Chapter 4 

 লোক প্ৰশাসনৰ মুখ্য দৃষ্টিভংগীসমূহ

1. Towards a new public Administration : Minnobrook Perspective গ্ৰন্থখনৰ লেখক কোন ?

উত্তৰঃ Towards a new public Administration : Minnobrook Perspective গ্ৰন্থখনৰ লেখক  ফ্ৰেঙ্ক মেৰিণী।


2. নতুন লোক প্ৰশাসন ধাৰণাটোৰ কত জন্ম হয় ?

উত্তৰঃ নতুন লোক প্ৰশাসন ধাৰণাটোৰ আমেৰিকাত জন্ম হয় 


3. Public Administration in a time of Turbalance গ্ৰন্থখন কোনে ৰচনা কৰিছিল।

উত্তৰঃ Public Administration in a time of Turbalance গ্ৰন্থখন ডুইট ওৱাল্ডোৱে ৰচনা কৰিছিল


4. সুপ্ৰশাসনৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ সু-প্ৰশাসনৰ এটা বৈশিষ্ট্য হৈছে----

(i) অংশগ্ৰহণঃ- সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত পুৰুষ-মহিলা সকলোৰে সক্ৰিয় যোগদানকে অংগ্ৰহণে সূচায়।


5. লোক ব্যৱস্থাপনাত '4E' এ কি বুজায় ?

উত্তৰঃ 


6. গণতান্ত্ৰিক নাগৰিকৰ ধাৰণা কোনে আগবঢ়াইছিল ?

উত্তৰঃ  গণতান্ত্ৰিক নাগৰিকৰ ধাৰণা বৰ্গনে (Bourgon) আগবঢ়াইছিল ?


7. জনসেৱা দৃষ্টিভংগীৰ এটা বৈশিষ্ট লিখা ?

উত্তৰঃ জনসেৱা দৃষ্টিভংগীৰ এটা বৈশিষ্ট হল---

(i) নতুন জনসেৱাই গণতান্ত্ৰিক প্ৰশাসনৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰে।


8. নতুন লোক ব্যৱস্থাপনাৰ এটা উপাদান লিখা ।

উত্তৰঃ নতুন লোক ব্যৱস্থাপনাৰ এটা উপাদান হৈছে---

(i) যৌথ দায়বদ্ধতাৰ বাবে উৎসাহিত কৰা। 

Short note/ Questions

1. নতুন লোক ব্যৱস্থাপনা আৰু নতুন জনসেৱা দৃষ্টিভংগীৰ পাৰ্থক্য।

উত্তৰঃ নতুন লোক ব্যৱস্থাপনা আৰু নতুন জনসেৱা দৃষ্টিভংগীৰ মাজৰ পাৰ্থক্যসমূহ হল---

(i) তত্ত্বগত দিশৰ পৰা আলোচনা কৰিলে দেখা যায় যে নতুন লোক ব্যৱস্থাপনাৰ তাত্ত্বিক আধাৰ হৈছে অৰ্থনৈতিক তত্ত্ব।,আনহাতে নতুন জনসেৱাৰ ভিত্তি হৈছে গণতান্ত্ৰিক তত্ত্ব।

(ii) নতুন লোক ব্যৱস্থাপনাৰ এটা উপাদান হ'ল গ্ৰাহক প্ৰেৰিত চৰকাৰ, যত আমোলাতন্ত্ৰতকৈ গ্ৰাহকসকলক অধিক গুৰুত্ব দিয়া হয়।, আনহাতে, নতুন জনসেৱাত আমোলাসকলে নাগৰিকৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰে।

(iii) নতুন লোক ব্যৱস্থাপনাত ব্যক্তিগতকৰণৰ ওপৰত গুৰুত্ব দিয়া হয়। ৰাজহুৱা মালিকানাধীন অৱুষ্ঠানসমূহৰ প্ৰয়োজন সাপেক্ষে ব্যক্তিগতকৰণৰ দ্বাৰা পোষকতা  কৰাটো এই চিন্তনৰ মূল উপজীৱ্য। ইয়াত ব্যক্তিগত স্বাৰ্থই সুবিধা পায়। আনহাতে, নতুন জনসেৱাৰ মূল উপজীৱ্য হল যৌথ স্বাৰ্থ। যৌথ বা সমূহীয়া প্ৰমূল্যই ইয়াত প্ৰথম স্থান পায়।

(ii) নতুন লোক ব্যৱস্থাপনাত চৰকাৰ বজাৰমুখী হয় আৰু বজাৰৰ ওপৰত অত্যাধিক গুৰুত্ব প্ৰদান কৰে। আনহাতে, নতুন জনসেৱাত চৰকাৰ মানুহৰ মাজত সোমাই তেওঁলোকৰ স্বাৰ্থ পূৰণৰ পোষকতা কৰে। 

(iii) উদ্যমী চৰকাৰ নতুন লোক ব্যৱস্থাপনাৰ আন এটা গুৰুত্বপূৰ্ণ ধাৰণা। আনহাতে, নতুন জনসেৱাৰ মূখ্য বিষয়ে হল জনগণ।

2. লোক প্ৰশাসনত নাৰীবাদ

উত্তৰঃ সাধাৰণ অৰ্থত নাৰীবাদ হৈছে এক দৃষ্টিভংগী যিয়ে বিশ্বাস কৰে যে কিছুমান বিশেষ কাৰণত সমাজত নাৰী আৰু পুৰুষৰ মাজত বৃহৎ ব্যৱধানৰ সৃষ্টি হয়।  ইয়াৰ বাবে নাৰীয়ে পুৰুষৰ সমানে সৰ্যদা নাপায় আৰু অৱহেলিত হয়।গতিকে এই বৈষম্য বা অসমতা আঁতৰ কৰা উচিত। নাৰীবাদী চিন্তাধাৰাৰ মূল ভেটি হৈছে সমাজত প্ৰচলিত থকা নাৰী-পুৰুষৰ মাজৰ অসমতা যি সমাজৰ দ্বাৰা সৃষ্ট। বিখ্যাত নাৰীবাদী চিন্তাবিদ চিমন দে বিভোৱাৰে ১৯৪৯ চনত তেওঁৰ প্ৰকাশিত গ্ৰন্থ 'The Second Sex' ত উল্লেখ কৰিছে যে মহিলাসকলৰ অনগ্ৰসৰতাৰ মূল কাৰণ হল সমাজ। জন্মগতভাৱে ল'ৰা বা ছোৱালীয়ে শিশু হিচাপে জন্মগ্ৰহণ কৰে, কিন্তু সমাজেহে মহিলাৰ সৃষ্টি কৰে আৰু স্ত্ৰী লিংগ হিচাপে মহিলাসকলৰ আচৰণ নিৰ্ধাৰণ কৰে।

গতিকে দেখা যায় লিংগৰ নামত এই বৈষম্য আৰু বিভাজন এক সামাজিক ধাৰণা। এই ধাৰণাই নাৰীৰ বিৰুদ্ধে পুৰুষৰ আধিপত্যক অগ্ৰাধিকাৰ দি কেতবোৰ মূল্যবোধৰ সৃষ্টি কৰে আৰু এনে মূল্যবোধবোৰকে সামাজিক অনুষ্ঠানে সামাজিকভাৱে বৈধ হিচাপে মান্যতা প্ৰদান কৰে। 


3. নতুন লোক প্ৰশাসনৰ বৈশিষ্ট্যসমূহ

উত্তৰঃ নতুন লোক প্ৰশাসনৰ বৈশিষ্ট্য সমূহ হল ---

(i) প্ৰাসঙ্গিকতা ঃ- নতুন লোক প্ৰশাসন দৈনন্দিন সমস্যাবিলাপৰ সৈতে জড়িত। ই অৱাস্তৱ নহয়। ইয়াক জনসাধাৰণৰ বাবে উপযোগী কৰিব বিচৰা হৈছে।

(ii) পত্যক্ষবাদ বা সকাৰত্মক ঃ- নতুন লোক প্ৰশাসনৰ আন এটা বৈশিষ্ট্য হৈছে এইয়ে যে ই জনসাধাৰণৰ মঙ্গলৰ বাবে সকাৰাত্মক ভূমিকা গ্ৰহণ কৰিব। এই প্ৰশাসনবাদী ব্যৱস্থা প্ৰত্যক্ষবাদী।

(iii) নৈতিকতাঃ- নতুন লোক প্ৰশাসনৰ ভেঁটি হল নৈতিকতা। এনে প্ৰশাসন ব্যৱস্থা নৈতিকতাৰ ফালৰ পৰা উন্নত। ই নৈতিক ভিত্তিতহে ইয়াৰ দায়িত্বসমূহ পালন কৰিব।

(iv) ন্যায়ঃ- নতুন লোক প্ৰশাসনৰ আন এটা লক্ষ্য হল ন্যায়ৰ জৰিয়তে কাৰ্য সম্পাদন কৰা আৰু ন্যায় প্ৰতিষ্ঠা কৰা। ইয়াত কোনো অন্যায় কামক প্ৰশ্ৰয় দিয়া নহব।

(v) নৱপ্ৰৱৰ্তনঃ- নতুন লোক প্ৰশাসনে সকলো ক্ষেত্ৰতে নতুন দৃষ্টিভঙ্গী গ্ৰহণ কৰিব। ই জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।



4. নতুন লোক ব্যৱস্থাপনা

উত্তৰঃ নতুন লোক ব্যৱস্থাপনাৰ প্ৰথম শক্তিশালী প্ৰয়োগ আৰম্ভ কৰে খ্ৰীষ্ট'ফাৰ হুডে। ১৯৯১ চনত প্ৰকাশিত হুডৰ গৱেষণা পত্ৰ "A Public Management for All Seasons"-ত তেওঁ নতুন লোক ব্যৱস্থাপনা সম্পৰ্কে বৈজ্ঞানিক আলোচনাৰ পাতনি মেলে। 

            উদাৰীকৰণ, বিশ্বজোৰা প্ৰতিযোগিতা , প্ৰযুক্তিৰ দ্ৰুত বিকাশ আদি কাৰকসমূহে বিশ্বায়নৰ সময়ত লোক প্ৰশাসনৰ ক্ষেত্ৰলৈ কঢ়িয়াই অনা পৰিৱৰ্তন আৰু প্ৰত্যাহ্বানসমূহৰ প্ৰতিশ্ৰুতিসম্পন্ন এক উত্তৰেই হৈছে নতুন লোক ব্যৱস্থা। নতুন লোক ব্যৱস্থাপনাই দক্ষতাহীন চৰকাৰ আৰু  চৰকাৰী প্ৰতিষ্ঠানসমূহৰ বাবে নতুন পত্যাহ্বানৰ মুখামুখি হব পৰাকৈ দক্ষতা প্ৰতিষ্ঠাৰ উদ্দেশ্য গ্ৰহণ কৰিছে। প্ৰশাসনীয় সংস্কাৰৰ জৰিয়তে বিশ্বায়ন, উদাৰীকৰণ আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ মোকাবিলাৰ সহজে কৰিবৰ পৰা ব্যৱস্থাৰ কথা কৈছে।


5. সু-প্ৰশাসনৰ বৈশিষ্ট্যসমূহ

উত্তৰঃ সু-প্ৰশাসনৰ বৈশিষ্ট্যসমূহ হল----

(i) অংশগ্ৰহণঃ- সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত পুৰুষ-মহিলা সকলোৰে সক্ৰিয় যোগদানকে অংগ্ৰহণে সূচায়। 

(ii) আইনৰ শাসনঃ- আইনৰ গাঁথনি সদায় নিৰপেক্ষ আৰু যুক্তিসন্মত ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত।

(iii) স্বচ্ছতাঃ- স্বচ্ছতাই সকলো তথ্যৰ মুক্ত আদান-প্ৰদানক মূলকঃ সূচায়। 

(iv) উত্তৰদায়ীঃ- সকলো প্ৰতিষ্ঠানৰ কাম-কাজ হিতাধিকাৰীসকলৰ সেৱাৰ বাবে উত্তৰদায়ী। 

(v) সহমতভিত্তিক বা ঐক্যভিত্তিকঃ- সু-প্ৰশাসনৰ বাবে ব্যাপক জন-সহমতিৰ আৱশ্যকতা আছে।


Essay type Questions

2. নতুন লোক প্ৰশাসনৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ নতুন লোক প্ৰশাসনৰ বৈশিষ্ট্য সমূহ হল ---

(i) প্ৰাসঙ্গিকতা ঃ- নতুন লোক প্ৰশাসন দৈনন্দিন সমস্যাবিলাপৰ সৈতে জড়িত। ই অৱাস্তৱ নহয়। ইয়াক জনসাধাৰণৰ বাবে উপযোগী কৰিব বিচৰা হৈছে।

(ii) পত্যক্ষবাদ বা সকাৰত্মক ঃ- নতুন লোক প্ৰশাসনৰ আন এটা বৈশিষ্ট্য হৈছে এইয়ে যে ই জনসাধাৰণৰ মঙ্গলৰ বাবে সকাৰাত্মক ভূমিকা গ্ৰহণ কৰিব। এই প্ৰশাসনবাদী ব্যৱস্থা প্ৰত্যক্ষবাদী।

(iii) নৈতিকতাঃ- নতুন লোক প্ৰশাসনৰ ভেঁটি হল নৈতিকতা। এনে প্ৰশাসন ব্যৱস্থা নৈতিকতাৰ ফালৰ পৰা উন্নত। ই নৈতিক ভিত্তিতহে ইয়াৰ দায়িত্বসমূহ পালন কৰিব।

(iv) ন্যায়ঃ- নতুন লোক প্ৰশাসনৰ আন এটা লক্ষ্য হল ন্যায়ৰ জৰিয়তে কাৰ্য সম্পাদন কৰা আৰু ন্যায় প্ৰতিষ্ঠা কৰা। ইয়াত কোনো অন্যায় কামক প্ৰশ্ৰয় দিয়া নহব।

(v) নৱপ্ৰৱৰ্তনঃ- নতুন লোক প্ৰশাসনে সকলো ক্ষেত্ৰতে নতুন দৃষ্টিভঙ্গী গ্ৰহণ কৰিব। ই জনসাধাৰণৰ কল্যাণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

(vi) জনসাধাৰণৰ প্ৰতি সজাগঃ- লোক প্ৰশাসন জনসাধাৰণৰ কল্যাণৰ বাবে গঠন কৰা হয়। সেয়েহে নতুন লোক প্ৰশাসন জনসাধাৰণৰ সুবিধা-অসুবিধাৰ প্ৰতি সদায় সজাগ থাকিব।

(Vii) সামাজিক সমতাঃ- নতুন লোক প্ৰশাসনৰ আন এটা বৈশিষ্ট্য হল যে ই জনসাধাৰণৰ মাজত সামাজিক সমতা প্ৰতিষ্ঠা কৰিব বিচাৰে।

(viii) সামাজিক সমন্যায়ঃ- নতুন লোক প্ৰশাসনৰ আন এটা বৈশিষ্ট্য হল সামাজিক সমন্যয় প্ৰতিষ্ঠা কৰা।


4. নতুন লোক ব্যৱস্থাপনাৰ বৈশিষ্ট্য সমূহ।

উত্তৰঃ নতুন লোক ব্যৱস্থাপনাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হল--- 

(i) আমোলাতন্ত্ৰৰ আকাৰ সৰু কৰাঃ- ৰাজহুৱা ক্ষেত্ৰ বা উপকৰণৰ আকাৰ সৰু কৰাৰ লগতে আমোলাতন্ত্ৰৰ আকাৰ কমাই আনি নিৰ্দিষ্টভাৱে সৰু কৰাটো নতুন লোক ব্যৱস্থাপনাৰ এটা মূল বিচাৰ্য বিষয়।

(ii) বিকেন্দ্ৰীকৰণঃ- সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক নাগৰিকৰ বা জনসাধাৰণৰ ওচৰ চপাই লৈ যোৱাটো এই প্ৰক্ৰিয়াৰ আন এটা মূল বৈশিষ্ট্য ।

(iii) নতুন প্ৰশাসনীয় ধাৰাঃ- নতুন প্ৰশাসনীয় ধাৰা, যেনে-- ব্যৱসায় প্ৰশাসনৰ নীতিসমূহৰ লোক প্ৰশাসনত প্ৰয়োগ সম্পৰ্কে চিন্তা-চৰ্চা নতুন লোক ব্যৱস্থাপনাৰ এক উল্লেখনীয় বৈশিষ্ট্য।

(iv) ব্যক্তিগতকৰণঃ- নতুন লোক ব্যৱস্থাপনাই ব্যক্তিগতকৰণৰ পোষকতা কৰে। বহু সময়ত ই চৰকাৰী-ব্যক্তিগত মিত্ৰতাৰ ইঙ্গিত হবন কৰে।

(v) কৰ্ম মূল্যায়নৰ সংস্কৃতিঃ- সেৱা আৰু উৎপাদনৰ মানদণ্ড উন্নত কৰিবৰ বাবে ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ মান এক নিদিৰ্ষ্ট পৰ্যায়ত ধৰি ৰখাৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হয়।

(vi) ফলাফলধৰ্মী আৰু উদ্দেশ্যমুখীঃ- নতুন লোক ব্যৱস্থাপনা ফলাফলধৰ্মী আৰু উদ্দেশ্যমুখী। বিষয়া বা আমোলাসকলৰ সহজ সংগঠনৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হয়।

(vii) তথ্য প্ৰযুক্তিৰ অনুকুলন প্ৰয়োগঃ- তথ্য প্ৰয়োগ নতুন লোক ব্যৱস্থাপনাৰ এক উল্লেখনীয় বৈশিষ্ট্য । কেৱল প্ৰয়োগেই নহয়, এই প্ৰয়োগৰ উচিত মাত্ৰালৈ নি, ইয়াৰ অনুকূলিত প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

(viii) প্ৰতিযোগিতাঃ- নতুন লোক ব্যৱস্থাপনাই প্ৰশ্ন কৰে কিয় লোক প্ৰশাসনত প্ৰতিযোগিতাৰ উপাদানৰ অভাৱ, কিয় ৰাজহুৱা খণ্ডত কৰ্ম, পাৰদৰ্শিতা আৰু পুৰষ্কাৰৰ সম্পৰ্কৰ অভাৱ অনুভৱ কৰা হয় ?

(ix) সমুদায়ৰ অংশগ্ৰহণঃ- সমুদায়ৰ অংশগ্ৰহণৰ ব্যৱস্থা নতুন লোক ব্যৱস্থাপনাৰ এক অন্যতম বৈশিষ্ট্য। ব্যৱস্থাপনা বা প্ৰশাসনক সমুদায়ৰ পৰা আঁতৰত স্থাপন কৰাৰ পক্ষপাতী ই নহয়। 

(x) নাগৰিকৰ সবলীকৰণঃ- নাগৰিকৰ সবলীকৰণো নতুন লোক প্ৰশাসনৰ আন এটা বৈশিষ্ট্য। দুৰ্বল নাগৰিকক লৈ দক্ষ আৰু তীক্ষ্ণ ব্যৱস্থাপনা গঢ়ি তোলা সম্ভৱ নহয়। 

5. চৰকাৰী সেৱা কি ? নতুন জনসেৱাৰ নাতিসমূহ আলোচনা কৰা।

উত্তৰঃ 'চৰকাৰী সেৱা' বা জনসেৱা বুলিলে সেইসমূহ সেৱাকেই বুজোৱা হয়, যিবোৰ চৰকাৰে নাগৰিকসকলৰ কল্যানৰ বাবে প্ৰদান কৰে। এই সেৱাসমূহ প্ৰত্যক্ষ বা পৰোক্ষভৱেও যোগান ধৰা হব পাৰে। এই সেৱাসমূহৰ ভিতৰত জাতি, জন্ম, বিবাহ আদিৰ প্ৰমান-পত্ৰ যোগান, বিদ্যুৎ যোগান, ৰাস্তা-ঘাট নিৰ্মাণ ভোটাৰ কাৰ্ডকে ধৰি অন্যান্য পৰিচয় পত্ৰ যোগান, ৰেচন কাৰ্ড, ভূমি তথ্য আদি সকলো অন্তৰ্ভুক্ত। চৰকাৰে সংগ্ৰহ কৰা তথা শুল্কৰে গঠিত পুঁজিৰ জৰিয়তে জনসাধাৰণলৈ এই সেৱা আগবঢ়োৱা হয়।জনসেৱাৰ একমাত্ৰ লক্ষ্য হল জনকল্যাণক সম্প্ৰসাৰণ কৰা আৰু সমাজৰ সকলো স্তৰতে জনকল্যান নিশ্চিত কৰা।

             নতুন জনসেৱাৰ নীতিসমূহ তলত আলোচনা কৰা হল---

(i) নিয়ন্ত্ৰণ নহয়, সেৱাঃ- জনসাধাৰণৰ কল্যানৰ বাবে চৰকাৰী বিষয়াসকলে সমাজক নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নাগৰিকৰ স্বাৰ্থসমূহ চিনাক্ত কৰি সেইসমূহৰ বাস্তৱ ৰূপায়নত গুৰুত্ব দিব লাগে।

(ii) জনস্বাৰ্থসমূহ হল উদ্দেশ্য উপজাত দ্ৰব্য নহয়ঃ- চৰকাৰী বিষয়াসকলে জনস্বাৰ্থসমূহক এক সমূহীয়া আৰু উমৈহতীয়া ধাৰণা হিচাপে প্ৰতিষ্ঠা কৰিব লাগে। ব্যক্তিগত পছন্দৰ ভিত্তিত সমস্যাৰ সমাধানৰ ক্ষিপ্ৰ পথ নিৰ্বাচন নকৰি সমূহীয়া প্ৰচেষ্টাৰে তথা লক্ষ্য প্ৰাপ্তিত গুৰুত্ব দিব লাগে।

(iii) কৌশলগতভাৱে চিন্তা কৰি গণতান্ত্ৰিক ভাৱে কাম কৰাঃ- জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে নীতি আৰু আঁচনিৰ প্ৰয়োজন। এই নীতি আৰু আচঁনিসমূহ প্ৰস্তুত কৰোঁতে কৌশলপূৰ্ণ পদ্ধতি অৱলম্বন কৰিব লাগে যাতে জনসাধাৰণৰ প্ৰয়োজনসমূহ পূৰণ হয়।

(iv) গ্ৰাহকক নহয়, নাগৰিকক সেৱা আগবঢ়োৱা ঃ জনসাবৰ্থসমূহৰ প্ৰকৃতি সামাজিক। ব্যক্তিগত স্বাৰ্থৰ ওপৰত এয়া প্ৰতিষ্ঠিত নহয়। সেয়ে চৰকাৰে জনস্বাৰ্থৰ বাবে প্ৰস্তুত কৰা আচঁনিসমূহ নাগৰিকক প্ৰদান কৰাৰ সময়ত আমোলা-বিষয়াসকলে নাগৰিকসকলক গ্ৰাহক হিচাপে বিবেচনা কৰাটো উচিত নহয়।

(v) দায়বদ্ধতা সাধাৰণ বিষয় নহয়ঃ  দায়বদ্ধতাৰ ধাৰণা এক জটিল ধাৰণা। প্ৰাচীন লোক প্ৰশাসনত দায়বদ্ধতাই চৰকাৰী বিষয়াসকলে ৰাজনৈতিক নেতা বা বিষয়াৰ ওচৰত দায়বদ্ধতা থকাটো বুজাই।

6. লোক প্ৰশাসনৰ নাৰীবাদী পৰিপেক্ষ আলোচনা কৰা।

উত্তৰঃ সাধাৰণ অৰ্থত নাৰীবাদ হৈছে এক দৃষ্টিভংগী যিয়ে বিশ্বাস কৰে যে কিছুমান বিশেষ কাৰণত সমাজত নাৰী আৰু পুৰুষৰ মাজত বৃহৎ ব্যৱধানৰ সৃষ্টি হয়।  ইয়াৰ বাবে নাৰীয়ে পুৰুষৰ সমানে সৰ্যদা নাপায় আৰু অৱহেলিত হয়।গতিকে এই বৈষম্য বা অসমতা আঁতৰ কৰা উচিত। নাৰীবাদী চিন্তাধাৰাৰ মূল ভেটি হৈছে সমাজত প্ৰচলিত থকা নাৰী-পুৰুষৰ মাজৰ অসমতা যি সমাজৰ দ্বাৰা সৃষ্ট। বিখ্যাত নাৰীবাদী চিন্তাবিদ চিমন দে বিভোৱাৰে ১৯৪৯ চনত তেওঁৰ প্ৰকাশিত গ্ৰন্থ 'The Second Sex' ত উল্লেখ কৰিছে যে মহিলাসকলৰ অনগ্ৰসৰতাৰ মূল কাৰণ হল সমাজ। জন্মগতভাৱে ল'ৰা বা ছোৱালীয়ে শিশু হিচাপে জন্মগ্ৰহণ কৰে, কিন্তু সমাজেহে মহিলাৰ সৃষ্টি কৰে আৰু স্ত্ৰী লিংগ হিচাপে মহিলাসকলৰ আচৰণ নিৰ্ধাৰণ কৰে।

গতিকে দেখা যায় লিংগৰ নামত এই বৈষম্য আৰু বিভাজন এক সামাজিক ধাৰণা। এই ধাৰণাই নাৰীৰ বিৰুদ্ধে পুৰুষৰ আধিপত্যক অগ্ৰাধিকাৰ দি কেতবোৰ মূল্যবোধৰ সৃষ্টি কৰে আৰু এনে মূল্যবোধবোৰকে সামাজিক অনুষ্ঠানে সামাজিকভাৱে বৈধ হিচাপে মান্যতা প্ৰদান কৰে। 



Answer by Himashri Kakati