পৰিসাংখ্য়িকীয় তথ্য়ৰ বৰ্গীকৰণ (শ্ৰেণীকৰণ ) আৰু সাৰণীয়ন  ( তালিকাকৰণ ) | Chapter 7 | [ Classification and Tabulation of Statistical Data ] | Class 11 Commerce ( Commercial Mathematics and Statistics), Question and Answer | Class 11 Commerce (Commercial Mathematics and Statistics), Solution | HS 1st Year Commerce (Commercial Mathematics and Statistics), Suggestion Assamese Medium | উচ্চতৰ মাধ্য়মিক প্ৰথম বাৰ্ষিকৰ বাবে প্ৰশ্ন আৰু উত্তৰ | বাণিজ্য়িক গণিত আৰু পৰিসংখ্যা বিজ্ঞান | 


পৰিসাংখ্য়িকীয় তথ্য়ৰ বৰ্গীকৰণ ( শ্ৰেণীকৰণ ) আৰু সাৰণীয়ন ( তালিকাকৰণ )

 [ Classification and Tabulation of Statistical Data ]

 Chapter 7 


প্ৰশ্নাৱলী [ Exercises] 


1. তথ্যৰ শ্ৰেণী বিন্যাস বা শ্ৰেণীকৰণ বুলিলে কি বুজা ? শ্ৰেণীকৰণৰ লক্ষ্য কি ? শ্ৰেণীকৰণৰ বিভিন্ন প্ৰণালী সম্পৰ্কে আলোচনা কৰা।

 (What do you mean by classification of data? What are the objectives of classification? Discuss the different types of classification.)


2. সাংখ্যিকীয় বিশ্লেষণত শ্ৰেণীকৰণৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা । 

 (Discuss the importance of classification in statistical analysis.)


3. তালিকাকৰণ বুলিলে কি বুজা ? তালিকাকৰণৰ উদ্দেশ্য় কি ? 

 (What do you mean by tabulation? What are the objectives of tabulation?)


4. তালিকাৰ প্ৰয়োজনীয় অংশসমূহ কি কি ? 

  (What are the necessary parts of a table?)


5. (a) তালিকা কেই প্ৰকাৰৰ ? 

    (b) গুৱাহাটী কমাৰ্ছ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ বয়স, লিংগ, শ্ৰেণী আৰু তিনিটা প্ৰধান ধৰ্মৰ ভিত্তিত বিভাজন দেখুৱাই এখন খালি তালিকা (blank table) প্ৰস্তুত কৰা।

   [ (a) What are the different types of table? ]

  [ (b) Prepare a blank table showing the particulars relating to students of Gauhati Commerce College classified according to their age, sex, faculty and three important religious.]


6. বাৰংবাৰতা বিভাজনৰ পৰা আমি কি সংবাদ গ্ৰহণ কৰিব পাৰোঁ ? ক্ৰমযৌগিক বাৰংবাৰতা কি ?

 (What information can we have from a frequency distribution ? What is cumulative frequency?)


7. তলত 50 জন লৰা'ৰ নম্বৰ দিয়া আছে। শ্ৰেণী-অন্তৰালৰ দৈৰ্ঘ 10 ধৰি বিবৰ্জিত বা অন্তৰ্ভুক্তি পদ্ধতিৰে এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা।

 (Marks obtained by 50 students are given below. Prepare a frequency distribution table by taking class intervals each of length 10 by inclusive or exclusive method.)

 







8. বাৰংবাৰতা বিভাজন কি ?

 (What is frequency distribution?)


9. সংজ্ঞা দিয়া ঃ বাৰংবাৰতা, ক্ৰমযৌগিক  বাৰংবাৰতা, আপেক্ষিক বৰংবাৰতা, শ্ৰেণী অন্তৰালৰ মধ্য়মান।

  (Define- frequency, cumulative frequency, relative frequency, mid-value of class interval.)


10. তলত উল্লেখ কৰা মতে এটা কাৰখানাৰ কাম কৰা কৰ্মীসকলৰ বিভাজন দেখুৱাই এখন খালি তালিকা প্ৰস্তুত কৰা-

 (a) লিংগঃ পুৰুষ আৰু মহিলা।

 (b) দৰমহাৰ তিনিটা শ্ৰেণীঃ 600 টকাৰ তলত, 600 টকা- 1200 টকাৰ ভিতৰত, 1200 টকাৰ ওপৰত । 

 (c) চনঃ 1980 আৰু 1987 ।

 (d) বয়সৰ তিনিটা সীমা- 25  বছৰৰ কম,  25 বছৰ বা তাতকৈ বেছি কিন্তু 40 বছৰ কম, 40 বা তাতকৈ কম বছৰৰ বেছি। 

  (Draft a blank table to show the distribution of workers in a factory according to- 

    (a) Sex : Male and Female.

    (b) Three grades of salary :  below Rs. 600, between Rs. 600 and Rs. 1200, above Rs. 1200. 

    (c) Time periods : 1980 and 1987.

    (d) Three age groups : Below 25 years, 25 years or above between below 40 years, or above.)   


  (11) খালি তালিকা কি ? ই কি উদ্দেশ্য় সাধন কৰে ?

      (What is blank table? What purposes does it serve?)

 

(12) পৰিসাংখ্যিকীয় বিশ্লেষণত তালিকাকৰণৰ ভূমিকা কি ?

    (What is the role of tablulation in statistical analysis?)

    [ ইংগিতঃ তালিকাকৰণৰ সুবিধাসমূহৰ বিষয়ে লিখিলেই হ'ব।  ]


13. কোনো এটা প্ৰতিচয়ন সমীক্ষাত দুখন চহৰত কফি খোৱাৰ অভ্যাস থকা আৰু অভ্যাস নথকা মানুহবোৰৰ সৰ্ম্পক তথ্য সংগ্ৰহ কৰি তলত দিয়া তথ্য়খিনি পোৱা গ'ল-

 চহৰ Aঃ 60% পুৰুষ, কফি খোৱাৰ অভ্য়াস থকা মুঠ মানুহ 40% আৰু 26% হ'ল কফি খোৱাৰ অভ্য়াস থকা পুৰুষ। 

 চহৰ B ঃ 55% পুৰুষ, কফি খোৱাৰ অভ্যাস থকা মুঠ মানুহ 30% আৰু কফি খোৱাৰ অভ্যাস থকা পুৰুষ 20% । 

  লুপ্ত থকা তথ্য়খিনি পূৰণ কৰি ওপৰৰ তথ্য়খিনি সাৰণীয়ন কৰা।


14. তলত দিয়া তথ্য়ৰ বাবে বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। তলত প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-

  (i) 30-ৰ অধিক নম্বৰ পোৱা ছাত্ৰৰ শতকৰা হাৰ।

  (ii) 30-ৰ কম নম্বৰ পোৱা ছাত্ৰৰ শতকৰা হাৰ।

   পোৱা নম্বৰ-

        



[ইংগিত ঃ শ্ৰেণী-অন্তৰালৰ দৈৰ্ঘ 10 ধৰিলে শ্ৰেণী-অন্তৰালবোৰ হ'ব-

 

 
15. খালি ঠাই পূৰোৱা (Fill in the blank ) ঃ
  
  (i) পৰিসাংখ্য়িকীয় তথ্য সুশৃঙ্খলভাবে ------ আৰু ------ আকাৰত উপস্থাপন কৰাকেই সাৰণীয়ন বোলে। 

  (ii) বৰ্গীকৰণ মুঠ পদ্ধতি ----- । 

  (iii) সাৰণীয়নৰ প্ৰথম পৰ্যায় হ'ল ------- ।

  (iv) কোনো এটা শ্ৰেণী-অন্তৰালৰ বাৰংবাৰতাক মুঠ বাৰংবাৰতাৰে হৰণ কৰি পোৱা মানক শ্ৰেণী অন্তৰালটোৰ ------ বোলে।

 (v) শ্ৰেণীকৰণ ----- প্ৰকাৰৰ ।

  [ উত্তৰ ঃ (i) শাৰী আৰু স্তম্ভ,  (ii) দুটা,  (iii) শ্ৰেণীকৰণ, (iv) আপেক্ষিক বাৰংবাৰতা,  (v) চাৰি।]


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)












Type : Himashree Bora.