প্ৰথম অধ্য়ায়ঃ

 দৰ্শন আৰু শিক্ষা

চমু প্ৰশ্ন উত্তৰঃ


1. দৰ্শন শব্দটো কোনটো ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ দৰ্শন শব্দটো গ্ৰীক ভাষাৰ পৰা অনা হৈছে।

2. শিক্ষা শব্দটো কোনটো ভাষাৰ পৰা অনা হৈছে?

উত্তৰঃ শিক্ষা শব্দটো লেটিন  ভাষাৰ পৰা অনা হৈছে।

3. দৰ্শনৰ দুটা প্ৰধান কাৰ্য লিখা।

উত্তৰঃ  দৰ্শনৰ দুটা প্ৰধান কাৰ্য হ'ল- বাখ্যা আৰু মূল্যাংকণ।

4. কান্টৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ নাম কি ?

উত্তৰঃ কান্টৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ নাম হ'ল- Critique of pure Reason.

5. দৰ্শনৰ ব্যুৎপত্তি গত অৰ্থ কি?

উত্তৰঃ দৰ্শনৰ ব্যুৎপত্তি গত অৰ্থ হ'ল-গ্ৰীক ভাষাৰ 'Philos' শব্দৰ অৰ্থ হৈছে 'ভালপোৱা' (to love) আৰু  'Sophia' শব্দৰ অৰ্থ হৈছে 'জ্ঞান' (Wisdom)। বুৎপত্তিগত দিশৰ পৰা দৰ্শনৰ অৰ্থ হ'ল-জ্ঞানৰ প্ৰতি অনুৰাগ বা ভালপোৱা  (Love of wisdom)।

6. শিক্ষা দর্শন কি? 

Ans: সহজ অৰ্থত দৰ্শনৰ কাৰ্যকৰী অথবা ব্যৱহাৰিক দিশটোকেই শিক্ষাদর্শন বুলি ক'ব পাৰি। দৰ্শনৰ অধ্যয়নে আমাক জ্ঞানৰ ব্যাপকতাৰ প্ৰতি আকৰ্ষিত কৰি তুলি তাৰ প্ৰতি গভীৰ অনুভৱ প্ৰদান কৰে। এনে অনুভৱ আমাৰ জীৱনত বাস্তৱ ৰূপ দান কৰাত শিক্ষাই প্রয়োজনীয় ভূমিকা গ্রহণ কৰে। দৰ্শনৰ যোগেদি স্থিৰ কৰা জীৱনৰ লক্ষ্য আদর্শ বাস্তৱত সম্ভৱ কৰি তুলিবৰ বাবে শিক্ষাৰ নীতি আৰু পদ্ধতি গ্ৰহণ কৰিব লাগে। সেয়েহে জীৱনৰ লক্ষ্য আদৰ্শৰ দ্বাৰা প্ৰস্তুত কৰি তোলা ব্যক্তিৰ চিন্তা দর্শন কাৰ্যকৰী কৰণৰ ব্যৱস্থাৰে শিক্ষা দর্শন গঢ়লৈ উঠিছে। 

7. জ্ঞানবিদ্যা বুলিলে কি বুজা ?

Ans: ব্যুৎপত্তিগত দিশৰ পৰা চালে দেখা যায় যে জ্ঞানবিদ্যাৰ ইংৰাজী প্রতিশব্দ Epistemology শব্দটো গ্ৰীক্ ভাষাৰ দুটা শব্দ ক্ৰমে ‘Episteme' যাৰ অৰ্থ ‘জ্ঞান’ আৰু Logos যাৰ অৰ্থ হ'ল বিদ্যা বা আলোচনা। অর্থাৎ জ্ঞানবিদ্যাই জ্ঞানৰ বিষয়ে আলোচনা কৰাটোকে বুজায় । জ্ঞান কি ? জ্ঞানৰ স্বৰূপ কি, জ্ঞান আমি কেনেকৈ পাওঁ, কি দিশবোন ধৰণৰ জ্ঞান সম্ভৱ আৰু কি ধৰণৰ জ্ঞান সম্ভৱ নহয়, জ্ঞানৰ সীমা কি আদি জ্ঞানবিদ্যাত বিশ্লেষণাত্মক আলোচনা কৰা হয় ।

8. ‘Epistemology' শব্দটোৰ উৎপত্তিগত অর্থ কি ?

Ans: গ্রীক শব্দ ‘Episteme' ৰ অৰ্থ হ'ল— জ্ঞান (Knowledge) আৰু Logos শব্দৰ অৰ্থ হ'ল ‘বিদ্যা' বা 'আলোচনা'। অর্থাৎ Epistemology শব্দৰ হ'ল জ্ঞানবিদ্যা বা জ্ঞানৰ বিষয়ে আলোচনা ।

9.  ‘Metaphysics' শব্দটোৰ ব্যুৎপত্তিগত অর্থ কি ?

Ans : অধিবিদ্যা ইংৰাজী প্রতিশব্দ Metaphysics গ্রীক শব্দ ‘Meta’ যাৰ অৰ্থ হৈছে ‘পিছত’ আৰু ‘Physika’ যাৰ অৰ্থ হ'ল— ‘পদার্থবিদ্যা’। অর্থাৎ ব্যুৎপত্তিগত দিশৰ পৰা যি পদার্থবিদ্যা পিছত আহে সিয়ে অধিবিদ্যা ৷

10. ইংৰাজী‘Metaphysics' শব্দটো গ্ৰীক ভাষাৰ কোনটো শব্দৰ পৰা অনা হৈছে?

Ans : অধিবিদ্যা ইংৰাজী প্রতিশব্দ Metaphysics গ্রীক শব্দ 'Meta' আৰু ‘Physika’ শব্দ দুটাৰ পৰা উৎপত্তি হৈছে।

11. মূল্যবিদ্যাৰ প্ৰধান ভাগ কেইটা কি কি ?

উত্তৰঃ মূল্যবিদ্যাৰ প্ৰধান ভাগকেইটা হ'ল- নীতিবিদ্যা, নন্দনতত্ত্ব বা সৌন্দৰ্য্য বিজ্ঞান আৰু তৰ্কবিদ্যা।

অতি চমু উত্তৰঃ

1. দৰ্শন প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ইন্দ্ৰিয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা অন্তৰালত থকা পৰমসত্তাৰ স্বৰূপ অনুসন্ধান কৰি জগত আৰু জীৱনৰ যুক্তিনিষ্ঠ বিচাৰ বিশ্লেষণ আৰু তাৰ মূল্য নিৰ্ধাৰণ কৰাটোৱেই হৈছে দৰ্শন। ই হৈছে জীৱন আৰু জগতৰ লগত জড়িত চিৰন্তন সমস্যাসমূহক যুক্তিপূৰ্ণ বাখ্যা আৰু মূল্য নিৰ্ধাৰণ তথা বৈজ্ঞানিক আৰু তাত্ত্বিক সমন্বয়েৰে কৰা বৌদ্ধিক আৰু ব্যৱহাৰিক সমাধানৰ সাৰ্বিক প্ৰচেষ্টা। তলত উল্লেখ কৰা দৰ্শনৰ বৈশিষ্ট্যৰ পৰা ইয়াৰ প্ৰকৃতি সহজে অনুমাণ কৰিব পাৰি-

(১) দৰ্শন বিজ্ঞানৰ সমন্বয় জ্ঞান। বিজ্ঞানৰ সৈতে সমন্বয় অভাৱে দৰ্শনক অসম্পূৰ্ণ কৰি তোলে।

(২) দাৰ্শনিক জ্ঞান সাৰ্বিক বা সামগ্ৰিক। ই জীৱন আৰু জগতৰ লগত জড়়িত সামগ্ৰিক বাখ্যা।

(৩) দৰ্শন কলা আৰু বিজ্ঞান উঙয় প্ৰকাৰৰ হয়।

(৪) দৰ্শন অনুসন্ধানৰ সৈতে গভীৰভাৱে জড়িত।

(৫) জীৱন আৰু জগতৰ নগত সম্পৰ্কিত সমস্যাসমূহ যেনে-জীৱ কি, জীৱ ক'ৰ পৰা আহে, মৃত্যুৰ পিছত জীৱটো ক'লৈ যায়, জীৱৰ লগত জড় কিদৰে বান্ধোন খায় আদি সমস্যাবোৰৰ সমাধানৰ চেষ্টা যুগ যুগ ধৰি কৰি আছে। সেইবাবে দাৰ্শনিক সমস্যাসমূহ চিৰন্তন সমস্যা বুলি অভিহিত কৰা হয়।


2. Discuss the relation between Education and philosophy. (শিক্ষা আৰু দৰ্শনৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা।)

Ans: শিক্ষা আৰু দৰ্শন দুটা পৃথক বিষয় হ'লেও ইহত দুটাৰ মাজত গভীৰ সম্পর্ক থকাও পৰিলক্ষিত হয়। শিক্ষা আৰু দৰ্শন ইটোৱে আনটোৰ লগত ওতঃপ্ৰোতভাবে জড়িত হৈ আছে লগতে কিছুমান ক্ষেত্ৰত এটাই আনটোৰ ওপৰত নিৰ্ভৰ হৈ আছে। এটাৰ অবৰ্তমানত আনটো কেতিয়াও বৰ্তি থাকিব নোৱাৰে। শিক্ষাৰ কৌশল দৰ্শনৰ ওপৰত নিৰ্ভৰশীল, সেইদৰে দৰ্শনে শিক্ষাৰ অবিহনে কেতিয়াও লক্ষ্য আৰু মূল্যবোধ সৃষ্টি কৰিব নোৱাৰে। গতিকে দৰ্শন আৰু শিক্ষাৰ এক পাৰস্পৰিক যোগাযোগ আৰু এটাৰ অবিহনে আনটো কাৰ্য ব্যৱহাৰোপযোগী নহয় ।

    দৰ্শনে শিক্ষাৰ উদ্দেশ্য বা লক্ষ্য নিৰ্ধাৰণ কৰে। শিক্ষাই এইবোৰ ব্যৱহাৰ উপযোগী কৰি তোলে। শিক্ষাই কি দিশেৰে আগবাঢ়িব লাগে দর্শনে পথ দেখুৱাই দিয়ে ৷

     দৰ্শনে জীৱনৰ লক্ষ্য, মূল্যবোধ, মানদণ্ড নিৰ্ধাৰণ কৰে। শিক্ষাৰ মূল সম্পককাৰ দর্শনে শিক্ষাদান পদ্ধতি নিৰ্ধাৰণ কৰে; আনহাতে, শিক্ষাই এইবোৰ অনুকৰণ কৰে। দর্শনে দিশবোৰৰ বিষয়ে আলোচনা কৰে। শিক্ষা হৈছে দৰ্শনৰ মৌলিক নীতিসমূহৰ প্ৰয়োগ আদর্শ মূল্যবোধ আৰু নীতিসমূহ প্ৰস্তুত কৰে। আনহাতে শিক্ষাই এই আদর্শ, আৰু নীতি প্রয়োগ কৰে ৷

    দৰ্শনৰ প্ৰচাৰৰ বাবে শিক্ষা হৈছে উপযুক্ত মাধ্যম। দৰ্শনে জীৱনৰ লক্ষ্য নির্ধারণ কৰে আৰু শিক্ষাই এই লক্ষ্যত উপনীত কৰোৱাত সহায় কৰে। এইখিনিতে উপন কৰিব পাৰি যে সকলো মহান দার্শনিকেই একো একোজন মহান শিক্ষাবিদও। মেটে পৰা বৰ্তমানলৈ সকলো দার্শনিকে মহান শিক্ষাবিদ বুলিও ক'ব পাৰি ।

    দৰ্শন, জীৱন আৰু শিক্ষাৰ এটা আনটোৰ লগত গভীৰ সম্পৰ্ক আছে। শিক্ষার অধিক ফলপ্রসূ আৰু কাৰ্যকৰী কৰিবলৈ হ'লে : ব্যক্তি তথা ব্যক্তিৰ সামাজিক জীৱন সফল ৰূপায়ণৰ বাবে এক বিশেষ নিৰ্দেশনাৰ প্ৰয়োজন। আনকি শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণা প্ৰকাৰ ইত্যাদি প্রশ্নবোৰ আচলতেই দর্শনৰেই প্ৰশ্ন । শিক্ষা হৈছে দৰ্শনৰ এক গতিশীল বা উপযুক্ত পাঠ্যক্রম নির্বাচন, নির্দ্দিষ্ট শিক্ষা পদ্ধতি আৰু কৌশল প্রয়োগ, অনুশাসন ব্যৱহাৰিক দিশ। দর্শন যদি কোনো এক বিশেষ কাৰ্যৰ পৰিসমাপ্তি, তেন্তে শিক্ষা হৈছে ইয়াৰ আৰম্ভণি ।

    সেয়েহে কোৱা হয় যে শিক্ষা আৰু দৰ্শন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। ইয়াহ এটাক বাদ দি আনটোৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি।


3. Discuss the scope of philosophy. (দৰ্শনৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা।) 

Ans: সাধাৰণতে দৰ্শনৰ পৰিসৰ বুলি ক'লে দৰ্শনৰ অধ্যয়নৰ অন্তর্গত দিশসমূহকে বুজায়। দৰ্শনত জগত আৰু জীৱনৰ স্বৰূপ আৰু ইয়াৰ ৰহস্যভেদ কৰিবলৈ চেষ্টা কৰা হয়। দৰ্শনৰ পৰিসৰ সম্পর্কে দার্শনিক জন কেয়ার্ড-এ এইদৰে মত প্রকাশ কৰিছিল— “There is no province of human experience; there is nothing in the whole realm of reality, which lies beyond the domain of philosophy or to which philosophical investigation does not extend.” অর্থাৎ মানুহৰ অভিজ্ঞতাৰ এনে কোনো ক্ষেত্র নাই, সত্তাৰ বৃহৎ  ক্ষেত্ৰখনৰ এনে কোনো বিষয় নাই, যি দৰ্শনৰ পৰিধিৰ বাহিৰত নতুবা যি দার্শনিক অনুসন্ধানত ব্যাপ্ত নহয় ।

দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত মূল তিনিটা শাখা হ'ল— জ্ঞানবিদ্যা (Epistemology), অধিবিদ্যা (Metaphysics) আৰু মূল্যবিদ্যা (Axiology) তলত এই তিনিওটা শাখাৰ বিষয়ে অতি চমুকৈ আলোচনা কৰা হ'ল—

(১) জ্ঞানবিদ্যা (Epistemology) : জ্ঞানবিদ্যা বা জ্ঞান মীমাংসাৰ ইংৰাজী প্রতিশব্দ 'Epistemology' শব্দটো ‘Epistem’ শব্দৰ অৰ্থ হ'ল 'জ্ঞান' আৰু ‘Logos' শব্দৰ অৰ্থ আলোচনা বা বিদ্যা। গতিকে ‘Epistemology' শব্দৰ অৰ্থ হ'ল জ্ঞানৰ বিষয়ে আলোচনা। 
    জ্ঞান মীমাংসাত জ্ঞানৰ লগত জড়িত বিষয়বস্তুৰ পুংখানুপুংখভাৱে আলোচনা কৰা হয়। গতিকে জ্ঞান কি? জ্ঞানৰ স্বৰূপ কি? জ্ঞান আমি কেনেকৈ পাওঁ, কি ধৰণৰ জ্ঞান সম্ভৱ, জ্ঞানৰ সীমা কি আদিৰ বিষয়ে বিশ্লেষণ কৰা হয়।

(২) অধিবিদ্যা (Metaphysics) : অধিবিদ্যাৰ ইংৰাজী প্রতিশব্দ 'Metaphysics' শব্দটো গ্ৰীক শব্দ ‘Meta’ আৰু ‘physika' শব্দ দুটাৰ পৰা আহিছে। ‘Meta' মানে ‘পিছত’ আৰু ‘physika' মানে পদার্থবিজ্ঞান। ব্যুৎপত্তিগত ফলৰ পৰা অধিবিদ্যাৰ অৰ্থ যি পদার্থ বিদ্যাৰ পিছত আহে বা যি পদার্থবিদ্যাৰ বাহিৰত।
Metaphysics' শব্দটো প্ৰথমতে গ্রীক দার্শনিক এৰিষ্টট'ল আৰু তেওঁৰ শিষ্যসকলে প্রয়োগ কৰিছিল ৷ অধিবিদ্যাই সত্তা, ঈশ্বৰ, আত্মা, মন, দিক আদি বিভিন্ন বিষয়ৰ স্বৰূপ ব্যাখ্যা কৰে।

(৩) প্ৰমূল্যবিদ্যা (Axiology) : দৰ্শনৰ কাম হ'ল জগত আৰু জীৱনৰ স্বৰূপ অধ্যয়ন কৰা আৰু ব্যাখ্যা কৰা। দশনৰ মূল্য নিৰ্ধাৰণ কামটো দৰ্শনৰ মূল্যবিদ্যাৰ শাখাটোৰ লগত জড়িত। মূল্যবিদ্যাৰ ইংৰাজী প্রতিশব্দ ‘Axiology' শব্দটি গ্রীক শব্দ 'Axios' ৰ পৰা আহিছে। 'Axios' শব্দৰ অৰ্থ হ'ল প্ৰমূল্য। গতিকে 'Axiology' হ'ল প্ৰমূল্যৰ লগত জড়িত আলোচ্য বিষয় বা বিজ্ঞান । 

    মূল্যবিদ্যাই মূলতঃ প্ৰমূল্যৰ স্বৰূপ, উৎস, প্ৰকাৰ আৰু প্ৰমূল্যসমূহৰ উৎপত্তি আদিৰ বিষয়ে আলোচনা কৰে। ই মূলতঃ সত্য, শিৱ আৰু সুন্দৰ এই তিনিটা মূল্যবোধৰ লগত জড়িত। ইয়াৰ মুখ্য প্ৰশ্ন হ'ল শ্ৰেয় কি? পৰম শ্ৰেয় কি, শ্রেয় ব্যক্তিনিষ্ঠ নে বিষয়নিষ্ঠ ইত্যাদি।

মূল্যবিদ্যাৰ মুখ্য ভাগ তিনিটা হ'ল—

(১) নীতিবিদ্যা (Ethics)

(২) নন্দনতত্ত্ব বা সৌন্দর্য বিজ্ঞান (Aesthetics)

(৩) তর্কবিদ্যা (Logic)

    দৰ্শনৰ উক্ত আটাইকেইটা ভাগ শিক্ষা দৰ্শনৰ পৰিসৰৰ অন্তৰ্গত মূল দিশ বুলি বিবেচনা কৰা হয় ৷


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type: Himashree Bora.