সংখ্য়াৰ পৰিচয় 


স্বাভাৱিক সংখ্য়াঃ 

    আমি স্বাভাৱিকভাৱে পোৱা সংখ্য়া বোৰকে স্বাভাৱিক সংখ্য়া বোলা হয়। যেনেঃ 1,2,3,4,5,6, ..........আদি।

স্বাভাৱিক সংখ্য়াৰ পূৰণ আৰু হৰণৰ উদাহৰণঃ 

5 x 6 = 30

20 x 5 = 100

18 ÷ 6 = 3

25 ÷ 5 = 5

24 ÷ 3 = 8

পূৰ্ণ সংখ্য়াঃ 

    শূণ্য়ৰ পৰা আৰম্ভ কৰি সকলো সংখ্য়াকে পূৰ্ণ সংখ্য়া বোলা হয়। যেনেঃ 0,1,2,3,4,5,6 .........আদি।


অখণ্ড সংখ্য়াঃ 

    0 ৰ পৰা আৰম্ভ কৰি যোগাত্মক আৰু ঋণাত্মক সংখ্য়াবোৰক অখণ্ড সংখ্য়া বোলা হয়। যেনেঃ ± 1, ± 2, ± 3, ± 4, ± 5, .........আদি।

অখণ্ড সংখ্য়াৰ পূৰণ আৰু হৰণৰ উদাহৰণঃ

মান উলিওৱা ー

20 ÷ (-4) = (-5)

(-25) ÷ (-5) = 5

(-15) ÷ 5 = (-3)

3 x (-5) = (-15)

(-4) x (-6) = 24

(-5) x 4 = -20


যুগ্ম সংখ্য়াঃ যিবিলাক সংখ্য়া যোৰ যোৰ কৈ ভাগ কৰিব পাৰি অথবা 2 ৰে হৰণ কৰিলে ভাগশেষ নাথাকে, সেইবোৰ সংখ্য়াক যুগ্ম সংখ্য়া বোলা হয়। যেনেঃ 2,4,6,8,10,12,14,......... আদি।


উদাহৰণঃ তলৰ সংখ্য়াবোৰৰ পৰা যুগ্মবোৰ বাচি উলিওৱা - 

2, 5, 6, 4, 3, 14, 12, 11, 19, 17, 25, 24, 27, 16

উত্তৰঃ যুগ্ম সংখ্য়াবোৰ হৈছে - 2, 6, 4, 14, 12, 24 আৰু 16


অযুগ্ম সংখ্য়াঃ 

    যিবিলাক সংখ্য়া যোৰ যোৰ কৈ ভাগ কৰিব নোৱাৰি অথবা ২ ৰে হৰণ কৰিলে ভাগশেষ থাকে, সেইবোৰ সংখ্য়াক অযুগ্ম সংখ্য়া বোলা হয়। যেনেঃ 1,3,5,7,9,11,13,15,17,......... আদি।


উদাহৰণঃ তলৰ সংখ্য়াবোৰৰ পৰা অযুগ্মবোৰ বাচি উলিওৱা- 

2, 5, 6, 4, 3, 14, 12, 11, 19, 17, 25, 24, 27, 16

উত্তৰঃ 5, 3, 11, 19, 17, 25, আৰু 27


মৌলিক সংখ্য়াঃ 

    যিবোৰ সংখ্য়াৰ 1 আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাই, সেইবোৰ সংখ্য়াক মৌলিক সংখ্য়া বোলা হয়। যেনেঃ 2,3,5,7,11,13,17,........ আদি।

উদাহৰণঃ তলৰ সংখ্য়াকেইটা মৌলিক সংখ্য়া হয় নে নহয় পৰীক্ষা কৰা-

13, 19, 25, 17, 18, 26

উত্তৰঃ 

13 = 1 x 13, ইয়াৰ 1 আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাই। সেয়েহে ই এটা মৌলিক সংখ্য়া।

19 = 1 x 19, ইয়াৰ 1 আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাই। সেয়েহে ই এটা মৌলিক সংখ্য়া।

25 = 1 x 5 x 5, ইয়াৰ 1 আৰু নিজৰ বাহিৰেও আন উৎপাদক আছে। সেয়েহে ই এটা মৌলিক সংখ্য়া নহয়।

17 = 1 x 17, ইয়াৰ 1 আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাই। সেয়েহে ই এটা মৌলিক সংখ্য়া।

18 = 1 x 2 x 3 x 3, ইয়াৰ 1 আৰু নিজৰ বাহিৰেও আন উৎপাদক আছে। সেয়েহে ই এটা মৌলিক সংখ্য়া নহয়।

26 = 1 x 2 x13, ইয়াৰ 1 আৰু নিজৰ বাহিৰেও আন উৎপাদক আছে। সেয়েহে ই এটা মৌলিক সংখ্য়া নহয়।


যৌগিক সংখ্য়াঃ 

    যিবিলাক সংখ্য়াৰ 1 আৰু নিজৰ বাহিৰে আন উৎপাদক আছে, সেইবোৰ সংখ্য়াক যৌগিক সংখ্য়া বোলা হয়। যেনেঃ 4,6,8,9,10,12,14,15,........আদি।

উদাহৰণঃ তলৰ সংখ্য়াকেইটা যৌগিক সংখ্য়া হয় নে নহয় পৰীক্ষা কৰা-

13, 19, 25, 17, 18, 26

উত্তৰঃ 

13 = 1 x 13, ইয়াৰ 1 আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাই। সেয়েহে ই এটা যৌগিক সংখ্য়া নহয়।

19 = 1 x 19, ইয়াৰ 1 আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাই। সেয়েহে ই এটা যৌগিক সংখ্য়া নহয়।

25 = 1 x 5 x 5, ইয়াৰ 1 আৰু নিজৰ বাহিৰেও আন উৎপাদক আছে। সেয়েহে ই এটা যৌগিক সংখ্য়া।

17 = 1 x 17, ইয়াৰ 1 আৰু নিজৰ বাহিৰে আন কোনো উৎপাদক নাই। সেয়েহে ই এটা যৌগিক সংখ্য়া নহয়।

18 = 1 x 2 x 3 x 3, ইয়াৰ 1 আৰু নিজৰ বাহিৰেও আন উৎপাদক আছে। সেয়েহে ই এটা যৌগিক সংখ্য়া।

26 = 1 x 2 x13, ইয়াৰ 1 আৰু নিজৰ বাহিৰেও আন উৎপাদক আছে। সেয়েহে ই এটা যৌগিক সংখ্য়া।



পৰস্পৰ মৌলিক সংখ্য়া বা সহঃমৌলিক সংখ্য়াঃ যিবিলাক সংখ্য়াৰ সাধাৰণ উৎপাদক 1, সিহঁতক পৰস্পৰ মৌলিক বা সহঃমৌলিক সংখ্য়া বুলি কোৱা হয়।

উদাহৰণঃ তলৰ সংখ্য়াৰ জোৰবোৰ পৰস্পৰ মৌলিক হয়নে পৰীক্ষা কৰা一

(i) 42, 50    (ii) 25, 39    (iii) 49, 22

উত্তৰঃ

(i) 42 ৰ উৎপাদকবোৰ হৈছে 一 1, 2, 3, 6, 7, 14, 21 আৰু 42।

আকৌ, 50 ৰ উৎপাদক হৈছে 一 1, 2, 5, 10, 25 আৰু 50।

∵ ইহঁতৰ সাধাৰণ উৎপাদক 1

∴ জোৰটো পৰস্পৰ মৌলিক।

(ii) 25 ৰ উৎপাদকবোৰ হৈছে 一 1, 5 আৰু 25।

আৰু 39 ৰ উৎপাদকবোৰ হৈছে 一 1, 3, 13 আৰু 39।

∵ জোৰটোৰ সাধাৰণ উৎপাদক 1

∴ ইহঁত পৰস্পৰ মৌলিক।

(iii) 49 ৰ উৎপাদকবোৰ হৈছে 一 1, 7 আৰু 49।

আৰু 22 ৰ উৎপাদকবোৰ হৈছে 一 1, 2, 11 আৰু 22।

∵ জোৰটোৰ সাধাৰণ উৎপাদক 1

∴ ইহঁত পৰস্পৰ মৌলিক।



পৰিমেয় সংখ্য়াঃ যিবোৰ সংখ্য়াক p/q য'ত p আৰু q অখণ্ড সংখ্য়া, (q ≠ 0) আকাৰত প্ৰকাশ কৰিব পাৰি তাকে পৰিমেয় সংখ্য়া বোলে।

উদাহৰণঃ লঘিষ্ঠ আকাৰলৈ নিয়া- 

উত্তৰঃ 


 

- Hiru Moni Bora