Chapter: 2 

স্বাধীনতাৰ  পৰৱৰ্তী সময়ত মাধ্যমিক  শিক্ষাৰ বিকাশ

( Development of Secondary education in the post independent period)


(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer )

1. ড° তাৰা চান্দ কমিটি কোন চনত নিয়োগ কৰা হৈছিল?  

In which year Dr. Tara Chand Committee was appointed?

Ans: ড° তাৰা চান্দ কমিটি ১৯৪৮ চনত নিয়োগ কৰা হৈছিল।

2. মাধ্যমিক শিক্ষা আয়োগ কোন চনত গঠন কৰা হৈছিল?

In which year the Secondary Education Commission was constituted?

Ans: মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩ চনত গঠন কৰা হৈছিল।

3. মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩ ৰ সভাপতি কোন আছিল ? 

Who was the Chairman of Secondary Education Commission 1952-53?

Ans: মাধ্যমিক শিক্ষা আয়োগ ১৯৫২-৫৩ ৰ সভাপতি ড° লক্ষ্মণ স্বামী মুডালিয়াৰ আছিল।

4. ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম কি? 

What is the other name of Secondary Education Commission 1952-53?

Ans: ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগৰ আন এটা নাম হ'ল- মুডালিয়াৰ আয়োগ।

5. মাধ্যমিক শিক্ষাৰ এটা সমস্যা লিখা?

Write a problem of Secondary Education.

Ans: মাধ্যমিক শিক্ষাৰ এটা সমস্যা হ'ল- 

(১) পুথিগত ঃ আয়োগে অনুভৱ কৰিছিল যে মাধ্যমিক শিক্ষা পুথিগত আৰু যান্ত্ৰিক। ব্য়ৱহাৰিক জ্ঞান শিক্ষাৰ্থীসকলে ইয়াৰ পৰা আয়ত্ব কৰিব পৰা নাছিল। ই শিক্ষাৰ্থীসকলৰ মনত কোনো আগ্ৰহৰ সৃষ্টি কৰিব পৰা নাছিল।

(২) ইংৰাজী ভাষাৰ প্ৰাধান্যঃ মাধ্যমিক শিক্ষাত ইংৰাজী ভাষাৰ ওপৰত অধিক প্ৰাধান্য দিয়া হৈছিল। ইংৰাজী ভাষাত দখল নাথাকিলে এজন ছাত্ৰই অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল। ইংৰাজী ভাষাত দখল নাথাকিলে এজন ছাত্ৰই অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল। 

6. মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ এটা আসোঁৱাহ লিখা।

Write a defect of curriculum of Secondary Education.

Ans:  মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ এটা আসোঁৱাহ হ'ল-

১. সংকীৰ্ণ ধাৰণাৰ ঃ মাধ্যমিক শিক্ষাৰ প্ৰচলিত পাঠ্যক্ৰম আছিল সংকীৰ্ণ ধাৰণাৰ। প্ৰচলিত পাঠ্যক্ৰমে কেৱল শিক্ষাৰ্থীসকলক পৰীক্ষাত উত্তীৰ্ণ হৈ মদাবিদ্যালয় নামভৰ্ত্তি কৰিবৰ কাৰণে প্ৰস্তুত কৰি তুলিছিল।

7. মাধ্যমিক শিক্ষাৰ পাঠ্যপুথিৰ এটা দোষ উল্লেখ কৰা। 

Mention one demerit of textbook of Secondary Education. 

Ans:মাধ্যমিক শিক্ষাৰ পাঠ্যপুথিৰ এটা দোষ তলত উল্লেখ কৰা-

১. অভিজ্ঞতাৰ সমষ্টিৰ নীতি ঃ আয়োগৰ মতে, পাঠ্যক্ৰমে বিদ্য়ালয়ত পৰাম্পৰাগতভাৱে শিকোৱা শিক্ষামূলক বিষয়বস্তুকে নুবুযায়।

8. মাধ্যমিক শিক্ষাৰ শিক্ষণ পদ্ধতিৰ এটা আসোঁৱাহ লিখা। 

Write a defect of teaching method of Secondary Education.

Ans: মাধ্যমিক শিক্ষাৰ শিক্ষণ পদ্ধতিৰ এটা আসোঁৱাহ হ'ল-

(১) 

9. ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ এটা সবলতা উল্লেখ কৰা।

Mention a merit of Secondary Education Commission 1952-53. 

Ans: ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ এটা সবলতা তলত উল্লেখ কৰা হ'ল-

১। ধৰ্মীয় আৰু নৈতিক শিক্ষাত গুৰুত্ব প্ৰদান কৰি আয়োগে শিক্ষাৰ্থীৰ চৰিত্ৰৰ বিকাশ আৰু অনুশাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল যিয়ে শিক্ষাৰ এক দীৰ্ঘদিনীয়া প্রয়োজন পুৰণ কৰিবলৈ সক্ষম হৈছিল।

২। মাধ্যমিক শিক্ষা আয়োগে গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। এখন গণতান্ত্রিক দেশত সু-নাগৰিকত্বৰ গুণ সমূহ যেনে মুক্ত চিন্তাধাৰা, বৈজ্ঞানিক চিন্তাধাৰা, সহযোগিতা, অনুশাসন, সামাজিক সংবেদশনীলতা আদি বিভিন্ন গুণসমূহৰ বিকাশৰ ওপৰত প্রাধান্য আৰোপ কৰিছিল। ই নৱপ্ৰজন্মৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিছিল।

৩। মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা বৃত্তিমুখী শিক্ষাৰ ধাৰণা সম্পূৰ্ণৰূপে এক সময়োপযোগী ধাৰণা। যিয়ে যুৱকসকলৰ মনত কৰ্ম স্পৃহা, শ্ৰমৰ মৰ্যদাবোধ আদি উপলব্ধিকৰণৰ মনোভাৱ গঢ়ি তুলিছিল।

৪। গণতন্ত্ৰৰ সফল ৰূপায়ণৰ বাবে নেতৃত্বৰ শিক্ষা অত্যন্ত প্রয়োজনীয়। আয়োগে শিক্ষাৰ্থীসকলৰ অত্যন্ত প্রয়োজনীয়। আয়োগে শিক্ষাৰ্থীসকলৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ লগতে সামাজিক জীৱনৰ যোগ্য ব্যক্তি ৰূপে বিবেচিত হ'বলৈ নেতৃত্ব দিব পৰা গুণৰ বিকাশ সাধনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে গণতান্ত্রিক দেশৰ এক প্ৰধান দিশ।

৫। বহুমুখী পাঠ্যক্ৰমৰ প্ৰৱৰ্তন জীৱনৰ সমস্যাসমূহৰ ক্ষেত্ৰত এক বাস্তৱবাদী দৃষ্টিভংগী। শিক্ষাৰ বেয়া পৰিনতি আৰু বিভিন্ন সমস্যা যেনে হতাশা, নিবনুৱা আদিৰ ক্ষেত্ৰত এই আয়োগ সম্পূৰ্ণৰূপে সজাগ আছিল। বহুমুখী পাঠ্যক্ৰমৰ ধাৰণাৰ দ্বাৰা বিভিন্ন দক্ষতাৰ শিক্ষাৰ্থীৰ প্ৰয়োজনসমূহক বিবেচনা কৰা হৈছিল। 

৬। আয়োগৰ প্ৰতিবেদনে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। বহুমুখী বিদ্যালয় খোলাৰ পৰামৰ্শই সময়ৰ প্ৰয়োজনীয়তাৰ লগত খাপ খাব পাৰিছিল। ছাত্র-ছাত্রীয়ে যাতে নিজৰ আগ্ৰহ, দক্ষতা আৰু লক্ষ্য অনুযায়ী যাতে বিষয়বস্তু নির্বাচন কৰিব পাৰে তাৰ বাবে আয়োগে বহুমুখী বিদ্যালয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল।

10. ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ এটা দুৰ্বলতা লিখা। 

Write a demerit of Secondary Education commission 1952-53.

Ans: ১৯৫২-৫৩ চনত মাধ্যমিক শিক্ষা আয়োগৰ এটা দুৰ্বলতা হ'ল-

১। আয়োগৰ পৰামৰ্শৱলীৰ ক্ষেত্ৰত সমালোচকসকলে উল্লেখ কৰিছিল যে আয়োগে পুৰণি দিশসমূহকে নতুন ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছে। কোনো নতুন সংযোজন ইয়াত কৰা হোৱা নাই। ইয়াৰ খুব কমসংখ্যকৰহে নিজস্বতা আছে। এই পৰামৰ্শসমূহ পুৰনিৰ পুনৰাবৃত্তি মাথোন। 

২। আয়োগে আগবঢ়োৱা পাঠ্যপুথি নিৰ্বাচনৰ ক্ষেত্ৰত উচ্চ ক্ষমতা সম্পন্ন পাঠ্যপুথি কমিটি গঠনৰ পৰামৰ্শ সম্পূৰ্ণৰূপে অবাস্তৱ। এখন উচ্চ আদালতৰ বিচাৰকে কেনেকৈ বিদ্যালয়ৰ বাবে পাঠ্যপুথিৰ উপযুক্ততা নির্ণয় কৰিব।

৩। আয়োগে আগবঢ়োৱা উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ পৰামৰ্শ সেই সময়ৰ উপযোগী নাছিল। দেশৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে ই সম্ভৱপৰ নাছিল।

৪। আয়োগৰ প্ৰতিবেদনত নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হোৱা নাছিল।

II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer )

1. ড° তাৰা চান্দ কমিটিৰ পৰামৰ্শৰ বিষয়ে লিখা ।

Write about the recommendations of Dr. Tara Chand Committee.

Ans: ড° তাৰা চান্দ কমিটিৰ পৰামৰ্শৰ বিষয়ে তলত দিয়া হ'ল- 

(১) মাধ্যমিক বিদ্যাসয়সমূহ বহুমুখী ধৰণৰ হোৱা উচিত। ইয়াৰ লগে লগে এক পক্ষীয় বিদ্যালয়সমূহক নিৰৎসাহিত কৰিব নালাগে।

(২) প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম অতি কমেও ১২ বছৰৰ হ'ব লাগে। ইয়াৰ ৫ বছৰ নিম্ন বুনিয়াদী স্তৰত, ৩ বছৰ উচ্চ বুনিয়াদী অথবা প্ৰাক্ -মাধ্যমিক স্তৰত আৰু ৪ বছৰৰ মাধ্যমিক পৰ্যায়ত থাকিব।

(৩) ৪ বছৰৰ উচ্চ মাধ্যমিক পাঠ্যক্ৰম থাকিব। এই পাঠ্যক্ৰম শেষ হোৱাৰ পিছত এজন শিক্ষাৰ্থীক স্নাতক পৰ্যায়ত নামভৰ্ত্তি কৰিবৰ বাবে যোগ্য বুলি গণ্য কৰা হ'ব।   

(৪) শিক্ষকৰ চাকৰিৰ চৰ্তসমূহ আৰু দৰমহাৰ নিৰিখ বৃদ্ধি কৰা উচিত। শিক্ষকৰ দৰমহা আৰু চাকৰিৰ চৰ্তসমূহ CABE দিয়া পৰামৰ্শ মতে নিৰ্ধাৰণ কৰা হ'ব।

(৫) কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সমন্বয় সাধনৰ বাবে সদৌ ভাৰত শিক্ষা পৰিষদ গঠন কৰিব লাগে।

2. মাধ্যমিক শিক্ষা আয়োগৰ কাৰ্য পৰিসৰ চৰ্তাৱলীৰ বিষয়ে লিখা। 

Write about the terms and conditions of Secondary Education Commission.

Ans: মাধ্যমিক শিক্ষা আয়োগৰ কাৰ্য পৰিসৰ চৰ্তাৱলীৰ বিষয়ে তলত দিয়া হ'ল-

(১) ভাৰতবৰ্ষত মাধ্যমিক শিক্ষাৰ সকলো দিশৰ বৰ্তমানৰ অৱস্থাৰ গভীৰভাৱে অধ্যয়ন কৰা আৰু প্রতিবেদন দাখিল কৰা। 

(২) তলত দিয়া বিষয়সমূহৰ ক্ষেত্ৰত ইয়াৰ পুনৰ সংগঠন আৰু বিকাশৰ বাবে পৰামৰ্শ আগবঢ়োৱা—

→ মাধ্যমিক শিক্ষাৰ লক্ষ্য, সংগঠন আৰু বিষয়সমূহৰ ক্ষেত্ৰত । 

→ প্রাথমিক, বুনিয়াদী আৰু উচ্চ শিক্ষাৰ লগত মাধ্যমিক শিক্ষাৰ সম্বন্ধৰ ক্ষেত্ৰত। 

→ বিভিন্ন ধৰণৰ মাধ্যমিক বিদ্যালয়সমূহৰ মাজৰ সম্বন্ধৰ ক্ষেত্ৰত।

→ মাধ্যমিক শিক্ষা সম্বন্ধীয় অমান্য সমস্যাসমূহৰ ক্ষেত্ৰত।


3. মাধ্যমিক শিক্ষাৰ লক্ষ্য-উদ্দেশ্যসমূহ কি কি? 

What are the aims and objectives of Secondary Education. 

Ans: মাধ্যমিক শিক্ষাৰ লক্ষ্য - উদ্দেশ্যসমূহ হ'ল-

(১) গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধনঃ গণতান্ত্ৰিক দেশ এখনত সুনাগৰিক গঢ় দি তোলাৰ এক প্ৰত্যাহ্বানমূলক দায়িত্ব যাৰ বাবে প্ৰত্যেকজন নাগৰিককে প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন হয়। ইয়াৰ লগত বহু বৌদ্ধিক, সামাজিক আৰু নৈতিক গুণাগুণ সংযুক্ত হৈ থাকে।যিহেতু বেছিভাগ মানুহৰেই মাধ্যমিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ শেষ পর্যায় হোৱা দেখা যায় সেয়ে মাধ্যমিক শিক্ষাই ওপৰোক্ত গুণসমূহৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াটো বাঞ্চনীয়। ইয়াৰ লগত সংগতি ৰাখি আয়োগে আগবঢ়োৱা দিশসমূহ হৈছে—

(ক) গণতান্ত্রিক শিক্ষাৰ প্ৰথম প্ৰয়োজনীয় চৰ্ত হৈছে মুক্ত চিন্তাধাৰা আৰু নতুন ধ্যান-ধাৰণাৰ গ্ৰহণৰ ক্ষমতা বিকশাই তোলা। চিন্তাৰ স্পষ্টতাৰ উপৰিও কথা কোৱা আৰু লিখাটো স্পষ্টতা থকাটো দৰকাৰী। কোনো এক বিষয়ত এক সুস্থ সামাজিক মত গঢ়ি তোলাৰ ক্ষেত্ৰত এজন শিক্ষিত ব্যক্তিয়ে কথা কোৱা আৰু লিখাৰ যোগেদি স্পষ্টভাৱে নিজৰ মত প্ৰকাশ কৰিবলৈ সমৰ্থ হ'ব লাগে। পুৰণি সংৰক্ষণশীল মনোভাৱ আওকান কৰি নতুন বৈজ্ঞানিক চিন্তাধাৰাক গ্ৰহণ কৰিব পৰা মনোভাৱ গঢ়ি তুলিব লাগে।

(খ) যি শিক্ষাই এজন ব্যক্তিৰ জীয়াই থকাৰ কাৰণে প্ৰয়োজনীয় সুসংগত, শালীনতাপূৰ্ণ আৰু

কর্মদক্ষ গুণসমূহ বিকশাই তুলিব নোৱাৰে সেই শিক্ষাৰ কোনো মূল্য নাই। ইয়াৰ বাবে প্রয়োজনীয় গুণসমূহ হৈছে—অনুশাসন; সহযোগিতা, সামাজিক সংবেদনশীলতা আৰু সহনশীলতা ইত্যাদি। এই গুণসমূহে এজন ব্যক্তিৰ সামাজিক ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে।

(গ) গণতান্ত্রিক দেশত ব্যক্তিসকলৰ মাজত আনৰ লগত সহযোগিতাৰে জীৱন-যাপন কৰাৰ প্ৰৱণতা বিকশাই তুলিব লাগে। সহযোগিতামূলক কামত ব্যক্তিসকলৰ ইচ্ছাকৃত অংশ গ্রহণে অনুশাসন বর্তাই ৰখাত সহায় কৰে। বিদ্যালয়সমূহত শিক্ষার্থীসকলৰ সহযোগিতা বৃদ্ধি কৰাৰ বাবে উপযুক্ত পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে।

(ঘ) গণতান্ত্রিক দেশত শিক্ষাৰ জৰিয়তে সামাজিক অন্যায় আৰু শোষনৰ প্ৰতি সামাজিক ন্যায়ৰ মনোভাৱ জগাই তুলিব লাগে। সমাজৰ অপশক্তিবোৰৰ প্ৰতি সচেতন হৈ সামাজিক ন্যায়ৰ প্ৰতি সংবেদনশীল হৈ জীৱন গঢ় দিয়াৰ প্ৰতি বিদ্যালয়সমূহে গুৰুত্ব দিব লাগে। শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ মনত সহনশীলতা, বুজা-পৰা আৰু ন্যায়ৰ মনোভাৱ গঢ় দিব লাগে যাতে ইয়াৰ দ্বাৰা সমাজৰ নৈতিক স্খলন ৰোধ কৰিব পাৰি।

(২) বৃত্তীয় যোগ্যতাৰ বিকাশঃ আমাৰ দেশত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে ইয়াৰ জনসাধাৰণৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা যাতে ই জাতীয় আয় বৃদ্ধিত সহায় কৰিব পাৰে।ইয়াৰ বাবে গণতান্ত্রিক দেশর প্রধান হৈছে শিক্ষাৰ্থীসকলৰ বৃত্তীয় আৰু কাৰিকৰী শিক্ষাৰ যোগেদি উৎপাদন ক্ষমতা বৃদ্ধি কৰি তোলা। এই ক্ষেত্ৰত আয়োগে আগবঢ়োৱা পৰামর্শসমূহ হৈছে—

(ক) শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মনত কামৰ প্ৰতি এক নতুন স্পৃহাৰ সৃষ্টি কৰিব লাগে যাতে ই সকলো সৰু-বৰ কামৰ প্ৰতি শিক্ষাৰ্থীৰ মনত মৰ্যদাবোধৰ মনোভাব গঢ়ি তোলে। জাতীয় বিকাশ সম্ভৱ হয় কৰ্মৰ মাজেদি য'ত প্ৰত্যেকজন ব্যক্তিয়েই অংশ গ্রহণ কৰা উচিত। এজন শিক্ষিত ব্যক্তিয়ে হাতত লোৱা যিকোনো কামেই তেওঁ সুনিপুনভাবে দক্ষতাৰে সম্পূৰ্ণ কৰিবলৈ

(খ) কর্মস্পৃহাৰ মনোভাৱ গঢ়ি তোলাৰ লগে লগে শিক্ষাৰ প্ৰতিটো স্তৰত কাৰিকৰী কৌশল আৰু যোগ্যতা বিকাশৰ প্রয়োজনীয়তা আছে। যাৰ জৰিয়তে প্রশিক্ষণপ্রাপ্ত আৰু যোগ্য ব্যক্তি ঔদ্যোগিক আৰু প্রযুক্তিগত বিকাশ সাধন কৰিব পাৰি।

(গ) ইয়াৰ বাবে বিদ্যালয়সমূহত হস্তশিল্প আৰু কাৰিকৰী উৎপাদনমূলক কামসমূহত গুরুত্ব দিব লাগে। ইয়াৰোপৰি মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্রম বিভাজিত কৰি তুলিব লাগে যাতে শিক্ষার্থীকে কৃষি, কাৰিকৰী, বাণিজ্য আৰু আন আন ব্যৱহাৰিক পাঠ্যক্রমত প্রশিক্ষণ লৈ নিজকে সমর্থন কৰি গঢ়ি তুলিব পাৰে।

(৩) ব্যক্তিত্বৰ বিকাশ সাধনঃ পূৰ্বতে বিদ্যালয়সূহে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব বিকাশৰ লগত জড়িত আৱেগিক, সামাজিক প্ৰৱনতা, গঠনাত্মক প্ৰতিভা আৰু কলাত্মক দিশসমূহক অৱজ্ঞাৰ দৃষ্টিৰে চাইছিল।সেয়েহে আয়োগে ব্যক্তিত বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নিম্নলিখিত পৰামৰ্শ আগবঢ়াইছিল— 

(ক) মাধ্যমিক শিক্ষাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনাত্মক প্রতিভা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা তেওঁলোকে সামাজিক, সাংস্কৃতিক ঐতিহ্যক বুজি উঠিবলৈ ক্ষম হয় আৰু ইয়াৰ বিকাশত বৰঙনি যোগাব পাৰে।

(খ) ব্যক্তিত্বৰ বিকাশ সাধনৰ বাবে শিশুসকলে অৱসৰ সময়ত অনুশীলন কৰিব পৰা বিভিন্ন আগ্ৰহৰ সৃষ্টি কৰিব লাগে যাতে ইয়ে তেওঁলোকৰ পিছৰ জীৱনত সহায়ক হয়।

(গ) মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত কলা, সংগীত, নৃত্য আৰু অৱসৰ সময়ৰ কাম আদিক গুৰুত্বপূৰ্ণ স্থান দিব লাগে যিয়ে ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বৰ বিকাশত সহায় কৰিব।

(ঘ) সৃজনাত্মক, গঠনাত্মক প্ৰতিভাৰ বিকাশ সাধন কৰিবৰ বাবে ছাত্র-ছাত্রীসকলে উপযুক্ত পৰিৱেশ পোৱা উচিত সেয়েহে শিক্ষা ব্যৱস্থাক সুসংগঠিত ৰূপত গঢ়ি তুলিব লাগে। ব্যক্তিত্বৰ সকলো দিশৰ বিকাশ সাধনৰ ওপৰত মাধ্যমিক শিক্ষাই গুৰুত্ব দিয়া উচিত।

(৪) নেতৃত্বৰ শিক্ষাঃ মাধ্যমিক পৰ্যায়ৰ শিক্ষাই যাতে ছাত্ৰ-ছাত্ৰীসকলৰ নেতৃত্ব দিব পৰা দক্ষতা বিকশাই তুলিব পাৰে তাৰ বাবে আয়োগে নিম্নলিখিত দিশসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল-

(ক) মাধ্যমিক শিক্ষাই বিভিন্ন ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বৰ গুণসমূহ যেনে— সহনশীলতা, সহযোগিতা আৰু সহনুভূতিশীলতা আদি বিকশাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।

(খ) শিক্ষাৰ মাধ্যমিক পর্যায় শেষ কৰাত পিছত বহুতো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আৰু কাৰিকৰী শিক্ষানুষ্ঠানত প্ৰৱেশ নকৰি সামাজিক জীৱনৰ বিভিন্ন ক্ষেত্ৰত প্ৰৱেশ কৰে। সেয়েহে এই ছাত্র- ছাত্ৰীসকলক সমাজৰ মধ্যস্থ পৰ্যায়ৰ নেতৃত্ব দিব পৰাকৈ গঢ়ি তুলিব লাগে।

(গ) এখন গণতন্ত্র কেতিয়াও সফল হ'ব নোৱাৰে যদিহে ইয়াৰ প্ৰত্যেকজন ব্যক্তিক সুচাৰুৰূপে দায়িত্ব পালনৰ শিক্ষা দিয়া নহয়। সেয়েহে এই মধ্যস্থ পৰ্যায়ত অনুশাসন আৰু নেতৃত্বৰ শিক্ষা দিয়াটো অত্যন্ত প্রয়োজনীয়।

(ঘ) প্রাথমিক অথবা বুনিয়াদী শিক্ষাই অনুশাসনমূলক কামৰ বাবে প্ৰয়োজনীয় সকলো গুণ বিকশাই তুলিবলৈ চেষ্টা কৰিব লাগে। একেসময়তে বিশ্ববিদ্যালয়সমূহে জীৱনৰ বিভিন্ন পৰ্যায়ৰ বাবে উপযোগী হোৱাকৈ উচ্চ পৰ্যায়ত নেতৃত্বৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

(ঙ) এইক্ষেত্ৰত মাধ্যমিক বিদ্যালয়সমূহৰ গুৰুত্বপূৰ্ণ কাৰ্য হৈছে ব্যক্তিসকলক প্রশিক্ষণ প্রদান কৰা যাতে তেওঁলোকে নিজৰ স্থানীয় ঠাই আৰু সম্প্রদায়সমূহৰ মাজত সামাজিক, ৰাজনৈতিক, শিল্প আৰু সাংস্কৃতিক ক্ষেত্ৰত নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হয়।

4. মাধ্যমিক শিক্ষাৰ যিকোনো পাঁচটা দোষ ত্রুটি লিখা।

Write any five demerits of Secondary Education. 

Ans: মাধ্যমিক শিক্ষাৰ যিকোনো পাঁচটা দোষ ক্ৰটি হ'ল-

(১) পুথিগতঃ আয়োগে অনুভৱ কৰিছিল যে মাধ্যমিক শিক্ষা পুথিগত আৰু যান্ত্ৰিক। ব্যৱহাৰিক জ্ঞান শিক্ষাৰ্থীসকলে ইয়াৰ পৰা আয়ত্ব কৰিব পৰা নাছিল।

(২) ঠেক আৰু একপক্ষীয়ঃ মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম শিক্ষাৰ্থীৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাক আওকান কৰি গঠন কৰা হৈছে। যিয়ে শিক্ষাৰ্থীৰ সম্পূৰ্ণ বিকাশ সাধন কৰে।শিক্ষাৰ্থীসকলে যান্ত্ৰিকভাৱে মাথোন পূৰ্বনিৰ্ধাৰিত পৰম্পৰাগত পাঠ্যক্ৰমসমূহ কোনো ধৰণৰ আগ্ৰহ অনুসন্ধিৎসু মনোভাৱৰ অনুভৱ নকৰাকৈ অধ্যয়ন কৰিছে।

(৩) পৰীক্ষাকেন্দ্ৰিকঃ অত্যাধিক পৰীক্ষাকেন্দ্ৰিক হোৱা বাবে ই শিক্ষাৰ ক্ষেত্ৰত ক্ষতিসাধন কৰিছে। গতানুগতিক পাঠ্যক্ৰম, পৰীক্ষা ব্যৱস্থাই শিক্ষাৰ্থীক সঠিকভাৱে মূল্যায়ন কৰাত ব্যৰ্থ হৈছে। বৰঞ্চ ই  শিক্ষাৰ গুৰুত্বহীন দিশসমূহতহে বেছি গুৰুত্বহীন দিশসমূহতহে বেছি গুৰুত্ব আৰোপ কৰে।

(৪) ক্ৰটিপূৰ্ণ শিক্ষাদান পদ্ধতিঃ এই পৰ্যায়ৰ শিক্ষাদান পদ্ধতি বিজ্ঞানসন্মত আৰু সময় সাপেক্ষে নাছিল। পৰম্পৰাগত শিক্ষাদান পদ্ধতিয়ে শিক্ষাৰ্থীৰ যান্ত্ৰিক স্মৃতি প্ৰয়োগৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল।

(৫) ইংৰাজী ভাষাৰ প্ৰাধ্যন্যঃ মাধ্যমিক শিক্ষাত ইংৰাজী ভাষাৰ ওপৰত অধিক প্ৰাধান্য দিয়া আছে। ইংৰাজী ভাষাত দখল নাথাকিলে এজন ছাত্ৰই অধ্যয়নৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছিল। ইংৰাজী ভাষাত দখল নাথাকিলে এজন ছাত্ৰই অধ্যয়নৰ সন্মুখীন হৈছিল।   

5. ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ আসোঁৱাহ সমূহ কি কি?

What are the defects of curriculum of Secondary Education according to Secondary Education Comission 1952-53?

Ans: ১৯৫২-৫৩ চনৰ মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ আসোঁৱাহ সমূহ হ'ল- 

(১) সংকীৰ্ণ ধাৰণাৰ (Narrowly Conceived) : মাধ্যমিক শিক্ষাৰ প্ৰচলিত পাঠ্যক্ৰম আছিল সংকীর্ণ ধাৰণাৰ। প্রচলিত পাঠ্যক্রমে কে শিক্ষার্থীসকলক পৰীক্ষাত উত্তীৰ্ণ হৈ মহাবিদ্যালয়ত নামভৰ্ত্তি কৰিবৰ কাৰণে প্ৰস্তুত কৰি তুলিছিল। তেওঁলোকক জীৱনৰ প্ৰত্যাহ্বান সমূহৰ সন্মুখীন হ'ব পৰাকৈ প্ৰস্তুত কৰি তুলিব পৰা নাছিল।

(২) অধিক বিষয় সন্নিবিষ্ট (Overcrowded with Subjects) : এই পাঠ্যক্ৰমত প্রয়োজনতকৈ অধিক অপ্রয়োজনীয় আৰু পুৰণি বিষয় সন্নিবিষ্ট কৰা হৈছে। য'ত পৰিপুষ্ট জ্ঞানৰ অভাৱ দেখা পোৱা গৈছে। এই পাঠ্যক্রমে শিক্ষার্থীসকলৰ আগ্ৰহ, অভিৰুচি আৰু প্রয়োজনীয়তাক আওকান কৰিছে।

(৩) পুথিগত জ্ঞানৰ ওপৰত গুৰুত্ব (Emphasis on Booking knowledge) : মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্রম প্রকৃতাৰ্থত পুথিগত, অব্যৱহাৰিক আৰু যান্ত্রিক ধৰণৰ। ব্যবহাৰিক জ্ঞান অৰ্জন কৰাতকৈ পুথিগত জ্ঞান অর্জন কৰাৰ ওপৰত পাঠ্যক্ৰমত গুৰুত্ব আৰোপ কৰা হৈছে। এনে পাঠ্যক্ৰমৰ দ্বাৰা শিক্ষার্থীসকলে নিজকে বাস্তৱ জগতখনৰ লগত সমাযোজন কৰিব পৰাকৈ ব্যৱহাৰিক জ্ঞান অর্জন কৰিব পৰা নাই।

(৪) পৰীক্ষাৰ ওপৰত গুৰুত্ব (Exphasis on Examination) : প্রচলিত পাঠ্যক্ৰমত পৰীক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। জ্ঞান অর্জন কৰাতকৈ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰতহে শিক্ষার্থীসকলে অধিক গুরুত্ব আরোপ করে।

(৫) কাৰিকৰী আৰু বৃত্তিমূলক বিষয়ৰ অভাৱ (Lack of Technical and Vocational Subjects) : বর্তমান সময়ত ভাৰতবৰ্ষৰ শিক্ষাত কাৰিকৰী আৰু বৃত্তিমূলক বিষয়সমূহৰ গুৰুত্ব অতি বেছি। কিন্তু মাধ্যমিক শিক্ষাত এই বিষয়সমূহ অধ্যয়নৰ সুবিধা নাই। ফলস্বৰূপে মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ বৃত্তিমূলক কৌশলসমূহৰ বিকাশ সাধন কৰিব পৰা নাই। তদুপৰি শিক্ষাৰ্থীসকলো কাৰিকৰী আৰু বৃত্তিমূলক বিষয়সমূহ অধ্যয়নৰ প্রতি আগ্রহী নহয

(৬) ব্যৱহাৰিক কাৰ্যৰ অভাৱ (Lack of Practical activities) : শিক্ষাৰ এই পাঠ্যক্ৰমত ব্যৱহাৰিক আৰু অন্যান্য কাৰ্য সাধনৰ কোনো সুবিধা নাই। ফলস্বৰূপে এই পাঠ্যক্রমে শিক্ষার্থীৰ ব্যক্তিত্বৰ সকলো দিশৰ বিকাশ সাধন কৰিব পৰা নাই। ইয়াৰোপৰি পাঠ্যক্ৰমে শিক্ষার্থীৰ বিভিন্ন প্রয়োজন আৰু দক্ষতা বিকাশৰ চাহিদা পূৰণ কৰিব পৰা নাই।

6. মাধ্যমিক শিক্ষা আয়োগৰ মতে পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ মৌলিক নীতিকেইটা কি কি ?

What are the basic Principles of curriculum construction according to Secondary Education Commission 1952-53.

Ans: মাধ্যমিক শিক্ষা আয়োগৰ মতে পাঠ্যক্ৰম প্ৰস্তুতকৰণৰ মৌলিক নীতিকেইটা হ'ল-

(১) অভিজ্ঞতাৰ সমষ্টিৰ নীতি (Principle of totality of experience) : আয়োগৰ মতে, পাঠ্যক্রমে বিদ্যালয়ত পৰম্পৰাগতভাবে শিকোৱা শিক্ষামূলক বিষয়বস্তুকে নুবুজায়। পাঠ্যক্রমক কেবল মাত্ৰ কেইটামান বিষয়ৰ শিক্ষন হিচাপে প্রস্তুত কৰিব নালাগে। পাঠ্যক্ৰমত শিক্ষাৰ্থীৰ অভিজ্ঞতাৰ সমষ্টিক অন্তভুক্ত কৰিব লাগে যি অভিজ্ঞতা শিক্ষার্থীয়ে শ্ৰেণী কোঠা, পুথিভঁৰাল, পৰীক্ষাগাৰ, খেলপথাৰ আদিব পৰা আহৰন কৰে। শিক্ষক শিক্ষার্থীৰ মাজৰ অনানুষ্ঠানিক সম্পৰ্কৰ অভিজ্ঞতাকো পাঠ্যক্ৰমত অর্ন্তভুক্ত কৰা উচিত। 

(২) বিভিন্নতা আৰু শিথিলতাৰ নীতি (Variety and Elasticity) : ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত পার্থক্য তথা প্রয়োজন আৰু আগ্রহ পূৰণ কৰিব পৰাকৈ পাঠ্যক্রম বিভিন্ন ধৰণৰ আৰু শিথিল হ'ব লাগে। উপযুক্ত বিষয়সমূহ যদি পাঠ্যক্ৰমত অর্ন্তভুক্ত কৰা নাযায় তেন্তে ই ছাত্ৰ-ছাত্ৰীৰ মনত হতাশাৰ সৃষ্টি কৰিব আৰু তেওঁলোকৰ স্বাভাৱিক বিকাশত বাধা জন্মাব। সেয়ে পাঠ্যক্রম সদায় নমনীয় হোৱা উচিত যাতে সময় সাপেক্ষে শিক্ষার্থীৰ প্রয়োজন পূৰণ কৰিব পৰাকৈ পৰিবৰ্তন কৰিব পৰা যায়।

(৩) সামাজিক জীৱনৰ লগত সম্পৰ্কৰ নীতি (Principle of relation to Community life): সমাজ জীৱনৰ লগত পাঠ্যক্ৰমৰ ওতঃপ্রোত সম্পর্ক থাকিব লাগে। সু-সংগঠিত মানৱ জীবনৰ উৎপাদনশীল কামসমূহক পাঠ্যক্ৰমত গুৰুত্ব প্ৰদান কৰিব লাগে। শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ মনত এনে ভাৱৰ উদয় কৰিব লাগে যে প্রতিজন শিক্ষার্থীয়েই সমাজৰ একো একোজন এবাব নোৱাৰা অংশ আৰু সমাজেও এই ভাৱধাৰা জাগ্ৰত কৰিব লাগিব যে শিশু হৈছে সমাজৰ এক উল্লেখনীয় আৰু গুৰুত্বপূৰ্ণ অংশ। 

(৪) অৱসৰ জীৱন-যাপনৰ প্ৰশিক্ষণ (Training for leisure ) : পাঠ্যক্রমে কেৱল ছাত্ৰ-ছাত্ৰীক কামৰ বাবে প্ৰস্তুত কৰিলেই নহ'ব, জিৰণিৰ বাবেও সুবিধা দিব লাগে। সেয়ে বিদ্যালয়ত সামাজিক সৌন্দর্যবোধ, খেলা-ধূলা আদি বিভিন্ন কার্যৰ ব্যৱস্থা কৰা উচিত। এনে ব্যবস্থাই কেৱল শিক্ষাৰ্থীৰ স্কুলীয়া জীবন আনন্দদায়ক আৰু অৰ্থপূৰ্ণ কৰিলেই নহ'ব লগতে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন আগ্রহ, ৰুচি-অভিৰুচি পূৰণ কৰি অৱসৰ সময়ৰ সৎ ব্যৱহাৰৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰিব লাগে।

(৫) সংহতি আৰু সমন্বয় (Integration and Correlation) : আয়োগৰ মতে, পাঠ্যক্রম কেৱল সুকীয়া সুকীয়া, সংহতিহীন বিষয় সমষ্টি হ'ব নালাগে। পাঠ্যক্ৰমসমূহৰ এটাৰ আনটোৰ লগত পাৰস্পৰিক সম্পৰ্ক আৰু সংহতি থকা উচিত। ইয়াত অঙ্কতি বিষয়সমূহৰ মাজত বহল পৰিসৰ থকাৰ উপৰিও ই ব্যক্তি জীৱনৰ লগত সাঙোৰ খাই থকা হ'ব লাগে।


7. মাধ্যমিক শিক্ষাৰ পাঠ্যপুথিৰ যিকোনো চাৰিটা বিসংগতি লিখা । 

Write any four defects of text-book of Secondary Education. 

Ans: মাধ্যমিক শিক্ষাৰ পাঠ্যপুথিৰ যিকোনো চাৰিটা বিসংগতি-

১. প্ৰস্তুত কৰা পাঠ্যপুথিসমূহৰ কাগজবোৰ অতি নিম্ন মানদণ্ডৰ।

২. পাঠ্যপুথিসমূহৰ মুদ্ৰন কাৰ্য একেবাৰে সন্তোষজনক নহয়।

৩. পাঠ্যপুথিত থকা ভাষাৰ বিসংগতি। আঞ্চলিক ভাষাত পাঠ্যপুথিসমূহ ৰচিত হোৱা বাবে ই সৰ্বভাৰতীয় পাঠ্যপুথিৰ সমমানদণ্ডৰ হােৱা নাই।

৪. পাঠ্যপুথিসমূহৰ মানদণ্ড অতি নিম্ন মানৰ হোৱাৰ লগতে বিষয়বস্তুসমূহৰ বহল  বাখ্যাৰ অভাৱ দেখা পোৱা যায়।

৫. পাঠ্যপুথিসমূহে ওক নিৰ্দিষ্ট মানদণ্ড ৰক্ষা কৰাত ব্যৰ্থ হৈছে। হয়তো পাঠ্য়পুথিসমূহ  খুৱ সহজ নতুৱা অতি বেছি জটিল।

8. মাধ্যমিক শিক্ষাৰ শিক্ষণ পদ্ধতিৰ দোষ-ত্রুটিসমূহ লিখা।

Write the demerits of Method of Teaching of Secondary Education. 

Ans: মাধ্যমিক শিক্ষাৰ শিক্ষণ পদ্ধতিৰ দোষ-ত্রুটিসমূহ হ'ল- 

১. প্ৰচলিত শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীৰ মনত শিকণ আৰু   কামৰ প্ৰতি উপযুক্ত মনোভাৱ গঠন কৰাত ব্যৰ্থ  হৈছে।

২.  শিক্ষাৰ্থীৰ ভাল কামৰ অভ্যাস গঠন আৰু কৌশলৰ বিকাশ সাধন কৰাত এই পদ্ধতিসমূহ ব্যৰ্থ হৈছে।

৩. শিক্ষণ পদ্ধতিয়ে বৌদ্ধিক জ্ঞানৰ  বিকাশ সাধন কৰাতকৈ  মুখস্থ  বিদ্যাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে।

৪. শিক্ষাৰ্থীৰ বহুমুখী আগ্ৰগৰ বিকাশ সাধন কৰাত শিক্ষণ পদ্ধতিয়ে সহায় কৰিব পৰা নাই।

৫. বহুক্ষেত্ৰত দেখা যায় শিক্ষণ পদ্ধতি হৈছে যান্ত্ৰিক আৰু অনাকৰ্ষণীয়।

৬. শিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীৰ মনত নিজস্ব চিন্তাধাৰাৰ বিকাশ সাধন কৰিব পৰা নাই।

৭. অত্যধিক পৰীক্ষাকেন্দ্ৰিক হোৱা বাবে শিক্ষণ পদ্ধতিয়ে শিক্ষণৰ প্ৰতি শিক্ষাৰ্থীৰ মনত অভিৰোচন সৃষ্টি কৰিব পৰা নাই।  


9. অনুশাসনৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামর্শসমূহ লিখা। 

Write the recommendations of secondary Education Commission regarding Discipline.

Ans: অনুশাসনৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শসমূহ হ'ল-

১০। মাধ্যমিক শিক্ষা আয়োগৰ যিকোনো পাঁচটা সবলতা লিখা। 

Write any five merits of Secondary Education Commission 1952-53.

Ans: মাধ্যমিক শিক্ষা আয়োগৰ যিকোনো পাঁচটা সবলতা হ'ল-

১। ধৰ্মীয় আৰু নৈতিক শিক্ষাত গুৰুত্ব প্ৰদান কৰি আয়োগে শিক্ষার্থীৰ চৰিত্ৰৰ বিকাশ আৰু অনুশাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল যিয়ে শিক্ষাৰ এক দীৰ্ঘদিনীয়া প্রয়োজন পুৰণ কৰিবলৈ সক্ষম হৈছিল।

২। মাধ্যমিক শিক্ষা আয়োগে গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। এখন গণতান্ত্রিক দেশত সু-নাগৰিকত্বৰ গুণ সমূহ যেনে মুক্ত চিন্তাধাৰা, বৈজ্ঞানিক চিন্তাধাৰা, সহযোগিতা, অনুশাসন, সামাজিক সংবেদশনীলতা আদি বিভিন্ন গুণসমূহৰ বিকাশৰ ওপৰত প্ৰাধান্য আৰোপ কৰিছিল। ই নৱপ্ৰজন্মৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিছিল।

৩। মাধ্যমিক শিক্ষা আয়োগে আগবঢ়োৱা বৃত্তিমুখী শিক্ষাৰ ধাৰণা সম্পূৰ্ণৰূপে এক সময়োপযোগী ধাৰণা। যিয়ে যুৱকসকলৰ মনত কৰ্ম স্পৃহা, শ্ৰমৰ মৰ্যদাবোধ আদি উপলব্ধিকৰণৰ মনোভাৱ গঢ়ি তুলিছিল।

৪। গণতন্ত্ৰৰ সফল ৰূপায়ণৰ বাবে নেতৃত্বৰ শিক্ষা অত্যন্ত প্রয়োজনীয়। আয়োগে শিক্ষাৰ্থীসকলৰ অত্যন্ত প্রয়োজনীয়। আয়োগে শিক্ষার্থীসকলৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তোলাৰ লগতে সামাজিক জীৱনৰ যোগ্য ব্যক্তি ৰূপে বিবেচিত হ'বলৈ নেতৃত্ব দিব পৰা গুণৰ বিকাশ সাধনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে গণতান্ত্রিক দেশৰ এক প্ৰধান দিশ।

৫। বহুমুখী পাঠ্যক্ৰমৰ প্ৰৱৰ্তন জীৱনৰ সমস্যাসমূহৰ ক্ষেত্ৰত এক বাস্তৱবাদী দৃষ্টিভংগী। শিক্ষাৰ বেয়া পৰিনতি আৰু বিভিন্ন সমস্যা যেনে হতাশা, নিবনুৱা আদিৰ ক্ষেত্ৰত এই আয়োগ সম্পূৰ্ণৰূপে সজাগ আছিল। বহুমুখী পাঠ্যক্ৰমৰ ধাৰণাৰ দ্বাৰা বিভিন্ন দক্ষতাৰ শিক্ষাৰ্থীৰ প্ৰয়োজনসমূহক বিবেচনা কৰা হৈছিল।

১১। মাধ্যমিক শিক্ষা আয়োগৰ যিকোনো পাঁচটা দুর্বলতা লিখা । 

Write any five demerits of Secondary Education Commission 1952-53.

Ans: মাধ্যমিক শিক্ষা আয়োগৰ যিকোনো পাঁচটা দুর্বলতা হ'ল-

১। আয়োগৰ পৰামৰ্শৱলীৰ ক্ষেত্ৰত সমালোচকসকলে উল্লেখ কৰিছিল যে আয়োগে পুৰণি দিশসমূহকে নতুন ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছে। কোনো নতুন সংযোজন ইয়াত কৰা হোৱা নাই। ইয়াৰ খুব কমসংখ্যকৰহে নিজস্বতা আছে। এই পৰামৰ্শসমূহ পুৰনিৰ পুনৰাবৃত্তি মাথোন। 

২। আয়োগে আগবঢ়োৱা পাঠ্যপুথি নিৰ্বাচনৰ ক্ষেত্ৰত উচ্চ ক্ষমতা সম্পন্ন পাঠ্যপুথি কমিটি গঠনৰ পৰামৰ্শ সম্পূৰ্ণৰূপে অবাস্তৱ। এখন উচ্চ আদালতৰ বিচাৰকে কেনেকৈ বিদ্যালয়ৰ বাবে পাঠ্যপুথিৰ উপযুক্ততা নির্ণয় কৰিব।

৩। আয়োগে আগবঢ়োৱা উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ পৰামৰ্শ সেই সময়ৰ উপযোগী নাছিল। দেশৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে ই সম্ভৱপৰ নাছিল।

৪। আয়োগৰ প্ৰতিবেদনত নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হোৱা নাছিল।

৫। আয়োগে ল'ৰা-ছোৱালীৰ বাবে নিৰ্ধাৰিত পাধ্যক্ৰমৰ মাজত কোনো গুৰুত্বপূৰ্ণ পাৰ্থক্য আনিব পৰা নাছিল যদিও উভয়েৰে প্ৰয়োজনীয়তা পৃথক আছিল।

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answer)

1. মাধ্যমিক শিক্ষাৰ সাংগঠনিক দিশত মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ আলোচনা কৰা। 

Discuss the recommendation of Mudaliar Commission regarding organisation pattern of Secondary Education.

Ans: মাধ্যমিক শিক্ষাৰ সাংগাঠনিক দিশত মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ তলত আলোচনা কৰা হ'ল-

১.  মাধ্য়মিক শিক্ষাৰ সময়সীমাঃ আয়োগে ৪ বা ৫ বছৰীয়া প্ৰাথমিক শিক্ষা অথবা নিম্ন বুনিয়াদী শিক্ষা শেষ দোৱাৰ পিছত মাধ্যমিক শিক্ষাৰ নতুন সাংগঠনিক পৰামৰ্শ আগবঢ়াইছিল। মাধ্যমিক শিক্ষাৰ সময়সীমা ৭ বছৰীয়া হোৱা উচিত । মাধ্যমিক শিক্ষাৰ দুটা পৰ্যায়ত  ভগোৱা হ'ব-

(ক) মজলীয়া অথবা উচ্চ বুনিয়াদী স্তৰ যি তিনিবছৰীয়া সময় সীমাক অৰ্ন্তভুক্ত কৰা উচিত।

(খ) উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰ যি চাৰিবছৰৰ সময়সীমাক অৰ্ন্তভুক্ত কৰা উচিত। মাধ্যমিক পৰ্যায় ১১ বছৰ বয়সত আৰম্ভ হৈ ১৭ অথবা ১৮ বছৰ বয়সত শেষ হ'ব লাগে।

 ২) ইণ্টাৰমিডিয়েট শ্রেণীসমূহ নোহোৱা কৰা (Abolition of Intermediate Classes): আয়োগে সেইসময়ৰ ইণ্টাৰমিডিয়েট শ্রেণীসমূহ উঠাই দিব লাগে বুলি পৰামৰ্শ দিছিল। আয়োগে উল্লেখ কৰিছিল যে দ্বাদশ শ্রেণীটো বিশ্ববিদ্যালয়ৰ লগত আৰু একাদশ শ্ৰেণীটো মাধ্যমিক শিক্ষার লগত সংযোগ কৰিব লাগে। ফলস্বৰূপে প্রাক্ বিশ্ববিদ্যালয় এক বছৰীয়া আৰু স্নাতক পর্যায় তিনিবছৰীয়া হ'ব। ইণ্টাৰমিডিয়েট শিক্ষাৰ পৰিৱৰ্তে চাৰি বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষাৰ ব্যৱস্থ কৰিব লাগে।

(৩) উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় (High and higher Secondary Schools): পৰিৱৰ্তনৰ সময়ছোৱাত উচ্চ মাধ্যমিক আৰু প্ৰস্তাৱিত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহে একেলগে সহযোগিতাৰে কাম কৰি যাব।

(৪) বহুমুখী পাধ্যক্ৰম (Diversification of the courses): বহুমুখী বিদ্যালয় স্থাপন কৰাৰ বাবে আয়োগে পৰামৰ্শ আগবঢ়াইছিল। ছাত্র-ছাত্ৰীয়ে  যাতে আগ্রহ, দক্ষতা আৰু লক্ষ্য অনুযায়ী বাচন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মুখী বিদ্যালয় স্থাপন কৰিব লাগে। সুকীয়াকৈ অথবা বহুমুখী বিদ্যালয়ৰ অংশ হিচাপে কাৰিকৰী আৰু কুর্সিভিত্তিক বিদ্যালয় স্থাপন কৰিব ।

(৫) কৃষি শিক্ষাৰ ওপৰত গুৰুত্ব (Emphasis on Agricultural education) : কৃষি শিক্ষাৰ ক্ষেত্ৰত অধিক সুবিধা প্ৰদান কৰা উচিত। সকলোবোৰ ৰাজ্যই গ্ৰামাঞ্চলৰ স্কুলসমূহ বাবে কৃষি শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুবিধা প্ৰদান কৰিব লাগে আৰু ইয়াত পশুপালন, উদ্যান শস্য, কুটীৰ শিল্প আদি বিষয়সমূহ অর্ন্তভুক্ত কৰিব লাগে।

(৬) বৃত্তীয় মহাবিদ্যালয় (Professional Colleges) : যিসকলে উচ্চতৰ মাধ্যমিক শিক্ষা অথবা প্রাক্-বিশ্ববিদ্যালয় দেওনা পাৰ হৈছে তেওঁলোকৰ বাবে বৃত্তীয় মহাবিদ্যালয় সমূহত নামভৰ্তিকৰণৰ ব্যৱস্থা কৰা উচিত। 

(৭) বৃত্তীয় মহাবিদ্যালয়ৰ পাঠ্যক্রম (Courses of Professional Colleges) : ব্যৱহাৰিক মহাবিদ্যালয়সমূহত শিক্ষাৰ্থীসকলৰ বাবে এক বছৰীয়া প্ৰাক-ব্যৱহাৰিক পাঠ্যক্ৰম যোগান ধৰিব লাগে। অৱশ্যে যেতিয়ালৈকে ব্যৱহাৰিক মহাবিদ্যালয়সমূহে তেনে পাঠ্যক্ৰম যোগান ধৰিব নোৱাৰে তেতিয়ালৈকে স্নাতক পৰ্যায়ৰ মহাবিদ্যালয়ত য'ত তেনে পাঠ্যক্রম যোগান ধৰাৰ সুবিধা আছে তেনে মহাবিদ্যালয়ে কিছুদিনৰ বাবে ব্যৱহাৰিক পাঠ্যক্ৰমৰ যোগান ধৰিব।

(৮) প্রযুক্তিগত শিক্ষানুষ্ঠান (Technological Institution) : বহুমুখী পাঠ্যক্রম সফলতাৰে শেষ কৰা শিক্ষার্থীসকলক পলিটেকনিক অথবা প্রযুক্তিবিদ্যা প্রতিষ্ঠানসমূহত উচ্চ শিক্ষা লাভৰ সুবিধা প্ৰদান কৰিব লাগে।


2. মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমৰ সাংগঠনিক দিশ সম্বন্ধে মাধ্যমিক শিক্ষা আয়োগৰ পৰামর্শবলী আলোচনা কৰা। 

Discuss the recommendations of Secondary Education Commission about organisation of Secondary Curriculum. 

Ans: মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত সাংগঠনিক দিশ সম্বন্ধে মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শৱলী তলত আলোচনা কৰা হ'ল- 

3. মাধ্যমিক স্তৰৰ শিক্ষণ পদ্ধতিৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শৱলী আলোচনা কৰা।

 Discuss the recommendations of Secondary Education Commission about method of teaching in Secondary stage.

Ans: মাধ্যমিক স্তৰৰ শিক্ষণ পদ্ধতিৰ ক্ষেত্ৰত মাধ্যমিক  শিক্ষা আয়োগৰ পৰামৰ্শৱলী তলত আলোচনা কৰা হ'ল- 

4. শিক্ষার্থীৰ শাৰীৰিক কল্যানৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শৱলী আলোচনা কৰা।

Discuss the recommendations of Secondary Education Commission about Physical Welfare of students.

Ans: শিক্ষার্থীৰ শাৰীৰিক কল্যানৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শৱলী তলত আলোচনা কৰা হ'ল-

(১) শিক্ষার্থীৰ শাখাৰক সহিষ্ণুতাৰ কাৰণে ক্ষমতা অনুযায়ী শাৰীৰিক কাৰ্য প্ৰদান কৰিব লাগে। 

(২) ৪০ বছৰ বয়সৰ তলৰ সকলো শিক্ষকে শিক্ষাৰ্থীৰ শাৰীৰিক কাৰ্যসমূহত সক্রিয়ভাৱে অংশ গ্রহণ কৰিব লাগে আৰু এনেদৰে তেওঁলোকক বিদ্যালয় কাৰ্যসূচীৰ সক্ৰিয় অংশ কৰি তুলিব লাগে।

(৩) শিক্ষার্থীৰ শাৰীৰিক কাৰ্যসমূহৰ সম্পূৰ্ণ তথ্য ভালদৰে ৰখা উচিত।

(৪) শাৰীৰিক শিক্ষাৰ প্রশিক্ষণ বহলভিত্তিক হোৱা উচিত যাতে স্বাস্থ্য সম্বন্ধীয় সকলো দিশ ইয়াত অর্ন্তভুক্ত হয়।

(৫) শাৰীৰিক শিক্ষাৰ শিক্ষকসকল শৰীৰ তত্ব বিজ্ঞান আৰু স্বচ্ছতাৰ আদি বিষয়ৰ শিক্ষণৰ লগত জড়িত হোৱা উচিত যাতে শিক্ষার্থীসকলক উপযুক্ত ধৰণে শাৰীৰিক শিক্ষাৰ জ্ঞান প্ৰদান কৰিব পাৰে।

(৬) শাৰীৰিক শিক্ষাৰ শিক্ষক সকলক অন্য শিক্ষকসকলৰ দৰেই সম মর্যাদা দিব লাগে।

(৭) শাৰীৰিক শিক্ষাৰ শিক্ষকৰ প্ৰশিক্ষণৰ সা-সুবিধা বৃদ্ধি কৰিবৰ বাবে শাৰীৰিক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ আসন বৃদ্ধি কৰিব লাগে আৰু প্রয়োজন সাপেক্ষে নতুন মহাবিদ্যালয় স্থাপন কৰিব লাগে।

(৮) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে সাহাৰ্য প্ৰদান কৰি শাৰীৰিক প্ৰশিক্ষণ মহাবিদ্যালয়ক সর্ব ভারতীয় প্রশিক্ষণ কেন্দ্ৰলৈ উন্নীত কৰিব লাগে।


5. মাধ্যমিক শিক্ষাৰ আয়োগৰ মতে মাধ্যমিক স্তৰৰ পাঠ্যপুথি প্ৰস্তুতিৰ আসোঁৱাসমূহ কি কি?  ইয়াৰ সমাধানৰ বাবে আয়োগে কি কি পৰামর্শ আগবঢ়াইছিল?

What are the defects of text book preparation in secondary stage sccording to Secondary Education Commission. What were the solutions of these problems as prescribed by the commission.

Ans: মাধ্যমিক শিক্ষাৰ আয়োগৰ মতে মাধ্যমিক স্তৰৰ পাঠ্যপুথি প্ৰস্তুতিৰ আসোঁৱাসমূহ হ'ল-

6. মাধ্যমিক শিক্ষা আয়োগৰ মতে মাধ্যমিক স্তৰৰ পৰীক্ষা পদ্ধতি আৰু মূল্যায়নত থকা সমস্যাসমূহ কি কি? ইয়াৰ সমাধানৰ বাবে আয়োগে কি পৰামৰ্শ আগবঢ়াইছিল। 

What are the problems of examination system and evaluation of secondary stage according to Secondary Education commission? What were the recommendations that puts forwarded by Secondary Education Commission to solve these problems?

Ans:

7. মাধ্যমিক শিক্ষা আয়োগৰ সবলতাসমূহ আলোচনা কৰা। 

Discuss the merits of Secondary Education Commission. 

Ans: মাধ্যমিক শিক্ষা আয়োগৰ সবলতাসমূহ তলত আলোচনা কৰা হ'ল-

১. ধৰ্মীয় আৰু নৈতিক শিক্ষাত গুৰুত্ব প্ৰদান কৰি আয়োগে শিক্ষাৰ্থীৰ চৰিত্ৰৰ বিকাশ আৰু অনুশাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল যিয়ে শিক্ষাৰ এক দীৰ্ঘদীনিয়া প্ৰয়োজন পুৰণ কৰিবলৈ সক্ষম হৈছিল।

২. মাধ্য়মিক শিক্ষা আয়োগে গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। এখন গণতান্ত্ৰিক দেশত সু-নাগৰিকত্বৰ গুণ সমূহ যেনে মুক্ত চিন্তাধাৰা, বৈজ্ঞানিক চিন্তাধাৰা, সহযোগিতা,  অনুশাসন, সামাজিক সংবেদনশীলতা আদি বিভিন্ন গুণসমূহ বিকাশৰ ওপৰত প্ৰাধান্য আৰোপ কৰিছিল। ই নৱপ্ৰজন্মৰ মাজত এক নতুন দিগন্তৰ সূচনা কৰিছিল।

৩. মাধ্যমিক শিক্ষা আয়োগ আগবঢ়োৱা বৃত্তিমুখী শিক্ষাৰ ধাৰণা সম্পূৰ্ণৰূপে এক সময়োপযোগী ধাৰণা। যিয়ে যুৱকসকলক মনত কৰ্ম স্পৃহা, শ্ৰমৰ মৰ্যদাবোধ আদি উপলব্ধিকৰণৰ মনোভাৱ গঢ়ি তুলিছিল।

৪. গণতনন্ত্ৰৰ সফলতা ৰূপায়ণৰ বাবে নেতৃত্বৰ  শিক্ষা অত্যন্ত প্ৰয়োজনীয়। আয়োগে শিক্ষাৰ্থীসকলক মনত দেশপ্ৰেমত ভাৱ জগাই তোলাৰ লগতে সামাজিক জীৱনৰ যোগ্য় ব্যক্তি ৰূপে বিবেচিত হ'বলৈ নেতৃত্ব দিব পৰা গুণৰ বিকাশ সাধনৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে গণতান্ত্ৰিক দেশৰ এক প্ৰধান দিশ। 

৫. বহুমুখী পাঠ্যক্ৰমৰ প্ৰৱৰ্তন জীৱনৰ সমস্য়াসমূহৰ ক্ষেত্ৰত এক বাস্তৱবাদী দৃষ্টিভংগী। শিক্ষাৰ পৰিণতি আৰু বিভিন্ন সমস্যা যেনে হতাশা, নিবনুৱা আদিৰ ক্ষেত্ৰত এই আয়োগ সম্পূৰ্ণৰূপে সজাগ আছিল ৷ বহুমুখী পাঠ্যক্ৰমৰ ধাৰণাৰ দ্বাৰা বিভিন্ন দক্ষতাৰ শিক্ষাৰ্থীৰ প্ৰয়োজনসমূহক বিবেচনা কৰা হৈছিল ৷

৬। আয়োগৰ প্ৰতিবেদনে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। বহুমুখী বিদ্যালয় খোলাৰ পৰামৰ্শই সময়ৰ প্ৰয়োজনীয়তাৰ লগত খাপ খাব পাৰিছিল। ছাত্ৰ-ছাত্ৰীয়ে যাতে নিজৰ আগ্ৰহ, দক্ষতা আৰু লক্ষ্য অনুযায়ী যাতে বিষয়বস্তু নির্বাচন কৰিব পাৰে তাৰ বাবে আয়োগে বহুমুখী বিদ্যালয়ৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল।

৭। ভাৰতবৰ্ষৰ দৰে কৃষিপ্রধান দেশত গ্রাম্য বিদ্যালয় স্থাপন কৰা দিশটোৱে এক উল্লেখযোগ ভূমিকা কৰিছিল। গ্রাম্য বিদ্যালয় সমূহত কৃষি শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। 

৮। আয়োগে শিক্ষকৰ মৰ্যদা আৰু কামৰ পৰিৱেশৰ উন্নতিৰ বাবে সমর্থন জনাইছিল কাৰণ তেওঁলোকেই হ'ল শিক্ষা ব্যৱস্থাৰ মূল কৰ্ণধাৰ। সমাজৰ শিক্ষা ব্যৱস্থাত শিক্ষকৰ অৱদান অনস্বীকার্য। সেয়েহে আয়োগে শিক্ষকৰ ব্যক্তিত্বৰ বিভিন্ন গুণসমূহ, শিক্ষণ, শৈলীসমূহ বিকশাই তোলাৰ ক্ষেত্ৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰ বাবে শিক্ষকৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল।

৯। পৰীক্ষা আৰু মূল্যায়ণৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শৱলী সঁচাই উল্লেখযোগ্য। ৰচনামূলক পৰীক্ষাৰ পৰিৱৰ্তে বস্তুনিষ্ঠ পৰীক্ষাৰ প্ৰৱৰ্তন কৰা, সাংকেতিক চিহ্নকৰণৰ ব্যৱস্থা কৰা আদি দিয়ে মূল্যায়ণৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিছিল। আয়োগৰ পৰামর্শ অনুযায়ী মাধ্যমিক শিক্ষাৰ অন্তত বাহ্যিক পৰীক্ষাৰ ব্যৱস্থা কৰা ধাৰণা বৰ্তমানেও অব্যাহত আছে।

১০। শৈক্ষিক নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত আয়োগে গুৰুত্ব আৰোপ কৰিছিল যাতে ইয়ান দ্বাৰা উপযুক্ত ধৰণেৰে শিক্ষাৰ্থীসকলে নিজৰ কেৰিয়াৰ নিৰ্বাচন কৰিব পাৰে। বৰ্তমান সময়তো শিক্ষাৰ্থীৰ প্ৰয়োজন পূৰণ কৰিবলৈ শৈক্ষিক নিৰ্দেশনা আৰু পৰামৰ্শ দানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

১১। আয়োগে মাধ্যমিক শিক্ষাত থকা সমস্যাসমূহ আঙুলিয়াই দি সেই সমস্যাসমূহ সমাধান কৰাৰ বাবে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। সমস্যাসমূহ অধ্যয়নৰ তাৎপৰ্য এয়ে যে ইয়াৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ লক্ষ্য-উদ্দেশ্যসমূহ পুনৰ গঠন কৰি শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত নতুন আঁচনিসমূহ গ্ৰহণ কৰিব পৰা যায়।

১২। মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠনৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ সমূহ অত্যন্ত গুৰুত্বপূৰ্ণ আছিল। মাধ্যমিক শিক্ষাৰ বিভিন্ন দিশসমূহ পৰিচালনা কৰিবৰ বাবে মাধ্যমিক শিক্ষা পৰিষদ গঠনৰ পৰামৰ্শই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল।


8. মাধ্যমিক শিক্ষা আয়োগৰ দুৰ্বলতাসমূহ আলোচনা কৰা।

Discuss the demerits of Secondary Education Commission.

Ans: মাধ্যমিক শিক্ষা আয়োগৰ দুৰ্বলতাসমূহ তলত আলোচনা কৰা হ'ল-

১। আয়োগৰ পৰামৰ্শৱলীৰ ক্ষেত্ৰত সমালোচকসকলে উল্লেখ কৰিছিল যে আয়োগে পুৰণি দিশসমূহকে নতুন ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰিছে। কোনো নতুন সংযোজন ইয়াত কৰা হোৱা নাই। ইয়াৰ খুব কমসংখ্যকৰহে নিজস্বতা আছে। এই পৰামৰ্শসমূহ পুৰনিৰ পুনৰাবৃত্তি মাথোন ।

২। আয়োগে আগবঢ়োৱা পাঠ্যপুথি নিৰ্বাচনৰ ক্ষেত্ৰত উচ্চ ক্ষমতা সম্পন্ন পাঠ্যপুথি কমিটি গঠনৰ পৰামৰ্শ সম্পূৰ্ণৰূপে অবাস্তৱ। এখন উচ্চ আদালতৰ বিচাৰকে কেনেকৈ বিদ্যালয়ৰ বাবে পাঠ্যপুথিৰ উপযুক্ততা নির্ণয় কৰিব ।

৩। আয়োগে আগবঢ়োৱা উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ পৰামৰ্শ সেই সময়ৰ উপযোগী নাছিল। দেশৰ অৰ্থনৈতিক অৱস্থাৰ কাৰণে ই সম্ভৱপৰ নাছিল।

৪। আয়োগৰ প্ৰতিবেদনত নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হোৱা নাছিল।

৫। আয়োগে ল'ৰা-ছোৱালীৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ মাজত কোনো গুৰুত্বপূৰ্ণ পাৰ্থক্য আনিব পৰা নাছিল যদিও উভয়ৰে প্ৰয়োজনীয়তা পৃথক আছিল।

৬। এই আয়োগখনক অবাস্তৱ বুলি ক'ব পাৰি কিয়নো সকলোবোৰ বিদ্যালয়ক নতুন দিশত সংশোধন কৰাৰ ক্ষেত্ৰত দেশত প্ৰয়োজনীয় সংখ্যক উপযুক্ত শিক্ষকৰ অভাৱ আছিল। উপযুক্ত শিক্ষক অবিহনে শিক্ষা-ব্যৱস্থা কেতিয়াও সফল হ'ব নোৱাৰে।

৭। ভাষা, অধ্যয়নৰ, ক্ষেত্ৰত আয়োগে আগবঢ়োৱা পৰামৰ্শ সম্পূৰ্ণৰূপে অসন্তুষ্টিদায়ক কিয়নো ইয়াৰ ফলত শিশুৰ ওপৰত অত্যধিক বোজা পৰিছিল। বেছিভাগ শিশুৱেই এই তিনিটা ভাষা পৃথকভাৱে শিকিবলগীয়া হ'ব। যি অন্য বিষয়ৰ অধ্যয়নত বাধাৰ সৃষ্টি কৰিব।

৮। ইণ্টাৰমিডিয়েট শ্রেণী নোহোৱা কৰিবলৈ দিয়া পৰামৰ্শ যথোপযুক্ত নাছিল। সময়ে প্রমাণ কৰিছিল যে মাধ্যমিক বিদ্যালয় সমূহতকৈ ইণ্টাৰমিডিয়েট মহাবিদ্যালয়সমূহ ভাল।

৯। আয়োগে মাধ্যমিক পর্যায়ত বৃত্তিমুখী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যদিও ইয়াক কাৰ্যকৰী কৰাৰ বাবে সুনির্দিষ্ট ব্যৱস্থাৰ কথা উল্লেখ কৰা নাছিল। তাৰোপৰি বৃত্তিমুখী শিক্ষা প্রদান কৰিবৰ বাবে উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰো অভাৱ দেখা পোৱা গৈছিল।

১০। প্রশাসনীয় ক্ষেত্ৰত আয়োগে আগবঢ়োৱা পৰামৰ্শৱলী অসম্পূৰ্ণ আৰু ভাৰসাম্যহীন আছিল। 

১১। মাধ্যমিক শিক্ষা আয়োগৰ আন এটা বিসংগতি পূৰ্ণ দিশ হৈছে অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী এজনে ভৱিষ্যতে কি হ'ব তাক নিৰ্ধাৰণ কৰাটো সহজ নহয়। যদি শিক্ষাৰ্থীজনৰ নিৰ্বাচন ভুল হয় তেন্তে তেওঁৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব। এই বয়সত সকলোবোৰ শৈক্ষিক, বৃত্তীয় নিৰ্দেশনাৰ মাজত এক সঠিক কেৰিয়াৰ নিৰ্বাচন কৰাটো সহজসাধ্য নহয়।

১২। ধৰ্মীয় শিক্ষাৰ ক্ষেত্ৰত আয়োগে আগবঢ়োৱা পৰামৰ্শ যথোপযুক্ত ধৰণৰ নাছিল। এই দুৰ্বলতাসমূহৰ বাবে মাধ্যমিক শিক্ষা আয়োগৰ সকলোবোৰ পৰামৰ্শ বাস্তৱায়িত কৰিব পৰা নাছিল। দেশৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে সকলোবোৰ পৰামৰ্শক বাস্তৱ ৰূপ দিয়াটো সম্ভৱপৰ নাছিল।


9. নিম্নোক্ত বিষয়সমূহৰ ক্ষেত্ৰত মাধ্যমিক শিক্ষা আয়োগৰ পৰামৰ্শসমূহ লিখা। Write the recommendations of Secondary Education Commission regarding the following

(i) নৈতিক আৰু ধৰ্মীয় শিক্ষা

Moral and religious education.

Ans:

(ii) নির্দেশনাদান আৰু পৰামৰ্শদান 

Guidance and counselling 

Ans:

(iii) পর্যবেক্ষণ

Supervision 

Ans:

(iv) বিত্তীয়

Finance

Ans:

(v) বিদ্যালয় গৃহ আৰু সা-সঁজুলি

School building and equipments

Ans:

(vi) প্রশাসন

Administration

Ans:

(vii) শিক্ষক কৰ্মীৰ উন্নতি আৰু শিক্ষকৰ প্ৰশিক্ষণ

Improvement of Teaching personnel and teacher training.

Ans:




Question And Answer Type By_ Himashree Bora.

Post ID : DABP003948