Chapter: 3

শিক্ষা আয়োগ ১৯৬৪-৬৬
(Education Commission, 1964-66)



(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer)

১। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ কোন আছিল ?

Who was the President of Education Commission of 1964-66? 

Ans: ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগৰ অধ্যক্ষ ড° ডি. এচ. কোঠাৰী।

২। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগত কিমানটা কাৰ্য্যদল আৰু কাৰ্য্য সমিতি আছিল? How many task force and working group are there in the Educaion Commission of 1964-66?

Ans: ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগত ১২ টা কাৰ্য্যদল আৰু ৭ খন কাৰ্য্য় সমিতি আছিল।

৩। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে আগবঢ়োৱা শিক্ষাৰ গাঁথনিটো উল্লেখ কৰা।
Mention the education structure according to the Education Commission of 1964-66.

Ans: ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে আগবঢ়োৱা শিক্ষাৰ গাঁথনিটো তলত উল্লেখ কৰা হ'ল- ১০ + ২ + ৩।

৪। ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগখন ভাৰতৰ কিমান সংখ্যক শিক্ষা আয়োগ? 
What is the edition of the ? Education Commission of 1964-66 in India?

Ans: ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগখন ভাৰতৰ শিক্ষাৰ ইতিহাসৰ ষষ্ঠ সংখ্যক আয়োগ।

৫। ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগখন জনপ্রিয় ভাবে কি নামেৰে জনা যায়?
What is the popular name of Indian Education Commission of 1964-66? 

Ans: ১৯৬৪-৬৬ চনৰ ভাৰতীয় শিক্ষা আয়োগখন জনপ্রিয় ভাবে কোঠাৰী আয়োগ নামেৰে জনা যায়।

৬। ভাৰতীয় শিক্ষা আয়োগখনে কিমান চনত ইয়াৰ প্ৰতিবেদন প্রস্তুত কৰি তুলিছিল ? 
In which year did the education commission sumbit its report? 

Ans: ভাৰতীয় শিক্ষা আয়োগখনে ১৯৬৪-৬৬ চনত ইয়াৰ প্ৰতিবেদন প্রস্তুত কৰি তুলিছিল।

৭। ভাৰতীয় শিক্ষা আয়োগখনৰ সদস্য সংখ্যা কিমান আছিল?
How many person were there in Indian Education Commission?

Ans: ভাৰতীয় শিক্ষা আয়োগখনৰ সদস্য সংখ্যা পাঁচগৰাকী আছিল।

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer) 


১। শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ নিযুক্তিৰ প্ৰধান কাৰণসমূহ কি আছিল?

What were the reasons of appointment the Education Commission of 1964-66?

Ans: শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ নিযুক্তিৰ প্ৰধান কাৰণসমূহ হ'ল- 

১। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ সামগ্রিক সম্প্ৰসাৰণৰ বাবে আয়োগ গঠনৰ প্ৰয়োজনীয়তাই দেখা দিছিল।

২। শিক্ষা ব্যৱস্থাৰ উন্নতিৰ সৈতে দেশৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ জড়িত। সেইবাবে এনে এখন আয়োগ ভাৰতবৰ্ষৰ বাবে প্ৰয়োজনীয় আছিল।

৩। দেশৰ বৰ্ধিত মানৱ সম্পদৰ উপযুক্ত বিকাশৰ প্ৰয়োজনীয়তা আহি পৰিছিল।

৪। দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আছিল ।

৫। দেশৰ সকলো পৰ্যায়ৰ শিক্ষা ব্যৱস্থাৰ মূল্যায়ণ কৰাৰ প্ৰয়োজন আহি পৰিছিল।

৬। দেশৰ শিক্ষাৰ জাতীয় পদ্ধতি কাৰ্য্যকৰী কৰি তুলি সমগ্ৰ শিক্ষা ব্যৱস্থাৰ উন্নতিৰ বাবে চৰকাৰক উপযুক্ত পৰামৰ্শ আগবঢ়াবৰ বাবে পৰামৰ্শ প্ৰদানৰ বাবে আয়োগৰ প্ৰয়োজন আছিল।


২। শিক্ষাত আধুনিকীকৰণ বুলিলে কি বুজা? 

What is modernization of Education?

Ans: শিক্ষা আৰু বিজ্ঞানৰ অগ্ৰগতিয়ে সমাজক সভ্যতাৰ উচ্চ স্তৰলৈ লৈ গৈছে। শিক্ষাই আমাৰ জীৱন দ্রুতভাৱে পৰিবৰ্তন কৰি আধুনিকীকৰণ কৰি তুলিছে, দ্রুত গতিত সামাজিক পৰিবৰ্তন ঘটিছে। ভাৰতবৰ্ষই পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবোৰৰ সৈতে আগবাঢ়ি যোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাবলৈ হ'লে শিক্ষাৰ বহুল প্ৰসাৰ হ'ব লাগিব, নতুন জ্ঞানৰ সৈতে
ছাত্ৰ-ছাত্ৰীক পৰিচয় কৰাই দিয়াৰ দায়িত্ব শিক্ষাই ল'ব লাগিব। ইয়াকে শিক্ষাৰ আধুনিকীকৰণ বুলি কোৱা হয়। এই ক্ষেত্ৰত আয়োগৰ কেতবোৰ পৰামৰ্শ হ'ল -

(i) জ্ঞানৰ বিস্ফোৰণ (Explosion of Knowledge) : বৰ্তমান সমাজত জ্ঞানৰ পৰিসৰ হৈছে ব্যাপক আৰু ইয়াৰ গতি অতি দ্ৰুততৰ। সময়ৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ উদ্দেশ্য, শিক্ষাদান পদ্ধতি আদিত নতুনত্বৰ প্ৰয়োজন আহি পৰিছে। 

(ii) দ্ৰুত সামাজিক পৰিৱৰ্তন (Rapid Social Change) : বর্তমান সময় হৈছে দ্রুত পৰিৱৰ্তনৰ সময়। সেইবাবে শিক্ষাৰ ক্ষেত্ৰত গতিশীল নীতি গ্রহণৰ আৱশ্যকতা আহি পৰিছে।

(iii) দ্রুত অগ্ৰগতিৰ প্ৰয়োজন (Need of Rapid Advance) : দেশৰ সামাজিক, অর্থনৈতিক, সাংস্কৃতিক বা ৰাজনৈতিক দিশত দেখা দিয়া সমস্যাবোৰ আঁতৰোৱাৰ প্রয়োজন আহি পৰিছে। এনেবোৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিলেহে দেশে অগ্রগতি লাভ কৰিবলৈ সক্ষম হ'ব।

(iv) পৰিৱৰ্তনৰ প্ৰতি আগ্ৰহ (Curiosity for Change) : আগ্রহ বা কৌতুহল হৈছে জ্ঞান অৰ্জনৰ গুৰুত্বপূৰ্ণ দিশ। শিক্ষাৰ লক্ষ্য কেৱল জ্ঞান আহৰণতে সীমাৱদ্ধ নাৰাখি ছাত্ৰ-ছাত্ৰীৰ মনত কৌতূহল সৃষ্টিও কৰিব লাগে।

(v) আধুনিকীকৰণ আৰু শিক্ষাৰ অগ্ৰগতি (Mordernisation and Educational Progress): বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ সহায়ত আধুনিকীকৰণ প্ৰক্ৰিয়াত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে। নতুন আৰ্হিৰ সমাজ ব্যৱস্থা সৃষ্টি কৰিবলৈ শিক্ষা বিজ্ঞানসন্মত, প্রযুক্তি আৰু সংস্কৃতিৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিব লাগে। আয়োগে উল্লেখ কৰে যে দ্রুত আধুনিকীকৰণৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় সমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে দেশৰ কেইখনমান বিশ্ববিদ্যালয়ক 'মুখ্য' বিশ্ববিদ্যালয় হিচাবে প্রতিষ্ঠা কৰাৰ পৰামৰ্শ আয়োগে প্ৰদান কৰে।


৩। ভাৰতীয় শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ মতে উৎপাদনমুখিতাৰ ধাৰণা লিখা। Write the concept of Productivity according to Indian Education Commission (1964-66)

Ans: 

৪। সামাজিক আৰু জাতীয় সংহতি কি?
What is social and national integration?

Ans: শিক্ষা আয়োগৰ মতে শিক্ষাৰ এক প্ৰধান লক্ষ্য উদ্দেশ্য হৈছে সামাজিক আৰু জাতীয় সংহতি সৃষ্টি কৰা। ভাৰতবৰ্ষক এখন শক্তিশালী গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাবে গঢ় দিবলৈ জাতীয় ঐক্য আৰু সংহতি অতি আৱশ্যকীয়। জাতীয় সংহতিৰ সৈতে দেশৰ সামাজিক, সাংস্কৃতিক, অর্থনৈতিক তথা ৰাজনৈতিক দিশসমূহ জড়িত হৈ আছে। জাতীয় সংহতিয়ে দেশত দেখা দিয়া বিশৃংখলতা আঁতৰ কৰি সুস্থ ৰাষ্ট্র গঢ়াত সহায় কৰে। শিক্ষাই এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। আমাৰ দেশত দেখা পৰামৰ্শসমূহ দিয়া আঞ্চলিকতাবাদ, ভাষিক, ধর্মীয় পার্থক্যবোৰ আঁতৰোৱাৰ বাবে আয়োগে তলৰ আগবঢ়ায় ৷ ইয়াকে সামাজিক আৰু জাতীয় সংহতি বোলে।


৫। কৰ্ম-অভিজ্ঞতাৰ ধাৰণা দিয়া।
Write the concept of work experience.

Ans: কর্ম অভিজ্ঞতাই মানসিক আৰু শাৰীৰিক শিক্ষাৰ মাজৰ ব্যৱধান হ্ৰাস কৰি কৰ্ম নিয়োজনত ছাত্র- ছাত্ৰীক সহায় কৰে। আয়োগৰ মতে—গৃহ, স্কুল, কর্মশালা ফার্ম, ফেক্টৰী বা আন যিকোনো উৎপাদনমূলক পৰিস্থিতিত অংশ গ্ৰহণ কৰা কাৰ্য্যই হৈছে কর্ম অভিজ্ঞতা। আয়োগে মত প্রকাশ কৰে যে উদ্দেশ্য প্রণোদিতভাৱে প্ৰদান কৰা সকলোবোৰ শিক্ষাতে সাক্ষৰতা, সংখ্যাজ্ঞান, কর্ম-অভিজ্ঞতা আৰু সমাজ সেৱা—এই চাৰিটা দিশ অন্তৰ্ভুক্ত হ'ব লাগে। কর্ম অভিজ্ঞতাৰ সংযোজনে শিক্ষাক অধিক বাস্তৱমুখী কৰি তোলাত সহায় কৰে। ই শিক্ষা আৰু কৰ্মৰ মাজত আন্তঃসম্পর্ক গঢ়ি তোলে। কর্ম অভিজ্ঞতাই ছাত্ৰ-ছাত্ৰীক আত্মনিৰ্ভৰশীল হিচাবে গঢ়ি তুলিব পাৰে। কৰ্ম অভিজ্ঞতাৰ জৰিয়তে ছাত্র- ছাত্ৰীয়ে শ্রমক মৰ্যদা দিবলৈ শিকিব আৰু লগতে ইয়াৰ দ্বাৰা শাৰীৰিক ব্যায়াম সম্ভৱ হৈ হ'ব। ছাত্ৰ- ছাত্ৰীয়ে নিজৰ লগতে পৰিয়ালকো আর্থিক সকাহ দিব পাৰিব। কৰ্ম-অভিজ্ঞতাক পৰ্যায়ক্রমে কৃষি, উদ্যোগ আৰু প্ৰযুক্তিবিজ্ঞানৰ সৈতে জড়িত কৰিব লাগিব। ইয়াৰ জৰিয়তে শিক্ষাৰ কৰ্ম বিমুখতা আঁতৰ কৰিব পাৰি।


৬। ভাৰতীয় শিক্ষাত ধৰ্মনিৰপেক্ষতাৰ নীতি সম্বন্ধে শিক্ষা আয়োগখনৰ মতামত লিখা । 
Write the secularism in education according to Education Commission?

Ans: 

৭। বিজ্ঞানভিত্তিক শিক্ষাৰ বিষয়ে লিখা ।

Write about the concept of science based education.

Ans: বৰ্তমানৰ যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞান শিক্ষাৰ দ্বাৰাহে আমি যুগৰ সৈতে আগবাঢ়ি যাব পাৰিম। সেইবাবে বিজ্ঞান শিক্ষা স্কুলীয়া শিক্ষাৰ অপৰিহাৰ্য্য অংগস্বৰূপ হোৱা উচিত। বিজ্ঞানৰ অধ্যয়নে ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান ক্ষমতা, বিশ্লেষণ কৰিব পৰা ক্ষমতা বৃদ্ধি কৰি তোলে। বিজ্ঞান শিক্ষাই ছাত্ৰ-ছাত্ৰীক বাস্তৱৰ সৈতে মুখামুখি হোৱাত সহায় কৰে। বৈজ্ঞানিক দৃষ্টিভংগীয়ে অনুসন্ধান কৰিব পৰা মনোভাৱ জগাই তোলে। সেয়েহে বিজ্ঞান শিক্ষা জীৱনৰ অপৰিহাৰ্য্য দিশ হোৱা উচিত৷

৮। সাধাৰণ বিদ্যালয় কাক বোলে?

What is common school?

Ans: আয়োগৰ মতে বিভিন্ন জাতি-জনজাতি, ধর্ম আদিক একত্ৰিত কৰি শক্তিশালী ভাৰত গঢ়াৰ ক্ষেত্ৰত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। দেশৰ মানুহৰ মাজত থকা ভেদ-ভাব, উচ্চ-নীচ, ধনী- দুখীয়া পার্থক্য গুচাবৰ বাবে আয়োগে সাধাৰণ বিদ্যালয় স্থাপনৰ পৰামৰ্শ আগবঢ়ায়। ইয়াকে সাধাৰণ বিদ্যালয় বোলে। দেশৰ সকলো শ্ৰেণীৰ লোকৰ শিক্ষাৰ বাবে এনে সাধাৰণ বিদ্যালয় স্থাপন কৰা হ'ব, ই হৈছে শ্রেণীবিহীন এক বিশেষ শিক্ষানুষ্ঠান। সাধাৰণ বিদ্যালয়ৰ শিক্ষা বিনামূলীয়া হ'ব আৰু ছাত্ৰ-ছাত্ৰীয়ে নিজ যোগ্যতাৰ ভিত্তিত ইয়াত নামভৰ্তি কৰিব পাৰিব। এই আয়োগৰ মতে দেশৰ বেছি ভাগ অঞ্চলতে এনে বিদ্যালয়ৰ স্থাপনে ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন পূৰণ কৰাৰ সুবিধা পাব। এনে শিক্ষা ব্যৱস্থাই সমাজৰ লোকসকলক তেওঁলোকৰ পৰম্পৰা, বিশ্বাস, সংস্কৃতি আৰু ধৰ্মীয় ৰীতি-নীতি আদিৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰিব।

৯। শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ তিনিটা সবলতা লিখা ।

Write about the merits of Education Commission (1964-66).

Ans: শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ তিনিটা সবলতা হ'ল-

(i) ১৯৬৪-৬৬ চনত শিক্ষা আয়ােগে আমাৰ দেশৰ এক জাতীয় শিক্ষা ব্যৱস্থাৰ প্ৰতিনিধিত্ব কৰিছিল।

(ii) আয়োগৰ পৰামৰ্শ অনুসৰি ১০ + ২ + ৩ জাতীয় শিক্ষাৰ গাঁথনি সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ কৰা হৈছিল।
 
(iii) আয়োগে শিক্ষা আৰু অৰ্থনীতিৰ বিকাশৰ মাজত যোগসূত্ৰ স্থাপন  কৰি দেশৰ অৰ্থনীতিৰ বিকাশ সম্ভৱ কৰি তুলিছিল।

(iv) উচ্চতৰ মাধ্যমিক পৰ্যায়ত বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা কৰা হৈছিল।

১০। শিক্ষা আয়োগখনৰ দুৰ্বলতা তিনিটা উল্লেখ কৰা।

Mention three demerits of Education Commission (1964-66).

Ans: শিক্ষা আয়োগখনৰ দুৰ্বলতা তিনিটা তলত উল্লেখ কৰা হ'ল-

(i) আয়োগে গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ ধাৰণাক সম্পূৰ্ণৰূপে আওকান কৰিছিল।

(ii) আয়োগৰ পৰামৰ্শই ভাৰতৰ নিৱনুৱা সমস্যাৰ সমাধান আনিব পৰা নাছিল।

(iii) সামাজিক আৰু জাতীয় সেৱা আঁচনি শিক্ষানুষ্ঠান সমূহত উপযুক্তভাৱে কাৰ্যকৰী কৰি তোলা নহ'ল। বৰ্তমানেও সমাজৰ পৰা এনে বৈষম্য সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই। 

(iv) সামাজিক আৰু জাতীয় সেৱা আঁচনি শিক্ষানুষ্ঠান সমূহত উপযুক্তভাৱে কাৰ্যকৰী কৰি তোলা নহ'ল।


১১। শিক্ষা বৃত্তিমুখীকৰণ সম্পৰ্কে শিক্ষা আয়োগে কি মতামত দিছে? 
What was the view of Education Commission regarding Vocationization of education.

Ans:  কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তোলা প্রয়োজন। এই আয়োগে ভাৰতবৰ্ষৰ বৃত্তিমুখী শিক্ষাৰ অনগ্ৰসৰতাৰ প্ৰতি মনোযোগ দিয়ে। বৃত্তিমুখী শিক্ষাই সমাজৰ উন্নতিতো অৰিহনা যোগাব ।
শিক্ষাৰ মাধ্যমিক পৰ্য্যায়ৰ উপৰিও বিশ্ববিদ্যালয় স্তৰত কৃষি আৰু ঔদ্যোগিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। শিক্ষা আৰু উৎপাদনক একত্ৰিত কৰি সমাজখনক আগবঢ়াই নিব লাগিব। ছাত্র-ছাত্রীসকলে কেবল মাত্র চাকৰিৰ ওপৰতে যাতে নিৰ্ভৰশীল হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। শিল্প, উদ্যোগ, কৃষি, বাণিজ্য ইত্যাদিবোৰৰ যাতে ব্যাপক পৰিসৰত বিকাশ ঘটে তাৰ ক্ষেত্ৰত আয়োগে মত প্রকাশ কৰে। বিজ্ঞান, কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত ভিত্তি কৰি শিক্ষা ব্যৱস্থা গঢ় লৈ উঠিব লাগিব, তেতিয়াহে শিক্ষাৰ ভেটি সবল হ'ব। মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণে দেশৰ প্রগতিটো ইতিবাচক প্ৰভাৱ পেলাব। 


(III) দীঘল প্রশ্ন (Long Question)

১। ১৯৬৬-৬৬ চনৰ শিক্ষা আয়োগখনৰ উদ্দেশ্যসমূহ কি আছিল? এই আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাথঁনি সম্পর্কে লিখা।
What were objectives of Education Commission of 1964-66? Write the pattern of education according to commission.

Ans: ১৯৬৬-৬৬ চনৰ শিক্ষা আয়োগখনৰ উদ্দেশ্যসমূহ হ'ল-

১। ভাৰতীয় সংস্কৃতি, মূল্যবোধ, প্রচলিত ৰীতি-নীতি বৰ্তাই ৰাখি দেশৰ ভৱিষ্যতৰ আশা-আকাংখা পূৰ কৰিব পৰাকৈ জাতীয় শিক্ষা ব্যৱস্থা প্ৰচলন কৰা ৷ 

২। স্বাধীনতা, সমতা আৰু ন্যায়ৰ ভিত্তিত নতুন সামাজিক দিশ সৃষ্টি কৰা। ইয়াৰ বাবে তলত উল্লেখিত পূৰ্বচতসমূহ পূৰণ কৰিব লাগিব।
• ধৰ্মনিৰপেক্ষ গণতন্ত্র গ্রহণ কৰা।

• নিৰক্ষৰতা দূৰীকৰণ।

• সকলোৰে বাবে জীৱন ধাৰণৰ নিৰ্দিষ্ট মানদণ্ড সুনিশ্চিত কৰাৰ দ্ৰুত উদ্যোগীকৰণ

• সমাজতান্ত্রিক সমাজ প্ৰতিষ্ঠা আৰু

• আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি গ্ৰহণ কৰা; আৰু ইয়াৰ সৈতে প্রচলিত আধ্যাত্মিক মূল্যবোধক মিলিত কৰা।

৩। শিক্ষাৰ প্ৰতিটো স্তৰৰে গুণগত মানদণ্ডৰ উন্নতি কৰি তোলা। স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত পৰিমানগতভাবে শিক্ষাৰ বৃদ্ধি হৈছে, সেইবাবে তাৰ লগতে গুণমানো বৃদ্ধিৰ প্ৰয়োজন। দেশৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ বাবে বিনামূলীয়া আৰু বাধ্যাতামূলক শিক্ষাৰ প্ৰৱৰ্তন কৰি শিক্ষিত নিবনুৱা কমাৰৰ বাবে আয়োগে পদক্ষেপ ল'ব লাগিব।

৪। শিক্ষাক্ষেত্ৰত হোৱা ব্যয়ক উৎপাদনমূলক বিনিয়োগ হিচাবে গণ্য কৰিব লাগিব। চৰকাৰে আয়োগৰ এই কাৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

৫। আয়োগৰ এক কাৰ্য্য আছিল শিক্ষাৰ সমগ্ৰ ক্ষেত্ৰখন পৰ্য্যবেক্ষণ কৰি ইয়াক একত্ৰিকৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা ।

৬। শিক্ষা ক্ষেত্ৰৰ উন্নতিৰ বাবে বিভিন্ন শিক্ষাবিদ আৰু উন্নত দেশসমূহৰ পৰা পৰামৰ্শ লোৱা।

 ৭। আয়োগৰ এক গুৰুত্বপূৰ্ণ কাৰ্য্য আছিল শিক্ষাৰ জৰিয়তে দেশৰ জাতীয় বিকাশ সাধন কৰা।

                            এই আয়োগৰ পৰামৰ্শ অনুসৰি শিক্ষাৰ গাথঁনি সম্পর্কে তলত আলোচনা কৰা হ'ল- 


২। শিক্ষা আয়োগ (১৯৬৪-৬৬) খনে শিক্ষাৰ লক্ষ্য সম্বন্ধে কি কৈছিল? এই লক্ষ্য সমূহ কিমান দূৰ সফল হৈছে?

What were the aims of education suggested by Education Commission of 1964- 66. How far these had been fulfilled?

Ans:

৩। শিক্ষা আৰু ৰাষ্ট্ৰীয় উৎপাদনৰ ক্ষেত্ৰত শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ পৰামৰ্শসমূহ কি কি আছিল ?

What were the recommendations of Education Commission (1964-66) regarding Education and National productivity?

Ans: শিক্ষা আৰু ৰাষ্ট্ৰীয় উৎপাদনৰ ক্ষেত্ৰত শিক্ষা আয়োগ (১৯৬৪-৬৬) খনৰ পৰামৰ্শসমূহ হ'ল- 

৪। ১০+২+৩ শিক্ষা সংগঠনৰ বিষয়ে আলোচনা কৰা।

Discuss about the educational structure of 10+2+3.

Ans: জাতীয় শিক্ষাৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যেৰকে ১৯৬৪-৬৬ চনত কোঠাৰী আয়োগ গঠন কৰা হয়। তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে সমগ্ৰ দেশতে শতকৰা ২৫ শতাংশ মাধ্যমিক স্কুলকহে উচ্চতৰ মাধ্যমিক স্তৰলৈ ৰূপান্তৰ কৰা হয়। সেইবাবে এই গাঁথনি পৰিহাৰ কৰা হয় আৰু ১০+২+৩ৰ নতুন গাঁথনিটোৰ পৰামৰ্শ দিয়ে। এই সূত্ৰ অনুযায়ী স্কুলীয়া শিক্ষা হ'ব ১০ বছৰীয়া, প্ৰাক স্নাতক বা উচ্চতৰ মাধ্যমিক শিক্ষা দুবছৰীয়া আৰু তিনিবছৰীয়া স্নাতক পৰ্যায়ৰ শিক্ষা।


Question & Answer Type By: Himashree Bora.




Post ID : DABP003949