Chapter-1 (C) 

ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ বিভিন্ন দৃষ্টিভঙ্গীসমূহ


প্ৰশ্নাৱলী

১. ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ দৃষ্টিভঙ্গী দুটা কি কি ?

What are two different perspectives of studying political theory ?

উত্তৰঃ ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ দৃষ্টিভঙ্গী দুটা হল-

    ১) আদৰ্শস্থাপনকাৰী দৃষ্টিভংগী

    ২) অভিজ্ঞতাবাদী দৃষ্টিভংগী

২. আদৰ্শস্থাপনকাৰী তত্ত্বৰ ওপৰত এটি টোকা লিখা ?

Write a note on normative political theory.

উত্তৰঃ আদৰ্শস্থাপনকাৰী তত্ত্বই মানুহৰ মাজত সমতা, স্বতন্ত্ৰতা, অধিকাৰ, ন্যায়, সহযোগিতা, শান্তি আদি কিছুমান আদৰ্শ আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰৰ অধ্যয়ন হোৱা উচিত বুলি বিবেচনা কৰে। এনে আদৰ্শসমূহ বাস্তৱত ৰূপায়িত কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। মুঠতে আদৰ্শস্থাপনকাৰী তত্ত্ব বা দৃষ্টিভঙ্গীৰ মূল উদ্দেশ্য হল ৰাষ্ট্ৰৰ উদ্দেশ্যবা লক্ষ্য সম্পৰ্কে প্ৰণালীবদ্ধ চিন্তা চৰ্চা কৰা।

    আদৰ্শস্থাপনকাৰী তত্ত্বই কোনো এক অসুস্থ সামাজিক তথা ৰাজনৈতিক অৱস্থাত এক পূৰ্ণতা লাভ কৰা আদৰ্শৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ প্ৰকৃতি আৰু কাৰ্যাৱলী নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে, দাৰ্শনিক ৰজাৰ শাসনৰ ব্যৱস্থা কৰি প্লেটোই এখন আদৰ্শ ৰাষ্ট্ৰৰ প্ৰতিচ্ছবি কল্পনা কৰিছিল।

৩. ঐতিহাসিক দৃষ্টিভঙ্গীৰ বিষয়ে এটা টোকা লিখা।

Write a note on historical approach.

উত্তৰঃ ঐতিহাসিক দৃষ্টিভঙ্গী ৰাজনীতি বিজ্ঞান অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ দৃষ্টিভংগী। এই দৃষ্টিভংগীয়ে ঐতিহাসিক ঘটনা আৰু এইবোৰৰ কাৰকসমূহৰ ওপৰত ভিত্তি কৰি বৰ্তমানৰ অনুষ্ঠানসমূহৰ বিষয়ে অৱগত হোৱা আৰু ভৱিষ্যৎবাণী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অতীতৰ সংস্পৰ্শই মানুহক বৰ্তমানৰ কাৰ্য্যপন্থা নিৰ্ধাৰণত সহায় কৰে। পুৰণি কালৰ ৰাজনৈতিক অনুষ্ঠানসমূহৰ সফলতা আৰু বিফলতাসমূহৰ বিশ্লেষণে বৰ্তমানৰ সময়তো অকোটা বিশেষ পৰিস্থিতিত সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে।

    Freeman ৰ মতে শুদ্ধ অশুদ্ধ বিচাৰি কৰি কোনো এটা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ইতিহাসে প্ৰয়োজনীয় তথ্যৰ যোগান ধৰে। ইতিহাসে কেৱল বৰ্তমানৰ সমস্যা-সমাধানতেই সহায় কৰে তেনে নহয়। ই ভৱিষ্যতৰ নীতি নিৰ্ধাৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। Montesquieu, Henry Maine, John Sheely, Freeman আদি চিন্তাবিদে ঐতিহাসিক দৃষ্টিভংগী অবলম্বন কৰিছিল।

    Gilchrist- ৰ মতে, ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা। সেইদৰে Laski এও মত পোষণ কৰিছিল যে ৰাষ্ট্ৰসমূহৰ অতীতৰ অভিজ্ঞতাৰ ফলসমূহ বিধিবদ্ধ কৰিবলৈ ৰাজনীতি বিজ্ঞানে প্ৰচেষ্টা চলোৱা উচিত। প্ৰকৃততে ৰাজনৈতিক অনুষ্ঠানসমূহ ইতিহাসৰ সৃষ্টি।

৪. অভিজ্ঞতাবাদী ৰাজনৈতিক তত্ত্বৰ বিষয়ে এটা টোকা লিখা।

Write a note on empirical political Theory.

উত্তৰঃ ৰাজনীতি বিজ্ঞানীসকলে অতি প্ৰাচীন কালৰ পৰা কুৰি শতিকাৰ আগলৈ প্ৰচলন হৈ থকা ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ আদৰ্শ স্থাপনকাৰী তত্ত্বৰপৰা আঁতৰি আহি অভিজ্ঞতাবাদী তত্ত্বৰ ব্যাখ্যা কৰিছে। আধুনিক যুগৰ বিজ্ঞানসন্মত দৃষ্টিভঙ্গী গ্ৰহণ কৰা ৰাজনীতি বিজ্ঞানী Max Weber, Arthur Bentley আদি দাৰ্শনিকসকলে অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক ধাৰণাৰ বিচাৰ বিশ্লেষণ কৰি ৰাজনৈতিক তত্ত্ব উদঘাটন কৰাৰ ওপৰত গুৰুত্ব দিছে। আধুনিক ৰাজনৈতিক তত্ত্বৰ সমৰ্থকসকলৰ মতে ৰাজনীতি বিজ্ঞানৰ গৱেষণা আৰু বিচাৰ-বিশ্লেষণ তত্ব নিৰ্মাণমুখী হোৱা উচিত। অভিজ্ঞতাবাদী চিন্তাবিদসকলৰ মতে ৰাষ্ট্ৰ আৰু চৰকাৰ গঠন প্ৰণালী, ৰাজনৈতিক ব্যৱস্থা, ৰাজনৈতিক প্ৰক্ৰিয়া, ৰাজনৈতিক অনুষ্ঠান প্ৰতিষ্ঠান, ৰাজনৈতিক আচৰণ আদিক অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বিজ্ঞানসন্মতভাৱে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা উচিত। আচৰণবাদী চিন্তাবিদ David Easton এ কয় যে আধুনিক যুগৰ ৰাজনৈতিক চিন্তাবিদ সকলে প্ৰাচীন কালৰ দৰে তত্ব অধ্যয়ন নকৰি সিবিলাকৰ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিছে।

৫. আচৰণবাদী দৃষ্টিভঙ্গীটো সমালোচনাসহ আলোচনা কৰা।

Critically discuss the behavioral  approach.

উত্তৰঃ আধুনিক যুগত ৰাজনীতি বিজ্ঞানৰ অভিজ্ঞতাবাদী আৰু বিজ্ঞানসন্মত অধ্যয়নৰ প্ৰচেষ্টাৰ ভিত্তিত বিভিন্ন দৃষ্টিভঙ্গীৰ উদ্ভৱ হোৱা দেখা যায়। এইবোৰৰ ভিতৰত আচৰণবাদী দৃষ্টিভংগী হল অন্যতম। এই দৃষ্টিভঙ্গীটো মূল্যবোধৰ লগত জড়িত প্ৰাচীন তত্ত্বসমূহৰ বিৰুদ্ধে এক প্ৰতিবাদী আন্দোলন হিচাপে গঢ়ি উঠিছিল। প্ৰাচীন তত্ত্বসমূহ মূল্যবোধৰ লগত জড়িত, বাস্তৱ তথ্যৰ লগত নহয়। কিন্তু আচৰণবাদে মূল্যবোধৰ পৰিৱৰ্তে বাস্তৱ তথ্যৰ ওপৰত আৰু আদৰ্শ ৰাষ্ট্ৰৰ পৰিবৰ্তে দৈনন্দিন জীৱনৰ জনসাধাৰণৰ সমস্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাজনৈতিক ঘটনাসমূহৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে ই মানুহৰ আচৰণক মূল কেন্দ্ৰীয় বিষয় হিচাপে গণ্য কৰে। তদুপৰি ই মূল্যবোধ নিৰপেক্ষ ৰাজনীতি, বৈজ্ঞানিক দৃষ্টিভংঙ্গী আৰু বস্তুনিষ্ঠতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে।

    ইয়াৰ সমালোচনাবোৰ হল-

    ১) আচৰণবাদৰ সমৰ্থকসকলে ৰাজনীতিৰ এটা সাৰ্বজনীন সংজ্ঞা নিৰ্ধাৰনত ঐক্যমতত উপনত হব পৰা নাই। প্ৰত্যেকে নিজৰ দৃষ্টিভঙ্গীৰে ৰাজনীতি বিজ্ঞানৰ সংজ্ঞা আগবঢ়োৱাৰ বাবে ৰাজনৈতিক আচৰণ বুলিলে প্ৰকৃততে কি বুজায় সেইটো সহজে বোধগম্য নহয়।

    ২) এই দৃষ্টিভঙ্গীয়ে ৰাজনৈতিক ঘটনাৱলীৰ বিজ্ঞানসন্মত বিশ্লেষণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। যিটো বাস্তৱ ক্ষেত্ৰত সম্পূৰ্ণ সম্ভৱ নহয়। বিজ্ঞানসন্মত বিশ্লেষণৰ পাছতো বহুক্ষেত্ৰত গৱেষকৰ মূল্যবোধসম্পন্ন বা বিষয়নিষ্ঠ ধাৰণাই সিদ্ধান্ত গ্ৰহণত প্ৰভাৱ পেলাব পাৰে।

    ৩) সমাজত বসবাস কৰা ব্যক্তিৰ আচৰণ স্থায়ী নহয়। সময় আৰু পৰিস্থিতি লৈ ব্যক্তিৰ আচৰণ পৰিৱৰ্তন হৈ থাকে। গতিকে সময়ে সময়ে পৰিবৰ্তন হৈ থাকে। গতিকে ব্যক্তিৰ পৰিবৰ্তনশীল আচৰণে গৱেষকক সঠিক সিদ্ধান্ত গ্ৰহণত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

    ৪) আচৰণবাদে ৰাজনৈতিক তত্ত্বৰ আদৰ্শবাদক বিসৰ্জন দিব বিচাৰে। আচৰণবাদৰ জৰিয়তে মানৱ আচৰণ সংখ্যায়ন আৰু পৰিমাপনৰ অন্তৰ্ভূক্ত কৰিব পৰা দিশসমূহহে অধ্যয়ন কৰিব পৰা যায়।

    ৫) এই দৃষ্টিভঙ্গীয়ে ৰাজনীতি বিজ্ঞানক অন্যান্যসামাজিক বিজ্ঞানৰ ওপৰত ইমান বেছি নিৰ্ভৰশীল কৰি তুলিছে যে, ইয়াৰ ফলত ৰাজনীতি বিজ্ঞানৰ স্বতন্ত্ৰতা ক্ষুন্ন হোৱা বুলিব পাৰি।

    ৬) ৰাজনৈতিক আচৰণ অধ্যয়নৰ ক্ষেত্ৰত কি পদ্ধতি আৰু কৌশল ব্যৱহাৰ কৰিব সেই সম্পৰ্কে আচৰণবাদী পণ্ডিতসকলে সহমত পোষণ নকৰে। এইদৰে অভিজ্ঞতাবাদী অধ্যয়নৰ ক্ষেত্ৰত আচৰণবাদে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

৬) David Easfon উল্লেখ কৰা আচৰণবাদৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা।

Discuss the main features of behaviouralism as mentioned by David Easton.

উত্তৰঃ David Easfon উল্লেখ কৰা আচৰণবাদৰ মূল বৈশিষ্ট্যসমূহ হল-

    ১) নিয়মানুৱৰ্তিতাঃ সাধাৰণতে ব্যক্তিৰ আচৰণ ব্যক্তি ভেদে ভিন ভিন হলেও কিছুমান বিশেষ পৰিস্থিতিত মানুহে একে ধৰণে আচৰণ কৰে। এনে সংহত আচৰণ ৰাজনৈতিক ঘটনা একোটাৰ ব্যাখ্যা বা ভৱিষ্যতবাণী কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায়। বহু সময়ত ভোটাৰে একেৰাহে কেইবাবাৰো একেজন প্ৰাৰ্থী বা একোটা ৰাজনৈতিক দলৰ সমৰ্থনত ভোট প্ৰদান কৰা দেখা যায়। ভোটাৰসকলৰ অৰ্থনৈতিক অৱস্থা, সামাজিক মৰ্যদা, বৃত্তিগত স্থান, বৰ্ণ আদিৰ ভিত্তিত তেওঁলোকৰ আচৰণ অধ্যয়ন কৰি সেই সন্দৰ্ভত এটা তত্ত্ব প্ৰতিষ্ঠা কৰিব পৰা যায়।

    ২) সত্যতা নিৰ্ণয়ঃ আচৰণবাদীসকলে কোনো কথাকে নিশ্চিতভাৱে সত্য বা শেষ হিচাপে মানি নলয়। তেওঁলোকে সকলো বিষয় বা ঘটনা পৰীক্ষা কৰি সত্যাসত্য নিৰ্ণয় কৰিহে এইবোৰৰ গ্ৰহণযোগ্যতা সম্পৰ্কে বিচাৰ কৰে। আচৰণবাদীসকলৰ মতে যিবোৰ বিষয়ৰ সত্যাসত্য নিৰ্ণয় কৰিব পৰা নাযায় সেইবোৰ বিজ্ঞানসন্মত নহয় আৰু সেইবাবে গ্ৰহণযোগ্যও নহয়।

    ৩) কৌশলঃ আচৰণবাদীসকলৰ মতে তথ্য আহৰণ আৰু ব্যাখ্যাৰ বাবে উপযুক্ত কৌশল উদ্ভাৱন কৰা প্ৰয়োজন। তেতিয়া বস্তুনিষ্ঠ বিশ্লেষণ সম্ভৱপৰ হব। ব্যক্তিগত বিচাৰ বা মূল্যবোধৰ প্ৰভাৱ নপৰাকৈ সকলো কাৰ্য্য সম্পাদন কৰিব লাগে।

    ৪) সংখ্যায়নঃ আচৰণবাদীসকলৰ মতে তথ্য কেৱল সংগ্ৰহ কৰিলেই নহব। সেইবোৰ পৰিমাপ কৰি সংখ্য়াত প্ৰকাশ কৰিব পাৰিব লাগিব। সঠিক সিদ্ধান্তত উপনীত হবলৈ সংখ্যায়ন আৰু পৰিমাপৰ প্ৰয়োজন।

    ৫) মূল্যবোধঃ আচৰণবাদীসকলে ৰাজনীতি বিজ্ঞানক মূল্যবোধ নিৰপেক্ষ কৰি ৰাখিব বিচাৰে। তেওঁলোকৰ মতে তথ্য সদায় মূল্যবোধৰ পৰা আঁতৰই ৰাখিব লাগে। গণততন্ত্ৰ, স্বাধীনতা সমতা আদি হৈছে উৎকৃষ্ট মূল্যবোধ, কিন্তু বিজ্ঞানসন্মতভাৱে এইবোৰৰ সত্যতা নিৰ্ণয় কৰাটো কঠিন। নৈতিক প্ৰশ্নৰ লগত ৰাজনীতি বিজ্ঞানৰ কোনো সম্পৰ্ক নাই। নৈতিক মূল্যায়ন আৰু অভিজ্ঞতাবাদী বিশ্লেষণৰ মাজত আচৰণবাদীসকলে স্পষ্ট বিভাজন কৰে।

৭. আচৰণদোত্তৰ দৃষ্টিভংগীৰ David Easton- এ উল্লেখ কৰা বৈশিষ্টসমূহ লিখা।

Write the features of post-behavioralism mentioned by David Easton.

উত্তৰঃ আচৰণদোত্তৰ দৃষ্টিভংগীৰ David Easton- এ উল্লেখ কৰা বৈশিষ্টসমূহ হল-

    ১) কৌশলৰ পৰিবৰ্ত্তে বিষয়বস্তুৰ ওপৰত গুৰুত্বঃ কৌশলতকৈ বিষয়বস্তুৰ গুৰুত্ব অধিক। সেইবাবে ৰাজনীতি বিজ্ঞানৰ গৱেষণাত কৌশলতকৈ বিষয়বস্তুৱে অগ্ৰাধিকাৰ পাব লাগিব। সমসাময়িক সামাজিক সমস্যাৰ বাবে গৱেষণা অৰ্থবহ আৰু প্ৰাসংগিক হব লাগে। কৌশল যিমানেই উন্নত নহওঁক লাগিলে, ই সদায় গৌণ, বিষয়বস্তুৰ প্ৰাধান্যহে অধিক। আোেূদল ৰ মতে সমস্যাৰ লগত সংগতি নথকাকৈ স্পষ্ট হোৱাতকৈ অস্পষ্ট হোৱাই অধিক গ্ৰহণযোগ্য।

    ২) সামাজিক পৰিবৰ্ত্তনত গুৰুত্বঃ আচৰণবাদোত্তৰ দৃষ্টিভঙ্গী অনুসৰি ৰাজনীতি বিজ্ঞানে সামাজিক সংৰক্ষণতকৈ সামাজিক পৰিবৰ্তনত অধিক গুৰুত্ব প্ৰদান কৰা উচিত। আচৰণবাদী সকলে ঘটনা বা সামাজিক সমস্যাসমূহ বৃহত্তৰ সামাজিক পৰিবেশৰ লগত সঙ্গতি নৰখাকৈ বৰ্ণনা আৰু বিশ্লেষণ কৰিছিল। ফলত আছৰণবাদীসকলে ৰাজনীতি বিজ্ঞানক সামাজিক ৰক্ষণশীলতাৰ মতাদৰ্শত পৰিণত কৰিছে।

    ৩. সামাজিক সমস্যা সমাধানত গুৰুত্বঃ আচৰণবাদৰ বিস্তাৰৰ সময়ছোৱাত, বাস্তৱৰ কঠোৰ সমস্যাসমূহৰ পৰা সম্পূৰ্ণ আঁতৰি আহিছিল। আনহাতে সেই সময়ত সামাজিক সমস্যা আৰু সংঘৰ্ষসমূহ বাঢ়ি আহিছিল। সামাজিক সমস্যাসমূহ আঁতৰ কৰাত কোনো ভূমিকা গ্ৰহণ কৰিব নোৱাৰিলে ৰাজনীতি বিজ্ঞানৰ সামাজিক মূল্য নাথাকিব। সেইবাবে সামাজি্ক পৰিস্থিতি সম্পৰ্কে সচেতন হৈ থাকি সামাজিক সমস্যাসমূহ দূৰ কৰাত ৰাজনীতি বিজ্ঞানে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগে।

    ৪) মূল্যবোধৰ ওপৰত গুৰুত্বঃ আচৰণবাদোত্তৰ দৃষ্টিভঙ্গীৰ সমৰ্থকসকলে ৰাজনৈতিক বিশ্লেষণত মূল্যবোধৰ ধাৰণাক সংযোগ কৰিব বিচাৰে। মূল্যবোধ প্ৰত্যাখ্যান কৰি সম্পন্ন কৰা কোনো ৰাজনৈতিক গৱেষণাই সমাজৰ কোনো উপকাৰ সাধন কৰিব নোৱাৰে। সামাজিক মূল্যবোধৰ পৰাই জ্ঞানৰ সৃষ্টি হয়। যদি জ্ঞানক সঠিক কামত খটুৱাব লগা হয়, তেন্তে মূল্যবোধক গুৰুত্ব দিবই লাগিব। মূল্যবোধ নিৰপেক্ষতাই মানৱতাৰ ব্যাপক ক্ষতি সাধন কৰিব পাৰে। গতিকে মানৱতাৰ স্বাৰ্থত ভাল-বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায়, নীতি-দূৰ্ণীতিৰ বাচ বিচাৰ কৰিবই লাগিব।

    ৫) বুদ্ধিজীৱীৰ সামাজিক দায়বদ্ধতাঃ আচৰণবাদোত্তৰবাদী সকলে ৰাজনীতি বিজ্ঞানী তথা বুদ্ধিজীৱীসকলক সামাজিকভাৱে দায়িত্বশীল হোৱাত গুৰুত্ব দিছে। সভ্যতাৰ মানৱীয় মূল্যবোধ ৰক্ষা কৰাতো বুদ্ধিজীৱীসকলৰ প্ৰধন দায়িত্ব। এই দায়িত্বক আওকান কৰি গৱেষণাত ব্যস্ত হৈ থকাৰ অজুহাতত গৱেষকসকলে নিজকে সমস্যাসমূহৰ পৰা লুকুৱাই ৰাখিব নোৱাৰে। সেয়েহে বুদ্ধিজীৱীসকলে নিজৰ জ্ঞান বুদ্ধি আৰু অভিজ্ঞতাক সমাজৰ কামত খটুৱাব লাগে।

৮. আচৰণবাদোত্তৰ দৃষ্টিভঙ্গীটো সমালোচনাসহ আলোচনা কৰা।

Critically discuss the post-behavioural approach.

উত্তৰঃ আচৰণবাদোত্তৰ দৃৃষ্টিভঙ্গীটো কিছুমান সমালোচনাবোৰ হল-

    ১) আচৰণবাদোত্তৰবাদীসকলে যিহেতু আচৰণবাদৰ মূল ধাৰণাটো পৰিত্যাগ কৰিব পৰা নাই সেইবাবে তেওঁলোকে নীতি আৰু মূল্যবোধৰ ওপৰত সঠিকভাৱে গুৰুত্ব আৰোপ কৰাত ব্যৰ্থ হৈছে। সেয়ে ই ৰাজনীতি বিজ্ঞান বিষয়টোক গভীৰতা আৰু প্ৰাচূৰ্য্য প্ৰদান কৰিব পৰা নাই।

    ২) ৰাজনীতি বিজ্ঞানৰ গৱেষণাত সামাজিক উদ্দেশ্য আৰু কাৰ্য্যত সংযোজিত কৰিলেও ৰাজনীতি বিজ্ঞানক বিশুদ্ধ বিজ্ঞান কৰিব বিচৰা প্ৰৱণতাৰ পৰা আচৰণবাদোত্তৰবাদীসকল মুক্ত হব পৰা নাই।

    ৩) আচৰণবাদোত্তৰ চিন্তাবিদসকলে তত্ত্ব আৰু বাস্তৱক ঐক্যবদ্ধ কৰিব বিচৰা আৰু সামাজিক পৰিবৰ্ত্তন সাধন কৰিব বিচৰা মাৰ্ক্সবাদী তত্ত্বক সম্পূৰ্ণৰূপে আওকান কৰিছে।

    যি কি নহওঁক, ৰাজনীতি বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত আচৰণবাদোত্তৰ দৃষ্টিভঙ্গীৰ গুৰুত্বতাক অস্বীকাৰ কৰিব নোৱাৰি ই আদৰ্শবাদ আৰু অভিজ্ঞতাবাদৰ মাজত সুন্দৰ সমন্বয় সাধন কৰি ৰাজনীতি বিজ্ঞানৰ প্ৰায়োগিক মৰ্যাদা ভালেখিনি বৃদ্ধি পাইছে।

৯. বিভিন্ন প্ৰকাৰৰ আদৰ্শবাদী বা পৰম্পৰাগত দৃষ্টিভঙ্গী বৰ্ণনা কৰা।

Explain different forms of normative or traditional apporaches.

উত্তৰঃ ৰাজনীতি বিজ্ঞান অধ্যয়নৰ প্ৰাচীন দৃষ্টিভঙ্গীসমূহ ঘাইকৈ আদৰ্শস্থাপনকাৰী দৃষ্টিভঙ্গী আছিল। এই আদৰ্শ স্থাপনকাৰী তত্ত্বসমূহে আদৰ্শ আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমাজ তথা জনসাধাৰণৰ কল্যাণ সাধনত ব্ৰতী হব বিচাৰে। সমাজৰ স্থায়িত্ব, স্বতন্ত্ৰতা আৰু সামাজিক ন্যায় সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য প্ৰয়োজনীয় ৰাজনৈতিক মূল্যবোধক কাৰ্য্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই তত্ত্বই সংগঠিত সমাজ এখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ আঁতৰ কৰি সমাজত শান্তি, শৃংখলা আৰু সংহতি ৰক্ষাৰ বাতাৱৰণ সৃষ্টি কৰিব বিচাৰে। এই তত্বৰ মূল ভিত্তি হৈছে অনুমান আৰু পূৰ্ব বিশ্লেষণ। এই তত্বৰ মূল প্ৰৱক্তাসকলৰ ভিতৰত ৰাজনৈতিক চিন্তাবিদ Plato, Rousseau, Acquinas, Dante, Hegel আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

    বহল অৰ্থত কবলৈ গলে, দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ সময়লৈ যিবোৰ দৃষ্টিভঙ্গী ৰাজনীতি বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছিল, সেইবোৰ দৃষ্টিভঙ্গীকে পৰম্পৰাগত দৃষ্টিভঙ্গী বুলি কব পাৰি। এই সময়ছোৱাত ৰাজনৈতিক বিষয়ৰ অধ্যয়নসমূহত ঘাইকৈ দৰ্শন, ইতিহাস, আইন আৰু অনুষ্ঠানৰ অধ্যয়নে প্ৰভাব বিস্তাৰ কৰিছিল। সেয়েহে, দাৰ্শনিক দৃষ্টিভঙ্গী, ঐতিহাসিক দৃষ্টিভঙ্গী, বৈধ আৰু আনুষ্ঠানিক দৃষ্টিভঙ্গীসমূহক পৰম্পৰাগত দৃষ্টিভঙ্গীৰ অন্তৰ্ভূক্ত কৰিব পাৰি। যদিও সাম্প্ৰতিক বা আধুনিক দৃষ্টিভঙ্গীৰ সমৰ্থকসকলে এই দৃষ্টিভঙ্গীসমূহৰ প্ৰতি অনুকূল মনোভাৱ পোষণ কৰা নাই তথাপিও পৰম্পাগত দৃষ্টিভঙ্গী সমূহক পুৰণি বা অপ্ৰচলিত বুলি ভাবিব নোৱাৰি।

১০. অভিজ্ঞতাবাদী দৃষ্টিভঙ্গী আৰু আদৰ্শস্থাপনকাৰী দৃষ্টিভঙ্গীৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰা।

Discuss the differences between empirical and normative approaches.

উত্তৰঃ অভিজ্ঞতাবাদী দৃষ্টিভংগীৰ দ্বাৰা কোনো এটা বিষয়বস্তু সম্পৰ্কে প্ৰকৃত তথ্য উৎঘাটন আৰু বৰ্ণনা কৰিবলৈ বিচৰা হয়, আনহাতে আদৰ্শবাদী দৃষ্টিভঙ্গীৰ দ্বাৰা কোনো এটা বিষয়বস্তুৰ মূল্যবোধ নিৰ্ধাৰণ কৰি সমিধান প্ৰদান কৰিব বিচৰা হয়। প্ৰকৃততে, অভিজ্ঞতাবাদীসকলে কোনো এটা পৰিস্থিতিৰ বিষয়ে চাক্ষুস অভিজ্ঞতা, পৰ্য্যবেক্ষণ আৰু পৰীক্ষণৰ ওপৰত ভিত্তি কৰি তাৰ সঠিক বিশ্লেষণ আগবঢ়ায়। আনহাতে আদৰ্শবাদীসকলে কিছুমান নৈতিক নীতি বা আদৰ্শৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ হৈ কোনো এটা নিৰ্দিষ্ট শৃংখলাক প্ৰাধান্যতা প্ৰদান কৰে বা ই কেনেধৰণৰ হোৱা উচিত সেই বিষয়ে বৰ্ণনা কৰে। এই ক্ষেত্ৰত ন্যায়ৰ ধাৰণাটো কেনে হোৱা উচিত সেই সম্পৰ্কে বিভিন্ন ৰাজনৈতিক চিন্তাবিদে আদৰ্শবাদৰ অনুসৰণ কৰা দেখা যায়।

    কিছুসংখ্যক চিন্তাবিদৰ মতে অভিজ্ঞতাবাদী দৃষ্টিভংগী হল বস্তুনিষ্ঠ বা কাৰ্য্যসম্বন্ধীয় বিষয়ৰ ওপৰত প্ৰতিষ্ঠিত। আনহাতে আদৰ্শবাদী দৃষ্টিভঙ্গী হল অন্তৰ্মুখী বা কাল্পনিক ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। আদৰ্শবাদৰ অনুসৰণকাৰী কোনো ৰাজনৈতিক দাৰ্শনিকে নিজস্ব দৃষ্টিভঙ্গীৰে যিকোনো এটা বিষয়বস্তু, যেনে- স্বতন্ত্ৰতা, ন্যায়, সমতা, আদিৰ বিষয়ে ধাৰণা আগবঢ়ায়। তেনে বিষয়বস্তু সম্বন্ধে আন আন বিভিন্ন দাৰ্শনিকেও নিজ নিজ দৃষ্টিভঙ্গী ব্যক্ত কৰিব পাৰে আৰু বিভিন্ন দৃষ্টিভঙ্গীৰ মাজত যুক্তি তৰ্কৰ দ্বাৰা বিষয়বস্তুটোৰ সম্পৰ্কত উমৈহতীয়া নীতিৰ ভিত্তিত যুক্তিসংগত সিদ্ধান্তত উপনীত হব পাৰে। আকৌ অভিজ্ঞতাবাদী দৃষ্টিভঙ্গী অনুসৰণকাৰী কোনো গৱেষকে যিকোনো এটা বিষয়বস্তু সম্পৰ্কত অধ্যয়ন কৰি তাৰ সত্যতা বা অসত্যতা নিৰূপণ কৰে। কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় যে কোনো সামাজিক বিষয়বস্তু সম্বন্ধে চলোৱা অনুসন্ধান বা গৱেষণাৰ জৰিয়তে ব্যাখ্যা কৰা নীতিসমূহো সাধাৰণীকৃত ধাৰণাৰ ওপৰতহে প্ৰতিষ্ঠিত।


Question type- Leena Kakati

Answered by- Leena Kakati