অধ্যায় ৪

উডৰ নিৰ্দেশ পত্ৰঃ ১৮৫৪ 
(Wood's Despatch 1854)

প্রশ্নাৱলী (Exercise) 

১। ১৮৫৪ চনৰ উডৰ ঘঘাষনা পত্র মূল পৰামর্শবােৰ কি কি আছিল ? পৰামৰ্শবােৰ কিমানখিনি প্রয়ােগ হৈছে । (What were the main recommendations of Wood's despatch of 1854 ? How far were these suggestions implemented ?) 
Answer:   

২। উডৰ নিদের্শপত্র কি ? ইয়াৰ পৰামর্শবােৰ বণোৱা । (What is Wood's Despatch ? State briefly its recommendations) 
Answer:  উডৰ নিৰ্দেশনা পত্ৰ হৈছে ১০০ টা দফা সম্বলিত এখন গুৰুত্বপূৰ্ণ দলিল । 
উডৰ নিৰ্দেশনা পত্ৰ পৰামৰ্শবোৰ তলত বৰ্ণনা কৰা হল 
ক) স্ত্ৰী-শিক্ষাঃ উডৰ নিৰ্দেশনা পত্ৰই স্ত্ৰী-শিক্ষাৰ দিশতো ওকালতি কৰিছিল আৰু ইয়াক আগ্ৰহ প্ৰদানৰ বাবে পৰামৰ্শ আগবঢ়াইছিল । স্ত্ৰী-শিক্ষা বিকাশৰ ক্ষেত্ৰত বেচৰকাৰী অনুষ্ঠানসমূহৰ গুৰুত্বক নিৰ্দেশনাপত্ৰই স্বীকাৰ কৰিছিল । তাৰোপৰি ভাৰতবৰ্ষত স্ত্ৰী-শিক্ষাক উদাৰ আৰু আন্তৰিক সমৰ্থন দিব লাগে বুলি গৱৰ্ণৰ জেনেৰেলৰ পৰিষদে জনোৱা ঘোষণাক নিৰ্দেশনা-পত্ৰই আদৰণি জনায় । 
খ) শিক্ষা আৰু নিযুক্তি ঃ বিভিন্ন পদত নিযুক্তি দিওতে শিক্ষিতজনকহে অগ্ৰাধিকাৰ দিব লাগে । বুলি উডৰ নিৰ্দেশনা-পত্ৰত কোৱা হয় । আনকি নিম্নপদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত এজন নিৰক্ষৰ লোকে যদি শিক্ষিত এজনৰ সৈতে সকলো দিশতে সমকক্ষ হয় তথাপিও শিক্ষিতজনকহে সমৰ্থন কৰিব লাগে বুলি নিৰ্দেশনাপত্ৰত উল্লেখ কৰা হয় ।
গ) বৃত্তিমুখী শিক্ষা ঃ বৃত্তিমুখী শিক্ষানুষ্ঠান স্থাপনৰ যোগেদি শিক্ষাৰ্থীসকলক বৃত্তিমূলক শিক্ষা দিয়াৰ মতপোষণ কৰিছিল উডৰ নিৰ্দেশ পত্ৰই । এনে ব্যৱস্থাৰ দ্বাৰাই হয়তো তেওঁলোকে ভাৰতীয় লোকক উপলব্ধি কৰাব বিচাৰিছিল যে বৃটিছ শাসন ব্যৱস্থা প্ৰগতিশীল ,অথবা জনসাধাৰণৰ মনত অসন্তোষৰ সৃষ্টি কৰিব খোজা নিবনুৱা সমস্যাক ইয়াৰ দ্বাৰাই নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল । 
ঘ) চৰকাৰী শিক্ষানুষ্ঠান স্থাপন ঃ স্থানীয় প্ৰয়োজন সাপেক্ষে কিছুমান চৰকাৰী স্কুল-কলেজ পাতিব লাগে বুলি উডৰ নিৰ্দেশ পত্ৰত কোৱা হয় । কিন্তু এই ক্ষেত্ৰত চৰকাৰী শিক্ষানুষ্ঠানবোৰে বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগত যাতে অযথা প্ৰতিযোগিতা নচলায় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়া হয় ।
এনেদৰে আমি দেখিবলৈ পাও যে ১৮৫৪ চনৰ উডৰ নিৰ্দেশ পত্ৰত কিছুমান মৌলিক আৰু মূল্যবান পৰামৰ্শ আগবঢ়োৱা হৈছে । যেনে-- উচ্চশিক্ষাৰ স্তৰত ইংৰাজী  ভাষা, মাধ্যমিক আৰু প্ৰাথমিক স্তৰত মাতৃভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্ৰহণ কৰা, বিশ্ববিদ্যালয় স্থাপন , সহায়ক অনুদান ব্যৱস্থা, শিক্ষক-প্ৰশিক্ষণ, ধৰ্ম-নিৰপেক্ষতা, স্ত্ৰী-শিক্ষা , বৃত্তিমুখী শিক্ষা, ভাৰতীয় ভাষাত কিতাপ প্ৰকাশ, সৰ্বসাধাৰণৰ শিক্ষা সম্প্ৰসাৰণ ইত্যাদি । 


৩। বৰ্তমানৰ শিক্ষা ব্যৱস্থাত উডৰ নির্দেশনামাৰ পৰামৰ্শই বিকাশৰ ক্ষেত্ৰত কি ধৰণেৰে পথৰ সুগমতা আনিছে বর্ণনা কৰা । (How have the recommendations of Wood's Despatch proved the way for the development of the present Education system-Explain.) 
Answer:

৪। উডৰ ঘােষনাপত্র মূল পৰামৰ্শবােৰ উল্লেখ কৰা । ভাৰতবৰ্ষৰ শিক্ষাৰ মেগনাকার্টা হিচাপে ঘােষনাপত্ৰখনক তুমি অভিহিত কৰিব বিচৰা নেকি ? যুক্তিৰ সহায়ত মতামতটো সমর্থন কৰা । (Mention the main recommendations of Wood's Despatch, Do you agree to call the Despatch as the Magnacarta of Indian Education ? Support your view with reasons.) 
Answer:

৫। ভাৰতবৰ্ষৰ শিক্ষাৰ ইতিসাহত উডৰ ঘােষনা পত্ৰৰ গুৰুত্ব চমুকৈ আলােচনা কৰা । (Discuss briefly the importance of Wood's Despatch of 1854 in the History of Indian Education) 
Answer:   ক)  ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত উডৰ নিৰ্দেশ-পত্ৰই এটা নতুন যুগৰ সূচনা কৰিছে । ইয়ে ভাৰতবৰ্ষৰ শিক্ষাত এটা নিৰ্দিষ্ট নীতি প্ৰৱৰ্তন কৰিছে । ইয়ে চৰকাৰক শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়বদ্ধ কৰি তুলিছিল । প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰৰ শিক্ষাৰ সকলো সমস্যা সম্বন্ধে ই অধ্যয়ন কৰিছিল আৰু ইয়াৰ সমাধানৰ বাবে পৰামৰ্শ আগবঢ়াইছিল ।
খ) নিৰ্দেশ পত্ৰত থকা এটা পৰামৰ্শ হৈছে উচ্চ শিক্ষাৰ বাবে ভাৰতবৰ্ষত বিশ্ববিদ্যালয় স্থাপন , মেট্ৰিককুলেচন পৰীক্ষাৰ পাছতে উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা বাৰুকৈয়ে অনুভৱ কৰা হৈছিল ।  সংখ্যাত যদিও কম আছিল তথাপিও এই বিশ্ববিদ্যালয়সমূহে ভাৰতৰ শিক্ষাৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব পাৰিছিল ।
গ) বৃটিছ ভাৰতৰ প্ৰতিখন প্ৰদেশতে একোটাকৈ বিশ্ববিদ্যালয় স্থাপন কৰি ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত পোন প্ৰথমবাৰৰ বাবে শিক্ষাক এটা সু-সংগঠিত আৰু প্ৰণালীবদ্ধ আৰ্হি দিয়া হৈছিল । শিক্ষা সঞ্চালক, পৰিদৰ্শক নিযুক্তি কৰি শিক্ষা পৰিচালনাৰ দায়িত্ব চৰকাৰৰ হাতত তুলি দিয়া হৈছিল । ইয়ে শিক্ষাৰ গুৰুত্ব কমোৱাৰ লগতে প্ৰসাৰ সাধনো কৰিছিল । 
ঘ) দেশীয় শিক্ষানুষ্ঠানবোৰক আগ্ৰহ প্ৰদানৰ দ্বাৰাই জনশিক্ষাৰ নীতিক স্বীকৃতি দিয়া হৈছিল । শিক্ষাৰ ক্ৰমনিম্ন পৰিশ্ৰাৱণ নীতিক তীব্ৰভাৱে তিৰস্কাৰ কৰা হৈছিল । বৃটিছ সাম্ৰাজ্যৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত এইটো এটা বৈপ্লৱিক চেষ্টা আছিল । 

৬। চমুকৈ লিখা (Write short notes on): 

ক) ১৮৫৪ চনৰ উডৰ ঘােষনাপত্র (Wood's Despatch 1854) 
Answer:  ১৮৫৩ চনত কোম্পানীৰ চনদ নবীকৰণ কৰাৰ সময়ত প্ৰশাসনীয় নিয়ম -নীতিৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ সাল-সলনি কৰা হয় । ফলস্বৰূপে দেশৰ শৈক্ষিক ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিবলৈ কোম্পানী বাধ্য হয় আৰু বৃটিছ সংসদৰ কিছুমান সদস্যৰ দ্বাৰাই এখন সমিতি গঠন কৰি দিয়া হয় । সমিতিত অন্তৰ্ভূক্ত কেইগৰাকীমান উল্লেখযোগ্য সদস্য আছিল ট্ৰেভেলিয়ান, ছাৰ, ই, পেৰী, মাৰ্ছমেন, আলেকজেম্ডাৰ ডাফ, এইচ, উইলছন আৰু ফ্ৰেডেৰিক হল্লিতে । এওঁলোক আটাইয়ে ভাৰতীয় শিক্ষাৰ লগত গভীৰভাৱে জড়িত আছিল । সমিতিক ভাৰতবৰ্ষত কোম্পানীৰ কাৰ্যাৱলীৰ মূল্যায়ন কৰিবলৈ আৰু ইয়াৰ ভৱিষ্যত কাৰ্যাৱলীসমূহে পৰিকল্পনা কৰিবলৈ দিয়া হৈছিল । সমিতিৰ আৰু এটা উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ শৈক্ষিক উন্নতি সম্বন্ধে অনুসন্ধান কৰা আৰু ইয়াৰ সংস্কাৰৰ বাবে পৰামৰ্শ আগবঢ়োৱা । এই সমিতিৰ পৰামৰ্শৱলীৰ ওপৰত ভিত্তি কৰিয়ে ১৮৫৪ চনত কোৰ্ট অৱ ডিৰেক্টৰচে নিৰ্দেশ পত্ৰ ভাৰতলৈ প্ৰেৰণ কৰে । কোৰ্ট অৱ কন্ট্ৰোলৰ সভাপতি চাৰ চাল্ৰচ  উডৰ নিৰ্দেশত এই নিৰ্দেশ পত্ৰ প্ৰস্তুত কৰা কাৰণে ইয়াক উডৰ নিৰ্দেশ পত্ৰ বোলা হয় । কিছুমানে উডৰ নিৰ্দেশ পত্ৰখন জন ষ্টুৱাট মিল নামৰ এগৰাকী চিন্তাবিদৰ সৃষ্টি বুলি কব খোজে । তথাপি যিয়েই নহওঁক উডৰ নিৰ্দেশ পত্ৰ হৈছে ১০০ টা দফা সম্বলিত এখন গুৰুত্বপূৰ্ণ দলিল আৰু ইয়ে ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত এটা নতুন যুগৰ সূচনা কৰিছে । 
শিক্ষাৰ মাধ্যম ঃ শিক্ষাৰ মাধ্যম সম্পৰ্কত নিৰ্দেশপত্ৰত কোৱা হয় যে উপযুক্ত কিতাপৰ অভাৱত দেশীয় ভাষাসমূহ শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পৰা নাযাব । গতিকে পৰিস্থিতি সাপেক্ষে ইংৰাজী  ভাষাকেই মাধ্যম হিচাপে গ্ৰহণ কৰিব লাগিব । নিৰ্দেশ পত্ৰত কোৱা হয় যে জনসাধাৰণৰ সাৰ্বজনীন শিক্ষা সম্ভৱ হব কেৱল ভাৰতীয় ভাষাসমূহৰ জৰিয়তে । লগতে পশ্চিমীয়া সাহিত্য আৰু বিজ্ঞানৰ জ্ঞান আহৰণ সম্ভৱ হব কেৱল ইংৰাজী ভাষাৰ জৰিয়তে ।নিৰ্দেশ পত্ৰখনত এইটো কবলৈ যোৱা হৈছে যে ইংৰাজী ভাষাৰ  সমান্তৰালকৈ দেশীয় ভাষাসমূহো শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাটো উচিত হব । লগতে এইটোও পৰ্যবেক্ষণ কৰা হৈছিল যে সময়ত ভাৰতীয় ভাষাসমূহৰ জৰিয়তে পশ্চিমীয়া জ্ঞান আৰু বিজ্ঞানৰ শিক্ষাদান কৰিব পৰা যাব ।  


খ) সহায়ক অনুদান (Grants in Aid)
Answer:  শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক প্ৰয়োজনীয়তাৰ কথা নিৰ্দেশনা পত্ৰই বাৰুকৈয়ে অনুভৱ কৰিছিল আৰু সেইবাবে ইয়ে শিক্ষা প্ৰসাৰৰ বাবে সহায়ক অনুদানৰ ব্যৱস্থা কৰে । এই অনুদান লাভ কৰিবলৈ হলে শিক্ষানুষ্ঠানসমূহে কেইটিমান চৰ্ত পূৰণ কৰিব লাগিব । সেই চৰ্তকেইটা হল 
ক) চৰকাৰী নীতি-নিয়ম মানি চলিব লাগিব আৰু চৰকাৰী পৰিদৰ্শনৰ ব্যৱস্থা থাকিব লাগিব ।
খ) স্থানীয় পৰিচালনাৰ দ্বাৰা শিক্ষানুষ্ঠানসমূহে সু-পৰিচালিত হব লাগিব ।
গ) ধৰ্ম নিৰপেক্ষ শিক্ষা প্ৰদান কৰিব লাগিব ।
নিৰ্দেশ পত্ৰত প্ৰতিখন প্ৰাদেশিক চৰকাৰে সহায়ক অনুদানৰ বাবে নিজস্বভাৱে নীতি-নিয়ম ৰচনা কৰিবলৈ উপদেশ দিছিল । তদুপৰি বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্যাৱলী যেনে ছাত্ৰ-বৃত্তি, শিক্ষকৰ দৰমহা, পুথিভৰাল , গৃহ নিৰ্মাণ, বিজ্ঞান বিষয়ৰ সা-সজুলিৰ বাবেও বিভিন্ন ধৰণৰ অনুদান আগবঢ়োৱা হৈছিল । এনে অৱস্থাৰ ব্যৱস্থা গ্ৰহণৰ দ্বাৰাই চৰকাৰে ভাৰতৰ মিছনেৰীসকলকে সহায় কৰিব খুজিছিল । কিয়নো দেশৰ শিক্ষাত বেছৰকাৰীভাৱে প্ৰচেষ্টা  চলোৱাৰ ক্ষেত্ৰত তেওঁলোকেই আছিল আগৰনুৱা অনুষ্ঠান । গতিকে চৰকাৰৰ নীতি আছিল জনসাধাৰণৰ মাজত শিক্ষা বিস্তাৰ কৰাত মিছনেৰীসকলক অতি অনুপ্ৰাণিত কৰা হব । 


Hirak Jyoti Bora 
Author_ Ali Rani kakati ( Ba in History Major)