অধ্যায়ঃ ৭

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ


অনুশীলনীঃ

১) খালী ঠাই পূৰ কৰা।

(ক) প্ৰাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আৱাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে অভয়াৰণ্য বুলি কোৱা হয়।


(খ) এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্ৰজাতি বুলি জনা যায়।


(গ) জলবায়ু ৰ পৰিৱৰ্তনৰ বাবে পৰিভ্ৰমী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়।


২) এটাৰ পৰা আনটোক পৃথক কৰা।

(ক) বন্যপ্ৰাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল।

উত্তৰঃ


(খ) চিৰিয়াখানা আৰু অভয়াৰণ্য।

উত্তৰঃ


(গ) বিপন্ন আৰু বিলুপ্ত প্ৰজাতি।

উত্তৰঃ


(ঘ) উদ্ভিদকুল আৰু প্ৰাণীকুল।

উত্তৰঃ


৩) বনাঞ্চল ধ্বংসৰ প্ৰভাৱত তলত দিয়াবোৰত কেনেদৰে পৰে আলোচনা কৰা।

(ক) বন্য প্ৰাণী

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত বন্য প্ৰাণীৰ ওপৰত বহুত প্ৰভাৱ পৰে। তাৰ ভিতৰত-

১) খাদ্য বস্তুৰ নাটনি হ’ব।

২) বন্যপ্ৰাণীৰ থকা ঠাই বা বাসস্তান কমি আহিব।

৩) খাদ্য আৰু বাস স্থানৰ সন্ধানত বন্য প্ৰাণীবোৰ মানুহৰ বসতি স্থানলৈ ওলাই আহিব ফলত মানুহৰ লগত সংঘাট হব।


(খ) পৰিৱেশ

উত্তৰঃ পৰিৱেসৰ ওপৰতও বহুত প্ৰভাৱ পৰিব

১) বায়ুমণ্ডলৰ কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব।

২) বৰষুণ কম/অনিয়মিত হব।

৩) ভূমিস্খলন হব।

৪) গোলকীয় উত্তাপ বৃদ্ধি হব।

৫) বতৰৰ পৰিৱৰ্তন হব আৰু পৃথিৱীৰ উত্তাপ বাঢ়িব।


(গ) গাঁও (গ্ৰাম্য অঞ্চল)

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত গাওঁ অঞ্চলতও বহুত প্ৰভাৱ পৰিব

১) বনাঞ্চল ধ্বংসৰ ফলত বতৰৰ পৰিৱৰ্তন হব ফলত বৰষুণৰ পৰিমাম কমিব যাৰ কাৰণে খতিয়কৰ খেতি পথাৰত খেতি কৰাত অসুবিধা হ’ব।

২) মাটিৰ উৰ্বৰতা শক্তি কমিব ফলত শস্যৰ উৎপাদন কমিব।

৩) ইন্ধন হিচাপে ব্যৱহাৰ কৰা খৰিৰ নাটনি হ’ব।

৪) বতৰৰ পৰিৱৰ্তনৰ ফলত বানপানীৰ সমস্যাই দেখা দিব।


(ঘ) নগৰ (নগৰীয়া অঞ্চল)

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত নগৰ অঞ্চলতও বহুত পৰিমাণে প্ৰভাৱ পৰিয়।

১) বতৰৰ পৰিৱৰ্তণৰ কাৰণে অনিয়মীত বৰষুণ হব, ফলত নগৰ অঞ্চলত কৃত্ৰিম বৰষুণ হ’ব।

২) বায়ুমণ্ডল প্ৰদূৰ্ষণ যথেষ্ঠ হ’ব ফলত প্ৰাণীবোৰে বিশুদ্ধ বায়ু নাপাব।


(ঙ) পৃথিৱী

উত্তৰঃ বনাঞ্চল ধ্বংশৰ ফলত পৃথিৱীৰ ওপৰত হোৱা বিভিন্ন প্ৰভাৱ সমূহ তলত আলোচনা কৰা হ’ল-

১) বায়ুমণ্ডলত কাৰ্বণ-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব যাৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হ’ব।

২) বতৰৰ পৰিৱৰ্তন হ’ব।

৩) বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ যেনে, বানপানী, ভৃমিস্থলন দেখা যাব।

৪) কিছুমান ঠাইত অত্যাধিক খৰাঙৰ ফলত মৰুভূমিত পৰিণত হ’ব।


(চ) উত্তৰ প্ৰজন্ম

উত্তৰঃ বনাঞ্চল ধ্বংশৰ ফলত উত্তৰ প্ৰজন্ম ওপৰত হোৱা বিভিন্ন প্ৰভাৱ সমূহ হ’ল-

১) গোলকীয় উত্তপ বৃদ্ধিৰ কুফল উত্তৰ প্ৰজন্মৰ ওপৰত পৰিব।

২) বানপানী, মাটিৰ খহনীয়াৰ দৰে দুৰ্যোগ বোৰে উত্তৰ প্ৰজন্মক ক্ষতি কৰিব।

৩) জৈৱ বৈচিত্ৰতা ধ্বংসৰ লগতে পৰিৱেশতন্ত্ৰত পৰা প্ৰভাৱ উত্তৰ প্ৰজন্মই ভোম কৰিব।


৪) কি হ’ব পাৰে যদি

(ক) আমি গছ কাটি গৈ থাকোঁ।

উত্তৰঃ যদি আমি গছ কাটি গৈ থাকোঁ তেতিয়া আমাৰ বনাঞ্চলবোৰ ধ্বংস হৈ যাব, ফলত-

১) পৃথিৱীৰ উষ্ণতা আৰু প্ৰদূষণৰ মাত্ৰা বাঢ়িব। 

২) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যাব যিয়ে পৃথিৱীৰ উষ্ণতা বঢ়োৱাত সহায় কৰিব।

৩) ভূ-গৰ্ভ পানী পৃষ্ঠও তললৈ নামিব।

৪) প্ৰাকৃতিক ভাৰসাম্য নষ্ট হব।

৫) বৰষুণৰ পৰিমাণ কমিব আৰু মাটিৰ উৰ্বৰতা কমি যাব ফলত বানপানী, খৰাংৰ দৰে প্ৰাকৃতিক দুৰ্যোগ দেখা দিব।


(খ) প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হয়।

উত্তৰঃ প্ৰাণীৰ আৱাসস্থলী বিঘ্নিত হোৱাৰ ফলত-

১) প্ৰাণীসমূহ অঞ্চললৈ ওলাই আহিব।

২) প্ৰাণীসমূহৰ খাদ্যৰ নাটনি হব।

৩) প্ৰাণীসমূহৰ ক্ৰমান্বয়ে সংখ্যা কমি আহি এসময়ত বিলুপ্তি হ’ব।

৪) চোৰাং-চিকাৰীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব।


(গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে।

উত্তৰঃ মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থকাৰ ফলত-

১) মাটিৰ ক্ষয়ীভৱন হ’ব।

২) মাটিৰ উৰ্বৰতা শক্তি কমি যাব।

৩) পানীধাৰম ক্ষমতা কমি যাব।

৪) ভূ-পৃষ্ঠৰ পৰা ভূ-গৰ্ভলৈ পানীৰ গতি কমি যাব।


৫) চমু উত্তৰ দিয়া

(ক) জীৱ বৈচিত্ৰ্যক আমি কিয় সংৰক্ষণ কৰিব লাগে।

উত্তৰঃ জীৱ বৈচিত্ৰ্য মানে এক নিৰ্দিষ্ট অঞ্চলৰ জীৱসমূহৰ ভিন্নতা। জীৱ বৈচিত্ৰ্যত সকলোবোৰ জীৱ এটা আনটোৰ লগত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ থাকে। ইয়াৰ যিকোনো এটাৰ ক্ষতি হ’লে খাদ্য-শৃংখলত পৰিব ফলত প্ৰাকৃতিক ভাৰসাম্য নষ্ট হবঁও পাৰে। গতিকে আমি জীৱ বৈচিত্ৰ্যক সংৰক্ষণ কৰিব লাগে।


(খ) সংৰক্ষিত বনাঞ্চল বন্যপ্ৰাণীৰ বাবে সম্পূৰ্ণভাৱে সুৰক্ষিত নহয়, কিয়?

উত্তৰঃ ইয়াৰ কাৰণ হ’ল- বন্যপ্ৰাণীবোৰ চোৰাং চিকাৰীৰ দ্বাৰা নিধন হয়। দ্বিতীয়তে কাষৰীয়া অঞ্চলৰ মানুহবোৰে খৰি কাঠ আদি বনাঞ্চলত বিচাৰি ফুৰোতে বন্যপ্ৰাণীবোৰ মুক্ত বিচৰণত অসুবিধা হয়। কেতিয়াবা বানপানীৰ সময়ত প্ৰাণীবোৰে ওখঠাই বিচাৰি ফোৰোতে মৃত্যু মুখতও পৰে।


(গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কেনেকৈ?

উত্তৰঃ কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল কাৰণ তেওলোকে খাদ্য, আৰু ঔষধি গছ বনাঞ্চলৰ পৰাই আহৰণ কৰে।

তেওঁলোকে ইন্ধন হিচাপে খৰি আৰু ঘৰ সাজিবলৈ কাঠ বনাঞ্চলৰ পৰা আহৰণ কৰে।


(ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি?

উত্তৰঃ বনাঞ্চল ধ্বংস প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুয়োটা কাৰণে হয়।

প্ৰাকৃতিক কাৰণ- বনজুই আৰু প্ৰচণ্ড খৰাং

মানৱসৃষ্ট কাৰণ- খেতি কৰিবলৈ মাটি উলিওৱা, ঘৰআৰু কল-কাৰকান নিৰ্মাণ কৰিবলৈ, ইন্ধনৰ বাবে প্ৰয়োজনীয় খৰিৰ বাবে ইত্যাদি।

বনাঞ্চল ধ্বংশৰ পৰিণিতিঃ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি, পৃথিৱীৰ উষ্ণতা বঢ়া, বৰষুণৰ পৰিমাণ কমি যোৱা। মাটিৰ উৰ্বৰতা হ্ৰাস হোৱা, ভূমিস্খলন হোৱা আদি।


(ঙ) ৰেড ডেটা বুক কি?

উত্তৰঃ ৰেড ডেটা বুক হ’ল সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি।


(চ) পৰিভ্ৰমণ বুলিলে কি বুজা?

উত্তৰঃ চৰাইবোৰৰ নিজা আৱাসস্থলীৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে অনুকূল জলবায়ুৰ অঞ্চললৈ কমী পাৰিবৰ বাবে বহু দূৰণিৰ ঠাইলৈ উৰি যায়। ইয়াকে পৰিভ্ৰমণ বোলে।


৬) কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা হৈছে। ইয়াৰ বাবে গছ কটাটো উচিতনে? আলোচনা কৰা আৰু এটি চমুটোকা প্ৰস্তুত কৰা।

উত্তৰঃ কাৰখানাৰ নিতৌ বৰ্ধিত চাহিদা পূৰাবলৈ আৰু আবাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছ কটা উচিত নহয়।

ইয়াৰ পৰা বহু ধৰণৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰে-

১)কাৰ্বণ-ডাই-অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়ি যায়।

২) পৃথিৱীৰ উষ্ণতা বাঢ়ি যায়।

৩) বৰষুণৰ পৰিমাম কমি যায় আৰু বতৰৰ পৰিৱৰ্তন আহে।

৪) মাটিৰ উষ্ণতা কমি যায় লগতে মাটিৰ ক্ষয়ীভৱন বাঢ়ি যায়।

৫) খৰাং বতৰৰ সৃষ্টি হয়।

৬) পৰিৱেশ প্ৰদূষণ বাঢ়ি যায়।

৭) ভূমিস্খলন, বানপানীৰ দৰে ভয়কৰ প্ৰাকৃতিক দুৰ্যোগ দেখা দিয়ে।


৭) নিজৰ অঞ্চলৰ সেউজ সম্পদক প্ৰতিপালন  কৰাৰ বাবে তোমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা? তোমালোকে গ্ৰহণ কৰা কাৰ্যৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ কাৰ্যৰ তালিকা তলত দিয়া হ’ল-

১) গছ পুলি ৰোপনৰ ব্যৱস্থা কৰাৰ লগতে প্ৰয়োজনীয় যতন লোৱাৰ ব্যৱস্থা কৰিম।

২) গছ কটাৰ পৰা বিৰত থাকিম। প্ৰয়োজনত গছ কাটিলেও পুনৰ গছ ৰোৱাৰ ব্যৱস্থা কৰিম। 

৩) জনসাধাৰণৰ মাজত গছৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰাৰ লগতে গছ সংৰক্ষণৰ বাবে সজাগতাৰ সৃষ্টি কৰিম।

৪) কাগজ বঢ়োৱা, পুনৰবাৰ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিম।


৮) বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্ৰাস কৰে, বুজাই লিখা।

উত্তৰঃ বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ে ফলত ই গোলকীয় উষ্ণতাৰ বৃদ্ধি কৰে। সামগ্ৰিক ভাৱে বৃদ্ধি হোৱা উষ্ণতাই পৃথিৱীৰ জলচক্ৰৰ ওপৰত প্ৰভাৱ পেলায় আৰু বৰষুণৰ পৰিমাণ কম হয়। ফলত খৰাং বতৰৰ সৃষ্টি হয়।


৯) তোমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবোৰ বিচাৰি উলিওৱা। বাৰতৰ মেপত সেইবোৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা।

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ গোলাগাট, নগাও, শোণিতপুৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ বাকছা আৰু চিৰাং

ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ ডিব্ৰুগড়, তিনিচুকীয়া

নামেৰী ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ শোণিতপুৰ

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান – অৱস্থানঃ ওদালগুৰি, শোণিতপুৰ


১০) কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্ৰস্তুত কৰা।

উত্তৰঃ এক নৈ কাগজ বনাবলৈ ১৭ জোপা পৈনত গছৰ প্ৰয়োজন। কাগজ বচোৱা মানে গছকে বচোৱ হয়।

কাগজ বচোৱা মানে অকল গছকে বচোৱা নহয়, কাগজ প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজন হোৱা শক্তি আৰু পানীও বচোৱা হয়। ইয়াৰ বাহিৰেও কাগজ প্ৰস্তুত কঁৰোতে ব্যৱহাৰ হোৱা অনিষ্টকাৰী ৰাসায়নিক  দ্ৰব্যৰ পৰিমাণো হ্ৰাস কৰা হয়।


SPELLING CHECK 

            BY

       DIKHA

-------------------------------

বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------        




Post ID : DABP004208