অধ্যায় ৭

পুৰণি শিক্ষাৰ কিছুমান বিশেষ অনুষ্ঠান 
(Some Special institutions of ancient Education)

প্রশ্নাবলী (Exercise) 

Some important question_
ক) অগ্ৰহৰ গ্ৰাম কি ।
উত্তৰঃ  অগ্ৰহৰ গ্ৰাম হৈছে এটা নিৰ্দিষ্ট উদ্দেশ্যক লৈ জ্ঞানী ব্ৰাহ্মণ তথা পণ্ডিতসকলক লগ কৰি স্থাপন কৰা এবিধ শিক্ষাকেন্দ্ৰিক উপনিৱেশ ।

খ) দুখন বিখ্যাত গ্ৰামৰ নাম লিখা ।
উত্তৰঃ দুখন বিখ্যাত গ্ৰামৰ নাম হল 
ক) কডিয়ুৰ গ্ৰাম আৰু 
খ) সৰভজনপুৰ গ্ৰাম ।

৩। চালতোগি গাওখন কি শিক্ষাৰ কেন্দ্ৰস্থল আছিল ।
উত্তৰঃ চালতোগি গাওখন বৈদিক শিক্ষাৰ কেন্দ্ৰস্থল আছিল ।

৪। টোল কি ।
উত্তৰঃ পুৰণি শিক্ষানুষ্ঠানসমূহৰ এবিধ বিশেষ শিক্ষাৰ লগত জডড়িত অনুষ্ঠান । 

৫। সত্ৰ কি ।
উত্তৰঃ অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান হল সত্ৰানুষ্ঠান বা সত্ৰ ।

৬। নামঘৰ কি ।
উত্তৰঃ নামঘৰ হল শিক্ষানুষ্ঠানসমূহৰ ভিতৰত এবিধ পুৰণি অনুষ্ঠান ।

৭। সত্ৰসমূহক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।
উত্তৰঃ সত্ৰসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে 
ক) শংকৰ-মাধৱদেৱীয় সত্ৰ ।
খ) হৰিদেৱী সূত্ৰ।
গ) দামোদৰীয় সূত্ৰ ।

৮। চালতোগি মন্দিৰ মহাবিদ্যালয় কিমান খ্ৰীঃত গঢ়ি উঠিছিল ।
উত্তৰঃ ৯৪৫ খ্ৰীঃত চালতোগি মন্দিৰ মহাবিদ্যালয় গঢ়ি উঠিছিল ।

৯।  চালতোগি মন্দিৰ মহাবিদ্যালয়খনৰ ওচৰত থকা মন্দিৰটোৰ নাম কি ।
উত্তৰঃ চালতোগি মন্দিৰ মহাবিদ্যালয়খনৰ ওচৰত থকা মনেদিৰটোৰ নাম হল ত্ৰয়ীপুৰুষ ।

১০। পাঠশালাবোৰৰ মূল উদ্দেশ্য কি ।
উত্তৰঃ পাঠশালাবোৰৰ মূল উদ্দেশ্য আছিল শিক্ষাৰ মাধ্যমত উপযুক্ত পণ্ডিত সৃষ্টি কৰা । 




১। চমুকৈ লিখা (Write briefly): 

(ক) অগ্রহৰ গ্রাম (Agrahara Gram) । 
Answer:    অগ্ৰহৰ গ্ৰাম হৈছে এটা নিৰ্দিষ্ট উদ্দেশ্যক লৈ জ্ঞানী ব্ৰাহ্মণ তথা পণ্ডিতসকলক লগ কৰি স্থাপন কৰা এবিধ শিক্ষাকেন্দ্ৰিক উপনিৱেশ । ৰজা-মহাৰাজাসকলে জ্ঞানী ব্ৰাহ্মণসকলক আমন্ত্ৰণ কৰি আমি এনেধৰণৰ বৈশিষ্ট্যপূৰ্ণ গাওঁবোৰত বাস কৰিবলৈ দিছিল । ব্ৰাহ্মণ পণ্ডিতসকলৰ সকলো ভৰণ-পোষণ, আৰু খৰচ পাতি ৰজাই বহন কৰিব লাগিছিল । অতীত ভাৰতৰ সাহিত্য আৰু সংস্কৃতিৰ মূল বিষয়বস্তু আৰু তেনেধৰণৰ  উচ্চশিক্ষাৰ কেন্দ্ৰবোৰতে সীমাবদ্ধ হৈ থকা নাছিল । জ্ঞান-চৰ্চাৰে অকল কিছুমান বিশেষ স্থানত হব লাগে সেই বিষয়ে কোনো ধৰা-বন্ধা নিয়ম নাছিল । শিক্ষাৰ কেন্দ্ৰবোৰত মাত্ৰ শিক্ষাৰ তৃণমূলৰ পাতনিহে বোলা হৈছিল । উচ্চ পৰ্যায়ৰ শিক্ষা সম্প্ৰসাৰণৰ বাবে  ৰাজহুৱা দান-বৰঙণিৰে কিছুমান বহল পৰিসৰৰ কেন্দ্ৰস্থল গঢ়ি তোলা হৈছিল । এনে ধৰণৰ কেন্দ্ৰস্থলৰ ভিতৰত অগ্ৰহৰ গ্ৰাম বিশেষভাৱে উল্লেখযোগ্য । দক্ষিণ ভাৰতৰ শিলালিপিত এনেধৰণৰ একোখন গাও দান কৰাৰ কথা  উল্লেখ পোৱা যায় । এনে অগ্ৰহৰ গ্ৰামবোৰত বিনামূলীয়াভাৱে সংস্কৃত বিষয়ৰ বিভিন্ন দিশৰ ওপৰত উচ্চশিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছিল । এনেধৰণৰ শিক্ষা ব্যৱস্থা দক্ষিণ ভাৰতত প্ৰাচীন কালত প্ৰচলন হৈ আছিল । অগ্ৰহৰ গ্ৰামৰ সংখ্যা নিশ্চিতভাৱে উল্লেখ পোৱা নাযায় যদিও প্ৰায় দুকুৰি মান অগ্ৰহৰ গ্ৰাম স্থাপন কৰা হৈছিল বুলি কব পাৰি । সেই গাওঁবোৰৰ ভিতৰত বিশেষভাৱে বিখ্যাত গ্ৰাম আছিল 
ক) কডিয়ুৰ অগ্ৰহৰ গ্ৰাম আৰু 
খ) সৰভজনপুৰ অগ্ৰহৰ গ্ৰাম । 

(খ) মঠ মহাবিদ্যালয় বা মন্দিৰ মহাবিদ্যালয় (Temple College) । 
Answer:

(গ) পাঠশালা (Pathsala) ।
Answer

 (ঘ) টোল (Tol's) । 
Answer:

(ঙ) সত্ৰ (Satra) । 
Answer:   অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান হল সত্ৰানুষ্ঠান বা সত্ৰ । সমাজ ব্যৱস্থাত নামধৰ্ম প্ৰচাৰৰ লগে-লগে নৃত্য,কলা, সংস্কৃতি শিল্প আদিৰ চৰ্চাৰ ব্যৱস্থা আৰম্ভ হবলৈ ধৰে । এনে এটা শুভমূৰ্হুতত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰানুষ্ঠান স্থাপন কৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৰ্মময় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হল সত্ৰসমূহ । সত্ৰসমূহৰ মাধ্যমত জনসমাজত কৃষ্টি-সংস্কৃতিৰ পূৰ্ণ স্বৰূপ প্ৰকাশিত হয় । অসমৰ প্ৰাচীন সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দু হিচাপে সত্ৰসমূহে জনসমাজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । সত্ৰসমূহৰ প্ৰভাৱৰ ফলত সমাজ ব্যৱস্থাত সুকীয়া সমাজ-সংস্কৃতি নামৰ এটি ধাৰণা বৰ্তমানেও প্ৰৱৰ্তিত হৈ আছে । বৈষ্ণৱ আন্দোলনৰ সময়ছোৱাত অসমৰ সমাজ আছিল সত্ৰকেন্দ্ৰিক । সামাজিক দৃষ্টিভংগী সম্পূৰ্ণৰূপে সত্ৰমুখী হৈ পৰিছিল ।  সত্ৰসমূহৰ বিকাশৰ ক্ষেত্ৰত জনসাধাৰণৰ লগতে ৰাজপৰিয়াল সমূহেও নানা ধৰণেৰে সহায়-সাহায্য আগবঢ়াইছিল । 

(চ) নামঘৰ (Namghar) । 
Answer:  সামাজিক অনুষ্ঠানসমূহৰ ভিতৰত নামঘৰ আছিল এবিধ পুৰণি অনুষ্ঠান । অসমত নামঘৰ নামৰ অনুষ্ঠানটিৰ প্ৰচলন হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সময়ৰ পৰা । শংকৰদেৱে জনসমাজত একতা, মৈত্ৰী, সাম্য আদিৰ দৰে ভাৱবোৰ প্ৰতিষ্ঠা কৰাৰ বাবে নামঘৰ নিৰ্মাণ কৰিছিল । বিশ্বস্থাপত্য আৰু ভাস্কৰ্যৰ সহজ-সৰল ৰূপ প্ৰতিফলিত হৈ আছে নামঘৰ নামৰ অনুষ্ঠানটিৰ মাজত ।  এই নামঘৰসমূহত গণতান্ত্ৰিক পদ্ধতিৰ এ্টা বাস্তৱ নিদৰ্শন বুলি কব পাৰি । সাম্যবাদী শ্ৰেণীসমাজ প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত নামঘৰবোৰৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ । অসমৰ গাও আৰু চহৰবোৰৰ প্ৰায় সকলো প্ৰান্ততে নামঘৰ নামৰ অনুষ্ঠানটিয়ে বিৰাজমান হৈ আছে । নামঘৰবোৰত গণসমাজৰ প্ৰায়ভাগ ব্যক্তিয়ে  বিভিন্ন তিথিবোৰত একগোট হৈ নাম-প্ৰসংগ কৰে । ভাওঁনা-প্ৰসংগ আদি কৰে । সমাজৰ ব্যক্তিসকলৰ মাজত কিবা কাৰণত যদি মতবিৰোধ হয়, হাই-কাজিয়া লাগে তেতিয়া হলে এই নামধৰতে বিচাৰ বহে আৰু বাদ-বিবাদৰ মাজত এটা সৌহাৰ্দপূৰ্ণ ভাৱ গঢ়ি তুলিবলৈা সমাজে প্ৰচেষ্টা চলায় । এই নামঘৰসমূহৰ শৈক্ষিক মূল্যও আছে । সমাজৰ বয়োজেষ্ঠসকলে কৰি যোৱা কাৰ্যসূচীবোৰৰ শিক্ষা, আদৰ্শৰ শিক্ষা, উঠি অহা লৰা-ছোৱালীবোৰে নামঘৰৰ মাধ্যমতে পাবলৈ সক্ষম হয় । নামঘৰবোৰ সাধাৰণতে ৰাজহুৱা স্থানত বা সমাজৰ কেন্দ্ৰস্থানতে স্থাপন কৰা হয় ।  ইয়াত ধৰ্মগ্ৰন্থবোৰৰ বিশদ আলোচনা আদি অনুষ্ঠিত হয় আৰু জ্ঞানীজনে তাৰ ব্যাখ্যা সমজুৱাৰ ওচৰত দাঙি ধৰে ।  নামঘৰবোৰত বেদ, বেদাংগ, উপনিষদ আদিৰ জ্ঞানো সমাজৰ বিভিন্ন ব্যক্তিৰ মাজলৈ সম্প্ৰসাৰণ হয় । অসমৰ বৈষ্ণৱ সমাজ আৰু সংস্কৃতিত নামঘৰৰ স্থান বহুত ওপৰত । নামঘৰবোৰক কেন্দ্ৰ কৰি বিশেষকৈ অসমৰ গ্ৰাম্য জীৱন একত্ৰিত হৈ থাকে ।  সংস্কৃতি চৰ্চাৰ এটি মূল কেন্দ্ৰ বিন্দুবুলি নামঘৰকে জনা যায় । অসমৰ নামঘৰবোৰক সমাজ প্ৰশাসনৰ মূলভেটি বুলি কব পাৰি । অসমৰ বিভিন্ন ঠাইত বৰ্তমানেও বহুবোৰ প্ৰাচীন  নামঘৰ আছে । ব্যক্তিসকলে নতুনকৈ বসবাস কৰিবলৈ লোৱা স্থানটো একোটা নামঘৰ সজাই লয় । নামঘৰত সামাজিক, সাংস্কৃতিক, পৱিত্ৰ, আৰুি আধ্যাত্মিক শিক্ষাৰ কেন্দ্ৰ বুলি কব পাৰি । নামঘৰবোৰ সাধাৰণতে খেলীয়া ভিত্তিত গঢ় লৈ উঠে । অসমৰ কেইটামান উল্লেখযোগ্য নামঘৰ হল সৰ্থেবাৰীৰ পাঁচখেলীয়া নামঘৰ, গোলাঘাটৰ বছাদৈয়াং আঠখেলীয়া নামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰ, বৰপেটাৰ কীৰ্তনঘৰ, নাৰায়ণপুৰৰ লেতেকুপুখুৰী নামঘৰ, আদি । 

২। ভাৰতৰ পুৰণি শিক্ষানুষ্ঠান সম্বন্ধে চমু বর্ণনা দাঙি ধৰা । (Make a briefly description about the indegenous imstitutions of India.) 
Answer:

৩। দক্ষিণ ভাৰতৰ পুৰণি শিক্ষা ব্যৱস্থাত মন্দিৰ মহাবিদ্যালয়সমূহে কেনেকুৱা ধৰণৰ ভূমিকা গ্রহণ কৰিছিল । (What part does play by Temple College in the indegenous system of education of South India.) 
Answer: দক্ষিণ ভাৰতৰ পুৰণি শিক্ষা ব্যৱস্থাত মন্দিৰ মহাবিদ্যালয়সমূহে বহুতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । ভাৰতৰ পুৰণি শিক্ষা ব্যৱস্থাত মন্দিৰ বা মঠ মহাবিদ্যালয়সমূহে উচ্চশিক্ষাৰ ক্ষেত্ৰত এক উন্নত পৰ্যায়ৰ স্থান দখল কৰিবলৈ সক্ষম হৈছিল । ভাৰতৰ পুৰণি শিক্ষা ব্যৱস্থাত পুনৰ গঠনৰ ধাৰণা উদয় হোৱাৰ বাবে এই মহাবিদ্যালয়সমূহ গঢ় লৈ উঠিছিল । বিশেষকৈ দশম আৰু একাদশ শতাব্দীত এনেধৰণৰ বহুবোৰ মন্দিৰ বা মঠমহাবিদ্যালয় শিক্ষাৰ ক্ষেত্তখনক বৈশিষ্ট্যপূৰ্ণ কৰি তোলাৰ কথা শিক্ষাৰ ইতিহাসত বৰ্ণনা কৰা হৈছে । মন্দিৰ বা মঠ মহাবিদ্যালয়সমূহ গঢ় লৈ উঠাৰ মূল কাৰণ আছিল সেই সময়ত বুদ্ধ আদৰ্শৰ বিশ্ববিদ্যালয়বোৰে শিক্ষাৰ ক্ষেত্ৰখনক উল্লেখযোগ্য বৰহণি আগবঢ়োৱা বাবে । বুদ্ধ আদৰ্শৰ বিশ্ববিদ্যালয়বোৰৰ খ্যাতি বা যশস্যা লোপ পোৱাবলৈ এনেবোৰ মহাবিদ্যালয় গঢ় লৈ উঠা বুলি কব পাৰি । ইয়াৰ সৃষ্টি বুদ্ধ শিক্ষাৰ প্ৰত্যাহ্বানসবৰূপ হৈ পৰা বুলি উল্লেখ পোৱা যায় । জ্ঞানী পণ্ডিত আৰু আচাৰ্যসকলে নিজাববীয়াকৈ এক প্ৰচেষ্টা হাতত লৈছিল । হিন্দু শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নত কৰাৰ অৰ্থে এনে উদ্দেশ্য আগত ৰাখি গঢ় লৈ উঠা কেইখনমান মন্দিৰ অথবা মঠ-মহাবিদ্যালয়ৰ চমু বৰ্ণনাসমূহ হল 

ক) চালতোগি মন্দিৰ মহাবিদ্যালয় ঃ মহাৰাষ্ট্ৰ ৰাজ্যৰ বিজাপুৰ জিলাৰ চালতোগি নামৰ গাওঁখন শিক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । এই চালতোগি গাওঁখন বৈদিক শিক্ষাৰ কেন্দ্ৰস্থল আছিল । দহ আৰু এঘাৰ খ্ৰীষ্টাব্দত চালতোগিয়ে বিশেষভাৱে খ্যাতি লাভ কৰাৰ কথা পোৱা যায় ।  ইয়াত এখন ৯৪৫ খ্ৰীষ্টাব্দত উচ্চ পৰ্যায়ৰ সংস্কৃত মহাবিদ্যালয় গঢ়ি উঠিছিল আৰু বহুদিনলৈ খ্যাতি লাভ কৰি আছিল । চালতোগি নামটো পভিতেজ নামৰ ৰূপান্তৰ বুলি কোৱা শুনা যায় । মহাবিদ্যালয়খনৰ কাম-কাজ এটা ডাঙৰ আকাৰৰ ঘৰত চলিছিল । সেই ঘৰটো ত্ৰয়ীপুৰুষ নামৰ মন্দিৰটোৰ লগত সংলগ্ন হৈ আছিল । মন্দিৰটো ৰাষ্ট্ৰকুট সম্ৰাট তৃতীয় কৃষ্ণৰ মন্ত্ৰী নাৰায়ণে সজাইছিল । চালতোগি মহাবিদ্যালয়খনৰ খ্যাতি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰাৰ ফলস্বৰূপে নানা ঠাইৰ পৰা শিক্ষাৰ্থীসকলৰ ইয়াত সমাগম হৈছিল । শিক্ষাৰ্থীসকলক আবাসিক সুবিধা দিয়াৰ অৰ্থে ২৭ টা ঘৰ সজোৱা হৈছিল । শিক্ষাৰ্থীৰ সংখ্যা কিমান আছিল সেই বিষয়ে কোনো উল্লেখ পোৱা নাযায় । মহাবিদ্যালয়খন চলাই নিয়াৰ বাবে প্ৰায় ৬০ একৰ ভূমি প্ৰদান কৰা হৈছিল । 

খ) এনায়ীৰাম মন্দিৰ মহাবিদ্যালয়ঃ মন্দিৰ মহাবিদ্যায়বোৰৰ ভিতৰত দ্বিতীয় বিশেষভাৱে উল্লেখযোগ্য মহাবিদ্যালয় হল এনায়ীৰাম মন্দিৰ মহাবিদ্যালয় । দক্ষিণ আৰকট জিলাৰ এনায়ীৰাম নামৰ ঠাইত এই মহাবিদ্যালয়খন অৱস্থিত । মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল ১১ শতিকাৰ আৰম্ভণিতে । বৰ্তমান সময়ৰ মহাবিদ্যালয়বোৰৰ নিচিনা এনায়ীৰাম মহাবিদ্যালয়খন সু-সংগঠিত আছিল বুলি কোৱা হয় । মহাবিদ্যালয়বোৰৰ গ্ৰাম্য সম্প্ৰদায়ে ৩০০ একৰ ভূমি দান দি চলি থকাত সহায় কৰিছিল ।
এনায়ীৰাম মন্দিৰ মহাবিদ্যালয়খনৰ শিক্ষকৰ সংখ্যা আছিল মুঠ ১৬ গৰাকী । ১৬ গৰাকী শিক্ষকে মহাবিদ্যালয়খনত ৩৪০ গৰাকী শিক্ষাৰ্থীক শিক্ষাদান দিয়াত ব্ৰতী হৈ পৰিছিল । বিভিন্ন বিষয়ৰ অধ্যয়ণৰ বাবে আসনবোৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা আছিল । 
এনায়ীৰাম মন্দিৰ মহাবিদ্যালয়খনক বৈদিক মহাবিদ্যালয় বুলি জনা গৈছিল । প্ৰত্যেকগৰাকী শিক্ষকে ২০ জনৰ ওপৰত শিক্ষাৰ্থীক পাঠদান কৰিব লাগিছিল । শিক্ষাৰ্থীসকলে ব্যক্তিগতভাৱে শিক্ষকৰ পৰা সহায় পাইছিল । শ্ৰেণীবোৰ নিয়মিতভাৱে অনুষ্ঠিত হৈছিল বুলি বৰ্ণনাত পোৱা যায় । শিক্ষাৰ্থীসকলক থকা-খোৱাৰ সুবিধা বিনামূলীয়াকৈ দিয়া হৈছিল । বিশেষকৈ চাউল, খৰচৰ বাবে সোণ দিয়াৰ কথা উল্লেখ পোৱা যায় । বেদৰ শিক্ষাৰ্থীবোৰে প্ৰতিদিনে একসেৰ চাউল আৰু আন আন খৰচৰ বাবে বছৰি ১ভাগৰ ৮ তোলা সোণ পাইছিল বুলি কোৱা হয় । সেইদৰে ব্যাকৰণ আৰু দৰ্শনৰ শিক্ষাৰ্থীসকলে অতি উচ্চহাৰত সাহায্য পাইছিল । এনেদৰে শিক্ষকসকলকো ব্যাকৰণ আৰু কঠিন বিষয় অনুসাৰে  পাৰিতোষিক দিয়াৰ ব্যৱস্থা আছিল । 

গ) তিৰুমুকুদ্দাল মন্দিৰ মহাবিদ্যালয়ঃ দক্ষিণ ভাৰতৰ তিৰুমুকুদ্দাল মন্দিৰ মহাবিদ্যালয়খনো এখনি লেখত লবলগীয়া মহাবিদ্যালয় । চিংগেলপুট জিলাৰ তিৰুমুকুদ্দাল, নামৰ ঠাইখনত অৱস্থিত ভেংকেতেশ পেৰুমল মন্দিৰটো এটা সময়ত শিক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল । মন্দিৰক কেন্দ্ৰ কৰি এখন কলেজ, এটা ছাত্ৰাবাস আৰু এখন বিদ্যালয় গঢ়ি উঠিছিল । মহাবিদ্যালয়খনৰ আকৃতি সৰু আছিল । মাত্ৰ ৬০ জন শিক্ষাৰ্থীয়েহে এই মহাবিদ্যালয়ত শিক্ষালাভ কৰিবলৈ সক্ষম হৈছিল । 
ছাত্ৰাবাসটোত শিক্বিষাৰ্নাথীসকলক মূলীয়াভাৱে থকা-খোৱাৰ সুবিধা কৰি দিয়া হৈছিল । ছাত্ৰাবাসটোত আসন সংৰক্ষণৰ ব্যৱস্থা আছিল । ঋকবেদৰ ছাত্ৰৰ বাবে ১০ খন আসন, ১০ খন যজুৰবেদৰ ছাত্ৰ বাবে, ২০ খন আসনব্যাকৰণৰ ছাত্ৰৰ বাবে, ১০ খন আসন সংৰক্ষিত হৈছিল  বানপ্ৰস্থ  আৰু সন্যাস ব্যৱস্থাৰ বাবে । ছাত্ৰাবাসৰ আবাসীসকলৰ প্ৰত্যেক শনিবাৰে নিয়মীয়াভাৱে তেল আদিৰে গা-ধুবলৈ দিয়াৰ ব্যৱস্থা প্ৰচলন  হৈছিল । এনেদৰে আবাসিক ব্যৱস্থাৰ প্ৰচলন হৈছিল ।
তিৰুমুকুদ্দাল মন্দিৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ পাৰিতোষিক নিম্নপৰ্যায়ৰ আছিল । বেদ অধ্যয়নৰ বাবে নিয়োজিত হোৱা শিক্ষকসকলে সাধাৰণতে দিনে ৩ সেৰ চাউল পাবলৈ সক্ষম হৈছিল । এই মহাবিদ্যালয়খনৰ শিক্ষকসকলৰ দৰমহা এনায়ীৰাম মন্দিৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ দৰমহাৰ পাচভাগৰ এভাগ আছিল । বেদৰ শিক্ষকসকলক সাধাৰণতে অংশকালীন শিক্ষক হিচাপে নিয়োগ কৰা হৈছিল । বেদৰ শিক্ষকসকলৰ দৰমহা মহাবিদ্যালয়ৰ একাংশ সাধাৰণ কৰ্মী আৰু বহুতো ব্যক্তি আছিল । 

৪। অসমৰ পুৰণি শিক্ষা ব্যৱস্থাত কি কি অনুস্থানে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল । (Discuss about the role of different institutions in the indegenous system od education in Assam.) 
Answer:  

৫৷ অসমৰ শিক্ষা আৰু সংস্কৃতিৰ বিকাশত ‘সত্র’ আৰু নামঘৰে কি অৰিহণা যােগাইছিল । (Write elaborately on the contributions of Satra' and Namghar' in the development of education and culture of Assam.)
Answer:  অসমৰ শিক্ষা আৰু সংস্কৃতিৰ বিকাশত সত্ৰ আৰু নামঘৰে বহুতো অৰিহণা আগবঢ়াইছে ।  অসমৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ থকা এটি বিশেষ ধৰণৰ সামাজিক অনুষ্ঠান হল সত্ৰানুষ্ঠান  বা সত্ৰ । সমাজ ব্যৱস্থাত নামধজৰ্মপ্ৰচাৰৰ লগে লগে নৃত্য,কলা-সংস্কৃতি শিল্প আদিৰ চৰ্চাৰ ব্যৱস্থা আৰম্ভ হবলৈ ধৰে । এনে এটা শুভমূহুতৰ্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰানুষ্ঠান স্থাপন কৰে । মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ কৰ্মময় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান হল সত্ৰসমূহ ।  সত্ৰসমূহৰ মাধ্যমত জনসমাজত কৃষ্টি-সংস্কৃতিৰ পূৰ্ণস্বৰূপ প্ৰকাশিত হয় ।
অসমৰ প্ৰাচীন সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দু  হিচাপে সত্ৰসমূহে জনসমাজত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে । সত্ৰসমূহৰ প্ৰভাৱৰ ফলত সমাজ ব্যৱস্থাত সত্ৰীয়া সমাজ-সংস্কৃতি নামৰ এটা ধাৰণা বৰ্তমানেও প্ৰৱৰ্তিত হৈ আছে । বৈষ্ণৱ আন্দোলনৰ সময়ছোৱাত অসমৰ সমাজ আছিল সত্ৰকেন্দ্ৰিক । সামাজিক দৃষ্টিভংগী সম্পূৰ্ণভাৱে সত্ৰমুখী হৈ পৰিছিল । সত্ৰসমূহৰ বিকাশৰ ক্ষেত্ৰত জনসাধাৰণৰ লগতে ৰাজপৰিয়ালসমূহেও নানা ধৰণেৰে সহায় -সাহায্য আগবঢ়াইছিল । সত্ৰসমূহৰ সু-পৰিচালনাৰ ভাৰ সত্ৰাধিকাৰৰ ওপৰত ন্যস্ত আছিল যদিও আহোম ৰজাৰ দিনত সত্ৰীয়া বৰুৱা নামৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া নিযুক্তি হৈছিল ।
সত্ৰসমূহক অসমীয়া সংস্কৃতিৰ মূল কেন্দ্ৰবিন্দু বুলি কব পাৰি । সত্ৰীয়া নৃত্য, ভাওঁনা, সবাহ, নাট্য, ্ভিনয় আদি নিয়মীয়াভাৱে এই সত্ৰসমূহত অনুষ্ঠিত হৈছিল । বিশেষকৈ শ্ৰীকৃষ্ণ ৰাস আদিৰ বহু বিস্তৃতভাৱে সত্ৰসমূহৰ উদ্যোগত অনুষ্ঠিত হৈছিল ।  বৰ্তমানেও হৈ থকা দেখা যায় । সত্ৰসমূহত একাত্মকাবোৰৰ ধাৰণা বাৰুকৈয়ে প্ৰকাশিত হৈছিল । অসমৰ সাহিত্য-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত শংকৰদেৱৰ সময়ছোৱাক স্বৰ্ণযুগ বুলি কোৱা হয় । সাধাৰণতে সত্ৰসমূহক তিনিটা ভাগত বিভক্ত হোৱা বুলি কব পৰা যায় । প্ৰথমবিধ হল শংকৰ মাধৱদেৱীয় সত্ৰ, দ্বিতীয়বিধ হল হৰিদেৱী সত্ৰ আৰু আনবিধ হল দামোদৰীয় সত্ৰ ।  তিনিওবিধ সত্ৰ উদ্দেশ্য কিন্তু এটাই আছিল । জনসমাজত বৈষ্ণৱ ধৰ্মৰ লগতে সাহিত্য আৰু সংস্কৃতিৰ সম্প্ৰসাৰণ কৰি তোলাটোৱে সত্ৰসমূহৰ লক্ষ্য আছিল । 


Author_ Ali rani Kakati ( Ba in History Major) 

Type: Hirak Jyoti Bora.