অৱৰ্জনা সৃষ্টি আৰু নিষ্কাশন

 আমি আমাৰ ঘৰ, বিদ্য়ালয়, দোকান আৰু কাৰ্যালয়ৰ পৰা বহুতো জাবৰ বা আৱৰ্জনা পেলাওঁ। দোকানত কিনা গুটি শস্য়, দাইল, মাহ, বিস্কুট, গাখীৰ বা তেল আদি প্লাষ্টিক মোনা বা টিনত ভৰোৱা থাকে নতুবা ভৰাই দিয়ে। সামগ্ৰী ভৰোৱা এই সকলোবোৰ বস্তু আৱৰ্জনাৰূপে পাছত পেলাই দিয়া হয়। আমি কেতিয়াবা এনে বস্তু কিনো যিবোৰ কাচিৎহে ব্য়ৱহাৰ হয় আৰু প্ৰায়েই এইবোৰ আৱৰ্জনা হিচাপে পেলাই দিব লগা হয়। 

  আমি আমাৰ দৈনন্দিন জীৱনত বহুতো আৱৰ্জনা সৃষ্টি কৰোঁ। প্ৰায়ে আমি ৰাজহুৱা স্থানত, বাছত বা বেলগাড়ীত বাদাম খাই বাদামৰ বাকলিবোৰ পেলাই দিওঁ। ল'ৰা-ছোৱালীয়ে অকল আনন্দৰ বাবেও পেঞ্চিল জোঙা কৰি থাকিব পাৰে। কেতিয়াবা লিখোতে ভূল কৰিলে বা বহীত ছিয়াঁহী পৰিলেও বহীৰ পাতখন ফালি পেলাই দিওঁ। বহু ঘৰুৱা আৱৰ্জনা যেনে- ভঙা পুতলা, পূৰণা কাপোৰ, জোতা আৰু চেণ্ডেল আদিও আমি পেলাই দিওঁ। 

  আমাৰ ঘৰ আৰু চৌপাশৰ আৱৰ্জনাবোৰ যদি আঁতৰাই পেলোৱা নহয়, তেতিয়া কি হ'ব বাৰু? এইবোৰেনো আমাক কেনেকৈ অপকাৰ কৰে? চাফা কৰা মানুহে কেনেকৈ অপকাৰ কৰে? চাফা কৰা মানুহে আৱৰ্জনাবোৰ আমাক অপকাৰ নকৰা বস্তুলৈ সলনি কৰা সম্ভৱনে? এইক্ষেত্ৰত আমি কিবা প্ৰকাৰে সহায় কৰিব পাৰোনে? এই অধ্য়ায়ৰ পৰা এই প্ৰশ্নবোৰৰ উত্তৰ পাওঁ আহা।

  প্ৰহেলিকা আৰকু প্ৰজ্ঞানহঁতৰ বিদ্য়ালয়ৰ ল'ৰা-ছোৱালীবোৰে 'আৱৰ্জনাৰ সৈতে মোকাবিলা' শীৰ্ষক এটা প্ৰকল্প কৰিছিল। এই প্ৰকল্পটোৰ পৰা তেওঁলোকে শিকা কিছুমান কথা আমিও শিকোঁ আহা। 

১৬.১ আৱৰ্জনাৰ সৈতে মোকাবিলা

  চফাই কাম মানুহে আৱৰ্জনবোৰ গোটাই ট্ৰাকত ভৰায় আৰু এডোখৰ দ মুকলি ঠাই, যাক আৱৰ্জনা পেলোৱা ঠাই বুলি কোৱা হয়, তালৈ লৈ যায়। 

  তাত আৱৰ্জনাবোৰৰ পৰা পুনৰ ব্য়ৱহাৰ কৰিব পৰা অংখিনিক পুনৰ ব্য়ৱহাৰ কৰিব নোৱাৰা অংশৰ পৰা পৃথক কৰা হয়। আৱৰ্জনাবোৰৰ মাজত ব্য়ৱহাৰৰ উপযোগী আৰু ব্য়ৱহাৰৰ অনুপযোগী দুয়োটা উপাদান থাকে। ব্য়ৱহাৰৰ অনুপযোগী উপাদানবোৰ পৃথক কৰা হয়। পাছত সেইবোৰ জাবৰ পেলোৱা ঠাইখনত সিঁচৰিত কৰি মাটি এটা তৰপেৰে ঢাকি দিয়া হয়। যেতিয়া জাবৰ পেলোৱা ঠাইখন সম্পূৰ্ণভাৱে হয় তেতিয়া সাধাৰণতে এই ঠাইক উদ্য়ান বা খেল পথাৰলৈ পৰিৱৰ্তিত কৰা হয়। পাছত প্ৰায় বিশ বছৰ সময়লৈ তাত কোনো ধৰণৰ ডাঙৰ ঘৰ সাঁজিব দিয়া নহয়। আৱৰ্জনাৰ ব্য়ৱহাৰৰ উপযোগী উপাদানবোৰৰ কিছুমানক ব্য়ৱহাৰত লগাবৰ বাবে জাবৰ পেলোৱা ঠাইখনৰ ওচৰতে উপাদানবোৰৰ পৰা পচন সাৰ বাৰু কি? তলৰ ক্ৰিয়াকলাপৰ দ্বাৰা ইয়াৰ বিষয়ে শিকোঁ আহা। 

  আৱৰ্জনা পেলোৱা বাকচত (Dustbin) পেলাই দিয়াৰ আগতে তোমালোকে ঘৰৰ আৱৰ্জনাবোৰ গোটাই লোৱা। এইবোৰ তলত দিয়া ধৰণে দুটা ভাগত ভাগ কৰাা-

     ভাগ-১ঃ  পাকঘৰৰ পৰা পোৱা আৱৰ্জনা, যেনে- ফল আৰু শা-পাচলিৰ  বাকলি, কণীৰ বাকলি, পেলনীয়া আহাৰ, চাহপাত। বাকলি-কাকত, শুকান পাত আৰু কাগজৰ বেগও এইটো ভাগত থাকিব। 

   ভাগ-২ঃ কৃত্ৰিম আঁহেৰে তৈয়াৰী কাপোৰৰ টুকুৰা, পলিথিনৰ বেগ, ভঙা কাচ, এলুমিনিয়ামৰ কাগজ, গজাল, পুৰণা জোতা আৰি ভঙা পুতলা

  প্ৰত্য়েকটো ভাগৰ বস্তুবোৰ পুনৰ দুটা পৃথক দ'মন ভাগ কৰা। সিহঁতক ক, খ, গ, আৰু ঘ নামেৰে চিহ্নিত কৰা। 'ভাগ-১' ৰ পৰা এটা দ'ম আৰু 'ভাগ-২'ৰ পৰা এটা দ'ম লৈ দুটা পৃথক পৃথক পলিথিনৰ মোনাত ভৰোৱা। এটা মোনা দুটাৰ মুখ কেইখন টানকৈ বান্ধা। চাৰিওটা দ'মটাৰিটা পৃথক গাঁতত পোতা আৰু মাটিৰে ঢাকি দিয়া। তোমালোকে আৱৰ্জনাবোৰ পোতাৰ বাবে চাৰিটা মাটিৰ পাত্ৰও ব্য়ৱহাৰ কৰিব পাৰা। 

   চাৰিদিনৰ পাচত মাটিখিনি আঁতৰোৱা আৰু আৱৰ্জনাখিনিত হোৱা পৰিৱৰ্তন পৰ্যৱেক্ষণ কৰা। আৱৰ্জনাখিনিৰ ক'লা ৰং হোৱা আৰু লেতেৰা গোন্ধ নথকাটোৱে ইঙ্গিত দিয়ে যে আৱৰ্জনাবোৰৰ পচন সম্পূৰ্ণ হৈছে। পুনৰ দ'মবোৰ গাঁতত ৰাখা আৰু মাটিৰে ঢাকি দিয়া। প্ৰত্য়েক দুদিনৰ মূৰে মূৰেপৰ্যৱেক্ষণ কৰা আৰু পৰ্যৱেক্ষণবোৰ তলত দিয়া ধৰণে লিপিবদ্ধ কৰা। আৱৰ্জনাবোৰৰ- 

     (ক) পচন সম্পূৰ্ণ আৰু গোন্ধ নাইকিয়া হৈছে নেকি? 

     (খ) পচন আংশিকহে হৈছে নেকি?

     (গ) পচন প্ৰায় সম্পূৰ্ণ কিন্তু বেয়া গোন্ধ এতিয়াও আছে নেকি?

     (ঘ) একেবাৰে সকলি হোৱা নাই নেকি?

 আৱৰ্জনাৰ কোনটো দ'মত পচন হোৱা দেখা গৈছে আৰু কোনটোত দেখা পোৱা নাই?

  তোমাৰ পৰ্যৱেক্ষণৰ ওপৰত ভিত্তি কৰি তালিকা ১৬.১ ৰ স্তম্ভবোৰ (ক), (খ), (গ) বা (ঘ) ৰে পীৰ্ণ কৰা। তোমালোকৰ পৰ্যৱেক্ষণত যদি আন কিবা লক্ষ্য় কৰিছা তাকো তোমালোকৰ টোকাবহীত লিপিবদ্ধ কৰিবলৈ নাপাহৰিবা। যিবোৰ আৱৰ্জনাৰ পচন হোৱা নাই, সেইবোৰ আৱৰ্জনা আঁতৰাই নথবা আৰু পুৰি নেপেলাবা। 

  যদি আৱৰ্জনাবোৰ সম্পূৰ্ণভাৱে পচন হোৱা দেখা গৈছে আৰু গোন্ধো নাই তেনেহ'লে সেইবোৰ তোমালোকে ভালপোৱা গছৰ গুটি সিঁচিৰ খোজা মাটিত মিহলাই দিবা। এইবোৰে উদ্ভিদক পুষ্টি যোগান ধৰিব।  

  এই ক্ৰিয়াকলাপৰ পৰা তোমালোকে পৰ্যৱেক্ষণ কৰিলা যে আৱৰ্জনাৰ কিছুমান বস্তুৰ পচন হয়। সিহঁতে উদ্ভিদৰ বাবে প্ৰয়োজনীয় সাৰ প্ৰস্তুত কৰে। দ্ৰব্য় কিছুমান পচি সাৰ হোৱাকে 'পচন' বোলে 

  কিছুমান নগৰ আৰু চহৰ পৌৰ নিগমে আৱৰ্জনা সংগ্ৰহ কৰাৰ বাবে দুটা পৃথক জাবৰ পেলোৱা পাত্ৰৰ যোগান ধৰে। সাধাৰণতে এটাৰ ৰং নীলা আৰু আনটোৰ সেইজীয়া। নীলা ৰঙৰ জাবৰ পেলোৱা পাত্ৰটো পুনৰ ব্য়ৱহাৰ কৰিব পৰা বস্তুবোৰ যেনে- প্লাষ্টিক, ধাতু আৰু কাচৰ বাবে ৰখা হয়। তোমালোকে মন কৰিছিলা নেযে এইবোৰেই সেই বস্তুবোৰ যিবোৰ জাবৰৰ দ'মত পচি নাযায়। সেইজীয়া পাত্ৰটো পাকঘৰ আৰু আন উদ্ভিদ বা প্ৰাণীৰ বৰ্জিত দ্ৰব্য় সংগ্ৰহ কৰাৰ বাবে ৰখা হয়। তোমালোকে দেখিছিলা যে এনেধৰণৰ জাবৰবোৰ যেতিয়া মাটিত পোতা হয় তেতিয়া সম্পূৰ্ণভাৱে পচন হয়। জাবৰবোৰ পেলাই দিয়াৰ আগতে 'ক্ৰিয়াকলাপ ১'ত কৰাৰ দৰে এইবোৰক দুটা ভাগত পৃথক কৰাটো কিয় প্ৰয়োজন তোমালোকে দেখিছানে? 

   ৰাস্তাৰ দাঁতিত শুকান পাতৰ জাবৰৰ দ'ম তোমালোকে দেখিছানে? বেছিভাগ সময়তে এইবোৰ জ্বলাই দিয়া হয়। খেতি চপোৱাৰ পাছত খেতিসকলেও তুঁহ, শুকান পাত আৰু শস্য়ৰ অলাগতিয়াল অংশবোৰ পথাৰত জ্বালাই দিয়ে। এইবোৰ জ্বলোৱাৰ পাছত ওলোৱা ধোঁৱা আৰু গেছবোৰ আমাৰ স্বাস্থ্য় বাবে অপকাৰী। আমি এনে ধৰণৰ অভ্য়াসবোৰ বন্ধ কৰিবলৈ চেষ্টা কৰিব লাগে। এই জাবৰবোৰ প্ৰয়োজনীয় পচন সাৰলৈ ৰূপান্তৰ কৰিব পাৰি। 

  ইয়াত প্ৰহেলিকা আৰু প্ৰজ্ঞানে সিহঁতৰ 'আৱৰ্জনাৰ সৈতে মোকাবিলা' প্ৰকল্পত লক্ষ্য় কৰা। কিছুমান পৰ্যৱেক্ষণ আৰু চিন্তাধাৰা উল্লেখ কৰা হ'ল- 

 আচলতে চুৰি কাৰ্য নহয়। তাই আচলতে বুজাব খুজিছে 'অথনৈতিক'। মানে তাই বিচাৰিছে যে চৰকাৰে পাত আৰু উদ্ভিদজাত জাবৰবোৰ জ্বলোৱাৰ বিপক্ষে ভাৰতৰ সকলো ঠাইৰ বাবে এখন আইন প্ৰণয়ন কৰিব লাগে। 

১৬.২ কেঁচু সাৰ প্ৰস্তুতকৰণ 

 পচন সাৰ যোগান ধৰি আমি উদ্ভিদৰ বন্ধু হ'ব পাৰোঁ। পচন সাৰ প্ৰস্তুত কৰি আমি নিজেও নিজৰ ভাল বন্ধু হ'ব পাৰোঁ। 

 বন্ধু বোলোতে কেঁচু যে খেতিয়কৰ বন্দু তাক জানানে? এতিয়া এবিধ ৰঙা কেঁচুৰ পচনত কেনেদৰে ব্য়ৱহাৰ কৰে চাওঁ আহা। এইদৰে ৰঙা কেঁচুৰ দ্বাৰা যি পদ্ধতিৰে পচন সাৰ প্ৰস্তুত কৰা হয় তাক 'কেঁচু সাৰ প্ৰস্তুতকৰণ' বোলা হয়। আমি বিদ্য়ালয়ত কেঁচুসাৰ প্ৰস্তুত কৰণৰ পদ্ধতিৰ দ্বাৰা সাৰ প্ৰস্তুত কৰিব পাৰোঁ। 

  প্ৰায় ৩০ চে.মি দ' এটা গাঁত খান্দা বা এঠাইত এটা কাঠৰ বাকচ ৰাখা। বাকচ ৰখা ঠাইডোখৰ বেছি গৰম বা বেছি ঠাণ্ডা হ'ব নালাগে। সূৰ্যৰ পোহৰ পোনপটীয়াকৈ নপৰা ঠাই এডোখৰেই উপযুক্ত হ'ব। এতিয়া গাঁত বা বাকচত ৰঙা কেঁচুৰ বাবে এটা সুবিধাজনক আবাসৰ ব্য়ৱস্থা কৰি লওঁ আহা। 

  গাঁত বা বাকচৰ তলত এডোখৰ তাঁৰৰ জালি পাৰি দিয়া বা ইয়াৰ সলনি তোমালোকে ১ৰ পৰা ২ চে.মি ডাঠ বালিৰ তৰপো দিব পাৰা। এতিয়া শাক-পাচলিৰ বৰ্জিত বস্তুৰ সৈতে ফলৰ বাকলি আদি বালিৰ ওপৰত থৈ বহলাই মেলি দিয়য়। 

  তোমালোকে সেউজীয়া পাত, শুকান গছৰ ঠাৰি, শস্য়ৰ তুহ বা বাতৰি কাকতৰ এটুকুৰা বা ডাঠ কাগজ আদিও বালিৰ ওপৰত বহলাই মেলি দিব পাৰা। চিকমিকোৱা বা প্লাষ্টিকেৰে আবৃত কাগজ আদি এইক্ষেত্ৰত ব্য়ৱহাৰ নকৰিবা শুকান গোবৰো বালিৰ বা তাঁৰৰ জালিৰ ওপৰত ব্য়ৱহাৰ কৰিব পাৰা।  

  সেমেকা কৰিবৰ বাবে তৰপটোৰ ওপৰত কিছু পৰিমাণে পানী ছটিয়াই দিয়া। সাৱধান হ'বা যাতে বেছি পানী ব্য়ৱহাৰ নহয়। বৰ্জিত বস্তুত এি তৰপিৃটোত হেঁচা নিদিবা।  এই তৰপটো ঢিলা কৰি ৰাখিবা যাতে ইয়াত পৰ্যান্ত পৰিমাণে বায়ু আৰু জলীয় বাষ্প থাকে। 

  এতিয়া তোমালোকৰ গাঁতটো ৰঙা কেঁচু দিবলৈ উপযুক্ত হৈ পৰিছে। কেইডালমান ৰঙা কেঁচু কিনি আনা আৰু সিহঁতক গাঁতত ভৰোৱা। এতিয়া কেঁচুবোৰ মৰাপাটৰ বেগ বা পূৰণা কাপোৰ বা ঘাঁহত তৰপেৰে ঢিলাকৈ ঢাকি দিয়া। 

  ৰঙা কেঁচুবোৰক খাদ্যৰ প্ৰয়োজন হ'ব। তোমালোকে সেইবোৰত শাক-পাচলি আৰু ফলৰ পেলনীয়া অংশ, কফি আৰু চাহৰ অৱশিষ্ট আৰু পথাৰ বা বাগিছাৰ ঘাঁহ-বন আদি দিব পাৰা। আটাইতকৈ ভাল হয় যজিহে এই আহাৰবোৰেৰে গাঁতটোৰ ভিতৰৰ প্ৰায় ২-৩ চে.মি পুতি দিব পাৰা। নিমখ থকা খাদ্য় বস্তু, আচাৰ, তেল, ভিনেগাৰ, মাংস আৰু গাখীৰেৰে বনোৱা খাদ্য় আদি পেলনীয়া বস্তুবোৰ যদি তোমালোকে গাঁতত ওপৰৰ তৰপটো সাৱধানেৰে লৰাই মিহলাই দিবা।

  ৰঙা কেঁচুৰ দাঁত নাথাকে। আহাৰ গুড়ি কৰাত সহায় কৰিবৰ বাবে সিহঁতৰ 'পেষণী' আছে। কণীৰ চোকোৰাৰ গুড়ি বা শামুকৰ খোলা আদি পেলনীয়া বস্তুবোৰৰ লগত মিহলাব পাৰা। এইবোৰে ৰঙা কেচুঁক সিহঁতৰ আহাৰ গুড়ি কৰাত সহায় কৰে। ৰঙা কেঁচুৱে নিজৰ শৰীৰৰ ওজনৰ সমান পৰিমাণৰ আহাৰ এদিনত গ্ৰহণ থ কৰিব পাৰে।

  ৰঙা কেঁচু বেছি গৰম আৰু বেছি ঠাণ্ডা পৰিৱেশত জীয়াই থাকিব নোৱাৰে। সিহঁতক সিহঁতৰ চাৰিওফালে জলীয় বাষ্পও লাগে। যদি ভালকৈ যত্ন ল'ব পাৰা তেন্তে এটা মাহৰ ভিতৰত সিহঁতৰ সংখ্য়া দুগুণ হ'ব। 

  ৰঙা কেঁচু বেছি গৰম আৰু বেছি ঠাণ্ডা পৰিৱেশত জীয়াই থাকিব নােৱাৰে । সিহঁতক সিহঁতৰ চাৰিওফালে জলীয় বাষ্পও লাগে । যদি ভালকৈ যত্ন ল’ব পাৰা তেন্তে এটা মাহৰ ভিতৰত সিহঁতৰ সংখ্যা দুগুণ হ’ব ।                                                                                                     

    ৩-৪ সপ্তাহৰ পিছত গাঁতৰ ভিতৰৰ বস্তুবােৰ সাৱধানেৰে পর্যৱেক্ষণ কৰা । তােমালােকে গাঁতৰ ভিতৰত এতিয়া ঢিলা মাটিৰ দৰে বস্তু দেখিছানে ? এইদৰেই তােমালােকৰ কেঁচুসাৰ প্রস্তুত হ’ল । ( চিত্র ১৬.৬ )

  গাঁতটোৰ এটা চকুত কিছুমান পেলনীয়া বস্তু খাদ্য় হিচাপে ৰাখা। বেছিসংখ্য়ক কেঁচুৱেই আন অংশ এৰি গাঁতৰ এই অংশটোলৈ আহিব। কেঁচুবোৰ আঁতৰি যোৱা অংশৰ পৰা পচন সাৰ উলিয়াই আনা আৰু কেই ঘন্টা মানৰ বাবে এইবোৰ ৰ'দত কেইঘন্টামান শুকাবলৈ দিয়া। তোমালোকৰ কেঁচুসাৰ এতিয়া ব্য়ৱহাৰৰ বাবে সাজু হ' 

  বেছিসংখ্য়ক কেঁচুৱেই গাঁতৰ ৰৈ যোৱা অংশত আছে। তোমালোকে এইবোৰ আৰু বেছি পচন সাৰ প্ৰস্তুত কৰিবৰ বাবে ব্য়ৱহাৰ কৰিব পাৰা বা আন কোনো কেঁচু সাৰ প্ৰস্তুতকাৰকক ভগাই দিব পাৰা। 

  এই উত্তম কেঁচুসাৰ তোমালোকৰ পাত্ৰ বা টাৱত, বাগিছা বা পথাৰ আদিত ব্য়ৱহাৰ কৰা। 'আৱৰ্জনাৰ পৰা আটাইতকৈ ভাল' ফল পোৱাৰ বাবে এইটো এটা উপায় নহয় জানো? তোমালোকৰ যিসকলৰ খেতিৰ পথাৰ আছে তেওঁলোকে ডাঙৰ গাঁতত কেঁচুসাৰ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব পাৰা। এইদৰে তোমালোকে বজাৰৰ পৰা খৰচী ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ কিনাৰ পৰিৱৰ্তে বহুতো টকা ৰাহি কৰিব পাৰিবা।

১৬.৩ পেলোৱাৰ আগতে ভাবি চোৱা

 প্ৰত্য়েকদিনে প্ৰতি ঘৰৰ পৰা কিমান আৱৰ্জনা বা জাবৰ-জোথঁৰ ওলায় ভাবি চাইছানে? ইয়াৰ হিচাপে নিৰ্ধাৰণ কৰিবৰ বাবে এটা বাল্টি ল'ব পাৰা। তোমালোকৰ ঘৰৰ কেইদিনমানৰ আৱৰ্জনাবোৰ সংগ্ৰহ কৰাৰ বাবে ৫- ১০ লিটাৰৰ এটা বাল্টি ব্য়ৱহাৰ কৰা। কিমান দিনত বাল্টিটো ভৰ্ত্তি হ'ল? তোমালোকে তোমালোকৰ পৰিয়ালৰ সদস্য়ৰ সংখ্য়া নিশ্চয় জানা। যদি তোমালোকে তোমালোকৰ নৰ বা চহৰৰ জনসংখ্য়া জানা,তেতিয়াহ'লে তোমালোকৰ নগৰ বা চহৰত এদিনত কিমান বাল্টি আৱৰ্জনাৰ সৃষ্টি হয় ধাৰণা কৰিব পাৰিবানে? আমি প্ৰতিদিনে আৱৰ্জনাৰ পৰ্বত সৃষ্টি কৰিছোঁ, নহয় জানো?

  এখন গাঁৱৰ বিষয়ে এটা সাধু পঢ়ো আহা য'ত জাৱৰ-জোঁথৰৰ পৰিমাণ কম আৰু জ্ঞান অধিক আছিল। নানু ৬ষ্ঠ শ্ৰেণীয়ে পঢ়ে। সি কাগজৰ উৰাজাহাজ সাজিবলৈ বৰ ভাল পায়। যেতিয়া সি উৰাজাহাজ সাজিবৰ বাবে টোকা বহীত পৰা পাত ফালে, তেতিয়া তাৰ মাকে বিৰক্ত হয়, কিন্তু নানুৱে কোনো গুৰুত্ব নিদিয়ে। 

  এবাৰ নানু মাকৰ লগত খুৰীয়েকৰ গাঁৱলৈ গৈছিল। তাত ভায়েক শ্য়ামে প্ৰস্তুত কৰা বিভিন্ন বস্তু দেখি সি আচৰিত হৈছিল। পুৰণা চাৰ্ট পেপাৰৰ পৰা ফাইল, পেঞ্চিল কটা কাঠৰ পাতল চোকোৰাৰে প্ৰস্তুত কৰা মেট, পুৰণা পলিথিন মোনাৰে প্ৰস্তুত কৰা খৰাহি আদি বস্তুবোৰ নানুৰ ভাল লাগিল। বিভিন্ন নিমন্ত্ৰণী পত্ৰৰে শ্য়ামে এখন ডায়েৰীও প্ৰস্তুত কৰিছিল। 

  এদিন ৰাতিপুৱা নানুৱে আইতাকৰ বিচাৰি গ'ল। সি দেখিলে যে এটা ডাঠ প্ৰলেপ আইতাকে খৰাহীৰ ওপৰত লগাই আছে। নানুৱে সুধিলে, "আইতা তুমি কি কৰি আছা? এই প্ৰলেপটো কি?

  "কিন্তু তুমি কিয় খৰাহিৰ ওপৰত এইবোৰ লগাইছা?" নামুৱে সুধিলে। 

 "ইয়াক মজবুত কৰিবৰ বাবে" বুলি আইতাকে ক'লে আৰু সুবিলে "তুমি মোৰ পৰা এই বিষয়ে শিকিব বিচৰানে?" নানু এইক্ষেত্ৰত বৰ আগ্ৰহী নাছিল আৰু সেয়েহে খেলিবৰ বাবে বাহিৰলৈ দৌৰ দিলে। সি মাথোঁ কাগজ ফালি উৰাজাহাজ সাজিবৰ বাবেহো আগ্ৰহী। আনকি সি শ্য়ামৰ ফাইলৰ পৰাও কাগজ ফলা আৰম্ভ কৰিলে! 

  নানুৱে ব্য়ৱহাৰ কৰা কাগজৰ টুকুৰাবোৰ শ্য়াম সংগ্ৰহ কৰিলে আৰু তাক লৈ চিন্তিত হ'ল। সি যে কাৰো কথাই নুশুনে!

  কেইদিনমানৰ পাছতেই নানুৰ জন্মদিন আছিল। শ্য়াম তাৰ বন্ধুসকলক নিমন্ত্ৰণ কৰাৰ চিন্ত্ৰা কৰিলে। শ্য়ামে তাৰ মাটিৰ পাত্ৰৰ পৰা পইচা উলিয়ালে আৰু নানুৰ সৈতে বজাৰলৈ গ'ল। সি কিছুমান কাগজৰ টুপী বন্ধুসকলৰ বাবে  কিনি আনিলে। সি দোকানীজনৰ টুপীবোৰ ৰাখিবৰ বাবে এটা পলিথিনৰ মোনাও বিচাৰিলে। দোকানীজনে পলিথিন মানোৰ সলনি এটা কাগজৰ মোনা দিলে। নানুৱে আন বস্তু যেনে বিস্কুট আৰু টফি আদিও কিনিলে। সি বস্তুবোৰ কঢ়িয়াবলৈ টান পাইছিল; কাৰণ কোনো এজন দোকানীয়ে তাক  পলিথিন মোনা দিবৰ বাবে সন্মান নাছিল। শ্য়ামে নানুক এখন কাপোৰৰ মোনা লগত লৈ যোৱাৰ কথা কৈছিল। কিন্তু সি তাৰ কথা নুশুনাৰ বাবে এতিয়াহে তাৰ দুখ লাগিল। কিনা বস্তুবোৰৰ সৈতে সিহঁত কোনোমতেহে ঘৰ পাইছিলহি। 

  নানুৰ বন্ধুবোৰে জন্মদিনৰ দিনা বহুত স্ফূৰ্তি কৰিলে আৰু হৃবহু খেলও খেলিলে। সকলো বন্ধুৱে নানুৰ জন্মদিনত উজ্জ্বল কাগজৰ টুপীবোৰ পিন্ধিছিল। 

  শ্য়ামে বন্ধুসকলৰ বাবে কাগজৰ মণ্ডৰে ধুনীয়া মুখা প্ৰস্তুত কৰিছিল। নানুৰ বাবেও শ্য়ামৰ এটা বিশেষ উপহাৰ আছিল। এখন ফটো ফ্ৰেম আৰু নানুৱে পেলাই দিয়া কাগজৰ টুকুৰাবোৰ আঠা লগাই সজা এখন শুভেচ্ছা কাৰ্ড! নানুৰ বাবে এইটো এটা নতুন অভিজ্ঞতা হ'ল। মখাবোৰ লৈ সকলো বন্ধু ঘৰমুৱা হ'ল। নানুৱে তাৰ আহাৰ শেষ কৰি উপাহাৰবোৰ চাবৰ বাবে অধীক হৈ পৰিছিল। 

  বন্ধ শেষ হোৱাৰ পিছত নানু ঘৰলৈ ঘূৰি আহিল। শ্য়ামৰ গাঁৱতকৈ তাৰ চহৰখন ইমান বেলেগ! গাওঁখন ইমান চাফ-চিকুণ যে তাত জাৱৰ-জোঁথৰ বোটলা মানুহো নাই। যেতিয়া সি তাৰ ঘৰৰ ওচৰত জাবৰ বোটলা ল'ৰা-ছোৱালীবোৰ দেখিলে তেতিয়া তাৰ মুখৰ মাত বন্ধু হ'ল। 

  তোমালোকে নিশ্চয় তোমালোকে তোমালোকৰ ঘৰৰ ওচৰত বা আন ঠাইত কিছুমান ল'ৰা-ছোৱালীয়ে জাবৰ-জোঁথৰবোৰ ভাগ ভাগ কৰা দেখিছা। সেই ল'ৰা-ছোৱালীবোৰৰ কামবোৰ পৰ্যৱেক্ষণ কৰা আৰ কেনেকৈ সিহঁতে প্ৰয়োজনীয় বস্তুবোৰ জাৱৰ-জোঁথৰৰ পৰা পৃথক কৰিছে চোৱা। সিহঁতে আচলতে আমাক সহায়হে কৰিছে।

     এনেকুৱা এজন শিশুৰ লগত কথা পাতা আৰু তলত দিয়া কথাবোৰ বিচৰা উলিওৱাঃ

    সিহঁতে সংগ্ৰহ কৰা জাৱৰ-জোঁথৰবোৰ সিহঁতে কি কৰে? সিহঁতে এইবোৰ ক'লৈ লৈ যোৱা?

     যদি সিহঁত বিদ্য়ালয়লৈ যায় নে? তাৰ বা তাইৰ বন্ধুবোৰে কৰি কৰে?    

    তোমালোকে এই শিশুসকলৰ পঢ়া আৰু লিখা কামত সহায় কৰিব পাৰিবানে? 

  আৱৰ্জনা কিনিবলৈ অহা মানুহক গৰৰ পুৰণা বাতৰি কাকত, কাচ আৰু ধাতুৰ বস্তু, প্লাষ্টিক মোনা আৰু তোমালোকৰ পুৰণা টোকা বহী আদি বিক্ৰী কৰি কেতিয়াবা সহায় কৰিছানে? তেওঁৰ লগত কথা পাতা আৰু তেওঁ এই আৱৰ্জনাবোৰেৰে কি কৰে বিচাৰি উলিওৱা। 

   শ্য়ামে প্ৰস্তুত কৰাৰ দৰে তুমিও পুৰণা আৰু পেলাই দিয়া কাগজেৰে কাগজ প্ৰস্তুত কৰিব বিচৰা নে? এিবোৰ কৰিবলৈ শিকোঁ আহা। 

১৬.৪ কাগজৰ পুনৰাৱৰ্তন 

   ইয়াৰ বাবে তোমালোকক পুৰণা বাতৰি কাকত, আলোচনী, ব্য়ৱহাৰ কৰা লেফাফা, টোকা বহী বা অন্য় যি কোনো কাগজৰ প্ৰয়োজন হ'ব। চিকৃম্কোৱা কাগজ, প্লাষ্টিক আৱৰণৰ কাগজ ব্য়ৱহাৰ নকৰিবা। তোমালোকক পাতল ধাতুৰ জাল বা জালেৰে সৈতে আৱৰা এটা ফ্ৰমো লাগিব। তোমালোকে ফ্ৰেমৰ সলনি ডাঙৰ আকৃতিৰ চালনীও ব্য়ৱহাৰ কৰিব পাৰা।

   কাগজবোৰ সৰু সৰু টুকুৰা কৰি ফালা। এটা টাব বা বাল্টিত ভৰোৱা আৰু তাত পানী ঢালা, কাগজৰ টুকুৰাবােৰ পানীত ডুব যােৱাকৈ এদিনৰ বাবে ৰাখা । এতিয়া এইখিনি ফেনেকি এটা ডাঠ লেই প্রস্তুত কৰা।

        এতিয়া এই আৰ্দ্ৰ লেইখিনি ফ্ৰেমত থকা ধাতুৰ জালত বহলাই মেলি দিয়া । লেইটো যাতে সকলােফালে সমান ডাঠ হয় তাৰ বাবে ইয়াক লাহে লাহে থপৰিয়াই দিয়া । যেতিয়ালৈকে পানী ওলাই নাযায় তেতিয়ালৈকে অপেক্ষা কৰা । যদি প্রয়ােজন হয় , এখন পুৰণা কাপােৰ বা বাতৰি কাকত লেইটোৰ ওপৰত মেলি দিয়া যাতে ই অতিৰিক্ত পানী শুহি লয় ।

   এতিয়া সাৱধানেৰে ফ্ৰেমৰ পৰা লেইৰ তৰপটো আঁতৰাই আনা আৰু এখন বাতৰি কাকতৰ ওপৰত ৰাখি ৰ'দত মেলি দিয়া । বাতৰি কাকতৰ চুককেইটা যাতে কোচ খাই নাযায় তাৰ বাবে গধুৰ বস্তুৰে চুককেইটা হেঁচা দি থবা।

 তােমালােকে লেইখিনি ৰ’দত মেলি দিয়াৰ আগতে তাত খােৱা বস্তুত ব্যৱহাৰ কৰা ৰঙ , শুকান পাতৰ টুকুৰা , ফুলৰ পাহি বা ৰঙীন কাগজৰ টুকুৰা মিহলি কৰিব পাৰা । ইয়ে সুন্দৰ নক্সাৰ সৈতে পুনৰাৱর্তিত ( Recycled ) কাগজ পােৱাত সহায় কৰিব । কাগজ পুনৰ প্ৰস্তুত কৰাৰ দৰে আমি সকলােবােৰ বস্তু পুনৰাই পাব পাৰোনে ?

১৬.৫ প্লাষ্টিক- আশীৰ্বাদ নে অভিশাপ? 

কিছুমান প্লাষ্টিক পুনৰ ব্যৱহাৰৰ উপযােগী কৰি ল'ব পাৰি , কিন্তু সকলােবােৰ নহয় । তােমালােকে ক্রিয়াকলাপ ১ ত নিৰীক্ষণ কৰিছিলানে যে পলিথিনৰ মােনা আৰু কিছুমান প্লাষ্টিক পচি নাযায় ? এতিয়া তােমালােকে নিশ্চয় বুজি পালা যে পলিথিনৰ মােনাই কিয় আবর্জনা নিষ্কাশন এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰে ।

      আমাৰ জীৱনটো প্লাষ্টিক অবিহনে ভবাটো কিছু কষ্টকৰ হ'ব পাৰে । আমি ব্যৱহাৰ কৰা প্লাষ্টিকেৰে প্রস্তুত কৰা সামগ্ৰীৰ এখন তালিকা প্রস্তুত কৰিব পাৰোনে ? পুতলা , জোতা , বেগ , কলম , ফণি , দাঁত মজা ব্রাচ , বাল্টি , বটল আৰু পানীৰ পাইপ তালিকাখন বহুত দীঘল । বাছ , সৰুগাড়ী , ৰেডিঅ ’ , টেলিভিছ , ফ্রিজ আৰু স্কুটাৰৰ কিছু অংশ যিবােৰ প্লাষ্টিকেৰে প্ৰস্তুত কৰা হয় তাৰ নামবােৰ ক'ব পাৰিবানে ?

     প্লাষ্টিক ব্যৱহাৰে নিশ্চয় ইমান বেছি সমস্যাৰ সৃষ্টি কৰিব নােৱাৰে । তেতিয়াহে সমস্যাৰ সৃষ্টি হয় যেতিয়া আমি অত্যাধিক প্লাষ্টিক ব্যৱহাৰ কৰোঁ আৰু এইবােৰৰ পৰা সৃষ্ট আবর্জনা নিষ্কাশনৰ বিষয়ে অজ্ঞ । আমাৰ চাৰিওফালে সেয়াই ঘটি আছে ।

          আমি এইবােৰৰ অপকাৰিতাৰ বিষয়ে ভালদৰে জানিও নজনাৰ ভাও ধৰি - আছে । আমি মাজে সময়ে ৰান্ধি থােৱা বস্তু ৰাখিবৰ বাবেও প্লাষ্টিক মােনা ব্যৱহাৰ কৰোঁ । কেতিয়াবা এই মােনাবােৰ খােৱা বস্তু ৰাখিবৰ বাবে উপযােগী নহ'বও পাৰে । এনে প্লাষ্টিক মােনাত থােৱা খাদ্য বস্তু গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে অনিষ্টকৰ হ’ব পাৰে । বহুক্ষেত্ৰত দোকানীয়ে আগতে বেলেগ কামত ব্যৱহাৰ কৰা প্লাষ্টিক মােনা পুনৰ ব্যৱহাৰ কৰে । কেতিয়াবা জাবৰ বােটলা লােকৰ পৰাও মােনা সংগ্রহ কৰি সেইবােৰক ধুই ব্যৱহাৰ কৰে । খােৱা বস্তুৰখাৰ বাবে পুনৰাৱর্তিত প্লাষ্টিক মােনাৰ এনে ব্যৱহাৰবােৰ স্বাস্থ্যৰ বাবে অনিষ্টকৰ । খােৱা বস্তু ৰখাৰ বাবে উপযােগী বুলি স্বীকৃতিপ্রাপ্ত পলিথিনৰ মােনা ব্যৱহাৰত আমি জোৰ দিব লাগে । 

      গৰম কৰিলে বা জ্বলালে সকলাে প্লাষ্টিকে অপকাৰী গেছ উলিয়াই দিয়ে । এই গেছবােৰে কেন্সাৰকে আদি কৰি মানৱ শৰীৰত নানা বেমাৰৰ সৃষ্টি কৰিব পাৰে । চৰকাৰেও প্লাষ্টিকৰ পুনৰাৱর্তনৰ বাবে নির্দেশাৱলী বান্ধি দিছে । 

      তােমালােকে লক্ষ্য কৰিছা যে মানুহে প্ৰায়েই প্লাষ্টিকৰ মােনাত জাবৰ - জোঁথৰবােৰ ভৰায় আৰু পাছত এইবােৰ পেলাই দিয়ে । যেতিয়া চৰি ফুৰা প্ৰাণীয়ে মােনাবােৰত আহাৰ দেখা পায় , তেতিয়া সিহঁতে এইবােৰ খায় । কেতিয়াবা এনে খাদ্য খােৱাৰ বাবে সিহঁতৰ মৃত্যুও হােৱা দেখা যায় । পলিথিনৰ মােনাবোেৰ ৰাস্তাত যেনিয়ে তেনিয়ে পেলােৱাৰ বাবে এইবােৰ নলাত জমা হয় । ফলস্বৰূপে নর্দমাবােৰ বন্ধ হৈ পানীবােৰ ৰাস্তালৈ বাগৰি আহে । যেতিয়া বেছি বৰষুণ দিয়ে ই তেতিয়া আনকি বানপানীৰ দৰে অৱস্থাৰাে সৃষ্টি কৰিব পাৰে । প্লাষ্টিকৰ অতিমাত্রা ব্যৱহাৰে বহুত অনিষ্ট সাধন কৰিব পাৰে।

 প্লাষ্টিক মােনাৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে আৰু জাবৰ - জোঁথৰবােৰ ব্যৱহাৰ কৰিবৰ বাবে আমি কি কৰিব পাৰোঁ ?

   ১। আমি কম পৰিমাণে , প্লাষ্টিক মােনা ব্যৱহাৰ কৰিব লাগে । কোনাে ধৰণৰ বেয়া প্রতিক্রিয়া হ’ব নােৱৰাকৈ মােনাবােৰ পুনৰ ব্যৱহাৰ কৰিব লাগে ।

   ২। আমি দোকানীসকলক কাগজৰ মােনা ব্যৱহাৰত গুৰুত্ব দিবলৈ ক'ব লাগে । আমি বজাৰলৈ যাওঁতে কাপােৰ বা মৰাপাটৰ মােনা লগত নিব লাগে ।  

   ৩। খােৱা বস্তু ৰাখিবৰ বাবে প্লাষ্টিক মােনা ব্যৱহাৰ কৰিব নালাগে । 

  ৪। ব্যৱহাৰ কৰাৰ পিছত প্লাষ্টিক মােনাবােৰ য'তে ত’তে পেলাব নালাগে । 

  ৫। আমি কেতিয়াও প্লাষ্টিক মােনা আৰু আন প্লাষ্টিকৰ বস্তু জ্বলাব নালাগে । 

   ৬। জাবৰ - জোঁথৰবােৰ প্লাষ্টিক বেগত ভৰাই পেলাই দিব নালাগে । 

 ৭। আমি যদি ঘৰত কেঁচুসাৰ ব্যৱহাৰ কৰোঁ তেতিয়া    হলে আমাৰ পাকঘৰৰ পেলনীয়া সামগ্ৰীবােৰ ভালদৰে ব্যৱহৃত হ'ব ।      ৮। আমি কাগজবােৰ পুনৰ ব্যৱহাৰৰ উপযােগী কৰি ল'ব পাৰে ।

   ৯। কাগজৰ দুয়াে পিঠি লিখাৰ বাবে ব্যৱহাৰ কৰিব লাগে । বাহিৰা লিখা কামৰ বাবে আমি শ্লেটৰ ব্যৱহাৰ কৰিব পাৰে । টোকাবহীত ৰৈ যােৱা খালী কাগজবােৰ আমি অন্যান্য লিখা কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে ।  

  ১০। আমি আমাৰ পৰিয়াল , বন্ধ আন সকলােকে বিভিন্ন ধৰণৰ জাবৰ - জোঁথৰবােৰৰ উপযুক্ত ভাৱে পেলােৱাৰ অভ্যাস কৰাব পাৰোঁ।                                                                                                    আটাইতকৈ গুৰুত্বপূৰ্ণ কথাষাৰ হ’ল আমি যিমান বেছি জাবৰ - জোঁথৰৰ সৃষ্টি কৰিম সিমানেই ইয়াৰ পৰা পৰিত্ৰাণ পােৱাটো কঠিন হ’ব।



Class 6 Science 

Type: Dimi Bora