kamakhya

কামাখ্যা মন্দিৰঃ কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। এই মন্দিৰটো হিন্দু ধৰ্মৰ এটা প্ৰধান মন্দিৰ। ভাৰতৰ ৫১ খন বিখ্যাত মন্দিৰৰ ভিতৰত কামাখ্যা মন্দিৰ এখন অন্য়তম মন্দিৰ। পূৰণি আখ্য়ানৰ পৰা জানিব পৰা যায় যে এই মন্দিৰটো সকলোতকৈ প্ৰথমে নৰকাসুৰে নিৰ্মাণ কৰিছিল। কামাখ্যা মন্দিৰ উৎপত্তিৰ বিষয়ে এটা কাহিনী থকা বুলি জানিব পৰা যায়। মহাদেৱৰ পত্নী পাৰ্বতীৰ মৃত্য়ু হোৱাত ভগৱান শ্ৰী বিষ্ণুৰ সুদৰ্শন চক্ৰইদি মৃতদেহটো কাটি পেলাইছিল আৰু এই মৃতদেহটোৰ অংশবোৰ বিভিন্ন প্ৰান্তত ছিটিকি পৰিছিল। মৃতদেহটোৰ অংশবোৰ যতেই পৰিছিল তাতেই একোখনকৈ পৱিত্ৰ তীৰ্থস্থান গঢ় লৈ উঠিছিল। নীলাচল পাহাৰত পৰাৰ বাবে ইয়াত কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা হৈছিল। এই মন্দিৰত অম্বুবাচী নামৰ এখন বিখ্যাত মেলা প্ৰত্য়েক বছৰে অনুষ্ঠিত কৰা হয়। এই মেলাত বিভিন্ন দেশ-বিদেশৰ পৰা সাধুসকল আহে। এই মেলাত কামাখ্যা দেৱীক উপাসনা কৰা হয়।



umananda
উমানন্দ মন্দিৰঃ উমাননন্দ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদীদ্বীপ। উমানন্দ মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজভাগত অন্তৰ্গত। উমা আৰু আনন্দ নামৰ পৰাউ উমানন্দ নামটো হোৱা বুলি জানিব পৰা যায়। হিন্দু শাস্ত্ৰৰ পৰা জানিব পৰা যায় যে এই উমানন্দ মন্দিৰটো মহাদেৱে সৃষ্টি কৰিছিল। এই মন্দিৰত প্ৰত্য়েক বছৰে অতি উলহ-মালহেৰে মহাশিৱৰাত্ৰি উদযাপন কৰা হয়। প্ৰত্য়কটো সোমবাৰে উমানন্দ মন্দিৰত দেশ-বিদেশ প্ৰান্তৰ পৰা ভক্ত সকলৰ আগমন হয়।

maha bhairav
 মহাভৈৰৱ মন্দিৰঃ এই মহৈভৈৰৱ মন্দিৰটো শোণিতপুৰ জিলাত অৱস্থিত (বৰ্তমানৰ তেজপুৰ)। এই মন্দিৰটো মহাদেৱৰ পৰম ভক্ত বানাসুৰে প্ৰতিষ্ঠা কৰিছিল। এই মন্দিৰটো এটা সৰু টিলাৰ ওপৰত অৱস্থিত। এই মন্দিৰটোট সংহাৰৰ দেৱতা ভগৱান শ্ৰী শিৱক পূজা কৰা হয়। বাণাসুৰৰ পৰম সুন্দৰী কন্য়া ঊষাই এই মন্দিৰতেই প্ৰত্য়েক দিনেই শিৱক আৰাধনা কৰিছিল।


siva dol
 শিৱ দৌলঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত এই দৌলটো অতি মনোমোহা। শিৱদৌলটো অসম ৰাজ্য়ৰ সকলোবোৰ দৌলতকৈ ওখ। এই দৌলটোৰ ওপৰত এটা সোণৰ কলচী আছে। এই দৌলটোত সদায়েই শিৱক উপাসনা কৰা হয়। প্ৰত্য়েক বছৰে শিৱৰাত্ৰিৰ দিনাখন এই দৌলটোত এখন বহুত ডাঙৰ মেলা অনুষ্ঠিত কৰা হয়। এই দৌলটো অম্বিকা কুঁৱৰীবা (মন্দাম্বিকা) ৰ আদেশ মৰ্মেই প্ৰতিষ্ঠা কৰা হৈছিল।


ugra tara

উগ্ৰতাৰা মন্দিৰঃ এই উগ্ৰতাৰা মন্দিৰটো ১৭২৫ খ্ৰীঃত প্ৰতিষ্ঠা কৰা হৈছিল। এই মন্দিৰটোৰ পূব প্ৰান্তত অন্তৰ্গত যোৰপুখুৰী সিৱসিংহই মন্দিৰ প্ৰতিষ্ঠা কৰাৰ আগত নিৰ্মাণ কৰিছিল বুলি জনা যায়। এই পুখুৰীত নানান কাছ সংৰক্ষিত হৈ আছে। এই উগ্ৰতাৰা দেৱীক মা কামাখ্যাৰ দৰে অৰ্চনা কৰা হয়। ইয়াত পূজা-ুাতল, বলি-বিধানৰ আয়োজন হয়।