অষ্টম অধ্য়ায় 

সাংখ্য দৰ্শন

(Sankhya philosophy)


Answer the following questions:

তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

1. Sankhya system is a Vaidika / Avaidika school of Indian Philosophy.

সাংস্য় দৰ্শন ভাৰতীয় দৰ্শনৰ এটি বৈদিক / অবৈদিক সম্প্ৰদায়?

উত্তৰঃ সাংস্য় দৰ্শন ভাৰতীয় দৰ্শনৰ  এটা বৈদিক সম্প্ৰদায় ।


2. Who is known as the founder of Sankhya philosophy?

সাংস্য় দৰ্শনৰ প্ৰৱৰ্তক কোন?

উত্তৰঃ সাংস্য় দৰ্শনৰ প্ৰৱৰ্তক - মহৰ্ষি কপিল ।


3. Name one dualistis system of Indian philosophy.

ভাৰতীয় দৰ্শনৰ এটা দ্বৈতবাদী সম্প্ৰদায়ৰ নাম লিখা?

উত্তৰঃ ভাৰতীয় দৰ্শনৰ এটা দ্বৈতবাদী সম্প্ৰদায়ৰ নাম হল- সাংখ্য় দৰ্শন ।

 

4. Samkhya philosophy believes in one / two ultimate realities.

সাংখ্য দৰ্শনে এটা / দুটা পৰম সত্তাত বিশ্বাস কৰে?

উত্তৰঃ সাংখ্য় দৰ্শনে দুটা পৰম সত্তাত বিশ্বাস কৰে ।

 

5. Write the name of the most popular text of Samkhya philosophy.

সাংখ্য দৰ্শনৰ সৰ্বাধিক জনপ্ৰিয় গ্ৰন্থখনৰ নাম লিখা?

উত্তৰঃ সাংখ্য় দৰ্শনৰ সৰ্বাধিক জনপ্ৰিয় গ্ৰন্থখনৰ নাম হল- সাংখ্য়কাৰিকা ।


6. What is the root cause of the world of objects in Samkhya philosophy?

সাংখ্য় দৰ্শনৰ মতে জগতৰ মূল কাৰণ কি?

উত্তৰঃসাংখ্য় দৰ্শনৰ মতে জগতৰ মূল কাৰণ হল- প্ৰকৃতি ।

7. Define Satkāryavāda.

সৎকাৰ্যবাদৰ সংজ্ঞা দিয়া।

উত্তৰঃ 

8. How the process of evolotion takes place in Samkhya system?

সাংখ্য দৰ্শনত জগতৰ ক্ৰমবিকাশৰ সূচনা কেনেকৈ হয়?

উত্তৰঃ

9. What is the nature of evoloution, according to Samkhya philosophy?

সাংখ্য দৰ্শন অনুসাৰে ক্ৰমবিকাশৰ স্বৰূপ কি?

উত্তৰঃ

10. Mention any particular nature of Sattva as an element of parkati as given in Samkhya system.

প্ৰকৃতিৰ উপাদান হিচাপে সত্ত্বৰ এটি বিশেষ স্বৰূপ উল্লেখ কৰা

উত্তৰঃ

11. Evolution in Sankhya philosophy starts only when there is a homogeneous / heterogeneous change in the Gunas. (Choose the correct option)

সাংখ্য় দৰ্শন অনুসাৰে জগতৰ ক্ৰমবিকাশৰ সূত্ৰপাত হয় তেতিয়া, যেতিয়া গুণবোৰৰ মাজত স্বৰূপ পৰিণাম / বিৰূপ পৰিণাম দেখা দিয়ে।

উত্তৰঃবিৰূপ পৰিণাম । 

12. Gunas are ever changing. The change is of two kinds. What are these?

গুণবোৰ চিৰপৰিৱৰ্তনশীল। পৰিৱৰ্তন দুই প্ৰকাৰৰ। এই দুই প্ৰকাৰৰ পৰিৱৰ্তন কি কি?

উত্তৰঃ স্বৰূপ পৰিণাম  আৰু বিৰূপ পৰিণাম ।

13. What do you mean by Sarupa-parinama and Virupa-parinama?

স্বৰূপ পৰিণাম আৰু বিৰূপ পৰিণাম বুলিলে কি বুজা?

উত্তৰঃ কোনো গুণ  অন্য গুণক প্ৰভাবিত নকৰে আৰু ফলত গুণৰ দ্বাৰা কোনো বস্তুৰে উৎপন্ন নহয় । গুণবোৰৰ এনেকুৱা পৰিমাণক স্বৰূপ বোলা হয়।

                সৃষ্টি সন্ধিক্ষণত কোনো এটা গুণৰ আন দুটা গুণৰ ওপৰত প্ৰভাব বিস্তাৰ কৰি প্ৰৱল হৈ উঠে। গুণবোৰৰ  এনেকুৱা পৰিণামক বিৰূপ পৰিণাম বোলা হয়।

14. Does Sankhya believe in the existence of God?

সাংখ্য় দৰ্শনে ঈশ্বৰৰ অস্তিত্বত বিস্বাস কৰে নে?

উত্তৰঃ নকৰে ।

15. What is the Material and efficient cause of the world, according to Sankhya philosophy?

সাংখ্য দৰ্শন মতে, জগতৰ উপাদান আৰু নিমিত্ত কাৰণ কি?

উত্তৰঃ 

16. What is the first element of Sankhya evolution?

সাংখ্য ক্ৰমবিকাশবাদৰ প্ৰথম উপাদান কি?

উত্তৰঃ বুদ্ধি।

Board Question:

ৰচনাধৰ্মী প্ৰশ্নঃ

1. Discuss the nature of Prakrti. What are the five proofs for the existence of Prakrti?

প্ৰকৃতিৰ স্বৰূপ ব্যাখ্যা কৰা। প্ৰকৃতিৰ অস্তিত্ব সম্পৰ্কীয় পাঁচটা প্ৰমাণ কি কি? 

উত্তৰঃ সাংখ্য় দৰ্শন দ্বৈতবাদী দৰ্শন। এই দৰ্শনত প্ৰকৃতি আৰু পুৰুষ নামৰ দুটা সত্তাক বিশ্বাস কৰা হয় আৰু এই সমগ্ৰ বিশ্বজগতৰ ব্য়াখ্য়া এই দুটা তত্বৰ মাধ্য়মত আগবঢোৱা হয়। সাংখ্য় দৰ্শনৰ প্ৰকৃতিতত্বৰ ভিত্তি হৈছে সাংখ্য় কাৰ্যকাৰণতত্ব বা পৰিমানবাদী সৎকাৰ্যবাদ। সাংখ্য় দৰ্শন  অনুসৰি সমগ্ৰ বিশ্বজগত যি মূল কাৰণৰ পৰা উৎপত্তি হৈছে সি হল প্ৰকৃতি। প্ৰকৃতি হল স্বয়ম্ভুু, যি আন কোনো কাৰণৰ ওপৰত নিৰ্ভৰ নকৰে। 

                ব্যুৎপত্তিগতভাবে প্ৰকৃতি  শব্দটো প্ৰ-কৃ+তি  ৰ পৰা নিস্পন্ন হৈছে। প্ৰ-কৃ+তি = প্ৰকৃতি। ইয়াৰ অৰ্থ হল, যাৰ কোনো বিকৃতি নাই সিয়ে  প্ৰকৃতি। প্ৰকৃতি হল সত্ত্ব, ৰজ: আৰু তম: গুণৰ সাম্য়াৱস্থা। গুণ সমূহৰ সাম্য়াৱস্থাই স্বৰূপ পৰিমাণ আৰু গুণৰ অসাম্য়াৱস্থাই বিৰূপ  পৰিণাম। বিৰূপ পৰিণামৰ ফলত জগতৰ সৃষ্টি হয় আৰু স্বৰূপ পৰিণামৰ ফলত জগতৰ লয় হয়। জগতৰ সৃষ্টি- লয়ৰ আদি কাৰণ হোৱা বাবে প্ৰকৃতিক মূলা প্ৰকৃতি বুলি কোৱা হয়। প্ৰকৃতি অতীন্দ্ৰিয় হোৱাৰ কাৰণে প্ৰকৃতিক প্ৰত্য়ক্ষ জ্ঞানৰ দ্বাৰা জানিব নোৱাৰি, ইয়াৰ কাৰ্যৰ দ্বাৰা  প্ৰকৃতিৰ অস্তিত্বক অনুমান কৰিব পাৰি। 

                         প্ৰকৃতিৰ অস্তিত্ব সম্পৰ্কীয় পাচঁটা প্ৰমাণ হলঃ 

(ক) ভেদানাং পৰিমাণাৎঃ জগতৰ যাৱতীয়া বস্তু হৈছে ব্য়ক্ত পদাৰ্থ। ব্য়ক্ত পদাৰ্থ মাত্ৰই এক অব্য়ক্ত কাৰণ আছে। কাৰণ জগতৰ সকলো পদাৰ্থই সীমিত, পৰিমিত, পৰতন্ত্ৰ, অব্য়াপক, অনিত্য় আৰু বহু। এইটো যুক্তি সিদ্ধ যে, সীমিতই অসীমক,পৰতন্ত্ৰই স্বতন্ত্ৰক, অনিত্য়ই নিত্য়ক, বহুৱে একক নিৰ্দশ কৰে।

(খ) সমন্বয়াৎঃ জগতখন বৈচিত্ৰ্য়পূৰ্ণ হলেও এই বিচিত্ৰ  জাগতিক বস্তুবোৰৰ মাজত এক সমন্বয় লক্ষ্য় কৰিব পৰা যায়। বস্তু মাত্ৰই আমাৰ মাজত সুখ- দুখ বা মোহ উৎপন্ন কৰে। একেদৰে জীৱমাত্ৰই সুখ-দুখ আৰু মোহত আচ্ছন্ন। সত্ত্বগুণৰ পৰা সুখ, ৰজ: গুণৰ পৰা দুখ আৰু তম: গুণৰ পৰা মোহৰ উৎপন্ন হয়। জগতৰ সকলো বস্তুতে সত্ত্ব: ৰজ: আৰু তম: গুণ বিদ্য়ামান। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, সত্ত্ব, ৰজ: তম: গুণান্বিত কোনো এটা বিশেষ কাৰণৰ পৰা জগতৰ পৰা উৎপত্তি হৈছে আৰু এই বিশেষ কাৰণটো হল ত্ৰিগুণাত্মক প্ৰকৃতি।

(গ) শক্তিত প্ৰবৃত্তেশ্চঃ শক্তি বিহীন কাৰ্যৰ উৎপত্তি নহয়। উৎপত্তি শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত। গতিকে এই বৈচিত্ৰময় জগত সৃষ্টি আগত নিশ্চয় কোনো এক অব্য়ক্ত কাৰণ শক্তিত সুপ্তাৱস্থাত আছিল। এই অব্য়ক্ত শক্তি  কাৰ্যোৎপাদনৰ অৰ্থাত জগত অধিষ্ঠানৰ ক্ষমতাম্পন্ন। যি অব্য়ক্ত শক্তিৰ পৰা এই জগতৰ উৎপত্তি হয়, সিয়ে প্ৰকৃতি।

(ঘ) কাৰণকাৰ্য বিভাগাৎঃ সাংখ্য় দৰ্শন মতে, কাৰণ আৰু কাৰ্যৰ মাজত একেই সময়তে ভেদ আৰু অভেদ বিদ্য়মান থাকে। ব্য়ক্ত অৱস্থাত কাৰ্য কাৰণৰ ভেদ অনুভৱ হয়। কাৰণৰ পৰা কাৰ্যৰ উৎপত্তি হোৱাৰ ফলত অব্য়ক্ত কাৰণ ব্য়ক্তৰূত অভিব্য়ক্ত হয়। পৰিণামপ্ৰাপ্ত সকলো বিষয় তেতিয়া কাৰণৰ পৰা ভিন্ন যেন বোধ হয়।

(ঙ) অবিভাগাৎ বৈশ্বৰূপ্য়স্য়ঃ কাৰণ আৰু কাৰ্যৰ মাজত তাদাত্ম্য় সম্বন্ধ বৰ্তমান। বিশ্বসৃষ্টি সময়ত কাৰণৰ পৰা কাৰ্যৰ  উৎপত্তি হয় আৰু প্ৰলয়ৰ সময়ত কাৰ্য কাৰণত বিলীন হৈ যায়। সাংখ্য় মতে, যি অধিষ্ঠান বা কাৰণৰ পৰা বিশ্বৰূপৰ সৃষ্টি হয় আৰু যি অধিষ্ঠানত প্ৰলয় কালত বিলীন হয়, সেই অধিষ্ঠান হল প্ৰকৃতি।


2. What is the nature of Purusa in Sankhya system? Discuss five proofs for the existence of Purusa. 

সাংখ্য দৰ্শনত পুৰুষৰ স্বৰূপ কি? পুৰুষৰ অস্তিত্ব সম্পৰ্কীয় পাঁচটা প্ৰমাণ আলোচনা কৰা।

উত্তৰঃ সাংখ্য় দৰ্শনৰ দ্বিতীয় মূলতত্ত্ব হল পুৰুষ। এই দৰ্শনত আত্মাকে পুৰুষ বুলি কোৱা হয়। সাংখ্য় দৰ্শনৰ পুৰুষ প্ৰকৃতি বা কাৰণ নহয় আৰু বিকৃতি বা কাৰ্যও নহয়। পুৰুষ বা আত্মা অব্য়ক্ত প্ৰকৃতি আৰু মহাদাদিৰ পৰা পৃথক। প্ৰকৃতি আৰু তাৰ পৰিণাম মহদাদি ত্ৰিগুণাত্মক, অচেতন, অবিবেক আৰু প্ৰসবৰ্ধমী। কিন্তু, পুৰুষ ইয়াৰ বিপৰীত সত্তা, অৰ্থাপুৰুষ ত্ৰিগুণাত্মক, চেতন, বিবেক আৰু অপ্ৰসবধৰ্মী। সত্ত্ব, ৰজ: তম: গুণত্ৰয় প্ৰকৃতিৰ উপাদান, কিন্তু পুৰুষ উপাদানহীন নিগুন সত্তা। 

                সাংখ্য়মতে, পুৰুষ বা আত্মা স্থুলদেহ, ইন্দ্ৰিয়, মন, বুদ্ধিৰ  পৰা স্বতন্ত্ৰ।  পুৰুষ চৈতন্য়ময় এক  আধ্য়াত্মিক সত্তা।  পুৰুষ বিষয়ী আৰু জ্ঞাতা। পুৰুষ পাৰমৰ্থিক জ্ঞাতা আৰু দ্ৰষ্টা যি সমস্ত জ্ঞান অভিজ্ঞতাৰ অধিষ্ঠান। ই স্বতঃসিদ্ধ আৰু স্বঃপ্ৰকাশ।

        পুৰুষৰ অস্তিত্ব সম্পৰ্কীয় পাঁচটা প্ৰমাণঃ

    (ক) সংঘাতপৰাৰ্থত্বাৎঃ সংঘাত বা সংহত বস্তুমাত্ৰই পৰাৰ্থ বা পৰৰ প্ৰয়োজনৰ উদ্দেশ্য় সাধন কৰে। যিবোৰ বস্তু একাধিক উপাদানৰ সমন্বয়ত গঠিত সেইবোৰ বস্তুই সংঘাত বা সংহত। প্ৰকৃতি আৰু প্ৰকৃতিজাত যাৱতীয় বস্তু সত্ত্ব, ৰজঃ, আৰু তমঃ গুণৰ দ্বাৰা গঠিত বাবে সেইবোৰ সংঘাত বা জড়াত্মক। সংঘাত বস্তু জড়াত্মক হোৱাত সিহঁতৰ নিজস্ব কোনো উদ্দশ্য় নাথাকে।

   (খ) ত্ৰিগুণাদিবিপৰ্যয়াৎঃ ত্ৰিগুণাদিবিপৰ্যয় বুলিলে ত্ৰিগুণৰ অভাব বা ত্ৰিগুণশূন্য়তাক বুজায়। অব্য়ক্ত  প্ৰকৃতি আৰু ব্য়ক্ত কাৰ্যসমূহ ত্ৰিগুণাত্মক। সকলোৱে সত্ত্বৰস্তমোগুণযুক্ত। সগুণ নিৰ্গুণক, ত্ৰিগুণ ত্ৰিগুণশূণ্য়তাক, অচেতন চেতনক আৰু পৰিণামী অপৰিণামী সত্তাক অনিবাৰ্যভাৱে নিৰ্দশ কৰে। এই নিস্ত্ৰিগুণ, অপৰিণামী চেতন সত্তাই পুৰুষ। 

   (গ) অধিষ্ঠানাৎঃআমাৰ লৌকিক জ্ঞান, সুখ-দুখৰ অভিজ্ঞতা, বুদ্ধি, অহংকাৰ আদি মনস্তাত্ত্বিক সকলো চিত্তবৃত্তিয়ে এক জ্ঞাতাৰ ফালে নিৰ্দেশ কৰে, যি সমস্ত জ্ঞান আৰু অভিজ্ঞতাৰ অধিষ্ঠান। এই জ্ঞাতাই আমাৰ সকলো জ্ঞান, সকলো চিত্তবৃত্তিক প্ৰকাশিত কৰি একোতাৰ ডোলেৰে বান্ধি ৰাখে। ই সাক্ষাচৈতন্য়স্বৰূপ আৰু প্ৰমাতা।সমস্ত জ্ঞান আৰু  অভিজ্ঞতাৰ অধিষ্ঠান স্বৰূপে পুৰুষৰ অস্তিত্ব সিদ্ধ হয়। এইটো পুৰুষ সম্পৰ্কীয় তত্ত্বমূলক বা সত্তাত্মক যুক্তি।

    (ঘ) পুৰষোহস্তি ভোক্তভাবাৎঃ প্ৰকৃতি আৰু তাৰ কাৰ্যসমূহ জড় হোৱা কাৰণে সেইবোৰ ভোগ্য়। কোনো জড় বা অচেতন দ্ৰব্য়ৰ পক্ষে নিজে নিজকে ভোগ কৰা সম্ভৱ নহয়। সকলো জড়দ্ৰব্য়ই সুখ, দুখ আৰু মোহ উপন্ন কৰে । জড়ভোগ্য়বস্তুৰ ভোগাৰ্থ  হিচাপে চেতন ভোক্তাৰ অস্তিত্ব স্বীকাৰ কৰিবলগীয়া হয়। এই চেতন ভোক্তাই হল পুৰুষ। এই যুক্তিক নৈতিক যুক্তি বুলি কোৱা হয়।

    (ঙ) কৈবল্য়াৰ্থং প্ৰবৃত্তেশ্চঃ কৈবল্য় অৰ্থা মোক্ষ লাভৰ প্ৰবৃত্তিৰ পৰাও পুৰুষৰ অস্তিত্ব সিদ্ধ হয়। 'কৈবল্য'ৰ অৰ্থ হল দুখৰ অত্য়ান্তিক নিবৃত্তি। দুখময় জগতখন প্ৰকৃতিৰে অভিব্য়ক্তি, গতিকে প্ৰকৃতিৰ দ্বাৰা মোক্ষ লাভ কৰিব নোৱাৰি। গতিকে মোক্ষ লাভৰ প্ৰবৃত্তিৰ পৰা জড়জগতৰ অতিৰিক্ত কোনো চেতন সত্তাৰ অস্তিত্ব প্ৰতিপাদিত হয়। এই চেতন সত্তাই পুৰুষ। এইটো পুৰুষ সম্পৰ্কীয় আধ্য়াত্মিক বা ধৰ্মীয় যুক্তি।             

3. Give a brief account of the Samkhya concept of the plurality of Selves. 

সাংখ্য দৰ্শনৰ বহু পুৰুষবাদৰ চমু আলোচনা আগবঢ়োৱা।

উত্তৰঃসাংখ্য় দৰ্শনৰ পুৰুষ তত্ত্বত পুৰুষৰ বহুত্ব স্বীকৃত হৈছে। অৰ্থাৎ সাংখ্য়মতে, পুৰুষ এক নহয়; পুৰুষ বহু। ভিন ভিন দেহত ভিন ভিন আত্মা বা পুৰুষ বিৰাজ কৰে। কেৱল অদ্বৈত বেদান্ত দৰ্শনৰ বাহিৰে বাকী প্ৰায়বোৰ আস্তিক দৰ্শনে বহু আত্মাৰ অস্তিত্বত বিশ্বাস কৰে। অদ্বৈতবাদী সকলৰ মতে, আত্মা এক আৰু এই আত্মা হৈছে পৰমাত্মা বা ব্ৰহ্ম। ব্ৰহ্ম আৰু আত্মা অভিন্ন। কিন্তু সাংখ্য় দৰ্শনিকসকলে অদ্বৈত বেদান্ত দৰ্শনৰ এই মত স্বীকাৰ নকৰে।সাংখ্য় দৰ্শনে পুৰুষৰ বহুত্বৰ সপক্ষে বহুতো যুক্তি আগবঢ়াইছে। সেইবোৰ হল-

১)জননমৰণকৰণানাং প্ৰতিনিয়মাৎঃ   'জনন' অৰ্থাৎ জন্ম, 'মৰণ' অৰ্থাৎ মৃত্য়ু আৰু 'কৰণ' অৰ্থাৎ বুদ্ধি, অহংকাৰ আৰু একাদশ ইন্দ্ৰিয়াদিৰ তাৰতম্য়ৰ ভিত্তিত পুৰুষ বা আত্মাৰ বহুত্ব সিদ্ধ হয়।যদি আত্মা বা পুৰুষ এক নহৈ বহু হলহেঁতেন,তেনেহলে এজনৰ জন্ম বা মৃত্য়ু হলে সকলোৰে জন্ম বা মৃত্য়ু হলহেতেন। কিন্তু বাস্তৱত সেইতো দেখা নাযায়। এজনৰ জন্ম বা মৃত্য়ু হলেও সকলো জীৱৰ জন্ম বা মৃত্য়ু নহয়।গতিকে জন্ম,মৃত্য়ু আৰু ইন্দ্ৰিয় পাৰ্থক্য়ৰ পৰা এইটো প্ৰমাণ হয় যে, পুৰুষ এক নহয়, বহু।

২)অযুগপৎ প্ৰবৃত্তেশ্চঃ 'প্ৰবৃত্তি' শব্দৰ ক্ৰিয়াজনক প্ৰযত্ন। সমস্ত জীৱৰ মাজত এক আত্মা বিৰাজ কৰিলে সমস্ত জীৱৰ প্ৰবৃত্তি যুগবৎ হলহেঁতেন। অৰ্থাৎ যদি আত্মা বা পুৰুষ অভিন্ন হলহেঁতেন,তেনেহলে এজন ব্য়ক্তি কোনো কাৰ্যত প্ৰবৃত্ত হলে অন্য় সকলো ব্য়ক্তি সেই একেই কাৰ্যত প্ৰবৃত্ত হলহেঁতেন।কিন্তু প্ৰকৃতাৰ্থত সেইটো নহয়।গতিকে যুগপৎ প্ৰবৃত্তিৰ অভাবেও প্ৰমাণ কৰে যে,আত্মা বা পুৰুষ এক নহয়,পুৰুষ বহু।

৩)ত্ৰৈগুণ্য় বিপৰ্যয়াৎঃসত্ত্ব,ৰজঃ,আৰু তমঃ এই ত্ৰিগুণৰ বিপৰ্যয় বা ভিন্নতাৰ পৰাও পুৰুষৰ বহুত্ব সিদ্ধ হয়। যদি পুৰুষ এক হলহেঁতেন,তেনেহলে সমস্ত জীৱ একেই সময়তে সুখী বা দুখী বা মোহযুক্ত হলেহেঁতেন।কিন্তু যাৰ মাজত সত্ত্বগুণ প্ৰৱল,তেওঁ সুখী;যাৰ মাজত  ৰজোগুণ প্ৰৱল,তেওঁ দুখী;আৰু যাৰ মাজত তমোগুণ প্ৰৱল,তেওঁ মোহী। গতিকে আমি স্বীকাৰ কৰিবই লাগিব যে, পুৰুষ বহু।

সমালোচনাঃ

১) জীৱৰ বহুত্বৰ পৰা আত্মাৰ বহুত্ব সিদ্ধ নহয়। ৰাধাকৃষ্ণণ মতে,জন্ম,মৃত্য়ু আৰু কৰণ প্ৰভৃতি আত্মাৰ কোনো ধৰ্ম নহয়; এইবোৰ দেহৰ ধৰ্ম।আত্মা অসংগ,নিত্য় আৰু অবিকাৰী আত্মাৰ জন্ম,মৃত্য়ু আৰু ইন্দ্ৰিয় নাই।অহংৰূপী জীৱৰ জন্ম, মৃত্য়ু আৰু ইন্দ্ৰিয় আছে। গতিকে জীৱ বহু; আত্মা নহয়।

২)সাংখ্য়মতে, পুৰুষ অনাদি,নিত্য়,বিভূ বা সৰ্ব্ব্য়াপী। কিন্তু পুৰুষৰ সংখ্য়া যদি বহু হয়, তেনেহলে এটা পুৰুষৰ দ্বাৰা অন্য় এটা পুৰুষ সীমিত হৈ পৰিব। বহু পুৰুষৰ অস্তিত্ব স্বীকাৰ কৰিলে পুৰুষক আৰু সৰ্বব্য়াপী বুলি কোৱা নাযায়। ৰাধাকৃষ্ণণৰ মতে, অসীম,অমৰ, নিত্য়,বিভূ পুৰুষ এটাতকৈ বেছি হব নোৱাৰে।

৩)সাংখ্য় বহুপুৰুষবাদৰ বিপক্ষে আৰু কোৱা যায় যে, পুৰুষ যদি বিশুদ্ধ চৈতন্য়স্বৰূপ হয়,তেনেহলে এই চৈতন্য়ৰ বিভাগ সম্ভৱ নহয়। 

4. Critically explain the Sankhya theory of evolution. Is it a teleological process?

সাংখ্য ক্ৰমবিকাশতত্ব সমালোচনা সহ আলোচনা কৰা। এইটো উদ্দেশ্যমূলক প্ৰক্ৰিয়া নে?

উত্তৰঃ সাংখ্য় ক্ৰমবিকাশতত্ব মূলতঃ উদ্দেশ্য়মূলক প্ৰক্ৰিয়া।

        প্ৰকৃতিৰ পৰা জগতৰ অভিব্য়ক্তি পুৰুষৰ উদ্দেশ্য়েই সাধিত হয়। প্ৰকৃতি নিজৰ উদ্দেশ্য় সিদ্ধিৰ বাবে জগত সৃষ্টি নকৰে। প্ৰকৃতিৰ নিজস্ব কোনো উদ্দেশ্য় নাই। কিন্তু প্ৰকৃতিৰ সৃষ্টি প্ৰক্ৰিয়া যাদৃচ্ছিক নহয় আৰু উদ্দেশ্য়শূন্য়ও নহয়। প্ৰকৃতিৰ পৰা জগতৰ ক্ৰমবিকাশৰ দুটা উদ্দেশ্য়-- পুৰুষৰ ভোগ আৰু পুৰুষৰ মুক্তি। এই দুই প্ৰকাৰৰ উদ্দেশ্য়ৰ বাবে প্ৰকৃতিৰ পৰা সমগ্ৰ জগতৰ অভিব্য়ক্তি ঘটে। পুৰুষ ভোক্তা নহলেও বুদ্ধি স্বগত পুৰুষত প্ৰতিবিম্বিত কৰি পুৰুষৰ ভোক্তত্ব উপন্ন কৰে আৰু বিবেকজ্ঞানৰ জৰিয়তে পুৰুষৰ মুক্তি লাভ কৰে। বুদ্ধি আৰু প্ৰকৃতি অভিন্ন কাৰণে প্ৰকৃতি পুৰুষৰ উদ্দেশ্য় সাধন কৰে বুলি কোৱা যায়। প্ৰকৃতি সৃষ্টি নকৰিলে পুৰুষ ভোগ কৰিব নোৱাৰে  আৰু ভোগ নহলে পুৰুষৰ মুক্তি বা কৈৱল্য় সম্ভৱ নহয়। সেইকাৰণে প্ৰকৃতিয়ে সমস্ত জগতৰ বিকাশ বা সৃষ্টি পুৰুষৰ উদ্দেশ্য়েই সম্পাদন কৰে যাতে পুৰুষে সৃষ্টি বিষয়বোৰ ভোগ আৰু ত্য়াগৰ জৰিয়তে মুক্তি লাভ কৰিব পাৰে। গতিকে এইটো সিদ্ধ যে, সাংখ্য় অভিব্য়ক্তি বা সৃষ্টি প্ৰক্ৰিয়া যান্ত্ৰিক নহয়, উদ্দেশ্য়মূলক।

                 অধ্য়াপক হিৰিয়ানা সাংখ্য় ক্ৰমবিকাশতত্ত্বৰ সমালোচনা কৰি কৈছে যে,প্ৰকৃতি যিহেতু পুৰুষৰ উদ্দেশ্য় সাধন সচেতনভাৱে নকৰে, সেইকাৰণে সাংখ্য় ক্ৰমবিকাশবাদক সম্পূৰ্ণ উদ্দেশ্য়মূলক বুলি গণ্য় নকৰি আংশিক উদ্দেশ্য়মূলক বুলি কোৱাই শ্ৰেয়। কাৰণ প্ৰকৃতি অচেতন; গতিকে অচেতন তত্ত্বৰ পৰা উপন্ন বস্তুৰ কোনো উদ্দেশ্য় থাকিব নোৱাৰে। কিন্তু অচেতন প্ৰকৃতিৰ পৰা সৃষ্ট বস্তু ভোগ কৰি পুৰুষ যিহেতু মুক্তি লাভ কৰিব পাৰে,সেইকাৰণেএই ক্ৰমবিকাশবাদক আংশিক উদ্দেশ্য়মূলক বুলি গণ্য় কৰা হয়।

           সাংখ্য়মতে,অচেতন প্ৰকৃতি ক্ৰমবিকাশৰ দ্বাৰা পুৰুষৰ উদ্দেশ্য়ক স্বীকাৰ কৰিবলৈ প্ৰযত্নশীল হয়।প্ৰকৃতিৰ বিকাশ পুৰুষৰ সুখভোগ আৰু দখুভোগৰ কাৰণে হয়। ক্ৰমবিকাশ প্ৰকৃতিৰ প্ৰয়োজনীয়তাক পূৰণ কৰাৰ কাৰণে নহয়;বৰং পুৰুষৰ প্ৰয়োজন পূৰণ কৰাৰ উদ্দেশ্য়েহে প্ৰকৃতিৰ ক্ৰমবিকাশ হয়।যেতিয়ালৈকে সমস্ত পুৰুষৰ মুক্তি নহয়, তেতিয়ালৈকে ক্ৰমবিকাশৰ প্ৰক্ৰিয়া স্থগিত হয়। গতিকে এইটো প্ৰমাণিত হয় যে, সাংখ্য়ৰ ক্ৰমবিকাশবাদ সম্পূৰ্ণৰূপে উদ্দেশ্য়মূলক মতবাদ।

5. Discuss the five proofs for the existence of Prakrti.

প্ৰকৃতিৰ অস্তিত্ব সম্পৰ্কীয় পাঁচটা প্ৰমাণ আলোচনা কৰা।

উত্তৰঃসাংখ্য় দৰ্শন দ্বৈতবাদী দৰ্শন। এই দৰ্শনত প্ৰকৃতি আৰু পুৰুষ নামৰ দুটা সত্তাক বিশ্বাস কৰা হয় আৰু এই সমগ্ৰ বিশ্বজগতৰ ব্য়াখ্য়া এই দুটা তত্বৰ মাধ্য়মত আগবঢোৱা হয়। সাংখ্য় দৰ্শনৰ প্ৰকৃতিতত্বৰ ভিত্তি হৈছে সাংখ্য় কাৰ্যকাৰণতত্ব বা পৰিমানবাদী সৎকাৰ্যবাদ। সাংখ্য় দৰ্শন  অনুসৰি সমগ্ৰ বিশ্বজগত যি মূল কাৰণৰ পৰা উৎপত্তি হৈছে সি হল প্ৰকৃতি। প্ৰকৃতি হল স্বয়ম্ভুু, যি আন কোনো কাৰণৰ ওপৰত নিৰ্ভৰ নকৰে। 

            প্ৰকৃতিৰ অস্তিত্ব সম্পৰ্কীয় পাচঁটা প্ৰমাণ হলঃ 

(ক) ভেদানাং পৰিমাণাৎঃ জগতৰ যাৱতীয়া বস্তু হৈছে ব্য়ক্ত পদাৰ্থ। ব্য়ক্ত পদাৰ্থ মাত্ৰই এক অব্য়ক্ত কাৰণ আছে। কাৰণ জগতৰ সকলো পদাৰ্থই সীমিত, পৰিমিত, পৰতন্ত্ৰ, অব্য়াপক, অনিত্য় আৰু বহু। এইটো যুক্তি সিদ্ধ যে, সীমিতই অসীমক,পৰতন্ত্ৰই স্বতন্ত্ৰক, অনিত্য়ই নিত্য়ক, বহুৱে একক নিৰ্দশ কৰে।গতিকে জগতৰ সকলো পদাৰ্থৰে এটা মূল কাৰণ অৱশ্য়ই অসীম, অপৰিমিত, স্বতন্ত্ৰ, সৰ্বব্য়াপ্ত, নিত্য় আৰু একক সত্তা হব লাগিব আৰু এই সত্তা হল প্ৰকৃতি। 

(খ) সমন্বয়াৎঃ জগতখন বৈচিত্ৰ্য়পূৰ্ণ হলেও এই বিচিত্ৰ  জাগতিক বস্তুবোৰৰ মাজত এক সমন্বয় লক্ষ্য় কৰিব পৰা যায়। বস্তু মাত্ৰই আমাৰ মাজত সুখ- দুখ বা মোহ উৎপন্ন কৰে। একেদৰে জীৱমাত্ৰই সুখ-দুখ আৰু মোহত আচ্ছন্ন। সত্ত্বগুণৰ পৰা সুখ, ৰজ: গুণৰ পৰা দুখ আৰু তম: গুণৰ পৰা মোহৰ উৎপন্ন হয়। জগতৰ সকলো বস্তুতে সত্ত্ব: ৰজ: আৰু তম: গুণ বিদ্য়ামান। গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে, সত্ত্ব, ৰজ: তম: গুণান্বিত কোনো এটা বিশেষ কাৰণৰ পৰা জগতৰ পৰা উৎপত্তি হৈছে আৰু এই বিশেষ কাৰণটো হল ত্ৰিগুণাত্মক প্ৰকৃতি।

(গ) শক্তিত প্ৰবৃত্তেশ্চঃ শক্তি বিহীন কাৰ্যৰ উৎপত্তি নহয়। উৎপত্তি শক্তিৰ দ্বাৰা নিয়ন্ত্ৰিত। গতিকে এই বৈচিত্ৰময় জগত সৃষ্টি আগত নিশ্চয় কোনো এক অব্য়ক্ত কাৰণ শক্তিত সুপ্তাৱস্থাত আছিল। এই অব্য়ক্ত শক্তি  কাৰ্যোৎপাদনৰ অৰ্থাত জগত অধিষ্ঠানৰ ক্ষমতাম্পন্ন। যি অব্য়ক্ত শক্তিৰ পৰা এই জগতৰ উৎপত্তি হয়, সিয়ে প্ৰকৃতি।

(ঘ) কাৰণকাৰ্য বিভাগাৎঃ সাংখ্য় দৰ্শন মতে, কাৰণ আৰু কাৰ্যৰ মাজত একেই সময়তে ভেদ আৰু অভেদ বিদ্য়মান থাকে। ব্য়ক্ত অৱস্থাত কাৰ্য কাৰণৰ ভেদ অনুভৱ হয়। কাৰণৰ পৰা কাৰ্যৰ উৎপত্তি হোৱাৰ ফলত অব্য়ক্ত কাৰণ ব্য়ক্তৰূত অভিব্য়ক্ত হয়। পৰিণামপ্ৰাপ্ত সকলো বিষয় তেতিয়া কাৰণৰ পৰা ভিন্ন যেন বোধ হয়।

(ঙ) অবিভাগাৎ বৈশ্বৰূপ্য়স্য়ঃ কাৰণ আৰু কাৰ্যৰ মাজত তাদাত্ম্য় সম্বন্ধ বৰ্তমান। বিশ্বসৃষ্টি সময়ত কাৰণৰ পৰা কাৰ্যৰ  উৎপত্তি হয় আৰু প্ৰলয়ৰ সময়ত কাৰ্য কাৰণত বিলীন হৈ যায়। সাংখ্য় মতে, যি অধিষ্ঠান বা কাৰণৰ পৰা বিশ্বৰূপৰ সৃষ্টি হয় আৰু যি অধিষ্ঠানত প্ৰলয় কালত বিলীন হয়, সেই অধিষ্ঠান হল প্ৰকৃতি।

6. Explain briefly the Sankhya theory of evolution. Is it mechanical?

সাংখ্য ক্ৰমবিকাশতত্ত্বটো চমুকৈ ব্য়াখ্য়া কৰা।

উত্তৰঃসাংখ্য় দৰ্শন ঈশ্বৰ বিহীন এক আস্তিক দৰ্শন। সাংখ্য় দৰ্শনত জগতৰ ক্ৰমবিকাশ বা অভিব্য়ক্তিৰ বাবে প্ৰকৃতি আৰু পুৰুষ নামৰ দুটা পৰম সত্তাক বিশ্বাস কৰা হয়।প্ৰকৃতি অচেতন,কিন্তু সক্ৰিয়;আনহাতে পুৰুষ চেতন,কিন্তু নিষ্ক্ৰিয়।এই দুই সত্তা পৰস্পৰ বিপৰীত স্বভাবৰ হলেও প্ৰকৃতি আৰু পুৰুষৰ সংযোগত জগতৰ সৃষ্টি বা অভিব্য়ক্তি ঘটে। সাংখ্য়মতে, প্ৰকৃতি জগতৰ আদি কাৰণ- জগতৰ প্ৰকৃতিৰ পৰিণাম। পুৰুষৰ ভোগ, দৰ্শন আৰু মোক্ষৰ উদ্দেশ্য়ে প্ৰকৃতিৰ পৰাই জগতৰ সৃষ্টি হয়।

            প্ৰকৃতি হল সত্ত্ব,ৰজঃ আৰু তমোগুণৰ সাম্য়াৱস্থা। কিন্তু প্ৰকৃতিত যেতিয়া পুৰুষৰ সান্নিধ্য় লাভ কৰে, তেতিয়া গুণত্ৰয়ৰ সাম্য়াৱস্থাত ব্য়াঘাত জন্মে।ফলত গুণসমূহৰ মাজত বিক্ষোভ সৃষ্টি হয়।এনে অৱস্থাত এটা গুণে আন দুটা গুণৰ ওপৰত প্ৰভাব বিস্তাৰ কৰিব বিচাৰে। ইয়াক বিৰূপ পৰিণাম বোলে।ত্ৰিগুণাত্মক প্ৰকৃতিৰ পৰা মহৎতত্ত্ব, মহৎতত্ত্বৰ পৰা অহংকাৰ , অহংকাৰৰ পৰা একাদশ ইন্দ্ৰিয় আৰু পঞ্চতন্মাত্ৰৰ উৎপত্তি হয়। আকৌ, এই পঞ্চতন্মাত্ৰৰ পৰা পঞ্চভূত অৰ্থাৎ ক্ষিতি, অপ,তেজ, মৰুৎ আৰু ব্য়োমৰ উৎপত্তি হয়। 

                সাংখ্য় ক্ৰমবিকাষতত্ত্বত ২৪টা তত্ত্বক স্বীকাৰ কৰা হয়। এই তত্ত্বকেইটা হৈছে- প্ৰকৃতি, মহৎ, অহংকাৰ, একাদশ ইন্দ্ৰিয়, পঞ্চতন্মাত্ৰ আৰু পঞ্চমহাভূত। কিন্তু পুৰুষ বিহীন প্ৰকৃতিৰ সৃষ্টি বা পৰিণাম সম্ভৱ নহয়। সেইকাৰণে সাংখ্য় ক্ৰমবিকাশত ২৪ টা তত্ত্বৰ অতিৰিক্তভাৱে পুৰুষ নামৰ আন এটা তত্ত্বক স্বীকাৰ কৰা হৈছে। অৰ্থাৎ সাংখ্য় ক্ৰমবিকাশতত্ত্বত সৰ্বমুঠ ২৫ টা তত্ত্ব স্বীকৃত। পুৰুষৰ দৰ্শন, ভোগ আৰু কৈৱল্য়ই সাংখ্য় ক্ৰমবিকাশতত্ত্বৰ মূল উদ্দেশ্য়।প্ৰকৃতিৰ পৰা জগতৰ অভিব্যক্তি পুৰুষৰ উদ্দেশ্য়েই সাধিত হয়।প্ৰকৃতি নিজৰ উদ্দেশ্য় সিদ্ধিৰ বাবে জগত সৃষ্টি নকৰে। প্ৰকৃতিৰ নিজৰ কোনো উদ্দেশ্য় নাই। কিন্তু প্ৰকৃতিৰ সৃষ্টি প্ৰক্ৰিয়া যাদৃচ্ছিক নহয় আৰু উদ্দেশ্য়শূন্য়ও নহয়। প্ৰকৃতিৰ পৰা জগতৰ ক্ৰমবিকাশৰ দুটা উদ্দেশ্য়- পুৰুষৰ ভোগ আৰু পুৰুষৰ মুক্তি।এই দুই প্ৰকাৰৰ উদ্দেশ্য়ৰ বাবে প্ৰকৃতিৰ পৰা সমগ্ৰ জগতৰ অভিব্য়ক্তি ঘটে।

7. What are the five arguments offered by Sankhya in support of Satkaryavada?

সৎকাৰ্যবাদৰ সমৰ্থনত সাংখ্য দৰ্শনে আগবঢ়োৱা পাঁচটা যুক্তি কি কি?

উত্তৰঃ সাংখ্য় দৰ্শনে সৎকাৰ্যবাদ সমৰ্থন কৰে। এই দৰ্শনৰ মতে কাৰ্য সৎ অৰ্থাৎ উৎপত্তিৰ আগতে কাৰ্য তাৰ উপাদান কাৰণত নিহিত হৈ থাকে। এই জগতৰ মূল কাৰণ প্ৰকৃতিৰ মাজত জগত উৎপত্তিৰ আগতে অন্তৰ্নিহিত হৈ আছিল। 

        সৎকাৰ্যবাদৰ সমৰ্থনত সাংখ্য় দৰ্শনে আগবঢ়োৱা পাচঁটা যুক্তি হল-

১) অসদকৰণৎ(Asadakaranat):- কাৰ্যটো কাৰণৰ মাজত নিহিত হৈ নাথাকিলে আমি হাজাৰ চেষ্টা কৰিও কাৰণৰ পৰা কেতিয়াও কাৰ্য উপন্ন কৰিব নোৱাৰোঁ। সৰিয়হৰ পৰাহে তেল উপন্ন কৰা সম্ভৱ যিহেতু সৰিয়হৰ মাজত তেল নিহিত হৈ থাকে অৰ্থাৎ সৰিয়হৰ মাজত তেল নিহিত হৈ নথকাহলে কোনেও সৰিয়হৰ পৰা তেল উৎপন্ন কৰিব নোৱাৰিলেহেঁতেন।কাৰণৰ মাজত কাৰ্যটো সূক্ষ্ম অৱস্থাত নিহিত হৈ থাকে।এই উপাদান কাৰণত সূক্ষ্মাৱস্থাত নিহিত হৈ থকা কাৰ্যটোক নিমিত্ত কাৰণে স্থুলাৱস্থাপ্ৰাপ্তিত সহায় কৰে। এই কাৰ্যক সাংখ্য় দৰ্শনে এনেদৰে বৰ্ণণা কৰিছে যে কাৰ্যস্বৰূপ জগতখন প্ৰকৃতিৰ মাজত নিহিত হৈ থাকে। এই প্ৰকৃতিৰ মাজৰ পৰা জগত সৃষ্টিৰ বাবে পুৰুষৰ সান্নিধ্য়ৰ প্ৰয়োজন। এই সৃষ্টি কাৰ্যক অভিব্য়ক্তিবাদ বোলা হয়।

২)উপাদানগ্ৰহণাৎ(Upadangrahanat):-সাংখ্য় মত অনুযায়ী কাৰ্য আৰু কাৰণৰ মাজত নিয়ত সাহচৰ্য সম্বন্ধ আছে; এই সম্বন্ধ সৃষ্টিৰ পূৰ্বেও কাৰণ আৰু কাৰ্যৰ মাজত থাকিব লাগিব তেতিয়াহে উৎপত্তিৰ পাছতো এই সম্বন্ধ সম্ভৱপৰ হব। তেল উৎপন্ন হোৱাৰ আগতে তেল আৰু সৰিয়হৰ মাজত সম্বন্ধ থাকিব লাগিব; অৰ্থাৎ তেল আৰু সৰিয়হ নিয়ত সাহচৰ্য সম্বন্ধত বান্ধ খাই থাকে যাৰ ফলস্বৰূপে সৰিয়হৰ পৰা তেল পোৱাটো সম্ভৱ হয়। উৎপত্তিৰ আগতে কাৰ্যটো কাৰণৰ মাজত নিহিত হৈ থকা বাবেহে কাৰণ আৰু কাৰ্যৰ মাজত নিয়ত সাহচৰ্য সম্ভৱ হয় যিহেতু অস্তিত্বযুক্ত আৰু অস্তিত্ববিযুক্ত বস্তুৰ মাজত এইটো সম্ভৱ হব নোৱাৰে।

৩) সৰ্বসম্ভবাভাবাৎ (Sarvasambhavabhavat): উপাদান কাৰণৰ লগত সম্বন্ধ নথকাকৈ কোনো কাৰ্যৰ উৎপত্তি স্বীকাৰ কৰি লোৱাৰ অৰ্থ হৈছে যিকোনো কাৰণৰ পৰা যিকোনো কাৰ্যৰ উৎপত্তি সম্ভৱ হয়। কিন্তু কাৰণৰ লগত কাৰ্যৰ বিশেষ সম্বন্ধ স্বীকাৰ নকৰাকৈ যদি কাৰণৰ পৰা কাৰ্যৰ উৎপন্ন স্বীকাৰ কৰা যায় তেতিয়াহলে যিকোনো কাৰণৰ পৰা যিকোনো কাৰ্য উৎপন্ন হব অৰ্থাৎ কাৰণতা নিয়ম বুলি কোনো নিয়ম নাথাকিব।এটা বিশেষ কাৰণৰ পৰাহে এটা বিশেষ কাৰ্য উৎপত্তি হয়। অৰ্থাৎ সৰিয়হৰ পৰাহে তেল পোৱা যায়,বালিৰ পৰা নহয়। বাস্তৱ জগতত সদায় একোটা নিৰ্দিষ্ট কাৰণৰ পৰাহে নিৰ্দিষ্ট কাৰ্য উৎপন্ন হয় যিয়ে এইটো প্ৰমাণ কৰে যে কাৰ্য কাৰণত সৎ হৈ থাকে।

৪) শক্তস্য় শক্য়কৰণাৎঃনৈয়ায়িকসকলে কাৰণৰ মাজত কাৰ্য অসৎ এই কথাটো প্ৰমাণ কৰিবৰ বাবে কাৰণৰ মাজত যি শক্তিৰ অস্তিত্ব স্বীকাৰ কৰিছে সেই শক্তিৰ আশ্ৰয় কি? এই শক্তি সকলো কাৰণতেই থাকে নে কোনো বিশেষ কাৰণত থাকে? যদি এই শক্তি সকলো কাৰণত থাকে বুলি স্বীকাৰ কৰা যায় তেতিয়াহলে যিকোনো কাৰণৰ পৰা যিকোনো কাৰ্য উৎপত্তি স্বীকাৰ কৰিব লাগিব। গতিকে সকলো কাৰণৰ মাজতে এই শক্তিৰ অস্তিত্ব স্বীকাৰ কৰিব পৰা নাযায়।

৫) কাৰণভাবাৎঃ কাৰ্য যিহেতু উপাদান কাৰণৰ মাজত নিহিত হৈ থাকে। কাৰ্য কাৰণৰ এক ব্য়ক্ত অৱস্থা। কাৰণ আৰু কাৰ্য অভিন্ন। কাৰণ আৰু কাৰ্য একে দ্ৰব্য়ৰে এটা ব্য়ক্ত আৰু এটা অব্য়ক্ত অৱস্থামাত্ৰ। মাটিৰ পৰা ঘট তৈয়াৰ কৰোঁতে মাটি ঘটলৈ পৰিৱৰ্তিত হয়। ঘট মাটিৰ প্ৰকৃত পৰিণাম। ঘটটো আকাৰৰ ফালৰ পৰাহে মাটিৰ পৰা পৃথক।প্ৰকৃততে ঘট আৰু মাটি অভিন্ন অৰ্থাৎ কাৰ্য তাৰ উপাদান কাৰণৰ লগত তাদাত্ম্য় সম্বন্ধত বান্ধ খাই থাকে।

8. discuss five differences between Purusa and Prakrti.

পুৰুষ আৰু প্ৰকৃতিৰ মাজৰ পাঁচটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃপুৰুষ আৰু প্ৰকৃতিৰ মাজত পাৰ্থক্য় সমূহ হলঃ

১)পুৰুষ শুদ্ধচৈতন্য়,কিন্তু প্ৰকৃতি অচেতন।

২)পুৰুষ বুদ্ধ অথচ নিষ্ক্ৰিয়, কিন্তু প্ৰকৃতি নিৰ্বোধ অথচ ক্ৰিয়াশীল।


9. Describe in detail the Gunas of Prakrti in Samkhya philosophy.

সাংখ্য দৰ্শনৰ প্ৰকৃতিৰ গুণসমূহৰ বিষয়ে বহলাই আলোচনা কৰা।

উত্তৰঃ 'সত্ত্বৰজস্তমসাং সাম্য়াৱস্থা প্ৰকৃতি' অৰ্থাৎ সত্ত্ব, ৰজঃ আৰু তমঃ এই তিনিটা গুণৰ সাম্য়াৱস্থাক প্ৰকৃতি বোলা হয়। প্ৰকৃতি আৰু গুণসমূহ পৃথক নহয়, নাইবা প্ৰকৃতি এটা দ্ৰব্য়ও নহয় যি গুণবোৰক আশ্ৰয় কৰি থাকে।গুণ তিনিটাৰ সমষ্টিয়েই হৈছে প্ৰকৃতি। সাংখ্য় দৰ্শন মতে, গুণসমূহ প্ৰকৃতিক আশ্ৰয় কৰি থকা পদাৰ্থও নহয়; গুণসমূহ হল প্ৰকৃতিৰ উপাদান বিশেষ।

            সাংখ্য় দৰ্শনত গুণত্ৰয়ৰ ভিন্ন ভিন্ন স্বভাব বা স্বৰূপ স্বীকাৰ কৰা হৈছে। সত্ত্বগুণৰ স্বভাব প্ৰকাশ, ৰজোগুণৰ স্বভাব প্ৰবৃতি আৰু তমোগুণৰ স্বভাব আবৰণ। সত্ত্বৰ কাৰ্য সুখ, ৰজঃৰ কাৰ্য দুখ আৰু তমঃৰ কাৰ্য মোহ। জাগতিক বস্তুমাত্ৰই সুখদুখমোহাত্মক।

সাংখ্য় দৰ্শনৰ ত্ৰিগুণৰ স্বৰূপ তলত ব্য়াখ্য়া কৰা হ'লঃ

১)সত্ত্ব গুণঃ'সত্ত্বং লঘু প্ৰকাশসম্'। অৰ্থাৎ সত্ত্বগুণ ভাৰমুক্ত বা লঘু আৰু প্ৰকাশক। সত্ত্বগুণ বিশুদ্ধতা আৰু স্বচ্ছতাৰ প্ৰতীক।সত্ত্বগুণ লঘু হোৱাত ই ঊৰ্ধ্বগতিসম্পন্ন হয়। পোহৰৰ উজ্জলতা, প্ৰতিফলনৰ ক্ষমতা, ঊৰ্ধ্বগতি আদি সত্ত্বগুণৰ বাবেই সম্ভৱ হয়। সত্ত্বগুণ বিশুদ্ধ আৰু স্বচ্ছ হোৱাত ইয়াত পুৰুষৰ সুস্পষ্ট প্ৰতিবিম্বন সম্ভৱ হয় তাৰ দ্বাৰা সকলো বিষয়বস্তু প্ৰকাশিত হয় অৰ্থাৎ জ্ঞান হয়। সত্ত্বগুণৰ পৰা সুখৰ উদ্ভৱ হয়। সুখৰ অন্তৰ্গত সৰলতা, প্ৰীতি, শ্ৰদ্ধা, সন্তোষ, বিবেক, দয়া আদি সুখপ্ৰদ ভাবসমূহ সত্ত্বগুণৰ পৰাই উদ্ভৱ হয়। ইয়াৰ বৰণ বগা।

২)ৰজঃ গুণঃ সাংখ্য়কাৰিকা মতে, " উপষ্টম্ভকং চলঞ্চ ৰজঃ"। অৰ্থাৎ ৰজোগুণ চল বা ক্ৰিয়াশীল আৰু উপষ্টম্ভক বা প্ৰবৃতিজনক। জাগতিক বস্তুসমূহৰ যাৱতীয় গতি আৰু ক্ৰিয়া ৰজোগুণৰ বাবেই সম্ভৱ। ৰজোগুণেই সকলো প্ৰকাৰৰ প্ৰবৃতি, প্ৰেৰণা আৰু ক্ৰিয়াৰ চালক। ৰজোগুণ বেদনাদায়ক। সমস্ত দুখৰ হেতু ৰজঃ। দুখৰ অন্তৰ্গত মান, সন্মান, দ্বেষ, ক্ৰোধ আদি ৰজোগুণৰ পৰাই উদ্ভৱ হয়। ইয়াৰ বৰণ ৰঙা। 

৩)তমঃগুণঃ "গুৰুবৰণকমেব তমঃ"। অৰ্থাৎ তমোগুণ গুৰু আৰু বৰণক বা আবৰক। তমোগুণ অন্ধকাৰ বা অজ্ঞানৰ প্ৰতীক। তমোগুণ আমাৰ কৰ্মদক্ষতাক বাধা দিয়ে আৰু জ্ঞানৰ বিকাশ ৰুদ্ধ কৰে। তমোগুণৰ পৰা মোহ জন্মে। নিদ্ৰা, আলস্য়, ভ্ৰম, নিস্পৃহতা, অজ্ঞান,বিষাদ প্ৰভৃতি তমোগুণৰ পৰা উদ্ভৱ হয়। তমোগুণ বৰণক হোৱা বাবে ই সকলো প্ৰকাৰৰ ক্ৰিয়া, সুখ, দুখ আদিক আবৃত্ত বা আচ্ছাদিত কৰি ৰাখে। মুঠতে, তমোগুণে সত্ত্বৰ প্ৰকাশক বাধা দিয়ে আৰু ৰজোৰ গতি আৰু ক্ৰিয়াত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। ইয়াৰ বৰণ কলা।


Type: Nayan Moni Deka ( নয়ন মনি  ডেকা )