Chapter-1  

অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসন

1. এল.ডি. হোৱাইটে লিখা লোক প্ৰশাসনৰ সংঞ্জাটো লিখা ।

উত্তৰঃ  এল.ডি. হোৱাইটে লিখা লোক প্ৰশাসনৰ সংঞ্জাটো হৈছে "প্ৰশাসন হ'ল বিশেষ উদ্দেশ্য় সাধনৰ বাবে বহুতো ব্যক্তিৰ প্ৰতি নিৰ্দেশনা, সমন্বয় আৰু নিয়ন্ত্ৰণ ।"

2. "Introduction to the Study of public Administration" নামৰ গ্ৰন্থখনৰ লেখক হৈছে,-----ওল-ডি-হোৱাইট/ উইলোবি/ চাইমন ।

উত্তৰঃ "Introduction to the Study of public Administration" নামৰ গ্ৰন্থখনৰ লেখক হৈছে,-----ওল-ডি-হোৱাইট ।

3. অভিন্ন দৃষ্টিভঙ্গীক সমৰ্থন কৰিছিল ---- ডিমকে/ চাইমনে/ থমছনে।

উত্তৰঃ অভিন্ন দৃষ্টিভঙ্গীক সমৰ্থন কৰিছিল ডিমকে ।

4. পৰিচালনামূলক দৃষ্টিভঙ্গীক সমৰ্থন কৰিছে-চাইমনে/ ডিমকে/ দেয়লে/ গুলিকে ।

উত্তৰঃ পৰিচালনামূলক দৃষ্টিভঙ্গীক সমৰ্থন কৰিছে-চাইমনে

5. তলত দিয়া কেনজনক লোকপ্ৰশাসনৰ জনক বোলা হয় ?---- উইলচন/ গুডনাও/ উইলোবি।

উত্তৰঃ উইলচনক লোকপ্ৰশাসনৰ জনক বোলা হয়।

6. "Principle of Public Administration" নামৰ কিতাপখনৰ লিখক হৈছে-----উইলোবি/ ফেয়ল/ ফলেট।

উত্তৰঃ  "Principle of Public Administration" নামৰ কিতাপখনৰ লিখক হৈছে-----উইলোবি।

7. POSDCORB শব্দটো ব্যৱহাৰ কৰিছিল-----গুলিক আৰু আৰউইকে/ উইলচনে/ চাইমনে।

উত্তৰঃ POSDCORB শব্দটো ব্যৱহাৰ কৰিছিল-----গুলিক আৰু আৰউইকে ।

8. বৈজ্ঞানিক পৰিচলনা তত্বৰ পৃষ্ঠপোষক হৈছে---টেইলৰ/ এলটন মেয়/ চাইমন ।

উত্তৰঃ বৈজ্ঞানিক পৰিচলনা তত্বৰ পৃষ্ঠপোষক হৈছে---টেইলৰ।

9. "Administrative Behaviour" নামৰ কিতাপখনৰ লেখক হৈছে----টেইলৰ/ চাইমন/ এলটন মেয়।

উত্তৰঃ "Administrative Behaviour" নামৰ কিতাপখনৰ লেখক হৈছে___চাইমন ।

10. "Public Administration in A Time of Turbulence" ৰ সম্পাদন কৰিছিল---- ওৱালদোৱে/ মেৰিনিয়ে/ চাইমনে ।

উত্তৰঃ  "Public Administration in A Time of Turbulence" ৰ সম্পাদন কৰিছিল----মেৰিনিয়ে ।

11. "এসময়ত প্ৰশাসনক মানুহে অত্যাচাৰৰ প্ৰতীক বুলি বিবেচনা কৰিছিল। তাৰ পিছত তেওঁলোক প্ৰশাসনৰ পৰা আঁতৰত থাকিব বিচাৰিছিল। কিন্তু এতিয়া তেওঁলোকে লোক প্ৰশাসনৰ পৰা সকলো ধৰণৰ সেৱা আৰু সুৰক্ষা বিচাৰে।" এই মন্তব্য কৰিছে____ উইলচনে/ এল-ডি-হোৱাইটে/ চাইমনে।

উত্তৰঃ  "এসময়ত প্ৰশাসনক মানুহে অত্যাচাৰৰ প্ৰতীক বুলি বিবেচনা কৰিছিল। তাৰ পিছত তেওঁলোক প্ৰশাসনৰ পৰা আঁতৰত থাকিব বিচাৰিছিল। কিন্তু এতিয়া তেওঁলোকে লোক প্ৰশাসনৰ পৰা সকলো ধৰণৰ সেৱা আৰু সুৰক্ষা বিচাৰে।" এই মন্তব্য কৰিছে____ উইলচনে

12. "লোক প্ৰশাসন হৈছে বিস্তৃত আৰু প্ৰণালীবদ্ধভাৱে আইন প্ৰয়োগ কৰা ব্যৱস্থা"---- এই কথাষাৰ কোনে কৈছিল ? লুথাৰ গুলিকে/ উইড্ৰো উইলচনে/ পিফ্নাৰে।

উত্তৰঃ "লোক প্ৰশাসন হৈছে বিস্তৃত আৰু প্ৰণালীবদ্ধভাৱে আইন প্ৰয়োগ কৰা ব্যৱস্থা"---- এই কথাষাৰ উইড্ৰো উইলচনে কৈছিল।

13. "লোক প্ৰশাসন হ'ল ৰাজহুৱা নীতি সমূহ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এক সমূহীয়া প্ৰচেষ্টাৰ সমন্বয়"____ এই কথাষাৰ কোনে কৈছিল ? এল. ডি. হোৱাইটে/ পিফ্নাৰে/ ওৱাল্ডোই।

উত্তৰঃ  "লোক প্ৰশাসন হ'ল ৰাজহুৱা নীতি সমূহ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এক সমূহীয়া প্ৰচেষ্টাৰ সমন্বয়"____ এই কথাষাৰ পিফ্নাৰে কৈছিল।

14. "প্ৰসাসন হ'ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো ব্যক্তিৰ প্ৰতি নিৰ্দেশদান, সমন্বয় আৰু নিয়ন্ত্ৰণ।"___ এই কথাষাৰ কৈছিল এল. ডি. হোৱাইটে/ হাৰ্বাট চাইমনে/ পিফ্নাৰে।

উত্তৰঃ "প্ৰসাসন হ'ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো ব্যক্তিৰ প্ৰতি নিৰ্দেশদান, সমন্বয় আৰু নিয়ন্ত্ৰণ।"___ এই কথাষাৰ কৈছিল এল. ডি. হোৱাইটে ।

15. "ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰাৰ কলা আৰু বিজ্ঞানক লোক প্ৰশাসসন বোলা হয়।"____ এই কথাষাৰ কৈছিল- নিগ্ৰোই/ গ্লেদেনে/ ওৱাল্ডোই।

উত্তৰঃ "ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰাৰ কলা আৰু বিজ্ঞানক লোক প্ৰশাসসন বোলা হয়।"____ এই কথাষাৰ কৈছিল-ওৱাল্ডোই।

16. 'প্ৰশাসন' শব্দটো কোনকেইটা লেটিন শব্দৰ পৰা আহিছে ?

উত্তৰঃ প্ৰশাসন শব্দটো ইংৰাজী প্ৰতিশব্দ হৈছে "Administration" । এই "Administration" শব্দটো লেটিন ভাষাৰ দুটা শব্দ 'Ad' আৰু 'Ministraire' ৰ পৰা উদ্ভৱ হৈছে ।

17. তলৰ কোনজন চিন্তাবিদে কৈছিল যে লোক প্ৰশাসনত মাত্ৰ কাৰ্যপালিকাৰ কামসমূহহে অন্তৰ্ভুক্ত হয় ?

(a) L. D. White (এল. ডি. হোৱাইটে)

(b) L. D. White and Luther Gulick (এল. ডি. হোৱাইটে আৰু লুথাৰ গুলিকে)।

(c) Luther Gulick (লুথাৰ গুলিকে)।

(d) W. F Willoughby (ডব্লিউ. এফ. অইলোবিয়ে)।

উত্তৰঃ (c) Luther Gulick (লুথাৰ গুলিকে)।

18.  'প্ৰৱন্ধনৰ বৈজ্ঞানিক তত্ত্ব'ৰ পিতৃ বুলি কাক জনা যায় ?

উত্তৰঃ 'প্ৰৱন্ধনৰ বৈজ্ঞানিক তত্ত্ব'ৰ পিতৃ বুলি টেইলাৰক জনা যায় ।

Short Type Questions :

1. "Write notes on (চমুটোকা লিখা)

(a) লোক প্ৰশাসনৰ সংজ্ঞা আগবঢ়োৱা।

উত্তৰঃ লোক প্ৰসাসনৰ সংজ্ঞাসমূহৰ আলোচনা অবিহনে ইয়াৰ ধাৰণা কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। লোক প্ৰশাসনৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Administration' । 'Administration' শব্দটো লেটিন ভাষাৰ দুটা শব্দ 'Ad' আৰু 'Ministraire'-ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ'ল যত্ন লোৱা, তত্ত্বাৱধান কৰা বা কাৰ্য পৰিচালনা কৰা । লোক প্ৰশাসন সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। সেই সংজ্ঞা সমূহৰ বিষয়ে তলত আলোচনা কৰা হল____

(i) এল. ডি. হোৱাইটৰ মতে "প্ৰশাসন হ'ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো ব্যক্তিৰ প্ৰতি নিৰ্দেশদান, সমন্বয় আৰু নিয়ন্ত্ৰণ।"

(ii) হাৰ্বাৰ্ট ছাইমনৰ মতে, "ব্যাপক অৰ্থত প্ৰশাসন হ'ল সাধাৰণ উদ্দেশ্য সাধনৰ বাবে বিভিন্ন গোষ্ঠীৰ মাজত সহযোগিতা।"

(iii) উড্ৰো উইলচনৰ মতে, "জন আইনৰ বিস্তাৰিত আৰু শৃঙ্খলাৱদ্ধ প্ৰয়োগেই হ'ল লোক প্ৰশাসন।"

(iv) গ্লেডেনে কৈছে যে, "লোক প্ৰশাসন হ'ল চৰকাৰী গোটসমূহে জনসাধাৰণৰ স্বাৰ্থ সম্পৰ্কিত বিষয়ৰ পৰিচালনা কৰা।"

(v) পিফ্নাৰৰ মতে, "কোনো সংগঠনে এটা নিদিষ্ট উদ্দেশ্য সাধনৰ বাবে মানুহ আৰু অন্যান্য সম্পদক সংগঠন আৰু পৰিচলনা কৰাকে প্ৰশাসন বুলিব পাৰি।"

(vi) নিগ্ৰোৰ মতে, "মানুহ আৰু কিছুমান বস্তু-বাহানী লৈ গঠিত এটা সংগঠনে কোনো নিৰ্দিষ্ট লক্ষ্য সাধন কৰাকে প্ৰশাসন বোলে।"

(vii) ওৱাল্ডোৱে কৈছে যে, "ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰাৰ কলা আৰু বিজ্ঞানক লোক প্ৰশাসন বোলা হয়।

(viii) ওৱাকাৰে প্ৰশাসনৰ সংজ্ঞা আগবঢ়াওতে কৈছে যে "চৰকাৰে কোনো আইনক কাৰ্যকৰী কৰাকে লোক প্ৰশাসন বোলে।"

(b) লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পৰিচালনামূলক দৃষ্টিভঙ্গী

উত্তৰঃ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পৰিচালনামূলক দৃষ্টিভঙ্গী হ'ল এই যে প্ৰশাসনৰ পৰিচালকবৰ্গৰ কাৰ্যাৱলীকহে প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই মতৰ সমৰ্থকসকল হৈছে ছাইমন, স্মিথবাৰ্গ, থম্পছন প্ৰমুখ আদি। এওঁলোকৰ মতে প্ৰশাসনৰ দায়িত্ব অকল পৰিচালকসকলেহে বহন কৰে। কোনো সংগঠনে ইয়াৰ লক্ষ্য সাধনৰ বাবে পৰিচালকসকলে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰে আৰু তলতীয়া কৰ্মচাৰীসকলে ওপৰৰ পৰা দিয়া নিৰ্দেশসমূহ পালন কৰে। তলতীয়া কৰ্মচাৰীসকল প্ৰশাসনৰ লক্ষ্য সাধনৰ বাবে দায়ী নহয়। সেয়েহে তেওঁলোকৰ কাৰ্যাৱলীক প্ৰশাসনৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰে। গতিকে এই দৃষ্টিভঙ্গী মতে প্ৰশাসন বুলিলে একমাত্ৰ পৰিচালকসকলৰ কাৰ্যাৱলীক বুজায়। গতিকে প্ৰশাসনক দুটা দিশৰ পৰা বিচাৰ কৰিব পাৰি। প্ৰশাসনক যৌথ উদ্য়োগ বা প্ৰচেষ্টা হিচাপে বিবেচনা কৰিলে ই প্ৰশাসনৰ সৈতে লিপ্ত সকলোৰে কাৰ্যাৱলীক বুজায়। কিন্তু প্ৰশাসনক অকল দক্ষতাৰ নিদৰ্শন হিচাপে বিচাৰ কৰিলে ই অকল পৰিচালকসকলৰ কাৰ্যাৱলীকহে বুজায়।

(c) লোক প্ৰশাসনৰ প্ৰকৃতি

উত্তৰঃ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পণ্ডিতসকলে দুটা ভিন ভিন দৃষ্টিভঙ্গী গ্ৰহন কৰা দেখা যায়। এই দৃষ্টিভঙ্গী দুটা হ'ল (১) অভিন্ন দৃষ্টিভঙ্গী আৰু (২) পৰিচালনামূলক দৃষ্টিভঙ্গী।

(i) অভিন্ন দৃষ্টিভঙ্গীঃ অভিন্ন দৃষ্টিভঙ্গী মতে প্ৰশাসন বুলিলে জনস্বাৰ্থৰ বাবে সম্পাদন কৰা সকলো ধৰণৰ কাৰ্যক বুজায়। প্ৰশাসন কাৰ্য পৰিচালনাৰ বাবে বহুতো ধৰণৰ কৰ্মচাৰী থাকে। এইসকলৰ ভিতৰত এফালে থাকে পৰিচালক, নিৰ্দেশক, নীতি-নিৰ্ধাৰক ইত্যাদি আৰু আনফালে থাকে কেৰাণী, পিয়ন, সাধাৰণ কৰ্মী আদি। অভিন্ন দৃষ্টিভঙ্গীৰ মতে প্ৰশাসনৰ সৈতে জড়িত থকা প্ৰতিজন কৰ্মচাৰীৰ যৌথ কাৰ্যক প্ৰশাসনৰ অঙ্গ হিচাপে বিবেচনা কৰা হয়। অৰ্থাৎ, প্ৰশাসনত লিপ্ত থকা ওপৰৰ পৰা তললৈকে সকলো ধৰণৰ কৰ্মচাৰীৰ কাৰ্যাৱলীক প্ৰশাসনক বুলি আখ্যা দিয়া হয়। 

(ii) পৰিচালনামূলক দৃষ্টিভঙ্গীঃ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পৰিচালনামূলক দৃষ্টিভঙ্গী হ'ল এই যে প্ৰশাসনৰ পৰিচালকবৰ্গৰ কাৰ্যাৱলীকহে প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই মতৰ সমৰ্থকসকল হৈছে ছাইমন, স্মিথবাৰ্গ, থম্পছন প্ৰমুখ আদি। এওঁলোকৰ মতে প্ৰশাসনৰ দায়িত্ব অকল পৰিচালকসকলেহে বহন কৰে। কোনো সংগঠনে ইয়াৰ লক্ষ্য সাধনৰ বাবে পৰিচালকসকলে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰে আৰু তলতীয়া কৰ্মচাৰীসকলে ওপৰৰ পৰা দিয়া নিৰ্দেশসমূহ পালন কৰে। তলতীয়া কৰ্মচাৰীসকল প্ৰশাসনৰ লক্ষ্য সাধনৰ বাবে দায়ী নহয়। সেয়েহে তেওঁলোকৰ কাৰ্যাৱলীক প্ৰশাসনৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰে। গতিকে এই দৃষ্টিভঙ্গী মতে প্ৰশাসন বুলিলে একমাত্ৰ পৰিচালকসকলৰ কাৰ্যাৱলীক বুজায়।

(d) লোক প্ৰশাসনৰ দৰ্শন

উত্তৰঃ লোক প্ৰকাশনৰ স্পষ্ট ধাৰণা বুজিবলৈ দৰ্শনে আমাক সহায় কৰে। বৰ্তমান সমাজত প্ৰত্যেক ব্যক্তিৰ লোক প্ৰশাসনৰ সৈতে সম্পৰ্ক আছে। প্ৰশাসনৰ ওপৰত জনসাধাৰণ এইদৰে নিৰ্ভৰশীল হৈ পৰিছে। এতিয়া লোক প্ৰশাসনৰ সহায় আৰু সহযোগিতা বিনে মানুহে জীয়াই থকাৰ কথা চিন্তা কৰিব নোৱাৰে। সেয়েহে বহুতে ভাৱে যে প্ৰশাসনৰ এটা দৰ্শন থকা উচিত। ইয়াত 'দৰ্শনে' প্ৰশাসনৰ আদৰ্শক বুজাইছে। 

 অৰ্ডওৱে টিডে লোক প্ৰশাসনৰ দৰ্শন ৰচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে, "প্ৰশাসনৰ দৰ্শনে লোক প্ৰশাসনক অধিক পৰিমানে বৃত্তিমুখী কৰিব আৰু ইয়াৰ সামাজিক কল্যাণৰ বাবে প্ৰয়োগ কৰিব পাৰিব। মাৰ্শ্বেল ডিমকে তেওঁৰ গ্ৰন্থত প্ৰশাসনৰ আদৰ্শ বা দৰ্শনৰ ৰচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ মত প্ৰকাশ কৰিছে যে, "লোক প্ৰশাসনৰ পৰিসৰ এতিয়া ইমান বহল যে ইয়াৰ আদৰ্শক জীৱনৰ আদৰ্শ বুলি কব পাৰি। 

             লোক প্ৰশাসনে জনসাধাৰণৰ সকলো আশা-আকাঙ্ক্ষা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰশাসনে সেৱা কৰা বুজায়। সেয়েহে জিমকে মত প্ৰকাশ কৰিছে যে সেৱাৰ মনোবৃত্তি নাথাকিলে যিকোনো প্ৰশাসন ব্যৱস্থা কৃতকাৰ্য হ'ব নোৱাৰে। গতিকে জনসাধাৰণক সকলো প্ৰকাৰে সেৱা কৰাই প্ৰশাসনৰ মূল দৰ্শন হ'ব লাগিব আৰু তাৰ বাবেই প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহন কৰিব লাগিব।আদৰ্শবিহীন প্ৰশাসন ব্যৱস্থাই প্ৰশাসনক এটা আহিলা হিচাপে সক্ৰিয় কৰিব নোৱাৰে। সেয়েহে প্ৰশাসনীয় দৰ্শনৰ ওপৰত প্ৰশাসক সকলে অধিক গুৰুত্ব আৰোপ কৰা উচিত।

(e) লোক প্ৰশাসনৰ পৰিসৰ

উত্তৰঃ লোক প্ৰশাসনৰ সংজ্ঞা আৰু প্ৰকৃতিৰ ক্ষেত্ৰত লিখকসকলৰ মাজত যেনেকৈ মতভেদ আছে. তেনেকৈ ইয়াৰ পৰিসৰৰ ক্ষেত্ৰতো মতানৈক্য় থকা দেখা যায়। এই ক্ষেত্ৰতো বিভিন্ন পণ্ডিতে বিভিন্ন মতামত প্ৰকাশ কৰিছে। লোক প্ৰশাসনৰ সংজ্ঞাবিলাকতে এই বিষয়টোৰ পৰিসৰ বা অধ্যয়নৰ বিষয়-বস্তু সম্পৰ্কে উল্লেখ কৰা হৈছে।

    কিছুমানে ঠেক আৰু কিছুমানে  বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ ব্যাখ্যা কৰিছে। এল. ডি. হোৱাইটে বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ বৰ্ণনা কৰিছে। তেওঁৰ মতে, "জনস্বাৰ্থৰ বাবে চৰকাৰে কৰা সকলো কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে।" কাৰণ, চৰকাৰী বা লোক প্ৰশাসনেহে এখন দেশৰ সমূহ জনসাধাৰণক সেৱা কৰিব পাৰে। কিন্তু প্ৰত্যেক চৰকাৰৰ তিনিটা প্ৰধান অঙ্গ আছে। সেই অঙ্গকেইটা হ'ল কাৰ্যপালিকা, বিধানমণ্ডল, আৰু ন্যায় পালিকা। কিছুমানৰ মতে চৰকাৰৰ তিনিওটা অঙ্গৰ কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ অন্তৰ্ভূক্ত । এই মতটো বহল অৰ্থত প্ৰকাশ কৰা হৈছে। কিন্তু কিছুমানে ঠেক অৰ্থত লোক প্ৰশাসনৰ পৰিসৰৰ ব্যাখ্যা কৰিছে। তেওঁলোকৰ মতে চৰকাৰৰ কাৰ্যপালিকাৰ কাৰ্যাৱলীহে লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে। 

               গতিকে দেখা যায় যে লোক প্ৰশাসনৰ পৰিসৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বহুতে চৰকাৰৰ তিনিটা শাখাৰ----আইন বিভাগ,শাসন বিভাগ আৰু বিচাৰ বিভাগৰ কাৰ্যাৱলীক ইয়াৰ অন্তৰ্ভূক্ত কৰাৰ পক্ষপাতী যদিও আন কিছুমান লিখকে চৰকাৰৰ শাসনবিভাগৰ কাৰ্যাৱলীৰ সৈতেহে লোক প্ৰশাসন জড়িত বুলি মত প্ৰকাশ কৰিছে।   

(f) ভাৰতৰ লোক-প্ৰশাসনৰ গুৰুত্ব

উত্তৰঃ ভৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ ইয়াত লোক-প্ৰশাসনৰ গুৰুত্ব আটাইতকৈ বেছি। সকলো ধৰণৰ ৰাষ্ট্ৰত লোক প্ৰশাসনৰ গুৰুত্ব আছে। কিন্তু গণতান্ত্ৰিক ৰাষ্টত ইয়াৰ গুৰুত্ব অত্যাধিক। 

         গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰশাসকসকল সকলো বিষয়তে নিৰপেক্ষ থকাটো একান্ত প্ৰয়োজন।গণতান্ত্ৰিক চৰকাৰ হল দলীয় চৰকাৰ সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে প্ৰশাসনত নিৰপেক্ষতা অৱলম্বন কৰি জনসাধাৰণক ভালদৰে সেৱা কৰিব পাৰে। গণতন্ত্ৰত দলীয় ৰাজনীতিয়ে জন-জীৱন বিপন্ন কৰিব পাৰে, কিন্তু প্ৰশাসন ব্যৱস্থা নিৰপেক্ষ হলে জনসাধাৰণৰ স্বাৰ্থ কোনেও ক্ষুণ্ণ কৰিব নোৱাৰে। কিন্তু কোনো ক্ষেত্ৰতে বিষয়াসকলে দলীয় নেতাৰ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰিব নালাগিব।

          আধুনিক গণতন্ত্ৰত কল্যানকামী ৰাষ্টৰ ধাৰণৰ জন্ম হৈছিল। আজিৰ চৰকাৰে জন-সাধাৰণৰ কল্যাণৰ বাবে বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ সাজু আছে। গতিকে এই কল্যাণকামী প্ৰশাসন পৰিচালনাৰ সুদক্ষ আমোলাসকলৰ প্ৰয়োজন। 

          গণতন্ত্ৰত ৰাজনৈতিক নেতাসকলৰ প্ৰশাসন সম্পৰ্কীয় অভিজ্ঞতা নাই। তেওঁলোক প্ৰায় সকলো বিষয়তে লোক প্ৰশাসনৰ ওপৰত নিৰ্ভৰশীল। লোক প্ৰশাসনে তেওঁলোকক সিদ্ধান্ত গ্ৰহণতো পৰামৰ্শ দিয়ে। এই প্ৰশাসনে গণতান্ত্ৰিক শাসনব্যৱস্থাৰ স্থায়ীত্বও ৰক্ষা কৰে। কাৰণ গণতন্ত্ৰত সঘনে চৰকাৰ সাল-সলনি হয়, কিন্তু লোক প্ৰশাসনে ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰে। গতিকে গণতান্ত্ৰিক শাসনব্যৱস্থা যে লোক প্ৰশাসনৰ ওচৰত অধিক পৰিমানে নিৰ্ভৰশীল সেই কথা বুজা যায়। সেয়েহে ভাৰতবৰ্ষত লোক প্ৰশাসনৰ গুৰুত্ব অধিক। 

 2. লোকপ্ৰশাসনৰ প্ৰকৃতি ব্যাখ্যা কৰা।

উত্তৰঃ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পণ্ডিতসকলে দুটা ভিন ভিন দৃষ্টিভঙ্গী গ্ৰহন কৰা দেখা যায়। এই দৃষ্টিভঙ্গী দুটা হ'ল (১) অভিন্ন দৃষ্টিভঙ্গী আৰু (২) পৰিচালনামূলক দৃষ্টিভঙ্গী।

(i) অভিন্ন দৃষ্টিভঙ্গীঃ অভিন্ন দৃষ্টিভঙ্গী মতে প্ৰশাসন বুলিলে জনস্বাৰ্থৰ বাবে সম্পাদন কৰা সকলো ধৰণৰ কাৰ্যক বুজায়। প্ৰশাসন কাৰ্য পৰিচালনাৰ বাবে বহুতো ধৰণৰ কৰ্মচাৰী থাকে। এইসকলৰ ভিতৰত এফালে থাকে পৰিচালক, নিৰ্দেশক, নীতি-নিৰ্ধাৰক ইত্যাদি আৰু আনফালে থাকে কেৰাণী, পিয়ন, সাধাৰণ কৰ্মী আদি। অভিন্ন দৃষ্টিভঙ্গীৰ মতে প্ৰশাসনৰ সৈতে জড়িত থকা প্ৰতিজন কৰ্মচাৰীৰ যৌথ কাৰ্যক প্ৰশাসনৰ অঙ্গ হিচাপে বিবেচনা কৰা হয়। অৰ্থাৎ, প্ৰশাসনত লিপ্ত থকা ওপৰৰ পৰা তললৈকে সকলো ধৰণৰ কৰ্মচাৰীৰ কাৰ্যাৱলীক প্ৰশাসনক বুলি আখ্যা দিয়া হয়। 

(ii) পৰিচালনামূলক দৃষ্টিভঙ্গীঃ লোক প্ৰশাসনৰ প্ৰকৃতি সম্পৰ্কে পৰিচালনামূলক দৃষ্টিভঙ্গী হ'ল এই যে প্ৰশাসনৰ পৰিচালকবৰ্গৰ কাৰ্যাৱলীকহে প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰিব পাৰি। এই মতৰ সমৰ্থকসকল হৈছে ছাইমন, স্মিথবাৰ্গ, থম্পছন প্ৰমুখ আদি। এওঁলোকৰ মতে প্ৰশাসনৰ দায়িত্ব অকল পৰিচালকসকলেহে বহন কৰে। কোনো সংগঠনে ইয়াৰ লক্ষ্য সাধনৰ বাবে পৰিচালকসকলে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰে আৰু তলতীয়া কৰ্মচাৰীসকলে ওপৰৰ পৰা দিয়া নিৰ্দেশসমূহ পালন কৰে। তলতীয়া কৰ্মচাৰীসকল প্ৰশাসনৰ লক্ষ্য সাধনৰ বাবে দায়ী নহয়। সেয়েহে তেওঁলোকৰ কাৰ্যাৱলীক প্ৰশাসনৰ অন্তৰ্ভূক্ত কৰিব নোৱাৰে। গতিকে এই দৃষ্টিভঙ্গী মতে প্ৰশাসন বুলিলে একমাত্ৰ পৰিচালকসকলৰ কাৰ্যাৱলীক বুজায়।

3. লোক-প্ৰশাসনৰ বিকাশত বৰঙণি যোগোৱা দুটা উপাদান উল্লেখ কৰা।

উত্তৰঃ লোক প্ৰশাসনৰ বিকাশত বৰঙণি যোগোৱা দুটা উপাদান হল----

            (i) ই প্ৰশাসনৰ সহায়ত জনসাধাৰণৰ কাম কাজসমূহ অতি ক্ষিপ্ৰতাৰে সম্পন্ন কৰা                     হয়। ই প্ৰশাসনৰ প্ৰয়োগেও বৰ্তমান লোক প্ৰশাসনৰ বিকাশত বৰঙনি যোগোৱাত                  গুৰুত্ব প্ৰদান কৰিছে।

            (ii) মানুহে দিনে দিনে লোক প্ৰশাসনৰ ওপৰত অধিক পৰিমানে নিৰ্ভৰশীল হৈছে                          আৰু সেয়ে লোক প্ৰশাসনৰ গুৰুত্ব বৃদ্ধি পাইছে।

4. গণতন্ত্ৰত লোক প্ৰশাসনৰ গুৰুত্ব সম্পৰ্কে এটা চমুটোকা  লিখা।

উত্তৰঃ গণতান্ত্ৰিক দেশত লোক-প্ৰশাসনৰ গুৰুত্ব আটাইতকৈ বেছি। সকলো ধৰণৰ ৰাষ্ট্ৰত লোক প্ৰশাসনৰ গুৰুত্ব আছে। কিন্তু গণতান্ত্ৰিক ৰাষ্টত ইয়াৰ গুৰুত্ব অত্যাধিক। 

         গণতান্ত্ৰিক ৰাষ্ট্ৰত প্ৰশাসকসকল সকলো বিষয়তে নিৰপেক্ষ থকাটো একান্ত প্ৰয়োজন।গণতান্ত্ৰিক চৰকাৰ হল দলীয় চৰকাৰ সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে প্ৰশাসনত নিৰপেক্ষতা অৱলম্বন কৰি জনসাধাৰণক ভালদৰে সেৱা কৰিব পাৰে। গণতন্ত্ৰত দলীয় ৰাজনীতিয়ে জন-জীৱন বিপন্ন কৰিব পাৰে, কিন্তু প্ৰশাসন ব্যৱস্থা নিৰপেক্ষ হলে জনসাধাৰণৰ স্বাৰ্থ কোনেও ক্ষুণ্ণ কৰিব নোৱাৰে। কিন্তু কোনো ক্ষেত্ৰতে বিষয়াসকলে দলীয় নেতাৰ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰিব নালাগিব।

          আধুনিক গণতন্ত্ৰত কল্যানকামী ৰাষ্টৰ ধাৰণৰ জন্ম হৈছিল। আজিৰ চৰকাৰে জন-সাধাৰণৰ কল্যাণৰ বাবে বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ সাজু আছে। গতিকে এই কল্যাণকামী প্ৰশাসন পৰিচালনাৰ সুদক্ষ আমোলাসকলৰ প্ৰয়োজন। 

          গণতন্ত্ৰত ৰাজনৈতিক নেতাসকলৰ প্ৰশাসন সম্পৰ্কীয় অভিজ্ঞতা নাই। তেওঁলোক প্ৰায় সকলো বিষয়তে লোক প্ৰশাসনৰ ওপৰত নিৰ্ভৰশীল। লোক প্ৰশাসনে তেওঁলোকক সিদ্ধান্ত গ্ৰহণতো পৰামৰ্শ দিয়ে। এই প্ৰশাসনে গণতান্ত্ৰিক শাসনব্যৱস্থাৰ স্থায়ীত্বও ৰক্ষা কৰে। কাৰণ গণতন্ত্ৰত সঘনে চৰকাৰ সাল-সলনি হয়, কিন্তু লোক প্ৰশাসনে ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰে। গতিকে গণতান্ত্ৰিক শাসনব্যৱস্থা যে লোক প্ৰশাসনৰ ওচৰত অধিক পৰিমানে নিৰ্ভৰশীল সেই কথা বুজা যায়। সেয়েহে গণতন্ত্ৰত লোক প্ৰশাসনৰ গুৰুত্ব অধিক। 

5. অভিন্ন দৃষ্টিভঙ্গী আৰু পৰিচালনামূলক দৃষ্টিভঙ্গীৰ প্ৰভেদ ব্যাখ্যা কৰা।

উত্তৰঃ অভিন্ন দৃষ্টিভঙ্গী আৰু পৰুচালনামূলক দৃষ্টিভঙ্গীৰ মাজত প্ৰভেদ থকা দেখা যায়।

(i) অভিন্ন দৃষ্টিভঙ্গীয়ে প্ৰশাসনত থকা সকলোৰে কাৰ্যক সাঙুৰি লয়, 

আনহাতে, পৰিচালনামূলক দৃষ্টিভঙ্গীয়ে প্ৰশাসন বুলিলে উচ্চ পৰ্যায়ৰ কৰ্মচাৰীৰ কাৰ্যাৱলীকহে বুজায়।

(ii) অভিন্ন দৃষ্টিভঙ্গীৰ মতে সকলো ধৰণৰ কামেই হ'ল প্ৰশাসনীয় কাম

কিন্তু, পৰিচালনামূলক দৃষ্টিভঙ্গীৰ মতে পৰিচালনামূলক কামেই হ'ল একমাত্ৰ প্ৰশাসনীয় কাৰ্য।

(iii) অভিন্ন দৃষ্টিভঙ্গীৰ সমৰ্থকসকলে কয় যে বিভিন্ন ক্ষেত্ৰত প্ৰশাসন বিভিন্ন ধৰণৰ হ'ব। সকলো কাৰ্যৰ বাবে গঠন কৰা প্ৰশাসন একে ধৰণৰ হ'ব নোৱাৰে।

আনহাতে,  পৰিচালনামূলক দৃষ্টিভঙ্গীৰ সমৰ্থকসকলৰ মতে বিভিন্ন কাৰ্যৰ বাবে গঠন কৰা প্ৰশাসনীয় ব্যৱস্থা ভিন ভিন প্ৰকৃতিৰ নহয়। 

6. লোক-প্ৰশাসনৰ প্ৰকৃতি সম্বন্ধে থকা দৃষ্টিভঙ্গীকেইটাৰ নাম লিখা।

উত্তৰঃ লোক-প্ৰশাসনৰ প্ৰকৃতি সম্বন্ধে থকা দৃষ্টিভঙ্গীকেইটাৰ নাম হল- (a) অভিন্ন দৃষ্টিভঙ্গী আৰু (b) পৰিচালনামূলক দৃষ্টিভঙ্গী।

7. লোক প্ৰশাসনৰ পৰিসৰৰ বিষয়ে টোকা লিখা।

উত্তঃ লোক প্ৰশাসনৰ সংজ্ঞা আৰু প্ৰকৃতিৰ ক্ষেত্ৰত লিখকসকলৰ মাজত যেনেকৈ মতভেদ আছে. তেনেকৈ ইয়াৰ পৰিসৰৰ ক্ষেত্ৰতো মতানৈক্য় থকা দেখা যায়। এই ক্ষেত্ৰতো বিভিন্ন পণ্ডিতে বিভিন্ন মতামত প্ৰকাশ কৰিছে। লোক প্ৰশাসনৰ সংজ্ঞাবিলাকতে এই বিষয়টোৰ পৰিসৰ বা অধ্যয়নৰ বিষয়-বস্তু সম্পৰ্কে উল্লেখ কৰা হৈছে।

    কিছুমানে ঠেক আৰু কিছুমানে  বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ ব্যাখ্যা কৰিছে। এল. ডি. হোৱাইটে বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ বৰ্ণনা কৰিছে। তেওঁৰ মতে, "জনস্বাৰ্থৰ বাবে চৰকাৰে কৰা সকলো কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে।" কাৰণ, চৰকাৰী বা লোক প্ৰশাসনেহে এখন দেশৰ সমূহ জনসাধাৰণক সেৱা কৰিব পাৰে। কিন্তু প্ৰত্যেক চৰকাৰৰ তিনিটা প্ৰধান অঙ্গ আছে। সেই অঙ্গকেইটা হ'ল কাৰ্যপালিকা, বিধানমণ্ডল, আৰু ন্যায় পালিকা। কিছুমানৰ মতে চৰকাৰৰ তিনিওটা অঙ্গৰ কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ অন্তৰ্ভূক্ত । এই মতটো বহল অৰ্থত প্ৰকাশ কৰা হৈছে। কিন্তু কিছুমানে ঠেক অৰ্থত লোক প্ৰশাসনৰ পৰিসৰৰ ব্যাখ্যা কৰিছে। তেওঁলোকৰ মতে চৰকাৰৰ কাৰ্যপালিকাৰ কাৰ্যাৱলীহে লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে। 

               গতিকে দেখা যায় যে লোক প্ৰশাসনৰ পৰিসৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বহুতে চৰকাৰৰ তিনিটা শাখাৰ----আইন বিভাগ,শাসন বিভাগ আৰু বিচাৰ বিভাগৰ কাৰ্যাৱলীক ইয়াৰ অন্তৰ্ভূক্ত কৰাৰ পক্ষপাতী যদিও আন কিছুমান লিখকে চৰকাৰৰ শাসনবিভাগৰ কাৰ্যাৱলীৰ সৈতেহে লোক প্ৰশাসন জড়িত বুলি মত প্ৰকাশ কৰিছে।   

Essay type Questions :

1. লোক প্ৰশাসনৰ অৰ্থ আৰু পৰিসৰ সম্পৰ্কে বিভিন্ন দৃষ্টিভঙ্গীবিলাক আলোচনা কৰা।

উত্তৰঃ প্ৰশাসন শব্দটোৱে বহল অৰ্থত লোক প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসন দুয়োকে সামৰি লয়। সুপ্ৰশাসনৰ অবিহনে কোনো ব্যৱস্থাই অগ্ৰগতি লাভ কৰিব নোৱাৰে। সেয়েহে সমাজ জীৱনৰ সকলো স্তৰতে প্ৰশাসনৰ ওপৰত ইমান গুৰুত্ব দিয়া হয়। প্ৰশাসনক বাদ দি কোনো সমাজত শৃঙ্খলা প্ৰতিষ্ঠা কৰিব নোৱাৰি। সুপ্ৰশাসনৰ ওপৰতে কোনো অগ্ৰগতি আৰু শৃঙ্খলা নিৰ্ভৰ কৰে।

লোক প্ৰশাসন প্ৰশাসনৰ এটা বিশেষ ভাগ। প্ৰত্যেকসমাজতে চৰকাৰে ৰাইজৰ বাবে কিছুমান কাম কৰে । এই কাম বিলাক চৰকাৰী সংগঠনৰ জৰিয়তে কৰা হয়। ইয়াকে সাধাৰণভাৱে লোক প্ৰশাসন বুলি কোৱা হয়।লোক প্ৰশাসনক চৰকাৰৰ আহিলা বুলি কোৱা হয়, কাৰণ ইয়াৰ জৰিয়তে চৰকাৰে নিজৰ উদ্দেশ্য সাধন কৰে। সমাজত যিদৰে ৰাজনৈতিক ব্যৱস্থা আৰু অৰ্থনৈতিক ব্যৱস্থা আছে, সেইদৰে লোক প্ৰশাসন ব্যৱস্থাও আছে। সেয়েহে যি মাধ্যমত চৰকাৰে জনস্বাৰ্থজড়িত কাৰ্যাৱলী সম্পাদন কৰে তাক চৰকাৰী প্ৰশাসন বা লোকপ্ৰশাসন বোলা হয়।

চৰকাৰী কাৰ্যৰ অঙ্গ হিচাপে লোক প্ৰশাসন প্ৰত্যেক ৰাজনৈতিক ব্যৱস্থাৰ সৈতে জড়িত, কাৰণ ৰাজনৈতিক সিদ্ধান্তক কাৰ্যকৰী কৰাৰ মাধ্যম হল প্ৰশাসন। অতীতৰ পৰাই চৰকাৰী প্ৰশাসন প্ৰক্ৰিয়াই চিন্তানায়কসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। কৌটিল্যৰ 'অৰ্থশাস্ত্ৰ', মহাভাৰত, ৰামায়ণ আদি পুথিত চৰকাৰী প্ৰশাসন সম্পৰ্কে মূল্যবান আলোচনা কৰা হৈছে। এৰিষ্ট'টল, মেকিয়াভেলী আদি লিখকৰো এই ক্ষেত্ৰত অৱদান অপৰিসীম।

১৮৮৭ চনত উদ্ৰো উইলচনে এটা প্ৰৱন্ধত প্ৰশাসনক এটা শাস্ত্ৰ অধ্যয়নৰ বিষয়ে হিচাপে ৰূপ আৰু মৰ্যদা দিয়ে। তেওঁৰ মতে লোক প্ৰশাসনৰ এটা বিজ্ঞান তৈয়াৰ কৰা প্ৰয়োজন। এই বিজ্ঞানৰ কাম হ'ব চৰকাৰী কাৰ্যপন্থাৰ সৰলীকৰণ। "চৰকাৰী কাৰ্যক কিছু পৰিমানে ব্যৱসায়ী সুলভ কৰি, চৰকাৰী সংগঠনক দৃঢ় আৰু পৰিশুদ্ধ কৰা আৰু চৰকাৰী কৰ্তব্যক কৰ্তব্যবোধকৰ দ্বাৰা মণ্ডিত কৰা হব এই বিজ্ঞানৰ কাম।"

আধুনিক ৰাষ্ট্ৰৰ মূলমন্ত্ৰ হল মানৱকল্যান। ভাৰতবৰ্ষৰ নিচিনা এখন বিকাশশীল দেশত লোক প্ৰশাসনৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে। উপযুক্ত প্ৰশাসনিক যন্ত্ৰ নাথাকিলে চৰকাৰে কোনো কাৰ্যত সাফল্য লাভ কৰিব নোৱাৰে। গতিকে ভাৰতবৰ্ষৰ নিচিনা কল্যাণকামী ৰাষ্ট্ৰত সুস্থ আৰু শক্তিশালী প্ৰশাসন ব্যৱস্থাৰ প্ৰয়োজন। গণতান্ত্ৰিক কল্যানমূলক ৰাষ্ট্ৰ গঠন কৰিবলৈ হ'লে লোক প্ৰশাসনৰ কাৰ্যপদ্ধতিত নৈতিক আদৰ্শৰ প্ৰতিফলন দৰকাৰ। যি প্ৰশাসন ব্যৱস্থাৰ নৈতিক আদৰ্শ নাই, সেই প্ৰশাসনে কেতিয়াও জনসাধাৰণৰ আশা-আকাংক্ষা পূৰ্ণ কৰিব নোৱাৰে।

2. লোক প্ৰশাসনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ অধ্যয়নৰ পৰিসৰ আলোচনা কৰা।

উত্তৰঃ লোক প্ৰসাসনৰ সংজ্ঞাসমূহৰ আলোচনা অবিহনে ইয়াৰ ধাৰণা কেতিয়াও সম্পূৰ্ণ হব নোৱাৰে। লোক প্ৰশাসনৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Administration' । 'Administration' শব্দটো লেটিন ভাষাৰ দুটা শব্দ 'Ad' আৰু 'Ministraire'-ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হ'ল যত্ন লোৱা, তত্ত্বাৱধান কৰা বা কাৰ্য পৰিচালনা কৰা । লোক প্ৰশাসন সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। সেই সংজ্ঞা সমূহৰ বিষয়ে তলত আলোচনা কৰা হল____

(i) এল. ডি. হোৱাইটৰ মতে "প্ৰশাসন হ'ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো ব্যক্তিৰ প্ৰতি নিৰ্দেশদান, সমন্বয় আৰু নিয়ন্ত্ৰণ।" 

(ii) হাৰ্বাৰ্ট ছাইমনৰ মতে, "ব্যাপক অৰ্থত প্ৰশাসন হ'ল সাধাৰণ উদ্দেশ্য সাধনৰ বাবে বিভিন্ন গোষ্ঠীৰ মাজত সহযোগিতা।"

(iii) উড্ৰো উইলচনৰ মতে, "জন আইনৰ বিস্তাৰিত আৰু শৃঙ্খলাৱদ্ধ প্ৰয়োগেই হ'ল লোক প্ৰশাসন।"

(iv) গ্লেডেনে কৈছে যে, "লোক প্ৰশাসন হ'ল চৰকাৰী গোটসমূহে জনসাধাৰণৰ স্বাৰ্থ সম্পৰ্কিত বিষয়ৰ পৰিচালনা কৰা।"

(v) পিফ্নাৰৰ মতে, "কোনো সংগঠনে এটা নিদিষ্ট উদ্দেশ্য সাধনৰ বাবে মানুহ আৰু অন্যান্য সম্পদক সংগঠন আৰু পৰিচলনা কৰাকে প্ৰশাসন বুলিব পাৰি।"

(vi) নিগ্ৰোৰ মতে, "মানুহ আৰু কিছুমান বস্তু-বাহানী লৈ গঠিত এটা সংগঠনে কোনো নিৰ্দিষ্ট লক্ষ্য সাধন কৰাকে প্ৰশাসন বোলে।"

(vii) ওৱাল্ডোৱে কৈছে যে, "ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰাৰ কলা আৰু বিজ্ঞানক লোক প্ৰশাসন বোলা হয়।

(viii) ওৱাকাৰে প্ৰশাসনৰ সংজ্ঞা আগবঢ়াওতে কৈছে যে "চৰকাৰে কোনো আইনক কাৰ্যকৰী কৰাকে লোক প্ৰশাসন বোলে।"

লোক প্ৰশাসনৰ সংজ্ঞা আৰু প্ৰকৃতিৰ ক্ষেত্ৰত লিখকসকলৰ মাজত যেনেকৈ মতভেদ আছে. তেনেকৈ ইয়াৰ পৰিসৰৰ ক্ষেত্ৰতো মতানৈক্য় থকা দেখা যায়। এই ক্ষেত্ৰতো বিভিন্ন পণ্ডিতে বিভিন্ন মতামত প্ৰকাশ কৰিছে। লোক প্ৰশাসনৰ সংজ্ঞাবিলাকতে এই বিষয়টোৰ পৰিসৰ বা অধ্যয়নৰ বিষয়-বস্তু সম্পৰ্কে উল্লেখ কৰা হৈছে।

    কিছুমানে ঠেক আৰু কিছুমানে  বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ ব্যাখ্যা কৰিছে। এল. ডি. হোৱাইটে বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ বৰ্ণনা কৰিছে। তেওঁৰ মতে, "জনস্বাৰ্থৰ বাবে চৰকাৰে কৰা সকলো কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে।" কাৰণ, চৰকাৰী বা লোক প্ৰশাসনেহে এখন দেশৰ সমূহ জনসাধাৰণক সেৱা কৰিব পাৰে। কিন্তু প্ৰত্যেক চৰকাৰৰ তিনিটা প্ৰধান অঙ্গ আছে। সেই অঙ্গকেইটা হ'ল কাৰ্যপালিকা, বিধানমণ্ডল, আৰু ন্যায় পালিকা। কিছুমানৰ মতে চৰকাৰৰ তিনিওটা অঙ্গৰ কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ অন্তৰ্ভূক্ত । এই মতটো বহল অৰ্থত প্ৰকাশ কৰা হৈছে। কিন্তু কিছুমানে ঠেক অৰ্থত লোক প্ৰশাসনৰ পৰিসৰৰ ব্যাখ্যা কৰিছে। তেওঁলোকৰ মতে চৰকাৰৰ কাৰ্যপালিকাৰ কাৰ্যাৱলীহে লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে। 

               গতিকে দেখা যায় যে লোক প্ৰশাসনৰ পৰিসৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বহুতে চৰকাৰৰ তিনিটা শাখাৰ----আইন বিভাগ,শাসন বিভাগ আৰু বিচাৰ বিভাগৰ কাৰ্যাৱলীক ইয়াৰ অন্তৰ্ভূক্ত কৰাৰ পক্ষপাতী যদিও আন কিছুমান লিখকে চৰকাৰৰ শাসনবিভাগৰ কাৰ্যাৱলীৰ সৈতেহে লোক প্ৰশাসন জড়িত বুলি মত প্ৰকাশ কৰিছে।   

3. লোকপ্ৰশাসননৰ সংজ্ঞা লিখা। লোকপ্ৰশাসনৰ পৰিসৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা। লোকপ্ৰশাসনৰ গুৰুত্ব বাঢ়ি অহাৰ কাৰণসমূহ কি কি ?

উত্তৰঃ লোক প্ৰশাসনৰ সংজ্ঞা বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণেৰে আগবঢ়াইছে । তাৰ ভিতৰত এল. ডি. হোৱাইটৰ মতে "প্ৰশাসন হ'ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো ব্যক্তিৰ প্ৰতি নিৰ্দেশদান, সমন্বয় আৰু নিয়ন্ত্ৰণ।"

লোক প্ৰশাসনৰ সংজ্ঞা আৰু প্ৰকৃতিৰ ক্ষেত্ৰত লিখকসকলৰ মাজত যেনেকৈ মতভেদ আছে. তেনেকৈ ইয়াৰ পৰিসৰৰ ক্ষেত্ৰতো মতানৈক্য় থকা দেখা যায়। এই ক্ষেত্ৰতো বিভিন্ন পণ্ডিতে বিভিন্ন মতামত প্ৰকাশ কৰিছে। লোক প্ৰশাসনৰ সংজ্ঞাবিলাকতে এই বিষয়টোৰ পৰিসৰ বা অধ্যয়নৰ বিষয়-বস্তু সম্পৰ্কে উল্লেখ কৰা হৈছে।

    কিছুমানে ঠেক আৰু কিছুমানে  বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ ব্যাখ্যা কৰিছে। এল. ডি. হোৱাইটে বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ বৰ্ণনা কৰিছে। তেওঁৰ মতে, "জনস্বাৰ্থৰ বাবে চৰকাৰে কৰা সকলো কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে।" কাৰণ, চৰকাৰী বা লোক প্ৰশাসনেহে এখন দেশৰ সমূহ জনসাধাৰণক সেৱা কৰিব পাৰে। কিন্তু প্ৰত্যেক চৰকাৰৰ তিনিটা প্ৰধান অঙ্গ আছে। সেই অঙ্গকেইটা হ'ল কাৰ্যপালিকা, বিধানমণ্ডল, আৰু ন্যায় পালিকা। কিছুমানৰ মতে চৰকাৰৰ তিনিওটা অঙ্গৰ কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ অন্তৰ্ভূক্ত । এই মতটো বহল অৰ্থত প্ৰকাশ কৰা হৈছে। কিন্তু কিছুমানে ঠেক অৰ্থত লোক প্ৰশাসনৰ পৰিসৰৰ ব্যাখ্যা কৰিছে। তেওঁলোকৰ মতে চৰকাৰৰ কাৰ্যপালিকাৰ কাৰ্যাৱলীহে লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে। 

4. লোক প্ৰশাসনৰ অৰ্থ আৰু অধ্যয়নৰ পৰিসৰ ব্যাখ্যা কৰা

উত্তৰঃ প্ৰশাসন শব্দটোৱে বহল অৰ্থত লোক প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসন দুয়োকে সামৰি লয়। সুপ্ৰশাসনৰ অবিহনে কোনো ব্যৱস্থাই অগ্ৰগতি লাভ কৰিব নোৱাৰে। সেয়েহে সমাজ জীৱনৰ সকলো স্তৰতে প্ৰশাসনৰ ওপৰত ইমান গুৰুত্ব দিয়া হয়। প্ৰশাসনক বাদ দি কোনো সমাজত শৃঙ্খলা প্ৰতিষ্ঠা কৰিব নোৱাৰি। সুপ্ৰশাসনৰ ওপৰতে কোনো অগ্ৰগতি আৰু শৃঙ্খলা নিৰ্ভৰ কৰে।

লোক প্ৰশাসনৰ সংজ্ঞা আৰু প্ৰকৃতিৰ ক্ষেত্ৰত লিখকসকলৰ মাজত যেনেকৈ মতভেদ আছে. তেনেকৈ ইয়াৰ পৰিসৰৰ ক্ষেত্ৰতো মতানৈক্য় থকা দেখা যায়। এই ক্ষেত্ৰতো বিভিন্ন পণ্ডিতে বিভিন্ন মতামত প্ৰকাশ কৰিছে। লোক প্ৰশাসনৰ সংজ্ঞাবিলাকতে এই বিষয়টোৰ পৰিসৰ বা অধ্যয়নৰ বিষয়-বস্তু সম্পৰ্কে উল্লেখ কৰা হৈছে।

    কিছুমানে ঠেক আৰু কিছুমানে  বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ ব্যাখ্যা কৰিছে। এল. ডি. হোৱাইটে বহল অৰ্থত লোক প্ৰশাসনৰ পৰিসৰ বৰ্ণনা কৰিছে। তেওঁৰ মতে, "জনস্বাৰ্থৰ বাবে চৰকাৰে কৰা সকলো কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে।" কাৰণ, চৰকাৰী বা লোক প্ৰশাসনেহে এখন দেশৰ সমূহ জনসাধাৰণক সেৱা কৰিব পাৰে। কিন্তু প্ৰত্যেক চৰকাৰৰ তিনিটা প্ৰধান অঙ্গ আছে। সেই অঙ্গকেইটা হ'ল কাৰ্যপালিকা, বিধানমণ্ডল, আৰু ন্যায় পালিকা। কিছুমানৰ মতে চৰকাৰৰ তিনিওটা অঙ্গৰ কাৰ্যাৱলী লোক প্ৰশাসনৰ পৰিসৰৰ অন্তৰ্ভূক্ত । এই মতটো বহল অৰ্থত প্ৰকাশ কৰা হৈছে। কিন্তু কিছুমানে ঠেক অৰ্থত লোক প্ৰশাসনৰ পৰিসৰৰ ব্যাখ্যা কৰিছে। তেওঁলোকৰ মতে চৰকাৰৰ কাৰ্যপালিকাৰ কাৰ্যাৱলীহে লোক প্ৰশাসনৰ পৰিসৰৰ ভিতৰত পৰে। 

               গতিকে দেখা যায় যে লোক প্ৰশাসনৰ পৰিসৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বহুতে চৰকাৰৰ তিনিটা শাখাৰ----আইন বিভাগ,শাসন বিভাগ আৰু বিচাৰ বিভাগৰ কাৰ্যাৱলীক ইয়াৰ অন্তৰ্ভূক্ত কৰাৰ পক্ষপাতী যদিও আন কিছুমান লিখকে চৰকাৰৰ শাসনবিভাগৰ কাৰ্যাৱলীৰ সৈতেহে লোক প্ৰশাসন জড়িত বুলি মত প্ৰকাশ কৰিছে।  

5. লোক প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত প্ৰভেদ দেখুওৱা।

উত্তৰঃ লোক প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসনৰ মাজত বাহিৰৰ পৰা কোনো ধৰণৰ পাৰ্থক্য নাই যেন লাগে যদিও কিন্তু চৰকাৰী আৰু বে-চৰকাৰী প্ৰশাসনৰ মাজত কিছুমান প্ৰভেদ দথকা দেখা যায়।গতিকে জনসাধাৰণৰো দুয়োবিধ প্ৰশাসনৰ প্ৰতি দৃষ্টিভঙ্গী বেলেগ।

অধ্যাপক এপেলবিয়ে উল্লেখ কৰিছে যে চৰকাৰী আৰু বে-চৰকাৰী প্ৰশাসনৰ সামাজিক দৃষ্টিভঙ্গীৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো বৰ টান। কিন্তু এই দুই প্ৰশাসনৰ মাজত বহুতো পাৰ্থক্য আছে। তলত এই পাৰ্থক্য সমূহ উল্লেখ কৰা হল।

(১) হাৰ্বাৰ্ট ছাইমনৰ মতে চৰকাৰী প্ৰশাসন আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। 

আনহাতে, বে-চৰকাৰী প্ৰশাসন অধিক পৰিমানে ব্যৱসায়ী মনোবৃত্তিসম্পন্ন।

(২) লোক প্ৰশাসন ক্ষমতাসীন ৰাজনৈতিক মতাদৰ্শ আৰু দলীয় দৃষ্টিকোণৰ দ্বাৰা পৰিচালিত আৰু প্ৰভাৱান্বিত হয়। 

আনহাতে, বে-চৰকাৰী উদ্যোগৰ পৰিচালনাৰ ক্ষেত্ৰত ৰাজনীতিৰ সিমান ভূমিকা নাথাকে। ইয়াক ৰাজনীতিৰ পৰা প্ৰায় মুক্ত বুলি কব পাৰি।

(৩) ছাইমনে আকৌ মন্তব্য কৰিছে যে চৰকাৰী প্ৰশাসনত "ৰঙা ফিতাৰ বান্ধোন'ৰ অপবাদ আছে। 

কিন্তু, বে-চৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত এনে ধৰণৰ অপবাদমূলক প্ৰবাদৰ ব্যৱহাৰ নাই।

(৪) জোছিয়া ষ্টাম্পৰ মতে লোক প্ৰশাসন কিছুমান আইনৰ দ্বাৰা পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত এনে ধৰণৰ কোনো পূৰ্ণ অনুমোদনৰ প্ৰয়োজন নহয়। ইয়াৰ ওপৰত আইনসভাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ ক্ষমতা নাই।

(৫) জোছিয়া ষ্টাম্পে আকৌ কৈছে যে লোক প্ৰশাসনৰ কাৰ্যাৱলী এটা সুনিদিৰ্ষ্ট দায়িত্ব আৰু পৰিপ্ৰেক্ষিতত পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসন তেনে ধৰণৰ কোনো নীতিৰ দ্বাৰা পৰিচালিত নহয়।

(৬) জোছিয়া ষ্টাম্পৰ মতে চৰকাৰী প্ৰশাসন মূলতে চৰকাৰৰ শাসন বিভাগৰ দ্বাৰা হ'লেও প্ৰশাসনৰ ব্যয় নিৰ্ধাৰণৰ দায়িত্ব আইনসভাৰ ওপৰত ন্যস্ত কৰা হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনৰ ওপৰত আইনসভাৰ এনে ধৰণৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ নিয়ন্ত্ৰণ নাথাকে।

(৭) জোছষ্টাম্পৰ মতে লোক প্ৰশাসনৰ এটা সুনিদিৰ্ষ্ট নীতি আছে আৰু ই আইননুসাৰে পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত তেনে সুনিদিৰ্ষ্ট নীতি নাই বাবে আইনৰ কট্কটীয়া বান্ধোনৰ মাজত নাথাকে। 

(৮) অধ্যাপক মাৰ্ছনৰ মতে লোক প্ৰশাসনৰ উদ্দেশ্য আৰ্থিক লাভ নহয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনৰ মূল উদ্দেশ্য হল আৰ্থিক লাভ কৰা।

(৯) চৰকাৰী প্ৰশাসন সকলো নিয়মতে নিৰপেক্ষ । ই পক্ষপাতিত্ব কৰিব নোৱাৰে।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত পক্ষপাতিত্ব অবাধে চলে। 

(১০) চৰকাৰী প্ৰশাসনে সকলোৰে সেৱা কৰে। ইয়াক জনস্বাৰ্থ ৰক্ষা কৰিবৰ বাবে গঠন কৰা হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসন সকলোকে সেৱা কৰিবৰ বাবে গঠন কৰা হয়।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে লোক প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসনে বেলেগ পৰিৱেশৰ মাজত কাৰ্য সম্পাদন কৰে। এই দুয়োটাৰ মাজত উদ্দেশ্যগত পাৰ্থক্যও থকা দেখা যায়। কিন্তু বৰ্তমানে এই দুয়োবিধ প্ৰশাসনৰ মাজত ওপৰত উল্লেখ কৰা বহুতো পাৰ্থক্য নোহোৱা হৈ গৈছে।

6. লোক প্ৰশাসনৰ দৰ্শন সম্পৰ্কে এটি টোকা লিখা।

উত্তৰঃ লোক প্ৰকাশনৰ স্পষ্ট ধাৰণা বুজিবলৈ দৰ্শনে আমাক সহায় কৰে। বৰ্তমান সমাজত প্ৰত্যেক ব্যক্তিৰ লোক প্ৰশাসনৰ সৈতে সম্পৰ্ক আছে। প্ৰশাসনৰ ওপৰত জনসাধাৰণ এইদৰে নিৰ্ভৰশীল হৈ পৰিছে। এতিয়া লোক প্ৰশাসনৰ সহায় আৰু সহযোগিতা বিনে মানুহে জীয়াই থকাৰ কথা চিন্তা কৰিব নোৱাৰে। সেয়েহে বহুতে ভাৱে যে প্ৰশাসনৰ এটা দৰ্শন থকা উচিত। ইয়াত 'দৰ্শনে' প্ৰশাসনৰ আদৰ্শক বুজাইছে। 

 অৰ্ডওৱে টিডে লোক প্ৰশাসনৰ দৰ্শন ৰচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে, "প্ৰশাসনৰ দৰ্শনে লোক প্ৰশাসনক অধিক পৰিমানে বৃত্তিমুখী কৰিব আৰু ইয়াৰ সামাজিক কল্যাণৰ বাবে প্ৰয়োগ কৰিব পাৰিব। মাৰ্শ্বেল ডিমকে তেওঁৰ গ্ৰন্থত প্ৰশাসনৰ আদৰ্শ বা দৰ্শনৰ ৰচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ মত প্ৰকাশ কৰিছে যে, "লোক প্ৰশাসনৰ পৰিসৰ এতিয়া ইমান বহল যে ইয়াৰ আদৰ্শক জীৱনৰ আদৰ্শ বুলি কব পাৰি। 

             লোক প্ৰশাসনে জনসাধাৰণৰ সকলো আশা-আকাঙ্ক্ষা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰশাসনে সেৱা কৰা বুজায়। সেয়েহে জিমকে মত প্ৰকাশ কৰিছে যে সেৱাৰ মনোবৃত্তি নাথাকিলে যিকোনো প্ৰশাসন ব্যৱস্থা কৃতকাৰ্য হ'ব নোৱাৰে। গতিকে জনসাধাৰণক সকলো প্ৰকাৰে সেৱা কৰাই প্ৰশাসনৰ মূল দৰ্শন হ'ব লাগিব আৰু তাৰ বাবেই প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহন কৰিব লাগিব।আদৰ্শবিহীন প্ৰশাসন ব্যৱস্থাই প্ৰশাসনক এটা আহিলা হিচাপে সক্ৰিয় কৰিব নোৱাৰে। সেয়েহে প্ৰশাসনীয় দৰ্শনৰ ওপৰত প্ৰশাসক সকলে অধিক গুৰুত্ব আৰোপ কৰা উচিত।

7. লোক প্ৰশাসনৰ সংজ্ঞা দিয়া আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্বৰ বিযয়ে আলোচনা কৰা।

উত্তৰঃ লোকপ্ৰশাসনৰ সংজ্ঞা সমূহ হল____

(i) এল. ডি. হোৱাইটৰ মতে "প্ৰশাসন হ'ল বিশেষ উদ্দেশ্য সাধনৰ বাবে বহুতো ব্যক্তিৰ প্ৰতি নিৰ্দেশদান, সমন্বয় আৰু নিয়ন্ত্ৰণ।"

(ii) হাৰ্বাৰ্ট ছাইমনৰ মতে, "ব্যাপক অৰ্থত প্ৰশাসন হ'ল সাধাৰণ উদ্দেশ্য সাধনৰ বাবে বিভিন্ন গোষ্ঠীৰ মাজত সহযোগিতা।"

(iii) উড্ৰো উইলচনৰ মতে, "জন আইনৰ বিস্তাৰিত আৰু শৃঙ্খলাৱদ্ধ প্ৰয়োগেই হ'ল লোক প্ৰশাসন।"

(iv) গ্লেডেনে কৈছে যে, "লোক প্ৰশাসন হ'ল চৰকাৰী গোটসমূহে জনসাধাৰণৰ স্বাৰ্থ সম্পৰ্কিত বিষয়ৰ পৰিচালনা কৰা।"

(v) পিফ্নাৰৰ মতে, "কোনো সংগঠনে এটা নিদিষ্ট উদ্দেশ্য সাধনৰ বাবে মানুহ আৰু অন্যান্য সম্পদক সংগঠন আৰু পৰিচলনা কৰাকে প্ৰশাসন বুলিব পাৰি।"

(vi) নিগ্ৰোৰ মতে, "মানুহ আৰু কিছুমান বস্তু-বাহানী লৈ গঠিত এটা সংগঠনে কোনো নিৰ্দিষ্ট লক্ষ্য সাধন কৰাকে প্ৰশাসন বোলে।"

(vii) ওৱাল্ডোৱে কৈছে যে, "ৰাষ্ট্ৰৰ কাৰ্য পৰিচালনা কৰাৰ কলা আৰু বিজ্ঞানক লোক প্ৰশাসন বোলা হয়।

(viii) ওৱাকাৰে প্ৰশাসনৰ সংজ্ঞা আগবঢ়াওতে কৈছে যে "চৰকাৰে কোনো আইনক কাৰ্যকৰী কৰাকে লোক প্ৰশাসন বোলে।"

লোক প্ৰশাসনৰ গুৰুত্ব বিযয়ে তলত আলোচনা কৰা হল_____

প্ৰশাসনক দুই শ্ৰেণীত বিভক্ত কৰা হয়। চৰকাৰী লোক প্ৰশাসন আৰু বে-চৰকাৰী বা ব্যক্তিগত প্ৰশাসন। যেতিয়া প্ৰশাসন কাৰ্য চৰকাৰে পৰিচালনা কৰে, তেতিয়া ইয়াক লোক প্ৰশাসন বোলা হয়। বে-চৰকাৰী পৰ্যায়ত কাৰ্য সম্পাদন কৰাক বে-চৰকাৰী প্ৰশাসন বোলা হয়। আধুনিক যুগত দুয়োবিধ প্ৰশাসনৰ গুৰুত্ব আছে।

লোক প্ৰশাসনৰ সংজ্ঞাবিলাক পৰীক্ষা কৰি চালে দেখা যায় যে লোক প্ৰশাসনক দুটা অৰ্থত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ লোক প্ৰশাসনক বহল আৰু ঠেক অৰ্থত প্ৰয়োগ কৰা অৰ্থত লোক প্ৰশাসনে অকল চৰকাৰৰ কাৰ্যপালিকাৰ কাৰ্যাৱলীক বুজায়। সাধাৰণ মানুহে লোক প্ৰশাসনক কাৰ্যপালিকাৰ সংগঠন আৰু কাৰ্যপালন বুলি ভাবে। কিন্তু চৰকাৰৰ অন্যান্য অংগবিলাকৰ সৈতেও ই ওতঃপ্ৰোতভাৱে জড়িত। সাধাৰণতে লোক প্ৰশাসনে কাৰ্যপালিকাৰ কাৰ্যাৱলীক বুজায় যদিও চৰকাৰৰ অন্যান্য অংগৰ কাৰ্যাৱলীৰ লগত ইয়াৰ সম্পৰ্ক আছে। সেয়েহে লোক প্ৰশাসনক কাৰ্যৰত চৰকা বুলি কোৱা হয়।সেয়েহে লোক প্ৰশাসনক কাৰ্যৰত চৰকাৰ বুলি কোৱা হয়।

গতিকে দেখা যায় যে লোক প্ৰশাসন হ'ল চৰকাৰৰ এটা আহিলা যাৰ জৰিয়তে চৰকাৰী নীতিবিলাক আৰু অন্যান্য কাৰ্যাৱলী জনস্বাৰ্থৰ খাতিৰত সম্পাদন কৰা হয়। সেয়েহে লোক প্ৰশাসন অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অতি আৱশ্যক।

8. লোক প্ৰশাসনৰ পৰিৱৰ্তিত ধাৰণাসমূহ আলোচনা কৰা।

উত্তৰঃ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হ'লে সামাজিক পৰিৱৰ্তনৰ অতিকৈ প্ৰয়োজন। এইটোৱে হল লোক প্ৰশাসনৰ মূলমন্ত্ৰ। এই প্ৰশাসনে স্থিতাৱস্থা আৰু স্থায়ী সংস্থাৰ স্থায়ী স্বাৰ্থৰ বিৰুদ্ধে সংগ্ৰাম কৰিব লাগিব। 

                    তলত প্ৰশাসনৰ পৰিৱৰ্তিত ধাৰণাসমূহ আলোচনা কৰা হল----

লোক প্ৰশাসনৰ এই নতুন আন্দোলনে প্ৰশাসনক ৰাজনীতি বিজ্ঞানৰ একেবাৰে ওচৰলৈ লৈ আহিছে। বাস্তৱিকতে "এই আন্দোলনৰ ফলত লোক প্ৰশাসনৰ সৈতে ৰাজনীতি বিজ্ঞানৰ মূল বিষয়ৰ সমন্বয় সাধিত হৈছে। তৃতীয়বিশ্বৰ দেশবিলাকত প্ৰশাসনৰ গুণগত পৰিৱৰ্তনৰ প্ৰয়োজন আৰু ইয়াক আমোলাতন্ত্ৰৰ প্ৰভাৱৰ পৰা মুক্ত কৰাও উছিত। আমোলাতন্ত্ৰৰ মানসিক পৰিৱৰ্তনৰ বিনে তৃতীয়বিশ্বৰ দেশবিলাকে প্ৰশাসনৰ ক্ষেত্ৰত দক্ষতা লাভ কৰিব নোৱাৰে। লোক প্ৰশাসন সামাজিক সমস্যাবিলাকৰ প্ৰতি সজাগ থাকি ,সেইবিলাক সমাধানৰ হকে কাম কৰিব লাগিব।

                   নতুন লোক প্ৰশাসন তত্বৰ অন্যতম প্ৰৱক্তা জৰ্জ ফ্ৰেডাৰিকছনে কৈছে যে আইন সভা আৰু প্ৰশাসন বিভাগৰ যি গতানুগতিক ভূমিকা তাৰ পৰিৱৰ্তনৰ প্ৰয়োজন নাই। নতুন লোক প্ৰশাসনবিদসকলে প্ৰয়োজন হলে সমাজৰ কল্যাণৰ বাবে আইন সভা আৰু শাসন বিভাগৰ নিৰ্দেশ অমান্য কৰিব বিচাৰে। কাৰণ, সামাজিক ন্যায় সম্পৰ্কে সকলোৰে ধাৰণা একে নহয়। গতিকে দেখা যায় যে নতুন লোক প্ৰশাসনে মূল্য আৰু নীতিক প্ৰধান বিচাৰ্য বুলি বিবেচনা কৰে।              

9. ৰাজহুৱা প্ৰশাসনৰ প্ৰকৃতি আৰু পৰিসৰ আলোচনা কৰা ।

উত্তৰঃ  

10. লোক-প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত মুখ্য সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ উল্লেখ কৰা।

উত্তৰঃ  লোক প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত থকা মুখ্য সাদৃশ্য সমূহ হল___

(i) একে ধৰণৰ কামঃ চৰকাৰী আৰু বে-চৰকাৰী প্ৰশাসনৰ মাজত যিবিলাক সাদৃশ্য দেখিবলৈ পোৱা যায় তাৰ ভিতৰত অন্যতম হল এই যে দুয়োবিধ প্ৰশাসনে একে ধৰণৰ কাম কৰে। চৰকাৰী প্ৰশাসনৰ ইঞ্জিনীয়াৰ বা প্ৰশাসকে যি কাম কৰে বে-চৰকাৰী প্ৰশাসনৰ ইঞ্জিনীয়াৰ বা প্ৰশাসকেও সেই একে ধৰণৰ কাম কৰে।

(ii) একে লক্ষ্যঃ চৰকাৰী প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসন---উভয়ৰ লক্ষ্য প্ৰায় একে বুলিব পাৰি। জনসাধাৰণৰ চাহিদা আৰু প্ৰয়োজন মতে এখন কল্যাণকামী ৰাষ্ট গঠন কৰাই দুই প্ৰশাসনৰ লক্ষ্য।

(iii) শ্ৰেণীবিভাগঃ চৰকাৰী আৰু বে-চৰকাৰী প্ৰশাসনৰ ক্ৰমোচ্চ শ্ৰেণীবিভাগ প্ৰায় একে ধৰণৰ। একে ধৰণৰ আমোলাতান্ত্ৰিক গাঁথনিৰ ওপৰত দুয়ো ধৰণৰ প্ৰশাসন প্ৰতিষ্ঠা কৰা দেখা যায়।

(iv) একেই বিজ্ঞান আৰু নীতিঃ প্ৰশাসন এটা বিজ্ঞান, সেই প্ৰশাসন চৰকাৰী বা বে-চৰকাৰী হব পাৰে। অৰ্থাৎ, এবিধ প্ৰশাসন বিজ্ঞান আৰু আনবিধ বিজ্ঞান নহয়, এই মত কেতিয়াও পোষণ কৰিব নোৱাৰি।

(v) দক্ষতাঃ চৰকাৰী আৰু বে-চৰকাৰী প্ৰশাসনৰ মাজত দক্ষতাগত সাদৃশ্যই দুয়ো প্ৰশাসনক প্ৰায় একে পৰ্যায়ৰ কৰি তুলিছে। দুয়ো ধৰণৰ প্ৰশাসনৰ একে ধৰণৰ দক্ষতা আৰু কাৰ্যপদ্ধতি থকা দেখা যায়।

লোক প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসনৰ মাজত থকা বৈসাদৃশ্য সমূহ হল---

(১) হাৰ্বাৰ্ট ছাইমনৰ মতে চৰকাৰী প্ৰশাসন আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। 

আনহাতে, বে-চৰকাৰী প্ৰশাসন অধিক পৰিমানে ব্যৱসায়ী মনোবৃত্তিসম্পন্ন।

(২) লোক প্ৰশাসন ক্ষমতাসীন ৰাজনৈতিক মতাদৰ্শ আৰু দলীয় দৃষ্টিকোণৰ দ্বাৰা পৰিচালিত আৰু প্ৰভাৱান্বিত হয়। 

আনহাতে, বে-চৰকাৰী উদ্যোগৰ পৰিচালনাৰ ক্ষেত্ৰত ৰাজনীতিৰ সিমান ভূমিকা নাথাকে। ইয়াক ৰাজনীতিৰ পৰা প্ৰায় মুক্ত বুলি কব পাৰি।

(৩) ছাইমনে আকৌ মন্তব্য কৰিছে যে চৰকাৰী প্ৰশাসনত "ৰঙা ফিতাৰ বান্ধোন'ৰ অপবাদ আছে। 

কিন্তু, বে-চৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত এনে ধৰণৰ অপবাদমূলক প্ৰবাদৰ ব্যৱহাৰ নাই।

(৪) জোছিয়া ষ্টাম্পৰ মতে লোক প্ৰশাসন কিছুমান আইনৰ দ্বাৰা পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত এনে ধৰণৰ কোনো পূৰ্ণ অনুমোদনৰ প্ৰয়োজন নহয়। ইয়াৰ ওপৰত আইনসভাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ ক্ষমতা নাই।

(৫) জোছিয়া ষ্টাম্পে আকৌ কৈছে যে লোক প্ৰশাসনৰ কাৰ্যাৱলী এটা সুনিদিৰ্ষ্ট দায়িত্ব আৰু পৰিপ্ৰেক্ষিতত পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসন তেনে ধৰণৰ কোনো নীতিৰ দ্বাৰা পৰিচালিত নহয়।

11. অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসনৰ ক্ৰমবিকাশ আলোচনা কৰা।

উত্তৰঃ লোক প্ৰশাসন গতিশীল, ই স্থিতিশীল নহয়। মানুহৰ অৱস্থাৰ পৰিৱৰ্তনৰ লগে লগে প্ৰশাসনৰো বিকাশ হৈছে। প্ৰশাসন ব্যৱস্থা একেদৰে থাকে তেতিয়াহলে ই জনসাধাৰণৰ আশা-আকাঙ্ক্ষা পূৰ্ণ কৰিব নোৱাৰে। গতিকে সামাজিক পৰিৱৰ্তনৰ লগে লগে লোক প্ৰশাসনৰো ক্ৰমবিকাশ হ'ব লাগিব। ই স্থিতৱস্থাত থাকিব নোৱাৰে। তেতিয়াহল'লে ই জনসাধাৰণৰ বাবে অলাগতীয়াল হৈ পৰিব। লোক প্ৰশাসনৰ পৰিসৰ এসময়ত বৰ ঠেক আছিল। কিন্তু বৰ্তমানে দিনে দিনে ইয়াৰ ক্ৰমবিকাশ হৈ আছে। ভৱিষ্য়তে প্ৰশাসনৰ ৰূপ কি হ'ব সেইটো ক'ব নোৱাৰে। এসময়ত প্ৰশাসনৰ ওপৰত মানুহ একেবাৰে নিৰ্ভৰশীল নাছিল। কিন্তু আধুনিক জগতত জনসাধাৰণ প্ৰশাসন বিনে জীয়াই থাকিব নোৱাৰে।প্ৰশাসনৰ ক্ৰমবিকাশৰ ফলতেই মানুহ ইয়াৰ ওপৰত ইমান নিৰ্ভৰশীল হৈ পৰিছে। গতিকে ভৱিষ্যতেও মানুহৰ চাহিদা অনুযায়ী প্ৰশাসনৰ ক্ৰমবিকাশ হ'ব লাগিব।


12. লোক প্ৰশাসনৰ নতুন বিকাশৰ ভিত্তিত ইয়াৰ প্ৰকৃতি আৰু অধ্যয়নৰ পৰিসৰ আলোচনা কৰা।

উত্তৰঃ 

13. 1971 চনৰ পৰা বৰ্তমানলৈকে ৰাজহুৱা প্ৰশাসনৰ বিকাশ আৰু বিকাশ অনুসৰণ কৰা।

উত্তৰঃ ষষ্ঠ দশকৰ পিছৰ ফালে কেইজনমান মাৰ্কিন পণ্ডিতে লোক প্ৰশাসনত যি নতুন আন্দোলনৰ সৃষ্টি কৰিছে তাক "নতুন লোক প্ৰশাসন" বোলা হয়। ১৯৭১ চনত ফ্ৰাঙ্ক মেৰিনীৰ সম্পাদিত "Towards A New Public Administration" আৰু ডুইট ওৱালডোৰ সম্পাদিত "Public Administration In A Time of Turbulance" গ্ৰন্থ দুখনে এই নতুন দৃষ্টিভঙ্গী প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি যোগায়। গতিকে ১৯৭১ চনত "নতুন লোক প্ৰশাসন" নামটোৱে লোক প্ৰশাসনৰ পৰিভাষাত স্থায়ীভাবে স্থান পায়। গতিকে দেখা যায় যে "নতুন লোক প্ৰশাসন"ৰ দৃষ্টিভঙ্গীয়েই হ'ল লোক প্ৰশাসনৰ বিকাশৰ সৰ্বশেষ স্তৰ।

                 যেতিয়াই কোনো বিশৃঙ্খলাই দেখা দিয়ে তেতিয়াই তাত কিছুমান নতুন চিন্তাধাৰাৰ উদ্ভৱ হোৱা দেখা যায়।আগতে কৈ অহা হৈছে যে লোক প্ৰশাসনৰ বিকাশৰ চতুৰ্থ পৰ্যায়ৰ শেষৰ ফালে এই বিষয়টোৱে এক সংকটৰ সন্মুখীন হৈছিল। ই ইয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কৰিবলগা হৈছিল। নতুন চিন্তাধাৰাৰ মূল কথা হ'ল প্ৰশাসনত ৰাজনীতিৰ প্ৰাধান্য। লোক প্ৰশাসনৰ বিকাশৰ এই স্তৰত----নতুন লোক প্ৰশাসনে চাৰিটা বিষয়ৰ ওপৰত গুৰুত্ব দিছে। সেই বিষয়কেইটা হল----(১) প্ৰাসঙ্গিকতা, (২) মূল্যবোধ, (৩) সামাজিক সমতা আৰু (৪) পৰিৱৰ্তন।

14.'ৰাজনীতি আৰু লোক প্ৰশাসন'ৰ মাজত থকা সম্পৰ্ক আলোচনা কৰা।

উত্তৰঃ ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ সৈতে লোক প্ৰশাসনৰ গভীৰ সম্পৰ্ক আছে। এসময়ত লোক প্ৰশাসন ৰাজনীতি বিজ্ঞানৰ এটা শাখা আছিল আৰু এতিয়াও কিছুমানে ইয়াক ৰাজনীতি বিজ্ঞানৰ এটা শাখা হিচাপে অধ্যয়ন কৰে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ৰাজনীতি বিজ্ঞান আৰু লোক প্ৰশাসনৰ মাজত কিমান ওচৰ সম্পৰ্ক আছে। ৰাজনীতি বিজ্ঞানৰ বিষয়-বস্তু হল ৰাষ্ট্ৰ আৰু চৰকাৰ। লোক প্ৰশাসন হল চৰকাৰে এখন দেশৰ শাসনকাৰ্য পৰিচালনাৰ বাবে প্ৰয়োগ কৰা এটা আহিলা। ইয়াক চৰকাৰৰ সোঁহাত বোলা হয়।ৰাজনীতি বিজ্ঞান আৰু লোক প্ৰশাসনৰ মাজত ইমান ওচৰ সম্পৰ্ক যে দুয়োটাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা সহজ নহয় সেয়েহে পিফ্নাৰে কৈছে যে, "কিছুমান ক্ষেত্ৰত দুয়োটা বিষয়ক একেই যেন লাগে।"

                      লোক প্ৰশাসন আৰু ৰাজনীতি বিজ্ঞানৰ মাজত কিছুমান পাৰ্থক্য আছে সঁচা, কিন্তু এই পাৰ্থক্যবিলাকতকৈ দুয়োটা বিষয়ৰ মাজত মিলহে বেছি থকা দেখা যায়। ৰাষ্ট্ৰৰ উদ্দেশ্যক চৰকাৰে ব্যক্ত কৰে আৰু চৰকাৰৰ উদ্দেশ্যক লোক প্ৰশাসনে বাস্তৱত ৰূপ দান কৰে। কোনো তত্ত্বই ৰাজনীতি বিজ্ঞানক লোক প্ৰশাসনৰ পৰা পৃথক কৰিব নোৱাৰে। কাৰণ, এটা বিষয় আনটোৰ ওপৰত সম্পৰ্ণৰূপে নিৰ্ভৰশীল। সেয়েহে আধুনিক লিখকসকলে পুনৰ কৈছে যে লোক প্ৰশাসন আৰু ৰাজনীতি বিজ্ঞানৰ মাজত দ্বি-বিভাজনৰ সৃষ্টি কৰিব নোৱাৰি। 

15. অধ্যয়নৰ বিষয় হিচাপে 'লোক প্ৰশাসনৰ বিকাশৰ বিভিন্ন পৰ্যায় আলোচনা কৰা।

উত্তৰঃ অধ্যয়নৰ বিষ হিচাপে লোক প্ৰশাসনৰ বিকাশৰ বিভিন্ন পৰ্যায় সমূহ হৈছে___

(i) প্ৰথম পৰ্যায়                ১৮৮৭----১৯২৬            

(ii) দ্বিতীয় পৰ্যায়              ১৯২৭----১৯৩৭ 

(iii) তৃতীয় পৰ্যায়              ১৯৩৮----১৯৪৭

(iv) চতুৰ্থ পৰ্যায়                ১৯৪৮----১৯৭০

(v) পঞ্চম পৰ্যায়                ১৯৭১----১৯৮০

(vi) ষষ্ঠ পৰ্যায়                    ১৯৮০----১৯৯১

(vii) সপ্তম পৰ্যায়                ১৯৯২----এতিয়ালৈ

তলত এই সমূহৰ বিষয়ে বহলকৈ আলোচনা কৰা হল____

(i) প্ৰথম পৰ্যায়(১৮৮৭----১৯২৬)ঃ লোক প্ৰশাসনৰ উদ্ভৱ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত আৰু এই দেশত আজিও ইয়াৰ বিকাশ অব্যাহত আছে। উড্ৰো উইলচনক লোক প্ৰশাসনৰ জনক বুলি অভিহিত কৰা হয়। ১৮৮৭ চনত প্ৰকাশিত এটি প্ৰবন্ধত উইলচনে এটা পৃথক লোক প্ৰশাসন শাস্ত্ৰৰ প্ৰয়োজনৰ কথা কৈছিল এই পৰ্যায়টোক ৰাজনীতি বিজ্ঞান আৰু লোক প্ৰশাসনৰ পাৰ্থক্যৰ যুগ বুলি কোৱা 

(ii) দ্বিতীয় পৰ্যায় (১৯২৭----১৯৩৭)ঃ লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায় বিশেষ তাৎপৰ্যপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ। কাৰণ, এই পৰ্যায়ত লোক প্ৰশাসনৰ এটা নিজস্ব মূল্যবোধ আৰু দাৰ্শনিক দৃষ্টিভঙ্গী গঢ়ি উঠাৰ সম্ভাৱনা লক্ষ্য কৰা যায়। সময়ৰ ফালৰ পৰা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ মাজত বৰ বেছি ব্যৱধান নাছিল। তথাপি ঐতিহাসিক দিশৰ পৰা এই দুই পৰ্যায়ৰ মাজত দৃষ্টিভঙ্গীগত পাৰ্থক্য অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। লোক প্ৰশাসনৰ দ্বিতীয় পৰ্যায়ত মূল্যবোধ বিৱৰ্জিত ব্যৱস্থাপনা বিজ্ঞানৰ ধাৰণাই গুৰুত্ব লাভ কৰে।

(iii) তৃতীয় পৰ্যায় (১৯৩৮----১৯৪৭)ঃ লোক প্ৰশাসনৰ বিকাশৰ তৃতীয় পৰ্যায়ত মানৱিক সম্পৰ্ক আন্দোলনৰ যথেষ্ট প্ৰভাৱ পৰা দেখা যায়। ১৯২৭ চনৰ পৰা ১৯৩২ চনলৈকে আমেৰিকাৰ Western Electric Company-ৰ হথৰ্ণ কাৰখানাত এলটন মেয়োই যি পৰীক্ষা চলাইছিল সেই পৰীক্ষাৰ ফলত যি সত্যৰ উদঘাটন হৈছিল ই বৈজ্ঞানিক ব্যৱস্থাপনাৰ ভেঁটি দুৰ্বল কৰিছিল। এই পৰীক্ষাৰ পৰা জনা যায় যে কৰ্মক্ষেত্ৰত সামাজিক আৰু মনস্তাত্ত্বিক উপাদানৰ প্ৰভাৱ বৰ বেছি। কৰ্মীসকল যন্ত্ৰ নহয় তেওঁলোক চেতনাসম্পন্ন জীৱ আৰু সামাজিক মানুহ। তেওঁলোকৰ আশা-আকাঙ্ক্ষা, অভাৱ-অসুবিধা আদি আছে। তেওঁলোকে আনৰ সৈতে মিলিব বিচাৰে। 

(iv) চতুৰ্থ পৰ্যায়(১৯৪৮----১৯৭০)ঃ এই পৰ্যায় হ'ল লোক প্ৰশাসনৰ সংকটৰ পৰ্যায়। দ্বিতীয় পৰ্যায়ত ব্যৱস্থাপক বিজ্ঞানে যি সূত্ৰৰ সহায়ত লোক প্ৰশাসনৰ নতুন জগতৰ প্ৰতি ইঙ্গিত দিছিল হৰ্থণ কাৰখানাত পৰীক্ষাই সেই উদ্দেশ্য ব্যৰ্থ কৰি পেলায়। ইয়াৰ ফলত এই বিষয়টো ভৱিষ্যৎত অনিশ্চিত বুলি পৰিগণিত হৈছিল। এই পৰ্যায়ৰ আৰম্ভণিতে লোক প্ৰশাসনে সত্তাৰ সংকটৰ সন্মুখীন হৈছিল।

(v) পঞ্চম পৰ্যায়(১৯৭১----১৯৮০)ঃ পূৰ্বৱৰ্তী যুগৰ অনিশ্চয়তা সত্বেও লোক প্ৰশাসনৰ যথেষ্ট অগ্ৰগতি হৈছে আৰু পঞ্চম পৰ্যায়ত ই যথেষ্ট সমৃদ্ধি লাভ কৰিছে। সমাজ বিজ্ঞানৰ অন্যান্য বিষয়ে লোক প্ৰশাসনৰ পণ্ডিতসকলক আকৃষ্ট কৰে আৰু তেওঁলোকে ইয়াক আন্তঃশাস্ত্ৰীয় ৰূপদান কৰে।

(vi) ষষ্ঠ পৰ্যায় (১৯৮০----১৯৯১)ঃ লোক প্ৰশাসনৰ এই পৰ্যায়টোতেই তুলনামূলক ধাৰাৰ নৱ-উন্মেষৰ সুযোগ ওলায়। ১৯৭০-ৰ দশকত তুলনামূলক লোক প্ৰশাসনৰ বিকাশ নিশকতীয়া হৈ পৰাৰ বিপৰীতে ১৯৯০-ৰ দশকৰ আৰম্ভণিতে পণ্ডিতসকলে ইয়াৰ পুনৰ উদ্ধাৰৰ বাবে চেষ্টা আৰম্ভ কৰে। 

                 ১৯৮১ চনত প্ৰকাশিত হয় চাৰ্লছ টি. গুডচেলৰ গুৰুত্বপূৰ্ণ প্ৰৱন্ধ "নতুন তুলনামূলক প্ৰশাসন ঃ এক বাস্তৱ "। এই প্ৰৱন্ধটোৱে প্ৰস্তাৱ আগবঢ়ায় যে তুলনামূলক লোক প্ৰশাসনৰ পৰিসৰৰ ক্ষেত্ৰ বিস্তৃত কৰা উচিত।

(vii) সপ্তম পৰ্যায়(১৯৯২----বৰ্তমানলৈ) ঃ লোক প্ৰশাসনৰ বিকাশৰ এই পৰ্যায়ত বিশ্বায়ন প্ৰভাৱ স্পষ্ট হ'বলৈ আৰম্ভ কৰে। উদাৰবাদৰ নীতিৰ বজাৰ অৰ্থনীতিৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবে এই পৰ্যায়ত লোক প্ৰশাসনৰ গুৰুত্ব কমিবলৈ ধৰা বুলিও বহু চিন্তাবিদে মত পোষণ কৰে।

16. লোক প্ৰশাসনৰ 'ৰাজহুৱা' আৰু 'ৰাজনৈতিক দিশ' সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ  

17. চৰকাৰী আৰু বে-চৰকাৰী প্ৰশাসনৰ মাজত পাৰ্থক্য আলোচনা কৰা।

উত্তৰঃ চৰকাৰী প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত থকা পাৰ্থক্য সমূহ তলত আলোচনা হল___

(১) হাৰ্বাৰ্ট ছাইমনৰ মতে চৰকাৰী প্ৰশাসন আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। 

আনহাতে, বে-চৰকাৰী প্ৰশাসন অধিক পৰিমানে ব্যৱসায়ী মনোবৃত্তিসম্পন্ন।

(২) চৰকাৰী প্ৰশাসন ক্ষমতাসীন ৰাজনৈতিক মতাদৰ্শ আৰু দলীয় দৃষ্টিকোণৰ দ্বাৰা পৰিচালিত আৰু প্ৰভাৱান্বিত হয়। 

আনহাতে, বে-চৰকাৰী উদ্যোগৰ পৰিচালনাৰ ক্ষেত্ৰত ৰাজনীতিৰ সিমান ভূমিকা নাথাকে। ইয়াক ৰাজনীতিৰ পৰা প্ৰায় মুক্ত বুলি কব পাৰি।

(৩) ছাইমনে আকৌ মন্তব্য কৰিছে যে চৰকাৰী প্ৰশাসনত "ৰঙা ফিতাৰ বান্ধোন'ৰ অপবাদ আছে। 

কিন্তু, বে-চৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত এনে ধৰণৰ অপবাদমূলক প্ৰবাদৰ ব্যৱহাৰ নাই।

(৪) জোছিয়া ষ্টাম্পৰ মতে চৰকাৰী প্ৰশাসন কিছুমান আইনৰ দ্বাৰা পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত এনে ধৰণৰ কোনো পূৰ্ণ অনুমোদনৰ প্ৰয়োজন নহয়। ইয়াৰ ওপৰত আইনসভাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ ক্ষমতা নাই।

(৫) জোছিয়া ষ্টাম্পে আকৌ কৈছে যে চৰকাৰী প্ৰশাসনৰ কাৰ্যাৱলী এটা সুনিদিৰ্ষ্ট দায়িত্ব আৰু পৰিপ্ৰেক্ষিতত পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসন তেনে ধৰণৰ কোনো নীতিৰ দ্বাৰা পৰিচালিত নহয়।

(৬) জোছিয়া ষ্টাম্পৰ মতে চৰকাৰী প্ৰশাসন মূলতে চৰকাৰৰ শাসন বিভাগৰ দ্বাৰা হ'লেও প্ৰশাসনৰ ব্যয় নিৰ্ধাৰণৰ দায়িত্ব আইনসভাৰ ওপৰত ন্যস্ত কৰা হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনৰ ওপৰত আইনসভাৰ এনে ধৰণৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ নিয়ন্ত্ৰণ নাথাকে।

(৭) জোছষ্টাম্পৰ মতে চৰকাৰী প্ৰশাসনৰ এটা সুনিদিৰ্ষ্ট নীতি আছে আৰু ই আইননুসাৰে পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত তেনে সুনিদিৰ্ষ্ট নীতি নাই বাবে আইনৰ কট্কটীয়া বান্ধোনৰ মাজত নাথাকে। 

(৮) অধ্যাপক মাৰ্ছনৰ মতে চৰকাৰী প্ৰশাসনৰ উদ্দেশ্য আৰ্থিক লাভ নহয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনৰ মূল উদ্দেশ্য হল আৰ্থিক লাভ কৰা।

(৯) চৰকাৰী প্ৰশাসন সকলো নিয়মতে নিৰপেক্ষ । ই পক্ষপাতিত্ব কৰিব নোৱাৰে।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত পক্ষপাতিত্ব অবাধে চলে। 

(১০) চৰকাৰী প্ৰশাসনে সকলোৰে সেৱা কৰে। ইয়াক জনস্বাৰ্থ ৰক্ষা কৰিবৰ বাবে গঠন কৰা হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসন সকলোকে সেৱা কৰিবৰ বাবে গঠন কৰা হয়।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে লোক প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসনে বেলেগ পৰিৱেশৰ মাজত কাৰ্য সম্পাদন কৰে। এই দুয়োটাৰ মাজত উদ্দেশ্যগত পাৰ্থক্যও থকা দেখা যায়।


18. লোক প্ৰশাসনক বিজ্ঞান নে কলা বুলি ভাবা ? যুক্তি দৰ্শোৱা।

উত্তৰঃ লোক প্ৰশাসনক অকল বিজ্ঞান বা অকল কলা নহয়।লোক প্ৰশাসনৰ 'বিজ্ঞান' আৰু 'কলা' এই দুয়োটা দিশ পৰ্যালোচনা কৰাৰ পিছত ক'ব পাৰি যে লোক প্ৰশাসন হ'ল কলা আৰু বিজ্ঞান দুয়োটাৰে সংমিশ্ৰণ। কিছুমানে ইয়াক বিজ্ঞানতকৈ কলা হিচাপেহে অধিক মৰ্যাদা প্ৰদান কৰিব বিচাৰে।কাৰণ, লোক প্ৰশাসনৰ তাত্ত্বিক দিশতকৈ ব্যৱহাৰিক দিশটো অধিক তাৎপৰ্যপূৰ্ণ। গতিকে লোক প্ৰশাসনৰ এই দুয়োটা দিশৰ মাজত সমন্বয় সাধন কৰিব পাৰিলে ইয়াৰ পৰা সুফল আশা কৰিব পাৰি। 

                       বিজ্ঞান হিচাপে লোক প্ৰশাসনৰ যুক্তি তলত দাঙি ধৰা হল _____

(i) লোক প্ৰশাসনৰ অভিজ্ঞতা আৰু পৰ্যবেক্ষৰ ওপৰত ভিত্তি কৰি প্ৰশাসনিক নীতি নিৰ্ধাৰণ কৰা হয়। অতীতৰ ভূল-ক্ৰটিৰ যাতে পুনৰাবৃত্তি নঘটে লোক প্ৰশাসনে তাৰ প্ৰতি দৃষ্টি ৰাখে। প্ৰশাসন-কৰ্তৃপক্ষৰ ভৱিষ্যতৰ কাম বিলাক অভিজ্ঞাৰ ভিত্তিত নিয়ন্ত্ৰণ কৰা হয়। এই অৰ্থত লোক প্ৰশাসন বিজ্ঞান। 

(ii) লোক প্ৰশাসনক বিজ্ঞান বুলি কোৱা আন এটা যুক্তি হল যে এই বিষয়টোৰ অধ্যয়নত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিব পাৰি। লোক প্ৰশাসনৰ ঘটনাবিলাক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰা হয়।

(iii) লোক প্ৰশাসনে দিনক দিনে নিশ্টয়তা আৰু সঠিকতা লাভ কৰিব পাৰিছে। লোক প্ৰশাসনক এটা সুনিদিৰ্ষ্ট নীতিৰ দ্বাৰা সঠিক পথত পৰিচালনা কৰিব পাৰি। এজন প্ৰশাসকে বিশ্লেষণৰ জৰিয়তে বিজ্ঞানসন্মত ভাৱে তেওঁৰ সিদ্ধান্তবিলাক গ্ৰহন কৰিব পাৰে আৰু ভৱিষ্যতৰ প্ৰশাসনৰ বাট মুকলি কৰিব পাৰে। এই অৰ্থতো লোক প্ৰশাসনক বিজ্ঞান বোলা হয়।

                     কলা হিচাপে লোক প্ৰশাসনৰ যুক্তি তলত দাঙি ধৰা হল _____

(i) লোক প্ৰসাসনক সুকুমাৰ কলা বুলি কোৱা হয়। সুকুমাৰ কলাৰ বাবে মানৱীয় দক্ষতা আৰু কৌশলৰ প্ৰয়োজন। লোক প্ৰশাসনত প্ৰয়োগৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। সেই কাৰণে ইয়াক কলা বুলি অভিহিত কৰা 

(ii) লোক প্ৰশাসনত মানৱ আচৰণৰ এটা দিশ আছে সেই কাৰণে টেইলাৰে ইয়াক বিজ্ঞানতকৈ কলা হিচাপে অভিহিত কৰাৰওপৰত অধিক গুৰুত্ব দিছে।

(iii) চাৰ্লচওৱাৰ্থে,"লোক প্ৰশাসনক কলা" বুলি অভিহিত কৰিছে। "কাৰণ এজন প্ৰশাসকৰ নেতৃত্বৰ গুণ, আত্মবিশ্বাস ইত্যাদি থাকিব লাগিব।

19. লোক প্ৰশাসনৰ বিভিন্ন অধ্যয়ন প্ৰণালী বা পদ্ধতিসমূহ বৰ্ণনা কৰা।

উত্তৰঃ লোক প্ৰশাসনৰ বিভিন্ন অধ্যয়ন প্ৰণালী বা পদ্ধতিসমূহ তলত বৰ্ণনা কৰা হল___

(i) বৈজ্ঞানিক পদ্ধতিঃ লোক প্ৰশাসনৰ অধ্যয়নৰ বাবে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হয়। এই পদ্ধতিত পৰ্যবেক্ষণ, শ্ৰেণী বিভাজন, আনুমানিক সিদ্ধান্ত, পঞ্জীয়ন আৰু ভৱিষ্যদ্বাণী কৰা হয়। ইয়াক পৰীক্ষামূলক পদ্ধতিও বুলিব পাৰি। কিছুমানৰ মতে এই পদ্ধতিটোক অকল প্ৰাকৃতিক বিজ্ঞানৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰিব পাৰি। লোক প্ৰশাসন এটা গতিশীল বিষয় হলেও বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা এই বিষয় টো অধ্যয়ন কৰিলে ইয়াৰ পৰা উপকৃত হোৱা যাব। গতিকে দেখা যায় যে সীমিতভাৱে হলেও লোক প্ৰশাসনৰ অধ্যয়নত বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰিব পাৰি।

(ii) আইনমূলক পদ্ধতিঃ  এই পদ্ধতি অনুসৰি লোক প্ৰশাসনক এটা আইনমূলক ব্যৱস্থা হিচাপে গণ্য কৰা হয়।কোনো এখন দেখৰ প্ৰশাসনৰ গাঁথনি আইন মতে গঠন কৰা হয়। লোক প্ৰশাসনে আইন ৰচনা কৰাত সহায় কৰে আৰু আইন বলবৎ কৰা হল ইয়াৰ প্ৰধান দায়িত্ব।প্ৰায় সকলোবিলাক দেশত লোক প্ৰশাসনৰ অধ্যয়নত আইনমূলক পদ্ধতি প্ৰয়োগ কৰা হয়। কাৰণ, প্ৰশাসনীয় সকলো সংগঠন আইন মতে গঠন কৰা হয় আৰু আইন অনুসৰি এই সংগঠনবিলাক পৰিচালনা কৰা হয়। গতিকে কব পাৰি যে লোক প্ৰশাসনৰ অধ্যয়ন আইনক কেন্দ্ৰ কৰিয়েই কৰা হয়।

(iii) বুৰঞ্জিমূলক পদ্ধতিঃ বুৰঞ্জিমূলক পদ্ধতিৰ সহায়তো লোক প্ৰশাসনক অধ্যয়ন কৰা হয়। পৃথিৱীৰ প্ৰত্যেক দেশতে লোক প্ৰশাসনৰ অধ্যয়নত বুৰঞ্জিয়ে সহায় কৰা দেখা যায়। পুৰণি কালত প্ৰশাসন সম্পৰ্কে কিছুমান গ্ৰন্থ প্ৰকাশ কৰা হৈছিল। লোক প্ৰশাসনৰ ভেঁটি স্থাপন কৰাত এই ধৰণৰ গ্ৰন্থই যথেষ্ট পৰিমানে সহায় কৰিছে। লোক প্ৰশাসনৰ বিষয়ে ভালদৰে জানিবলৈ হলে ইয়াৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কে জনাটো প্ৰয়োজন। ঐতিহাসিক পদ্ধতিৰ মাধ্যমত এই ধাৰণা লাভ কৰা যায়।

(iv) তুলনামূলক পদ্ধতিঃ লোক প্ৰশাসন অধ্যয়নৰ আন এটা পদ্ধতি হৈছে তুলনামূলক পদ্ধতি। এই পদ্ধতি অন্যান্য বিষয়তো প্ৰয়োগ কৰা হয়। আজিকালি লোক প্ৰশাসনৰ "তুলনামূলক লোক প্ৰশাসন'' বুলি এটা শাখা আছে। ইয়াত বিভিন্ন দেশৰ লোক প্ৰশাসনৰ তুলনামূলক অধ্যয়ন কৰা হয়। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে লোক প্ৰশাসনৰ অধ্যয়নত তুলনামূলক পদ্ধতিৰ যথেষ্ট পৰিমাণে গুৰুত্ব আছে।

(v) ঘটনা অধ্যয়ন পদ্ধতিঃ লোক প্ৰশাসনৰ বিভিন্ন অধ্যয়ন প্ৰণালীৰ ভিতৰত ঘটনা অধ্যয়ন পদ্ধতিও এটা গুৰুত্বপূৰ্ণ পদ্ধতি। আজিকালি বহুতক লোক প্ৰশাসনৰ অধ্যয়নত এই পদ্ধতি প্ৰয়োগ কৰা দেখা যায়। এই পদ্ধতি মতে কোনো এটা বিশেষ ঘটনাক বিশেষ ভাৱে অধ্যয়ন কৰা হয়। ইয়াৰ পিছত এই সমস্যাটো সমাধান কৰাৰ উপায় উদ্ভাৱন কৰা দেখা যায়। ঘটনা অধ্যয়ন পদ্ধতিৰ সমৰ্থকসকলৰ মতে এই পদ্ধতিৰ দ্বাৰা লোক প্ৰশাসন সম্পৰ্কীয় যিকোনো সমস্যা ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চাব পাৰি। 

20. উইলচনক কিয় লোক প্ৰশাসনৰ জনক আখ্যা দিয়া হয় ? তেওঁৰ লোক প্ৰশাসন অধ্য়য়নৰ দৃষ্টিভঙ্গী পৰীক্ষা কৰা।

উত্তৰঃ উড্ৰো উইলচনক লোক প্ৰশাসনৰ জনক বুলি আখ্যা দিয়া হয়। ১৮৮৭ চনত প্ৰকাশিত পোৱা এটি প্ৰবন্ধত উইলচনে এটা পৃথক লোক প্ৰশাসন শাস্ত্ৰৰ প্ৰয়োজনৰ কথা কৈছিল। এই পৰ্যায়টোক ৰাজনীতি বিজ্ঞান আৰু লোক প্ৰশাসনৰ পাৰ্থক্যৰ যুগ বুলি কোৱা হয়। এই পৰ্যায়ত লোক প্ৰশাসনক ৰাজনীতিৰ পৰা পৃথক কৰিবলৈ চেষ্টা কৰা হৈছে।  এই পৰ্যায়টোক ৰাজনীতি আৰু প্ৰশাসনৰ দ্বি-বিভাজন বুলি চিহ্নিত কৰা হৈছিল। উড্ৰো উইলচন এই ৰাজনীতি-প্ৰশাসন দ্বি-বিভাজনৰ অন্যতম সমৰ্থক আছিল। তেওঁ হাতত এই দ্বি-বিভাজনে এক বিশেষ ৰূপ লাভ কৰিছিল। তেওঁৰ লিখনিত এই কথাটো স্পষ্টকৈ দেখা পোৱা যায় যে কাৰ্যগত দিশৰ পৰা প্ৰশাসন ৰাজনীতিৰ পৰা সম্পূৰ্ণ পৃথক। আইন বিভাগ বা ৰাষ্ট্ৰপতি বা মন্ত্ৰী পৰিষদ ৰাজনীতিৰ সৈতে যুক্ত। নীতি নিৰ্ধাৰণৰ একচেটিয়া অধিকাৰ জনসাধাৰণৰ প্ৰতিনিধিসকলে ভোগ কৰে। প্ৰশাসনৰ কাম হল চৰকাৰে স্থিৰ কৰা নীতিবিলাক দক্ষতাৰে বাস্তৱত ৰাপদান কৰা।  

21. চৰকাৰী প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত পাৰ্থক্য আলোচনা কৰা।

উত্তৰঃ চৰকাৰী প্ৰশাসন আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত থকা পাৰ্থক্য সমূহ তলত আলোচনা হল___

(১) হাৰ্বাৰ্ট ছাইমনৰ মতে চৰকাৰী প্ৰশাসন আমোলাতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। 

আনহাতে, বে-চৰকাৰী প্ৰশাসন অধিক পৰিমানে ব্যৱসায়ী মনোবৃত্তিসম্পন্ন।

(২) চৰকাৰী প্ৰশাসন ক্ষমতাসীন ৰাজনৈতিক মতাদৰ্শ আৰু দলীয় দৃষ্টিকোণৰ দ্বাৰা পৰিচালিত আৰু প্ৰভাৱান্বিত হয়। 

আনহাতে, বে-চৰকাৰী উদ্যোগৰ পৰিচালনাৰ ক্ষেত্ৰত ৰাজনীতিৰ সিমান ভূমিকা নাথাকে। ইয়াক ৰাজনীতিৰ পৰা প্ৰায় মুক্ত বুলি কব পাৰি।

(৩) ছাইমনে আকৌ মন্তব্য কৰিছে যে চৰকাৰী প্ৰশাসনত "ৰঙা ফিতাৰ বান্ধোন'ৰ অপবাদ আছে। 

কিন্তু, বে-চৰকাৰী প্ৰশাসনৰ ক্ষেত্ৰত এনে ধৰণৰ অপবাদমূলক প্ৰবাদৰ ব্যৱহাৰ নাই।

(৪) জোছিয়া ষ্টাম্পৰ মতে চৰকাৰী প্ৰশাসন কিছুমান আইনৰ দ্বাৰা পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত এনে ধৰণৰ কোনো পূৰ্ণ অনুমোদনৰ প্ৰয়োজন নহয়। ইয়াৰ ওপৰত আইনসভাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ ক্ষমতা নাই।

(৫) জোছিয়া ষ্টাম্পে আকৌ কৈছে যে চৰকাৰী প্ৰশাসনৰ কাৰ্যাৱলী এটা সুনিদিৰ্ষ্ট দায়িত্ব আৰু পৰিপ্ৰেক্ষিতত পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসন তেনে ধৰণৰ কোনো নীতিৰ দ্বাৰা পৰিচালিত নহয়।

(৬) জোছিয়া ষ্টাম্পৰ মতে চৰকাৰী প্ৰশাসন মূলতে চৰকাৰৰ শাসন বিভাগৰ দ্বাৰা হ'লেও প্ৰশাসনৰ ব্যয় নিৰ্ধাৰণৰ দায়িত্ব আইনসভাৰ ওপৰত ন্যস্ত কৰা হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনৰ ওপৰত আইনসভাৰ এনে ধৰণৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ নিয়ন্ত্ৰণ নাথাকে।

(৭) জোছষ্টাম্পৰ মতে চৰকাৰী প্ৰশাসনৰ এটা সুনিদিৰ্ষ্ট নীতি আছে আৰু ই আইননুসাৰে পৰিচালিত হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত তেনে সুনিদিৰ্ষ্ট নীতি নাই বাবে আইনৰ কট্কটীয়া বান্ধোনৰ মাজত নাথাকে। 

(৮) অধ্যাপক মাৰ্ছনৰ মতে চৰকাৰী প্ৰশাসনৰ উদ্দেশ্য আৰ্থিক লাভ নহয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসনৰ মূল উদ্দেশ্য হল আৰ্থিক লাভ কৰা।

(৯) চৰকাৰী প্ৰশাসন সকলো নিয়মতে নিৰপেক্ষ । ই পক্ষপাতিত্ব কৰিব নোৱাৰে।

আনহাতে, বে-চৰকাৰী প্ৰশাসনত পক্ষপাতিত্ব অবাধে চলে। 

(১০) চৰকাৰী প্ৰশাসনে সকলোৰে সেৱা কৰে। ইয়াক জনস্বাৰ্থ ৰক্ষা কৰিবৰ বাবে গঠন কৰা হয়।

আনহাতে, বে-চৰকাৰী প্ৰশাসন সকলোকে সেৱা কৰিবৰ বাবে গঠন কৰা হয়।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে লোক প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসনে বেলেগ পৰিৱেশৰ মাজত কাৰ্য সম্পাদন কৰে। এই দুয়োটাৰ মাজত উদ্দেশ্যগত পাৰ্থক্যও থকা দেখা যায়।

Objective type and Multiple Choice Questionsঃ

1. অধ্যয়নৰ বিষয় হিচাবে লোক প্ৰশাসনৰ আৰম্ভণি হৈছিল বৃটেইনত/ আমেৰিকা যুক্তৰাষ্ট্ৰত/ ভাৰতবৰ্ষত। [G. U. 2017(M)]

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত ।

2. Minnowbrook Perspective নামৰ গ্ৰন্থখন কোনে সম্পাদনা কৰিছিল? [G. U. 2012,2017(M), 2013(Gen)]

উত্তৰঃ  

3. "Towards a New Public Administration" ৰ সম্পাদনা কৰিছিল----- ওৱালদোৱে/ মেৰিনিয়ে/ চাইমনে/ জন চি. হনী। [G. U. 2012(M)]

উত্তৰঃ মেৰিনিয়ে সম্পাদন কৰিছিল।

4. "ৰাষ্ট্ৰ বিষয়ত প্ৰয়োগ কৰা লোক প্ৰশাসন হৈছে কলা আৰু বিজ্ঞান" এই কথাষাৰ কৈছে---ওৱালদোৱে/ হোৱাইটে/ গুলিকে। [G. U. 2016(Gen)]

উত্তৰঃ  

5. লোক প্ৰশাসনক বিজ্ঞান হিচাবে বিবেচনা কৰে--- আৰউইকে/ চাৰ্লচওৱৰ্থে/ টিডে।

উত্তৰঃ আৰউইকে ।

6. লোক প্ৰশাসনক কলা হিচাবে বিবেচনা কৰে----টিডে/ চাৰ্লচওৱৰ্থে/ নিলিয়ে।

উত্তৰঃ চাৰ্লচওৱৰ্থে ।

7. "Papers on the Science of Administration"  নামৰ গ্ৰন্থখনৰ লেখক হৈছে--- গুলিক আৰু আৰউইক/ আৰউইক/ গুলিক।

উত্তৰঃ গুলিক আৰু আৰউইক।

8. লোক প্ৰশাসনৰ আমেৰিকান সমাজৰ প্ৰতিষ্ঠা হৈছিল----১৯৬৩/ ১৯৬৪/ ১৯৬৬ চনত। [G. U. 2012(M)]

উত্তৰঃ 

9. এল্টন মেয়ো জড়িত--- (ক) মানৱিক সম্পৰ্ক আন্দোলনত (খ) বৈজ্ঞানিক পৰিচালনা তত্ত্বৰ লগত (গ) আমোলাতান্ত্ৰিক তত্ত্বৰ লগত।

10. "Public Administration in a Time of Turbulance" গ্ৰন্থখন প্ৰকাশ হৈছিল--- 

(ক) ১৯৭১ চনত (খ) ১৯১৭ চনত (গ) ১৯৬৭ চনত (ঘ) ১৯৬৮ চনত

উত্তৰঃ (ক) ১৯৭১ চনত

11. লোক-প্ৰশাসনৰ অভিন্ন দৃষ্টিভঙ্গীক সমৰ্থন কৰিছিল ডিমকে/ চাইমনে/ থমছনে। [G.U 2015]

উত্তৰঃ ডিমকে ।

12. তলৰ কোন কেইজন চিন্তাবিদে চৰকাৰী আৰু বে-চৰকাৰী প্ৰশাসনৰ মাজত পাৰ্থক্য দিয়া নাই----

(ক) হেনৰি ফেয়ল      (খ) আৰউইক্       (গ) চাইমন্    (ঘ) এম. পি. ফলেট

উত্তৰঃ (ক) হেনৰি ফেয়ল      (খ) আৰউইক্   (ঘ) এম. পি. ফলেট ।

17. "লোক প্ৰশাসন এবিধ সমাজ বিজ্ঞান বুলিব পাৰি"।

(ক) আৰউইকে     (খ) উইলোবিয়ে    (গ) ডব্লিউ ডনহামে     (ঘ) নেকলে

উত্তৰঃ  (গ) ডব্লিউ ডনহামে ।

Very Short Type Questions :

1. 'প্ৰশাসন' শব্দটোৱে কি বুজায়।

উত্তৰঃ প্ৰশাসন শব্দটোৱে বহল অৰ্থত লোক প্ৰশাসন আৰু বে-চৰকাৰী প্ৰশাসনদুয়োকে বুজায়।

2. ৰাজনীতি আৰু লোক প্ৰশাসনৰ দ্বি-বিভাজন মানে কি বুজা ?

উত্তৰঃ ৰাজনীতি আৰু লোক প্ৰশাসনৰ দ্বি-বিভাজন মানে হল লোক প্ৰশাসনৰ বিৱৰ্তনৰ প্ৰথম যুগত কিছুমান লিখকে লোক প্ৰশাসনক পৃথক বিষয় হিচাপে মৰ্যদা দিয়াৰ বাবে লোক প্ৰশাসন আৰু ৰাজনীতিৰ দ্বি-বিভাজন তত্ত্ব উদ্ভাৱন কৰা। 

3. লোক প্ৰশাসন অধ্যয়নৰ দুটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ লোক প্ৰশাসন অধ্যয়নৰ দুটা পদ্ধতি হল --- বৈজ্ঞানিক পদ্ধতি আৰু আইনমূলক পদ্ধতি।

4. লোক-প্ৰশাসন বিজ্ঞান কিয় নহয় ? দুটা যুক্তি দৰ্শোৱা।

উত্তৰঃ (i) লোক প্ৰশাসন মানৱ-আচৰণ লৈ জড়িত। এই আচৰণক কোনো নীতি-নিয়মৰ অন্তৰ্ভুক্ত কৰা সহজ নহয়। মানৱ-আচৰণ যিবিলাক কাৰণৰ দ্বাৰা প্ৰভাৱান্বিত হয় সেইবিলাক পৃথক কৰা, শ্ৰেণীবিভাগ কৰা বা জোখ কৰাৰ কোনো উপায় নাই। লোক প্ৰশাসন মানুহৰ আচৰণৰ সৈতে জড়িত, সেয়েহে ইয়াক বিজ্ঞান বুলিব নোৱাৰি।

(ii) লোক প্ৰশাসনৰ নীতিবিলাকৰ নিশষ্চয়তা নাই। ইয়াৰ ফলাফলবিলাক পৰিৱৰ্তনশীল। কিন্তু বিজ্ঞানৰ নিশ্চয়তা আছে। ইয়াাৰ ফলাফলবিলাক সঠক আৰু অ-পৰিৱৰ্তিত অৱস্থাত থাকে।

Answer by Himashri Kakati