিন্দু আছিল । বাৰানসী আৰ্যসংস্কৃতি আৰু ধৰ্মৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছিল । 
বুদ্ধধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধই বাৰানসীতেই বুদ্ধধৰ্মৰ মূলমন্ত্ৰ প্ৰচাৰ কৰিছিল বুলি জনা যায় । সম্ৰাট অশোকৰ দিনত সাৰনাথত বুদ্ধ মন্দিৰ স্থাপন কৰা হয় । শেষলৈ সাৰনাথ বুদ্ধ শিক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰে । সাৰনাথ বাৰানসীৰ একেবাৰে ওচৰত আছিল । 
বাৰানসী নামৰ শিক্ষাৰ কেন্দ্ৰস্থলটো ১২০০ খ্ৰীষ্টাব্দত কুতুবুদ্দিন আইবাকে ধ্বংস কৰে । ইয়াৰ মঠ-মন্দিৰসমূহ ধ্বংস কৰাৰ লগতে, শিক্ষক-শিক্ষাৰ্থীসকলক দক্ষিণলৈ খেদি পঠিয়ায় । মধ্যযুগত বাৰানসী আকৌ শিক্ষাৰ কেন্দ্ৰবিন্দু হিবচাপে পৰিগণিত হয় ।


৩। অতীত ভাৰতৰ বুদ্ধ শিক্ষাৰ মূলকেন্দ্রসমূহৰ বিষয়ে লিখা । (Write about the main centres of Buddhist education of ancient India.) 
Answer:  অতীত ভাৰতৰ বুদ্ধ শিক্ষাৰ মূল কেন্দ্ৰস্থলসমূহ হল 
অতীত ভাৰতৰ শিক্ষা ব্যৱস্থাত নালন্দা বিশ্ববিদ্যালয়ৰ ভূমিকা বিশেষভাৱে মন কৰিবলগীয়া আছিল । নালন্দা নামৰ ঠাইখন বৰ্তমান বিহাৰৰ ৰাজধানী পাটনা চহৰৰ ৪০ মাইল দক্ষিণ পশ্চিমে ৰাচি পথৰ ওপৰত অৱস্থিত । ৰাজগৃহৰ পৰা এই ঠাই সাত মাইল উত্তৰে । নালন্দা বিশ্ববিদ্যালয় বৌদ্ধ ভিক্ষুকসকলৰ দ্বাৰা স্থাপন কৰা হৈছিল বুলি কোৱা হয় । সেই সময়ত গুপ্ত বংশৰ হিন্দু ৰজাসকলে নালন্দা বিশ্ববিদ্যালয়ৰ পোষকতা কৰিছিল । এই বিষয়ে চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ টোকাত বৰ্ণনা পোৱা যায় । ফাহিয়ান নামৰ চীনা পৰিব্ৰাজক জন ৪১০ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষলৈ আহিছিল । কিন্তু সপ্তম শতাব্দীত যেতিয়া হিউৱেন চাঙ নালন্দালৈ আহে তেতিয়া নালন্দাৰ যশস্যা সকলোপিনে বিয়পি পৰিছিল বুলি উল্লেখ পোৱা যায় । 
নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ মূল কেন্দ্ৰস্থল হিচাপে পৰিগণিত হোৱাৰ আগতে এই ঠাইত মাত্ৰ এখন সৰু গাওহে আছিল । গাওঁখনৰ কোীনো শৈক্ষিক বিশেষত্ব নাছিল । কিন্তু সময়ৰ লগে লগে সেই সৰু গাোঁখনেই বিখ্যাত বিশ্ববিদ্যালয়ত পৰিণত হল । এই ঠাইখনক শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত কৰাৰ মূলতে ভগৱান বুদ্ধৰ শিষ্যসকল আছিল । ভগৱান বুদ্ধৰ আদৰ্শ শিষ্য সাৰিপুত্তৰ জন্ম এই ঠাইতে হোৱা বুলি বুদ্ধ জাতকত পোৱা যায় । ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ সম্ৰাট অশোক সাৰিপুত্তৰ সেই ঠাই পৰিভ্ৰমণ কৰিবলৈ গৈ তাত এটা বুদ্ধ বিহাৰৰ আচনি প্ৰস্তুত কৰিছিল । সেয়েহে অশোককে নালন্দা বিহাৰৰ প্ৰথম প্ৰতিস্থাপক বুলি কোৱাৰ থল আছে । এই ঠাই মহাজন পন্থা বুদ্ধবাদৰ জন্মৰ সময়ৰ পৰা বিখ্যাত হৈ পৰিছিল ।

ক) নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভৰাল ঃ  নালন্দা বিশ্ববিদ্যালয়ৰ শ্ৰেণীবোৰ ডাঙৰ অট্টালিকাত অনুষ্ঠিত হৈছিল । বিশ্ববিদ্যালয়ৰ চাৰিসীমা পকীবেৰৰ দ্বাৰা আবৃত্ত আছিল । নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভৰালটো ৯ তলাৰ আছিল । পুথিভৰালটো তিনিটা ভাগত ভাগ কৰা হৈছিল । ভাগবোৰ হল ৰত্নসাগৰ, ৰত্নদধি আৰু ৰত্নৰঞ্জক ।  পুথিভৰালৰ বৰ্ণনাৰ পৰা নালন্দা বিশ্ববিদ্যালয়ৰ গুৰুত্বৰ বিষয়ে উপলব্ধি কৰিব পাৰি ।

খ) নালন্দা বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমঃ নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ পাঠ্যক্ৰম বিস্তৃত আছিল । এই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত বুদ্ধ পদ্ধতি আৰু ব্ৰাহ্মণ পদ্ধতিৰ প্ৰচলন হৈছিল ।  পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হোৱা মূল বিষয়বস্তুবোৰ হল ধৰ্মতত্ত্ব, দৰ্শন, কলা, বিজ্ঞান । ইয়াৰ লগতে বেদ, হেতুবিদ্যা, শব্দ বিদ্যা, ইন্দ্ৰজাল, সংখ্যা বিদ্যা, সাহিত্য, ব্যাকৰণ আদি বিষয়বোৰো সামৰি লোৱা হৈছিল । 

গ) শিক্ষক শিক্ষাৰ্থীৰ আৱাসিক ব্যৱস্থাঃ নালন্দা বিশ্ববিদ্যালয়ত শিক্ষক-শিক্ষাৰ্থীৰ বাবে আবাসিক ব্যৱস্থা আছিল । যিবিলাক শিক্ষাৰ্থীয়ে ১২ বছৰ এই বিশ্ববিদ্যালয়ত পঢ়িবলৈ লৈছিল তেনেবোৰ ছাত্ৰক বিশ্ববিদ্যালয়ৰ আবাসগৃহত থাকিবলৈ দিয়াৰ উপৰিও খাদ্য, কাপোৰ আৰু বিজ্ঞান ব্যৱস্থাৰ সুবিধা দিয়া হৈছিল । নালন্দা বিশ্ববিদ্যালয়ত শিক্ষকসকলৰ বাবেও ডাঙৰ আবাসগৃহ আছিল । বিশ্ববিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰত থকা ছাত্ৰাবাসবোৰৰ ব্যৱস্থাপনাৰ আভ্যন্তৰীণ দিশটো ছাত্ৰসকলৰ হাতত দিয়া হৈছিল । 

ঘ)  নালন্দাৰ প্ৰশাসনীয় ব্যৱস্থা ঃ নালন্দা বিশ্ববিদ্যালয়ৰ  পৰিচালনাৰ ভাৰ আচাৰ্যৰ হাতত আছিল । আচাৰ্যৰ প্ৰশাসনীয় দিশত সহায় কৰাৰ বাবে শিক্ষা পৰিষদ আৰু প্ৰশাসনীয় পৰিষদ নামৰ দুখন পৰিষদ আছিল । নালন্দা বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰশাসকজনক পাণ্ডিত্য, জেষ্ঠতা, চৰিত্ৰ আদিলৈ লক্ষ্য কৰি নিৰ্বাচন কৰা হৈছিল ।  শিক্ষা পৰিষদে, নামভৰ্তিকৰণ ব্যৱস্থা, শিক্ষাৰ পাঠ্যক্ৰম, শিক্ষক নিয়োগ আদিৰ ব্যৱস্থাপনা কৰিছিল । প্ৰশাসনীয় পৰিষদে বিশ্ববিদ্যালয়ৰ আৰ্থিক দিশ আৰু সামগ্ৰিক প্ৰশাসন, গৃহ নিৰ্মাণ, খাদ্যযোগান, ছাত্ৰাবাস পৰিচালনা আদি দিশবোৰৰ ওপৰত নজৰ ৰাখিছিল । আচাৰ্যৰ সকলো কামত সহায় কৰাৰ অৰ্থে মুখ্য সহায়ক নিযুক্তি দিয়া হৈছিল । তেওঁক বিহাৰ স্বামী অথবা বিহাৰ পাল হিচাপে জনা গৈছিল । 

ঙ) বিশ্ববিদ্যালয়ৰ ঘৰ-দুৱাৰ ঃ নালন্দা বিশ্ববিদ্যালয়ৰ ঘৰ-দুৱাৰ বহুত ডাঙৰ আছিল । শিক্ষাদান আৰু আহৰণৰ বাবে শাৰী শাৰী অট্টালিকাবোৰ সজোৱা হৈছিল । বিশ্ববিদ্যালয়ৰ চাৰিসীমা পকীদেৱালেৰে আবৃত আছিল আীৰু এটাহে মাত্ৰ পথ আছিল । সেই পথত এজন পণ্ডিতে বাস কৰিছিল । তেওঁক ছাৰ পণ্ডিত নামেৰে জনা যায় । ছাৰ পণ্ডিতজন বিশ্ববিদ্যালয়ৰ নামভৰ্তিকৰণৰ মুৰব্বী আছিল । তাৰ পিছত ৮া মূল ভৱন আছিল আৰু ভৱনবোৰ সংঘৰমৰ মধ্যস্থলত আছিল । ইয়াৰ উপৰিও ৩০০ টা অধ্যয়ন কক্ষ আছিল । এই অধ্যয়ন কক্ষবোৰত গুৰুৱে পাঠদান কৰিছিল । বিশ্ববিদ্যালয়ৰ গৃহবোৰ সুন্দৰ কাৰুকাৰ্যৰে সজোৱা হৈছিল । ইয়াৰ গঠন প্ৰণালীয়ে সেই সময়ৰ শক্তিশালী ভাস্কৰ্যৰ নিদৰ্শন দেখুৱাইছে । বিশ্ববিদ্যালয়ৰ গৃহবোৰ সৰ্বাহ্গ সুন্দৰ আচনিৰ মাধ্যমত গঢ়ি তোলা হৈছিল ।                                                                                                                   

৪। চমুটোকা লিখা (Write short notes on) 

(ক) তক্ষশিলা বিশ্ববিদ্যালয় (Taxila University) 
Answer:  অতীত ভাৰতৰ শিক্ষা ব্যৱস্থাত তক্ষশীলা নামেৰে এটি বিশেষভাৱে উল্লেখযোগ্য বিশ্ববিদ্যালয় আছিল । তক্ষশীলাক হিন্দুসকলৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান কেন্দ্ৰস্থল আছিল বুলি কোৱা হয় । এই শিক্ষাৰ কেন্দ্ৰটোৰ জন্ম দিছিল ৰজা ভৰতে । ৰজা ভৰতৰ পুত্ৰ তক্ষৰ নামত এই অনুষ্ঠানটো নামকৰণ কৰা হৈছিল । এই বিশ্ববিদ্যালয়ৰ বৰ্ণনা জাতকত পোৱা যায় । ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা তক্ষশীলালৈ শিক্ষাৰ্থীসকল আহিছিল । জাতকত পোৱা বৰ্ণনামতে, কাশী, ৰাজগৃহ, মিছিলা, উজ্জয়িনী, কৌশল, মধ্যপ্ৰান্ত, কুৰু, শিবি আৰু উত্তৰ প্ৰান্তৰ ৰাজ্যসমূহৰ পৰা শিক্ষাৰ্থীসকল তক্ষশীলালৈ শিক্ষালাভৰ অৰ্থে আহিছিল । তক্ষশীলা বিশ্ববিদ্যালয়ে খ্যাতি লাভ কৰাৰ মূলতে আছিল বিচক্ষণ অধ্যাপকসকল । অধ্যাপকসকল শাস্ত্ৰনিপুণ আৰু বিদগ্ধ পণ্ডিত হোৱা হেতুকে তেওঁলোকৰ যশস্যা দেশ-বিদেশত প্ৰচাৰিত হৈছিল । জাতকত বৰ্ণিত আছে যে তক্ষশীলাৰ অধ্যাপকসকল পৃথিৱী বিখ্যাত হৈ পৰিছিল । তেওঁলোকে নিজৰ নিজৰ বিষয়ত বিশেষজ্ঞ আছিল আৰু নিজ কৰ্তব্যত নিপুণ আছিল । সেই সময়ত ভাৰতবৰ্ষ মনীষাৰ কেন্দ্ৰস্থল বুলি প্ৰচাৰ হৈছিল । তক্ষশীলাৰ এগৰাকী বিচক্ষণ অধ্যাপকৰ ওচৰলৈ ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ পৰা ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় যুৱকসকল আহি শিক্ষা লাভ কৰিছিল । তক্ষশীলাৰ শিক্ষা লাভ ব্যৱস্থাৰ মানদণ্ড অতি উচ্চখাপৰ আছিল আৰু ইয়াৰ প্ৰভাৱ আন আন শিক্ষানুষ্ঠানসমূহত পৰিছিল । 

(খ) নালন্দা বিশ্ববিদ্যালয় (Nalanda University) 
Answer: অতীত ভাৰতৰ শিক্ষা ব্যৱস্থাত নালন্দা বিশ্ববিদ্যালয়ৰ ভূমিকা বিশেষভাৱে মন কৰিবলগীয়া আছিল । নালন্দা নামৰ ঠাইখন বৰ্তমান বিহাৰৰ ৰাজধানী পাটনা চহৰৰ ৪০ মাইল দক্ষিণ-পশ্চিমে ৰাছি পথৰ ওচৰত অৱস্থিত । ৰাজগৃহৰ পৰা এই ঠাই ৭ মাইল উত্তৰে । নালন্দা বিশ্ববিদ্যালয় বৌদ্ধ ভিক্ষুকসকলৰ দ্বাৰা স্থাপন কৰা হৈছিল বুলি কোৱা হয় । সেই সময়ত গুপ্ত বংশৰ হিন্দু ৰজাসকলে নালন্দা বিশ্ববিদ্যালয়ৰ পোষকতা ৰাখিছিল । এই বিষয়ে চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ টোকাত বৰ্ণনা পোৱা যায় । ফাহিয়ান নামৰ চীনা পৰিব্ৰাজক জন ৪১০ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষলৈ আহিছিল । ফাহিয়ানে নালন্দা বিশ্ববিদ্যালয়ৰ গুৰুত্ব খুব বেছি নাছিল বুলি উল্লেখ কৰিছিল । কিন্তু সপ্তম শতাব্দীত যেতিয়া হিউৱেন চাঙ নালন্দালৈ আহে তেতিয়া নালন্দাৰ যশস্যা সকলোপিনে বিয়পি পৰিছিল বুলি উল্লেখ পোৱা যায় । 
নালন্দা বিশ্ববিদ্যালয় শিক্ষাৰ মূল কেন্দ্ৰস্থল হিচাপে পৰিগণিত হোৱাৰ আগতে এই ঠাইত মাত্ৰ এখন সৰু গাওঁহে আছিল । গাওঁখনৰ কোনো শৈক্ষিত বিশেষত্ব নাছিল । কিন্তু সময়ৰ লগে লগে সেই সৰু গাওঁখনেই বিখ্যাত বিশ্ববিদ্যালয়ত পৰিগণিত হল । এই ঠাইখনক শিক্ষাৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত কৰাৰ মূলতে ভগৱান বুদ্ধৰ শিষ্যসকল আছিল । ভগৱান বুদ্ধৰ আদৰ্শ সাৰিপুত্তৰ জন্ম এই ঠাইতে হোৱা বুলি বুদ্ধ জাতকত পোৱা যায় । ভাৰতবৰ্ষৰ শ্ৰেঠ সম্ৰাট অশোক সাৰিপুত্তৰ সেই ঠাই পৰিভ্ৰমণ কৰিবলৈ গৈ তাত এটা বুদ্ধ বিহাৰৰ আচনি প্ৰস্তুত কৰিছিল । সেয়েহে অশোকক নালন্দা বিহাৰৰ প্ৰথম প্ৰতিস্থাপক বুলি কোৱাৰ স্থল আছে । এই ঠাই মহাজন পন্থা বুদ্ধবাদৰ জন্মৰ সময়ৰ পৰা বিখ্যাত হৈ পৰিছিল । 

(গ) বিক্রমশীলা বিশ্ববিদ্যালয় (Vikramshilla University) 
Answer:  বিক্ৰমশীলা নামৰ শিক্ষাৰ কেন্দ্ৰস্থলটো অষ্টম শতাব্দীত ৰজা ধৰ্মপালৰ দিনত গঢ়ি উঠিছিল । এই শিক্ষাকেন্দ্ৰটোৰ স্থান আছিল গংগানদীৰ পাৰত মগধ নামৰ ঠাইত । বিক্ৰমশীলা প্ৰথমতে এ্টা বুদ্ধ মঠহে আছিল । এই বুদ্ধ মঠটোৱে বিশ্ববিদ্যালয় আকাৰত ৰূপ লয় । অষ্টম শতাব্দীৰ পৰা ত্ৰয়োদশ শতাব্দীলৈ এই বিশ্ববিদ্যালয়খন বৰ্তি আছিল । বিক্ৰমশীলা মঠটোৰ কাৰুকাৰ্য অতি সুন্দৰ আছিল । ইয়াৰ সকলো দিশত শক্তিশালী দেৱাল আছিল । এই বিশ্ববিদ্যালয়ৰ স্থান নালন্দা বিশ্ববিদ্যালয়ৰ পৰা বেছি দূৰত নাছিল । এই বিহাৰটোত ১০৮ টা মন্দিৰ আৰু ৬খন কলেজ আছিল বুলি জাতকত উল্লেখ আছে । 

(ঘ) বল্লভী (Vallabhi)  
Answer: বুদ্ধশিক্ষা ব্যৱস্থাৰ কেন্দ্ৰস্থল হিচাপে বল্লভীয়ে খ্যাতি লাভ কৰিছিল । বল্লভী মৈত্ৰক ৰজাসকলৰ ৰাজধানী আছিল । ৪৭৫ খ্ৰীষ্টাব্দৰ পৰা ৭৭৫ খ্ৰীষ্টাব্দলৈ মৈতেৰিক ৰজাসকলে ৰাজত্ব কৰিছিল । নালন্দা বিশ্ববিদ্যালয়ৰ দৰে বল্লভীয়েও খ্যাতি লাভ কৰিছিল । এটা সময়ত বল্লভী নালন্দাৰ শত্ৰুস্থান হিচাপে পৰিগণিত হৈছিল । বল্লভীত বহুতো বিভাৰ আৰু মঠ গঢ়ি উঠিছিল । চীনা পৰিব্ৰাজক  হিউৱেন চাং বল্লভীলৈ আহিছিল বুলি তেওঁৰ টোকাত উল্লেখ কৰা হৈছে । হিউৱেন চাঙৰ টোকাত কোৱা হৈছে যে বল্লভীত খুব কমেও এশটা সংঘৰাম স্থাপিত হৈছিল । আই চোৱাঙেও তেওঁৰ টোকাত বল্লভীৰ খ্যাতিৰ কথা লিপিবদ্ধ কৰিছে । তেওঁৰ মতে ভাৰতবৰ্ষৰ পশ্চিম প্ৰান্তত বল্লভী নামৰ এটা বিখ্যাত শিক্ষাকেন্দ্ৰ গঢ়ি উঠিছিল । নালন্দাৰ দৰে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বল্লভীলৈ ছাত্ৰসকল শিক্ষালাভৰ বাবে আহিছিল । বল্লভীত উচ্চশিক্ষা লাভ কৰি ছাত্ৰসকলে ভাৰতবৰ্ষৰ বিভিন্ন স্থানত, আদালতত আৰু গুৰুত্বপূৰ্ণ পদবীত মকৰল হৈছিল । বল্লভীত শিক্ষালাভ কৰিবলৈ অহা ছাত্ৰসকলে উচ্চ পৰ্যায়ৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল । বল্লভী শিক্ষাকেন্দ্ৰত শিক্ষাদান কৰা বিষয়বোৰ আছিল সাহিত্য, াইন, অৰ্থশাস্ত্ৰ, ৰাজনীতি আৰু বিজ্ঢান । নালন্দাৰ দৰে বল্লভীয়েও ৰাজকীয় পোষকতা লাভ কৰিছিল । ইয়াত প্ৰায় ৬০০০ ছাত্ৰই শিক্ষালাভ কৰিছিল । ইয়াত হিচাপৰক্ষণ প্ৰণালীৰ শিক্ষাও দিয়া হৈছিল । বল্লভী হিনায়ন বুদ্ধ আদৰ্শৰ কেন্দ্ৰবিন্দু  আছিল । হিনায়ন বুদ্ধ আদৰ্শৰ মাধ্যমেৰে বল্লভীৰ শিক্ষা সম্প্ৰসাৰণ হৈছিল । সপ্তম শতাব্দীত বল্লভীয়ে শিক্ষাৰ ক্ষেত্ৰত চূড়ান্ততা লাভ কৰিছিল । ইয়াৰ আগতে বল্লভী বিখ্যাত সাগৰীয় ব্যৱস্থাৰ কেন্দ্ৰস্থল আছিল । 

(ঙ) জগদ্দলা (Jagaddala)  
Answer:  অতীত ভাৰতৰ শিক্ষাৰ ইতিহাসত আমি জগদ্দলা নামৰ এখন শিক্ষানুষ্ঠান পাওঁ । এঘাৰ শতিকাৰ আৰম্ভণিতে বংগদেশৰ ৰজা ৰামপালে গংগানদীৰ পাৰত ৰমাৱতী নামেৰে চহৰ এখনৰ সৃষ্টি কৰিছিল । সেই বুদ্ধ মঠটোৱেই জগদ্দলা শিক্ষাৰ কেন্দ্ৰ বুলি জনা যায় । এশবছৰ ধৰি েই মঠটো বুদ্ধ শিক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । ১২০৩ খ্ৰীষ্টাব্দত মুছলমানসকলে এই মঠটো ধ্বংস কৰি পেলাইছিল । সুদুৰ তিব্বতৰ পৰা জগদ্দলালৈ শিক্ষালাভৰ অৰ্থে ছাত্ৰসকল আহিছিল । তেওঁলোকে  সংস্কৃত পুথিসমূহ অনুবাদ কৰিছিল । জগদ্দলাৰ শিক্ষকসকলক তিনিটা ভাগত ভগোৱা হৈছিল । তেওঁলোক হল মহাপণ্ডিত, উপাধ্যায়, আৰু আচাৰ্য । শিক্ষকসকলৰ ভিতৰত বিভূতি চন্দ্ৰ, দানশীলা, শভকাৰক আৰু সহাকৰগুপ্ত বিশেষভাৱে খ্যাতিসম্পন্ন শিক্ষক আছিল । জগদ্দলা শিক্ষাকেন্দ্ৰটো তন্ত্ৰশাস্ত্ৰ আৰু তৰ্কশাস্ত্ৰ শিক্ষাৰ বাবে বিখ্যাত আছিল । 

(চ) ওদান্তপুৰী (Odantapuri)  
Answer: ওদান্তপুৰী নামৰ বিশ্ববিদ্যালয়খন মগধৰ পাল বংশৰ প্ৰজাসকলে ৰাজত্ব কৰাৰ আগতে স্থাপন হোৱা বুলি কোৱা হয় । পাল বংশৰ ৰজাসকলে ওদান্তপুৰী শিক্ষাকেন্দ্ৰটো বহল কৰি শিক্ষাদান দিয়াৰ ব্যৱস্থা কৰিছিল । ওদান্তপুৰী বিশ্ববিদ্যালয়ৰ এটা অতি ডাঙৰ পুথিভৰাল আছিল । সেই পুথিভৰালত বৈদিক আৰু বুদ্ধ আদৰ্শৰ বহুতো কিতাপ আছিল । শিক্ষাৰ ক্ষেত্ৰত ওদান্তপুৰীয়ে নালন্দা আৰু বিক্ৰমশীলাৰ দৰে খ্যাতি লাভ কৰিব পৰা নাছিল । ওদান্তপুৰী বিশ্ববিদ্যালয়ত ১০০০ জন ভিক্ষুক আৰু শিক্ষাৰ্থীয়ে আৱাসিক পদ্ধতিৰে শিক্ষালাভ কৰিছিল । ইয়াৰ প্ৰভাৱ তিব্বত দেশলৈ পৰিছিল । তিব্বতৰ ছাত্ৰসকল আহি ওদান্তপুৰীত শিক্ষা লাভ কৰিছিল । ওদান্তপুৰীৰ মঠটো প্ৰথমে বুদ্ধমঠৰ আৰ্হিত গঢ়ি তোলা হৈছিল । 

(ছ) কাশী বা বাৰানসী (Kashi or Varanashi) 
Answer: অতীতৰ শিক্ষাৰ ইতিহাসত কাশীৰ স্থান তক্ষশীলাৰ পিছতে বুলি কব পাৰি । তক্ষশীলাত শিক্ষাৰ্থীসকলে । শিক্ষা শেষ কৰি আহি কাশীত শিক্ষাক হিচাপে প্ৰতিপন্ন কৰিবলৈ যাওতে কাশী শিক্ষাৰ কেন্দ্ৰ হৈ পৰে । শিক্ষাৰ্থীসকলে তক্ষশীলাৰ উদাৰ সংস্কৃতি আনি কাশীৰ শিক্ষা ব্যৱস্থাত প্ৰয়োগ কৰি কাশীকো উপযুক্ত শিক্ষাকেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল । কাশীৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত তক্ষশীলাৰ উদাৰ সংস্কৃতি প্ৰসাৰিত হৈছিল । শিক্ষাকেন্দ্ৰ হিচাপে কাশীৰ বিশেষত্ব এইটোৱেই আছিল যে তক্ষশীলাত যিবোৰ বিষয় শিকোৱা  হৈছিল সেই বিষয়বোৰক কাশীতো শিকোৱাৰ ব্যৱস্থা কৰা হৈছিল । ইন্দ্ৰজাল বিদ্যাশিক্ষাৰ ব্যৱস্থা তক্ষশীলাত আছিল তক্ষশীলাত শিক্ষালাভ কৰি অহা ছাত্ৰই কাশীতো ইন্দ্ৰজাল শিক্ষাৰ শ্ৰেণী খুলিছিল । কাশীকেন্দ্ৰত শিক্ষকৰ তলত ৫৯৯ জন ছাত্ৰই শিক্ষালাভ কৰাৰ বৰ্ণনা পোৱা যায় । বহুতো ধনী মানি ৰাজপুত্ৰয়ো কাশীত শিক্ষালাভ কৰাৰ বৰ্ণনা পোৱা যায় । এজন আশীকৌটি ঐশ্বৰ্যৰ অধিকাৰী ব্ৰাহ্মণ লৰায়ো কাশীত শিক্ষালাভ কৰিছিল বুলি বৰ্ণনা  পোৱা যায় । কিছুমান বিষয় শিক্ষাই কাশীত গভীৰভাৱে  ৰেখাপাত কৰিছিল । কাশী বা বাৰানসীত সংগীত শিক্ষাৰ কেন্দ্ৰও গঢ়ি উঠিছিল । ভাৰতবৰ্ষৰ এজন বিখ্যাত সংঙ্গীতজ্ঞৰ তত্ত্বাৱধানত কাশীত সংঙ্গীত শিক্ষা দিয়া হৈছিল বুলি জাতকত বৰ্ণিত আছে । সকলো দিশৰ শিক্ষা দিয়াৰ ব্যৱস্থা কাশীত থাকিলেও কাশীৰ শিক্ষাব্যৱস্থা সু-সংগঠিত নাছিল । সেইবাবেই বাৰানসীৰ শিক্ষাই দেশ-বিদেশত সুখ্যাতি অৰ্জন কৰিব পৰা নাছিল । এই স্থান পূব ভাৰতৰ হিন্দুসকলৰ শিক্ষাৰ কেন্দ্ৰবিন্দু আছিল । বাৰানসী আৰ্যসংস্কৃতিআৰু ধৰ্মৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছিল । 

(জ) মিথিলা বা বিদেহ (Mithila or Videha)
Answer:  মিথিলা ব্ৰাহ্মণিক শিক্ষা ব্যৱস্থাৰ কেন্দ্ৰস্থল আছিল । অতীতত মিথিলাক বিদেহ নামেৰে জনা গৈছিল । মিথিলাৰ ৰজা জনক এগৰাকী বিচক্ষণ জ্ঞানী লোক আছিল । উপনিষদৰ যুগত দেশ-বিদেশৰ দাৰ্শনিকসকল আহি মিথিলাত লগ হৈছিল । আনকি বুদ্ধযুগতো মিথিলাই শিক্ষাৰ কেন্দ্ৰ হিচাপে খ্যাতি লাভ কৰি আছিল । মিথিলাৰ বিখ্যাত পণ্ডিত জগধ্বই গীতা, দেবমহাত্মা, মেঘদূত, গীতগোবিন্দ , মালতী মাধৱ আদিৰ দৰে পুথিবোৰ লিখিছিল । বিদ্যাপতিৰ দৰে বিখ্যাত কবি মিথিলাৰে সৃষ্টি, যাৰ আদৰ্শত আজিও বিহাৰ আৰু বংগদেশৰ কবিসকল অনুপ্ৰাণিত হৈ আছে । বাৰশ শতিকাৰ আৰম্ভণিৰ পৰা পোন্ধৰ শতাব্দীলৈ মিথিলা ভাৰতীয় সংস্কৃতি আৰু শিক্ষাৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰস্থল হিচাপে চলি আহিছিল । মিথিলাৰ শিক্ষাৰ পাঠ্যক্ৰমৰো বিশেষত্ব আছিল । শিক্ষাৰ পাঠ্যক্ৰমত সাহিত্য, সুকুমাৰ কলা আৰু বিজ্ঞান শিক্ষাৰ বিভিন্ন বিষয় সামৰি লোৱা হৈছিল । সেই সময়ত মিথিলাত এখন বিখ্যাত আইন মহাবিদ্যালয় স্থাপন কৰা হৈছিল । গংগেশ উপাধ্যায় নামৰ পণ্ডিত এজনে নব্য ন্যায়ৰ এখন বিদ্যালয় স্থাপন কৰিছিল । গংগেশ উপাধ্যায়ে তত্ত্ব চিন্তামণি নামৰ যুগজয়ী কিতাপখন লিখিছিল মিথিলাৰ পৰা বিভিন্ন পৰ্যায়ৰ পণ্ডিত সৃষ্টি হৈছিল । 
শিক্ষাৰ কেন্দ্ৰস্থল হিচাপে মিথিলাই সম্ৰাট আকবৰৰ দিনলৈ খ্যাতি লাভ কৰি আছিল । 

(ঝ) মঠ মহাবিদ্যালয়সমূহ (Temple colleges of South India) 
Answer:  অতীত ভাৰতত শিক্ষাৰ পুনৰগঠন কৰাৰ অৰ্থে কিছুমান মঠ মহাবিদ্যালয় গঢ়ি উঠিছিল । বিশেষকৈ দশম শতিকাত এই মঠ মহাবিদ্যালয়সমূহে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি উল্লেখ পোৱা যায় । মঠ মহাবিদ্যালয়সমূহ গঢ় লৈ উঠাৰ মূল কাৰণ হল ভাৰতবৰ্ষত সেই সময়ত কিছুমান বুদ্ধ আদৰ্শৰ বিশ্ববিদ্যালয় গঢ়ি উঠিছিল । সেই বিশ্ববিদ্যালয়বোৰে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল । এনেধৰণৰ বিশ্ববিদ্যালয়বোৰৰ বিকাশত বাধা দিয়াৰ অৰ্থে প্ৰত্যাহ্বান স্বৰূপে মঠ মহাবিদ্যালয়সমূহ সৃষ্টি কৰা হৈছিল । আচাৰ্যসকলেও নিজাববীয়াকৈ কিছুমান মঠ-মহাবিদ্যালয় গঢ়ি উঠিছিল । এই ক্ষেত্ৰত আমি সাল-টগী মঠ মহাবিদ্যালয়খনৰ নাম উল্লেখ কৰিব পাৰো । সালটগী মঠ-মহাবিদ্যালয়খন দশম শতিকাত স্থাপন কৰাৰ কথা বৰ্ণিত আছে । এই মহাবিদ্যালয়খনত বৈদিক শিক্ষা দিয়াৰ ব্যৱস্থা আছিল । সেইদৰে এনায়িৰাম মঠ মহাবিদ্যালয় নামৰ আন এটি শিক্ষাৰ কেন্ত্ৰও এই ক্ষেত্ৰত উল্লেখযোগ্য । এই মঠ-মহাবিদ্যালয়ত নিৰ্ধাৰিত পাঠ্যক্ৰমত শিক্ষা দিয়া হৈছিল । এনায়িৰাম মঠ-মহাবিদ্যালয়ত ১৬ গৰাকী অধ্যাপকে শিক্ষাদান কৰিছিল । এনেধৰণৰ মঠমহাবিদ্যালয় আমি বহুতো পাও । এই মঠ মহাবিদ্যালয়ত দক্ষিণ ভাৰততহে বেছিকৈ গঢ়ি উঠিছিল । সেইবোৰৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হল তিৰুমুক্কদল, তিৰুভৰিয়ুব আৰু মালকাপুৰমত মন্দিৰ মহাবিদ্যালয় ইত্যাদি । 
(ঞ) আশ্ৰমিক শিক্ষা (Ashramic Education) 
Answer: বৈদিক যুগৰ শিক্ষা ব্যৱস্থাত আশ্ৰমবোৰৰ ভূমিকা মন কৰিবলগীয়া । বৈদিক যুগৰ শিক্ষা পদ্ধতিয়ে গৃহধৰ্ম পালন কৰাৰ শিক্ষা দিছিল যদিও সত্যন্বেষী সংসাৰ ত্যাগী লোকৰ উদ্ভৱ হৈছিল । তক্ষশীলা আৰু কাশীত শিক্ষালাভ কৰি আহি কিছুমান ছাত্ৰই সন্যাস ধৰ্মত অৱতীৰ্ণ হৈছিল । জনসমাজৰ চকুৰ আৰত, নিৰ্জন বননিৰ মাজত এনে ছাত্ৰবোৰে কিছুমান ঠাই বাছি লৈছিল । সেই ঠাইবোৰত আশ্ৰম পাতি ধৰ্মসম্বন্ধীয় শিক্ষা আৰু উচ্চখাপৰ দৰ্শনৰ চিন্তা-চৰ্চা কৰাৰ সুবিধা কৰি লৈছিল । সেইবোৰকেই অতীত ভাৰতৰ আশ্ৰম নামেৰে জনা যায় । নিৰ্জন পৰিৱেশত ছাত্ৰসকলে আগতে আহৰণ কৰা সাহিত্য-সংস্কৃতি আৰু দৰ্শনক গভীৰভাৱে উপলব্ধি কৰিবলৈ বিচাৰিছিল । এই আশ্ৰমবোৰত একেজন ঋষি তলত ৫০০ জনকৈ শিষ্যই শিষত্ব গ্ৰহণ কৰি শিক্ষালাভ কৰাৰ কথা পোৱা যায় । শিষ্যৰ সংখ্যা অধিক হলে গুৰুৱে পুৰণা শিষ্যসকলৰ সহযোগত উপআশ্ৰম কিছুমান গঢ়ি তুলিছিল । এনেধৰণে উপআশ্ৰম গঢ় লৈছিল যদিও মূল আশ্ৰমত শিষ্যৰ সংখ্যা অধিক আছিল । 
অতীত ভাৰতৰ শিক্ষাৰ মানচিত্ৰ লক্ষ্য কৰিলে দেখা যায় যে আশ্ৰমবোৰৰ অধিক সংখ্যকেই হিমালয়ৰ পাদদেশত স্থাপন কৰা হৈছিল । কোনো কোনো আশ্ৰম জনবহুল অঞ্চলৰ ওচৰতো স্থাপিত হৈছিল । তেনে আশ্ৰমতো শিষ্যৰ সংখ্যা যথেষ্ট আছিল । আশ্ৰমবোৰত শিষ্যসকলক কলা , তত্ত্ব আৰু তাৰ প্ৰয়োগৰ বিষয়ে শিক্ষা দিয়াৰ ব্যৱস্থা কৰিছিল । এই আশ্ৰমবোৰক কোনো কোনোৱে গুৰুকুলৰ আৰ্হিত সজোৱা বুলি কব পাৰি । আশ্ৰমিক শিক্ষাই শিষ্যসকলক প্ৰকৃত চিন্তা আৰু দৰ্শনৰ শিক্ষা দিবলৈ সক্ষম হৈছিল । 

(ট) নদিয়া বা নৱদ্বীপ (Nadia or Navadvip)
Answer: এঘাৰ শতিকাত নদিয়া বা নৱদ্বীপ নামৰ শিক্ষাৰ কেন্দ্ৰটো বংগদেশৰ চেনবংশৰ ৰজাসকলে স্থাপন কৰিছিল । নদিয়াৰ প্ৰকৃত অৰ্থ স্থান হল ভাগীৰথী আৰু জালামগি বাৰিধাৰাৰ সংযোগ স্থলত  । এই ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মনোমোহা । নদিয়াৰ বৰ্তমান ধ্বংসস্তূপ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় ই কিমান সৌন্দৰ্যশালী আছিল । সময়ে সময়ে ইয়াৰ পৰা বহুতো পণ্ডিতৰ সৃষ্টি হৈছিল । জয়দেৱৰ গীত গোবিন্দৰ সুমধুৰ সুৰ আজিও নদিয়াৰ জনগণৰ কাণত বাজি থকা বুলি কোৱা হয় । শূলপানীয়ে , লিখা স্মৃতিবিবেক আৰু উমাপতীৰ সৃষ্টিৰ কবিতাবোৰ নদিয়াৰ বিখ্যাত কৰ্ম । মুছলমান ৰজাসকলৰ ৰাজত্বকালতো নদিয়া উল্লেখযোগ্য শিক্ষাৰ কেন্দ্ৰস্থল হিচাপে বৰ্তি আছিল । নদিয়া শিক্ষাকেন্দ্ৰৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা বিষয়বোৰ হল তৰ্কশাস্ত্ৰ, ব্যাকৰণ, ৰাজনীতি আৰু আইন । নালন্দা বিশ্ববিদ্যালয় আৰু বিক্ৰমশীলা বিশ্ববিদ্যালয় ধ্বংস হোৱাৰ ফলস্বৰূপে নদিয়া বিখ্যাত হৈ পৰিছিল । নদিয়াত এখন তৰ্কশাস্ত্ৰৰ বিদ্যালয় আছিল ।  এই বিদ্যালয়খনৰ লগত ৰঘুনাথ শিৰোমণি নামৰ ব্যক্তিজন জড়িত আছিল । বাসুদেৱৰ সাৰ্বভৌম নামৰ ছাত্ৰ এজনৰ খ্যাতি সেই সময়ত ফাটিফুটি গৈছিল ।  তেওঁ নদিয়াত এখন ন্যায়শাস্ত্ৰ নতুন একাডেমি গঢ়ি তুলিছিল । নদিয়াত ন্যায়শাস্ত্ৰ নতুন ধাৰাৰ উদ্ভৱ হৈছিল । নদিয়াৰ শিক্ষাই ভাৰতীয়-সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে । মধ্যযুগতো নদিয়াৰ যশস্যাৰ মানদণ্ড কমি যোৱা নাছিল । বৰ্তমান সময়তো নদিয়াত টোল নামৰ শিক্ষানুষ্ঠানৰ মাধ্যমেৰে ব্ৰাহ্মণিক শিক্ষা দিয়াৰ ব্যৱস্থা আছে । 
অতিৰিক্ত প্ৰশ্নঃ
১। ৰজা ভৰতৰ পুত্ৰৰ নাম কি ।
উত্তৰঃ ৰজা ভৰতৰ পুত্ৰ নাম হল তক্ষ । 

২। অতীত ভাৰতবৰ্ষৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম লিখা ।
উত্তৰঃ অতীত ভাৰতবৰ্ষৰ দুখন বিখ্যাত বিশ্ববিদ্যালয়ৰ নাম হল 
ক) নালন্দা বিশ্ববিদ্যালয় ।
খ) তক্ষশীলা বিশ্ববিদ্যালয় । 

৩। শিক্ষাৰ পাঠ্যক্ৰমক কেইটাভাগত ভগাব পাৰি আৰু কি কি ।
উত্তৰঃ শিক্ষাৰ পাঠ্যক্ৰমক দুটা ভাগত ভগাব পাৰি যেনে 
ক) সাহিত্য সম্পৰ্কীয় পাঠ্যক্ৰম ।
খ) বৈজ্ঞানিক বা যান্ত্ৰিক বিষয়ৰ পাঠ্যক্ৰম ।

৪। তক্ষশীলাত শিক্ষাদান কৰা দুটা কলাৰ নাম লিখা ।
উত্তৰঃ তক্ষশীলাত শিক্ষাদান কৰা দুটা কলাৰ নাম হল 
ক) ধনুবিদ্যা ।
খ) মৃগয়া বিদ্যা ।

৫। বাৰানসী  নামৰ শিক্ষাৰ কেন্দ্ৰস্থলটো কিমান খ্ৰীঃত আৰু কোনে ধ্বংস কৰে ।
উত্তৰঃ ১২০০ খ্ৰীঃত বাৰানসী নামৰ শিক্ষাৰ কেন্দ্ৰস্থলটো কুতুবুদ্দিন আইবাকে ধ্বংস কৰে ।

৬। জগদ্দলা শিক্ষাকেন্দ্ৰটো কি শিক্ষাৰ বাবে বিখ্যাত আছিল ।
উত্তৰঃ জগদ্দলা শিক্ষাকেন্দ্ৰটো তন্ত্ৰশাস্ত্ৰ আৰু তৰ্কশাস্ত্ৰ শিক্ষাৰ বাবে বিখ্যাত আছিল । 

৭।  এঘাৰ শতিকাৰ আৰম্ভণিত বংগদেশৰ ৰজা কোন আছিল ।
উত্তৰঃ এঘাৰ শতিকাৰ আৰম্বণিত বংগদেশৰ ৰজা আছিল ৰামপাল ।

৮। বুদ্ধধৰ্মৰ প্ৰৱৰ্তক কোন আছিল ।
উত্তৰঃ বুদ্ধধৰ্মৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ ।

৯। হিউৱেন চাঙৰ টোকাত উল্লেখ থকা দুগৰাকী বিখ্যাত পণ্ডিতৰ নাম লিখা ।
উত্তৰঃ হিউৱেন চাঙৰ টোকাত উল্লেখ থকা দুগৰাকী বিখ্যাত পণ্ডিতৰ নাম হল 
ক) চন্দ্ৰপাল ।
খ) ধৰ্মপাল ।

১০। ৰজা ৰামপালে সৃষ্টি কৰা  চহৰখনৰ নাম কি ।
উত্তৰঃ ৰজা ৰামপালে সৃষ্টি কৰা চহৰখনৰ নাম হল ৰমাৱতী । 

Author- Ali Rani Kakati ( Ba in History Major) 

Type Hirak Jyoti Bora.