Chapter:  4 

স্বাধীন ভাৰতৰ পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় শিক্ষা নীতিসমূহ

(National Policies On Education in Post Independent India)


 (1) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer )


১। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কোন চনত গৃহীত হয়? 

When the New Education Policy was accepted?

Ans: নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৬৮ চনত গৃহীত হয়।

২। ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ এটা উদ্দেশ্য উল্লেখ কৰা।

Mention one objective of the national policy on Education 1986.

Ans: ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ এটা উদ্দেশ্য হ'ল-

(১) প্ৰাথমিক স্তৰত ১৪ বছৰ বয়সলৈকে শিক্ষাৰ্থীৰ সাৰ্বজনীন সংৰক্ষণৰ ব্যৱস্থা কৰা।

৩। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা? 

What do you mean by National System of Education.

Ans: ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত এক গুৰুত্বপূৰ্ণ দিশ। ৰাষ্ট্ৰায় এক্যৰ বিকাশ সাধনত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। শিক্ষা-ব্যৱস্থাৰ সকলো পৰ্যায়ৰ গুণগত বিকাশ সাধনৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ, নৈতিক মূল্যবোধৰ বিকাশ সাধন আৰু বাস্তৱ জীৱনৰ লগত সম্পর্কিত শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ইয়াকে ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয়।

৪। নবোদয় বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য কি? 

What is the main objective of Navodaya Vidyalaya?

Ans: বোদয় বিদ্যালয়ৰ প্ৰধান উদ্দেশ্য হ'ল-

১। এই বিদ্যালয়ৰ উদ্দেশ্য হ'ল বৌদ্বিকভাৱে উন্নত কিন্তু আৰ্থিকভাৱে দুৰ্বল ছাত্র ছাত্রীসকলক উন্নতমানৰ শিক্ষা প্ৰদান কৰা। 

২। বৰ্তি থকা ২৬১ খন নবোদয় বিদ্য়ালয়ক ৰাজ্যিক খণ্ডলৈ হস্তান্তৰিত কৰা হ'ব যাতে ৰাজ্যই ইয়াক আবাসিক কেন্দ্ৰ হিচাপে পৰিচালনা কৰে। 

৫। C.A.B.E ৰ সম্পূৰ্ণ আকাৰটো কি ? 

What is the full form of C.A.B.E?

Ans: C.A.B.E ৰ সম্পূৰ্ণ আকাৰটো হ'ল-  CENTRAL ADVISORY BOARD OF EDUCATION.

৬। A.IC.TE ৰ সম্পূৰ্ণ আকাৰটো কি? 

What is the full form of A.I.C.T.E

Ans: A.IC.TE ৰ সম্পূৰ্ণ আকাৰটো হ'ল- ALL India Council of Technical Education.

৭। ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ এটা সবলতা উল্লেখ কৰা। 

Mention one merit of the National Policy on Education 1986. 

Ans: ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ এটা সবলতা তলত উল্লেখ কৰা হ'ল-

(১) এই ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সংখ্যালঘুসকলৰ অধিকাৰ আৰু শৈক্ষিক সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে।

(২) দেশৰ ৰাষ্ট্ৰীয় অৰ্থনীতিৰ বিকাশ সাধন কৰিবৰ বাবে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

৮। ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 ৰ এটা দুৰ্বলতা উল্লেখ কৰা।

Mention one demerit of the National Policy on Education 1986.

Ans: ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 ৰ এটা দুৰ্বলতা তলত উল্লেখ কৰা হ'ল-

১। ১৯৬৮ চনৰ ৰাষ্ট্ৰায় শিক্ষানীতিক অস্পষ্ট ধৰণৰ বুলি সমালোচনা কৰা হৈছে। একে সময়তে অনেক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাক বাস্তৱ ক্ষেত্ৰত একে সময়ত কাৰ্যকৰী কৰাটো সহজ নহয়।

২। ত্ৰি ভাষাৰ সূত্ৰই কোনো কোনো সময়ত সমস্যাৰহে সৃষ্টি কৰিছিল। শিক্ষাৰ্থীসকলে ইয়াক অন্তৰৰ পৰা গ্ৰহণ কৰা নাই বৰঞ্চ তৃতীয় ভাষাক এক বোজা হিচাপেহে গণ্য কৰিছে।

 ৯। ১৯৯০ চনৰ ৰামমূৰ্তি পুনৰীক্ষণ কমিটিৰ অধ্যক্ষ কোন আছিল ?

Who was the chairman of Ramamurti Review Committee 1990? 

Ans: ১৯৯০ চনৰ ৰামমূৰ্তি পুনৰীক্ষণ কমিটিৰ অধ্যক্ষ আচাৰ্য ৰামমূৰ্ত্তি আছিল।  

১০। ৰামমূৰ্ত্তি পুনৰীক্ষণ কমিটিৰ মূল উদ্দেশ্য কি আছিল?

What was the main objective of Ramamurti Review Committee?

Ans: ৰামমূৰ্ত্তি পুনৰীক্ষণ কমিটিৰ মূল উদ্দেশ্য় হ'ল-

১. ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক পুণৰীক্ষণ কৰা আৰু কাৰ্যকৰী কৰা।

২. ৰাষ্ট্ৰীয় শিক্ষানীতি সংশোধনৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়োৱা।

৩. নিৰ্ধাৰীত সময়সীমা ভিতৰত সংশোধিত শিক্ষানীতিৰ প্ৰয়োগৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা।

১১। ৰামমূৰ্তি কমিটিৰ যিকোনো এটা মুখ্য দিশ উল্লেখ কৰা। 

Mention one principal concern of the Ramamurti Committee?

Ans: ৰামমূৰ্ত্তি কমিটিৰ যিকোনো এটা মুখ্য দিশ তলত উল্লেখ কৰা হ'ল-

১. কৰ্ম প্ৰক্ৰিয়াৰ সবলীকৰণ।

                        বা

২. সমতা আৰু সামাজিক ন্যায়ৰ ভিত্তিত শিক্ষা।

                        বা

৩. উচ্চ শিক্ষাৰ পুনৰ সংগঠন।

১২। জনার্ধন ৰেড্ডি কমিটি কোন চনত নিয়োগ কৰা হয়। 

When the Janardhan Reddy Committee was appointed?

Ans: জনাৰ্ধন ৰেড্ডি কমিটি ১৯৯১-৯২ চনত নিয়োগ কৰা হয়।

১৩। সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতিক কোন চনত সংসদত উত্থাপন কৰা হয়? 

In which year the revised national Policy on education was presented in Parliament?

Ans: সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতিক ১৯৯২ চনৰ ৭ মে' তাৰিখে উত্থাপন কৰা হয়।

১৪। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক পুনৰীক্ষণ কৰিবলৈ কোন দুখন কমিটি নিয়োগ কৰা হৈছিল ? উল্লেখ কৰা।

Mention the name of the two committees that had been appointedto review National policy on Education?

Ans: নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিক পুণৰীক্ষণ কৰিবলৈ ৰামমূৰ্ত্তি কমিটি (১৯৯০) আৰু জনাৰ্ধন ৰেড্ডি কমিটি (১৯৯১) দুখন কমিটি নিয়োগ কৰা হৈছিল।

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer )

১। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দুটা গুৰুত্বপূর্ণ প্রস্তাৱৰ বিষয়ে লিখা।

 Write about two important resolution of National Policy on Education 1968,

Ans: ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দুটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তলত দিয়া হ'ল-

১। বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাঃ 

ক. ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুক বাবে প্ৰাথমিক শিক্ষা বাধ্যতামূলক আৰু বিনামূলীয়া কৰিবৰ বাবে ভাৰতীয় সংবিধানৰ নিৰ্দেশনাত্মক নীতিৰ ৪৫মং অনুচ্ছেদ অনুসৰি ব্য়াপক প্ৰচেষ্টা চলোৱা হ'ব। 

খ. বিদ্যালয়সমূহত অপচয় আৰু অনুন্নয়ন ৰোধ কৰিবৰ বাবে উপযুক্ত আঁচনিৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। বিদ্যালয়ৰ নামভৰ্ত্তি কৰা প্ৰতিজন শিশুৱে যাতে তেওঁলোকৰ নিৰ্ধাৰিত পাঠ্যক্ৰম সফলতাৰে সম্পন্ন কৰিব পাৰে তাক নিশ্চিত কৰিব লাগে।

২। শিক্ষকৰ মৰ্যদা, পাৰিশ্ৰামিক আৰু শিক্ষাঃ শিক্ষক হৈছে সমাজৰ এক গুৰুত্বপূৰ্ণ অংশ দেশৰ গুণগত বিকাশ সাধনৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিসীম। শৈক্ষিক দিশত সকলো ক্ষেত্ৰতে এজন শিক্ষকৰ ব্যক্তিগত গুণাৱল, চৰিত্ৰ, শৈক্ষিক অৰ্হতা, বৃত্তিগত দক্ষতা আদিৰে প্ৰভাৱ বিস্তাৰ কৰে। উপযুক্ত শিক্ষক অবিহনে সফল শিক্ষা ব্যৱস্থা সম্ভৱপৰ নহয়।

(ক) সেয়েহে শিক্ষকসকলক সমাজত সন্মানীয় স্থান প্ৰদান কৰিব লাগিব।

(খ) শিক্ষকসকলৰ অৰ্হতা আৰু দায়িত্বক বিবেচনা কৰি তেওঁলোকৰ পাৰিশ্ৰমিক আৰু অন্যান্য চাকৰিৰ চৰ্তসমূহ সন্তোষ্টদায়ৰ আৰু উপযুক্ত হ'ব লাগে।     

২। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য-উদ্দেশ্যসমূহৰ বিষয়ে লিখা।

Write about the aims and objectives of National Policy on Education 1968. 

Ans: ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য-উদ্দেশ্যসমূহৰ হ'ল-

১। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্য হৈছে জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো শিক্ষার্থীয়ে যাতে ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত হ'ব পাৰে আৰু উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰে। 

২। প্রাথমিক স্তৰৰ শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশ আৰু নামভৰ্তিকৰণত সাৰ্বজনীনতা প্ৰদান কৰা।

৩। প্রাথমিক স্তৰত ১৪ বছৰ বয়সলৈকে শিক্ষাৰ্থীৰ সাৰ্বজনীন সংৰক্ষণৰ ব্যৱস্থা কৰা ।

৪। সকলো শিক্ষার্থীয়ে যাতে এক গ্রহণযোগ্য শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে শিক্ষাৰ মানদণ্ডৰ বিকাশ সাধন কৰা ৷

৫। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা ।


৬। মাধ্যমিক পর্যায়ত বৃত্তিমুখী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

৩। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো চাৰিটা সবলতা লিখা।

Write any four merits of National Policy on Education 1968.

Ans: ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো চাৰিটা সবলতা হ'ল-

১। এই ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আগবঢ়োৱা ত্রি-ভাষাৰ সূত্ৰ ৰাষ্ট্ৰীয় সংহতিৰ দৃষ্টিকোণৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ।

২। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাৰ গুণগত বিকাশ সাধনত শিক্ষকসকলৰ ভূমিকাৰ কথা উপলব্ধি কৰি শিক্ষকসকলক নিজস্বভাৱে গৱেষণা কৰা আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন দিশত মত প্ৰকাশৰ শৈক্ষিক স্বাধীনতা প্রদান কৰিছে।

৩। ৰাষ্ট্ৰীয় আয়ৰ পৰা শিক্ষাৰ শিতানত বৰ্তমানৰ ২.৭% ৰ পৰা ৬% শতাংশলৈ বিনিয়োগ কৰিব বিচৰাটো এক প্ৰশংসনীয় পদক্ষেপ।

৪। এই ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে সংখ্যালঘুসকলৰ অধিকাৰ আৰু শৈক্ষিক সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছে।

৫। দেশৰ ৰাষ্ট্ৰীয় অৰ্থনীতিৰ বিকাশ সাধন কৰিবৰ বাবে এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।


৪। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো দুটা দুর্বলতা লিখা। 

Write any two demerits of National Policy on Education 1968. 

Ans:  ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো দুটা দুর্বলতা হ'ল-

১। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক অস্পষ্ট ধৰণৰ বুলি সমালোচনা কৰা হৈছে। একে সময়তে অনেক বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাক বাস্তৱ ক্ষেত্ৰত একে সময়ত কাৰ্যকৰী কৰাটো সহজ নহয়।

২। ত্ৰি ভাষাৰ সূত্ৰই কোনো কোনো সময়ত সমস্যাৰহে সৃষ্টি কৰিছিল। শিক্ষাৰ্থীসকলে ইয়াক অন্তৰৰ পৰা গ্ৰহণ কৰা নাই বৰঞ্চ তৃতীয় ভাষাক এক বোজা হিচাপেহে গণ্য কৰিছে।

৩। সংখ্যালঘুসকলৰ বাবে শৈক্ষিক সা-সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে যদিও যেতিয়ালৈকে সংখ্যালঘু শব্দটো প্ৰয়োগ হৈ থাকিব তেতিয়ালৈকে তেওঁলোকৰ উন্নতিত বাধা জন্মি থাকিব যিহেতু তেওঁলোকক এক সাধাৰণ শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰা হ'ব।

৫। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য উদ্দেশ্যসমূহ কি কি?

What are the aims and objectives of National Policy on Education 1986?

Ans: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্য উদ্দেশ্যসমূহ হ'ল-

১। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল উদ্দেশ্য হৈছে জাতি-বর্ণ-ধর্ম নির্বিশেষে সকলো শিক্ষার্থীয়ে যাতে ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত হ'ব পাৰে আৰু উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰে। 

২। প্রাথমিক স্তৰৰ শিক্ষাত ছাত্ৰ-ছাত্ৰীৰ প্ৰৱেশ আৰু নামভৰ্তিকৰণত সাৰ্বজনীনতা প্ৰদান কৰা।

৩। প্রাথমিক স্তৰত ১৪ বছৰ বয়সলৈকে শিক্ষাৰ্থীৰ সাৰ্বজনীন সংৰক্ষণৰ ব্যৱস্থা কৰা ।

৪। সকলো শিক্ষার্থীয়ে যাতে এক গ্রহণযোগ্য শিক্ষা লাভ কৰিব পাৰে তাৰ বাবে শিক্ষাৰ মানদণ্ডৰ বিকাশ সাধন কৰা ৷

৫। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আন এটা গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰা ।

৬। মাধ্যমিক পর্যায়ত বৃত্তিমুখী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।

৬। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা সম্বন্ধে লিখা। 

Write about Early childhood Care and Education.

Ans: আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা সম্বন্ধে তলত দিয়া আছে- ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিশেষকৈ শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শিশুৰ সামগ্রিক বিকাশৰ বাবে পুষ্টিকাৰক খাদ্য আৰু স্বাস্থ্য, সামাজিক, মানসিক, শাৰীৰিক, নৈতিক আৰু আবেগিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাই এই ক্ষেত্ৰত প্ৰাধান্য লাভ কৰিব আৰু সুসংহত শিশু বিকাশ আঁচনিৰ সেৱাৰ লগত উপযুক্তভাৱে সম্ভৱ হ'লে একত্ৰিত কৰা হ'ব। প্ৰাথমিক শিক্ষা সার্বজনীন কৰাৰ ক্ষেত্ৰত “দিবাতত্ব কেন্দ্ৰ” স্থাপন কৰা হ'ব যাতে ইয়াৰ দ্বাৰা ভায়েক-ভনীয়েকক চোৱা-চিতাৰ কামত নিয়োজিত হৈ থকা ছোৱালীসকল বিদ্যালয়লৈ যাব পাৰে আৰু দুখীয়া শ্ৰেণীৰ কৰ্মৰত মহিলাসকলে যাতে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰে ।

শিশুকেন্দ্রিক (Child Oriented) : আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাৰ আঁচনিসমূহ শিশুকেন্দ্ৰিক হ'ব লাগে। এই আঁচনিয়ে শিশুৰ ব্যক্তিমুখী ভাৱধাৰাক আৰু খেলা-ধূলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এই স্তৰত লিখা, পঢ়া আৰু গণনা কৰাক উৎসাহিত কৰা নহ'ব। ইয়াৰ আঁচনিসমূহত স্থানীয় সম্প্রদায়সমূহে অংশ গ্রহণ কৰিব পাৰিব।


৭। চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণ বুলিলে কি বুজা? 

What do you mean by Delinking degree from jobs.

Ans: 

৮। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো পাঁচটা সবলতা লিখা। 

Write any five merits of National Policy on Education 1986.

Ans: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো পাঁচটা সবলতা হ'ল-

১। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা  : সকলো শিক্ষার্থীক তুলনামূলক গুণগত শিক্ষা প্রদানৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে য'ত ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ভিত্তিত উমৈহতীয়া শৈক্ষিক ব্যৱস্থা থাকিব। ইয়াৰ বাবে ১০+২+৩ এই পদ্ধতি অৱলম্বন কৰা হ'ব।

২। সমতা : এই শিক্ষানীতিয়ে সকলোকে শিক্ষাৰ ক্ষেত্ৰত সম সুবিধা প্ৰদান কৰিছে। নবোদয় বিদ্যালয় স্থাপনে ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। নবোদয় বিদ্যালয়সমূহ সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে বঞ্চিত মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে খোলা হৈছে। ইয়াৰ দ্বাৰা আঞ্চলিক ভাৰসাম্যহীনতা দূৰ হৈছে।

৩। চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণঃ চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণ কৰা ব্যৱস্থাই এক নতুন দিশত সূচনা কৰিছে। ইয়াৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলে নিজস্ব দক্ষতা অনুসৰি নিয়োগ পাবলৈ সক্ষম হৈছে।

৪। শিক্ষা ব্যৱস্থা বিকেন্দ্ৰীকৰণঃ শিক্ষা ব্যৱস্থাপনাক কেন্দ্ৰীয়, ৰাজ্যিক, জিলা আৰু স্থানীয় পৰ্যায়ত বিকেন্দ্ৰীকৰণ কৰা হ'ব। ই শৈক্ষিক অনুষ্ঠানসমূহৰ মাজত স্বায়ত্বশাসনৰ মনোভাৱ গঢ়ি তোলাত সহায় কৰে।

৫। বয়স্ক শিক্ষাঃ দেশৰ জনসাধাৰণৰ মাজত পৰা নিৰক্ষৰতা দৃৰীকৰণৰ বাবে এই শিক্ষানীতিয়ে বয়স্ক শিক্ষাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বয়স্ক বিদ্যালয়, পুথিভঁৰাল, দূৰত্ব শিক্ষা আৰু টেলিভিছনৰ কাৰ্যসূচী আদি প্ৰৱৰ্তন কৰিছে।  

৯। অপাৰেচন ব্লেকবোর্ড কি?

What is Operation Blackboard?

Ans: ১৯৮৬ চনত ভাৰত চৰকাৰে মতুন ৰাষ্ট্ৰায় শিক্ষানীতিত “অপাৰেচন ব্লেকবোর্ড” নামেৰে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত নিম্নতম সুবিধা প্ৰদানৰ বাবে এখন আঁচনি প্রস্তুত কৰে। এই আঁচনিৰ জৰিয়তে প্রাথমিক শিক্ষানুষ্ঠানত নিম্নতম সুবিধা শিক্ষাপ্ৰক্ৰিয়াৰ প্ৰয়োজনীয় সা-সৰঞ্জাম বা উপকৰণৰ ব্যৱস্থা কৰা হয়। এই আঁচনির অন্তর্ভূক্ত সা-সুবিধা সমূহ হ'ল –

(ক) সকলো বতৰৰ উপযোগী দুটা ডাঙৰ শ্ৰেণীকোঠা।

(খ) খেলা-ধুলাৰ সা-সামগ্ৰী ।

(গ) ব্লেকবোর্ড, মেপ, চাৰ্ট আৰু অন্যান্য শিক্ষা সামগ্রী।


১০। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো পাঁচটা দুর্বলতা লিখা। 

Write any five demerits of National Policy on Education 1986.

Ans: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিকোনো পাঁচটা দুর্বলতা হ'ল-

১. প্ৰচলিত পাব্লিক বিদ্যালয়ৰ ক্ষেত্ৰত নীৰৱতাঃ দেশৰ বেছিভাগ পাব্লিক বিদ্যালয়ে শিক্ষাক বাণিজিকীকৰণ কৰা বিষয়টোৰ ক্ষেত্ৰত এই শিক্ষানীতিয়ে নীৰৱ ভূমিকা অৱলম্বন কৰিছে।

২. সমাজৰ পৰা সহায়ৰ ক্ষেত্ৰত অত্যাধিক প্ৰত্যাশাঃ শৈক্ষিক উদ্দেশ্য পূৰনৰ বাবে সমাজৰ পৰা অৰ্থ সাহাৰ্য্য পোৱাৰ ক্ষেত্ৰত অত্যধিক আশাবাদী হোৱা দেখা গৈছে। কিয়নো সমাজৰ ধনী ব্যক্তিসকলৰ ৰাজনৈতিক দলৰ ৰাজনৈতিক দলক দান দিয়াৰ তীব্ৰ প্ৰৱনতা দেখা পোৱা যায়। 

৩. কৰ্তৃপক্ষৰ বহু গুণঃ শিক্ষাৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ বিভিন্ন বিষয়ে পৰামৰ্শ আগবঢ়োৱা হৈছিল কিন্তু বিভিন্ন কৰ্তৃপক্ষৰ কাৰ্যৰ সংজ্ঞা সম্পৰ্কে স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই।

৪. বিদ্যালয়ত কৰ্মৰ সময়ঃ মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে শৈক্ষিক অনুষ্ঠানসমূহত কৰ্মৰ সময় বৃদ্ধিৰ কোনো কথা ইয়াত উল্লেখ কৰা হোৱা।

৫. সংৰক্ষণ নীতি সম্পৰ্কেঃ  শিক্ষানীতিত সংৰক্ষণ নীতি সম্পৰ্কে কোনো পৰামৰ্শ দিয়া হোৱা নাই। সংৰক্ষণ ক্ষেত্ৰত জাতিতকৈ আৰ্থিক অৱস্থাকহে প্ৰাধ্যন্য দিব লাগে।

৬. সংস্কাৰৰ লক্ষ্যঃ বিভিন্ন ক্ষেত্ৰৰ সংস্কাৰৰ লক্ষ্যসমূহ নিৰ্ধাৰীত কৰা হোৱা নাই।

১১। সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৯২ ৰ যিকোনো চাৰিটা গুৰুত্বপূৰ্ণ সংশোধিত দিশৰ বিষয়ে লিখা।

Write about four important revised resolutions of Revised National Policy on Education 1992?

Ans:  সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৯২ ৰ যিকোনো চাৰিটা গুৰুত্বপূৰ্ণ সংশোধিত দিশৰ হ'ল- 

(III) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answers ) 

১। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত প্রাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা সম্বন্ধে আগবঢ়োৱা  পৰামৰ্শসমূহৰ বিষয়ে লিখা । 

Write the recommendations of NPE 1968 regarding Primary, Secondary and Higher Education, 

Ans: ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত প্রাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা সম্বন্ধে আগবঢ়োৱা  পৰামৰ্শসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল-


২। ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটি সমীক্ষাত্মক আলোচনা আগবঢ়োৱা। 

Give an assessment of the National Policy of Education 1968.

Ans: ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটি সমীক্ষাত্মক আলোচনা আগবঢ়োৱা হ'ল-

৩। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল পৰামৰ্শসমূহ আলোচনা কৰা।

Discuss the main recommendations of NPE 1986. 

Ans: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মূল পৰামৰ্শসমূহ আলোচনা কৰা হ'ল-

I. প্রস্তাৱনা (Introduction) :

 → মানৱ ইতিহাস আৰম্ভ হোৱাৰ পৰাই শিক্ষাৰ বিকাশ প্ৰসাৰ হোৱাৰ প্ৰক্ৰিয়া চলি আহিছে। প্ৰতিখন দেশে তাৰ আৰ্থ-সামাজিক, সাংস্কৃতিক পৰিচয়ৰ প্ৰকাশ আৰু বিকাশৰ বাবে আৰু সময় প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ'বৰ বাবে শিক্ষা ব্যৱস্থাৰ বিকাশ সাধন কৰে। ইতিহাসৰ কিছুমান দিশে পুৰণা প্ৰক্ৰিয়াক এক নতুন দিক প্ৰদৰ্শন কৰিছে যি বৰ্তমানত প্ৰতিফলিত হৈছে।

→ আমাৰ দেশখনত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত বিকাশে এনে এটা পর্যায় পাইছে, য'ত আমি আমাৰ প্ৰচেষ্টাসমূহ এনেভাৱে কৰিব লাগে যাতে বৰ্তমানলৈ তৈয়াৰ হোৱা সম্পদসমূহৰ ফলাফল সকলো স্তৰৰ ব্যক্তিলৈ যাব পাৰে। এই লক্ষ্যত উপনীত হোৱাত শিক্ষাই সহায় কৰিব।

II. শিক্ষাৰ সাৰমৰ্ম আৰু ভূমিকা (The Essence and Role of Education) :

১। সৰ্বতো দিশৰ বিকাশ (All round development) : যিহেতু ব্যক্তিৰ সকলো দিশৰ বিকাশ সাধনৰ বাবে শিক্ষা মৌলিক দিশ সেয়েহে শিক্ষা সকলোৰে বাবে অপৰিহার্য।

২। সাংস্কৃতিক অভিযোজনৰ ভূমিকা (Acculturing role) : শিক্ষাই সাংস্কৃতিক অভিযোজনৰ দৰে ভূমিকা পালন কৰিব লাগে যাতে ই সংবেদনশীলতা আৰু উপলব্ধিৰ জৰিয়তে ৰাষ্ট্ৰীয় সংহতি বৈজ্ঞানিক চিন্তাধাৰা আৰু মন আৰু আত্মাৰ স্বাধীনতাৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰে যাৰ দ্বাৰা সংবিধানত সামাজিকতা ধর্ম-নিৰপেক্ষতা আৰু গণতান্ত্রিক লক্ষ্যক প্ৰতিষ্ঠাপন কৰিব পৰা যায়।

৩। মানৱ শক্তিৰ বিকাশ (Man Power Development) : শিক্ষাই দেশৰ ৰাষ্ট্ৰীয় অৰ্থনীতিৰ বিভিন্ন পৰ্যায়ৰ বাবে মানৱ শক্তিৰ বিকাশ সাধন কৰে। ইয়াৰ দ্বাৰা মানৱ সম্পদৰ পূৰ্ণ বিকাশ ঘটাব পাৰি ।

৪। অদ্বিতীয় বিনিয়োগ (Unique Investment) : বৰ্তমান আৰু ভৱিষ্যতৰ বাবে শিক্ষা হৈছে এক অদ্বিতীয় বিনিয়োগ। ইয়াক ৰাষ্ট্ৰীয় শিক্ষানীতিৰ গুৰুত্বপূৰ্ণ উপাদান হিচাপে গ্ৰহণ কৰা হয়।

III. ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা (National System of Education)

১। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ ধাৰণা (Concept of National System of Education) : ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাৰ অৰ্থ হ'ল যে এক নিৰ্দিষ্ট স্তৰলৈ জাতি, বৰ্ণ, ধৰ্ম অথবা লিংগ নির্বিশেষে সকলো শিক্ষার্থীকে সম গুণসম্পন্ন শিক্ষা প্ৰদান কৰা। ইয়াৰ বাবে ১৯৬৮ চনৰ শিক্ষানীতিত প্ৰস্তাৱিত সাধাৰণ বিদ্যালয়ৰ ব্যৱস্থাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ দিশত এই শিক্ষানীতিয়ে গুৰুত্ব প্ৰদান কৰিছে।

IV. সমতাৰ বাবে শিক্ষা (Education for Equality) : নতুন শিক্ষানীতিয়ে বৈষম্যতা দূৰীকৰণৰ ওপৰত আৰু শৈক্ষিক সুবিধাসমূহ সমভাবে দিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে যি এই পর্যন্ত সমতাৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ নিৰ্দিষ্ট প্রয়োজন পূৰ্ণ কৰাৰ বাবে শিক্ষাৰ সমান সুযোগ প্ৰদান কৰিব লাগে। এই দিশৰ গুৰুত্বপূৰ্ণ দিশসমূহ তলত আলোচনা কৰা হ'ল—

১। নাৰীৰ সমতাৰ বাবে শিক্ষা (Education for Women's Equality) :

(i) নাৰীৰ মৰ্যদা (Status of Women) :

শিক্ষাক, নাৰীৰ মৰ্যদাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰাথমিক বাহক হিচাপে গণ্য কৰা হ'ব। অতীতত প্ৰচলিত নাৰীৰ বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে নাৰীৰ পক্ষে এক সদর্থক মনোভাৱ গঢ়ি তুলিব লাগিব।

(ii) নাৰীৰ সবলীকৰণ (Empowerment of Women) :

নাৰীৰ সবলীকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ইতিবাচক ভূমিকা গ্রহণ কৰিব। পাঠ্যক্ৰমৰ পুনৰ সংগঠন, পাঠ্যপুথি, শিক্ষকৰ প্ৰশিক্ষণ, প্রশাসক আৰু শৈক্ষিক অনুষ্ঠানসমূহত সক্রিয় অংশ গ্ৰহণৰ মাজেদি ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে নতুন মূল্যবোধৰ বিকাশ সাধনত সহায় কৰিব।


V. বিভিন্ন স্তৰত শিক্ষাৰ পুনৰ সংগঠন (Reorganisation of Education at different Stages): 

 ১। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা (Early Childhood Care and Education ECCE): ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বিশেষকৈ শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শিশুৰ সামগ্রিক বিকাশৰ বাবে পুষ্টিকাৰক খাদ্য আৰু স্বাস্থ্য, সামাজিক, মানসিক, শাৰীৰিক, নৈতিক আৰু আবেগিক বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাই এই ক্ষেত্ৰত প্ৰাধান্য লাভ কৰিব আৰু সুসংহত শিশু বিকাশ আঁচনিৰ সেৱাৰ লগত উপযুক্তভাৱে সম্ভৱ হ'লে একত্ৰিত কৰা হ'ব।

শিশুকেন্দ্রিক (Child Oriented) : আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাৰ আঁচনিসমূহ শিশুকেন্দ্ৰিক হ'ব লাগে। এই আঁচনিয়ে শিশুৰ ব্যক্তিমুখী ভাৱধাৰাক আৰু খেলা-ধূলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। এই স্তৰত লিখা, পঢ়া আৰু গণনা কৰাক উৎসাহিত কৰা নহ'ব।

VII. পদ্ধতিগত কর্ম সৃষ্টি (Making the System Work)

১। শিক্ষাৰ বিভিন্ন কার্যসমূহ খেলি-মেলিকৈ চলিব নোৱাৰে। শিক্ষাক এনেকুৱা এটা দিশত পৰিচালনা কৰাটো প্রয়োজন যত বৌদ্ধিক, সামর্থ, লক্ষ্যৰ গভীৰতা আৰু উদ্ভাৱন আৰু সৃজনশীলতা থাকিব, গুণগত মান আৰু শিক্ষাৰ বিস্তাৰৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী পৰিৱৰ্তনবিলাক অর্ন্তভুক্ত কৰা হয় আৰু সমগ্র শিক্ষাব্যৱস্থাক এক পদ্ধতিৰ মাজলৈ নিবৰ বাবে প্রচেষ্টা চলোৱা হ'ব।

২। দেশে শিক্ষা পদ্ধতিৰ ক্ষেত্ৰত সীমাহীন আস্থা প্ৰকাশ কৰিছে। জনসাধাৰণৰ উপযুক্ত ফলাফল বিচৰাৰ অধিকাৰ আছে। সেয়েহে কৰ্ম সৃষ্টি কৰা হ'ব ইয়াৰ প্ৰধান দিশ। সকলো শিক্ষকে শিক্ষাদান কৰা উচিত আৰু সকলো শিক্ষার্থীয়ে অধ্যয়ন কৰা উচিত।

৩। কৰ্মৰ পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত ল'ব লগা পদক্ষেপসমূহ হৈছে 

(ক) শিক্ষকসকলে অধিক দক্ষতাৰে ভালকৈ দায়িত্বসমূহ পালন কৰিব।

(খ) উন্নত শিক্ষাৰ্থীৰ সেৱাৰ ব্যৱস্থা কৰা আৰু আচৰণৰ গ্ৰহণযোগ্য মানদণ্ড অনুসৰণ কৰিবৰ বাবে জোৰ দিয়া।

(গ) অনুষ্ঠানসমূহক অধিক উন্নত সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা।

(ঘ) ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত নিৰ্ধাৰিত মানদণ্ড অনুসৰি প্ৰতিষ্ঠানৰ কৃতিত্ব মূল্যায়ণৰ ব্যৱস্থা কৰা।

VIII. শিক্ষাৰ বিষয়বস্তু আৰু প্ৰক্ৰিয়াৰ পুনৰ সংগঠন (Reorienting The Content and Process of Education) :

১। সাংস্কৃতিক দৃষ্টিপাত (The Cultural Perspective) :

(i) প্রচলিত আনুষ্ঠানিক শিক্ষা পদ্ধতি আৰু দেশৰ ভিন্ন সাংস্কৃতিক পৰম্পৰাৰ মাজত মতভেদ আঁতৰাই সংযোগ স্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে। আধুনিক প্রযুক্তিবিদ্যাই ভাৰতীয় নতুন প্রজন্মক ভাৰতীয় ইতিহাস আৰু সংস্কৃতিৰ ধাৰণাৰ পৰা পৃথক কৰিব নোৱাৰে। যিকোনো প্ৰকাৰে অপ-সংস্কৃতি, অমানৱীয় আদিবোৰ ত্যাগ কৰিব লাগে। শিক্ষাব্যৱস্থাই পৰিৱৰ্তনভিত্তিক প্রযুক্তিবিদ্যা আৰু দেশৰ সাংস্কৃতিক পৰম্পৰাৰ ধাৰাবাহিকতাৰ মাজত সংযোগ ঘটাব।

(ii) শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমত সাংস্কৃতিক বিষয়বস্তুসমূহ যিমান পাৰি অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে সৌন্দৰ্য, সংহতি আৰু সংস্কাৰমুখী ধাৰণাৰ বিকাশ সাধন কৰিবলৈ সক্ষম হ'ব। আনুষ্ঠানিক শিক্ষাগত অৰ্হতা নির্বিশেষে সমাজৰ সমল ব্যক্তিসকলক শিক্ষাৰ সাংস্কৃতিক সমৃদ্ধিত অৱদান আগবঢ়োৱাৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব।

(iii) বিশ্ববিদ্যালয় ব্যৱস্থা আৰু কলা, প্রত্নতত্ব আৰু প্ৰাচ্য গৱেষণা ইত্যাদি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ মাজত সু-সম্পর্ক স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও সুকুমাৰ কলা, লোকসংস্কৃতি, সংগ্রহালয় বিজ্ঞান


৪। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমতাৰ বাবে শিক্ষাৰ বিভিন্ন প্রস্তাৱসমূহ আলোচনা কৰা।

Discuss the different resolution of NPE 1986 regarding Education for equality.

Ans: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমতাৰ বাবে শিক্ষাৰ বিভিন্ন প্রস্তাৱসমূহ আলোচনা কৰা হ'ল-

সমতাৰ বাবে শিক্ষা (Education for Equality) : নতুন শিক্ষানীতিয়ে বৈষম্যতা দূৰীকৰণৰ ওপৰত আৰু শৈক্ষিক সুবিধাসমূহ সমভাবে দিয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে যি এই পর্যন্ত সমতাৰ পৰা বঞ্চিত হৈছে তেওঁলোকৰ নিৰ্দিষ্ট প্রয়োজন পূৰ্ণ কৰাৰ বাবে শিক্ষাৰ সমান সুযোগ প্ৰদান কৰিব লাগে। এই দিশৰ গুৰুত্বপূৰ্ণ দিশসমূহ তলত আলোচনা কৰা হ'ল—

১। নাৰীৰ সমতাৰ বাবে শিক্ষা (Education for Women's Equality) :

(i) নাৰীৰ মৰ্যদা (Status of Women) : শিক্ষাক, নাৰীৰ মৰ্যদাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰাথমিক বাহক হিচাপে গণ্য কৰা হ'ব। অতীতত প্ৰচলিত নাৰীৰ বৈষম্যতা দূৰ কৰি নিৰপেক্ষ দৃষ্টিভংগী গ্ৰহণ কৰাৰ বাবে নাৰীৰ পক্ষে এক সদর্থক মনোভাৱ গঢ়ি তুলিব লাগিব।

(ii) নাৰীৰ সবলীকৰণ (Empowerment of Women) : নাৰীৰ সবলীকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ইতিবাচক ভূমিকা গ্রহণ কৰিব। পাঠ্যক্ৰমৰ পুনৰ সংগঠন, পাঠ্যপুথি, শিক্ষকৰ প্ৰশিক্ষণ, প্রশাসক আৰু শৈক্ষিক অনুষ্ঠানসমূহত সক্রিয় অংশ গ্ৰহণৰ মাজেদি ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে নতুন মূল্যবোধৰ বিকাশ সাধনত সহায় কৰিব।

(iii) মহিলাৰ অধ্যয়ন (Women's Studies) : মহিলাৰ অধ্যয়নক বিভিন্ন পাঠ্যক্ৰমৰ বিষয় হিচাপে প্ৰচাৰ কৰা হ'ব আৰু শৈক্ষিক অনুষ্ঠানসমূহক নাৰীৰ বিকাশৰ বাবে সক্ৰিয় কৰ্মসূচী গ্ৰহণ কৰিবলৈ উৎসাহ প্রদান কৰা হ'ব।

(iv) নাৰীৰ নিৰক্ষৰতা. দূৰীকৰণ (Removal of Women's illiteracy) : নাৰীৰ নিৰক্ষৰতা দূৰ কৰিবৰ বাবে প্ৰৱেশৰ ক্ষেত্ৰত থকা বাধাসমূহ আৰু প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কা সমস্যাসমূহ দূৰ কৰি সকলোবে যাতে শিক্ষাৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে বিশেষ ৱস্থাৱলী গ্ৰহণ কৰিব লাগে আৰু উপযুক্ত পর্যবেক্ষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

২। অনুসূচীত জাতিৰ শিক্ষা (Education of Scheduled Caste) : অনুসূচীত জাতিৰ বৃত্তিসকলে যাতে অ-অনুসূচীত জাতিৰ দৰে সকলো পৰ্যায়তে সম ধৰণৰ শৈক্ষিক সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰা হ'ব। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ'ল।

(i) প্রত্যেক পৰিয়ালক তেওঁলোকৰ ল'ৰা-ছোৱালীক ১৪ বছৰ নোহোৱা পর্যন্ত বিদ্যালয়লৈ নিয়মিত পঠাবৰ বাবে উৎসাহ প্রদান কৰিব লাগে।

(ii) পৰিয়ালসমূহৰ ল'ৰা-ছোৱালীক প্ৰাক-প্ৰৱেশিকা জলপানিৰ ব্যৱস্থা কৰা আৰু ইয়াক প্ৰথম শ্ৰেণীৰ পৰা প্ৰদান কৰা হ'ব।

(iii) অনুসূচীত জাতিৰ ল'ৰা-ছোৱালীৰ নামভৰ্তিকৰণ, অপচয় ৰোধকৰণ আৰু পাঠ্যক্ৰমৰ সফল সমাপ্তি কোনো স্তৰতে যাতে বাধাপ্রাপ্ত নহয় তাৰ বাবে সঘনাই নিৰীক্ষণ কৰা আৰু পৰিকল্পনা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। ভৱিষ্যত শিক্ষা আৰু নিযুক্তিৰ সম্ভাৱনা উন্নত কৰিবৰ বাবে প্ৰতিকাৰমূলক পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।

(iv) শিক্ষা আধাতে এৰি দিয়া শিক্ষাৰ্থীসকলৰ কাৰণে অগতানুগতিক শিক্ষাৰ বিশেষ ব্যৱস্থা প্ৰদান কৰিব লাগে।

(v) অনুসূচীত জাতিৰ পৰা শিক্ষকসকলক নিয়োগৰ ব্যৱস্থা কৰা।

(vi) অনুসূচীত জাতিৰ ল'ৰা-ছোৱালীয়ে সম্পূৰ্ণভাৱে অংশ গ্রহণ কৰিব পৰাকৈ বিদ্যালয় গৃহ, বালকেন্দ্ৰ আৰু বয়স্ক শিক্ষাৰ কেন্দ্ৰ আদি স্থাপনৰ ব্যৱস্থা কৰিব লাগে।

৩. অনুসূচীত জনজাতিৰ শিক্ষা (Education of Scheduled Tribes) : অনুসূচীত জনজাতিৰ শিক্ষাৰ ক্ষেত্ৰত তলত দিয়া পদক্ষেপসমূহ লোৱা উচিত-

(i) জনজাতীয় শিক্ষিত আৰু উদ্যোগী যুৱসকলক জনজাতীয় অঞ্চলত শিক্ষাদান কৰাৰ বাবে প্রশিক্ষণ আৰু উৎসাহ প্রদান কৰিব লাগে। (ii) এই ধৰণৰ অঞ্চলসমূহত ব্যাপক পৰিসৰত আবাসিক বিদ্যালয় আৰু আশ্ৰম বিদ্যালয় স্থাপন কৰিব লাগে।

(iii) অগ্ৰাধিকাৰৰ ভিত্তিত অগতানুগতিক আৰু বয়স্ক শিক্ষাৰ কেন্দ্ৰসমূহ খোলা হ'ব। জনজাতীয়লোকসকল বাস কৰা ঠাইত অংগনবাদীৰ ব্যৱস্থা কৰা হ'ব।

 (iv) শিক্ষাৰ সকলো পৰ্যায়ত জনজাতীয় ব্যক্তিসকলৰ সংস্কৃতিৰ আৰু তেওঁলোকৰ প্ৰতিভাৰ ক্ষেত্ৰত সচেতনতা আনিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুত কৰা হ'ব।

৪। অন্যান্য শৈক্ষিক ক্ষেত্ৰত পিছপৰা শ্ৰেণী আৰু অঞ্চলসমূহ (Other Educationally Backward Sections and Areas) : সমাজৰ শৈক্ষিকভাৱে পিছপৰা অঞ্চলসমূহত বিশেষকৈ গ্ৰাম্য অঞ্চলত উপযুক্ত পদক্ষেপ লোৱা হ'ব। পাৰ্বত্য অঞ্চল আৰু মৰুভূমিৰ জিলা দুর্গম আৰু যোগাযোগ বিচ্ছিন্ন অঞ্চল আৰু দ্বীপসমূহত শিক্ষানুষ্ঠান স্থাপনৰ বাবে উপযুক্ত সুবিধা প্ৰদান কৰা হ'ব।

৫। সংখ্যালঘূসকলৰ বাবে শিক্ষা (Education of Minorities) : সংখ্যালঘুসকলৰ কিছুমান এতিয়াও শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। সংখ্যালঘুলোকসকলৰ সমতা আৰু সামাজিক ন্যায়ৰ স্বাৰ্থত তেওঁলোকৰ শিক্ষাৰ ওপৰত অধিক মনোযোগ দিয়া প্রয়োজন


৫। শিক্ষকৰ শিক্ষা আৰু শিক্ষকৰ মৰ্যদা সম্পৰ্কে ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ মতামতসমূহ আলোচনা কৰা ।

Discuss the views of NPE 1986 on Teacher Education and status of Teachers.

Ans: শিক্ষকৰ শিক্ষা আৰু শিক্ষকৰ মৰ্যদা সম্পৰ্কে ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬ ৰ মতামতসমূহ আলোচনা কৰা হ'ল-

৬। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত প্রাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহ আলোচনা কৰা। 

Discuss the recommendations of NPE 1986 regarding primary and Secondary education.

Ans:  ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত প্রাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহ তলত আলোচনা কৰা-

৭। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামর্শসমূহ আলোচনা কৰা । 

Discuss the recommendations of NPE 1986 regarding Higher Education. 

Ans: উচ্চ শিক্ষাৰ ক্ষেত্ৰত ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামর্শসমূহ তলত আলোচনা কৰা-

(i) স্বায়ত্ব শাসিত মহাবিদ্যালয়সমূহৰ বিকাশ (Development of Autonomous Colleges): কলেজসমূহ অনুমোদিতকৰণৰ মিশ্ৰিত অভিজ্ঞতাৰ প্ৰতি লক্ষ্য ৰাখি অধিক সংখ্যক স্বায়ত্বশাসিত মহাবিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব যেতিয়ালৈকে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়- সমূহৰ মাজত মুক্ত আৰু গঠনমূলক পৰিৱেশ সৃষ্টি হৈ অনুমোদন ব্যৱস্থা বাতিল হৈ নাযায়৷ 

(ii) সমাজৰ মহাবিদ্যালয় শিক্ষাৰ পুনৰ সংগঠন (Redesigning College education) :  বিশেষ চাহিদা পূৰণ কৰিবৰ বাবে মহাবিদ্যালয়ৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচীৰ পুনৰ সংগঠন হ'ব। ভাষাগত দক্ষতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। ইয়াৰোপৰি পাঠ্যক্ৰমৰ সংমিশ্ৰণত নমনীয়তা বৃদ্ধি কৰা হ'ব। 

(iii) পৰিকল্পনা আৰু সমন্বয় (Planning and Coordination) : উচ্চ শিক্ষা পৰিষদৰ দ্বাৰা ৰাজ্যিক পৰ্যায়ৰ পৰিকল্পনা আৰু সমন্বয় গঢ়ি তোলা হ'ব। উচ্চ শিক্ষাৰ মানদণ্ড ৰক্ষা কৰিবৰ কাৰণে বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু এই পৰিষদ সমূহৰ সমন্বয়ৰ বিকাশ সাধন কৰা হ'ব।

(iv) নামভৰ্তিৰ নিয়ন্ত্রণ (Regulated admission) : উচ্চ শিক্ষাৰ ক্ষেত্ৰত সামর্থ অনুযায়ী নামভৰ্তিকৰণ নিয়ন্ত্ৰণ কৰা হ'ব। অত্যধিক নামভৰ্তিকৰণে অধিক হেঁচাৰ সৃষ্টি কৰে আৰু সকলো ক্ষেত্ৰতে অনুশাসনহীনতাৰ সৃষ্টি কৰে।

(v) শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তন (Changes in the method of teaching) : শিক্ষাদান পদ্ধতিৰ আমূল পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। দৃশ্য-শ্রাব্য সজুঁলিসমূহ আৰু বৈদ্যুতিক সা-সজুঁলিসমূহ শিক্ষাদান পদ্ধতিৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ'ব। বিজ্ঞান আৰু প্ৰযুক্তিগত পাঠ্যক্ৰমৰ বিকাশ, গৱেষণা আৰু শিক্ষকৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব।

(vi) গুণগত গৱেষণা (Qualitative Research) : বিশ্ববিদ্যালয় পর্যায়ত গৱেষণাৰ উচ্চ মানদণ্ড অটুট ৰাখিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব। বিশ্ববিদ্যালয় পর্যায়ত গৱেষণাৰ সমন্বয় সাধনৰ বাবে বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আৰু অন্যান্য সংস্থাৰ দ্বাৰা কৰা গৱেষণাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় অনুদান আয়োগে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব। বিশ্ববিদ্যালয় পদ্ধতিৰ ভিতৰত উপযুক্ত স্বায়ত্বশাসিত পৰিচালনাৰে ৰাষ্ট্ৰীয় গৱেষণাৰ সুবিধাসমূহ স্থাপন কৰাৰ ক্ষেত্ৰত উৎসাহমূলক প্রচেষ্টা লোৱা হ'ব। ভাৰতীয় বিদ্যা, কলা বিষয়সমূহ আৰু সমাজ বিজ্ঞানৰ ক্ষেত্ৰত কৰা গৱেষণাই পর্যাপ্ত সমৰ্থন পাব। বিভিন্ন বিষয়ৰ জ্ঞানৰ সমন্বয় সাধনৰ বাবে আন্তঃবিভাগীয় গৱেষণা কার্যক উৎসাহ প্রদান কৰিব লাগে। ভাৰতবৰ্ষৰ প্ৰাচীন জ্ঞান-অভিজ্ঞতাসমূহৰ বিকাশ সাধন কৰা হ'ব আৰু সমসাময়িক বাস্তৱ জ্ঞানৰ লগত সম্পর্কিত কৰাৰ চেষ্টা কৰা হ'ব। সংস্কৃত আৰু অন্যান্য ধ্রুপদী ভাষাৰ নিবিড় অধ্যয়নত এই প্রচেষ্টাই সহায় কৰিব।

(vii) ৰাষ্ট্ৰীয় সংস্থা স্থাপন কৰা (Setting up national body ) : এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সমন্বয় আৰু ধাৰাবাহিকতাৰ স্বাৰ্থত সুবিধাসমূহ ভগাই দিবলৈ আৰু আন্তঃবিভাগীয় গৱেষণাৰ উন্নতি সাধন কৰিবলৈ সাধাৰণ কৃষি, চিকিৎসা, কাৰিকৰী, আইনী আৰু অন্যান্য বৃত্তিমূলক ক্ষেত্ৰক সাঙুৰি উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক ৰাষ্ট্ৰীয় সংস্থা স্থাপন কৰা হ'ব।


৮। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সবলতা আৰু দুৰ্বলতাসমূহ আলোচনা কৰা।

Discuss the merits and demerits of NPE 1986.

Ans১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ  সবলতা হ'ল-

১। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা  : সকলো শিক্ষার্থীক তুলনামূলক গুণগত শিক্ষা প্রদানৰ বাবে ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে য'ত ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ভিত্তিত উমৈহতীয়া শৈক্ষিক ব্যৱস্থা থাকিব। ইয়াৰ বাবে ১০+২+৩ এই পদ্ধতি অৱলম্বন কৰা হ'ব।

২। সমতা : এই শিক্ষানীতিয়ে সকলোকে শিক্ষাৰ ক্ষেত্ৰত সম সুবিধা প্ৰদান কৰিছে। নবোদয় বিদ্যালয় স্থাপনে ভাৰতৰ শিক্ষাৰ বুৰঞ্জীত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। নবোদয় বিদ্যালয়সমূহ সামাজিকভাৱে আৰু অৰ্থনৈতিকভাৱে বঞ্চিত মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে খোলা হৈছে। ইয়াৰ দ্বাৰা আঞ্চলিক ভাৰসাম্যহীনতা দূৰ হৈছে।

৩। চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণঃ চাকৰিৰ পৰা ডিগ্ৰী পৃথকীকৰণ কৰা ব্যৱস্থাই এক নতুন দিশত সূচনা কৰিছে। ইয়াৰ ফলস্বৰূপে শিক্ষাৰ্থীসকলে নিজস্ব দক্ষতা অনুসৰি নিয়োগ পাবলৈ সক্ষম হৈছে।

৪। শিক্ষা ব্যৱস্থা বিকেন্দ্ৰীকৰণঃ শিক্ষা ব্যৱস্থাপনাক কেন্দ্ৰীয়, ৰাজ্যিক, জিলা আৰু স্থানীয় পৰ্যায়ত বিকেন্দ্ৰীকৰণ কৰা হ'ব। ই শৈক্ষিক অনুষ্ঠানসমূহৰ মাজত স্বায়ত্বশাসনৰ মনোভাৱ গঢ়ি তোলাত সহায় কৰে।

৫। বয়স্ক শিক্ষাঃ দেশৰ জনসাধাৰণৰ মাজত পৰা নিৰক্ষৰতা দৃৰীকৰণৰ বাবে এই শিক্ষানীতিয়ে বয়স্ক শিক্ষাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে বয়স্ক বিদ্যালয়, পুথিভঁৰাল, দূৰত্ব শিক্ষা আৰু টেলিভিছনৰ কাৰ্যসূচী আদি প্ৰৱৰ্তন কৰিছে।

৬। নাৰী শিক্ষা (Women Education) : নাৰী শিক্ষাৰ ওপৰত নতুন শিক্ষানীতিয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। যিহেতু নাৰীসকলক ৰাষ্ট্ৰৰ প্ৰগতিৰ মল চাবিকাঠি হিচাপে গণ্য কৰা হয় সেয়েহে ইয়াত বৃত্তিমূলক পাঠ্যক্ৰম, পুষ্টি আৰু শিশুৰ যতনৰ পাঠ্যক্ৰম আৰু গার্হস্থ্য বিজ্ঞান আদিক প্রাধান্য প্ৰদান কৰা হৈছে।

৭। অপাৰেচন ব্লেকবোর্ড (Operation Black-Board) : প্রাথমিক শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অপাৰেচন ব্লেকবোর্ড আঁচনিয়ে শিক্ষাৰ গুণগত বিকাশ সাধনত সহায় কৰিছে। কিয়নো এই আঁচনিৰ অধীনত বিদ্যালয়সমূহৰ নূন্যতম প্রয়োজনসমূহ পূৰণ কৰিবৰ বাবে চেষ্টা চলোৱা হৈছে।

৮। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে শিক্ষা (Education of Scheduled Caste and Scheduled tribes) : সামাজিক আৰু অৰ্থনৈতিকভাৱে বঞ্চিত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোকসকল হৈছে আমাৰ সমাজৰ মেৰুদণ্ডস্বৰূপ। তেওঁলোকক সমাজত উপযুক্ত স্থানৰ প্রয়োজন সেয়েহে এই নতুন শিক্ষানীতিয়ে এই ব্যক্তিসকলৰ শিক্ষাৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ বাবে আবাসিক বিদ্যালয় স্থাপন, জলপানি, শিক্ষা প্রদান কৰা আদি দিশত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

           ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ  দুর্বলতা হ'ল-

১. প্ৰচলিত পাব্লিক বিদ্যালয়ৰ ক্ষেত্ৰত নীৰৱতাঃ দেশৰ বেছিভাগ পাব্লিক বিদ্যালয়ে শিক্ষাক বাণিজিকীকৰণ কৰা বিষয়টোৰ ক্ষেত্ৰত এই শিক্ষানীতিয়ে নীৰৱ ভূমিকা অৱলম্বন কৰিছে।

২. সমাজৰ পৰা সহায়ৰ ক্ষেত্ৰত অত্যাধিক প্ৰত্যাশাঃ শৈক্ষিক উদ্দেশ্য পূৰনৰ বাবে সমাজৰ পৰা অৰ্থ সাহাৰ্য্য পোৱাৰ ক্ষেত্ৰত অত্যধিক আশাবাদী হোৱা দেখা গৈছে। কিয়নো সমাজৰ ধনী ব্যক্তিসকলৰ ৰাজনৈতিক দলৰ ৰাজনৈতিক দলক দান দিয়াৰ তীব্ৰ প্ৰৱনতা দেখা পোৱা যায়। 

৩. কৰ্তৃপক্ষৰ বহু গুণঃ শিক্ষাৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ বিভিন্ন বিষয়ে পৰামৰ্শ আগবঢ়োৱা হৈছিল কিন্তু বিভিন্ন কৰ্তৃপক্ষৰ কাৰ্যৰ সংজ্ঞা সম্পৰ্কে স্পষ্টকৈ উল্লেখ কৰা হোৱা নাই।

৪. বিদ্যালয়ত কৰ্মৰ সময়ঃ মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে শৈক্ষিক অনুষ্ঠানসমূহত কৰ্মৰ সময় বৃদ্ধিৰ কোনো কথা ইয়াত উল্লেখ কৰা হোৱা।

৫. সংৰক্ষণ নীতি সম্পৰ্কেঃ  শিক্ষানীতিত সংৰক্ষণ নীতি সম্পৰ্কে কোনো পৰামৰ্শ দিয়া হোৱা নাই। সংৰক্ষণ ক্ষেত্ৰত জাতিতকৈ আৰ্থিক অৱস্থাকহে প্ৰাধ্যন্য দিব লাগে।

৬. সংস্কাৰৰ লক্ষ্যঃ বিভিন্ন ক্ষেত্ৰৰ সংস্কাৰৰ লক্ষ্যসমূহ নিৰ্ধাৰীত কৰা হোৱা নাই।    

৭। বিভিন্ন স্তৰৰ মাজত শিক্ষানীতিৰ সংযোগহীনতা (Lack of linkage of educational policy among different levels) : বিভিন্ন স্তৰৰ মাজত শিক্ষানীতিৰ সংযোগৰ সৰ্বাধিক প্রয়োজন। কিন্তু ইয়াৰ বিপৰীতে লক্ষ্য কৰা হয় যে প্রাথমিক মাধ্যমিক আৰু উচ্চ শিক্ষাই ঐক্যবদ্ধভাৱে কাম কৰা নাই আৰু তেওঁলোকৰ মাজত সংযোগৰ অভাৱ পলিক্ষিত হয়। ইয়াৰোপৰি শিক্ষা আৰু অন্যান্য বিকশিত সংস্থাসমূহৰ মাজতো কোনো ভাল সম্পর্ক নাই।

৮। আর্থিক দিশ (Financial aspect) : শিক্ষাগত সংস্কাৰ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত আৰ্থিক দিশৰ প্ৰয়োগ কাৰ্যকৰী হোৱা নাই। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পর্কে কিছুমান আসোঁৱাহ উল্লেখ কৰা হৈছে যদিও এই শিক্ষানীতিৰ পৰামৰ্শসমূহে পৰৱৰ্তী পৰ্যায়ত দেশৰ শিক্ষা ব্যৱস্থাক প্ৰভাৱিত কৰিছে। সেয়েহে এই শিক্ষানীতিক ভাৰতৰ ভৱিষ্যত শিক্ষাৰ মেগনাকার্টা হিচাপে অভিহিত কৰা হৈছে।

৯। ৰামমূৰ্তি পুনৰীক্ষণ কমিটিৰ মূল পৰামৰ্শসমূহ আলোচনা কৰা। 

Discuss the major recommendations of Ramamurti Review Committee.

Ans: ৰামমূৰ্তি পুনৰীক্ষণ কমিটিৰ মূল পৰামৰ্শসমূহ তলত আলোচনা কৰা-

১। সাধাৰণ বিদ্যালয় পদ্ধতিৰ বিকাশ (Development of Common School System): শিক্ষাৰ ক্ষেত্ৰত সামাজিক ন্যায় আৰু সমতা স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ অপৰিহাৰ্য সামগ্রিক উপাদান হৈছে সাধাৰণ বিদ্যালয় পদ্ধতিৰ বিকাশ সাধন। এই ধাৰণাক কাৰ্যকৰীকৰণ কৰিবৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এই উদ্দেশ্য আহৰণ কৰিবৰ বাবে প্ৰচলিত চৰকাৰ, স্থানীয় কৰ্তৃপক্ষ আৰু চৰকাৰী সাহাৰ্যপ্রাপ্ত বিদ্যালয়সমূহক গুণগত বিকাশ সাধনৰ বাবে প্ৰকৃত প্রতিবেশী বিদ্যালয়লৈ পৰিৱৰ্তিত কৰা হ'ব। একেধৰণে বেচৰকাৰী বিদ্যালয়সমূহকো সময়ৰ লগে লগে এই ব্যৱস্থালৈ ৰূপান্তৰিত কৰা হ'ব।

২। আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা (Early Childhood Care and Education): সংবিধানৰ ৪৫ নং অনুচ্ছেদত উল্লেখিত পৰামৰ্শ অনুযায়ী এক নির্দিষ্ট সময়-সীমাৰ ভিতৰত ১৪ বছৰ বয়স নোহোৱা পৰ্যন্ত সকলো ল'ৰা-ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ লগতে আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষাক ইয়াৰ লগত অন্তৰ্ভুক্ত কৰি পৰিসৰ বৃদ্ধি কৰিব লাগে।

৩। শিক্ষাৰ অধিকাৰ (Right to Education) : ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰসমূহৰ লগত অর্ন্তভুক্ত কৰিবৰ বাবে শিক্ষাৰ অধিকাৰক পৰীক্ষা কৰা উচিত। এই অধিকাৰক আদায় কৰিবৰ বাবে সকলো আর্থ-সামাজিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। 

৪। অপাৰেচন ব্লেকবোর্ড (Operation Blackboard) : ৰাজ্যিক চৰকাৰসমূহে অপাৰেচন ব্লেকবোর্ড আঁচনিৰ ক্ষেত্ৰত উপযুক্ত নীতি-নিৰ্দ্ধাৰণ পদ্ধতিৰ সৃষ্টি কৰিব য'ত শিক্ষা বিভাগে এফালে DIET আৰু আনফালে সংশ্লিষ্ট বিদ্যালয় আৰু গ্ৰাম্য শিক্ষা কমিটিৰ পৰা এই আঁচনি ৰূপায়নৰ ক্ষেত্ৰত পৰামৰ্শ ল'ব পাৰিব ।

৫। কর্ম অভিজ্ঞতা (Work Experience) : কর্ম অভিজ্ঞতা অথবা সামাজিকভাৱে উপযোগী উৎপাদনশীল কার্যক শিক্ষাগত বিভিন্ন বিষয়ৰ লগত সংহতভাৱে যুক্ত কৰিব লাগে।

৬। ৰাষ্ট্ৰীয় শিক্ষানীতিত বৃত্তিমুখী আঁচনি (Vocational Programmes in NPE) : যিসকলে বিদ্যালয়ত আনুষ্ঠানিক মাধ্যমিক শিক্ষা গ্রহণৰ বাবে নাযায় তেওঁলোকৰ বাবে অগতানুগতিক শিক্ষাৰ মাধ্যম TRYSEM আৰু পলিটেকনিকৰ জৰিয়তে আৰু আনুষ্ঠানিক মাধ্যম TTI আৰু গ্ৰাম্য অনুষ্ঠানৰ মাজেদি বৃত্তিমুখী আঁচনি গ্রহণ কৰিব লাগে।

৭। বৃত্তিমুখী পাঠ্যক্ৰমৰ বিসংগতি দূৰীকৰণ (Removal of Anomalies in Vocational Courses) : কিছুমান বৃত্তিমুখী পাঠ্যক্ৰম লিংগ বৈষম্যতাৰ বলি হোৱা দেখা যায় উদাহৰণস্বৰূপে কোনো এটা পাঠ্যক্ৰমত মহিলাৰ বাবে সুবিধা থকাটো বাঞ্চনীয় যদিও পাঠ্যক্ৰম কেৱল মহিলাৰ উপযোগী হোৱাটো উচিত নহয়। ঠিক একেদৰে বৃত্তিমুখী শিক্ষাৰ পাঠ্যক্ৰমসমূহে অনুসূচীত জাতি-জনজাতিৰ বাবেও সুবিধা প্ৰদান কৰিব লাগে।

৮। সম্পদ (Resources) : শিক্ষাৰ ক্ষেত্ৰত মুঠ জাতীয় উৎপাদনৰ ৬ শতাংশ বিনিয়োগ কৰিব লাগে। সকলোবোৰ কাৰিকৰী আৰু বৃত্তিগত শিক্ষা নিজস্ব পুঁজিৰে সম্পন্ন হ'ব লাগে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ মাচুল বৃদ্ধি কৰিব লাগে। উচ্চ শিক্ষা গ্রহণ কৰিব বিচৰা শিক্ষার্থীসকলক বিত্তীয় প্রতিষ্ঠানসমূহে ঋণ আগবঢ়াব লাগে। 

 ৯। বয়স্ক শিক্ষা (Adult education) : মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ শিক্ষা বিভাগৰ দ্বাৰা বিশেষ কাৰ্যসূচীৰ মাজেদি বয়স্ক শিক্ষাক উৎসাহিত কৰিব লাগে যাতে ইয়াৰ দ্বাৰা বিভিন্ন সামাজিক কৌশলৰ বিকাশ সাধন হয়।

১০। শিক্ষকৰ শিক্ষা (Teacher Education) : কমিটিয়ে পৰামৰ্শ আগবঢ়ায় যে শিক্ষকসকলক কৌশলপূৰ্ণ উপযুক্ত আৰু প্ৰাসংগিক প্ৰশিক্ষণ প্রদান কৰিব লাগে। শিক্ষকসকলক কর্মকালীন প্রশিক্ষণ প্ৰদান কৰিব লাগে আৰু ই অভিজ্ঞতা কেন্দ্ৰিক হোৱা উচিত। 

ৰাষ্ট্ৰীয় শিক্ষানীতিক উপযুক্তভাৱে কাৰ্যকৰী কৰিবলৈ ৰামমূৰ্ত্তি কমিটিয়ে কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে। কিন্তু পৰৱৰ্তী সময়ত এই পৰামৰ্শসমূহ কাৰ্যকৰী নহ'ল।


১০। জনার্ধন ৰেড্ডি কমিটিৰ মূল পৰামৰ্শসমূহ আলোচনা কৰা। 

Discuss the major recommendations of Janardhan Reddy Committee.

Ans: জনার্ধন ৰেড্ডি কমিটিৰ মূল পৰামৰ্শসমূহ তলত আলোচনা কৰা হ'ল-

১। অনুসূচীত জাতি-জনজাতি আৰু অন্যান্য শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে শিক্ষা (Education of the SCS/STs and other Educationally Backward Sections) : অনুসূচীত জাতি-জনজাতি আৰু অন্যান্য শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ শিক্ষাৰ বাবে এখন স্থায়ী কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদ গঠন কৰিব লাগে আৰু এই শ্ৰেণীসমূহৰ শিক্ষাবিদসকলৰ এই কমিটিত প্রতিনিধিত্ব থাকিব লাগে।

২। সাধাৰণ বিদ্যালয় ব্যৱস্থা (Common School System) : ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সাধাৰণ বিদ্যালয় ব্যৱস্থাক কাৰ্যকৰী কৰিবৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ প্রয়োজনীয়তা আছে। ইয়াৰ বাবে যিমান দূৰ সম্ভৱ নিম্ন মানদণ্ডৰ বিদ্যালয়সমূহৰ গুণগত বিকাশ সাধন কৰি বিদ্যালয়সমূহৰ মাজত থকা বৈষম্য আঁতৰাব লাগে আৰু শিক্ষাৰ নূন্যতম স্তৰ লাভ কৰিবৰ বাবে বিদ্যালয়সমূহত উপযুক্ত সা-সুবিধা প্রদান কৰিব লাগে। এইক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্যই নির্দিষ্ট কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে। সুবিধাপ্রাপ্ত বিদ্যালয়সমূহে তেওঁলোকৰ সা-সুবিধা আৰু সম্পদসমূহ অন্যান্য শিক্ষানুষ্ঠানৰ সৈতে ভাগ বতৰা কৰি, সামাজিক কাৰ্যসমূহত অংশ গ্ৰহণ কৰি আৰু বাধাগ্রস্ত ব্যক্তিসকলক শিক্ষা গ্রহণৰ সুবিধা প্ৰদান কৰি সামাজিক দায়িত্বসমূহ পালন কৰিব পাৰে ।

৩। নবোদয় বিদ্যালয় (Navodaya Vidyalayas) : নবোদয় বিদ্যালয় সম্বন্ধে কমিটিয়ে আগবঢ়োৱা পৰামৰ্শসমূহ হৈছে— 

(i) দেশৰ প্ৰত্যেকখন ৰাজ্যৰ প্ৰতিখন জিলাত নবোদয় বিদ্যালয় স্থাপন কৰা উচিত। এই অনুষ্ঠানৰ খচসমূহ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আংশিক সহযোগত ব্যৱস্থা কৰিব।

(ii) নবোদয় বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ অগ্ৰগতি সম্পৰ্কে সজাগ কৰিবলৈ পদক্ষেপমূলক নীতি-নিয়ম নিৰ্ধাৰণ কৰা উচিত। 

(iii) ভাৰত চৰকাৰৰ দ্বাৰা নিয়োজিত এখন কেন্দ্ৰীয় কমিটিৰ দ্বাৰা বিভিন্ন নবোদয় বিদ্যালয়ৰ প্রকৃতিসমূহ নিৰ্ধাৰণ কৰা উচিত।

(iv) নবোদয় বিদালয়ৰ বিদায়ী শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ বাবে বিশেষ বিদ্যালয় আৰু শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সুবিধা প্ৰদান কৰিব লাগে।

৪। শিক্ষা ব্যৱস্থাপনা (Management of Education) : শৈক্ষিক সমূহৰ ধাৰণাক নিৰ্বাচিত অঞ্চলসমূহত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰি চাব লাগে। জিলা শিক্ষা পৰিষদসমূহক গঠন কৰিব লাগে আৰু শীঘ্ৰে কাৰ্যকৰী কৰিব লাগে। ৰাজ্যিক পৰ্যায়ত বিশেষ শৈক্ষিক ট্রিবিউনেল সমূহ গঠন কৰিব লাগে। ৰাষ্ট্ৰীয় শিক্ষানীতিত বর্ণিত কৌশলসমূহ ব্যৱহাৰ্য কৰি তুলিবলৈ কৰ্ম পৰিকল্পনাৰ গঠন আৰু কাৰ্যকৰীকৰণৰ বাবে দৃঢ় পৰামৰ্শ আগবঢ়াইছে।

৫। শিক্ষাৰ সম্পদসমূহ (Resources for Education) : সম্পদৰ আবণ্টনৰ ক্ষেত্ৰত শিক্ষাক এক অৱশিষ্ট অংশ হিচাপে ব্যৱহাৰ কৰাটো সলনি কৰিব লাগে। প্রাথমিক শিক্ষা সার্বজনীনকৰণ, বয়স্ক সাক্ষৰতা, বৃত্তিমুখী শিক্ষা আদি অগ্ৰাধিকাৰ প্ৰাপ্ত ক্ষেত্ৰসমূহত প্রয়োজনীয় পুঁজি প্ৰদান কৰিব লাগে। শিক্ষাত উচ্চ পুঁজিৰ বিনিয়োগৰ ক্ষেত্ৰত তলত উল্লেখিত পৰিপূৰক ব্যৱস্থা গ্ৰহণ কৰিব লাগে— 

(ক) শিক্ষাখণ্ডত চৰকাৰী সম্পদসমূহৰ আৱণ্টন অগ্ৰাধিকাৰ ভিত্তিত নিৰ্ধাৰণ কৰা।

(খ) উচ্চ শিক্ষা, কাৰিকৰী আৰু ব্যৱস্থাপনা শিক্ষাৰ ব্যৱস্থাক মাচুল ব্যৱস্থাৰ সংশোধন ঘটাই ক্ৰমান্বয়ে নিজা খৰছেৰে চলোৱাৰ ব্যৱস্থা কৰা আৰু লগতে প্রয়োজন থকা সকললৈ ঋণৰ মাধ্যমেৰে সহায়ৰ ব্যৱস্থা কৰিব লাগে।

৬। সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ (All India Council of Technical Education): কাৰিকৰী শিক্ষাৰ প্ৰয়োজনসমূহ চোৱা-চিতা কৰিবৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ অঞ্চলসমূহত সৰ্ব ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ নিয়োগ কৰিব লাগে। কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ এইধৰণৰ পাঠ্যক্ৰমসমূহ স্বীকৃতি প্রাপ্ত হোৱাটো বাধ্যতামুলক।

৭। মুক্ত শিক্ষা (Open Education) : মুক্ত শিক্ষাৰ বিকাশৰ বাবে প্রত্যেক ৰাজ্যতে এখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। মুক্ত শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বৈদ্যুতিক মাধ্যমসমূহ অর্ন্তভুক্ত কৰিব লাগে। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে দূৰত্ব শিক্ষাৰ পৰিষদ গঠন কৰিব লাগে। দেশৰ মুক্ত শিক্ষা ব্যৱস্থা পৰিচালনা কৰাৰ ক্ষেত্ৰত এই বিশ্ববিদ্যালয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

৮। মহিলা শিক্ষা (Women Education) : মহিলা সবলীকৰণৰ বাবে শিক্ষা এক ফলপ্রসূ মাধ্যম হ'ব লাগে। ইয়াৰ বাবে শিক্ষক আৰু নির্দেশকসকল প্রশিক্ষণপ্রাপ্ত হ'ব লাগে। সাক্ষৰতা অভিযানে ১৫ ৰ পৰা ৩৫ বছৰ বয়সৰ মহিলাসকলক বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে। প্রত্যেক শিক্ষানুষ্ঠানত মহিলাৰ বিকাশৰ বাবে সক্ৰিয় কাৰ্যসূচী গ্রহণ কৰিব লাগে। মহিলাসকলক শিক্ষাৰ সুবিধা প্ৰদান কৰিবৰ বাবে অবিৰত শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰিকৰী বৃত্তিমুখী আৰু পেচাদাৰী শিক্ষাত ছোৱালীৰ বিকাশক গুৰুত্ব প্ৰদান কৰা হ'ব৷

৯। বাধাগ্রস্তসকলৰ বাবে শিক্ষা (Education for Handicapped) : বাধাগ্রস্ত শিশুসকলৰ বাবে সংহত শিক্ষাৰ সুবিধা প্ৰদান কৰিব লাগে। তেওঁলোকৰ বাবে বিশেষ বিদ্যালয় আৰু বৃত্তিমুখী প্ৰশিক্ষণৰ সুবিধা থাকিব লাগে। বাধাগ্রস্ত শিশুসকলৰ বাবে বিশেষ শিক্ষকৰ সুবিধা আৰু শৈক্ষিক আৰু বৃত্তীয় নির্দেশনা প্ৰদান কৰিব পৰা ব্যক্তিৰ সুবিধা থাকিব লাগে। গণমাধ্যমৰ ব্যৱহাৰৰ লগতে ব্ৰেইলী পদ্ধতিত পাঠ্যক্রমসমূহ উপলব্ধ হ'ব লাগে।

১০। শাৰীৰিক শিক্ষা (Physical Education) : প্রত্যেক দিনা ৪৫ মিনিটৰ কাৰণে শাৰীৰিক শিক্ষা আৰু যোগ শিক্ষা আৰম্ভ কৰিব লাগে। ল'ৰা- ছোৱালীবিলাকৰ যোগ আৰু খেলা-ধূলাৰ বাবে বিদ্যালয়ত বিশেষ ব্যৱস্থা ল'ব লাগে। ইয়াৰ বাবে ৰাষ্ট্ৰীয় সেৱা আঁচনি, নেহৰু যুৱ কেন্দ্ৰ, ভাৰত স্কাউট আৰু গাইড আৰু NCC ৰ প্ৰসাৰ ঘটাব লাগে।

১১। চাকৰিৰ পৰা ডিগ্রী পৃথকীকৰণ (Delinking degrees from jobs ) : কিছুমান নির্বাচিত ক্ষেত্ৰত; ডিগ্ৰীক চাকৰিৰ পৰা পৃথকীকৰণ কৰিব লাগে। বিশ্ববিদ্যালয় ডিগ্রীক প্রয়োজনীয় অর্হতা হিচাপে কিছুমান চাকৰিৰ বাবে গণ কৰিব নালাগে।ওপৰোক্ত পৰামৰ্শৱলীৰ পৰা ইয়াক অনুমান কৰিব পাৰি যে কৰ্ম আঁচনিখনে ভাৰতক শিক্ষাৰ ইতিহাসত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিভিন্ন দিশত জনার্ধন ৰেড্ডি কমিটিয়ে সংস্কাৰমূলক পৰামৰ্শ আগবঢ়াইছে।

১২। পৰীক্ষা (Examination) : জনার্ধন ৰেড্ডী কমিটিয়ে পৰীক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহ হৈছে

(ক) পৰীক্ষা ব্যৱস্থাৰ সংশোধনৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে প্ৰচেষ্টাচলাব।

(খ) পৰীক্ষা ব্যৱস্থাৰ সংশোধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৱলী সমূহৰ বিষয়ে শৈক্ষিক অনুষ্ঠানসমূহক অৱগত কৰিব লাগে।


১১। সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা আৰু বৃত্তিমুখী শিক্ষাৰ ক্ষেত্ৰত পৰামৰ্শসমূহ আলোচনা কৰা। 

Discuss the recommendations of Revised National Policy 1992 regarding National Education System and Vocational Education.

Ans: 


Question and Answer Type By: Himashree Bora. 


Post ID : DABP003950