অংকন 

1. যিকোনো এটা কোণৰ ( ㄥABC ) সমদ্বিখণ্ডক আঁকিব লাগে।

এতিয়া,
(i) B বিন্দুক কেন্দ্ৰ কৰি এটা চাপ অঁকা হ'ল। ইয়ে BA আৰু BC ক  D আৰু E বিন্দুত কটাকটি কৰিছে।

(ii) এতিয়া D আৰু E বিন্দুক কেন্দ্ৰ কৰি DE ৰ আধাতকৈ বেছি ব্য়াসাৰ্ধ লৈ দুটা চাপ অঁকা হ'ল। ইহঁতে F বিন্দুত পৰস্পৰ কটাকটি কৰে। 
(iii) BF ৰশ্মি অঁকা হ'ল। এতিয়া ইয়েই আঁকিবলগীয়া সমদ্বিখণ্ডিত।











2. এডাল প্ৰদত্ত ৰেখাখণ্ডৰ ( AB ) লম্ব সমদ্বিখণ্ডক আঁকিব লাগে।

এতিয়া,
(i) A আৰু B বিন্দুক কেন্দ্ৰ কৰি AB ৰ আধাতকৈ বেছি ব্য়াসাৰ্ধ লৈ পৰস্পৰ ছেদী বৃত্তচাপ অংকন কৰা হ'ল।
(ii) এই চাপকেইটাই P আৰু Q বিন্দুত কটাকটি কৰিছে। PQ সংযোগ কৰা হ'ল।
(iii) PQ য়ে AB ক M বিন্দুত কাটিছে। এতিয়া PMQ য়ে হৈছে AB ৰ ওপৰত আঁকিবলগীয়া লম্ব সমদ্বিখণ্ডক।


3. প্ৰদত্ত ৰশ্মি ( AB ) ৰ আদিবিন্দুত এটা 60° কোণ আঁকিব লাগে।

এতিয়া,
(i) A বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্য়াসাৰ্ধ লৈ এটা বৃত্তৰ চাপ অঁকা হ'ল যাতে ই AB ক D বিন্দুত কাটে।
(ii) D বিন্দুত কেন্দ্ৰ কৰি আগৰ একে ব্য়াসাৰ্ধকে লৈ এটা চাপ আগৰ চাপটোক E বিন্দুত কাটে।
(iii) AC ৰশ্মি E ৰ মাজেৰে অংকন কৰা হ'ল। এতিয়া CAB হৈছে অংকন কৰিবলগীয়া 60° কোণ।
    AE = AD = DE
সেয়েহে ই এটা সমবাহু ত্ৰিভূজ আৰু সমবাহু ত্ৰিভূজৰ প্ৰতিটো কোণৰ মান 60°।



উদাহৰণঃ তলৰ মাপত কোণ অংকন কৰাঃ
30° আৰু 15°

উত্তৰঃ 30°
(i) AB ৰশ্মিৰ ওপৰত ㄥCAB 60° অংকন কৰা হ'ল।
(ii) এতিয়া, D আৰু E বিন্দুক কেন্দ্ৰ কৰি DE ৰ আধাতকৈ বেছি ব্য়াসাৰ্ধ লৈ দুটা বৃত্তচাপ অংকন কৰা হ'ল। এই চাপ দুটাই পৰস্পৰ F বিন্দুত কটাকটি কৰিছে।
(iii) এতিয়া ㄥFAB য়ে হৈছে আঁকিবলগীয়া 30° কোণ।ㄥ




উত্তৰঃ 15°
(i) AB এডাল ৰশ্মিৰ ওপৰত ㄥCAB এটা 30° কোণ অঁকা হ'ল।

(ii) এতিয়া A বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্য়াসাৰ্ধ লৈ এটা বৃত্তচাপ অঁকা হ'ল। চাপটোৱে AC ক AB ক E আৰু D বিন্দুত কাটিছে।
(iii) এতিয়া D আৰু E বিন্দুক কেন্দ্ৰ কৰি DE ৰ আধাতকৈ বেছি ব্য়াসাৰ্ধ লৈ দুটা চাপ অঁকা হ'ল। এই চাপ দুটাই F বিন্দুত কাটিছে।
(iv) ㄥFAB য়ে হৈছে আঁকিবলগীয়া 15° কোণ।
























Post ID : DABP005185