হিচাপ বিদ্য়াৰ সাধাৰণ পৰিচয় (Introduction to Accounting) | উচ্চতৰ মাধ্য়মিকৰ প্ৰথম বৰ্ষৰ হিচাপ বিদ্য়াৰ সাধাৰণ পৰিচয় পাঠটোৰ প্ৰশ্ন উত্তৰ |

পাঠ ১

হিচাপ বিদ্য়াৰ সাধাৰণ পৰিচয় 
(Introduction to Accounting)



1. Discuss about the evolution of Accountancy.
হিচাপবিদ্য়াৰ ক্ৰমবিকাশৰ বিষয়ে আলোচনা কৰা।
Ans: খ্ৰীষ্টপূৰ্ব প্ৰায় 4500 বছৰৰ আগতেই বেবিলন আৰু এচিৰিয়া সভ্য়তাৰ সময়ৰ পৰাই হিচাপবিদ্য়াৰ প্ৰচলন হৈছে বুলি অনুমান কৰা হয়। ইজিপ্তত কাগজ আৰি কলম উদ্ভাৱন হোৱাৰ পিছৰ পৰাই তথ্য়পাতিসমূহ লিখি ৰখাত সুবিধা হয়। খ্রীঃপূঃ ২০০ বছৰৰ পৰাই ৰােমানীয় চৰকাৰে ভাড়া আৰু সুত আদি নগদপ্রাপ্তি আৰু মজুৰী, আমােদ আদিৰ বাবদ কৰা বচসমূহ লিখি ৰাখিবলৈ লয়। মধ্যযুগত চৰকাৰ আৰু গির্জাব কৰ্মচাৰীসকলে হিচাপবিদ্যাৰ আৰু উন্নতি সাধন কৰে। ত্রয়ােদশ শতিকাত ইটালিত ব্যক্তিগত ব্যৱসায়ৰ হিচাপ ব্যৱস্থা আনতকৈ বেছি উন্নত হয়। ব্যৱসায় প্রতিষ্ঠানলৈ আগবঢ়োৱা ঋণ আৰু অংশীদাৰসকলে কৰা বিনিয়ােগে দ্বি-প্রৱিষ্টি লিখন আৰু বিৱৰণীৰ প্রসাৰ ঘটায়। ইয়াৰ ফলত ঋণদাতা আৰু বিনিয়ােগকাৰীৰ স্বাৰ্থ আৰু গ্রাহক আৰু কৰ্মচাৰীৰ মাজত সম্পর্ক বক্ষা কৰাত মহাজনৰ সুবিধা হয়। বেহাবেপাৰ, বাণিজ্য, শিল্প আদিৰ ক্ৰমান্বয়ে উন্নতি তথা প্ৰসাৰ হােৱাৰ লগে লগেই হিচাপবিদ্যাৰাে প্রসাৰ ঘটি আজিৰ এই আধুনিক অৱস্থা পাইছেহি।


2. Define Book-keeping and describe the various objects of Book-keeping.
হিচাপৰক্ষণ সংজ্ঞা দিয়া আৰু ইয়াৰ উদ্দেশ্য়সমূহ ব্য়াখ্য়া কৰা।
Ans: ব্য়ৱসায়ত ধন বা ধনৰ সমমূল্য়ৰ বিনিময়ত সংঘটিত হোৱা লেনদেনসমূহক বিত্ৰানসন্মত আৰু প্ৰণালীবদ্ধভাৱে লিখি ৰখা কলাকেই হিচাপৰক্ষণ বোলা হয়।
ইয়াৰ উদ্দেশ্য়সমূহ হৈছে 一
- কিমান লাভ বা লোকচান হৈছে তাক জনা।
- বাকীত পৰি থকা টকা আৰু তাৰ আদায়ৰ সময়ৰ বিষয়ে জনা।
- সকলোবোৰ লেনদেনৰ স্থায়ী হিচাপৰক্ষণ।

3. What is Book-keeping? How does it differ from accounting?
হিচাপৰক্ষণ বুলিলে কি বুজা? ই হিচাপবিদ্য়াৰ পৰা কি বিষয়ত পৃথক?
Ans: ব্য়ৱসায়ত ধন বা ধনৰ সমমূল্য়ৰ বিনিময়ত সংঘটিত হোৱা লেনদেনসমূহক বিত্ৰানসন্মত আৰু প্ৰণালীবদ্ধভাৱে লিখি ৰখা কলাকেই হিচাপৰক্ষণ বোলা হয়।
    হিচাপৰক্ষণ হৈছে ব্য়ৱসায়ৰ দৈনন্দিন লেনদেনসমূহ বিত্তীয় বহীসমূহত লিপিবদ্ধ কৰা। আনহাতে হিচাপবিদ্য়া হৈছে হিচাপৰক্ষণৰ সহায়ত প্ৰৱিষ্ট কৰা লেনদেনসমূহৰ শ্ৰেণীবিভাজন আৰু তাৰ ফলাফল ব্য়াখ্য়া কৰা।
    হিচাপৰক্ষণ প্ৰাথমিক অৰ্থাৎ হিচাপৰক্ষণৰ কাম প্ৰথমেই উদ্ভৱ হয়। আনহাতে হিচাপৰক্ষণৰ পিছতহে হিচাপবিদ্য়া আহে।

4. How is a businessman benefitted by maintaining proper books of Accounts?
হিচাপৰ বহীহিলাক যথাবিহিতভাৱে লিখি ৰাখিলে ব্য়ৱসায়ী লোকৰ কি সুবিধা হয়?
Ans:

5. Explain the primary objectives of Book-keeping.
হিচাপৰক্ষণৰ মুখ্য় উদ্দেশ্য়সমূহ ব্য়াখ্য়া কৰা।
Ans: হিচাপৰক্ষণৰ মুখ্য় উদ্দেশ্য়সমূহ হৈছে 一
১। হিচাপৰক্ষণৰ সহায়ত ব্যৱসায়ত সংঘটিত হােৱা সকলােবােৰ লেনদেন স্থায়ী টোকা ৰখা হয়। মানুহৰ স্মৃতি শক্তি ক্ষন্তেকীয়া হােৱা বাবে সকলােবােৰ লেনদেনৰ বিৱৰণ মনত ৰাখিব পৰা নাযায়। সকলােবােৰ লেনদেন স্থায়ীভাবে লিখি ৰাখিলে ব্যৱসায়ীজনে যি কোনাে সময়তে হিচাপৰ বহী চাই লেনদেনৰ বিষয়ে সঠিক ভাবে জানিব পাৰে।

২। ব্যৱসায় কৰাৰ প্রধান লক্ষ্য হৈছে লাভ অর্জন কৰা। সেয়ে কোনাে এটা নির্দিষ্ট সময়ত ব্যৱসায়ত কিমান লাভ বা লােকচান হৈছে তাক হিচাপৰক্ষণৰ দ্বাৰা জানিব পাৰি।

৩। হিচাপৰক্ষণে ব্যৱসায়ৰ কিছুমান নীতি নির্ধাৰণ কৰাত সহায় কৰে। ব্যৱসায়ত লাভ হলে সেই লাভ ভৱিষ্যতে কেনেকৈ বৃদ্ধি কৰিব পৰা যায় বা লােকচান ভৰিলে সেই লােকচান কেনেকৈ কম কৰিব পাৰি বা লােকচান গুচাই কেনেকৈ লাভৰ ফালে ব্যৱসায়টো আগবঢ়াই আনিব পাৰি, —এনে ধৰণৰ নীতি নির্ধাৰণত হিচাপৰক্ষণে সহায় কৰে।

৪। আজিকালি সাধাৰণতে সৰহখিনি ব্যৱসায়িক লেনদেন বাকীত সংঘটিত হয়। আনক বাকীত বস্তু বেচিলে আনৰ হাতত ব্যৱসায়ীৰ টকা সােমাই থাকে। সময়ে সময়ে ধৰুৱাসকলক টকা আদায়ৰ বাবে তাগিদা দি থাকিব লাগে। অন্যথা টকা অনুদ্ধাৰণীয় হােৱাৰ আশঙ্কা থাকে। তদুপৰি বাকীত পৰি থকা টকাৰ পৰিমাণ আৰু সেই টকা আদায়ৰ সময় আদিৰ বিষয়েও হিচাপৰক্ষণৰ পৰা জানিব পাৰি।

৫। বাকীত কিনা বস্তুৰ বাবে ব্যৱসায়ীজনে আনক টকা দিবলগীয়া হৈ থাকে। এই বাকী থকা টকাৰ 7 পৰিমাণ জানিবৰ বাবে হিচাপৰক্ষণৰ সহায় ল'ব লগা হয়। দিবলগীয়া টকাৰ মাত্রা বাঢ়ি গ'লে ব্যৱসায়ীৰ নিজৰে পৰিশােধৰ সময়ত অসুবিধা হয়। সেয়ে দিবলগীয়া টকা আৰু পাওনাদাৰৰ নাম জানি লৈ পৰিশােধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাত হিচাপৰক্ষণে সহায় কৰে।

৬। ব্যৱসায়ৰ কোনাে এটা নির্দিষ্ট দিনত আর্থিক অৱস্থাৰ বিষয়ে অবগত হ'বৰ বাবেও হিচাপৰক্ষণে সহায় কৰে। উক্ত দিনত ব্যৱসায়ৰ দেনা, সম্পত্তি আদিৰ পৰিমাণৰ বিষয়ে এই হিচাপৰক্ষণৰ দ্বাৰাই জানিব পাৰি।

৭। হিচাপৰক্ষণৰ সহায়ত অতি সােনকালে লেনদেনৰ বিষয়ে অধিক আৰু সমুদায় বাতৰি পাব পাৰি।

6. Describe clearly the steps involved in Book-keeping.
হিচাপৰক্ষণত জড়িত পদক্ষেপ সমূহ নিয়াৰিকৈ বৰ্ণনা কৰা।
Ans: হিচাপৰক্ষণত জড়িত পদক্ষেপ সমূহ হৈছে 一
১। হিচাপত অন্তর্ভুক্ত কৰিবলগীয়া লেনদেনৰ চিনাক্তকৰণঃ বিত্তীয় প্রকৃতিৰ প্রমাণ থকা সকলােবােৰ ব্যৱসায়িক লেনদেনেই হৈছে হিচাপ সম্বন্ধীয় লেনদেন। মৰম-স্নেহ, সম্মান, ক্রোধ আদি অনার্থিক কামকাজ হিচাৰক্ষণৰ অন্তৰ্গত নহয়। কোনাে এটা আদান-প্রদান ব্যৱসায়ৰ লেনদেন হ’ব নে নহব তাক ঠিৰাং কৰাটো অতি দৰকাৰী বিষয়; কিয়নাে ইয়াৰ কাৰণেই ব্যৱসায়ৰ আর্থিক দিশৰ সালসলনি ঘটে। সাধাৰণতে মানি চলা হিচাপবিদ্যা(GAAP)ৰ ওপৰত ভিত্তি কৰিহে কোনাে এটা আদান প্রদানক ব্যৱসায়ৰ লেনদেন হিচাপে গণ্য কৰা হয়। হিচাপত অন্তর্ভুক্ত কৰিবলগীয়া লেনদেনৰ চিনাক্তকৰণ হৈছে হিচাপৰক্ষণৰ প্রাথমিক পদক্ষেপ।

২। হিচাপসম্বন্ধীয় লেনদেনৰ প্রাথমিক লিপিবদ্ধকৰণঃ হিচাপসম্বন্ধীয় লেনদেনৰ চিনাক্তকৰণৰ পিছতেই এই লেনদেনসমূহ হিচাপবহীৰ প্রাথমিক বহী জাবেদা বা সহায়কারী জাবেদা যেনে, ক্রয় বহী, বিক্রয় বহী, নগদ বহী, প্রকৃত জাবেদা আদিত লিপিবদ্ধ কৰা হয়।

৩। খতিয়ন হিচাপৰ প্রস্তুতিকৰণঃ ব্যৱসায়ৰ কাম-কাজৰ ব্যস্ততাৰ মাজত প্রকৃত বা মূল হিচাপবহীত লেনদেনবােৰ পৰিপাটিকৈ লিখাটো সাধাৰণতে সম্ভৱ নহয় কাৰণেই মনত ৰাখিবৰ বাবে থূলমূলকৈ প্ৰাথমিকভাৱে জাবেদাতে সেইবোৰ লিপিবদ্ধ কৰা হয়।

৪। হিচাপৰ উদ্বৃত্ত নির্ধাৰণঃ খতিয়নত থকা বিভিন্ন শিতানৰ হিচাপসমূহ সপ্তাহ বা পযেক বা মাহেকৰ অন্তত উদ্বৃত্ত নির্ধাৰণ কৰা হয় আৰু যিবােৰ হিচাপত উদ্বৃত্ত থাকে, সেইবােৰ হিচাপৰ উদ্বৃত্ত পিছৰ সপ্তাহ, পষেক বা মাহেকৰ প্রথম তাৰিখলৈ লৈ যােৱা হয়। একোটা হ্রস্ব পৰ্যায়ৰ বা সময়ৰ পিছে পিছে খতিয়নত থকা বিভিন্ন হিচাপবােৰৰ উদ্বৃত্ত নির্ধাৰণ কৰাটো হিচাপৰকৰ এবিধ প্রধান কৰ্ত্তব্য।

৫। উদ্বৃত্ত মিলনপত্ৰৰ প্ৰস্তুতকৰণঃ হিচাপৰক্ষকৰ অন্তিম কর্তব্য উদ্বৃত্ত মিলনপত্র প্রস্তুত কৰাতে সীমাবদ্ধ থাকে। ব্যৱসায়ীয়ে তেওঁলােকৰ ব্যৱসায়ৰ ফলাফল জানিবৰ বাবে এটা ব্যবসায়িক বছৰ ঠিৰাং কৰি লয় আৰু এই সময়ৰ অন্তত ব্যৱসায়ৰ এটা পূর্ণ চিত্র জানিবৰ বাবে প্রয়াস কৰে। সেইবাবে হিচাপৰক্ষকে খতিয়নৰ সকলােবােৰ হিচাপৰ উদ্বৃত্তসমূহ ব্যৱসায়িক বৰ্ষৰ অন্তিম তাৰিখে এখন কাগজত ডেবিট আৰু ক্রেডিট নামৰ দুটা ভাগত লিখি দুয়ােটা ভাগ পৃথককৈ যােগ কৰে । 

7. What do you mean by Accounting? State its scope.
হিচাপবিদ্য়া বুলিলে কি বুজা? ইয়াৰ পৰিসৰ উল্লেখ কৰা।
Ans: ব্য়ৱসায়ৰ লেমদেনসমূহ বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে হিচাপবহীত লিপিবদ্ধ কৰি তাৰ পৰা ব্য়ৱসায়ৰ ফলাফল নিৰ্ধাৰণ কৰা বিদ্য়াকেই হিচাপবিদ্য়া বোলা হয়।
    হিচাপবিদ্যাৰ পৰিসৰঃ হিচাপবিদ্যা আধুনিক জীৱনৰ প্রতি দিশতেই এটা বৰ প্রয়ােজনীয় বিষয় হৈ পৰিছে। ই কেৱল ব্যৱসায় জগতৰ একচেটিয়া বিষয় বুলিলে ভুল হ'ব। টকা বা টকাৰ সমমূল্যৰ আদান প্রদান কৰোঁতে হােৱা লেনদেন লিখি ৰখাই হৈছে হিচাপবিদ্যা। এনে আদান প্রদান কেৱল ব্যৱসায়ৰ ক্ষেত্ৰতহে হয়, এনে নহয়; আমাৰ ব্যক্তিগত জীৱনতাে এনে বহুত লেনদেন সংঘটিত হয়। সেয়ে ব্যক্তিগত জীৱনতাে হিচাপবিদ্যাৰ প্রয়োগ হয়। সেইদৰে চৰকাৰে জনসাধাৰণৰ কল্যাণৰ অৰ্থে কৰা খৰচ আৰু জনসাধাৰণৰ পৰা আদায় কৰা ধন তাদিৰো হিচাপ বখাটো তাপৰিহার্য। বিত্তীয় লেনদেন সংখ্যাৰ ওপৰত হিচাপবিদ্যাৰ কার্যক্ষেত্ৰ নিৰ্ভৰ কৰে। ব্যৱসায় জগতত লেনদেনৰ সংখ্যা সৰহ হােৱা বাবে ইয়াত হিচাপবিদ্যাৰ কার্যক্ষেত্র বহল হয়। ব্যণ্ডি গত জীৱনতাে বহুতো বিত্তীয় লেনদেন সংঘটিত হয় যদিও সৰহভাগ লেনদেনই লিপিবদ্ধ কৰা নহয় বাবে ব্যক্তিগত খণ্ডত হিচাপবিদ্যাৰ কার্যক্ষেত্র সীমিত। চৰকাৰী খণ্ডত বিত্তীয় লেনদেন সংখ্যা সৰহ হােৱা বাবেও ইয়াত হিচাপবিদ্যাৰ কার্যক্ষেত্র বহল হয়। গতিকে দেখা যায় যে , হিচাপবিদ্যাৰ পৰিসৰ বহল। ঘৰুৱা জীৱনৰ পৰা আৰম্ভ কৰি চৰকাৰলৈকে হিচাপবিদ্যাৰ ব্যৱহাৰ বিস্তৃতভাৱে কৰা হয়। বিভিন্ন দেশৰ মাজত হােৱা ব্যৱসায়িক লেনদেনসমূহৰ সংৰক্ষণ হিচাপবিদ্যাৰ অন্তর্গত। সকলাে সভ্য সমাজত হিচাপবিদ্যাৰ প্ৰচলন বিদ্যমান।


8. Define Accountancy. Discuss its objectives.
হিচাপবিদ্য়াৰ সংজ্ঞা দিয়া। ইয়াৰ উদ্দেশ্য়সমূহ আলোচনা কৰা।
Ans: যি বিজ্ঞান বা কলাৰ দ্বাৰা পৰিচালনা আৰু বহিঃপ্ৰতিনিধিসকলৰ সুবিধাৰ্থে উপযুক্ত শিৰোনামাত বিত্তীয় লেনদেনসমূহৰ উপস্থাপন কৰা হয় তাকেই হিচাপবিদ্য়া বোলা হয়।
ইয়াৰ উদ্দেশ্য়সমূহ হৈছে 一
- ইয়াৰ মুখ্য় উদ্দেশ্য় হৈছে ব্য়ৱসায়ৰ বিত্তীয় লেনদেনসমূহ চিনাক্তকৰণপূৰ্বক ইহঁতক উপযুক্ত হিচাপবহীত লিপিবদ্ধ কৰা।
- ব্য়ৱসায়ৰ লাভ বা লোকচানৰ পৰিমাণ গণণা কৰাটো হিচাপবিদ্য়াৰ আন এটা উদ্দেশ্য়।
- ব্য়ৱসায়ৰ বিত্তীয় বছৰৰ অন্তত ব্য়ৱসায়ৰ আৰ্থিক অৱস্থা জানিবৰ বাবে অৱস্থাৰ বিবৃতি বা উদ্বৃত্তপত্ৰ প্ৰস্তুত কৰা হয়।
- উৎপাদন, উৎপাদনৰ ব্য়য়, বিক্ৰী, লাভ, লোকচান, বিভিন্ন সম্পত্তিৰ বহীমূল্য় আদিৰ জৰিয়তে হিচাপবিদ্য়াই ব্য়ৱসায়ৰ প্ৰকৃত কাৰ্য্য় সম্পাদন প্ৰতিফলন কৰে।

9. What is Accounting? What are the objectives of Accounting? What are the different stages in the process of Accounting?
হিচাপবিদ্য়া কাক বোলে? হিচাপবিদ্য়াৰ উদ্দেশ্য় কি? হিচাপবিদ্য়াৰ প্ৰক্ৰিয়াৰ বিভিন্ন পৰ্য্য়ায়বোৰ কি কি?
Ans:

10. Is Accounting an Art or a Science? Give reasons for your answer.
হিচাপবিদ্য়া কলা নে বিজ্ঞান? যুক্তি দৰ্শাই উত্তৰ দিয়া।
Ans: হিচাপবিদ্যাক বিজ্ঞান আৰু কলা দুয়ােটা আখ্যাকে দিব পাৰি। হিচাপবিদ্যা বিজ্ঞান বুলি কোৱা হয় এই কাৰণেই যে ই এক প্রকাৰ প্রণালীবদ্ধ জ্ঞান। হিচাপ লিখোতে কিছুমান মূলনীতি অনুসৰণ কৰা হয়। এই মূলনীতিৰ অবিহনে হিচাপ লিখা সম্ভব নহয়। এই নীতি সমূহে হিচাপৰ কাৰ্যকৰী প্রতিবেদন দিয়াৰ পথ প্রশস্ত কৰে। ব্যৱসায়িক লেনদেনসমূহ কি দৰে লিখিব লাগে তাৰ নিয়ম হিচাপবিদ্যাৰ জৰিয়তে আমি জানিব পাৰোঁ। আনহাতে, কলা হৈছে বিজ্ঞানে প্রতিপাদন কৰি দিয়া সিদ্ধান্ত বা নিয়মসমূহ কার্যত পৰিণত কৰা বা তাৰ আভাস দিয়া। এই দিশৰ পৰা হিচাপবিদ্যাক কলা আখ্যা দিয়া হয়। কাৰণ হিচাপবিদ্যাই ব্যবসায়িক লেনদেনসমূহ ফলপ্রসূভাৱে লিখি ৰাখিবলৈ শিকায় বা অভ্যাস কৰায়। বিত্তীয় তথ্যসমূহ বিশ্লেষণ আৰু ব্যাখ্যা কৰিবলৈ যিবােৰ বিশেষ জ্ঞান, অভিজ্ঞতা আৰু যুক্তিসঙ্গত ধাৰণা গ্রহণ করা হয়, সেইবােৰেও হিচাপবিদ্যাক কলা হিচাপে প্রতিপন্ন কৰিছে।

11."Accountancy is not an end in itself." Comment.
"হিচাপকৰণতেই ইয়াৰ ওৰ নপৰে।" মন্তব্য় দিয়া।
Ans:

12. "Accounting is the language of business." Explain.
"হিচাপবিদ্য়া হৈছে ব্য়াৱসায়ৰ ভাষাস্বৰূপ।" ব্য়াখ্য়া কৰা।
Ans:

13. Discuss the functions of Accounting.
হিচাপবিদ্য়াৰ কাৰ্যৱলীসমূহ আলোচনা কৰা।
Ans:

14. Jot down the points of difference between Book-keeping and Accountancy.
হিচাপৰক্ষণ আৰু হিচাপবিদ্য়াৰ মাজত থকা পাৰ্থক্য়সমূহ দেখুওঁৱা।
Ans: হিচাপৰক্ষণ আৰু হিচাপবিদ্য়াৰ মাজত পাৰ্থক্য় হৈছে 一
১। হিচাপৰক্ষণ হৈছে ব্যৱসায়ৰ দৈনন্দিন লেনদেনসমূহ বিত্তীয় বহীসমূহত লিপিবদ্ধ কৰা কলা। আনহাতে হিচাপবিদ্যা হৈছে হিচাপৰণৰ সহায়ত প্ৰৱিষ্ট কৰা লেনদেনসমূহব শ্রেণীবিভাগ আৰু তাৰ ফলাফল ব্যাখ্যা কৰা কলা।

২। ব্যৱসায়ৰ লেনদেনসমূহ জাবেদাভুক্তিকৰণ, খতিয়নভুক্তিকৰণ, যােগ কৰা, উদ্ধৃত্ত নির্ধাৰণ বা সন্তুলন কৰাই হৈছে হিচাপৰক্ষণৰ কার্যক্ষেত্র। কিন্তু হিচাপবিদ্যাৰ কার্যক্ষেত্র হৈছে হিচাপবক্ষণৰ দ্বাৰা সমাধান কৰা লেনদেনসমূহৰ চূড়ান্ত ফলাফল নির্ধাৰণ কৰা আৰু এই ফলাফল প্রকৃত ব্যাখ্যা দাঙি ধৰা।

৩। হিচাপৰক্ষণ প্রাথমিক অর্থাৎ হিচাপৰক্ষণৰ কাম প্রথমেই উদ্ভব হয়, হিচাপৰক্ষণৰ কামৰ পিছতহে হিচাপবিদ্যাৰ কাম আৰম্ভ হয়। অর্থাৎ যতেই হিচাপৰক্ষণৰ কাম শেষ হয় তাতেই হিচাপবিদ্যাৰ কাম আৰম্ভ হয়।

৪। হিচাপৰক্ষণৰ কাম কৰা ব্যক্তিজনক হিচাপলেখক বোলা হয় কিন্তু হিচাপবিদ্যাৰ কাম কৰা ব্যক্তিক গাণনিক বা হিচাপৰক্ষক বােলা হয়। 

৫। হিচাপৰক্ষণ হিচাপবিদ্যাৰ এটা অংশহে।

৬। হিচাপৰ নীতিৰ প্রাথমিক জ্ঞান থকা যি কোনাে ব্যক্তিয়েই হিচাপৰক্ষণৰ কাম কৰিব পাৰে। কিয়নাে এই গােটেই কামখিনি কেৰাণী তথা যান্ত্রিক কার্যৰ দৰে। আজিকালি যান্ত্রিক যুগত এই কাম যন্ত্র দ্বাৰাও সমাধান কৰা হয়। কিন্তু হিচাপবিদ্যাৰ বাবে হিচাপৰক্ষকৰ হিচাপবিদ্যা সম্পর্কে যথেষ্ট অৰ্হতা আৰু জ্ঞান থকা প্রয়ােজন। চূড়ান্ত হিচাপ প্রস্তুত কৰি তাক ব্যাখ্যা কৰ।, ব্যৱসায়ৰ বাজেট প্রস্তুত কৰা, বাজেট আৰু প্রকৃত মানব পার্থক্য নির্ধাৰণ কৰা আদি জটিল কামবােৰ গাণনিকে কৰিব লাগে।

৭। হিচাপবিদ্যা বিস্তৃত অর্থত ব্যৱহাৰ কৰা হয়, কিন্তু হিচাপৰক্ষণ হিচাপবিদ্যাৰ এটা আৱশ্যকীয় অংশহে।

৮। হিচাপৰক্ষণত ব্যৱসায়ৰ লেনদেনসমূহ অর্থবােধক আৰু পৰিপাটিকৈ হিচাপৰ বহীত লিপিবদ্ধ কৰা হয়। কিন্তু হিচাপবিদ্যাই লেনদেনসমূহৰ পৰা ব্যৱসায়ৰ ফলাফল নির্ণয় আৰু যাবতীয় তথ্যপাতিৰহে যােগান ধৰে।

৯। হিচাপৰক্ষণৰ কামকাজ তেনেই প্রাথমিক। হিচাপবিদ্যাই হিচাপৰক্ষণৰ জৰিয়তে পোৱা প্রাথমিক তথ্যসমূহক বিশ্লেষণ কৰি প্রাথমিক তথ্যসমূহ গৌণ তথ্যলৈ ৰূপান্তৰ কৰে।

15. Explain the sdvantages and disadvantages of Accounting.
হিচাপবিদ্য়াৰ সুবিধা আৰু অসুবিধাসমূহ ব্য়াখ্য়া কৰা।
Ans: 
হিচাপবিদ্যাৰ সুবিধাসমূহঃ
১। হিচাপবিদ্যাই ব্যৱসায় পৰিচালনাৰ বাবে প্রয়ােজন হােৱা তথ্যপাতিসমূহ যােগান ধৰি সুস্থ পৰিচালনাত সহায় কৰে। ভৱিষ্যতৰ কোনাে বিষয়ৰ ওপৰত পৰিকল্পনা কৰিবলৈ হিচাপবিদ্যাই যােগান ধৰা বিগত বছৰৰ তথ্যপাতিৰ ওপৰত ভিত্তি কৰি ভৱিষ্যৎ পৰিকল্পনা কৰাত সুবিধা দিয়ে।

২। কোনাে গুৰুত্বপূর্ণ ব্যৱসায়িক সিদ্ধান্ত লােৱাৰ ক্ষেত্ৰতাে হিচাপবিদ্যাই সহায় কৰে। উৎপাদিত বস্তুব বিক্রী দাম কমাই দিব নেকি বা উৎপাদন খৰচ যথাযােগ্য হৈছে নে নাই বা বজাৰৰ পৰা কিনিব নে নিজৰ কাৰখানাত বস্তু উৎপাদন কৰিব আদিৰ বিষয়ে হিচাপবিদ্যাই প্রয়ােজনীয় তথ্যপাতিৰ যােগান ধৰি সুস্থ তথা সঠিক সিদ্ধান্ত লােৱাত সহায় কৰে।

৩। ব্যৱসায় নিয়ন্ত্রণতে হিচাপবিদ্যাই যথেষ্ট অৰিহণা যােগায়। ব্যৱসায়ৰ খরচসমূহ কৰিছে বাজেট অনুসৰি হৈছে নে নাই বা কোনটো বিভাগে বেছি খৰচ, আদি এনে ধৰণৰ তথ্য  হিচাপবিদ্যাই যােগান ধৰে। ফলত খৰচ নিয়ন্ত্রণ কৰিবলৈ সুবিধা হয়।

8। হিচাপবিদ্যাই মানুহৰ স্মৃতিশক্তিৰ বিকল্প হিচাপে কাম কৰে। মানুহৰ স্মৃতিশক্তি চিৰস্থায়ী নহয়। ব্যৱসায়ৰ লেনদেনসমূহ লিখি নাৰাখিলে পিছত পাহৰি গ'লে ব্যৱসায়ৰ বিসংগতি হােৱাটো স্বাভাৱিক।

৫। প্রণালীবদ্ধভাৱে লিখি ৰখা হিচাপে আগৰ বছৰৰ লগত বর্তমান বছৰৰ ফলাফলৰ তুলনামূলক অধ্যয়ন কৰি তেনে ফলাফলৰ কাৰণসমূহ বিশ্লেষণ কৰি ভৱিষ্যৎ নীতি বিষয়ক সিদ্ধান্ত লােৱাত সহায়।

৬। সঠিকভাবে লিখি ৰখা হিচাপৰ সহায়ত ব্যৱসায়ৰ কৰ সংক্রান্ত যেনে — আয়কৰ, বিক্ৰীকৰ আদি বিষয়বােৰ নিষ্পত্তি কৰোঁতে যথেষ্ট সহায় হয়।

৭। প্রণালীবদ্ধ ভাবে লিখি ৰখা হিচাপক আদালতে সাক্ষ্য হিচাপে গণ্য কৰে।

৮। ব্যৱসায় বিক্ৰী কৰা ক্ষেত্ৰতো হিচাপবিদ্যাই ব্যৱসায়ৰ প্রকৃত বিক্ৰীমূল্য নির্ধাৰণত সহায় কৰে।

৯। কোনাে ব্যক্তিক দেউলীয়া বুলি ঘােষণা কৰ ক্ষেত্ৰত আদালতত ব্যক্তিজনে অতীতৰ বিষয়ে বহু কথাৰ ব্যাখ্যা দাঙি ধৰিব লাগে। এই বিষয়তাে হিচাপবিদ্যাই সহায় কৰে।

হিচাপবিদ্যাৰ দোষসমূহঃ 
১। হিচাপবিদ্যাৰ নীতিসমূহ সম্পূর্ণ আৰু বাধ্যতামূলক নহয়। এই নীতিসমূহ বিকল্প ব্যৱহাৰ আৰু ব্যক্তিগত বিচাৰৰ বাবে সাধাৰণতে গ্ৰহণ কৰিব পৰা নীতি। ইয়াৰ ফলতেই হিচাপবিদ্যাৰ তলত দিয়া দোষসমূহ পৰিলক্ষিত হয়। হিচাপবিদ্যাই কেবল অর্থ সম্পর্কীয় প্রতিবেদনসমূহহে প্রকাশ কৰে। ই অনার্থিক বা গুণ সম্পর্কীয় দিশবােৰ সম্পূৰ্ণৰূপে বাদ দিয়ে। পৰিচালনাৰ সুনাম, শ্রমিক ধর্মঘট, কৰ্মচাৰীৰ নৈতিক গুণ, সামাজিক আৰু পাৰিপাৰ্শ্বিক বিষয় আদি গুণসমূহ যিবােৰে এটা ব্যৱসায়ৰ সম্পূর্ণ অৱস্থা বুজাত সহায় কৰে সেইবােৰ হিচাপবিদ্যাই প্রতিবেদনত দেখুৱাব নােৱাৰে।

২। হিচাপবিদ্যাত গ্ৰহণ কৰা বিকল্প ব্যৱস্থাসমূহৰ কার্যক্ষেত্র যথেষ্ট বিস্তৃত হােৱা বাবে দুটা বিষয়ৰ তুলনাই ভুল ধাৰণা দিয়ে। উদাহৰণ স্বৰূপে, মজুত সামগ্ৰীৰ মূল্য নিৰূপণ কৰোঁতে পৰিবহণ ব্যয়, গুদাম ব্যয়, নগদ বাট্টা আদি বিষয় হিচাপত ল’ব বা নল'বও পাবে। আকৌ, সামগ্ৰীৰ মূল্য ‘আগতে অহা সামগ্রী আগতে' বা “পিছত অহা সামগ্রী আগতে’ আদি পদ্ধতিয়েও পার্থক্য সৃষ্টি কৰে। সেইদৰে সামগ্ৰীৰ ক্রয়মূল্য আৰু বজাৰ দৰ যিটোৱেই কম হয় তাতেই মূল্যায়ন কৰিব পাৰে। এনেবােৰ কাৰণতেই হিচাপবিদ্যাই বেলেগ ফলাফল দেখুৱায়।

৩। বিত্তীয় প্রতিবেদনসমূহে টকাৰ ক্রয় ক্ষমতাৰ কোনাে বিবেচনা নকৰাকৈ বৰ্তমানৰ টকাৰ লগত বিগত বছৰৰ টকাৰ মিহলি কৰে। উদাহৰণ স্বৰূপে, বর্তমান কিনা সম্পত্তি এটাৰ মূল্য আৰু সেই ... একে মূল্যতে কিনে' ১০ বছৰৰ আগত কিনা সম্পত্তিৰ প্রকৃত মূল্য কেতিয়াও একে হ’ব নােৱাৰে। সম্পত্তিৰ অৱক্ষয়ৰ ক্ষেত্ৰতাে সেই একে কথাই খাটে। ব্যৱসায়ৰ উদ্বৃত্ত পত্ৰত চলিত দেনা আৰু চলিত সম্পত্তিসমূহ বর্তমান মূল্যত আৰু স্থায়ী সম্পত্তি আৰু দীর্ঘম্যাদী দেনাসমূহ অতীতৰ এটা মূল্যত দেখুওৱা বাবে উদ্বৃত্ত পত্র আর্থিক অৱস্থাৰ প্রকৃত ছবি নহ'বও পাৰে।
৪। হিচাপবিদ্যাত বিভিন্ন ধৰণৰ নীতি মানি চলা হয়। প্রতিজন হিচাপৰক্ষকেই বেলেগ বেলেগ নীতি ব্যৱহাৰ কৰি হিচাপৰ ফলাফল বেলেগকৈ দেখুৱাব পাৰে। উদাহৰণ স্বৰূপে, আৱক্ষয় নির্ধাৰণ, মজুত সামগ্ৰীৰ দাম নির্ধাৰণ আদিৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। কোনটো পদ্ধতি ব্যবহাৰ বেলেগ

16. What aare the liminations of Accounting?
হিচাপকৰণৰ সীমাবদ্ধতা কি কি?
Ans: 

17. Discuss the characteristcs and functions of Accounting.
হিচাপকৰণৰ বৈশিষ্ট্য় আৰু কাৰ্যাৱলী আলোচনা কৰা। 
Ans:  হিচাপবিদ্যাৰ কাৰ্যসমূহ তলত আলােচনা কৰা হল 一
হিচাপবিদ্যাই ব্যৱসায়ৰ সকলােবােৰ লেনদেন শৃঙ্খলামূলক আৰু বিজ্ঞানসম্মত টোকা ৰখাত ব্যৱসায়ীক সহায় কৰে। লিখিত হােৱাৰ ফলত এই টোকা চিৰস্থায়ী হয় আৰু বিজ্ঞানসম্মত ধাৰাত লিখিত হােৱাৰ বাবে হিচাপসমূহ নিৰ্ভৰযােগ্য হয়। হিচাপবিদ্যাই লেনদেনসমূহ এনেদৰে লিখাত সহায় কৰে যাতে বিত্তীয় বৰ্ষৰ ভিতৰত হােৱা সকলাে প্ৰকাৰৰ আয় আৰু ব্যয় চালি-জাৰি চাই কম সময়ৰ ভিতৰতে ব্যৱসায়ৰ প্ৰকৃত ফলাফল অর্থাৎ শুদ্ধ লাভ বা লােকচান জানিব পাৰি। হিচাপবিদ্যাই ব্যৱসায়ৰ সমস্ত সম্পদ আৰু দেনাৰ হিচাপ ৰখাত ব্যৱসায়ীক সহায় কৰে। কোনাে নির্দিষ্ট তাৰিখ তথা বিত্তীয় বৰ্ষৰ অন্তত ব্যৱসায়ৰ আর্থিক স্থিতি কেনে অৱস্থাত আছে সেই কথা জনাৰ প্ৰয়ােজন আছে। হিচাপবিদ্যাৰ সহায়ত এই সম্পদ আৰু দেনাসমূহ লৈ উদ্বৃত্তপত্র তৈয়াৰ কৰি উক্ত উদ্দেশ্য সফল কৰা হয়। হিচাপবিদ্যাই ব্যৱসায়ৰ সম্পদৰ অসাধু ব্যৱহাৰৰ পৰা ব্যৱসায়ীক ৰক্ষা কৰে। কোন সম্পদ কেনে ধৰণৰ ব্যৱহাৰ হৈছে সেই কথা হিচাপবিদ্যাই আঙুলিয়াই দিয়ে। গতিকে ব্যৱসায়ীয়ে সম্পদৰ ব্যৱহাৰৰ ওপৰত চোকা নজৰ ৰাখিব পাৰে।

18. Mention and discuss the various branches of Accountancy.
হিচাপবিদ্য়াৰ শাখাসমূহৰ নাম উল্লেখ কৰা আৰু বিভিন্ন শাখাসমূহৰ বিষয়ে আলোচনা কৰা।
Ans:

19. What is Accounting Information? Mention the various types of Accounting Information.
হিচাপসম্পৰ্কীয় সংবাদ কি? বিভিন্ন প্ৰকাৰৰ হিচাপসম্পৰ্কীয় সংবাদৰ নাম উল্লেখ কৰা।
Ans:

20. Mention the parties interested in Accounting Information.
হিচাপবিদ্য়াৰ তথ্য়ৰ স্বাৰ্থসংশ্লিষ্ট পক্ষসমূহ আলোচনা কৰা।
Ans:

21. Discuss the qualitative characteristcs of Accounting Information.
হিচাপসম্পৰ্কীয় সংবাদৰ গুণগত বৈশিষ্ট্য়সমূহ আলোচনা কৰা।
Ans:

22. Explain the following accounting terms.
তলত দিয়া হিচাপসম্পৰ্কীয় পদসমূহৰ ব্য়াখ্য়া দিয়া।
a) Assets (সম্পত্তি) (b) Capital (মূলধন) (c) Drawings (আহৰণ) (d) Liabilities (দেনা) (e) Revenue (ৰাজহ) (f) Expenditure (ব্য়য়) (g) Expenses (খৰচ) (h) Income (আয়) (i) Losses (লোকচান) (j) Sales (বিক্ৰী) (k) Purchases (ক্ৰয়) (l) Debtors (দেনাদাৰ) (m) Creditors (পাওনাদাৰ) (n) Receivables (প্ৰাপ্য় ধন) (o) Payables (প্ৰদেয় ধন)। 
Ans:


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)














Type              

Hirak jyoti Bora.
  Author       
Hiru Moni Bora



Post ID : DABP003934