ইউক্লিডৰ জ্য়ামিতিৰ পৰিচয় 


উক্লিডৰ সংজ্ঞাঃ

(i) এটা বিন্দুৰ কোনো অংশ নাই।

(ii) এডাল ৰেখা হ'ল প্ৰস্থহীন দীঘ।

(iii) ৰেখাৰ মূৰ দুটা হ'ল বিন্দু।

(iv) এডাল সৰলৰেখা হ'ল এডাল ৰেখা যি তাৰ বিন্দুসমূহৰ সৈতে সমভাৱে বিৰাজমান।

(v) এখন পৃষ্ঠৰ মাথো দীঘ আৰু প্ৰস্থ আছে।

(vi) এখন পৃষ্ঠৰকাষবোৰ একোডাল ৰেখা।

(vii) এখন সমতল হ'ল এখন তল যি তাৰ সৰলৰেখাবোৰৰ লগত সমভাৱে বিৰাজমান।


ইউক্লিডৰ কিছুমান স্বতঃসিদ্ধঃ

(i) একেটা বস্তুৰ লগত সমান সমান বস্তুবোৰৰ এটা আনটোৰ লগত সমান।

(ii) সমান সমান বস্তুৰ লগত একে সমান বস্তু যোগ কৰিলে যোগফলবোৰ সমান হয়।

(iii) সমান সমান বস্তুৰ পৰা একে সমান পৰিমাণ বিয়োগ কৰিলে বিয়োগফলবোৰ সমান হয়।

(iv) যিবোৰ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায়, সেইবোৰ বস্তু পৰস্পৰ সমান।

(v) সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ।

(vi) একে বস্তুৰ দুগুণবোৰ পৰস্পৰ সমান।

(vii) একে বস্তুৰ আধাবোৰ পৰস্পৰ সমান।


ইউক্লিডৰ স্বীকাৰ্যঃ

(i) এডাল সৰলৰখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি।

        প্ৰদত্ত দুটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে একক সৰলৰেখাহে পাব পাৰি।

(ii) এডাল সীমিত ৰেখা ( ৰেখাখণ্ড ) অসীমলৈ বঢ়াই দিব পাৰি।

(iii) এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্য়াসাৰ্ধ লৈ আঁকিব পাৰি।

(iv) সকলো সমকোণ পৰস্পৰ সমান।

(v) যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হৈ সৃষ্টি কৰা একেফালৰ অন্তঃকোণ দুটা একেলগে দুই সমকোণতকৈ সৰু হয় তেন্তে ৰেখা দুডাল অসীমভাৱে বঢ়াই দিলে যিফালৰ অন্তঃকোণৰ সমষ্টি দুই সমকোণতকৈ কম সেইফালে ৰেখা দুডাল মিলিত হ'ব।

-Hiru Moni Bora