Chapter 3  

লোক  নীতিঃ ধাৰণা, প্ৰাসংগিকতা আৰু দৃষ্টিভংগী


Objective types and multiple choice questions

1. লোক নীতিৰ আধুনিক ধাৰণাৰ উদ্ভৱ হৈছিল---

(a) আমেৰিকা     (b) ইংলেণ্ড       (c) জাপান      (d) ভাৰত

উত্তৰঃ (a) আমেৰিকাত ।


2. নীতি বিজ্ঞানৰ ধাৰণা পোনতে কোনে আগবঢ়াইছিল ?

উত্তৰঃ নীতি বিজ্ঞানৰ ধাৰণা পোনতে ১৯৫১ চনত হেৰল্ড লাচৱেলে আগবঢ়াইছিল।


3. 'Policy' শব্দটোৰ অৰ্থ লিখা।

উত্তৰঃ 'Policy' শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'নীতি' । ইয়াৰ অৰ্থ হল কাৰ্য আচৰণৰ দিক্দৰ্শক।


4. লাচৱেলৰ নীতি দৃষ্টিভংগীত কিমানটা স্তৰ পোৱা যায় ?

উত্তৰঃ  লাচৱেলৰ নীতি দৃষ্টিভংগীত ৭টা স্তৰ পোৱা যায় ।


5. 'Policy Science' আলোচনীখন কেতিয়া প্ৰকাশ পাইছিল ?

উত্তৰঃ 'Policy Science' আলোচনীখন ১৯৪০ চনত প্ৰকাশ পাইছিল ।


6. 'Analysis of Political System' গ্ৰন্থখনৰ ৰচক কোন ?

উত্তৰঃ  'Analysis of Political System' গ্ৰন্থখনৰ ৰচক হল ইষ্টন।


Short Questions (2 marks)

1. নীতি দৃষ্টিভংগীৰ ব্যৱস্থাপক আৰ্হিৰ দুটা সমালোচনা লিখা ।

উত্তৰঃ (i) প্ৰথমে, ই লোক নীতি প্ৰস্তুতত প্ৰভাৱ পেলোৱা ৰাজনৈতিক পৰিৱেশৰ বিষয়ে স্পষ্ট ব্যাখ্যা আগবঢ়াব পৰা নাই ।

(ii) দ্বিতীয়তে, এই দৃষ্টিভংগীয়ে ব্যৱহাৰিক পৰীক্ষা সম্পন্ন কৰা নাই। লগতে ব্যাখ্যাৰ বাবে যিসমূহ তথ্য আগবঢ়াইছে সেইবোৰ মিশ্ৰ প্ৰকৃতিৰ।


2. বৃদ্ধিশীল তত্ত্বৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ বৃদ্ধিশীল তত্ত্বৰ দুটা বৈশিষ্ট্য হল ----

(i) প্ৰথমে ই বৃদ্ধিশীল পৰিৱৰ্তনৰ অনুক্ৰমেৰে আগবাঢ়ে। নীতি নিৰ্মাতাসকলে চলিত নীতিসমূহৰ বৈধতাক মানি লয়, কাৰণ নতুন নীতিৰ ফলাফলৰ ক্ষেত্ৰত তেওঁলোকৰ নিশ্চয়তা নাথাকে।

(ii) দ্বিতীয়তে ইয়াত পাৰস্পৰিক অভিযোজন আৰু আলোচনা থাকে। ই ৰাজনৈতিক চিন্তা-উদ্বোগ হ্ৰাস কৰে আৰু সুস্থিৰতা বৰ্তাই ৰাখে।


3. গোষ্ঠীগত তত্ত্বৰ দুটা দোষ লিখা ।

উত্তৰঃ গোষ্ঠীগত তত্ত্বৰ দুটা দোষ হল----

(i) এই তত্ত্বৰ কাৰ্যকাৰিতা সীমাবদ্ধ। ই এটা অসম্পূৰ্ণ আৰু সংকীৰ্ণ পদ্ধতি।

(ii) ইয়াৰ সমৰ্থকসকলে গোষ্ঠীৰ ধাৰণাক ভালদৰে ব্যক্ত কৰা নাই ।



5. নীতি নিৰ্ধাৰণক প্ৰভাৱিত কৰা দুটা কাৰক লিখা ?

উত্তৰঃ নীতি নিৰ্ধাৰণক প্ৰভাৱিত কৰা দুটা কাৰক হল ----

(i) জনমত ঃ- জনমত আৰু জনসাধাৰণৰ পচন্দই লোক নীতিৰ ওপৰত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰে। লোক নীতি নিৰ্ধাৰণৰ আৰু কাৰ্যকৰীকৰণ চৰকাৰে কৰে।

(ii) আৰ্থিক অৱস্থাঃ- ব্যক্তি, সমাজ তথা দেশৰ অৰ্থনৈতিক অৱস্থায়ো দেশৰ নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলায়। আৰ্থ-সামাজিক বিকাশৰ প্ৰধান অন্তৰায় হৈছে দূৰ্বল অৰ্থনীতি। 


6. লোক নীতি কাৰ্যকৰীকৰণৰ Bottom up দৃষ্টিভংগীটো চমুকৈ লিখা।

উত্তৰঃ ওপৰৰ পৰা তলতৈ (Bottom up)যুক্তিসংগত দৃষ্টিভংগীৰ সমালোচকসকলে কয় যে সুদক্ষ কাৰ্যকৰীকৰণত এই আৰ্হি সফল হব পৰা নাই।  গতিকে এই আৰ্হিৰ পৰিৱৰ্তে তেওঁলোকে Bottom up আৰ্হিৰ ওপৰত গুৰুত্ব দিছে। Bottom up আৰ্হিৰ মূল পৃষ্ঠপোষকতাসকল হল তাৰ ওৱেদাৰলি আৰু এম লিপস্কাই, আৰ এলমোৰ, মিখাইল লিপিস্কাই আদি। এই দৃষ্টিভগীৰ সমৰ্থকসকলে কেৱল কাৰ্যকৰক ওপৰত গুৰুত্ব নিদি গ্ৰাহক অৰ্থাৎ উপভোক্তাৰ ওপৰতো গুৰুত্ব দিয়ে। সেয়ে কেৱল কাৰ্যকৰীকৰণত গুৰুত্ব নিদি নীতি প্ৰস্তুত, প্ৰস্তকৰ্তা, তথা হিতাধিকাৰী আদিৰ ওপৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন। তেতিয়াহে কাৰ্যকৰী প্ৰক্ৰিয়া সফল হব।


Short notes (5 Mark)

1. লোক নীতি কাৰ্যকৰীকৰণ উপাদানসমূহ।

উত্তৰঃ লোক নীতি কাৰ্যকৰীকৰণৰ উপাদানসমূহ হল ---

(i) নীতি কাৰ্যকৰীকৰণৰ বাবে ব্যক্তিগত আৰু আৰ্থিক সম্পদ।

(ii) নীতিৰ ঈপ্সিত লক্ষ্যত উপনীত হ'বলৈ প্ৰশাসনিক দক্ষতা।

(iii) নীতিৰ উচিত কাৰ্যকৰীকৰণৰ বাবে ৰাজনৈতিক আৰু ন্যায়িক সমৰ্থন।


2. লোক নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ

উত্তৰঃ (i) জনমত ঃ- জনমত আৰু জনসাধাৰণৰ পচন্দই লোক নীতিৰ ওপৰত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰে। লোক নীতি নিৰ্ধাৰণৰ আৰু কাৰ্যকৰীকৰণ চৰকাৰে কৰে।

(ii) আৰ্থিক অৱস্থাঃ- ব্যক্তি, সমাজ তথা দেশৰ অৰ্থনৈতিক অৱস্থায়ো দেশৰ নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলায়। আৰ্থ-সামাজিক বিকাশৰ প্ৰধান অন্তৰায় হৈছে দূৰ্বল অৰ্থনীতি।

(iii) কাৰিকৰী পৰিৱৰ্তনঃ-  বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ আশীৰ্বাদত সম্প্ৰতি কাৰিকৰী ক্ষেত্ৰখনত অভূতপূৰ্ব পৰিৱৰ্তণ সাধন হৈছে। ইয়ে বজাৰ, ব্যৱস্থা, ব্যৱসায় উৎপাদন আদি বিভিন্ন ক্ষেত্ৰত প্ৰভাৱিত কৰিছে।

(iv) প্ৰভাৱ গোষ্ঠীঃ- প্ৰভাৱ গোষ্ঠীসমূহ হৈছে বিভিন্ন উদ্দেশ্যৰে জনসাধাৰণৰ দ্বাৰা গঠিত কিছুমান গোট। যিবোৰ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে চৰকাৰক হেচাঁ প্ৰয়োগ কৰে.

(v) জ্ঞান আৰু অভিযোজনঃ- কোনো এটা বিষয়ৰ ওপৰত থকা জ্ঞান আৰু বিষয়টোত কৰিব খোজা অভিযোজন প্ৰক্ৰিয়াও বিষয়টো সন্দৰ্ভত নীতি গ্ৰহণ কৰাক প্ৰভাৱিত কৰে। 

(vi) অনুষ্ঠানগত প্ৰভাৱ ঃ- চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠানৰ গাঁথনি আৰু দক্ষতায়ো লোক নীতিক প্ৰভাৱিত কৰে। উদাহৰণস্বৰূপে - কেন্দ্ৰীয় চৰকাৰৰ এজেঞ্চিসমূহ, স্থানীয় চৰকাৰ, বেচৰকাৰী সংস্থা, ব্যক্তিগত খগু, ৰাজনৈতিক দল, ধৰ্মীয় সংগঠন আদিসমূহেও চৰকাৰী নীতিক প্ৰভাৱিত কৰে।
  


3. নীতি কাৰ্যকৰীকৰণৰ সমস্যাসমূহ

উত্তৰঃ নীতি কাৰ্যকৰীকৰণৰ সমস্যাসমূহ হৈছে ----

(i) ধাৰণাগত সমস্যাঃ- নীতি এটাৰ সম্পৰ্কত থকা স্পষ্ট ধাৰণাৰ জ্ঞানে নীতিটো সফল কাৰ্যকৰীকৰণ নিৰ্ভৰ কৰে। ধাৰণাৰ অবিহনে নীতিটোৰ লগত জড়িত আনুষংগিক দিশসমূহ বুজাটো জটিল হয়। এনে জটিলতাই সমস্যাৰ প্ৰকৃতি বোধগম্য কৰি উচিত সমাধানৰ পথ নিৰ্ণয়ত বাধা প্ৰদান কৰে। ধাৰণাগত সমস্যা মূলতঃ দুটা বিষয়ৰ লগত জড়িত --- নীতি স্বৰূপ আৰু নীতি বিশ্লেষণ।

(ii) ৰাজনৈতিক সমস্যাঃ- লোক নীতি কাৰ্যকৰীকৰণত ৰাজনৈতিক সমস্যা এক জটিল আৰু গম্ভীৰ সমস্যা। তলত দিয়া বিভিন্ন ধৰণৰে লোক নীতি কাৰ্যকৰীকৰণত ৰাজনৈতিক সমস্যাই বাধা দিব পাৰে---

(ক) ৰাজনৈতিক সমৰ্থনৰ অভাৱ আৰু ৰাজনৈতিক হস্তক্ষেপ

(খ) কেন্দ্ৰীকৃত নীতি প্ৰক্ৰিয়া

(গ) প্ৰভাৱগোষ্ঠীৰ ৰাজনীতি 

(ঘ) জন অংশগ্ৰহণৰ অভাৱ আদি।

(iii) প্ৰশাসনীয় সমস্যাঃ- বহু উন্নয়নশীল দেশত লোক নীতি কাৰ্যকৰীকৰণৰ প্ৰধান সমস্যা হল প্ৰশাসনীয় সমস্যা। এই দেশসমূহৰ অদক্ষ আৰু দূৰ্নীতিপৰায়ণ প্ৰশাসনিক বিষয়াসকলৰ বাবে উন্নয়নমূলক আঁচনি আৰু নীতিসমূহ সফল ৰূপায়ণত বাধাপ্ৰাপ্ত হয়। বিভিন্ন ধৰণৰ প্ৰশাসনীয় সমস্যাসমূহ হল -----

(ক) আনুষ্ঠানিক অদক্ষতা 

(খ) বিষয়াগত আৰু আৰ্থিক সম্পদৰ অভাৱ

(গ) প্ৰশাসনীয় ইচ্ছা আৰু উদগনিৰ অভাৱ

(ঘ) দূৰ্বল সমন্বয় আৰু সহযোগিতা ।



4. সফল কাৰ্যকৰীকৰণৰ চৰ্তসমূহ।

উত্তৰঃ সফল কাৰ্যকৰীকৰণৰ চৰ্তসমূহ তলত আলোচনা কৰা হল ----

(i) নীতি নিৰ্ধাৰণ কৰা সময়ত নীতিটো ধাৰণাগত ভাৱে স্পষ্ট আৰু সহজ হোৱা দিশটোৰ ওপৰত গুৰুত্ব দিব লাগে।

(ii) নীতিত স্পষ্টভাৱে উল্লেখ থাকিব লাগে যে নীতিটো কিয়, কাৰ বাবে লোৱা হৈছে আৰু কেনেকৈ ইয়াক সম্পৰ্ণ কৰা হব। বিধায়িনী প্ৰক্ৰিয়াত ইয়াৰ স্পষ্ট সাংগাঠনিক নিৰ্দেশনা থাকিব লাগে।

(iii) দক্ষ আৰু স্বীকৃত নেতৃত্ব নীতিৰ সফল কাৰ্যকৰীকৰণৰ অন্যতম প্ৰধান চৰ্ত ।

(iv) সক্ৰিয় গোষ্ঠী আৰু নীতি বিশেষজ্ঞসকলে নীতিৰ কাৰ্যকৰীকৰণৰ সময়ত চৰকাৰ তথা প্ৰশাসনক সহায় কৰিব লাগে।

(v) নীতিৰ ফলাফলসমূহ সময়ে সময়ে বিশেষ পদ্ধতিৰে মূল্যায়ন কৰি থাকিব লাগে।

(vi) নীতিৰ উদ্দেশ্য স্পষ্ট আৰু লক্ষ্যমুখী হোৱাটো উচিত।

(v) শেষত, নীতিৰ সফল কাৰ্যকৰীকৰণৰ বাবে নীতি প্ৰক্ৰিয়াত জনগণৰ সবল অংশগ্ৰহণ খুবেই প্ৰয়োজন । জনগণ সক্ৰিয় হলে চৰকাৰে তথা প্ৰশাসনো সক্ৰিয় হয় আৰু নীতিৰ কাৰ্যকৰীকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হয়।


5. লোক নীতি মূল্যায়ন প্ৰক্ৰিয়া।

উত্তৰঃ লোক নীতি মূল্যায়ন প্ৰক্ৰিয়া সমূহ হল---

(i) মূল্যায়নৰ উদ্দেশ্য নিৰূপণ কৰাঃ- মূল্যায়ন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰত মূল্যায়নৰ উদ্দেশ্য নিৰূপণ কৰা হয়। এটা নীতি কিয় মূল্যায়ন কৰা হ'ব, সেই প্ৰশ্ন আগত ৰাখিয়েই মূল্যায়ন প্ৰক্ৰিয়া আৰম্ভ হয়। 

(ii) মূল্যায়নৰ ক্ষেত্ৰ নিৰ্ধাৰণ কৰাঃ- দ্বিতীয়তে, নীতি আঁচনিৰ কোনবোৰ দিশক মূল্যায়ন কৰা হব সেয়া নিৰ্ধাৰণ কৰা হয়। মূল্যায়নৰ উদ্দেশ্য নিৰ্ধাৰণ হোৱাৰ পাছত এই কাৰ্য সহজ হৈ পৰে। 

(iii) মূল্যায়ন পদ্ধতি বাছনি কৰা ঃ- নীতি এটাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক উপযোগিতা উলিয়াবলৈ হলে মূল্যায়ন প্ৰক্ৰিয়া নিদিৰ্ষ্ট পদ্ধতিৰে সমাপন হ'ব লাগিব।

(iv) তথ্য সংগ্ৰহ কৰা আৰু সংগঠিত কৰাঃ- তৃতীয় স্তৰত মূল্যায়ন পদ্ধতি বাছনি হোৱাৰ পাছত এই স্তৰত উক্ত পদ্ধতিৰে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰা হয়।

(v) ফলাফল বিশ্লেষণঃ- মূল্যায়ন প্ৰক্ৰিয়াৰ পঞ্চম স্তৰত সংগৃহীত তথ্যসমূহৰ বিশ্লেষণ কৰি ফলাফল উলিওৱা হয়। 

(vi) মূল্যায়ন প্ৰতিবেদন প্ৰস্তুতঃ- মূল্যায়ন প্ৰক্ৰিয়াৰ শেষ স্তৰটো হৈছে প্ৰতিবেদন প্ৰস্তুত। এই স্তৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হয়। তথ্য বিশ্লেষণৰ জৰিয়তে নিৰ্ণীত হোৱা ফলাফলসমূহ এইটো স্তৰত প্ৰতিবেদন হিচাপে প্ৰস্তুত কৰা হয়।


6. মূল্যায়নৰ উদ্দেশ্য আৰু ভূমিকা ?

উত্তৰঃ লোক নীতি প্ৰক্ৰিয়াত মূল্যায়নৰ এক তাৎপৰ্যপূৰ্ণ ভূমিকা আছে। নীতি এটাৰ দক্ষতা, প্ৰভাৱ শীলতা,উপযোগিতা আদি নিৰ্ধাৰম কৰাত মূল্যানে সহায় কৰে।

মূলতঃ নীতি বা কাৰ্যকৰীকৰণৰ জৰিয়তে হিতাধিকাৰীৰ মাজলৈ লৈ যোৱা পথত দেখা দিব পৰা সমস্যা বা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাটোৱে মূল্যায়নৰ উদ্দেশ্য । মূল্যায়নৰ আন উদ্দেশ্যকেইটা হল---

(i) নীতিৰ দক্ষতা বিচাৰ কৰা।

(ii) নীতি এটা কিমান প্ৰভাৱশালী তাক পৰিমাপন কৰা আৰু

(iii) নীতিৰ ফলাফল বিচাৰ কৰা।

নীতি প্ৰস্তুত কৰা সময়ত নীতিৰ উদ্দেশ্য আৰু লক্ষ্য নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়াতো মূল্যায়নে নীতি প্ৰমূল্যৰ স্পষ্ট ৰূপ দাঙি ধৰে। ইয়াৰ জৰিয়তে নিদিৰ্ষ্ট লক্ষ্য আৰু উদ্দেশ্যৰ ব্যাখ্যা স্পষ্ট হয়।

নীতিৰ লগত জড়িত সমস্যাসমূহক পুনৰ্বিন্যাস কৰাত মূল্যায়ন পদ্ধতি উপযোগী। গতিকে মূল্যায়নে নতুন উদ্দেশ্য গঠনেৰে সমস্যা সমাধানৰ সম্ভাৱনা প্ৰকট কৰি তোলে। উদাহৰণস্বৰূপে- ইতিমধ্যে লোৱা সমাধানৰ উপায় এটা পুনৰ লোৱা হব নে তাৰ বিলোপ কৰি নতুন উপায় লোৱা হব, এয়া মূল্যায়নৰ জৰিয়তেহে নিৰ্ধাৰণ কৰিব পাৰি। এনেদৰে নীতি প্ৰস্তুতৰ পৰা আৰম্ভ কৰি নীতিৰ নিৰক্ষণ, কাৰ্যকৰীকৰণ আদি স্তৰত মূল্যায়নে নীতি এটাৰ কাৰ্যকাৰিতা, উপযোগিতা আদি পৰিমাপন কৰি নীতিৰ সামাজিক, অৰ্থনৈতিক উপযোগিতাক স্পষ্ট ৰূপত দেখুৱাই সমস্ত নীতি প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


Answer by Himashri Kakati