Chapter-1 (B)

ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

লেখকৰ সুবিধা অনুসৰি কিতাপৰ প্ৰশ্ন আৰু উত্তৰ দিয়া হোৱা নাই । কেৱল কিতাপখনৰ সূচী প্ৰত্ৰ হে দিয়া হৈছে । Click to Model Books Daily Assam |
প্ৰশ্নাৱলী 


1.B (i) উদাৰতাবাদী (Liberalism)

১. নিম্নতম ক্ষমতাসম্পন্ন ৰাষ্ট্ৰৰ ধাৰণাটোৰ বিকাশ কোনে কৰিছিল ?
Who did develope the idea of Minimal state ?

উত্তৰঃ নিম্নতম ক্ষমতাসম্পন্ন ৰাষ্ট্ৰৰ ধাৰণাটোৰ বিকাশ ৰবাৰ্ট নজিকে কৰিছিল।

২. Friedrick Hayek- এ ৰচনা কৰা গ্ৰন্থ এখনৰ নাম লিখা ?
Write the name of one book written by Friedrick Hayek.

উত্তৰঃ Friedrick Hayek- এ ৰচনা কৰা গ্ৰন্থ এখনৰ নাম হল- "The Road to Serfdom".

৩. "Open Society and its Enemies" নামৰ গ্ৰন্থখনৰ লিখক কোন ?
Who is the author of the book 'Open Society and its Enemies' ?
 
উত্তৰঃ "Open Society and its Enemies" নামৰ গ্ৰন্থখনৰ লিখক হল- Karl Popper.

৪. উদাৰতাবাদৰ পৃষ্ঠপোষক বুলি কাক কোৱা হয় ?
Who is regarded as the profounder of liberalism.

উত্তৰঃ John Locke ক উদাৰতাবাদৰ পৃষ্ঠপোষক বুলি কাক কোৱা হয়।

৫. সনাতন উদাৰতাবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
Write two supporters of classical liberalism.

উত্তৰঃনাতন উদাৰতাবাদৰ দুগৰাকী সমৰ্থকৰ নাম হল- Jeremy Bentham, James Mill আদি।

৬. আধুনিক উদাৰতাবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
Write two supporters of modern liberalism.

উত্তৰঃ আধুনিক উদাৰতাবাদৰ দুগৰাকী সমৰ্থকৰ নাম হল- Keynes, Cole .

৭. নব্য-উদাৰতাবাদৰ বিষয়ে এটি টোকা লিখা।
Write a note on Neo- liberalism.

উত্তৰঃ ১৯৭০ ৰ দশকত ইউৰোপীয় উদাৰতাবাদী চিন্তাবিদসকলৰ লিখনিত নব্য-উদাৰতাবাদী চিন্তাধাৰাই গা-কৰি উঠিছিল। Friedrich Hayek, Milton Friedman, Robert Nozick আদিৰ প্ৰচেষ্টাত বিশ্বত নব্য উদাৰতাবাদী আদৰ্শই প্ৰতিষ্ঠা লাভ কৰে। এই ক্ষেত্ৰত Hayek ৰ "The Road to Serfdom" আৰু Karl Popper ৰ "Open Society and its Enemies" আৰু The Poverty of Historicism" নামৰ গ্ৰন্থকেইখনত নব্য-উদাৰতাবাদী আদৰ্শৰ আভাস পোৱা যায়।
    নব্য-উদাৰতাবাদ হল এনে এক আদৰ্শ যি ৰাষ্ট্ৰৰ কাৰ্য্যাৱলী সীমিত কৰি ব্যক্তি স্বতন্ত্ৰতাক সুৰক্ষিত কৰিব বিচাৰে। অৰ্থাৎ নব্য-উদাৰতাবাদ হল সনাতন উদাৰতাবাদৰ এক নতুন ৰূপ। এই মতবাদে সনাতন উদাৰতাবাদৰ নীতি- নিয়মসমূহ অনুসৰণ কৰি ৰাষ্ট্ৰৰ হস্তক্ষেপৰ পৰা এক মুক্ত অৰ্থ ব্যৱস্থা পুনৰ সংস্থাপিত কৰিব বিচাৰে।

৮. আধুনিক উদাৰতাবাদৰ বিষয়ে আলোচনা কৰা।
Discuss about modern Liberalism.

উত্তৰঃ ঊনৈশ শতিকাৰ শেষৰফালে ব্যক্তি স্বাধীনতাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰু মুক্ত বাণিজ্যৰে অবাধ প্ৰতিযোগিতাই সমাজত দুটা শ্ৰেণীৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছিল। কাৰণ এনে অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাই কেবল সম্পদশালী শ্ৰেণীটোকেহে লাভাম্বিত কৰিছিল আৰু দৰিদ্ৰ লোকসকলৰ ওপৰত তেওঁলললোকৰ শোষণ বঞ্চনা বৃদ্ধি পাইছিল। এনে পৰিপ্ৰেক্ষিতত শ্ৰেণী সমগ্ৰামৰ অন্ত পেলাবলৈ কৰা Karl Marx ৰ আহ্বানে সমাজত মাৰ্ক্সবাদী আদৰ্শ প্ৰসাৰিত কৰাত সুযোগ দিছিল। এনে পৰিস্থিতিত মাৰ্ক্সবাদৰ বিকল্প হিচাপে উদাৰতাবাদক প্ৰতিষ্ঠা কৰিবলৈ ইংৰাজ ৰাজনৈতিক চিন্তাবিদ John Stuart Mill এ এক নতুন ধৰণৰ ব্যাখ্যা আগবঢ়ায়। এইক্ষেত্ৰত তেওঁ স্বাধীনতাক কিছু  অন্য দৃষ্টিভংগীৰে বিচাৰ কৰি চায়।

৯. সনাতন উদাৰতাবাদৰ বিষয়ে আলোচনা কৰা।
Discuss about classical liberalism.

উত্তৰঃ উদাৰতাবাদৰ প্ৰথমটো পৰ্য্যায় হল সনাতন বা নেতিবাচক উদাৰতাবাদ। এই উদাৰতবাদৰ বিকাশৰ সূচনা হয় Hobbes, Locke, Rousseau, Paine, Mill, Montesquieu, Bentham, Spencer আদি ৰাজনৈতিক দাৰ্শনিকসকলৰ লিখনিৰ জৰিয়তে। Hobbes- এ নিজৰ সামাজিক চুক্তি তত্ত্বৰ দ্বাৰা যুক্তি আগবঢ়াই কৈছিল যে ৰাষ্ট্ৰ ভগৱানৰ সৃষ্টিৰ ফল নহয়, বৰং ই ব্যক্তিসকলৰ মাজৰ চুক্তিৰ ফলহে। এনে চুক্তিৰ উদ্দেশ্য আছিল ব্যক্তিৰ অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ দিয়া। প্ৰকৃততে John Locke ক হে উদাৰতাবাদৰ পৃষ্ঠপোষক বুলি আখ্যা দিয়া হয়। Locke ৰ লিখনিত পোৱা উদাৰতাবাদৰ মূল ধাৰণাটো হৈছে- চৰকাৰৰ মূল লক্ষ্য হৈছে নাগৰিকৰ জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰা। এইবোৰ প্ৰাকৃতিক অধিকাৰ আৰু প্ৰাকৃতিক অধিকাৰবোৰ আইনৰ উৰ্দ্ধত আৰু অলংঘনীয়। Locke ৰ মতে এই অধিকাৰসমূহত চৰকাৰে হস্তক্ষেপ কৰিলে বা উলংঘা কৰিলে ৰাজনৈতিক কৰ্তৃত্বক বিৰোধিতা কৰাৰ সম্পূৰ্ণ অধিকাৰ নাগৰিকৰ আছে।

১০. উদাৰতাবাদৰ ওপৰত এটি সমালোচনাত টোকা লিখা।
Write a critical note on liberalism?

উত্তৰঃ সমাজৰ বিভিন্ন ঘটনা বা পৰিঘটনাৰ বিশ্লেষণৰ জৰিয়তে ৰাজনৈতিক পণ্ডিতসকলে যিবোৰ তত্ত্ব বা সিদ্ধান্ত আগবঢ়াইছে সেইবোৰৰ ভিতৰত উদাৰতাবাদী তত্ত্ব অন্যতম। প্ৰকৃততে এক ৰাজনৈতিক আদৰ্শ হিচাপে সোতৰ শতিকাত ইংলেণ্ডত উদাৰতাবাদী ভাৱধাৰাই জন্ম লাভ কৰিছিল। এনে আদৰ্শৰ মূল কেন্দ্ৰবিন্দু হল ব্যক্তি স্বাধীনতা আৰু সামাজিক কল্যাণ। সামাজিক ক্ষেত্ৰত এই মতবাদে এক মুক্ত পৰিবেশত ব্যক্তি স্বাধীনতাক বিকশিত কৰাত গুৰুত্ব আৰোপ কৰে। অৰ্থনৈতিক ক্ষেত্ৰত উদাৰতাবাদে ব্যক্তিক বজাৰ অৰ্থনীতিত মুক্তভাৱে প্ৰতিযোগিতা কৰাৰ সুযোগ প্ৰদান কৰাৰ বুজায়। ৰাজনৈতিক ক্ষেত্ৰত ব্যক্তিৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাধীনতা প্ৰদান, সমতা, আইনৰ শাসন, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ, সংসদীয় শাসন, সাংবিধানিক ব্যৱস্থা, ন্যায়ালয়ৰ স্বতন্ত্ৰতা আদি সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। গতিকে ব্যক্তি স্বাধীনতা হল উদাৰতাবাদী মতাদৰ্শৰ প্ৰাণস্বৰূপ।

১১. উদাৰতাবাদ কি ? উদাৰতাবাদৰ বিভিন্ন পৰ্যায় আলোচনা কৰা।
What is liberalism ? Discuss different phase of liberalism?

উত্তৰঃ উদাৰতাবাদ হৈছে এনে এক ৰাজনৈতিক দৰ্শন আৰু মতাদৰ্শ যি স্বাধীনতা, শাসিত লোকৰ সম্মতি তথা আইনৰ আগত সমতাৰ ভিত্তিত প্ৰতিষ্ঠিত।
    উৎপত্তি আৰু বিকাশৰ সময়ছোৱাৰ পৰা বৰ্তমান সময়লৈ উদাৰতাবাদৰ তিনিটা পৰ্যায় পৰিলক্ষিত হয়। বিকাশৰ প্ৰথম পৰ্যায়ৰ উদাৰতাবাদে ব্যক্তি স্বতন্ত্ৰতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল আৰু ৰাষ্ট্ৰৰ কাম-কাজ অতি সীমিত হোৱাতো বিচাৰিছিল। এই সময়ছোৱাৰ উদাৰতাবাদক সনাতন বা নেতিবাচক উদাৰতাবাদ বুলি কোৱা হয়। কিন্তু সনাতন উদাৰতাবাদে ৰাষ্ট্ৰৰ কাৰ্যাৱলী একেবাৰে সীমিত কৰাৰ ফলত সমাজত আৰ্থসামাজিক বৈষম্যৰ সৃষ্টি হয়। এনে কিছুমান সমস্যাৰ পৰিপ্ৰেক্ষিতত কুৰি শতিকাত আধুনিক বা ইতিবাচক উদাৰতাবাদৰ সূচনা হয়। আনহাতে দ্বিতীয় মহাসময়ৰ পৰৱৰ্তী সময়ছোৱাত ৰাষ্ট্ৰৰ বৰ্ধিত কাৰ্য্যৱলী তথা হস্তক্ষেপ নীতিয়ে ব্যক্তি স্বাধীনতা উলংঘন কৰাৰ মত পোষণ কৰি মানুহৰ প্ৰাকৃতিক অধিকাৰসমূহ ৰক্ষাৰ শ্লগান দি সনাতন উদাৰতাবাদৰ নীতিক পুনৰ সংস্থাপনৰ উদ্দেশ্যে এক নব্য উদাৰতাবাদী আদৰ্শই গা কৰি উঠে। উদাৰতাবাদৰ এই তিনিটা ধাৰাৰ বিষয়ে তলত আলোচনা কৰা হল-

    সনাতন উদাৰতাবাদঃ  উদাৰতাবাদৰ প্ৰথমটো পৰ্য্যায় হল সনাতন বা নেতিবাচক উদাৰতাবাদ। এই উদাৰতবাদৰ বিকাশৰ সূচনা হয় Hobbes, Locke, Rousseau, Paine, Mill, Montesquieu, Bentham, Spencer আদি ৰাজনৈতিক দাৰ্শনিকসকলৰ লিখনিৰ জৰিয়তে। Hobbes- এ নিজৰ সামাজিক চুক্তি তত্ত্বৰ দ্বাৰা যুক্তি আগবঢ়াই কৈছিল যে ৰাষ্ট্ৰ ভগৱানৰ সৃষ্টিৰ ফল নহয়, বৰং ই ব্যক্তিসকলৰ মাজৰ চুক্তিৰ ফলহে। এনে চুক্তিৰ উদ্দেশ্য আছিল ব্যক্তিৰ অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ দিয়া। প্ৰকৃততে John Locke ক হে উদাৰতাবাদৰ পৃষ্ঠপোষক বুলি আখ্যা দিয়া হয়। Locke ৰ লিখনিত পোৱা উদাৰতাবাদৰ মূল ধাৰণাটো হৈছে- চৰকাৰৰ মূল লক্ষ্য হৈছে নাগৰিকৰ জীৱন, স্বাধীনতা আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰা। এইবোৰ প্ৰাকৃতিক অধিকাৰ আৰু প্ৰাকৃতিক অধিকাৰবোৰ আইনৰ উৰ্দ্ধত আৰু অলংঘনীয়। Locke ৰ মতে এই অধিকাৰসমূহত চৰকাৰে হস্তক্ষেপ কৰিলে বা উলংঘা কৰিলে ৰাজনৈতিক কৰ্তৃত্বক বিৰোধিতা কৰাৰ সম্পূৰ্ণ অধিকাৰ নাগৰিকৰ আছে।
    আধুনিক উদাৰতাবাদঃ ঊনৈশ শতিকাৰ শেষৰফালে ব্যক্তি স্বাধীনতাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰু মুক্ত বাণিজ্যৰে অবাধ প্ৰতিযোগিতাই সমাজত দুটা শ্ৰেণীৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছিল। কাৰণ এনে অনিয়ন্ত্ৰিত বজাৰ ব্যৱস্থাই কেবল সম্পদশালী শ্ৰেণীটোকেহে লাভাম্বিত কৰিছিল আৰু দৰিদ্ৰ লোকসকলৰ ওপৰত তেওঁলললোকৰ শোষণ বঞ্চনা বৃদ্ধি পাইছিল। এনে পৰিপ্ৰেক্ষিতত শ্ৰেণী সমগ্ৰামৰ অন্ত পেলাবলৈ কৰা Karl Marx ৰ আহ্বানে সমাজত মাৰ্ক্সবাদী আদৰ্শ প্ৰসাৰিত কৰাত সুযোগ দিছিল। এনে পৰিস্থিতিত মাৰ্ক্সবাদৰ বিকল্প হিচাপে উদাৰতাবাদক প্ৰতিষ্ঠা কৰিবলৈ ইংৰাজ ৰাজনৈতিক চিন্তাবিদ John Stuart Mill এ এক নতুন ধৰণৰ ব্যাখ্যা আগবঢ়ায়। এইক্ষেত্ৰত তেওঁ স্বাধীনতাক কিছু  অন্য দৃষ্টিভংগীৰে বিচাৰ কৰি চায়।
     নব্য উদাৰতাবাদঃ ১৯৭০ ৰ দশকত ইউৰোপীয় উদাৰতাবাদী চিন্তাবিদসকলৰ লিখনিত নব্য-উদাৰতাবাদী চিন্তাধাৰাই গা-কৰি উঠিছিল। Friedrich Hayek, Milton Friedman, Robert Nozick আদিৰ প্ৰচেষ্টাত বিশ্বত নব্য উদাৰতাবাদী আদৰ্শই প্ৰতিষ্ঠা লাভ কৰে। এই ক্ষেত্ৰত Hayek ৰ "The Road to Serfdom" আৰু Karl Popper ৰ "Open Society and its Enemies" আৰু The Poverty of Historicism" নামৰ গ্ৰন্থকেইখনত নব্য-উদাৰতাবাদী আদৰ্শৰ আভাস পোৱা যায়।
    নব্য-উদাৰতাবাদ হল এনে এক আদৰ্শ যি ৰাষ্ট্ৰৰ কাৰ্য্যাৱলী সীমিত কৰি ব্যক্তি স্বতন্ত্ৰতাক সুৰক্ষিত কৰিব বিচাৰে। অৰ্থাৎ নব্য-উদাৰতাবাদ হল সনাতন উদাৰতাবাদৰ এক নতুন ৰূপ। এই মতবাদে সনাতন উদাৰতাবাদৰ নীতি- নিয়মসমূহ অনুসৰণ কৰি ৰাষ্ট্ৰৰ হস্তক্ষেপৰ পৰা এক মুক্ত অৰ্থ ব্যৱস্থা পুনৰ সংস্থাপিত কৰিব বিচাৰে।

1. B(ii) মাৰ্ক্সবাদ (Marxism)

১. Communist Manifesto ৰ লিখক কোন ?
Who is the author of Communist Manifesto?

উত্তৰঃ Communist Manifesto ৰ লিখক হল- Karl Marx.

২. Das Capital গ্ৰন্থখন কোনে লিখিছিল ?
Who wrote the book Das Capital ?

উত্তৰঃ Das Capital গ্ৰন্থখন Karl Marx লিখিছিল।

৩. বৈজ্ঞানিক সমাজবাদৰ পিতৃ কোন ?
Who is the Father of scientific socialism?

উত্তৰঃ বৈজ্ঞানিক সমাজবাদৰ পিতৃ হল- কাৰ্লমাক্স।

৪. কাল্পনিক সমাজবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
Write two supporters of Utopian Socialism.

উত্তৰঃ কাল্পনিক সমাজবাদৰ দুগৰাকী সমৰ্থকৰ নাম হল- চাৰ্লচ ফৌৰিয়াৰ, এটিয়েন কেবেট।

. উদ্ধত মূল্য তত্ত্ব সম্পৰ্কে এটি টোকা লিখা।
Write a note on the theory of Surplus Value

উত্তৰঃ

৬. মাৰ্ক্সবাদ বুলিলে কি বুজা ? ইয়াৰ মূল সূত্ৰসমূহ আলোচনা কৰা।
What do you mean by Marxism? Discuss its main tanets.

উত্তৰঃ ৰাজনৈতিক তত্ত্বৰ প্ৰধান পৰম্পৰা বা মতাদৰ্শসমূহৰ ভিতৰত মাৰ্ক্সবাদ অন্যতম। ঊনবিংশ শতিকাৰ প্ৰখ্যাত জাৰ্মান অৰ্থনীতিবিদ কাৰ্লমাৰ্ক্সৰ ধাৰণাৰ লগত মাৰ্ক্সবাদ জড়িত। মাৰ্ক্সবাদৰ মূলনীতিসমূহ Marx আৰু Engels ৰ দ্বাৰা ৰচিত 'Communist Manifesti' আৰু Mark ৰ 'Das Capital' নামৰ গ্ৰন্থ দুখনত পোৱা যায়।

মাৰ্ক্সবাদৰ মূল সূত্ৰসমূহ হল-

দন্দ্বাত্মক বস্তুবাদঃ দ্বন্দ্বাত্মক বস্তুবাদ হৈছে মাৰ্ক্সীয় দৰ্শনৰ মূল ভেঁটি। সকলো ধৰণৰ সমস্যা সমধানৰ বাবে মাৰ্ক্সবাদীসকলে দ্বন্দ্বাত্মক সূত্ৰ প্ৰয়োগ কৰে। দ্বন্দ্বাত্মক প্ৰক্ৰিয়াৰে যিকোনো ঘটনাৰ লগত জড়িত কাৰণ বিশ্লেষণ কৰি নিৰাময়ৰ পথ স্থিৰ কৰিব পাৰি। যুক্তি, বিতৰ্ক আৰু আলোচনাৰ চৰম সত্যত উপনীত হোৱাই ইয়াৰ লক্ষ্য। মাৰ্ক্সে এই পদ্ধতিটো জাৰ্মান দাৰ্শনিক হেগেলৰ পৰা গ্ৰহণ কৰিছিল। সেয়েহে Marx-ৰ দ্বন্দ্বাত্মক পদ্ধতি আলোচনা কৰোঁতে Hegel-ৰ দ্বন্দ্বাত্মক পদ্ধতিৰ ওপৰত আলোকপাত কৰা উচিত।
    Hegel-ৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ওপৰতেই ইতিহাসৰ গতি নিৰ্ভৰ কৰে। অৰ্থাৎ ইতিহাসৰ গতি দ্বন্দ্বাত্মক পদ্ধতিয়ে নিৰূপণ কৰে। যিকোনো ধাৰণাৰ প্ৰকাশৰ লগে লগে তাৰ বিপৰীত ধাৰণাৰ সৃষ্টি হয়। অৰ্থাৎ কোনো ধাৰণা আৰু ইয়াৰ বিপৰীত ধাৰণা বা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াই বিৱৰ্তনৰ দিশ নিৰ্ণয় কৰে। Crew Hunt ৰ মতে দ্বন্দ্বত্মক পদ্ধতিক Thesis, Antithesis আৰু Synthesis ৰ জৰিয়তে প্ৰকাশ কৰিব পাৰি। কোনো মন্তৱ্যৰ জৰিয়তে এটা ক্ৰিয়া বা ধাৰণাৰ প্ৰতি সমৰ্থন জনোৱা হয়। কিন্তু ইয়াৰ প্ৰতিক্ৰিয়া বা বিপৰীত ধৰ্মী ধাৰণাই এনে সমৰ্থনত বাধাৰ সৃষ্টি কৰে। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ বা কোনো ধাৰণা আৰু ইয়াৰ বিপৰীতধৰ্মী ধাৰণাৰ সংঘাতত সৃষ্টি হয় সমন্বয়ৰ। 

৭. দন্দ্বত্মক বস্তুবাদ সম্পৰ্কে কাৰ্লমাস্ক্ৰ মতামত আলোচনা কৰা।
Discuss Karl Marx's views on Dialectial Materialism.

উত্তৰঃ ১) মানৱ সমাজৰ ইতিহাসৰ গতি নিৰ্ণয়ত দ্বন্দ্বাত্মক পদ্ধতিয়ে সহায় কৰিব পাৰে যদিও, এই পদ্ধতিকেই একমাত্ৰ বিজ্ঞানসন্মত পদ্ধতি আখ্যা দিব নোৱাৰি। সত্যত উপনীত হোৱাৰ বাবে মানুহে প্ৰকাশ কৰা ধাৰণাৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰি ভাল ফল লাভ কৰিব পাৰি যদিও,পদাৰ্থৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰিব নোৱাৰি।
২) Marx ৰ মতে দন্দ্বাত্মক পদ্ধতিৰ গতি উৰ্দ্ধমুখী বাবে এখোজ এখোজকৈ সত্যৰ পিনে আগবাঢ়ি যোৱাত সহায়ক হয়। কিন্তু ৰাজনীতি বিষয়ত সংঘাতে উৰ্দ্ধমুখী পৰিৱৰ্ত্তন নানিবও পাৰে। আন্তৰাষ্ট্ৰীয় যুদ্ধসমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে বেছিভাগ ক্ষেত্ৰতে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ ক্ষয়-ক্ষতি হৈ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ মন্থৰহে হয়।
৩)Marx ৰ মতে পুঁজিবাদী ব্যৱস্থা নাইকীয়া হৈ সমাজবাদ প্ৰতিষ্ঠা নোহোৱালৈ দ্বন্দ্বাত্মক পদ্ধতি চলি থাকিব। কিন্তু পুঁজিবাদ অন্ত হলেও সমাজবাদ প্ৰতিষ্ঠা হব বুলি নিশ্চয়কৈ কব নোৱাৰি। বৰ্তমান সময়ত পুঁজিবাদৰ প্ৰসাৰ আৰু প্ৰাসঙ্গিকতা দিনে দিনে বৃদ্ধি পাবলৈহে ধৰিছে। ইয়াৰ বিনাশৰ পৰ্য্যায় এতিয়াও আহি পৰা নাই।
৪) দন্দ্বত্মাক প্ৰক্ৰিয়াৰে এখন শ্ৰেণীহীন সমাজ প্ৰতিষ্ঠা কৰিব পৰা যাব বুলি Marx এ মত পোষণ কৰিছে। কিন্তু সমাজ কেৱলমাত্ৰ দুটা বিৰোধী শ্ৰেণীৰে গঠিত নহয়। বিভিন্ন শ্ৰেণীয়ে সমাজত বিভিন্ন ভূমিকা পালন কৰি আহিছে।

৮. শ্ৰেণী সংগ্ৰামৰ তত্ত্বটো ব্যাখ্যা কৰা।
Explain the theory of class struggle.

উত্তৰঃ Marx- ৰ শ্ৰেণী সংগ্ৰামৰ ধাৰণা ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা আৰু উদ্ধত্ত মূল্যৰ ধাৰণাৰ লগত সম্পৰ্ক আছে। তেওঁৰ মতে শ্ৰেণী সংগ্ৰামৰ আলমতহে মানৱ ইতিহাসৰ বিষয়ে জানি পাৰি। Karl Marx এ Communist Manifesto গ্ৰন্থত এই সম্পৰ্কে মত আগবঢ়াই কৈছো যে- সকলো সমাজৰ ইতিহাস হৈছে শ্ৰেণী সংগ্ৰামৰ ইতিহাস।

৯. নব্য-মাৰ্ক্সবাদ কি ? ব্যাখ্যা আগবঢ়োৱা।
What is New-Merxism?- Exalin

উত্তৰঃ সাম্প্ৰতিক মাৰ্ক্সবাদী বিতৰ্কসমূহে বৰ্তমান সমাজত সৃষ্টি হোৱা এক নতুন ধৰণৰ দমন আৰু সংঘাতৰ ওপৰত আলোকপাত কৰিছে। এই চিন্তাধাৰাৰ বৰ্তমানৰ সমৰ্থকসকলে সমাজৰ উপৰিসৌধ সমাজৰ ভেঁটি বা অৰ্থনৈতিক গাঁঠনিৰ ওপৰত নিৰ্ভৰশীল বুলি মানি লবলৈ টান পায়। তেওঁলোকে ভেঁটি আৰু উপৰিসৌধ ইটো সিটোৰ ওপৰত নিৰ্ভৰশীল বুলি ধাৰণা কৰি সমাজৰ উপৰিসৌধ বিভিন্ন দিশৰ ওপৰত ব্যাপক বিশ্লেষণ আগবঢ়াইছে।
    নব্য-মাৰ্ক্সবাদৰ সূত্ৰপাত জাৰ্মানীৰ Frankfut School ৰ অন্তৰ্ভূক্ত চিন্তাবিদসকলৰ বিভিন্ন গৱেষকসকলে পুঁজিবাদ আৰু ৰাছিয়াৰ সমাজবাদী আদৰ্শৰ একপ্ৰকাৰৰ বিৰোধিতা কৰিছিল। ইয়াৰ পৰিৱৰ্ত্তে মাৰ্ক্সবাদৰ অনুসৰনত সামাজিক উন্নয়নৰ এক বিকল্প পথৰ সন্ধান কৰিছিল। Frankfut School ৰ তত্বাৱধানত বিকাশ লাভ কৰা ধ্যান- ধাৰণা সমূহক Critical Theory হিচাপে গণ্য কৰা হয়। এই তত্বসমূহে মাৰ্ক্সবাদ সম্পৰ্কে এক নতুন ব্যাখ্যা আগবঢ়ায়।

১০. ৰাজনৈতিক তত্ত্ব হিচাপে মাৰ্ক্সবাদৰ সমালোচনাত্মক আলোচনা কৰা।
Critically discuss Marxism as a Political Theory.

উত্তৰঃ 

1. B (iii) নৈৰাজ্যবাদ (Anarchism)

১. Enquiry Concerning Political Justice কোনে লিখিছিল ?
Who Wrote Enquiry Concerning Political Justice ?

উত্তৰঃ Enquiry Concerning Political Justice লিখিছিল  ৰাজনৈতিক তত্ববিদ William Godwin.

২. ১৯৭০ চনত কোনে In Defence of Anarchism' গ্ৰন্থখন লিখিছিল ?
Who wrote the book In Defence of Anarchism in 1970.

উত্তৰঃ ১৯৭০ চনত R.P.Wolff য়ে In Defence of Anarchism' গ্ৰন্থখন লিখিছিল।

৩. ব্যক্তি স্বাতন্ত্ৰবাদী নৈৰাজ্যবাদৰ দুজন সমৰ্থকৰ নাম লিখা।
Name two supprters of Liberatarian anarchism.

উত্তৰঃ ব্যক্তি স্বাতন্ত্ৰবাদী নৈৰাজ্যবাদৰ দুজন সমৰ্থকৰ নাম হল- F.A.Hayek আৰু Robert Nazick।

৪. দাৰ্শনিক নৈৰাজ্যবাদৰ দুগৰাকী সমৰ্থকৰ নাম লিখা।
Write two supporters of philosophical anarchism.

উত্তৰঃ দাৰ্শনিক নৈৰাজ্যবাদৰ দুগৰাকী সমৰ্থকৰ নাম হল- Godwin আৰু Max Stimer .

৫. সমাজবাদী নৈৰাজ্যবাদ বুলিলে কি বুজা লিখা।
What do you mean by Socialist Anarchism ?

উত্তৰঃ  সমাজবাদী নৈৰাজ্যবাদ হৈছে নৈৰাজ্যবাদৰ শাখা যি ব্যক্তিগত স্বাধীনতাক পাৰস্পৰিক সহায়ৰ সৈতে আন্তঃসম্পৰ্কিত বুলি ভাবে। সামাজিক নৈৰাজ্যবাদী চিন্তাই স্বায়ত্তশাসন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰিপূৰক হিচাপে সম্প্ৰদায় আৰু সামাজিক সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

৬. ব্য়ক্তি স্বাতন্ত্ৰবাদী নৈৰাজ্যবাদৰ বিষয়ে এটি টোকা লিখা।
Write a note on libertarian anarchism.

উত্তৰঃ ব্যক্তি স্বাতন্ত্ৰবাদী নৈৰাজ্যবাদে 'ব্যক্তিবাদী নৈৰাজ্যবাদৰ' সাম্প্ৰতিক ৰূপটো প্ৰতিফলিত কৰে। বৃটিছ দাৰ্শনিক Herbert Spencer- ৰ লিখনিসমূহৰ পৰা ইয়াৰ আৰম্ভণি হোৱা বুলিব পাৰি। Spencer-ৰ নৈৰাজ্যবাদৰ আশীৰ্বাদ (Blessedness of anarchy) ধাৰণাই বজাৰ-সমাজ ব্যৱস্থাৰ এনে এটা ৰূপৰ কল্পনা কৰিছিল যত ৰাষ্ট্ৰ নামৰ অনুষ্ঠান ভংগ কৰি দিয়া হব আৰু সমাজ স্ব-পৰিচালিত ভাৱে গঢ়ি উঠিব। এই ধাৰণাৰ সাম্প্ৰতিক পৃষ্ঠপোষকসকলৰ ভিতৰত অষ্ট্ৰিয়াৰ অৰ্থনীতিবিদ F.A.Hayek আৰু আমেৰিকাৰ দাৰ্শনিক Robert Nozick- ৰ নাম উল্লেখযোগ্য। ব্যক্তি স্বতন্ত্ৰবাদে অহস্তক্ষেপ নীতি ৰ পুনৰ প্ৰচলিত কৰিব বিচাৰে যি নীতিয়ে ব্যক্তিৰ অৰ্থনৈতিক কাৰ্য্যকলাপত সীমিত বা নগন্য হস্তক্ষেপত বিশ্বাস কৰে।
    F.A.Hayek-এ তেওঁৰ "Law, Legislation and Liberty, vol. 1:Rules and Order" গ্ৰন্থখনত মন্তৱ্য কৰিছিল যে সামাজিক শৃংখলাসমূহ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ নকৰাকৈ, স্বতঃস্ফূৰ্তভাৱে গঢ়ি উঠে। এনে প্ৰাকৃতিক শৃংখলাই ওপৰৰ পৰা আৰোপিত কোনো ধৰণৰ নিৰ্দেশ মানি চলৰ প্ৰয়োজনবোধ নকৰে। ইয়াৰ উপৰিও " Anarchy state and Utopia" নামৰ গ্ৰন্থত Robert Nozic এ কৈছিল যে নিৰাপত্তা প্ৰদান, ন্যায় আৰু প্ৰতিৰক্ষাৰ বাদে ৰাষ্ট্ৰৰ কোনো বৈধ কৰ্তৃত্ব নাথাকে।

৭. বৈপ্লৱিক নৈৰাজ্যবাদ, নৈৰাজ্য-সংস্থাবাদ আৰু সুস্থিৰ বা প্ৰশান্ত নৈৰাজ্যবাদৰ ওপৰত চমুটোকা লিখা।
Write short notes on 'Revolutionary Anarchism', ' Anarcho-Syndicalism' and Pacific Anarchism'.

উত্তৰঃ বৈপ্লবিক নৈৰাজ্যবাদ- বৈপ্লবিক নৈৰাজ্যবাদ হ'ল সমাজবাদী নৈৰাজ্যবাদৰে আন এটা ৰূপ। ৰাছিয়াৰ বৈপ্লৱিক চিন্তাবিদ Mikhail Bakunin আছিল বৈপ্লৱিক নৈৰাজ্যবদৰ প্ৰধান পৃষ্ঠপোষক। নৈৰাজ্যবাদৰ লক্ষ্যত উপনীত হোৱাৰ পদ্ধতিলৈ লক্ষ্য ৰাখি ইয়াক বৈপ্লৱিক বুলি অভিহিত কৰা হয়। এই মতাদৰ্শই সামাজিক উৎপাদনৰ আহিলাসমূহৰ সমূহীয়াকৰণত বিশ্বাস ৰখা বাবে ইয়াক সামূহিকতাবাদ বুলিও কোৱা হয়। Bakunin এ নৈৰাজ্যবাদ প্ৰতিষ্ঠা কৰাৰ কৌশল হিচাপ গণ-অভ্যুথান বা বিপ্লৱৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল। এনে গণ-অভ্যুথানে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত পুঁজিপতিসকলক ঋণৰ সম্পত্তি স্বত্বৰ পৰা বেদখল কৰি সেইবোৰৰ সমূহীয়াকৰণ বা উমৈহতীয় সম্পদৰূপে গঢ়ি তুলিব আৰু ৰাষ্ট্ৰৰ বিনাশ সাধন কৰা হব। তাৰ পৰিবৰ্তে সমূহীয়াভাৱে সম্পদৰ অংশীদাৰিত্ব আৰু যুক্তৰাষ্ট্ৰীয় বন্ধনৰে একেলগ হৈ থকা জনসাধাৰণৰ স্বায়ত্ব শাসন প্ৰতিষ্ঠিত হব।

নৈৰাজ্য-সংস্থাবাদ- নৈৰাজ্য সংস্থাবাদ বা ব্যৱসায়িক জোঁট সম্বন্ধীয় নৈৰাজ্যবাদ বৈপ্লৱীক নৈৰাজ্যবাদৰ আন এটা ভাগ। ইয়াৰ মূখ্য পৃষ্ঠপোষক আছিল George Sorel। শ্ৰমিক সংঘসমূহক শ্ৰেণীসংগ্ৰামেৰে বৈপ্লৱীক আহিলাৰূপে পৰিবৰ্তন কৰিব বিচৰা ধাৰণাৰ ওপৰত ভিত্তি কৰি এই মতাদৰ্শ গঢ়ি উঠিছিল। সাম্যবাদী নৈৰাজ্যবাদীসকলে সামূহিক গোটসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা ধাৰণাৰ পৰিৱৰ্তে নৈৰাজ্য সংস্থাবাদে শ্ৰমিকসমূহক নতুন সমাজ এখনৰ মূল গোট হিচাপে অভিহিত কৰিছিল। Sorel S এ তেওঁৰ "Reflections on Violence ত মন্তৱ্য কৰিছিল যে, প্ৰত্যেক সমাজৰ আইন আৰু অনুষ্ঠানসমূহে গাঁঠনিগত হিংসাৰ ৰূপ লয়। পুঁজিবাদী ব্যৱস্থা নিজেই এক হিংসাৰ কেন্দ্ৰস্থল। সেয়ে অনুচিত হিংসাৰ বিৰুদ্ধে উচিত বা নায্য হিংসাৰ দ্বাৰা যুঁজ দিয়া উচিত।

সুস্থিৰ বা প্ৰশান্ত নৈৰাজ্যবাদ- বৈপ্লৱিক নৈৰাজ্যবাদৰ বিপৰীতে প্ৰশান্ত বা সুস্থিৰ নৈৰাজ্যবাদে শান্তিপূৰ্ণ প্ৰক্ৰিয়াৰে ৰাষ্ট্ৰৰ অৱসান হোৱাতো বিচাৰে। ই নৈতিকতাৰ ভিত্তিতহে নৈৰাজ্যবাদৰ পোষকতা কৰে "Sermon on the Mount" ত ব্যাখ্যা কৰা "প্ৰেমৰ বিধি" ৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাছিয়াৰ ঔপন্যাসিক Leo Tolstoy এ এনে মতাদৰ্শৰ পৃষ্ঠপোষকতা কৰিছিল। ইয়াৰ বাবে তেওঁ ৰাষ্ট্ৰক "সংগঠিত হিংসা'ৰ ৰূপ হিচাপে নিন্দা কৰিছিল আৰু ৰাষ্ট্ৰৰ অনৈতিক নিৰ্দেশ মানি নচলিবলৈ জনসাধাৰণক আহাবান জনাইছিল। Tolstoy এ মত পোষণ কৰিছিল যে ৰাষ্ট্ৰই অশুভ শক্তিৰ বিৰুদ্ধে আৰক্ষী বা সামৰিক শক্তিৰ দৰে আন এক অশুভ শক্তিৰ দ্বাৰা যুঁজ দিবলৈ চেষ্টা কৰে। তদুপৰি ব্যক্তিগত সম্পত্তিৰ ধাৰণাই এক মুষ্টিমেয় সংখ্যক লোককহে আনৰ শ্ৰম শোষণ কৰি বিলাসী জীৱন কটাবলৈ সামৰ্থবান কৰি তুলিছিল।

৮. নৈৰাজ্যবাদ কি ?
What is Anarchism ? Discuss different anarchist political traditions.

উত্তৰঃ নৈৰাজ্যবাদ হ'ল এনে এক চিন্তাধাৰা যি ৰাষ্ট্ৰৰ দৰে বাধ্য বাধকতাকাৰী কৰ্তৃপক্ষ অবিহনেও সমাজ সংগঠিত কৰিব পাৰি বা সংগঠিত কৰা উচিত বুলি বিবেচনা কৰে। এই চিন্তাধাৰাৰ আভাস প্ৰাচীন কালতে পোৱা গৈছিল।


1. B (iv) ৰক্ষণশীলতাবাদ (Conservatiom)

১. Conservatism শব্দটো কোনে নামাকৰণ কৰিছিল ?
Who coined the term 'Conservatism ?

উত্তৰঃ Conservatism শব্দটো নামাকৰণ কৰিছিল ফৰাচী ৰোমান্তিক চিন্তাবিদ- Francois-Rone de Chateaubriand য়ে।

২. Edumund Burke ৰক্ষণশীলতাবাদৰ এগৰাকী সমৰ্থক হয়নে নহয় কোৱা ?
Edmund Burke was a supporter of conservatism. state 'yes' or 'no' ?

উত্তৰঃ Edumund Burke ৰক্ষণশীলতাবাদৰ এগৰাকী সমৰ্থক হয়।

৩. সংৰক্ষণৰ বাবে পৰিৱৰ্তন- কথাষাৰ কোনে কৈছিল ?
''Change in order to conserve''- who said this?

উত্তৰঃ 

৪. ৰক্ষণশীল আদৰ্শক অনুসৰণ কৰা দুটা ৰাজনৈতিক দলৰ নাম লিখা।
Name two political parties that follow conservative idealogy.

উত্তৰঃৰক্ষণশীল আদৰ্শক অনুসৰণ কৰা দুটা ৰাজনৈতিক দলৰ নাম হ'ল- এলায়েন্স পাৰ্টি,
কনজাৰ্ভেটিভ পাৰ্টি আৰু কো-অপাৰেটিভ পাৰ্টি।

৫. ৰক্ষণশীলতাবাদৰ সৈতে জড়িত দুগৰাকী চিন্তাবিদৰ নাম লিখা।
Name two political thinkers associated with conservatism.

উত্তৰঃ ক্ষণশীলতাবাদৰ সৈতে জড়িত দুগৰাকী চিন্তাবিদৰ নাম হল- Michael Oakeshott, Irving Kristol।

৬. ৰক্ষণশীলতাবাদৰ দুটা প্ৰকাৰ উল্লেখ কৰা।
Name two variants of convatism.

উত্তৰঃ ৰক্ষণশীলতাবাদৰ দুটা প্ৰকাৰ হল- সাংস্কৃতিক ৰক্ষণশীলতাবাদ আৰু উদাৰনৈতিক ৰক্ষণশীলতাবাদ।

৭. ৰক্ষণশীলতাবাদৰ বিভিন্ন প্ৰকাৰৰ ওপৰত এটি চমু টোকা লিখা।
Write a short note on different forms of conservatism.

উত্তৰঃ ৰক্ষণশীলতাবাদৰ বিভিন্ন প্ৰকাৰসমূহ হল- জাতীয় ৰক্ষণশীলতাবাদ, সাংস্কৃতিক ৰক্ষণশীলতাবাদ, ৰাজহ সম্বন্ধীয় ৰক্ষণশীলতাবাদ, উদাৰনৈতিক ৰক্ষণশীলতাবাদ,ধৰ্মীয় ৰক্ষণশীলতাবাদ, সামাজিক ৰক্ষণশীলতাবাদ, ব্যক্তিস্বাতন্ত্ৰবাদী ৰক্ষণশীলতাবাদ ইত্যাদি।

(১)জাতীয় ৰক্ষণশীলতাবাদঃ জাতীয় ৰক্ষণশীল ধাৰণাই কোনো এখন দেশৰ আভ্যন্তৰীণ বিষয়ত গুৰুত্ব দিয়ে। এনে ধাৰণাই আন্তঃৰাষ্ট্ৰীয় ৰক্ষণশীল ভাৱধাৰাৰ বিপৰীতে দেশীয় সংস্কৃতি আৰু জাতিগত পৰিচয়ৰ ওপৰতহে গুৰুত্ব দি পৰম্পৰাগত পৰিয়াল ব্যৱস্থা আৰু সামাজিক স্থায়িত্বৰ পক্ষত থিয় দিয়ে। এই ধৰণৰ ৰক্ষণশীলতাই পমুৱা বা বিদেশীসকলৰ অনুপ্ৰৱেশক স্বীকৃতি দিব নিবিচাৰে।

(২)সাংস্কৃতিক ৰক্ষণশীলতাবাদঃ এইবিধ ৰক্ষণশীল আদৰ্শই এখন দেশৰ ঐতিহাসিক কীৰ্তিচিহ্নৰ সংৰক্ষণত গুৰুত্ব দিয়ে। পৰম্পৰাগত মূল্যবোধ তথা ৰাজনীতিৰ ৰক্ষণা-বেক্ষণ এই ধাৰণাৰ অন্তৰ্গত বিষয়। বিভিন্ন দিশৰ পৰিবৰ্তনৰ মাজতো এই ধাৰণাই পৰম্পৰাগত ধাৰাকহে অগ্ৰাধিকাৰ দিয়ে।

(৩)ৰাজহ সম্বন্ধীয় ৰক্ষণশীলতাবাদঃ ৰাজহ সম্বন্ধীয় ৰক্ষণশীল ধাৰণা মূলত কোনো এখন দেশৰ চৰকাৰী বিভাগৰ অৰ্থনৈতিক দৰ্শনৰ সৈতে জড়িত। ই চৰকাৰৰ খৰচ আৰু ঋণ ব্যৱস্থাৰ প্ৰকৃত পৰিচালনাৰ সৈতে সাঙুৰ খাই থাকে। চৰকাৰে যাতে অত্যাধিক খৰচ আৰু ঋণ প্ৰদানৰ জৰিয়তে জনগণৰ কৰ প্ৰদানকাৰীসকলক অধিক বোজা দিব নোৱাৰে তাৰ প্ৰতি এনে ৰক্ষণশীল ধাৰণাই প্ৰচেষ্টা চলায়।

(৪)উদাৰনৈতিক ৰক্ষণশীলতাবাদঃ ধ্ৰুপদী বা পৰম্পৰাগত উদাৰনৈতিক ধাৰণাৰ সৈতে ৰক্ষণশীল মূল্যবোধ আৰু নীতিৰ সংমিশ্ৰণেই হৈছে উদাৰনৈতিক ৰক্ষণশীল ভাৱধাৰাৰ মূল কথা। এই ধাৰণাই অৰ্থনৈতিক উদাৰীকৰণ ব্যৱস্থাক গ্ৰহণযোগ্য বুলি ভাৱে আৰু কৰ্তৃত্বৰ প্ৰতি আনুগ্যতা, পৰম্পৰাৰ সংৰক্ষণ আৰু ধৰ্মীয় মূল্যবোধক জীয়াই ৰাখি সমাজ পৰিচালনা হোৱাটো বিচাৰে। অৰ্থাৎ এই ধাৰণাৰ পৃষ্ঠপোষক সকলে মানুহৰ অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত স্বাধীনতা থকাটো বিচাৰে।

(৫) ধৰ্মীয় ৰক্ষণশীলতাবাদঃ এইবিধ ৰক্ষণশীল ধাৰণাই মুখ্যত কোনো এক বিশেষ ধৰ্মীয় ব্যৱস্থা আৰু ইয়াৰ ভাৱধাৰা সমূহ দেশৰ ৰাজনীতিৰ লগত জড়িত হোৱাটো বিচাৰে। ইয়াৰ বাদেও এনে ধৰ্মীয় চিন্তা বা ভাৱধাৰাৰ দ্বাৰা দেশৰ আইন সম্পৰ্কীয় বিষয় সমূহতো প্ৰভাৱ পেলাব বিচাৰে।

(৬) সামাজিক ৰক্ষণশীলতাবাদঃ সামাজিক ৰক্ষণশীলতাৰ দ্বাৰা সমাজত প্ৰচলিত পৰম্পৰাগত বা পৌৰাণিক মূল্যবোধ তথা আচৰণসমূহক উদ্গনি যোগোৱা হয়। এনে আদৰ্শত সমাজত প্ৰচলিত ৰীতি-নীতি সামাজিক বান্ধোন বা যোগ্যতা সমূহক আইনগত স্বীকৃতি প্ৰদানেৰে ৰক্ষণশীলতাক বৰ্ত্তাই ৰাখিব বিচৰা হয়।

(৭) ব্যক্তিস্বাতন্ত্ৰবাদী ৰক্ষণশীলতাবাদঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাত উদাৰ তথা স্বাধীনচেতীয়া অৰ্থনৈতিক ব্যৱস্থাৰ দ্বাৰা ৰক্ষণশীলতাৰ ওপৰত গুৰুত্ব প্ৰদানেৰে এক ৰাজনৈতিক আদৰ্শ গঢ় লৈ উঠিছিল। এই ৰক্ষণশীল ধাৰণাত কিছুমান স্বতন্ত্ৰ ব্যৱস্থাৰ নীতি যেনে- মুক্ত-বাণিজ্য, ৰাষ্ট্ৰীয়কৃত ব্যৱস্থাৰ বিৰোধিতা কৰা, অত্যাধিক ব্যৱসায়িক নীতি-নিয়ম, চৰকাৰী উদ্যেগিক ৰেহাইৰ ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থাত হস্তক্ষেপ, আদি বিশেষভাৱে উল্লেখযোগ্য।

৮. ৰক্ষণশীল ৰাজনৈতিক তত্ত্বৰ উৎপত্তি আৰু বিকাশ বৰ্ণনা কৰা।
Explain the origin and development of conservative political theory.

উত্তৰঃ ১৮১৮ চনত ফৰাচী ৰোমান্তিক চিন্তাবিদ- Francois-Rone de Chateaubriand য়ে "Conservation" শব্দটোৰ নামাকৰণ কৰি তেওঁ তেওঁৰ আলোচনীখনৰ নাম 'Le Conservateur' ৰাখিছিল। ঊনবিংশ শতিকাৰ মধ্যভাগৰ পৰাহে ই এক আদৰ্শ হিচাপে পৰিগণিত হয়। এই ধাৰণাৰ সম্প্ৰসাৰণৰ ফলত ইউৰোপ আৰু অন্যান্য বহু ৰাষ্ট্ৰৰ ৰাজনীতিত ৰক্ষণশীল নামৰ ৰাজনৈতিক দলৰ জন্ম হয় আৰু এই দলসমূহে পৰম্পৰাগত অভিজান্ত্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ সংৰক্ষণত গুৰুত্ব দি গণতান্ত্ৰিক ব্যৱস্থাত থকা দ্ৰুত পৰিবৰ্ত্তন সাধনৰ বিৰোধিতা কৰিছিল। এই ক্ষেত্ৰত ইংলেণ্ডৰ ৰক্ষণশীল দল, গ্ৰুচিয়ান কন্জাৰভেটিভ পাৰ্টি, ডেনিচ্ কন্জাৰভেটিভ পিপলচ পাৰ্টি আদিৰ নাম উল্লেখ কৰিব পাৰে। ইউৰোপত এই ধাৰণাৰ সম্প্ৰসাৰণৰ মূলতে হল ফৰাচী বিপ্লৱ ৰ বিৰোধিতা কৰা Edmund Burke। তেওঁ ব্ৰিটিছৰ পৌৰ তথা নাগৰিক সমাজৰ স্থায়িত্ব আৰু সমৃদ্ধিৰ বাবে পৰম্পৰাগত অভিজাতান্ত্ৰিক শাসন ব্যৱস্থাক সমৰ্থন কৰিছিল। তেওঁ এনে অভিজাতন্ত্ৰৰ সংৰক্ষণৰ বাবে ইংলণ্ডৰ পৌৰাণিক ৰাজকীয় শাসন পদ্ধতিৰ লগতে ইংৰাজ সকলৰ সামাজিক পৰম্পৰাগত জীৱনৰ ভাৱধাৰা সমূহৰ সুন্দৰ বিৱৰণ দাঙি কৰিছিল। ১৯ শতিকাৰ শেষলৈকে ৰক্ষণশীল ধাৰণা এক ৰাজনৈতিক আদৰ্শ হিচাপে স্থায়িত্ব লাভ কৰিছিল।

৯. ৰক্ষণশীল ৰাজনৈতিক তত্ত্ব কি ? ইয়াৰ মূল কথাবোৰ আলোচনা কৰা।
What is conservative political theory ? Discuss its basic points.

উত্তৰঃ মূলত ৰক্ষণশীল ৰাজনৈতিক তত্ত্ব হল পৰম্পৰাগত চিন্তাচৰ্চা তথা ধ্যান ধাৰণা তথা ব্যৱস্থাৰ ৰক্ষক বা সমৰ্থক। অৰ্থাৎ ই পৰম্পৰাগত মূল্যবোধক জীয়াই ৰাখিব বিছাৰে। এই ধাৰণা অনুসৰি পূৰণি সকলোবোৰ ব্যৱস্থাই ভাল আৰু এইবোৰ সংৰক্ষণ কৰাটো অতি প্ৰয়োজনীয়। বৰ্তমান সময়ত থকা সকলোবোৰ পৌৰাণিক তথা পৰম্পৰাগত ব্যৱস্থাৰ নিৰাপত্তা থকাটো প্ৰয়োজন আৰু এনেবোৰ ব্যৱস্থাৰ নতুনত্ব কেতিয়াও গ্ৰহণযোগ্য নহয়। এই ধাৰণাৰ মূল বিষয়বোৰ হৈছে পৰম্পৰা, মানৱীয় অসম্পূৰ্ণতা, নতুনত্ব কেতিয়াও গ্ৰহণযোগ্য নহয়। এই ধাৰণাৰ মূল বিষয়বোৰ হৈছে পৰম্পৰা, মানৱীয় অসম্পূৰ্ণতা, প্ৰাকৃতিক সমাজ, কৰ্তৃত্ব, সম্পত্তি আদি। এওঁলোকে কৰ্তৃত্বক এক সামাজিক বাধ্যবাধকতা হিচাপে মানিচলে আৰু এনে ধাৰণাৰ ফলতেই মানুহে নিজক চিনি পায় আৰু সমাজ এখনে মানুহৰ পৰা কি বিচাৰে তাক উপলব্ধি কৰে।

১০. ৰাজনৈতিক তত্ত্বত ৰক্ষণশীল পৰম্পৰা সম্পৰ্কে আলোচনা কৰা।
Discuss the conservative traditions in political theory.

উত্তৰঃ 






Question type- Leena Kakati
Answered By- Leena Kakati