মুদ্ৰা আৰু বেংক ব্য়ৱস্থা


১.০১ বিনিময় প্ৰথা কি?   

  সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্য়ক্ষ  বিনিময় হ'ল বিনিময় প্ৰথা। কোনো ব্য়াক্তি বা কোনো দেশেই আত্মনিৰ্ভশীল নহয়। আটাইবোৰ লাগতিয়াল সামগ্ৰী কোনেও নিজে উপাদন কৰি ল'ব নোৱাৰে। আত্মনিৰ্ভশীলতাৰ অভাৱেই পৰস্পৰ নিৰ্ভশীলতাৰ কাৰণ। ব্য়াক্তি 'ক'ই ধান উৎপাদন কৰিছে। এক নিদিৰ্ষ্ট অভাৱ পূৰণ কৰিবলৈ তেওঁৰ কুঁহিয়াৰৰ প্ৰয়োজন হৈছে। তেওঁ নিজে কুঁহিয়াৰ উপাদন কৰা নাই। এতিয়া তেওঁৰ অভাৱ কিদৰে আঁতৰ হ'ব? বিনিময় প্ৰথাৰ জৰিয়তে তেওঁৰ অভাৱ দূৰ হ'ব। আন এজন ব্য়াক্তি 'খ'ই  কুঁহিয়াৰ উৎপাদন কৰিছে। তেওঁক ধানৰ  ধানৰ প্ৰয়োজন হৈছে। তেওঁধান উৎপাদন নকৰে। 'ক' আৰু 'খ'ৰ মাজত বিনিময় হ'ব। 'ক'ই ধানখিনিৰ এক অংশ 'খ'ক দিব দিব আৰু তাৰ বিনিময়ত 'ক'ই 'খ'ৰপৰা কুঁহিয়াৰখিনিৰ এক অংশ সংগ্ৰহ কৰি ল'ব। ঠিক সেইদৰে 'খ'ই কুঁহিয়াৰ বিনিময়ত 'ক'ৰপৰা এক অংশ সংগ্ৰহ কৰিব 'ক' আৰু 'খ' কোনোৱেই আত্মনিৰ্ভশীল নহয়; তেওঁলোক দুয়ো পৰস্পৰ নিৰ্ভশীল। সামগ্ৰী সলনি সামগ্ৰীৰ পোনপটীয়া বহিনিময় কৰি দুয়ো দুয়োৰে অভাৱ পূৰণ কৰিছ। 


১.০২ বিনিময় প্ৰথা অসুবিধাসমূহ:  

    সভ্য়তাৰ দোকমোকালিত আৰম্ভ হোৱা বিনিময় প্ৰথাৰ কালক্ৰমত বিলুপ্তি ঘটিল। আদিম যুগত জনসংখ্য়া সীমিত আছিল  সমাজখন  ক্ষুদ্ৰ আছিল। মানুহৰ প্ৰয়োজন সমূহ সীমিত আছিল। উৎপাদিত সা-সাীমগ্ৰীৰ ,সংখ্য়া আৰু পৰিমাণে কম আছিল। তেনে এটা পটভূমিত বিনিময় প্ৰথা কাৰ্যকৰী হৈছিল। সময় বাগৰি যোৱাৰ লগে লগে বিনিময় প্ৰথাত কেতবোৰ অসুবিধাই দেশা দিলে। বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা মন কৰিবলগীয়া। 

    (১) সংগতিবিহীন অভাৱ : ওপৰত উল্লেখ কৰা উদাহৰণটো 'ক' আৰু 'খ' মাজত অভাৱৰ সংগতি মিল আছে। এই মিল দুই ধৰণে প্ৰকাশ পাইছে। প্ৰথম, 'ক'ই ধান উৎপাদন কৰিছে আৰু 'ক'ৰ কুঁহিয়াৰ প্ৰয়োজন হৈছে। দুয়োৰে অভাৱৰ দ্ধিতীয়তে, 'খ'ই কুঁহিয়াৰ উৎপাদন কৰিছে আৰু 'খ'ৰ ধানৰ প্ৰয়োজন হৈছে। দুয়োৰে অভাৱৰ সংগতি থকা বাবে দুয়োৰে মাজত বিনিময় সম্ভৱ হৈছে। ধৰি লোৱা 'খ'ৰ ধানৰ প্ৰয়োজন হোৱা নাই; 'খ'ই মাছহে বিচাৰিছে। তেনে অৱস্থাত 'ক' আৰু 'খ' মাজত বিনিময় হ'ব নোৱাৰে। 'খ'ই মাছহে উৎপাদনকাৰীজনক বিচাৰি পাব লাগিব। ধৰি লোৱা হ'ল যে সেইজন 'গ'। যদি 'গ'ই 'খ'ৰপৰা কুঁহিয়াৰ নিবিচাৰি সৰিয়হ বিচাৰে তেতিয়া আকৌ 'খ' আৰু 'গ'ৰ মাজন বিনিময় হ'ব নোৱাৰে। এইদৰেই অভাৱৰ সংগতিহীনতাৰ বাবে বিনিময় প্ৰথাটো ক্ৰমশঃ নোহোৱা হ'ল। মুদ্ৰাৰ  আগমনে এই অসুবিধা আঁতৰ কৰিলে। কুঁহিয়াৰ উৎপাদন কৰি 'খ'ই বিক্ৰী কৰিছে আৰু সেই ধনেৰে মাছ কিনিছে।

    (২) হিচাপ-নিকাচৰ উমৈহতিয়া এককৰ অভাৱ  :     বিনিময়যোগ্য় সামগ্ৰীৰ সংখ্য়া বহুত। প্ৰতিটো সামগ্ৰীৰ মূল্য় আন সামগ্ৰীৰ মাধ্য়মেৰে প্ৰকাশ কৰিব লাগিব। যেনে এটা আপেল বিপৰীতে তিনিটা মধুৰিয়ামৰ বিনিময় হৈছে। গতিকে ১টা আপেলৰ সমান ৩টা মধুৰিয়াম। কিন্তু আপেলৰ বিনিময় হাৰ কেৱ এটাই হ'ব জানোঁ? বজাৰত যিমান সামগ্ৰী আছে সিমান সামগ্ৰীৰ বি্পৰীতে হগাৰ থাকিব লাগিব। বজাৰলৈ ওলাই যাওতে এগৰাকী ব্য়ক্তিয়ে ইমানবোৰ বিনিময় হাৰ মনত ৰাখি জাব লাগিব। এইটো অসম্ভৱ কথা হ'ব। মুদ্ৰা ব্য়ৱস্থাত মুদ্ৰা হ'ল উমৈতিয়া একক। বজাৰৰ প্ৰতিটো সামগ্ৰীৰ মূল্য় মুদ্ৰাৰ মাধ্য়মেৰে প্ৰকাশ কৰা হয়। একেটা সামগ্ৰীৰ বিনিময় হাৰ বেলেগ বেলেগ সামগ্ৰীৰ বিনিময় হাৰত প্ৰকাশ নকৰি সকলোবোৰ  সামগ্ৰীৰ বিনিময় হাৰ মুদ্ৰাৰ মাধ্য়মত প্ৰকাশ কৰা বাবে বিনিময় প্ৰথাৰ এই অসুবিধাটো দূৰ হ'ল। 

    (৩) বিভাজনীয়তাৰ অসুবিধা : কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এনেবোৰ সামগ্ৰীয়ে আহুকালৰ সৃষ্টি কৰে। যেনে হাতীটোৰ গৰাকীক এক কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে। এক কিলোগ্ৰাম চাউল আৰু হাতী এটাৰ মূল্য় একে নহয়।কিন্তু হাতীটো অবিভাজননীয়, অৰ্থাত হাতীটো সৰু সৰু অংশলৈ ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহ'ব। মুদ্ৰা ব্য়ৱস্থা এই অসুবিধা দূৰ হ'ল। মুদ্ৰা বিভাজনীয়। অধিক মূল্য়ৰ লেনদেনৰ বাবে যিদৰে মুদ্ৰা আছে, একেবাৰে কম মূল্য়ৰ লেনদেনৰ বাবেও সেইদৰে মুদ্ৰা আছে। ১০০০ টকাৰ কাগজী নোটখন ৫০০, ১০০, ৫০, ২০, ১০ আৰু ৫ টকাৰ নোটলৈ আৰু ৫ টকীয়া নোটখন ২টকা ১টকা, আৰু পঞ্চাশ পইচালৈ খুচুৰা কৰি ল'ব পাৰি। ৫০ পইচা লেনদেনেই হওক বা ১কুটি টকা লেনদেনেই হওক মুদ্ৰা ব্য়ৱস্থাত অবিভাজনীয়তাই সমস্য়াৰ সৃষ্টি কৰিব নোৱাৰে। 

(৪) মূল্য় ভাণ্ডাৰৰ অভাৱ : মূল্য় বুলিলে সা-সামগ্ৰীৰ মূল্য় বুজিব লাগিব। সামগ্ৰীবোৰ বেছি দিন নিটিকে। মাছ, গাখীৰ, কণি ইত্য়াদি বেছি দিন সাচি ৰাখিব নোৱাৰি। বেছি দিন সাচি থ'লে সেইবোৰ নষ্ট হৈ জাব।বিনিময় প্ৰথাত মূল্য়ৰ ৰুপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। আমহাতে, সামগ্ৰীৰ ভাণ্ডাৰ কৰি ৰখাটো সুবিধাজনক নহয়। মুদ্ৰাই এই অসুবিধাটো আঁতৰ কৰিলে। মুদ্ৰা অৱস্থাত সামগ্ৰী সঞ্চয় কৰি থ'ব নালাগে। মুদ্ৰাৰ ৰুপত সঞ্চয় হয়। ফল-মূল, শাক-পাচলি দৰে এই সঞ্চয় নষ্ট হয় নাযায়। ব্য়াক্তি এগৰাকীয় এই সঞ্চয় নিজৰ লগত নাৰাখি বেংকতো জমা থ'ব পাৰে। যেতিয়াই প্ৰয়োজন হয় সঞ্চয় কৰি থোৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰি ল'ব পৰি। মুদ্ৰা হ'ল সা-সামগ্ৰীৰ মূল্য়ৰ ভাণ্ডাৰ।

১.০৩ মুদ্ৰাৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণি : 

আজি আমি যি মুদ্ৰা ব্য়ৱহাৰ কৰিছো সেই মুদ্ৰা নিশাটোৰ ভিতৰতে সৃষ্টি হোৱা নাই। কেইবাটাও পৰ্যায় বা অতিক্ৰম কৰিহে আজিৰ ৰুপটো পৰিগ্ৰহণ কৰিছে। 

     বিনিময় প্ৰথাক মুদ্ৰাৰ ক্ৰমবিকাশক পৰ্যায় বুলি ক'ব পাৰি। এই ব্য়ৱস্থাত সামগ্ৰীয়েই সীমিত অৰ্থত মুদ্ৰাৰ কাম কৰিছিল। মুঠতে, মুদ্ৰাৰ ক্ৰমবিকাশৰ পাচটা পৰ্যায় আছে। সেইকেইটা হ'ল-- (১) বিনিময় প্ৰথা (২) জন্তুমান (৩) অমুদ্ৰিত ধাতুমান (৪) ধাতু মুদ্ৰা আৰু (৫) কাগজী মুদ্ৰা।

    বিনিময় প্ৰথাৰ বিষয়ে আমি ইতিমধ্য়ে আলোচনা কৰিলো। ইয়াত সামগ্ৰীয়েই মুদ্ৰা আছিল। জন্তুমান স্তৰত জন্তু বিনিময়ৰ মাধ্য়ম হিচাপে ব্য়ৱহাৰ কৰা হৈছিল (বিষেশকৈ ছাগলী)। এই ব্য়ৱস্থা আতৰি গ'ল দুটা প্ৰধান অসুবিধাৰ বাবে। প্ৰথম ছাগলীবোৰ পূৰ্ণ সাদৃশ্য়যুক্ত মহয়, ৰং আৰু আকাৰ বেলেগ বেলেগ হোৱা বাবে। পছন্দ-অপছন্দ প্ৰশ্ন উঠিছিল কোনোবাই যদি পখৰাটো পছন্দ কৰিছিল আন এজনে হয়তো ক'লাটো পছন্দ কৰিছিল। দ্ধিতায়তে, মহামাৰীত ছাগলীৰ সংখ্য়া হ্ৰাস হোৱাৰ লগে লগে মুদ্ৰাৰ পৰিমাণো কমি যাব। অৰ্থনীতিত মুদ্ৰা সংকেট দেখা দিব। তৃতীয়তে, ছাগলী বা জন্তু এটা ভাগ কৰি বিনিময় কৰিব নোৱাৰি।

    অমৌদ্ৰিক ধাতুমান ব্য়ৱস্থাত সোণ বা ৰুপৰ টুকুৰা বিনিময় মাধ্য়ম হিচাপে ব্য়ৱহাৰ কৰা হৈছিল। ইয়াতো বহুতো দেখা দিছিল। প্ৰথম, সোণ বা ৰুপ নিভাঁজ হয় নে নহয় প্ৰতিবাৰ লেনদোেনত সেইটো নিশ্চিত কৰিবলয়া হৈছিল। দ্ধিতীয়তে, এনেবোৰ মূল্য়ৱান ধাতু এঠাইৰ পৰা আন এঠাইলৈ নিৰাপদে কঢ়িয়াই নিয়াটো সহজ নাছিল।

    অমৌদিক ধাতুমান ব্য়ৱস্থা৪ত বিলুপ্তি ঘটাত ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল। কিন্তু এই ব্য়ৱস্থাতো অসুবিধা দেখা দিলে। সোণ বা ৰুপৰ যোগান সীমাবদ্ধ বা অস্থিতিস্থাপক, প্ৰয়োজন হ'লোই বৃদ্ধি কৰিব নোৱাৰি।তদুপৰি বেপাৰ-বাণিজ্য়ৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে মুদ্ৰাবোৰ দূৰৈৰ ঠাইলৈ কহিয়াই নিয়াত অসুবিধাৰ সৃষ্টি হৈছিল।

    মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়ত কাগজী মুদ্ৰাৰ প্ৰচলন হ'ল। এই মুদ্ৰা কঢ়িয়াই নিয়ীটো সহজ। প্ৰথম অৱস্থাত কাগজী সোণ বা ৰুপলৈ ৰুপান্তৰিত কৰা হ'ল আৰু ৰুপান্তৰকৰণ অপ্ৰয়োজনীয় হৈ পৰিল। এইদৰে কাগজী মুদ্ৰাই বৰ্তমান ৰুপ লয়।

    বৰ্তমান উন্নত আৰু উন্নয়নশীল সকলো দেশতে চোক মুদ্ৰাৰ প্ৰচলন বৃদ্ধি হৈ আহিব ধৰিছে। যদিও বেংকসমূহে গ্ৰাহকক দিয়া চেক আইনী মুদ্ৰা নহয়, তথাপিও চেকৰ জৰিয়তে বস্তু বেচা-কিনা কৰা হয়। অনাগত ভৱিষ্য়তত চেক নিজেই মুদ্ৰা হৈ পৰিব বুলি অৰ্থনীতিবিদসকলে মত পোষণ কৰিছে। 

১.০৪ মুদ্ৰা কি ? 

    ইংৰাজ অৰ্নীতিবিদ জিয়ফ্ৰী ক্ৰাউথাৰৰ মতে বিনিময় মাধ্য়ম হিচাপে সাধাৰণ গ্ৰহণযোগ্য়তা থকা আৰু সগতে সামগ্ৰীৰ মূল্য়ৰ মাপকাঠী আৰু মূল্য়ৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ'ল মুদ্ৰা। দেশবাসীয়ে যদি বেল গছৰ পাত বিনিময় মাধ্য়ম হিচাপে গ্ৰহণ কৰে তেনেহ'লে বেল পাতৰ সাধাৰণ গ্ৰহণযোগ্য়তা থাকিব আৰু বেলপাত মুদ্ৰা হ'ব। মুদ্ৰাৰ সাধাৰণ গহণযোগ্য়তা আইনৰ দ্ধাৰাও সমৰ্থিত হয়।

১.০৫ মুদ্ৰাৰ বৈশিষ্ট্য়সমূহ :

মুদ্ৰাৰ অন্তত : আঠটা বৈশিষ্ট্য় মন কৰিবলগীয়া। এই বৈশিষ্ট্য়কেইটা তলত ব্য়াখ্য়া কৰা হ'ল। 

১) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্য়তা থাকিব লাগিব নহ'লে মুদ্ৰা বিনিময়ৰ মাধ্য়ম হ'ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্য়সমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য়।

২) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজে নহ'লে সামগ্ৰী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব। 

৩) মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সানগ্ৰী হ'ব নোৱাৰে। মাছ, কণি, গাখীৰ ইত্য়াদিৰ কোনোটোৱেই মুদ্ৰা হ'ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্ৰা সঞ্চয় ভাণ্ডাৰ হ'ব লাগিলে মুদ্ৰা বেছি দিনলৈ চিকিব লাগিব।

৪) মুদ্ৰা সমজাতীয়  বা পূৰ্ণ সাদৃশ্য়যুক্ত হ'ব লাগিব। উদাহৰণস্বৰুপে, যদি এখন ১০০ টকীয়া নোটৰ আকাৰ ডাক টিকটটোৰ দৰে একেবাৰে সৰু আৰু আন এখন ১০০ টকীয়া নোট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ হয়, তেনেহ'লে সামগ্ৰীৰ লোনদেনৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিব। গতিকে সকলোবোৰ ১০০ টকীয়া নোট সকলো পিনৰপৰা একে হ'ব লাগিব। বাকীবোৰ মুদ্ৰাৰ ক্ষেত্ৰতো এই একেটা কথাই খাটিব।

৫) মুদ্ৰাৰ তাৰল্য় (Liquidity) গুণ থাকিব লাগিব। তাৰল্য় গুণ কি ? যিকোনো মুদ্ৰা সমমূল্য়ৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্য়ক্ষভাৱে ৰুপান্তৰিত হ'লেই মুদ্ৰাৰ তাৰল্য় গুণ আছে বুলি ক'ব লাগিব। বিনিময় প্ৰথাত সামগ্ৰীৰ তাৰল্য় গুণ নাথাকে তাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্য়ক্ষভাৱে আন সামগ্ৰীলৈ ৰুপান্তৰ হ'লও সামগ্ৰীবোৰ বোছি দিন নিটিকে।সোণ, ৰুপ, মাটি-বাৰী ইত্য়াদিও মুদ্ৰাৰ দৰেই পৰিসম্পদ। কিন্তু সিবোৰ তাৰল্য় গুণ মুদ্ৰাতকৈ কম হ'ব। মুদ্ৰা সামগ্ৰীলৈ তৎকালীনভাৱে আৰু প্ৰত্য়ক্ষভাৱে ৰুপাৰিন্ত হয়। কিন্তু সোণ, ৰুপ আদি পৰিসম্পদৰ ক্ষেত্ৰত ৰুপান্তৰ সহজ নহয়। সোণ, ৰুপ ইত্য়াদি সামগ্ৰীলৈ ৰুপান্ত কৰিবলগীয়া হ'লে পোনতে সোণ বা ৰুপ বা ভূমি বিক্ৰী কৰিব লাগিব আৰু বিক্ৰীৰ দ্ধাৰা উপলব্ধ ধনখিনিৰে সামগ্ৰী কিনিব পৰা যাব। অৰ্থা এই পৰিসম্পদসমূহ তাৎক্ষণিক আৰু প্ৰত্য়ক্ষভাৱে সামগ্ৰীলৈ ৰুপাৰিন্ত নহয়। কিন্তু মুদ্ৰাৰ ক্ষেত্ৰত এনে অসুবিধা নাথাকে।

৬) মুদ্ৰা দস্তান্তৰযোগ্য় হ'ব লাগিব। বেপাৰ-বাণিজ্য়ৰ পৰিসৰ দিনে দিনে বৃদ্ধি হৈ আহিছে। মুদ্ৰা হস্তান্তৰযোগ্য় নহ'লে ইমান বৃহৎ পৰিসৰৰ বেপাৰ-বাণিজ্য় সম্পাদন কৰাটো অসম্ভৱ হ'ব। বৰ্তমান মুদ্ৰা আৰু বেংকিং ব্য়ৱস্থাই এনে এটা পৰ্যায়ত উপনীত হৈছে য'ত মুদ্ৰাৰ প্ৰকৃত হস্তান্তৰ নোহোৱাকৈ লেনদেন সম্পাদিত হৈছে। বেংকৰ হিচাপৰ বহীত যোগ-বিয়োগ হৈছে। ক্ৰেতাৰ হিচাপৰ ঘৰত লেনদেনটোৰ মূল্য় বিয়োগ কৰা হৈছে আৰু বিক্ৰেতাৰ হিচাপৰ ঘৰত সেই মূল্য় যোগ দিয়া হৈছে। ইয়াকে আভ্য়ন্তৰীণ বেংকীকৰণ (Core banking) বুলি কোৱা হয়। 

৭) মুদ্ৰা বিভাজনীয়। অধিক মূল্য়ৰ মুদ্ৰা কম মূল্য়ৰ মুদ্ৰাৰ সমষ্টিলৈ ৰুপান্ত কৰিব পাৰি। বিনিময় প্ৰথাত সামগ্ৰীবোৰ বিভাজনীয় নোহোৱাত বিনিময়ৰ ক্ষেত্ৰত অসিবিধাই দেখা দিছিল। মুদ্ৰা ব্য়ৱস্থাত এই অসুবিধাটো আতৰি গৈছে। ৫০ পইচাৰ লেনদেন নাইবা ৫০ কোটিৰ লেনদেনৰ বাবেও প্ৰয়োজনীয় মুদ্ৰা উভৈনদী। 

৮) মুদ্ৰাৰ মূল্য়ৰ স্থিৰতা থাকিব লাগিব। মুদ্ৰাৰ মুল্য় দ্ৰুতগতিত হ্ৰাস পালে মুদ্ৰাৰ গ্ৰহণযোগ্য়তা লোপ পাব। সেইদৰে মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব নোৱাৰিব। মন কৰিবলগীয়া যে মুদ্ৰাৰ বৈশিষ্ট্য়সমূহ এটা আনটোৰ বিকল্প নহয় মুদ্ৰাৰ আটাইকেইটা বৈশিষ্ট্য় একে্ সময়তে থাকিব লাগিব।

১.০৬ মুদ্ৰাৰ কাৰ্যাৱলী :

মুদ্ৰাই প্ৰধানকৈ চাৰিটা কাৰ্য সম্পাদন কৰে। এই চাৰিটা কাৰ্য ইংৰাজীত এইদৰে উল্লেখ কৰা হৈছে : Money is a matter of function four-- a medium a measure a standard and a store.' 

১) মুদ্ৰা হৈছে বিনিময় মাধ্য়ম। বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্য়ক্ষ বিনিময় হৈছে। মুদ্ৰা ব্য়ৱস্থাত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুঁহিয়াৰ ক্ৰয় কৰিব। বিনিময় প্ৰথা এটা লেনদেন মুদ্ৰা ব্য়ৱস্থাত দুটা লেনদেনলৈ পৰিৱৰ্তিত হ'ল। মুদ্ৰা হৈ পৰিল বিনিময় মাধ্য়ম।যি মুদ্ৰাই বিনিময় মাধ্য়ম হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে, সি মুদ্ৰা হ'ব নোৱাৰে। 

২) মুদ্ৰাই সা-সামগ্ৰীৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য় আছে। মুক্ত সামগ্ৰীৰহে মূল্য় নাথাকে।আমিসেৱন কৰা বতাহ, সূৰ্যৰ ৰশ্মি, নৈৰ পানী ইত্য়াদিৰ বাবে মূল্য় দিব নালাগে। যিবোৰ সামগ্ৰী বজাৰত বেচা-কিনা কৰা হয়, সেইবোৰ সামগ্ৰীৰ মূল্য় আছে। মুদ্ৰাৰ ৰুপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্য় হ'ল সামগ্ৰীটোৰ দাম। মুদ্ৰা সামগ্ৰীৰ উমৈহতিয়া মাপকাঠি, কাৰণ সকলো আৰ্থিক মূল্য় সামগ্ৰীৰ মূল্য় মুদ্ৰাৰ ৰুপত প্ৰকাশ কৰা হয়। 

৩) মুদ্ৰাই স্থগিত দোনা-পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। কিছুমান সামগ্ৰী আৰু পৰিসম্পদ (assets) বেচা-কিনাৰ সময়ত দমটো লগে লগে পৰিশোধ কৰা নহয়। ঋণৰ ক্ষেত্ৰতো ঋণ লওঁতাই ঋণ দাতাক ঋণ পৰিশোধ কৰোতে সময় লয়। এনেবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালীন নহয়, প্ৰক্ৰিয়াটো স্থগিত কৰি ৰখা হয়। সকলোবোৰ স্থগিত দেনা-পাওনাৰ হিচাপে মুদ্ৰাৰ ৰুপত প্ৰকাশ কৰা হয়। 

৪) মুদ্ৰাই মূল্য়ৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। সামগ্ৰী সঞ্চয় কৰি ৰাখিব নোৱাৰি। সামগ্ৰীবোৰ সোনকালে নষ্ট হৈ যায়। বিনিময় প্ৰথাত সেই সঞ্চয়ৰ ভাণ্ডাৰ নাছিল মুদ্ৰা ব্য়ৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি ক্ৰয় কৰোতে ব্য়ৱহাৰ কৰিব পাৰি। এই অৰ্থ মুদ্ৰা সামগ্ৰীসমূহৰ মূল্য়ৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। অৱশ্য়ে বিশোষ একোটা পৰিস্থিতিত মুিদ্ৰাৰ মূল্য়ৰ  স্থিৰতা সম্পূৰ্ণকৈ হেৰাই গ'লে (উদাৰণস্বৰুপে অভাৱনীয়ভাৱে অবিৰাম সা-সামগ্ৰীৰ মূল্য় বৃদ্ধি হ'লে) মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰিব। তোনো পৰিস্থিতিত সাধাৰণতে সোণ বা ভূমি বা অন্য়ান্য় পৰিসম্পদহে সঞ্চয়ৰ ভাণ্ডাৰ হৈ পৰিব। 

মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক মুখ্য় (Primary) আৰু বাকী দুটা কাৰ্যক গৌণ (secondary) কাৰ্য বুলি কোৱা হয়। এই চাৰিটা কাৰ্যৰ উপৰি মুদ্ৰাৰ কেতবোৰ উপনিমিত্ত (Contingent) কাৰ্যও আছে। যেনে দেশ একোখনৰ জাতীয় আয় মুদ্ৰাৰ ৰুপত প্ৰকাশ কৰপা হয়। ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত থকা অৰ্থনৈতিক বৈষম্য় মুদ্ৰাৰ সহায়ত হ্ৰাস কৰিব পাৰি; চহকী শ্ৰেণিৰপৰা আধিক কৰ-কাতল সংগ্ৰহ কৰি পোৱা ৰাজহ চৰকাৰে অৰ্থিক ভাৱে কল্য়াণৰ হকে ব্য়ৱহাৰ কৰিব পাৰে।

১.০৭ মুদ্ৰাৰ শ্ৰেণীবিভাজন :  

বহল অৰ্থত মুদ্ৰা দুই প্ৰকাৰৰ-- হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা। হিচাপ-নিকাচৰ মুদ্ৰা এটা ধাৰণাহে; প্ৰকৃত মুদ্ৰাৰ ৰুপান্ত হয়। আজি যি প্ৰকৃত মুদ্ৰা ভৱিষ্য়তেও সিপ্ৰকৃত মুদ্ৰ হৈ নাথাকে। কিন্তু প্ৰকৃত যিয়েই নহওক কিয় সেই মুদ্ৰা হিচাপ-নিকাচৰ মুদ্ৰা হৈয়ে থাকিব। আন এটা উদাহৰণ সহায়ত হিচাপ-নিকাচ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ পাৰ্থক্য় ব্য়াখ্য়া কৰিব পাৰি। ভাৰতবৰ্ষৰ সংবিধান প্ৰধানমন্ত্ৰীৰ পদবীটো আছে। কিন্তু সদায় একেজন ব্য়াক্তিয়ে প্ৰধানমন্ত্ৰী হৈ নাথাকে। কিন্তু প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত ব্য়াক্তিগৰাকীয়ে সদায় প্ৰধানমন্ত্ৰীৰ ভুমিকা পালন কৰিব লাগিব আৰু সেই মৰ্মে নিৰ্ধাৰিত কাৰ্য সম্পাদন কৰিব লাগিব প্ৰধানমন্ত্ৰীৰ বাবটো যদি হিচাপ-নিকাচৰ মুদ্পৰা সোনোহ'লে প্ৰধানমন্ত্ৰীগৰাকী হ'ব প্ৰকৃত মুদ্ৰা

    বিভিন্ন সময়ত বিভিন্ন সামগ্ৰীয়ে প্ৰকৃত মুদ্ৰাৰ ভুমিকা পালন কৰি আহিছে আৰু লগে লগে সোই সামগ্ৰীয়ে হিচাপ-নিকাচ মুদ্ৰাৰ দায়িত্বও পালন কৰি আহিছে। মুদ্ৰাৰ ক্ৰম বিকাশ সম্পৰ্কে আলোচনা কৰোতে এই বিষয়ে আলোচনা কৰা হৈছে

প্ৰকৃত মুদ্ৰা কেইবাপ্কাৰ হ'ব পাৰে। সেইবোৰ হ'ল--    

(১) সামগ্ৰী মুদ্ৰা ( commodity Money)

(2) জন্তু মুদ্ৰা (Animal money) 

(৩) ধাতুগত মুদ্ৰা (metallic money)

(৪) কাগজী মুদ্ৰা (paper money)

(৫) বিহিত মুদ্ৰা (legal tender money)

(৬) অবিহিত মুদ্ৰা (Non legal tender money)

(৭) আদেশী মুদ্ৰা (Fiat money)

(৮) প্ৰতীক মুদ্ৰা (Token money)

(৯) চেক মুদ্ৰা (cheque Money) 

(১০) মান মুদ্ৰা (standard Money)

(১১) তপত মুদ্ৰা (hot money)

(১2) সংকুচিত মুদ্ৰা ( Dear money) 

(১৩) সুলভ মুদ্ৰা (Easy money)

(১৪) ক'লা মুদ্ৰা (Black money) 

(১৫) উচ্চ সমতাসম্পন্ন মুদ্ৰা (High power money) 

(১) সামদ্ৰী মুদ্ৰা : বিনিময় প্ৰথাত সামগ্ৰীয়ে আছিল বিনিময় মাধ্য়ম। সামগ্ৰীয়ে আছিল হিচাপ-নিকাচৰ মুদ্ৰা আৰু লগতে প্ৰকৃত মুদ্ৰাও।

(২) জন্তু মুদ্ৰা : জন্তু একোটা (বিশেকৈ ছাগলী) বিনিম য় মাধ্য়ম হ'লে জন্তু মুদ্ৰাৰ সৃষ্টি হয়। 

ধাতুগত মুদ্ৰা: সোণ বা ৰুপৰ গ্ৰহণযোগ্য়তা আছে। এই দুয়োবিধ ধাতু বেলেগ বেলেগ বা একেলগে বিনিময় মাধ্য়ন হ'লে ধাতুগত মুদ্ৰা প্ৰচলন হয়।

(৪) কাগজী মুদ্ৰা: কাগজী মুদ্ৰাই ধাতুগত স্থান অধিকাৰ কৰিছে। বিনিময়ৰ মাধ্য়ম হিচাপে কাগজী মুদ্ৰাৰ ব্য়ৱহাৰ হৈছে। পূৰ্বৰ কাগজী মুদ্ৰাৰ সম মূল্য়ৰ সোণ বা ৰুপলৈ পৰিৱৰ্তিত হৈছিল। উদাহৰণস্বৰুপে ১০০ টতকাৰ কাগজী মুদ্ৰা ১০০ টকা মূল্য়ৰ সোণ বা ৰুপান্তিত হৈছিল। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক (সোণ ৰুপৰ প্ৰতিনিধি) বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰা। এই মুদ্ৰা পূৰ্বৰ দৰে সোণ বা ৰুপলৈ ৰুপান্তিত নহয়। 

(৫) বিহিত মুদ্ৰা: যি মুদ্ৰাৰ গ্ৰহণযোগ্য়তা বিধিসন্মত সেই মুদ্ৰাই বিহিতদ মুদ্ৰা। এনে মুদ্ৰা গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শোৱাজন আইনমতে দণ্ডনীয় হ'ব। ভাৰতবৰ্ষত বৰ্তমান প্ৰচলিত কাগজী মুদ্ৰা আৰু ধাতুমুদ্ৰা বিহিত মুদ্ৰা। বিপিত মুদ্ৰা দুই প্ৰকাৰৰ-- সসীম বিহিত মুদ্ৰা আৰু অসীম বিপিত মুদ্ৰা। যি বিহিত মুদ্ৰাৰ সহায়ত সমিত সীমিত মূল্য়ৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা হব। এই মুদ্ৰা নাথাকিলে কিছুমান লেনদেনৰ ক্ষেত্ৰত আহুকাল দেখা দিব ধৰি লোৱা যে তুমি এডাল ভূমি বিক্ৰী কৰিছা। ভূমিডৰাৰ মূল্য় ১০ লাখ টকা। ভূিম ক্ৰয় কৰোতাজনে ১০ লাখ টকা কম মূল্য়ৰ মুদ্ৰাৰ ৰুপত আদায় দিলে তোমাৰ অসুবিধা নহব জানো? গতিকে কম মূল্য়ৰ কাগজী বা ধাতু মুদ্ৰাই এই ক্ষেত্ৰত অসীম বিপিত মুদ্ৰা হব পাৰে। এই মুদ্ৰা সহায়ত অধিক মুল্য়ৰ লেনদেন সম্পাদন কৰিব পাৰি। উদাহৰণটো উল্লেখ কৰা ১০ লাখ টকা এই মুদ্ৰাৰ ৰুপতেই আদায় দিব পাৰি।

(৬) অবিহিত মুদ্ৰা: যি মুদ্ৰাৰ গ্ৰহণযোগ্য়তা আইনসংগত নহয়, অৰ্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায় সেই মুদ্ৰাই হ'ব অবিহিত মুদ্ৰা।(যেনে চেক মুদ্ৰা 

(৭)  চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্ৰা বিনিময় মাধ্য়ম হিচাপে গ্ৰপণ কৰা হয় সেই মুদ্ৰাই হ'ব আদেশী মুদ্ৰা কাগজী বা ধাতু আদেশী মুদ্ৰাৰে উদাৰণ। চৰকাৰী কৰ্তৃত্বৰ দ্ধাৰা এই মুদ্ৰা সমৰ্থিত। 

(৮ ) প্ৰতীক মুদ্ৰা: যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য় বা খোদিত মূল্য় বা লিখিত মূল্য় ইয়াৰ অন্তৰ্নিহিত মূল্য় বা ধাতুগত মূলতকৈ অধিক সেই মুদ্ৰাই হ'ব প্ৰতীক মুদ্ৰা। মুদ্ৰা ওপৰত যিটো সংখ্য়া লিখা থাকে সেইটো হ'ল প্ৰদৰ্শিত মূল্য়। যেনে ১০০ টকাৰ নোট এখনৰ ওপৰত ভাৰতীয় সংবিধান অষ্টম অনুসূচীত উল্লেখিত ২২টা ভাষাত ১০০ শব্দটো লিখা থাকে। কিন্তু ১০০ টকীয়া নোটখন যি কাগজেৰে তৈয়াৰী সেই কাগজৰ টুকুৰাৰ মূল্য় ১০০ টকাতকৈ বহুত কম হ'ব। ঠিক সেইদৰে ৫ টকীয়া ধাতু মুদ্ৰা এটাৰ ওপৰত খোদিত কৰা থাকে ৫ সংখ্য়াটো। কিন্তু সেই মুদ্ৰাটো যি ধাতুৰে তৈয়াৰ কৰা হৈছে সেই ধাতুৰ সেই ধাতুৰ মূল্য় ৫ টকাটকৈ কম হ'ব। বৰ্তমান আমি দেখা প্ৰয় সকলোবোৰ ধাতু মুদ্ৰা প্ৰতীক মুদ্ৰা।



(৯) চেক মুদ্ৰা: প্ৰকৃততে চেক মুদ্ৰা নহয়; মুদ্ৰা পৰিষোধৰ এটা আদেশহে মাথোন। চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্য়তা নাথাকে। উদাহৰণস্বৰুপে তুমি কিতাপ এখন ক্ৰয় কৰিছা। কিতাপখনৰ দাম ২০০ টকা। দুশ টকাৰ চেক এখন তুমি দোকানীক দিলে দোকানীয়ে সেয়া গ্ৰহণ কৰিব পাৰে বা নকৰিব পাৰে। যদিহে নকৰে দোকানীজনক তুমি কাঠগড়ালৈ নিব নোৱাৰিবা। কাৰণ চেকখন বিহিত মুদ্ৰা নহয়। ইয়াক 'ধনাদেশ' বা নিকট মুদ্ৰা (Near Money) বুলিও কোৱা হয়।

    (১০) মান মুদ্ৰা: মান মুদ্ৰা হ'ল দেশখনৰ মুদ্ৰাৰ এটা একক। এই এককৰ সৈতে বাকীবোৰ এককৰ মূল্য় সম্পৰ্কিত। ভাৰতবৰ্ষতৰ মান মুদ্ৰা হ'ল টকাটো। এক পইচা হ'ব টকাটোৰ ১০০ ভাগৰ এভাগ।

    (১১) তপত মুদ্ৰা: গভীৰ অৰ্থনৈতিক সংকটৰ গৰাহত পৰা দেশ এখনৰ মুদ্ৰাৰ মূল্য়লৈ যেতিয়া জল্পনা-কল্পা অন্ত নাথাকে তেতিয়া দেশখনৰ পৰা মূলধনৰ বৰ্হিগমন হয়। মূলধনৰ বৰ্হিগমনে তপত মুদ্ৰা সৃষ্টি কৰে।

(১২) সংকুচিত মুদ্ৰা: কেন্দ্ৰীয় বেংকৰ কাৰ্যৰ জৰিয়তে কাৰ্যৰ জৰিয়তে সংকুচিত মুদ্ৰাৰ সৃষ্টি হয়। উদাৰণস্বৰুপে ভৰতীয় ৰিজাৰ্ভ বংকে সুদৰ হাৰ বৃদ্ধি কৰিলে সদস্য় বেংক সমূহমূহে কম পৰিমানৰ ঋণ ল'ব আৰু যাৰ ফল স্বৰুপে ঋণ লওঁতাই কম পৰিমাণে সদস্য় বেংক সমূহৰ পৰা ঋণ ল'ব। ইয়াৰ ফলত মুদ্ৰাৰ যোগান কমি যাব। এইদৰে সংকুচিত মুদ্ৰাৰ সৃষ্টি হ'ব।

    (১৩) সুলভ মুদ্ৰা: কেন্দ্ৰীয় বেংকে সুদৰ হাৰ হ্ৰাস কৰিলে ঋণ সওতাই অধিক ঋণ ল'ব আৰু মুদ্ৰাৰ যোগান বৃদ্ধি হ'ব।

    (১৪) ক'লা মুদ্ৰা: ক'লা মুদ্ৰাৰ উৎপত্তিৰ কৰণ হ'ল অৰ্থনৈতিক অপৰাধ। যেনে আয়কৰ ফাকি দিয়াটো অৰ্থনৈতিক অপৰাধ। এই অপৰাধে ক'লা মুদ্ৰা সৃষ্টি কৰিব। ধৰি লোৱা হ'ল সকলোবোৰ ৰেহাই পোৱাীৰ পিছত (বিভিন্ন ধৰণৰ বিনিয়োগৰ ক্ষেত্ৰত কৰ ৰেহাই) এজন ব্য়ক্তিয়ে চৰকাৰক ৫ লাখ টকা আয়োগ দিব লাগে। কিন্তু আকৰৰ বিবৃতি ব্য়ক্তিগৰাকীয়ে  এইদৰে তৈয়াৰ কৰিলে যে ব্য়ক্তিগৰাকীয়ে ১ লাখ টকা দিলেই হ'ল। এতিয়া (৫--১ লাখ টকা) ৪ লাখ টকা ঘৰলৈ যাব লাগিছিল যদিও নগ'ল এই ৪লাখ টকা হ'ব ক'লা টকা বা হিচাপবিহীন টকা।

    (১৫) উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা: দেশ এখনত যোগান ধৰা যেটো অংশ কেন্দ বোংকে প্ৰত্য়ক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোৱেই হ'ল উচ্চ ক্ষমতাসম্পন্ন  মুদ্ৰা। এই মুদ্ৰা নিয়ন্ত্ৰণৰ জৰিয়তে কেন্দ্ৰীয় বেংকে মুদ্ৰাৰ যোগান কম-বেছি কৰিব পাৰে।

১.০৮ ভূমিকা :

(১) মুদ্ৰাই বিনিময় ব্য়ৱস্থাটো সহজ কৰি তুলিলে। মুদ্ৰা ব্য়ৱস্থাত বিনিময় প্ৰথাৰ অসুবিধাবোৰ আঁতৰ হ'ল। মুদ্ৰাই বিনিময় মাধ্য়ম হিচাপে কাম কৰে। 

 (২) যি ব্য়ৱস্থাত বজাৰৰ চহিদা আৰু যোগানে উৎপাদন পক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে, চৰকাৰী নীতি-নিদেৰ্শনাই নকৰে সেই ব্য়ৱস্থাটোৱেই হ'ল বজাৰকেন্দ্ৰিক অৰ্থনীতি। বদাৰকেন্দ্ৰিক অৰ্থনীতিৰ দৰ ব্য়ৱস্থা হ'ল এক প্ৰধন বৈশিষ্ট্য়। দৰ ব্য়ৱস্থা মুদ্ৰাৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ বস্তুৰ দৰ বা দাম মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা এটা বিনিময় মুদ্ৰা।

(৩) যি ব্য়ৱস্থাত চৰকাৰী সিদ্ধান্তইহে উৎপাদন প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰে, বজাৰে নকৰে সেই ব্য়ৱস্থাতো সম্পদৰাজিৰ মূল্য় মুদ্ৰাৰ মাধ্য়মতহে প্ৰকাশ কৰা হয়। মুদ্ৰা অবিহনে যিকোনো আৰ্থিক ব্য়ৱস্থাই অচল হৈ পৰিব।

১.০৯ মুদ্ৰাৰ অসুবিধাসমূহ :

মুদ্ৰাই কেতবোৰ অসুবিধাৰো সৃষ্টি নকৰাকৈ থকা নাই।

(১) মুদ্ৰাৰ মূল্য়ৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্য়াৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য় অবিৰামভাৱে হ্ৰাস হ'লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্য়য় কৰিবলগীয়া হয়। বিশেষকৈ সীমিত আয়ৰ লোকসকল অৰ্থিকভাৱে জৰুয়া হয়। ঠিক সেইদৰে সামগ্ৰীৰ মূল্য় অতিপাত কমি গ'লে অৰ্থাৎ মুদ্ৰাৰ মূল্য় বৃদ্ধি হ'লে উৎপাদনকাৰীয়ে লোকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্ৰাস হ'লে নিবনুৱাৰ সৃষ্টি হয়। 

(২) মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ'ব পাৰে। মুদ্ৰা সৰ্বস্ব অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণ হৈ পৰে। ই সামাজিক বৈষম্য় সৃষ্টি কৰে। 

(৩) মুদ্ৰা প্ৰতি থকা দুৰ্বলতাই সামাজিক মূল্য়বোধৰ অৱক্ষয়ৰ কাৰণ হ'ব পাৰে। দুৰ্নীতি, অনিয়ম অবিচাৰৰ গুৰিতেই মুদ্ৰ বুলি কলে অত্য়ুক্তি কৰা নহ'ব।

(৪) মুদ্ৰাৰপৰা ক'লা মুদ্ৰা সৃষ্টি হয়। ক'লা মুদ্ৰা অৰ্থনৈতিক অপৰাধ (যেনে আয়কৰ ফাঁকি)ৰ সৈতে জড়িত। এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰজহ হেৰুৱাব লগা হয়। 

১.১০ বেংক কি ? 

    বেংক এবিধ বিত্তীয় অনুষ্ঠান, যি ঋণৰ ব্য়ৱসাৰ কৰে। বেংকে সঞ্চয়কাৰীৰপৰা সঞ্চয় সংগ্ৰহ কৰে আৰু সংগৃহীত সঞ্চয় ঋণ সওতাসকললৈ আগবঢ়ায়। খেতিয়ক, উদ্য়াগপতি, সাধাৰণ গ্ৰাহক, ছাত্ৰ-ছাত্ৰী আৰু অন্য়ান্য় শ্ৰেণীৰ লোকসকলে এনে ঋণ বোংকৰপৰা লাভ কৰে। এনে লেনদেনত বোংকৰ লাভ হয়। যিসকলে বেংকৰপৰা ঋণ লয় সেইসকলে মূলধন পৰিশোধ কৰাৰ লগে লগে বোংকক সুদৰ হাৰো দেব লাগে। এই সুদৰ হাৰ সঞ্চয়কাৰীলৈ বেংকে আগবঢ়োৱা সুদৰ হাৰতকৈ হোৱাৰ ফলত বোংক ব্য়ৱসায় লাভজনক হৈ পৰে। 

১.১১ বেংকৰ উৎপত্তি : 

অৰ্থনীতিবিদ ক্ৰাউথাৰৰ মতে বেপৰী, সোণাৰী আৰু ঋণ দ্ওতা মহাজসকলেই হ'ল বেংকৰ পূৰ্বপুৰুষ। ণধ্য়যুগত ইতালীত বক অব ভেনিচ স্থাপন হোৱাৰ লগে লগে বোংক শব্দটোৱে বহুল প্ৰচাৰ লাভ কৰে বুলি কোনো কোনোৱে ক'ব খোজে। ইটালীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য় (City state )  সমূহৰ মাজত যুদ্ধ-বিগ্ৰহ চলি থকাত কৰ্তৃপক্ষৰ ধনৰাশিৰ প্ৰয়োজন হৈছিল। তেনে ধনৰাশি সংগ্ৰহ কৰিবলৈ কেতবোৰ আয়োক্ত নিয়োগ কৰা হৈছিল।এই আয়োক্তসকলৰ মন্তে (monte) বুলি কোৱা হৈছিল। সেই সময়ত ইটায়লীৰ বৃহৎ অঞ্চল জাৰ্মানসকলৰ দখলত আছিল। মন্তে শব্দটোৰ ঠাইতজাৰপ্মানসকলে banck শব্দটো ব্য়ৱহাৰ কৰিছিল। ইটালীত ওই শব্দ banco ফৰাচী ভাষাত banke আৰু ইংলেণ্ডত Bank হৈ পৰিল।

    ভাৰতবৰ্ষত ১৭৭০ চনত প্ৰথমটো বোংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম আছিল বেংক অব্ হিন্দস্তান। থলুৱা প্ৰচেষ্টাৰ ভিত্তিত গঢ় লৈ উঠা অসমৰ প্ৰথমটো বোংক হ'ল গুৱাহাতী বেংক। এই বেংক ১৯২৬চনত স্থপিত হৈছিল। 

১.১২ বেংকৰ শ্ৰেণীবিভাজন:

    বেংক কেইবা প্ৰকাৰৰ আছে। তাৰে ভিতৰত আমি জানিবলগীয়া বেংকেইটা হ'ল-- (১) কেন্দ্ৰীয় বেংক (২) বাণিজ্য়ক বেংক (৩) আঞ্চলিক গ্ৰাম্য় বেংক, (৪) ভাৰতীয় ঔদ্য়োগেক বিকাশ বোংক (৫) ভৰতীয় ক্ষুদ্ৰ উদ্য়োগ বিকাশ বেংক আৰু (৬) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বোংক (নাবাৰ্ড)। ইয়াৰ বাহিৰেও আৰু কেতবোৰ বেংক আছে (যোনো--এছীয় উন্নয়ন বেংক বিশ্ব বেংক ইত্য়াদি)। তোমালোকে এইবোৰ বেংকৰ বিষয়ে ওপৰ মহলাত পঢ়িবলৈ পাবা।

(১) কেন্দ্ৰীয় বেংক :

    কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংক ব্য়ৱস্থাৰ মুৰব্বী বেংক। এই বেংকৰ নীতি-নিদেৰ্শনা অনুসৰি অন্য়ান্য় বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে। ছুডেনৰ ৰিক্স বেংক (Riksbank) সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। এই বেংক স্থাপিত হৈছিল ১৬৫৬ চনত। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বোংক হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক (Reseve Bank of India)। এই বেংক স্থাপিত হয় ১৯৩৫ চনত। 

     কেন্দ্ৰীয় বেংকে কেইবাটাও কাৰ্য সম্পাদন কৰিব লাগে। তাৰে প্ৰধান কাৰ্যকেইটা তলত ব্য়াখ্য়া কৰা হ'ল।

১) কেন্দ্ৰীয় বংকে কাগজী মুদ্ৰা ছপা কৰে। কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰ নাই।

২) কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমান নিয়ন্ত্ৰণ কৰে। এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বিণিজ্য়িক বেংকসমূহ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমান নিৰ্ভৰ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্য়ৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্য়ক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে।

৩) কেন্দ্ৰীয় বেংকে বেংসমূহৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। কেন্দ্ৰীয় বোংক অন্য়ান্য় বেংকৰ বিপদৰ বন্ধু। আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংসমূহৰ বাবে শেষ আশ্ৰয়স্থল। 

৪) কেন্দ্ৰীয় বেংক চৰকাৰ বিত্তৰ যোগান ধৰোতা। বাজেটত দেখোৱা চৰকাৰী ব্য়য়ৰ পৰিমানতকৈ চৰকাৰী আয়ৰ পৰিমান কম হ'লে বাজেট ঘাটিয়ে  দেখা দিয়ে। বাজেট ঘটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে (ৰাজ্য় চৰকাৰসমূহ নহয়) কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য় ল'ব পাৰে। কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি েই সাহাজ্য় আগবঢ়ায়। কেন্দ্ৰীয় বেংক চৰকাৰৰ পৰামৰ্শদাতাও। চৰকাৰৰ আয় নীতি, ৰাজহ  নীতি, বাণিজ্য় নীতি আদিৰ বিষয়ে কেন্দ্ৰীয় বেংকে নিজৰ পৰামৰ্শ আগবঢ়ায়।কেন্দ্ৰীয় বেংকে চৰকাৰৰ প্ৰতিনিধি (Agent)হিচাপে সকলো চৰকাৰী আয় আৰু ব্য়য় হিচাপ ৰাখে।

৫) কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য় মুদ্ৰাৰ ৰক্ষক। উদাহৰণস্বৰুপে ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি। বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয়। এই বিনিময় হাৰ মূলত: বিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই নিৰ্ধাৰণ কৰি দিয়ে। অৱশ্য়ে মুক্ত অৰ্থনীতিত এই বিনিময় হাৰ বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাই নিৰ্ণয় কৰে।

৬) কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। মন কৰিলগীয়া যে বেংসমূহ পৰস্পৰ নিৰ্ভশীল। কোনো নিৰ্দিষ্ট বেংকৰ ধনৰাশিৰ অভাৱ হ'লে আন এটা বেংকৰ পৰা ঋণ লয়। এইদৰে আন্ত:বেংক লেনদেন চলি থাকে। কেন্দ্ৰীয় বেংকত সকলো বেংক হিচাপ থকে। যেতিয়া ঋণ লওতা বেংকে ঋণ দিওতা বেংকক ঋণ পৰিশোধ কৰে তেতিয়া ঋণ লওতা বেংকৰ হিচাপৰপৰা ঋণৰ পৰিমাণ বিয়োগ কৰা হয় আৰু ঠিক সেই পৰিমাণটো ঋণ দিওতা বেংকৰ হিচাপত যোগ দিয়া হয়। কেন্দ্ৰীয় বেংকৰ জৰিয়তে এই লেনদেন প্ৰক্ৰিয়া সম্পাদন কৰা হয়।

৭) কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্যও সম্পাদন কৰে। আৰ্থ-সামাজিক উন্নয়নৰ বাবে অগ্ৰাধিকাৰ লাভ কৰা খণ্ডকেইটালৈ কেন্দ্ৰীয়কেন্দ্ৰীয় বেংকে ধনৰাশী ব্য়ৱস্থা কৰি দিব লাগে। উদাহৰণৰুপে আগ্ৰাধিকাৰ লাভ কৰা কৃষি যাতে প্ৰয়োজনীয় সম্পদৰ অভাৱত নপৰে তাৰ বাবে যৱতীয় ব্য়স্থা গ্ৰপণ কৰিব লাগিব কেন্দ্ৰীয় বেংকে। ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগবঢ়োৱা বেংক ঋণৰ পৰিমাণ বেংকৰ মুঠ আমানত (deposit)ৰ ৪০ শতাংশ হব লাগে।

৮) কেন্দ্ৰীয় বেংকৰ অন্য়ান্য় কাৰ্যায়লী ভিতৰত আছে সময়ে সময়ে দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা, সমবায় বেংক আৰু অন্য়ান্য় বিত্তীয় অনুষ্ঠানলৈ ঋণৰ যোগান ধৰা, কল্য়ামমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা ইত্য়াদি।

(২) বাণিজ্য়িক বেংক :

    যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্য়েক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ বেপাৰ-বাণিজ্য় আদিত জৰিত কাৰ্য সম্পন্ন কৰে তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্য়ক বেং বোলা হয়। বৰ্তমান কালক বাণিজ্য়ক বেংকৰ কাৰ্যৰ পৰিষৰ দিনক-দিনে বৃদ্ধি পাই আহিছে। তলত বাণিজ্য়ক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা হ'ল। 

১) বাণিজ্য়ক বেংকে সঞ্চয় সংগ্ৰহ কৰে। এই সঞ্চয় তিনি প্ৰকাৰৰ :(ক) চলিত আমনত (Current deposit) (খ) স্থিৰ আমানত বা কাল আমানত (Fixed deposit) আৰু (গ) সঞ্চয় আমানত (saving deposit)। চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানত কাৰীয়ে নুজৰ সঞ্চয় যিকোনে সময়ত চেকৰ যোগেদি উলিযাই আনিব পাৰে। স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব নোৱাৰি। এই আমানত উলিৱাই আনিব হ'লে আমানতকাৰীয়ে বেংকক আগতীয়াকৈ জনাব লাগিব। সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্ৰয়োজন অনুসৰি উলিয়াই আনিব পাৰিব কিন্তু আনটো অংশ উলিয়াবলৈ হ'লে বেংকৰ আগতীয়া অনুমতি প্ৰয়োজন হ'ব।

২) বাণিজ্য়ক বেংকসমূহে ঋণৰ যোগান ধৰে। কৃষক, উদ্য়োগপতি, কাৰিকৰ, ঠেলাচালক, ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে লোকে বাণিজ্য়ক বেংকৰ পৰা ঋণ লাভ কৰে।ঋণৰ উচিত ব্য়ৱহাৰ ফলত ঋণ লওতাৰ আৰ্থিক স্থিতি কিছু সবল হয়। ২০০১ চনৰ লোকপ্ৰিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্য়াৰ ৩৬ শতাংসইহে বেংকত হিচাপ খুলিছিল। ২০১১ চনত ই বৃদ্ধি পালে ৫৯ শতাংশলৈ। ২০১৪ চনৰ আগষ্ট মাহলৈ মুঠ ২১০.৫ নিযুত লোকে বেংকৰ হিচাপ খুলিছে। সাধাৰণতে বাণিজ্য়ক বেংকে দাৰ্ঘকালীন ঋণ আগ নবঢ়ায়। ইয়াৰ কৰণ হ'ল এয়ে যে দীৰ্ঘকালনৰ বাবে (ধৰি লোৱা ৫, ১০ ১৫ বছৰৰ বাবে) বেংকে ঋণ আগবঢ়ালে ঋণ পৰিষোধ নকৰা পৰ্যন্ত বেংকে সঞ্চয় ঘূৰাই নাপাব। তদেনে পৰিস্থিতিত আমনতকাৰীসকলে নিজৰ সঞ্চয় উলিয়াই আনিব বিচাৰিলে বেংকে সেই সঞ্চয় মুকলাই দিয়াত বিফল হয়। এনে হ'লে বেংকৰ উপৰত ৰাইজৰ আস্থা হেৰাই দাব আৰু আনকি সময়ৰ মূৰকত বেংকটো বন্ধ হৈযো যাব পাৰে।

৩) বাণিজ্য়ক বেংকসমূহ ঋণ মুদ্ৰা সৃষ্টি কৰে। প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ ভিত্তিত বেংকসমূহে উদ্ভূত বা সক্ৰিয় আমানত সৃষ্টি কৰে। সঞ্চয়কাৰীয়েবেংকত যি পৰিমাণ সঞ্চয় জমা থয় সেই পৰিমানটোৱেই হ'ল প্ৰাথমিক নিষ্ক্ৰিয় আমানত। উদ্ভূত বা সক্ৰিয় আমানত বেংকসমূহ সৃষ্টি কৰে। প্ৰথমিক আমানত এটা অংশ জমা ৰাখি বাকীখিনি বেংকসমূহে ঋণ হিচাপে আগবঢ়ায়। ঋণ আগবঢ়োৱাৰ লগে লগে মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়া আৰম্ভ হয়। এটা সাধাৰহণ উদাহৰণ লোৱা যাওক। সঞ্চকাৰী 'ক'ই বেংকত ১০০০ টকা জমা দিলে। এই টকাৰ পৰিমান হব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত। ধৰি লোৱা হ'ল যে ইয়াৰ ২০ শতাংশ বেংকটোৱে নিজৰ লগত ৰাখি বাকীখিন অৰ্থাৎ ৮০০ টকা টকা ঋম হিচাপে আগবঢ়ালে। প্ৰশ্ন হ'ব বেংকে ২০ শতাংশ কিয় ৰাকিবলগীয়া হ'ল। সময়ে সময়ে আমানতকাৰীয়ে বা সঞ্চয়কাৰীয়ে বেংকৰ পৰা টকা উলিয়াই ল'বলৈ আহিব। সেই চাহিদা পূৰণ কৰিবলৈ হ'লে বেংটোৱে ১০০০ টকাৰ ঋণ আগবঢ়াব নোৱাৰে। ৮০০ টকাৰ ঋণ লাভ কৰা ব্য়ক্তিজনে ৮০০ টকা যিগৰাকী ব্য়ক্তিক দিলে সেইগৰাকীয়ে ৮০০ টকা নিজৰ বেংকত জমা দিলে। সেই বেংকটোৱেও ২০ শতাংশ নিজৰ লগত ৰাখি বাকী ৬৪০ টকা ঋণ হিচাপে আগবঢ়ালে। দ্বিতীয়টো বেংকৰ ক্ষেত্ৰত ৮০০ টকা হ'ব প্ৰাথমিক বা নিষ্ক্ৰিত আমানত আৰু ৬৪০ টকা হ'ব উদ্ভূত বা সক্ৰিয় আমানত। ৬৪০ টকা যিগৰাকী ব্য়ক্তিৰ হাতলৈ গ'ল সেইগৰাকী টকাখিনি তৃতীয়টো বেংকত জমা দিলে। বেংকটোৱে তাৰে ২০ শতাংশ কাটি ৰাখি বাকীখিনি ঋণ হিচাপে আগবঢ়ালে। এই প্ৰক্ৰিয়াটো অব্য়াহত থাকিলে মূঠ আমানতৰ পৰিমাণ কিমান হ'বগৈ। মুঠআমানতৰ পৰিমাণ হ'ব ১০০০+ ৮০০+ ৬৪০+ ৫১২+ ....... + 0 = ৫০০০ টকা। অৰ্থাত প্ৰথমটো বেংকে লাভ কৰা ১০০০ টকাৰ প্ৰাথমিক আমানতৰ ফলতদ বেংক ব্য়ৱস্থাটোৱে শেষত গৈ ৫০০০ টকা সৃষ্টি কৰিলে অৰ্থাৎ মুদ্ৰাৰ পৰিামাণ ৫ গুণ বৃদ্ধি হ'ল। এইদৰেই বাণিজ্য়ক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰিলে।

৪) বাণিজ্য়ক বেংকৰ অন্য়ান্য় কাৰ্যাৱলীৰ ভিতৰত আছে আমানতকাৰীৰ মূল্য়ৱান অলংকাৰ-পাতি, গুৰুত্বপূৰ্ণ নথি-পত্ৰ ইত্য়াদিৰ সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰা, আমানতকাৰীৰ সা-সম্পত্তিৰ ন্য়াসৰক্ষী হিচাপে কাৰ্যপালন কৰা ইত্য়াদি।

(৩) ভাৰতীয় ঔদ্য়োগিক উন্নয়ন বেংক (Industrial Development Bank of India বা IDBI) : 

১৯৬৪ চনত এই বেংক স্থাপন কৰা হয়। ইয়াৰ মূল কাৰ্যসমূহ হ'ল- 

১) ঔদ্য়োগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহাজ্য় প্ৰদান কৰা। 

২) ঔদ্য়োগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকটোৱে উদ্য়োগসমূহলৈ ঋণ আদিৰ ৰুপত প্ৰত্য়ক্ষভাৱে আৰ্থিক সাহাজ্য় আগবঢ়ায়। বেংকটোৱে পৰোক্ষভাৱেও উদ্য়োগসমূহলৈ সাহাজ্য় সাহাজ্য় আগবঢ়ায়। যেনে বেংকটোৱে ৰাজ্য়িক বিত্তীয় নিগম, ঔদ্য়োগিক উন্নয়ন নিগম, বাণিজ্য়ক বেংকসমূহলৈ বিত্তীয় সাহাজ্য় আগবঢ়ায় আৰু এই অনুষ্ঠানসমূহে ৰাজ্য়ৰ ঔদ্য়োগিক খণ্ডলৈ বিত্তীয় সাহাজ্য় আগবঢ়ায়।

৩) অৰ্থনৈতিক পিছপৰা অঞ্চলসমূহৰ উদ্য়োগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।

৪) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্য়োগবিহীন জিলাসমূহত ঔদ্য়োগিক উদ্য়ম বৃদ্ধিৰ বাবে আগভাগ লয়। 

(৪) আঞ্চলিক গ্ৰাম্য় বেংক (Regional Rural Bank):

    ১৯৭৫ চনত প্ৰথমতে ৫টা আঞ্চলিক গ্ৰাম্য় বেংক স্তাপন কৰা হয়। এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ'ল-- (১) বেপাৰী, মহাজনসকলৰপৰা অত্য়ধিক সুদ দি ঋণ লোৱা গাওঁবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাওঁবাসীক সকাহ দিয়া আৰু (২) গ্ৰাম সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন ৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্য়য় কৰা ভাৰতবৰ্ষত বৰ্তমান (২০১৪ চন) ৫৭ টা আঞ্চলিক গ্ৰাম্য় বেংক কাৰ্যকৰী হৈ আছে। 

(৫) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰান্নয়ন  বেংক (National Bank for Agriculture and Rural Development বা NABARD) :

১৯৮২ চনত নাবাৰ্ড (NABARD) স্থপন কৰা হয়। গ্ৰাম্য় ঋণৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে যিবোৰ কাৰ্য কৰি আহিছিল সেই আটইবোৰ নাবাৰ্ডলৈ হস্তান্তৰ কৰা হ'ল। নাবাৰ্ডে সম্পাদন কৰা মূল কাৰ্যবোৰ হ'ল :

১) গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সে ই আটাইবোৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্টান হ'ল নাবাৰ্ড। 

২) ঋণ প্ৰদান প্ৰক্ৰিয়া, আচনিৰ আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্য়ালোচনা, প্ৰশিষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্দডে ব্য়ৱস্তা গ্ৰহণ কৰে। 

৩) সকলোবোৰ বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ ৰাজ্য় চৰকাৰ ৰিজাৰ্ভ ইত্য়াদি সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে 

(৬) ভাৰতীয় ক্ষুদ্ৰ উদ্য়োগ  উন্নয়ন বেংক (Small Industries development bank of India বা SIDBI):


১৯৮৯ চনত সংসদত ছিদ্বি আইন গৃহিত হয় আৰু ১৯৯০ চনৰপৰা ছিদ্বি কাৰ্যকৰী হৈ উঠে। ছিদ্বিৰ মুখ্য় কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত। ছিদবিৰ মুখ্য় কাৰ্যাৱলী  হ'ল:
১) ক্ষুদ্ৰ উদ্য়োগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্য়া আৰু আধুনিকীকৰণৰ ব্য়ৱস্থা কৰা;
) ক্ষুদ্ৰ উদ্য়োগ খম্ঢত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া; 
৩) অৰ্ধ-নগৰ এলেকাত ক্ষুদ্ৰউদ্য়োগসমূহত অধিক নিয়োগৰ ব্য়ৱস্থা কৰি গাঁও আৰু অৰ্ধ-নগৰ এলেকাৰ পৰা চহৰলৈ জনখংস্য়াৰ বহিৰ্গমন ৰোধ কৰা আৰু                                                                    ৪) ৰাজ্য়িক বিত্ত নিগম, ঔদ্য়োগিক নিগম, ব্য়ৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গাম্য় বেংকসমূহলৈ অৰ্থ সাহাজ্য়           আগবঢ়োৱা                                                                                                     
                                                                                                                                                                              

১.১৩ বেংক ব্য়ৱস্থা বহিৰ্ভূত বা অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ:
    বেংকৰ দৰে অনা-বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰপৰা সঞ্চয় বা আমানত সংগ্ৰহ কৰে আৰু সেই সঞ্চয় বিভিন্নজনলৈ ঋণ হিচাপে আগবঢ়ায়। কিন্তু বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিৱাই আনিব পাৰে;অনা-বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সয়ে চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰপৰা সঞ্চকাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে। তদুপৰি বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা-বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্য়ৱস্থা নাথাকে। 
    ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াত অনা-বেংক বিত্তীয় প্ৰতিষ্টানসমূহৰ পঞ্জীকৰণ হয়। পঞ্জীকণ নকৰা বহুতো বুৱা অনা-বেংক প্ৰতিষ্ঠানে সঞ্চয়কাৰীৰ ধন লৈ উধাো হোৱাৰ উদাহৰণ দেধাৰ আছে।



                                         মূ  ল  ক  থা

👉🏼 মুদ্ৰাৰ ক্ৰমবিকাশৰ এক আমোদজনক ইতিহাস আছে।               যিকোনো সামগ্ৰী মুদ্ৰা হ'ব নোৱাৰে। মুদ্ৰাৰ কেতবোৰ বৈশিষ্ট্য় আছে। এই বৈশিষ্ট্য়বোৰৰ বাবেই মুদ্ৰা কেতবোৰ গুৰুত্বপূৰ্ম কাৰ্য সম্পাদন কৰিব পাৰে। মুদ্ৰা কেইবা প্ৰকাৰৰ আছে। আৰ্থিক ব্য়ৱস্থাত মুদ্ৰাৰ গুৰুত্ব মন কৰিব মন কৰিবলগীয়া। মুদ্ৰাই বিনিময় প্ৰথাৰ আসোঁৱাহ সমূহ দূৰ কৰিছে। মুদ্ৰাি কেতবোৰ অসুবিধাও সৃষ্টি নকৰাকৈ থকা নাই। বেংক মুদ্ৰা সৃষ্টি কৰে। বেংকসমূহৰ মুৰব্বী হ'ল কেন্দ্ৰীয় বেংক। ভাৰতবৰ্ষত ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই হ'ল এই কেন্দ্ৰীয় বেংক। বেংকৰ শ্ৰেণী বিভাজন আছে। প্ৰতিবাধ বেংকৰ নিজৰ নিজৰ কাৰ্যাৱলী আছে। বেংক ব্য়ৱস্থাৰ বাহিৰতো কেতবোৰ বিত্তীয় প্ৰতিষ্ঠান আছে  কিছুমান ক্ষেত্ৰত  বেংকৰ সৈতে এই প্ৰতিষ্ঠানবোৰৰ মিল আছে যদিও আন কেতবোৰ ক্ষেতেৰত অনিলো আছে। 
 

type: Ratul mahanta