অধ্য়ায় ৪

ভাষাা সম্পৰ্কীয় চিন্তা-চৰ্চা আৰু অধ্য়য়নৰ ইতিহাসঃপাণিনীয় ধাৰা, গ্ৰীক ধাৰা 
(History of language thinking and study: Panini dhara, Greek dhara)


প্ৰশ্নাৱলী

১। ভাৰতত কেতিয়া ভাষা-চৰ্চা আৰম্ভ হৈছিল।
উত্তৰঃভাৰতত বৈদিক যুগৰ পৰা ভাষা চৰ্চা আৰম্ভ হৈছিল। 

২। গ্ৰীকত কেতিয়া ভাষা-চৰ্চা আৰম্ভ হৈছিল।
উত্তৰঃ

৩। বেদৰ কোনটো স্তৰৰ ভাষা বিশ্লেষণৰ প্ৰথম উল্লেখ পোৱা যায়।
উত্তৰঃ বেদৰ প্ৰাচীন স্তৰত ভাষা বিশ্লেষণৰ প্ৰথম উল্লেখ পোৱা যায়।
 
৪। ভাৰতীয় ভাষা-চৰ্চাৰ ধাৰাক কেইতা ভাগত ভাগ কৰিব পাৰি।
উত্তৰঃ ভাৰতীয় ভাষা চৰ্চাৰ ধাৰাক ৩টা ভাগত ভাগ কৰিব পাৰি।
 
৫। ভাৰতীয় ভাষা-চৰ্চা সাহিত্য়ত ব্য়াকৰণ শব্দৰ প্ৰথম উল্লেখ ক'ত পোৱা যায়।
উত্তৰঃ ভাৰতীয় ভাষা-চৰ্চা সাহিত্যত ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ অৰ্থব বেদৰ গোপথ ব্ৰাহ্মণত পোৱা যায়।
 
৬। অষ্টাধ্য়ায়ী কাৰ ৰচনা?
উত্তৰঃ পাণিৰ।
 
৭। 'শব্দানুশাসনম' ব্য়াকৰণখন কোনে ৰচনা কৰিছিল?
উত্তৰঃপাণিনিৰ।
 
৮। 'মানৱ বুদ্ধিমত্তাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন'- এইটো উক্তি কাৰ।
উত্তৰঃ উক্ত উক্তিটো ব্লুমফিল্ডে কৈছিল।
 
৯। পাণিনীৰ জন্ম ক'ত হৈছিল?
উত্তৰঃ ভাৰতৰ উদীচ্য অঞ্চলৰ শালাতুৰ বৰ্তমান পাকিস্তানৰ লাহোৰত জন্ম গ্ৰহণ কৰিছিল।
 
১০। 'পঞ্চতন্ত্ৰ' কাৰ ৰচনা?
উত্তৰঃ পাণিনীৰ।
 
১১। অষ্টাধ্য়ায়ীত কেইটা অধ্য়ায় আছে?
উত্তৰঃ আঠটা অধ্যায় আছে।
 
১২। অষ্টাধ্য়ায়ীৰ প্ৰতিটো অধ্য়ায়ত কেইটাকৈ পাদ আছে?
উত্তৰঃ প্ৰতিটো অধ্যায়ত চাৰিটাকৈ পাদ আছে।
 
১৩। অষ্টাধ্য়ায়ীত কিমানটা সূত্ৰ আছে?
উত্তৰঃ চাৰি হেজাৰ সূত্ৰ আছে।
 
১৪। অষ্টাধ্য়ায়ীত কেইটা বৈশিষ্ট্য় পোৱা যায়।
উত্তৰঃ অষ্টাধ্যায়ীত ৩টা বৈশিষ্ট্য পোৱা যায়।
 
১৫। ভাৰতীয় ভাষা-চৰ্চাত ত্ৰিমূনি কাক কোৱা হয়।
উত্তৰঃ ভাৰতীয় ভাষা-চৰ্চাত ত্ৰিমূণি বুলি পাণিনীৰ, কাত্যায়ন আৰু পতঞ্জলিক কোৱা হয়।
 
১৬। পাশ্চত্য় ভাষাৰ চিন্তা-চৰ্চাৰ ইতিহাসক কেইটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ ৩টা ভাগত ভাগ কৰিব পাৰি।
 
১৭। পাশ্চত্য়ৰ ভাষাৰ চিন্তা-চৰ্চাক সময়ত দিশ আৰু প্ৰকৃতিৰ ফাালৰ পৰা কেইটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰঃ ৪টা ভাগত ভাগ কৰিব পাৰি।
 
১৮। পৃথিৱীৰ ভাষা চিন্তা-চৰ্চাৰ প্ৰাচীনতম ধাৰাটো কি?
উত্তৰঃ ব্যাকৰণ।
 
১৯। কোন গৰাকী দৰ্শনিকৰ হাতত প্ৰথম ভাষা চিন্তা-চৰ্চা উন্মেষ হয়?
উত্তৰঃ প্লেটো।
 
২০। কোনখন গ্ৰন্থৰ জৰিয়তে প্লেটোৱে ভাষাৰ চিন্তা-চৰ্চা কৰিছিল?
উত্তৰঃ ক্ৰেটিলাছ জৰিয়তে.
 
২১। এৰিষ্ট'টলৰ বিখ্য়াত গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ  'poetics'।
 
২২। পাশ্চত্য ভাষাৰ চিন্তা-চৰ্চা কোন দেশত প্ৰথম হৈছিল?
উত্তৰঃ গ্ৰীচত।
 
২৩। গ্ৰীক ভাষা সাহিত্য়ৰ কোনটো সময়ক 'সোণলী যুগ' কোৱা হয়?
উত্তৰঃ খ্ৰীঃ পূৰ্ব তৃতীয় শতিকাৰ পৰা খ্ৰীষ্টীয় দ্বিতীয় শতিকালৈ।
 
২৪। ৰোমানসকলৰ প্ৰথম ব্য়াকৰণবিদ গৰাকীৰ নাম কি?
উত্তৰঃ ৰোমান সকলৰ প্ৰথম ব্যাকৰণবিদ গৰাকীৰ নাম- Marcus Terentius Verro>
 
২৫। প্ৰিস্কিয়ানৰ ব্য়াকৰণখনৰ নাম কি?
উত্তৰঃ 'Institutions Grammaticae'।
 
২৬। 'সৰ্বভাষিক ব্য়াকৰণ'ৰ ধাৰাটো কোনে ৰচনা কৰিছিল?
উত্তৰঃ ৰজা বেকনে।
 
২৭। Grammar General raisonne' ব্য়াকৰণখন কেতিয়া ৰচনা হৈছিল?
উত্তৰঃ ১৬৬৩ চনত।
 
২৮। Royal Asiatic Society' কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৭৮৭ চনত।
 
২৯। Outline of English Phonetics' গ্ৰন্থখনৰ লেখক কোন?
উত্তৰঃজোনছন।
 
৩০। আধুনিক ভাষা বিজ্ঞানৰ জন্মদাতা কোন?
উত্তৰঃ ফাৰ্ডিনাণ্ড দ্য চচ্যুৰ। 
 
চমু প্ৰশ্নঃ

১। ভাষাৰ্চ্চাৰ বৈদিক যুগ বুলিলে কি বুজা?
উত্তৰঃ ভাষাচৰ্চা বৈদিক যুগ বুলিলে বেদ-সংহিতা লগতে সংপৃক্ত হৈ ব্ৰাহ্মণ, উপনিষদ, অৰণ্যক আৰু ছয় বেদাংগ,ষড়দৰ্শনক সামৰি  সাহিত্যৰ উদ্ভৱৰ প্ৰায় এহাজাৰ বছৰ সামৰি লোৱা  এটা যুগ।
 
২। ভাৰতীয় ভাষা-চৰ্চাৰ কেইটা আৰু কি কি?
উত্তৰঃ ভাৰতীয় ভাষা-চৰ্চাৰ ৩টা।
সেইকেইটা হল-ক) প্ৰাক পাণিনীয়, খ) পাণিনীয়, গ) উত্তৰ পাণিনীয়।
 
৩। অষ্টাধ্য়ায়ী সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ খ্ৰীঃ পূৰ্ব পঞ্চম শতিকাত মহামুনি পাণিনীৰ অষ্টাধ্যায়ী নামৰ ব্যাকৰণ ৰচিত হয়। ব্যাকৰণ খনৰ আঠোটা অধ্যায়, প্ৰত্যেক অধ্যায়ত চাৰিটাকৈ পাদ আছে আৰু চাৰি হেজাৰ সূত্ৰ আছে। এই ব্যাকৰণ খনত আঠটা অধ্যায় থকা কাৰণে অষ্টাধ্যায়ী বুলি কোৱা হৈছে। এই ব্যাকৰণ খন এক পৰিপূৰ্ণ আৰু শুদ্ধ ব্যাকৰণ আছিল।
 

 
৪। অষ্টাধ্য়ায়ীত প্ৰধানকৈ কেইটা বৈশিষ্ট্য় পোৱা যায় আৰু কি কি?
উত্তৰঃ অষ্টাধ্যায়ীত প্ৰধানকৈ ৩টা বৈশিষ্ট পোৱা যায়। সেই কেইটা হল-
ক) সুত্ৰবদ্ধ ৰূপ,
খ) কাৰিকৰী দক্ষতা বা শিল্প নৈপূণ্য
গ) বৈজ্ঞানিক পদ্ধতি। 
 
৫। পাশ্চাত্য় ভাষাৰ চিন্তা-চৰ্চা আৰু অধ্য়য়নৰ ইতিহাস কেইটা আৰু কি কি ভাগত ভাগ কৰিব পাৰি।
উত্তৰঃ ৩ টা।
সেইকেইটা হল-
ক) ব্যাকৰণ ধাৰা
খ) ভাষাতত্ত্ব ধাৰা,
গ) ভাষা বিজ্ঞানৰ ধাৰা।
 
৬। পাশ্চাত্য়ৰ ভাষা-চৰ্চাক সময়ৰ দিশ আৰু প্ৰকৃতিৰ ফালৰ পৰা কেইটা আৰু কি কি ভাগত ভাগ কৰা হয়।
উত্তৰঃ চাৰিটা। সেইকেইটা হ'ল-
ক) প্ৰাচীন যুগ,
খ) মধ্য যুগ,
গ) নৱজাগৰণ যুগ,
ঘ) আধুনিক যুগ।
 

 
৭। ভাষা সাহিত্য়ৰ মধ্য়যুগ কেতিয়া আৰু কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল?
উত্তৰঃ ভাষা সাহিত্যৰ মধ্যযুগ খ্ৰীষ্ট্ৰীয় ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্ট্ৰীয় চতুৰ্দশ শতিকাত আৰু ব্যাকৰণ শাস্ত্ৰৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।
 
৮। আধুনিক ভাষা বিজ্ঞানৰ যুগ বুলিলে কি বুজা?
উত্তৰঃ আধুনিক ভাষা বিজ্ঞানৰ যুগ বুলিলে ভাষাৰ আলোচনাই যেতিয়াই বিজ্ঞানসন্মত দিশত গতি কৰে সেই সময়ৰ পৰাই বুজা যায়। 
 
৯। ফাৰ্ডিনাণ্ড দ্য় চচ্য়ুৰে ভাষাৰ অৱস্থিতিক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে?
উত্তৰঃ দুটা ভাগত ভাগ কৰিছিল। সেইকেইটা হৈছে-
ক) লাঁগ আৰু পাৰল।
 
১০। ৰূপান্তৰ উৎপাদক ব্য়াকৰণে ভাষাৰ দাঙি ধৰা মূল সিদ্ধান্তবোৰ কি কি?
উত্তৰঃ ৰূপান্তৰ উৎপাদক ব্যাকৰণে ভাষাৰ দাঙি ধৰা মূল সিদ্ধান্তবোৰ হৈছে-
ক) শিশু অৱস্থাৰ পৰা ভাষা আহৰণ কৰা এক স্বাভাৱিক ক্ষমতা থাকে। কাৰণ মানৱ শিশুৱে সদায় আনক অনুসৰণ কৰে। এই অনুকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে ভাষা কবলৈ শিকে। চমস্কিয়ে মানৱ শিশুৰ ভাষাৰ আহৰণ কৰা প্ৰক্ৰিয়াক  স্বাভাৱিক প্ৰক্ৰিয়া বুলি কৈছে। শিশুৱে যিটো পৰিৱেশ ডাঙৰ দীঘল হয় সেই পৰিৱেশত ভাষা আহৰণ কৰে। ডাঙৰ পৰাই কথা শুনি আ ৰু ব্যাকৰণ শিকি লৈ শব্দ আৰু বাক্য সৃষ্টি কৰি লয়।
খ) ফাৰ্ডিনাণ্ড দ্য চচ্যুৰ ভাষা পদ্ধতি আৰু ভাষা ব্য়ৱহাৰ ত চমস্কিয়ে এক নতুন মাত্ৰা প্ৰদান কৰে। তেওঁৰ মতে মানুহৰ নিজ ভাষাৰ মূল ব্যাকৰণ বা নীতি সম্পৰ্কে সম্যক জ্ঞান থাকে আৰু নীতি  নিজস্ব বোধ শক্তিৰ দ্বাৰা আয়ত্ব কৰে। এনে নীতি  নিয়মৰ মাজত  পৰিৱেশ -পৰিস্থিতি অনুযায়ী নতুন নতুন অৰ্থয়ুক্ত বাক্য সৃষ্টি কৰিব পাৰে। তেওঁ মানুহ বাক্য সৃষ্টি কৰিব পৰা এই শক্তিবোধক সৃজনী শক্তি ৰূপে আক্যা দিছে।  
 
১১। 'লাঁগ' আৰু 'পাৰল' কি লিখা।
উত্তৰঃলাঁগ হল 'ভাষা পদ্ধতি' আৰু পাৰল হৈছে 'ভাষা ব্যবহাৰ'।
 
ৰচনাধৰ্মী প্ৰশ্নঃ

১। ভাৰতীায় ভাষাৰ চিন্তা-চৰ্চা আৰু অধ্য়য়ন সম্পৰ্কে লিখা।
উত্তৰঃ ভাৰতবৰ্ষত বৈদিক যুগৰ পৰাই ঋষিমুনি সকলে ভাষাৰ চিন্তা-চৰ্চা আৰু অধ্যয়ন কৰি আহিছে। ভাৰতবৰ্ষত আৰ্যসকলৰ কাৰণে বেদৰ ভাষাই আছিল অতি প্ৰাচীন।এই পবিত্ৰতা আৰু বিশুদ্ধতা ৰক্ষা কৰা মানসিকতাই ভাষা সম্পৰ্কীয় চিন্তা চৰ্চাৰ আৰু অধ্যয়ন উদ্ৰেক ঘটায়। ভাৰতবৰ্ষত খ্ৰীঃপূৰ্ব পঞ্চম শতিকাৰ পৰা চিন্তা-চৰ্চা ধাৰাবাহিক ইতিহাসত পোৱা যায়।
    খ্ৰীঃ পূৰ্ব ২৫০০ বছৰৰ পূৰ্বেই ঋকবেদত ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চা সূচনা হৈছিল যদিও যজুৰ্বেদত ভাষা বিশ্লেষনৰ  প্ৰথম উল্লেখ পোৱা যায়। ভাৰতীয় ভাষা চিন্তা-চৰ্চাত ব্যাকৰণৰ ধাৰণা ব্ৰাহ্মণ  স্তৰত কিছু পদ্ধতি গত ৰূপত পোৱা যায়। ইয়াৰ পিচত অৰ্থব বেদৰ গোপথ ব্ৰাহ্মণত ব্যাকৰণ শব্দ প্ৰতম উল্লেখ পোৱা যায়। সংস্কৃত ব্যাকৰণ শব্দটো গঠিত হৈছে বি-আ-কৃ-অনট। ইয়াৰ অৰ্থ বিশেষ আৰু বিস্তৃত ভাৱে আলোচনা কৰা।    
 
২। পাশ্চত্য়ৰ ভাষাৰ চিন্তা-চৰ্চা আৰু অধ্য়য়ন সম্পৰ্কে লিখা।........
উত্তৰঃ খ্ৰীঃ পূৰ্ব তৃতীয় চতুৰ্থ শতিকাৰ পৰা বৰ্তমান পাশ্চাত্যলৈ ভাষাৰ চিন্তা-চৰ্চা আৰু অধ্যয়নৰ ইতিহাসত বিভিন্ন পণ্ডিত, দাৰ্শনিকসকলে এনেধৰণৰ ভাগ কৰিছে।
ক)ব্যাকৰণৰ ধাৰা
খ) ভাষাতত্ত্বৰ ধাৰা
গ) ভাষাবিজ্ঞানৰ ধাৰা
সময়ৰ দিশ আৰু প্ৰকৃতিৰ দিশৰ ফালৰ পৰা ভাষাৰ চিন্তা-চৰ্চাৰ ইতিহাসৰ ধাৰাক এনেদৰে বিভাজন কৰিব পাৰি-
ক) প্ৰাচীন যুগ-
খ) মধ্য যুগ
গ) নৱজাগৰণৰ যুগ
ঘ) আধুনিক যুগ

ক) প্ৰাচীন যুগঃ পৃথিৱীৰ ভাষা চিন্তা-চৰ্চাৰ প্ৰাচীনতম ধাৰাটোক ব্যাকৰণ নামেৰে অভিহিত কৰা হৈছে। এই যুগটোৰ সময়সীমা খ্ৰীঃপূৰ্ব ষষ্ঠ শতিকাৰ পৰা খ্ৰীষ্টীয় ষষ্ঠ শতিকালৈ। ভাষাৰ এনে চিন্তা-চৰ্চা 
পাশ্চাত্য জগতৰ ভাষাৰ চিন্তা-চৰ্চা অধ্যয়নৰ সূচনা প্ৰথমতে গ্ৰীচত আৰম্ভ হৈছিল। ভাষা চৰ্চাৰ সুকীয়া কোনো শাখা নাছিল কাৰণে ধৰ্ম আৰু দৰ্শন  ভিতৰুৱা একোটা ৰূপ হিচাপে আলোচিত হৈছিল। ইউৰোপীয় গ্ৰীক দাৰ্শনিক প্লেটোৰ হাততেই প্ৰথম ভাষা চিন্তা-চৰ্চা উন্মেষ হয়। প্লেটোৱে ক্ৰেটিলাছ গ্ৰন্থৰ জৰিয়তে দাৰ্শনিক চিন্তা লগতে ভাষাৰ চিন্তা-চৰ্চা আলোচনা কৰিছিল। তেওঁৰ দৃষ্টিত ভাষাত ব্যৱহাৰ কৰা শব্দবোৰ ধ্বনি অনুকৰণত সজোৱা হৈছে।এই শব্দবিলাকত প্ৰত্যেকৰে একোটা অৰ্থ আছে যদিও সমস্ত বাক্য অৰ্থৰ লগত সংগতি থকা কাৰণেহে ধ্বনিয়ে অৰ্থ ব্যঞ্জিত কৰে। তেৱেঁই প্ৰথমে ভাষাৰ ব্যাকৰণগত বিশ্লেষণ দাঙি ধৰিছে।
প্লেটোৰ পাছত এৰিষ্টটলে ও ভাষাৰ চিন্তা-চৰ্চাক অধিক গতিশীল কৰি তোলে।এৰিষ্টটলে  'poetics' গ্ৰন্থত দাৰ্শনিক চিন্তাৰ লগতে ভাষাৰ চিন্তা-চৰ্চাৰ কথাও গভীৰভাৱে আলোচনা কৰিছিল। 
খ্ৰীঃ পূৰ্ব দ্বিতীয় শতিকাত গ্ৰীচত ভাষাৰ চিন্তা-চৰ্চাৰ ক্ষেত্ৰত  দুটা শাখা সাদৃশ্যবাদী আৰু বিসংগতিবাদীত বিভক্ত হৈ আলোচনা আগবঢ়াইছে। সাদৃশ্যবাদী চিন্তা বিদসকলে ভাষাক নিয়মীয়া আৰু পৰম্পৰাগত আৰু বিসংগতিবাদী সকলে ভাষাক অনিয়মীয়া আৰু স্বাভাৱিক বুলি ভাৱে।  
 
৩। নৱজাগৰণৰ যুগত ভাষাৰ চিন্তা-চৰ্চা কি দৰে হৈছিল বৰ্ণনা কৰা।
উত্তৰঃ খ্ৰীষ্টীয় পঞ্চদশ -ষোড়শ শতিকাৰ পৰা ইউৰোপত ভাষাৰ চিন্তা জগতখনৰ নৱজাগৰণ বা ৰেনেছাঁই প্ৰভাৱ পেলায় যদি ভাষা চিন্তাত বিশেষ নতুন ধাৰাৰ  সৃষ্টি হোৱা নাছিল। মিছনেৰী আৰু ভ্ৰমণকাৰী সকলে নতুন নতুন ভাষাৰ লগত চিনাকী হৈ ব্যাকৰণ, অভিধান, প্ৰণয়ন কৰে। আৰু তেওঁলোকে গ্ৰীক, লেটিন, হিব্ৰু, আৰৱী ভাষাৰ ব্যাকৰণ ৰচনাৰ কাম আৰম্ভ কৰিলে। খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ ইউৰোপৰ ভাষাবোৰৰ ভিতৰত ইটালী আৰু স্পেনীয় ভাষাৰ প্ৰথম ব্যাকৰণ ৰচনা হয়।
অষ্টাদশ শতিকাত সমগ্ৰ ইউৰোপ মহাদেশত ব্যাকৰণ আৰু অভিধান  ৰচনাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হয়। এই শতিকাৰ  শেষৰ ফালে ভাষা অধ্যয়নৰ ক্ষেত্ৰত এক জাগৰণৰ আৰম্ভ হয়। ভাৰতত ইউৰোপীয় সংস্কৃত ভাষা অধ্যয়নৰ প্ৰতি আগ্ৰহী আৰু পাণিনিৰ সংস্কৃত ব্যাকৰণ অধ্যয়ন কৰি ইউৰোপীয় পণ্ডিতসকলে সংস্কৃত ভাষাৰ লগত ইউৰোপীয় ভাষা গ্ৰীক, লেটিন, জাৰ্মান আদিৰ তুলনামূলক অধ্য়য়ন আৰম্ভ কৰিলে। ছাৰ উইলিয়াম জোনছে ১৭৮৭ চনত ৰয়েল এছিয়াটিক ছচাইটি ৰ কলিকতাত অনুষ্ঠিত তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষাবিষয়ক এক গুৰুত্বপূৰ্ণ বক্তৃতা প্ৰদান কৰে। যিয়ে সমসাময়িক ইউৰোপীয় ভাষাতাত্ত্বিক সকলৰ মনত নতুন চিন্তা উদ্দীপনাৰ সৃষ্টি কৰিছিল। সেই সময়ৰ পৰাই ভাষাতত্ত্বৰ ধাৰাৰ শুভ আৰম্ভণি ঘটে বুলি কব পাৰি।জোনছৰ ভাষা বিষয়ক আলোচনাৰ সময়ৰ পৰাই ভাষাৰ ঐতিহাসিক আৰু  তুলনামূলক অধ্যয়নৰ প্ৰতি আন ভাষাবিদসকলে  অতি আগ্ৰহী হৈ উঠে। হেনৰি ছুইট আৰু জোনছে ভাষাৰ গঠনাত্মক দিশৰ ওপৰতো গুৰুত্ব দিয়াৰ লগতে ধ্বনিতত্ত্বৰ অধ্যয়নৰ ওপৰত আলোচনা কৰে। ফলস্বৰূপে ঐতিহাসিক ভাষাতত্ত্ব আৰু তুলনামুলক ভাষাতত্ত্বৰ দিশটো আলোচিত হৈছিল। 
 
৪। আধুনিক ভাষাবিজ্ঞানৰ যুগৰ বিষয়ে লিখা।
উত্তৰঃ আধুনিক ভাষাবিজ্ঞানৰ যুগঃ ঊনবিংশ শতিকাৰ মাজ ভাগৰ পৰাহে ভাষা বিজ্ঞানীসকলে ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে। এই সময়ছোৱাত সমগ্ৰ ইউৰোপ মহাদেশত ভাষাৰ এক নতুন চিন্তা চৰ্চা জোৱাৰ উঠে, বিশেষকৈ বাস্তৱ ধ্যান-ধাৰণা, চিন্তা-চৰ্চা প্ৰতি আগ্ৰহী হবলৈ ধৰিলে। সেইকাৰণে আধুনিক ভাষাবিজ্ঞানৰ এই ধাৰাটোক প্ৰকৃততে যথাৰ্থ বা বিশুদ্ধ ভাষাবিজ্ঞানৰ ধাৰা বুলি কোৱা হয়। আগষ্ট কম্পট্ নামৰ এগৰাকী বৈয়াকৰণিকৰ হাতত। 
১৯০০ চনত জাৰ্মান দেশত নব্য বৈয়াকৰণ গোষ্ঠী ৰ জন্ম হয়। ভাষাৰ বিকাশ, পৰিৱৰ্তন, ভাষাৰ গঠন আদিৰ আলোচনা হোৱাৰ উপৰি মিছেল ব্ৰেলৰ জৰিয়তে ঐতিহাসিক অৰ্থতত্ত্বৰ অধ্যয়নো আৰম্ভ হল। ফ্ৰান্সৰ ফৰাচী ভাষাতাত্ত্বিক সকলে ঐতিহাসিক দৃষ্টিভংগীৰে ভাষাৰ আলোচনা কৰা ক্ষেত্ৰত পোন প্ৰথমে তুলনামূলক ভাষাতত্ত্ব অভিধাটোৰ সলনি ঐতিহাসিক ভাষা বিজ্ঞান অভিধাটোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। বিংশ শতাব্দীৰ আগৰ ভাষা আলোচনাক ঐতিহাসিক ভাষা বিজ্ঞান আৰু বিংশ শতাব্দীৰ ভাষাৰ নতুন ধাৰাক বৰ্ণনাত্মক ভাষা বিজ্ঞান নামেৰে দুটা ভাগত বিভক্ত হৈ পৰিল। 
ছুইজাৰলেণ্ডৰ জেনেভা চহৰত ১৮৫৭ খ্ৰীঃ ২৬ নৱেম্বৰত জন্মগ্ৰহণকৰা ভাষা বিজ্ঞানী ফাৰ্ডিনাণ্ড দ্য চচ্যুৰ ক আধুনিক ভাষা বিজ্ঞানৰ জন্মদাতা বুলি অভিহিত কৰা হয়।ফাৰ্ডিনাণ্ড দ্য চচ্যুৰে ভাষাত অন্তনিৰ্হিত হৈথকা উপাদানবোৰৰ বাস্তৱসন্মত বিচাৰ বিশ্লেষণত গুৰুত্ব দি ভাষাৰ অধ্যয়নত এক নতুন জোঁৱাৰ আনিলে। চচ্যুৰে ভাষাৰ ধ্বনিগত,ৰূপগত,বাক্যগত আৰু অৰ্থগত বিষয়ৰ ওপৰত গুৰুত্ব দি তাৰ বৈশিষ্ট্যবোৰ পদ্ধতিগত ভাৱে আলোচনা কৰিলে। এইগৰাকী প্ৰতিভাশালী ভাষাবিদ ব্যক্তিয়ে ভাষাৰ মৌলিক চিন্তাৰ জৰিয়তে পশ্চিমীয়া ভাষা চিন্তা-চৰ্চাৰ জগতখনত পূৰ্বৰ ভাষা চিন্তাৰ ধাৰাৰ পৰা আঁতৰি আহি এক নতুন চিন্তা-চৰ্চাৰ ধাৰাৰ সোঁতৰ সৃষ্টি কৰা কাৰণে চচ্যুৰক আধুনিক ভাষা বিজ্ঞানৰ পিতৃ বুলি অভিহিত কৰা হয়।
ফাৰ্ডিনাণ্ডদ্য চচ্যুৰ এগৰাকী ঐতিহাসিক ভাষাতত্ত্বৰ ছাত্ৰ আছিল। তেখেতে ছুইজাৰলেণ্ডৰ জেনেভা বিশ্ব বিদ্যালয়ত সাধাৰণ ভাষাবিজ্ঞানৰ অধ্যাপক ৰূপে কাম কৰিছিল। বিশেষকৈ সাধাৰণ ভাষাবিজ্ঞানৰ ওপৰত এলানি বক্তৃতা  প্ৰদান কৰিছিল। ১৯১৩ চনৰ ২২ ফ্ৰেৱ্ৰুৱাৰী চচ্যুৰ আকস্মিক মৃত্যু হয়। চচ্যুৰ মৃত্যুৰ পাছত অধ্যয়নৰত ছাত্ৰসকলৰ টোকাবহীত  লিপিবদ্ধ কৰি ৰখা বক্তৃতা সমূহ চালৰ্ছ বাল্লি আৰু এলবাৰ্ট চেচেহয়াই  ছাত্ৰ দুজনে সম্পাদনা  কৰি ফৰাচী ভাষাত ১৯১৬ চনত 'Course de Linguistique General' নামেৰে গ্ৰন্থখন প্ৰকাশ কৰে।ৱেদ বাস্কিন এ ইংৰাজী ভাষা লৈ অনুবাদ কৰি 'Course de General Linguistics' নামেৰে পুনৰ প্ৰকাশ কৰে। ইংৰাজী ভাষালৈ গ্ৰন্থখন অনুবাদ হোৱাৰ পৰা  ভাষা আলোচনাই বিজ্ঞানসন্মত দিশত গতি কৰে, সেয়ে সেই সময়ৰ পৰাই  ভাষাৰ আলোচনাক আধুনিক ভাষা বিজ্ঞানৰ যুগ বুলি অভিহিত কৰা হয়।
 

 

 
৫। পাণিনীয় ধাৰাৰ বিষয়ে লিখা।
উত্তৰঃ প্ৰাচীন ভাৰতীয় ভাষাৰ চিন্তা-চৰ্চাৰ ইতিহাস তিনি হাজাৰ বছৰ পূৰ্বতে আৰম্ভ হৈছিল। সেই সময়ৰ পৰাই ধ্বনি তত্ব, ৰূপতত্ব আৰু শব্দতত্ব আলোচনাই বিশেষ ৰূপত আত্মপ্ৰকাশ হৈ উঠা নাছিল।বৈদিক যুগতে ভাষা বিষয়ক চিন্তা-চৰ্চাই এক উন্নত স্তৰ লাভ কৰিছিল। বৈদিক যুগ বুলিলে বেদ-সংহিতা লগতে সংপৃক্ত হৈ ব্ৰাহ্মণ, উপনিষদ, অৰণ্যক আৰু ছয়বেদাংগ,ষড়দৰ্শনক সামৰি সাহিত্যৰ উদ্ভৱৰ প্ৰায় এহাজাৰ বছৰ সামৰি লোৱা এটা যুগ।
ভাৰতীয় ভাষা চিন্তা-চৰ্চাৰ বিকাশৰ  অন্যতম এটা ধাৰা হল পাণিনীয় ধাৰা। এই পাণিনীয় ধাৰাটোক ভাষাবিদ দাৰ্শনিক তথা ব্যাকৰণবিদসকলে তিনিটা ধাৰাত বিভক্ত কৰিছে।
            ক) প্ৰাক পাণিনীয় ধাৰা
            খ) পাণিনীয় ধাৰা
            গ) উত্তৰ পাণিনীয় ধাৰা
প্ৰাচীন ভাৰতীয় ভাষা চিন্তা-চৰ্চাৰ আভাস যাস্কৰ শব্দ বুৎপত্তিমূলক গ্ৰন্থ নিৰুক্ত যোগেদি পাব পাৰি যদিও ব্যাকৰণ  মাজেদিহে ভাৰতীয় ভাষাৰ চিন্তা চৰ্চা চৰম উৎকৰ্ষ লাভ কৰিছিল। ব্যাকৰণ শব্দৰ প্ৰথম উল্লেখ পোৱা যায় অৰ্থৱ বেদৰ ব্ৰাহ্মণ গোপথতহে। ব্যাকৰণৰ চৰ্চা অপৰিহাৰ্য হৈছিল বৈদিক শব্দৰ শুদ্ধ গঠন প্ৰক্ৰিয়াৰ জ্ঞান লাভৰ প্ৰয়োজনত। বেদাংগ কালৰ সোঁতত প্ৰায় নিশ্ছিন্ন হল। কেৱল মাত্ৰ বেদাংগ যুগৰ স্মাৰণ হৈ মহৰ্ষি পাণিনীৰ অষ্টাধ্যায়ী বুলি খ্যাত শব্দানু শাসনম ব্যাকৰণ থাকিল। সেয়ে আধুনিক ভাষা বিজ্ঞানী ব্লুমফিল্ডে ইয়াক মানৱ বুদ্ধিমত্তা  সৰ্বোকৃষ্ট নিদৰ্শন বুলি কৈছে। 
 


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type Hirokjyoti Bora
Author- Geetanjali bora