প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ
অনুশীলনী
১) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা ।
স্তম্ভ-১ স্তম্ভ-২
i) পত্ৰ ৰন্ধ্ৰ a) পানী শোষন
ii) জাইলেম b) প্ৰস্বেদন
iii) চুলি শিপা c) আহাৰ পৰিবহন
iv) ফ্লৱেম d) পানী পৰিবহন
e) কাৰ্বহাইড্ৰেট সংশ্লেষণ
উত্তৰঃ i) পত্ৰ ৰন্ধ্ৰ b) প্ৰস্বেদন
ii) জাইলেম d) পানী পৰিবহন
iii) চুলি শিপা a) পানী শোষন
iv) ফ্লৱেম c) আহাৰ পৰিবহন
২) খালী ঠাই পূৰ কৰা ।
i) __________ ৰ দ্বাৰা হ্ৰদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয় ।
উত্তৰঃ ধমনীৰ
ii) __________ কোষত হিমগ্লবিন পোৱা যায় ।
উত্তৰঃ লোহিত ৰক্ত কোষত।
iii) ধমনী আৰু শিৰাবোৰ __________ জালিকাৰ দ্বাৰা সংলগ্ন।
উত্তৰঃ
iv) হ্ৰদযন্ত্ৰৰ সুসংহত প্ৰসাৰন আৰু সংকোচনক __________ বোলা হয় ।
উত্তৰঃ স্পন্দন বোলা হয়।
v) মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ'ল ____________ ।
উত্তৰঃ ৰেচন।
vi) ঘামত পানী আৰু _________ থাকে ।
উত্তৰঃ ইউৰীয়া থাকে।
vii) জুলীয়া অৱস্থাত বৃক্কই অপসাৰন কৰা বৰ্জিত দ্ৰব্যক __________ বোলা হয় ।
উত্তৰঃ প্ৰস্বাব বোলা হয়।
viii) শোষন টানৰ জৰিয়তে পানী গছৰ উচ্চতালৈ পৰিবহণ হোৱাৰ কাৰণ হ'ল ________।
উত্তৰঃ প্ৰস্বেদন।
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
a) উদ্ভিদত পানী পৰিবহন হয়,
i) জাইলেম ii) ফ্ল'ৱেম iii) শিপাৰ শিপাৰ দ্বাৰা
উত্তৰঃ i) জাইলেম
b) শিপাৰ দ্বাৰা পানীৰ শোষন বৃদ্ধি কৰিব পাৰি যদিহে উদ্ভিদক ৰখা হয়-
i) ছাঁত ii) কম পোহৰত iii) ফেনৰ তলত
উত্তৰঃ i) ছাঁত
৪) উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহন কিয় প্ৰয়োজন ব্যাখ্যা কৰা ।
উত্তৰঃ উদ্ভিদ বা প্ৰাণীৰ উভয়ে জীয়াই থাকিবৰ বাবে আহাৰ, পানী আৰু অক্সিজেনৰ প্ৰয়োজন। সিঁহতে এইবোৰ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰাটো নিতান্তই প্ৰয়োজন। ইয়াৰ উপৰিও প্ৰানীয়ে বৰ্জিত দ্ৰব্য়সমূহ পৰিবহন কৰি শৰীৰৰ সেই অংশবোৰলৈ নিব লাগে যৰপৰা সেইবোৰক বৰ্জন কৰিব পাৰে। হৃদযন্ত্ৰ আৰু ৰক্তনলিকাৰে এই দ্ৰব্য়বোৰ পৰিবহন কৰে আৰু একেলগে পৰিবহনতন্ত্ৰ আৰু সংবহনতন্ত্ৰ গঠন কৰে। তেজে হজম হোৱা খাদ্য় কণিকাবোৰ ক্ষুদ্ৰান্তৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে। তেজে হাওঁফাওঁৰ পৰা অক্সিজেন শৰীৰৰ কোষবোৰলৈ কঢ়িয়াই নিয়ে আৰু শৰীৰত সৃষ্টিহোৱা অপ্ৰয়োজনীয় দ্ৰব্য়সমূহ দেহৰ পৰা বৰ্জন কৰায়।
উদ্ভিদে শিপাৰ সহায়ত মাটিৰপৰা পানী আৰু খনিজ পোষক দ্ৰব্য় শোষন কৰে আৰু এইবোৰ পাতলৈ পৰিবহন কৰে। মাটিৰপৰা পানী আৰু পোষকদ্ৰব্য় পৰিবহনৰ বাবে উদ্ভিদৰ নলিকা আছে। উদ্ভিদত থকা জাইলেম নামৰ সংবহন কলাই পানী আৰু পোষক দ্ৰব্য় পৰিৱাহিত কৰে। উদ্ভিদৰ পাতত প্ৰস্তুত হোৱা আহাৰ উদ্ভিদৰ সকলো অংশলৈ জাইলেম আৰু ফ্লৱেমে পৰিবহন কৰে।গতিকে উদ্ভিদ বা প্ৰাণীৰ উভয়ে প্ৰস্তুত হোৱা আহাৰ গোটেই শৰীৰটোৱে পাৱলৈ হ'লে এই উপাদানসমূহৰ পৰিবহনৰ অতিকৈ প্ৰয়োজন।
৫) যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হব লিখাঁ ।
উত্তৰঃ- তেজত অনুচক্ৰিকা নামৰ এবিধ কোষ থাকে। এই কোষবিধৰ উপস্থিতিৰ কাৰণে তেজৰ খমলা বান্ধে। তেজত অনুচক্ৰিকা নাথাকিলে কটা অংশৰ পৰা তেজ ওলোৱা বন্ধ নহ'ব আৰু তেজ বন্ধ নহ'লে মানুহ মৃত্য়ু মুখত পৰিব পাৰে।
৬) পত্ৰৰন্ধ্ৰ কি ? পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা ?
উত্তৰঃ- মাটিত থকা পানী আৰু খনিজ দ্ৰব্য় শিপাই শুহি লয় আৰু পাতলৈ পৰিবহন কৰে। পাতৰ পৃষ্ঠত থকা সৰু সৰু ছিদ্ৰৰে পাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে। এই ছিদ্ৰ কোষৰ চাৰিওফালে ৰক্ষীকোষ আৱৰি থাকে। পাতত থকা এই ছিদ্ৰ বোৰক পত্ৰৰন্ধ বোলে।
পত্ৰৰন্ধৰ দুটা কাম হ'ল-----
১) পত্ৰৰন্ধই বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড আহৰণ কৰে।
২) পাতত থকা পত্ৰৰন্ধৰ দ্বাৰা উদ্ভিদে প্ৰস্বেদন ক্ৰিয়া সম্পাদন কৰে।
৭) প্ৰস্বেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে ? ব্যাখ্যা কৰা ।
উত্তৰঃ- প্ৰস্বেদনে উদ্ভিদৰ অতি প্ৰয়োজনীয় কাম কৰে।উদ্ভিদে খনিজ পোষক দ্ৰব্য় আৰু পানী মাটিৰপৰা শোষণ কৰে। যিমান পানী শোষণ কৰে সেই সকলোখিনি উদ্ভিদে ব্য়ৱহাৰ নকৰে। পাতৰ পৃষ্ঠত থকা পত্ৰৰন্ধৰ মাজেৰে প্ৰস্বেদন প্ৰক্ৰিয়াৰ দ্বাৰা পানী বাষ্পীভূত হয়।পাতৰ পৰা হোৱা পানীৰ বাষ্পীভৱনৰ ফলত জাইলেম নলীকাৰ ভিতৰত শোষণ বলৰ সৃষ্টি হয়। যিয়ে ওখ গছৰ বহু উচ্চতালৈ পানী পৰিবহন কৰিব পাৰে। প্ৰস্বেদনে গছজোপাক শীতল কৰিও ৰাখে।
৮) তেজৰ উপাদানসমূহ কি কি ?
উত্তৰঃ- তেজত থকা উপাদানসমূহ হ'ল---প্লাজমা,লোহিত ৰক্ত কোষ,শ্বেতৰক্ত কোষ,হিম'গ্লবিন আৰু অনুচক্ৰিকা।
৯) শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন ?
উত্তৰঃ- শৰীৰৰ সকলো অংশৰ বাবে তেজ অতি প্ৰয়োজনীয়। তেজ এবিধ তৰল পৰ্দাথ যি ৰক্ত নলীৰে প্ৰৱাহিত হয়। তেজে হজম হোৱা খাদ্য়ৰ কণাবোৰ ক্ষুদ্ৰান্তৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে। ই হাওঁফাওঁৰ পৰা অক্সিজেন শৰীৰৰ কোষবোৰলৈ কঢ়িয়াই নিয়ে আৰু শৰীৰত সৃষ্টি হোৱা অপ্ৰয়োজনীয় দ্ৰব্য় সমূহ দেহৰ পৰা বৰ্জন কৰায়।তেজত হিম'গ্লবিন নামৰ এবিধ ৰঙা ৰঙৰ কণিকা থাকে।হিম'গ্লবিনে অক্সিজেনৰ সৈতে যুক্ত হৈ অক্সিজেন শৰীৰৰ বিভিন্ন অংশলৈ আৰু অৱশেষত সকলোবোৰ কোষলৈ পৰিবাহিত কৰে। তেজে কোষৰ পৰা বৰ্জিত পৰ্দাথৰ লগতে কাৰ্বন-ডাই-অক্সাইড সংগ্ৰহ কৰে।
১০) কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে ?
উত্তৰঃ- হিম'গ্লবিনে তেজক ৰঙা ৰং প্ৰদান কৰে।
১১) হৃদযন্ত্ৰ কাৰ্য বৰ্ণনা কৰা ।
উত্তৰঃ- হৃদযন্ত্ৰ হ'ল শৰীৰৰ অতিকৈ প্ৰয়োজনীয় অংগ। হৃদযন্ত্ৰ এনে এটা অংগ যি অবিৰতভাৱে স্পন্দন হৈ থাকে আৰু তেজৰ লগতে অন্য় দ্ৰব্য় কঢ়িয়াই নিয়াত পাম্পৰ দৰে কাৰ্য সম্পাদন কৰে। হৃদযন্ত্ৰত থকা চাৰিটা কোঠালিয়ে অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন-ডাই-অক্সইডযুক্ত তেজ মিহলি হোৱাত বাধা দিয়ে।হৃদযন্ত্ৰই তেজ পাম্প কৰি শৰীৰৰ বাকী অংশলৈ পঠিয়ায়। হৃদযন্ত্ৰৰ কোঠালিবোৰ পেশীৰে গঠিত। পেশীসমূহ নিৰ্দিষ্ট গতিত সংকোচন আৰু প্ৰসাৰণ হয়। এই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে হোৱা সংকোচন আৰু প্ৰসাৰণেই হৈছে হৃদযন্ত্ৰৰ স্পন্দন।
১২) বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন ?
উত্তৰ ঃ- বর্জিত পদার্থসমূহ বিষাক্ত আৰু যেতিয়া ই শৰীৰত বেছি পৰিমাণে জমা হৈ অধিক দিনৰ বাবে থাকে ইয়াৰ পৰা শৰীৰৰ বিভিন্ন উপসর্গই দেখা দিয়ে । অর্থাৎ বহুতাে বেমাৰৰ দ্বাৰা আক্রান্ত হ’ব পাৰে । সেইবাবে বর্জিত পদার্থবােৰ সময়ে সময়ে ৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো প্ৰয়োজন
১৩) মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আকাঁ আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা ।
উত্তৰঃ- তলত মানুহৰ ৰেচন তন্ত্ৰৰ বিভিন্ন অংগসমূহৰ চিহ্নিত চিত্র অংকন কৰি দেখুওৱা হল—

Type-Arup Koch