ৰৈখিক সমীকৰণৰ যোৰ
ax + by + c আৰ্হিত লিখিব পৰা সকলো সমীকৰণক x আৰু y চলক দুটাত ৰৈখিক সমীকৰণ বোলা হয়। এনে দুটা চলকত থকা এটা ৰৈখিক সমীকৰণৰ প্ৰতিটো সমাধান ( x , y ) য়ে সেই সমীকৰণটোক বুজোৱা সৰলৰেখাটোৰ ওপৰৰ অনুৰূপ বিন্দুটো হ'ব আৰু বিপৰীতভাৱে।
ইয়াৰ কেইটামান উদাহৰণ হ'ল -
2x + 3y -7 = 0 আৰু 9x - 2y + 8 = 0
5x = y আৰু -7x + 2y + 3 = 0
x + y = 7 আৰু 17 = y
এইবোৰক জ্য়ামিতিকভাৱে উপস্থাপন কৰিবলৈ গ'লে দুয়োটা সমীকৰণে দুডাল সৰলৰেখাৰ সৃষ্টি কৰিব।
উদাহৰণঃ ৰীতাই দোকানৰ পৰা দুডাল পেঞ্চিল আৰু তিনিডাল ৰবৰ 9 টকাত কিনিলে। আৰু একেখন দোকানৰ পৰা মীনাই চাৰিডাল পেঞ্চিল আৰু ছয়ডাল ৰবৰ 18 টকাত কিনিলে। এই পৰিস্থিতিটোক বীজগাণিতিক আৰু লেখীয়ভাৱে উপস্থাপন কৰা।
উত্তৰঃ
আমি এডাল পেঞ্চিলৰ দামক x টকা আৰু ৰবৰ এডালৰ দামক y টকাৰে সূচাও। তেতিয়া বীজগাণিতিক প্ৰদৰ্শন তলৰ সমীকৰণেৰে দিয়া হ'ব।
∴ 2x + 3y = 9 ⋯⋯⋯⋯⋯⋯🛈
আৰু 4x + 6y = 18 ⋯⋯⋯⋯⋯⋯②
x ৰ মান ধৰি লৈ



